যোৰহাট জিলাঃ যোৰহাট জিলা হৈছে অসম ৰাজ্য়ৰ এখন উল্লেখযোেগ্য় জিলা। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকৃন্দ্ৰ বুলিও কোৱা হয়। আগতে এই যোৰহাট জিলাৰ শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত এটা মহকুমা আছিল। ইয়াক ১৯৮৩ চনত এক সুকীয়া জিলা ৰূপে স্বীকৃতি প্ৰদান কৰি দিয়া হয়। এই জিলাখনক দুটা মহকুমাত বিভক্ত কৰি দিয়া হয়।
যোৰহাট জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ আহোম শাসনৰ অন্তৰত এই ঠাইত দুখন বজাৰ আছিল আৰু সেই দুখনৰ নমা আচিস চকা হাট আৰু মাছৰ হাট। তাৰ পৰাই যোৰহাট নামৰ উৎপত্তি হোৱা বুলি জনা যায়।
যোৰহাট জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে লখিমপুৰ জিলা অন্তৰ্গত, পূবে শিৱসাগৰ জিলা আৰু লাগালেণ্ড ৰাজ্য় অন্তৰ্গত, দক্ষিণে নাগালেণ্ড ৰাজ্য় আৰু পশ্চিমে গোলাঘাট জিলা অৱস্থিত।
যোৰহাট জিলাৰ সদৰ স্থানঃ এই জিলাৰ সদৰ স্থান হৈছে যোৰহাট।
যোৰহাট জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা দুটা হৈছে তিতবৰ আৰু যোৰহাট।
যোৰহাট জিলাৰ মাটিকালিঃ যোৰহাট জিলাৰ মাটিকালি হৈছে ১৯৭১ বৰ্গ কিল'মিটাৰ।
যোৰহাট জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ ডনসংখ্য়া হৈছে ১০,৯১,২৯৫ জন।
যোৰহাট জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰ নদীয়ে হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।
যোৰহাট জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ প্ৰধান উপনৈসমূহ হৈছে- টীয়ক, ভোগদৈ, কাকডোঙা, জাঁজী, দিচৈ, টুনী, মেলেং ইত্যাদি।
যোৰহাট জিলাৰ যাতায়ত ব্য়ৱস্থাঃ যোৰহাট জিলাত ৰে'লপথ, স্থলপথ আৰু জলপথৰ সু-ব্য়ৱস্থা আছে।
যোৰহাট জিলাৰ বিমাণ ঘাটীঃ ৰৰৈয়া।
যোৰহাট জিলাৰ ৰে'ল ষ্টেছনসমূহঃ ৰৰৈয়া, চিনামাৰা, লাহিং, তিতাবৰ, যোৰহাট, মৰিয়নি (জংচন), নকচাৰী ইত্যাদিয়ে যোৰহাট জিলাৰ ৰে'ল ষ্টেছন।
যোৰহাট জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইমূৰৰ পৰা সিমূৰলৈ বৃস্তৃত হৈ আছে। আহোম ৰাজদিনীয়া ধোদৰ আলি চেলেং হাৰ পৰা মৰিয়নী আৰু তিতাবৰ হৈ গোলাঘাট ডিলাৰ কমাৰবন্ধালৈকে আছে।
যোৰহাট াজিলাৰ প্ৰধান শস্য়ঃ ধান, মাহ, সৰিয়হ, চাহপাত, কুঁহিয়াৰে এই জিলাৰ প্ৰধান শস্য়।
যোৰহাট জিলাৰ পাৰ্কৃতিক সম্পদঃ এই জিলাত খাৰুৱা তেল পোৱা যায়।
যোৰহাট জিলাৰ প্ৰধান ঠাইঃ (ক) যোৰহাটঃ এই জিলাৰ সদৰ ঠাই। ইয়াত কৃষি বিশ্ববিদ্য়ালয় অন্তৰ্গত, উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ আঞ্চলিক প্ৰতিষ্ঠান অন্তৰ্গত, অভিযান্ত্ৰিক মহাবিদ্য়ালয়, চিকিৎসা মহাবিদ্য়ালয় আদি এই ঠাইত অন্তৰ্ভুক্ত। ইয়াৰ টোকোলাইত থকা চাহ গৱেষণা কেন্দ্ৰ গোটেই পৃথিৱী বিখ্যাত হয়। যোৰহাট আমোৰ ৰজাৰ শেষ ৰাজধানী আছিল। অসম সাহিত্য় সভাৰ মূখ্য় কাৰ্যালয় এই ঠাইতে অৱস্থিত।
(খ) মৰিয়নিঃ উত্তৰ-পূব সীমান্ত ৰে'লৰ এটা জংচন। ই চাহ শি্ল্প আৰু নাগালেণ্ডৰ লগত বেহা-বেপাৰৰ প্ৰতিষ্ঠান।
(গ) তিতাবৰঃ বেহা০বেপাৰৰ লগতে চাহ শিল্পৰো কেন্দ্ৰ। ইয়াত এখন মহাবিদ্য়ালয় আৰু অসমৰ একমাত্ৰ ৰেচম কেন্দ্ৰটো অন্তৰ্গত।
(ঘ) ঢেকীয়াখোৱাঃ শ্ৰীশ্ৰীমাধৱদেৱে প্ৰতিষ্ঠা কৰি যোৱা ঢেকীয়াখোৱা বৰনামঘৰ এই ঠাইতে অৱস্থিত।
(ঙ) টীয়কঃ ৩৭ নং ৰাষ্ট্ৰীয় পথত অন্তৰ্গত বাণিজ্য় আৰু শিক্ষাৰ কেন্দ্ৰ। ইয়াতে এখন মহাবিদ্য়ালয় অন্তৰ্গত।
যোৰহাট জিলাৰ অন্য়ান্য় উল্লেখযোহগ্য় স্থানঃ নিমাতী ঘাট, বৰগোলা, হাঁহচৰা, কাকডোঙা, নকচাৰী ইত্যাদিয়ে এই জিলাৰ অন্যান্য় উল্লেখযোগ্য় ঠাই।