নামঃ নৰসিংহ 

ইংৰাজী নামঃ Curry leaf

বৈজ্ঞানিক নামঃ Murrya koenzii

ঔষধি গুণঃ নৰসিংহৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হয়। জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়। নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়োৰিয়া ৰোগ নিৰাময় হয়। বিষাক্ত কীট-পতংগই কামুৰিলে নৰসিংহ পাতৰ ৰসৰ লগত সম পৰিমাণৰ নেমুৰ ৰস মিহলি কৰি লগালে আৰাম পোৱা যায়।

বৰ্ণনাঃ নৰসিংহ হৈছে এটি দ্ব্যৰ্থবোধক শবস । এফালে ই ধৰ্মীয় দৃষ্টিকোণেৰে হিন্দুৰ আৰাধ্য দেৱতা বিষ্ণুৰ এক ৰুপক সূচায় আৰু আনফালে ব্যৱহাৰিক দৃষ্টিকোণেৰে বহুল ব্যৱহৃত এবিধ খাদ্যোপযোগী তথা ঔষধি উদ্ভিদক সূচায়। এইবিধ উদ্ভিদৰ পাতক প্ৰধানকৈ তৰকাৰিৰ ৰুপত খোৱাৰ বাবেই ইংৰাজীত ইয়াক Curry leaf নামেৰে জনা যায় 


( অপূৰ্ব কাকতি ) 


Post ID: DABP001468