নামঃ থেকেৰা
ইংৰাজী নামঃ Mangosteen
বৈজ্ঞানিক নামঃ Garcinia mangostana
খোৱাৰ পদ্ধতিঃ
সামগ্ৰী
১। 4 টা আলু) পাতলকৈ কটা
২। 1 চামুচ সঁৰিয়হৰ তেল
৩। 1/4 চামুচ হালধি
৪। 1 চামুচ ময়দা,
৫। 3-4 থেকেৰা টেঙা টুকুৰা 1/4 কাপ পানীত তিয়াই থব নিমখ
৬। 1 চামুচ পাচ পোৰান মচলা
৭। 4 কেঁচা জলকীয়া
৮। 4 টা ধনিয়া পাত, মিহিকৈ কটা
ৰেচেপি
১। এটা বহল পেন চ'চত তেলৰে আলুৰ টুকুৰাবোৰ ভাজক আৰু সেইবোৰ একাষৰীয়া কৰি ৰাখক
২। এতিয়া উপৰত উল্লেখ কৰা গোটেই উপকৰণ সমূহৰ সৈতে তেলৰে গৰম আৰু লৰাই দিয়ক ৷
৩। 1-2 কাপ পানী, নিমখ আৰু হালধি যোগ দিয়ক।
৪। এতিয়া ময়দা এক চামুচ পানীৰ সৈতে মিহলি কৰক আৰু ইয়াক তাতে ঢালি দিয়ক
৫। যেতিয়া মিশ্ৰণটো ডাঠ হ'বলৈ আৰম্ভ কৰে, তেতিয়া থেকেৰা টেঙাবোৰ দিয়ক আৰু পূর্বতে ভাজি থোৱা আলুখিনি দিয়ক ৷
৬। আৰু 4-5 মিনিটৰ বাবে কম জুইৰ ওপৰত ৰান্ধক আৰু তাৰ পিছত নমাই থওক ৷
এনেদৰে আপুনি ঘৰতে থেকেৰা টেঙাৰ জুতি লগা ব্যঞ্জন বনাব পাৰে কম সময়তে ৷
ঔষধি গুণঃ
১। পেটৰ অসুখ,অভোক,বদহজম , অজীৰ্ন , পুৰণি সঞ্চিত গ্ৰহণী আদি ৰোগত থেকেৰাৰ আঞ্জা বা চৰৱত অতিকে উপকাৰী ( Assamese Health Tips )
২। আমাশয় আৰু তেজ হাগনি ৰোগত থেকেৰা তিয়াই থোৱা পানী কম কমকৈ দুই তিনিবাৰ খালে উপসম হয় ।
৩। চৰ্দি বা শ্ৱাসজনীত ৰোগত থেকেৰা উপকাৰি ।
৪। থেকেৰা মাজে মাজে খাই থাকিলে শৰীৰৰ মেদবহুলতা দুৰ হয় ।৫। থেকেৰাই গাৰ ছালৰ সৌন্দৰ্য্য বঢ়ায় ।
৬। থেকেৰাত থকা গুণকাৰি পৌষ্টিক তত্ত্ব সমুহৰ বাবে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
৭। পেটৰ পৰাই প্ৰায়বোৰ ৰোগৰ উৎপত্তি হয়। সেয়ে মাহে পষেকে থেকেৰা খাই থাকিলে পেটৰ লগতে দেহ সুস্ত্য থাকে ।
( অপূৰ্ব কাকতি )
Post ID: DABP001461
0 Comments