Hailakandi হাইলাকান্দি 

Join Our Facebook Group

Join Our Telegram Group 


হাইলাকান্দি জিলাঃ হাইলাকান্দি হৈছে অসম ৰাজ্য়ৰ বৰাক উপত্য়কাৰ এখন জিলা। এই জিলাখন অসমৰ দক্ষিণ প্ৰান্তত অন্তৰ্গত। 


হাইলাকান্দি জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ হাইলাীকান্দি নামটোৰ উৎপত্তিৰ সম্পৰ্কে বহুতো কাৰণ জনা যায়। বৰাক নদীৰ গৰাখহনীয়াৰ পৰা উদ্ধাৰ পাবলৈ মথাউৰিৰ নাম হাইল ৰখা হয় আৰু তাৰ পৰাই হাইলাকান্দি নামৰ উৎপত্তি হোৱা বুলি জনা যায়।

 

হাইলাকান্দি জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে কাছাৰ জিলা অন্তৰ্গত, পূবে কাছাৰ জিলা আৰু মিজোৰাম ৰাজ্য় অৱস্থিত, দক্ষিণে মমিজোৰাম ৰাজ্য় আৰু পশ্চিমে কৰিমগঞ্জ জিলা।


হাইলাকান্দি জিলাৰ মাটিকালিঃ ২০১১ চনৰ লোকপিয়ল মতে এই জিলাৰ মাটিকালি হৈছে ১,৩৫.৮৭ বৰ্গ কিল'মিটাৰ।


হাইলাকান্দি জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৬,৫৯২৬০ জন লোক।


হাইলাকান্দি জিলাৰ প্ৰধান নদীঃ বৰাক নদীয়ে হৈছে এই জিলাৰ প্ৰধান নদী।


হাইলাকান্দি জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ আৰু আৰু ৰে'লপথৰ সু-ব্যৱস্থা আছে।


হাইলাকান্দি জিলাৰ প্ৰ্ধান উপনদীঃ এই জিলাৰ দুখন প্ৰধান উপনৈ হৈছে ধলেশ্বৰী আৰু কাটাখাল।


হাইলাকান্দি জিলাৰ  ৰাষ্ট্ৰীয় ঘাইপথঃ ৫৩ আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ এই জিলাখন চুই গৈছে।


হাইলাকান্দি জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ধান, মাহ, কুঁহিয়া, মৰাপাট ইত্য়াদিৰ খেতি উৎপন্ন কৰা হয়।


হাইলাকান্দি জিলাৰ প্ৰধান ঠাইঃ (ক) পঞ্চগ্ৰামঃ এই অঞ্চলত এটা কাগজ উদ্যোগ অৱস্থিত।


(খ) হাইলাকান্দিঃ এই জিলাৰ সদৰ স্থান। বেহা-বেপাৰ আৰু  শিক্ষাৰ কেন্দ্ৰ।


হাইলাকান্দি জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় স্থানঃ কালীবাৰী বাজাৰ, কাটাখাল, মহাদেৱপুৰ, কাটলিচেৰা, জুবুলঘাট, লালবজাৰ, লালঘাট, মানাচাৰা ইত্য়াদিয়ে এই জিলাৰ উল্লেখযোগ্য় ঠাই।

আলগাপুৰ

 হাইলাকান্দি

 কাটলিচাৰা

 লালা