নামঃ পদুম 

ইংৰাজী নামঃ Lotus

বৈজ্ঞানিক নামঃ Nelumbo nucifera

ঔষধি গুণঃ কফ আৰু পিত্ত ৰোগীৰ বাবে পদুম ফুলৰ সুবাস উপকাৰী। - বগা পদুম ফুলে প্ৰস্ৰাৱ আৰু মূত্ৰাশয়ৰ দোষ নোহোৱা কৰে। - বিভিন্ন বিষক্ৰিয়া নোহোৱা কৰিবলৈও পদুম ফুল উপকাৰী। - গৰ্ভৱতী মহিলাৰ বাবে পদুম ফুল উপকাৰী।

বৰ্ণনাঃ পদুমৰ গছ পানী বা বোকাত গজে। ভাৰতৰ সকলো উষ্ণ অঞ্চলত তথা ইৰানৰ পৰা অষ্ট্ৰেলিয়ালৈ পদুম পোৱা যায়। পদুমৰ ফুল সাধাৰণতে বগা বা গুলপীয়া হোৱা দেখা যায়। ৰঙা, নীলা আৰু সোণালী ৰঙৰো পদুম পোৱা যায়। পাতবোৰ ডাঙৰ আৰু গোলাকৃতিৰ। পাতৰ দীঘলীয়া ঠাৰিৰ পৰা একপ্ৰকাৰৰ সূতা উলিওৱা হয়। এই সূতা মন্দিৰত চাকিৰ শলিতা হিচাপে ব্যৱহাৰ কৰা হয়। এই সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে বহুতো ৰোগৰ পৰা সাৰি থাকিব পাৰি বুলি বিশ্বাস কৰে। পদুমৰ গা-গছ দীঘলীয়া, পোন আৰু ফোঁপোলা। ই পানীৰ তলত গোটেই বোকা আৱৰি থাকে। গা-গছৰ গাঁঠিৰ পৰা শিপা উলায়। পদুমৰ ৰাইজম পদ্ধতিৰে অযৌন প্ৰজনন ঘটে


( অপূৰ্ব কাকতি )  




Post ID: DABP001488