East Karbi anglong পূৱ কাৰ্বি আংলং

Join Our Facebook Group 

Join Our Telegram Group


পূৱ  কাৰ্বি আংলং জিলাঃ ব্ৰিটিছ সকল ভাৰতলৈ অহাৰ পূৰ্বে কাৰ্বি আংলং ডিমাচা লোকসকলৰ অধীনত আছিল। ২০১৬ চনত এই জিলাখনক অসম চৰকাৰে দুটা ভাগত বিভক্ত কৰি পূব দিশে পৰা অঞ্চলখিনিক সাঙুৰি পূব কাৰ্বি আংলং জিলা গঠিত কৰে।


পূৱ কাৰ্বি আংলং জিলাৰ উৎপত্তিৰ কাৰণঃ আংলং শব্দৰ অৰ্থ হৈছে বাস কৰা ঠাই অৰ্থাৎ বাসভূমি। কাৰ্বিলোকসকলৰ বাসস্থান হোৱাৰ বাবে এই ঠাইৰ নাম কাৰ্বি আংলং হয় আৰু পূব দিশত পৰাৰ বাবে এই জিলাখনৰ নাম পূব কাৰ্বি আংলং জিলা হয়।


পূৱ কাৰ্বি আংলং জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে নগাওঁ আৰু গোলাঘাট জিলা অন্তৰ্গত, পূবে নাগালেণ্ড ৰাজ্য় আৰু গোলাঘাট জিলা অৱস্থিত, দক্ষিণে ডিমা হাচাও জিলা আৰু নালাগেণ্ড ৰাজ্য় অৱস্থিত আৰু পশ্চিমে হোজাই জিলা অন্তৰ্ভুক্ত।


পূৱ কাৰ্বি আংলং জিলাৰ জনসংখ্য়াঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্য়া হৈছে ৬,৬০,৯৫৫ জন লোক।


পূৱ কাৰ্বি আংলং জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ ঠাই হৈছে ডিফু।


পূৱ কাৰ্বি আংলং জিলাৰ প্ৰধান উপনদীঃ ডিগাৰু, কপিলী , নামবৰ, দিখাৰু, যমুনা, লংটিন ইত্য়াদিয়ে এই জিলাৰ প্ৰধান উপনদী।


পূৱ কাৰ্ৱি আংলং মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৭৩৯৯ বৰ্গ কিল'মিটাৰ।


পূৱ কাৰ্বি আংলং জিলাৰ যাতায়ত ব্য়ৱস্থআঃ এই জিলাত ৰে'লপথ আৰু স্থলপথৰ ব্য়ৱস্থা আছে।


পূৱ কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় পথঃ এই জিলাৰ মাজেদি ৩৪ নং ৰাষ্ট্ৰীয় পথ আৰু ৩৯ নং ৰাষ্ট্ৰীয় পথ পাৰ হৈ গৈছে। এই পথ দুইটাই সংযোগ কৰা ঠাইবোৰ হৈছে নাওজান, লাহৰীজান, তৰাবিচা, বকলীয়াঘাট, বোকাজান।


পূৱ কাৰ্বি আংলং জিলাৰ প্ৰধান শস্য়ঃ এই জিলাত ফলমূল, ৰবৰ, কফি ইত্য়াদিৰ খেতি উৎপন্ন কৰা হয়।


পূৱ কাৰ্ৱি আংলং মহকুমাঃ এই জিলাৰ মহকুমা তিনিটাৰ নাম হৈছে বোকাজা, হাওৰাবাট আৰু ডিফু।


পূৱ কাৰ্বি আংলং জিলাৰ প্ৰধান পাহাৰঃ এই জিলাত সিংহাসন, ৰেংমা, কলিয়নী, কৰখং ইত্যাদি পাহাৰ অৱস্থিত। এই জিলাত অৱস্থিত সিংহাসন পাহাৰ অসমৰ এক ওখ পাহাৰ।


পূৱ কাৰ্বি আংলং জিলাৰ ৰে'ল ষ্টেছনঃ লাংচলিয়েট, দলদলি, বোকাজান, বৰলাংফেৰ, নৈলাফাং, ধনশিৰি, ডিফু ইত্য়াদিয়ে এই জিলাৰ ৰে'ল ষ্টেছন।


পূৱ কাৰ্বি আংলং জিলাৰ প্ৰধান ঠাইঃ (ক) বোকাজানঃ মহকুমাৰ সদৰ স্থান। এই ঠাইত ভাৰতৰ চিমেন্ট নিগমৰ এটা চিমেন্টৰ উদ্য়োগ অৱস্থিত।

(খ) ডিফুঃ এই ঠাইখন জিলাৰ সদৰ স্থান। এই অঞ্চলত কফিৰ গৱেষণা কেন্দ্ৰ আৰু প্লাইউদ উদ্য়োগ অৱস্থিত।

(গ) দেউপানীঃ এই অঞ্চলত এটা প্ৰখ্য়াত দুৰ্গা মন্দিৰ অৱস্থিত। জনবিশ্বাসৰ মতে মন্দিৰৰ সন্মুখত থকা এজোপা গছত এডাল ৰঙা ফিটা বান্ধিলে নিজৰ মোনাকামনা পূৰ হয় বুলি কোৱা হয়। 


 কাৰ্বি আংলং জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ 

ডিফু ।

দঙ্কা ।

ফুলনী ।

শিলইজান।