আম Mango

নাম ঃ আম

ইংৰাজী নাম ঃ ( Mango )

বৈজ্ঞানিক নাম ঃ Mangifera indica

ঔষধি গুণঃ  আম গছ  আৰু পাত অনেক মাংগলিক কামত  ব্য়ৱহাৰ কৰা হয় ।আম খালে কেন্সাৰ প্ৰতিৰোধ ক্ষমতা বূদ্ধি পায় ।আম খালে পাচন শক্তি বৃদ্ধি পায় ।নিতৌ  দুই তিনিতা আম খোৱাৰ পিছত এক গিলাছ পানী খালে শৰীৰৰ ওজন বৃদ্ধি পায় । আমত ভিটামিন চি, ফাইবাৰ প্ৰচুৰ পৰিমানে থাকে ।আম খালে চকুৰ উজ্জলতা বৃদ্ধি হয় ।নিতৌ এগিলাছ আমৰ ৰস খালে এনিমিয়া ৰোগ নহয় ।আমৰ বহুতো গুণ থকাৰ বাবে আমক ফলৰ ৰজা বুলি কোৱা হয় । 

খোৱাৰ পদ্ধতি ঃ কেঁচা আম পদিনাৰ লগত চাটনি খাৱ পাৰি ।কেঁচা আম চকলিয়াই তেলত পাচপূৰন জলকীয়া দি ভাজি খাবলৈ ভাল লাগে । পকা আম বিভিন্ন ধৰনে খাব পাৰি ।

বৰ্ণনাঃ আম গছ বৃক্ষ জাতিয় উদ্ভিদ । ভাৰতৰ সকলো গৰম অঞ্চলত এই উদ্ভিদ পোৱা যায় । অসমতো আমৰ বহুকেইটা প্ৰজাতি দেখিবলৈ পোৱা য়ায । আমৰ আকাৰ বেলেগ বেলেগ হলেও ইয়াৰ খোৱাদ আৰু গোন্ধ একেই থাকে ।