Darrang  দৰং 

Join Our Facebook Group 

Join Our Telegram Group 


দৰং জিলাঃ দৰং জিলা হৈছে অসমৰ ২৭খন জিলাৰ ভিতৰত এখন। এই জিলাৰ সদৰ ঠাই হৈছে মঙলদৈ। 


দৰং জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ পূৰণি দিনত এই জিলাৰ উত্তৰ অংশত বাস কৰা পৰ্বতীয়া লোকসকলে আৰু অৰুণাচল প্ৰদেশৰ লোকসকলে দক্ষিণ দিশৰ ভৈয়ামলৈ  কিছুামন বাটেৰে অহা-যোৱা অৰ্থাৎ যাতায়ত কৰিছিল। সাধাৰণতে সংস্কৃত ভাষাত এই পথসমূহক 'দ্বাৰম' বুলি কোৱা হয়। পিছলৈ এই দ্বাৰম শব্দৰ পৰাই দৰং নামৰ উৎপত্তি হোৱা বুলি জনা যায়।


দৰং জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ পিনে ওদালগুৰি জিলা, পূব দিশে  শোণিতপুৰ জিলা, দক্ষিণে কামৰূপ মহানগৰ আৰু মৰিগাওঁ জিলা অন্তৰ্গত। পশ্চিম দিশে কামৰূপ (গ্ৰাম্য়) জিলা অন্তৰ্ভুক্ত।


দৰং জিলাৰ সদৰ ঠাইঃ মঙলদৈ হৈছে এই জিলাৰ একমাত্ৰ সদৰ ঠাই।


দৰং  জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ১৫৮৫ বৰ্গ কিল'মিটাৰ।


দৰং জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৯,০৮,০৯০ জন।


দৰং জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰই হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।


দৰং জিলাৰ প্ৰধান উপনৈঃ ননৈ, মঙলদৈ, ধনশিৰি, বৰনদী, জীয়া, নোৱানৈ, পাঁচনৈ, দিপীলা, বেগা আদি এই জিলাৰ প্ৰধান উপনৈ। 


দৰং জিলাৰ ৰাষ্ট্ৰীয় উদ্য়ানঃ এই জিলাত অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যান এখড়গীয়া গড়ৰ বাবে প্ৰখ্য়াত। 


দৰং জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত কোনো ধৰণৰ ৰে'লপথ নাই কিন্তু এই জিলাত জলপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


দৰং জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। এই পথে, ডুমুনিচকী, ছিপাঝাৰ, মঙলদৈ, খাৰুপেটিয়া, দলগাওঁ ইত্যাদি বিভিন্ন ঠাই সংযোগ কৰিছে।


দৰং জিলাৰ প্ৰধআন শস্য়ঃ এই জিলাত ধান, মাহ, সৰিয়হ, মৰাপাট, চাহপাত, সমথিৰা আদি। এই জিলা বিখ্যাত হোৱাৰ এক কৰাণ হ'ল ইয়াত বিভিন্ন ধৰণৰ পাচলি উৎপাদন কৰা হয়।


প্ৰধান ঠাইঃ (ক) মঙলদৈঃ এই ঠাই দৰং জিলাৰ সদৰ স্থান। দৰঙীয়া কলা-সাংস্কৃতিৰ কেন্দ্ৰ প্ৰতিষ্ঠান। ইয়াত এখন চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়কে ধৰি আন বহুতো শিক্ষা প্ৰতিষ্ঠান কেন্দ্ৰ আছে।

(খ) খাৰুপেটিয়াঃ এই ঠাই জিলাখনৰ ব্য়াৱসায়ৰ কেন্দ্ৰস্থল। পাচলী ব্যাৱসায়ৰ বাবে এই ঠাই সুপ্ৰখ্যাত। 


দৰং জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় স্থানঃ দুনী, পাথৰিঘাট, বুঢ়ীনগৰ, কেন্দুগুৰি, দলগাওঁ, ছিপাঝাৰ।


দৰং জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ

দলগাওঁ ।

কলাইগাওঁ ।

খইৰয়াবৰী।

মঙলদৈ।

পাথুৰীঘাট ।

ছিপাঝাৰ ।