Karimganj কৰিমগঞ্জ 

Join Our Facebook Group

Join Our Telegram Group


কৰিমগঞ্জ জিলাঃ কৰিমগঞ্জ হৈছে ভাৰতৰ অসম ৰাজ্য়ৰ এখন প্ৰশাসনকেন্দ্ৰিক ৰাজ্য়। অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক ১৯৮৩ চনৰ ১ জুলাই তাৰিখে পূৰ্ণপৰ্য়ায়ৰ জিলাৰূপে স্বীকৃতি প্ৰদান কৰে।  


কৰিমগঞ্জ জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ গঞ্জ শব্দৰ অৰ্থ হৈছে বজাৰ। পূৰণি কালত এই অঞ্চলত কৰিম নামৰ এজন মানুহে বসবাস কৰিছিল। ব্য়ক্তি জনৰ নামৰ সলনি কৰিমৰ বজাৰ অৰ্থাৎ কৰিমগ়্জ ৰখা হয়।


কৰিমগঞ্জ জিলাৰ প্ৰধান নদীঃ যিহেতু কৰিমগঞ্জ জিলা বৰাক উপত্য়াকত অন্তৰ্গত সেইকাৰণে এই জিলাৰ প্ৰধান নদী হৈছে বৰাক।


কৰিমগঞ্জ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথঃ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ এই জিলাৰ মাজেৰে পাৰ হৈ গৈছে।


কৰিমগঞ্জ জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা দুটা হৈছে ৰামকৃষ্ণ নগৰ আৰু কৰিমগঞ্জ।


কৰিমগঞ্জ জিলাৰ বিলঃ কৰিমগঞ্জ জিলাৰ দুখন বিল হৈছে সোণবিল আৰু ৰাতাকান্দি।


কৰিমগঞ্জ জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ১,৮০৯ বৰ্গ কিল'মিটাৰ।


কৰিমগঞ্জ জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১২,১৭,০০২ বৰ্গ কিল'মিটাৰ।


কৰিমগঞ্জ জিলাৰ  যাতায়ত ব্য়ৱস্থাঃ এই জিলাত স্থলপথ আৰু ৰে'লপথৰ সুব্য়ৱস্থা আছে।


কৰিমগঞ্জ জিলাৰ প্ৰধান উপবনৈঃ এই জিলাৰ উপনৈসমূহ হৈছে সোণাই, শিংৰা, কুশিয়াৰা, লংগাই ইত্য়াদি।


কৰিমগঞ্জ জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ স্থান হৈছে কৰিমগ়্জ।


কৰিমগঞ্জ জিলাৰ প্ৰধান ঠাইঃ (ক) বদৰপুৰঃ ই এখন উন্নতমানৰ ঠাই। ই এটা ৰে'ল ষ্টেছন।

(খ) চাৰগোলাঃ ইউ এখন উন্নত মানৰ ঠাই। ইয়াত এটা চেনিকলৰ উদ্য়োগ আছে।

(গ) আমটিলাঃ এই অঞ্চলত প্ৰাকৃতিক গেছ পোৱা যায়।

(ঘ) পূব বদৰপুৰ আৰু পাথাৰকান্দিঃ এই ঠাইত খাৰুৱা তৈেলৰ উদ্য়োগ আছে।

কৰিমগঞ্জ জিলাৰ অন্য়ান্য় উল্লেখযোগ্য় স্থানঃ কালচৰা, ভাউগা, মবূৰাৱাৰা, কালীবাৰী, নীলমবজাৰ, অনিপুৰ, চাপ্ৰাকান্দি, কৃষ্ণনগৰ, মহাকাল ইত্য়াদি।


কৰিমগঞ্জ জিলাৰ উণ্ণয়ন খণ্ডসমূহৰ নাম ঃ

 বান্দৰপুৰ

কৰিমগঞ্জ 

নিলমবজাৰ 

পথাৰকান্দি 

ৰামকৃষ্ণ  নগৰ