Hojai District

Join Facebook Group

Join Telegram Group


হোজাই জিলাঃ ২০১৫ চনত ১৫ আগষ্ট তাৰিখে হোজাই জিলা প্ৰতিষ্ঠা কৰা হৈছিল। হোজাই নতুনকৈ গঠিত হোৱা হোজাই জিলাৰ সদৰ স্থান।


হোজাই জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ এটা সময়ত এই ঠাইত ডিমাচা কচাৰীসকলে শাসন কৰিছিল। ডিমাচাসকলৰ অধিকাংশ লোকে হোজাই শব্দতো উপাধি হিচাপে ব্য়ৱহাৰ কৰিছিল। আজি কিছুদিনৰ আগলৈ হোজাই নগাওঁ জিলাৰ মহকুমা আছিল। বৰ্তমান হোজাই এখন জিলা।


হোজাই জিলাৰ সদৰ ঠাইঃ শংকৰদেৱ নগৰেই হৈছে হোজাই জিলাৰ সদৰ স্থান।


হোজাই জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৯,৩১১,২১৮ জন।


হোজাই জিলাৰ মহকুমাঃ হোজাই।


হোজাই জিলাৰ প্ৰধান নদীঃ লামডিং, যমুনা, ডিমৰু, কপিলী, লংকাজান, যমুনাই হোজাই জিলাৰ প্ৰধান নদী।


হোজাই জিলাৰ জলপ্ৰপাতঃ আকাশীগংগাই হৈছে এই জিলাৰ জলপ্ৰপাত। এ এটা পৰ্যতন কেন্দ্ৰ।



হোজাই জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই ঠাইত ৰে'লপথ আৰু স্থলপথৰ সু-ব্য়ৱস্থা আছে।


হোজাই জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩৬ নং আৰু ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথে এই জিলাত অতিক্ৰম কৰি গৈছে।


হোজাই জিলাৰ ৰে'ল ষ্টেছনসমূহঃ লামডিং (জংচন) পাথৰ খোলা, লংকা, হোজাই, গংগামুখ।


হোজাইন জিলাৰ প্ৰধান শিল্প উদ্য়োগঃ ইয়াত সাঁচি বা অগৰু গছৰ পৰা তেল পৰিষ্কাৰ উদ্যোগ গড় লৈ উঠিছিল। অগৰু তেলৰ বাবে হোজাই পৃথিৱী বিখ্যাত বুলি জনা যায়।



হোজাই জিলাৰ পৰ্যটন স্থলঃ এই জিলাৰ প্ৰধান পৰ্যটন স্থল হৈছে লংকেশ্বৰী মন্দিৰ আৰু সৎসঙ্গ বিহাৰ-হোজাই।


হোজাই জিলাৰ অন্য়ান্য়ঃ এই জিলাৰ সকলতোকৈ ডাঙৰ চহৰ লামডিং এক ৰে'ল নগৰী। ই এটা ৰে'লৰ জংচন আৰু ইয়াতে এটা সমমণ্ডলীয় কাৰ্যাল্য়য় অন্তৰ্গত। কামত ইয়াক বৰাক উপত্যকাৰ বাটচ'ৰা বুলি কোৱা হয়। হোজাই এখন বাণিজ্যিক ঠাই। এই ঠাইত যথেষ্ট পৰিমাণে শাক-পাচলি আৰু ধানখেতি উৎপাদন কৰা হয়। সাঁচি বা অগৰু গছৰ পৰা তেল নিৰ্মল কৰি ইয়াৰ পৰাই বিশ্বৰ বিভিন্ন ঠাইলৈ পঠিওৱা হয়। এই তেলৰ পৰা সুগন্ধিমূলক আঁতৰ তৈয়াৰ কৰা হয়। 


হোজাই জিলাৰ বিধানসভাৰ সমষ্টিঃ এই জিলাখনত বিধানসবাৰ বাবে তিনিটা সমষ্টি আছে আৰু সেইকেইটৈা হ'ল- যমুনামুখ, হোজাই, লামডিং।


হোজাই জিলাৰ উন্নয়ন খণ্ডসমূহৰ নামঃ 

দবকা।

হোজাই।

লঙ্কা।