পচতীয়া পাত

নামঃ  পচতীয়া 

ইংৰাজী নামঃ Indian Pivet

বৈজ্ঞানিক নামঃ Vitex Negude 

ঔষধি গুণঃ বেদনা নিবাৰক, প্ৰস্ৰাৱ কাৰক, বলকাৰক আৰু জ্বৰনাশক। ইয়াৰ তিতা, কেঁহা, জলা ৰস থাকে। ই অগ্নিবৰ্ধক, কফ্‌ আৰু পিত্তবৰ্ধক, চুলি আৰু চকুৰ হিতকাৰক, শৰীৰৰ বৰ্ণবৰ্ধক, মেধাজনক আৰু স্মৃতিশক্তি বৃদ্ধিকাৰক। জ্বৰ, প্লীহা, যকৃত গুল্ম অৰুচি, শোথ, কৃমি, আমদোষ, আমবাত, সকলো প্ৰকৃৰ বাত, ব্যাধি, কাহ, শ্বাস, প্ৰত্তিশ্যায় শূল, ব্ৰণ, দুষ্টব্ৰণ, কুষ্ঠ, বেহুচ, গলৰ বেমাৰ, বিষদোষ মেদৰোগ আৰু সন্ধিবাত আদি ৰোগ নাশক। পচতীয়াৰ পাত অতি উপকাৰী। যিকোনো ঠাইত উখহি জামৰি যায়। ফোঁহা আদিত লেপ দিলে ফোঁহা বহি যায় বা পকি ফাটি পূঁজ পানী বাহিৰ হৈ যন্ত্ৰণাৰ উপশম ঘটে। যিকোনো বাত বিষ আদিত পচতীয়াৰ পাতৰ সেক দিলে আশাতীত ফল পোৱা যায়। প্ৰসূতিৰ হাত, ভৰি, কঁকাল আদি বিষালেও পচতীয়াৰ পাতৰ সেক ল’লে ভাল ফল পোৱা যায়। এনেবোৰ বেমাৰত অকল সেক দিলে নহয় পাতৰ ৰস থেতেলিয়াই এবাৰ বা দুবাৰ খাবও লাগে।

বৰ্ণনাঃ পচতীয়া হৈছে এবিধ মধ্যম আকাৰৰ পৰ্ণপাতী উদ্ভিদ। ইয়াক দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াৰ জনসমাজত একপ্ৰকাৰৰ বহু প্ৰচলিত বনৌষধী হিচাপে ব্যৱহাৰ হৈ আহিছে। 


Create: Apurba Kakati

Photo: Puspa Kakati



Post ID: DABP001479