নামঃ  টেঙচি ( সৰু ) 

ইংৰাজী নামঃ Indian sorrel

বৈজ্ঞানিক নামঃ Oxalis cornicalata

বৰ্ণনাঃ টেঙেচি হ'ল অসমীয়াৰ আঞ্জাত টেঙাৰ বাবে ব্যৱহৃত উপকৰণ। জীয়া মাছৰ টেঙেচি শাকৰ সৈতে ৰন্ধা আঞ্জাৰ জুতি যি এবাৰ লৈছে, তেওঁৰ বাবে সেই সোৱাদ কাহানিবা পাহৰা অসম্ভৱ। সাধাৰণতে বৰ টেঙেচি আৰু সৰু টেঙেচি এই দুবিধ টেঙেচিয়েই আমি চিনি পাওঁ। বৰ টেঙেচিৰ ৰং ডাঠ সেউজীয়া আৰু সৰু টেঙেচিৰ ৰং পাতল সেউজীয়া বৰণৰ। 

ঔষধি গুণঃ টেঙেচি শাকৰ লগত পুঠি মাছৰ আঞ্জাই আভোক দূৰ কৰে।

ই মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।

গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ মহৌষধ।

টেঙেচি টেঙাই মানুহক তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ উপশম কৰিব পাৰে।

গৰমৰ দিনত টেঙেচি শাকে মানুহৰ পেট ঠাণ্ডা কৰি ৰাখে আৰু খোৱাৰ ৰুচি বঢ়ায়।

পেটৰ কামোৰণি, শৌচত তেজ পৰিলে টেঙেচি শাকৰ আঞ্জা খালে উপশম হয়।

অতিসাৰ কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবে বৰ উপকাৰী।

প্ৰস্ৰাৱ কৰিলে জ্বলা-পোৰা হ’লে টেঙেচি শাকৰ আঞ্জা বনাই খালে উপকাৰ পায়।

মানুহৰ খোৱাৰ অৰুচি হ’লে টেঙেচি শাকৰ আঞ্জা বনাই খালে খোৱাৰ ৰুচি বাঢ়ে আৰু ভোক লাগে।

জীয়া ৰৌ মাছৰ লগত টেঙেচি শাকৰ আঞ্জাখন বৰ উপকাৰী। পুষ্টি গুণসম্পন্ন।



Post ID: DABP001442