নামঃ পদিনা 

ইংৰাজী নামঃ Mint

বৈজ্ঞানিক নামঃ Mentha arvensis

ঔষধি গুণঃ

(১) পদিনা খালে স্মৃতি শক্তি বাঢ়ে আৰু যিকোনো কাম কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।

(২) পদিনা খালে শৰীৰৰ মেদবহুলতা দূৰ হয়। এনজাইম সঠিক ৰূপত উৎপাদন, নিঃসৰণ আৰু সঞ্চালন কৰে।

(৩) পদিনাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়ত কেলচিয়াম, ফচফৰাচ আৰু ভিটামিন-B, C, D আৰু E যথেষ্ট পৰিমাণে পোৱা যায়৷ 

(৪) পদিনা সেৱন কৰিলে কাম কৰাৰ উদ্যম আৰু একাগ্ৰতা বাঢ়ে ।

খোৱাৰ পদ্ধতিঃ পদিনা চাটনি

সামগ্ৰী

১। পদিনাৰ পাত ২ মুঠি

২। কেঁচা আম সৰু এটা

৩। আদা সৰু এটুকুৰা

৪। কেঁচা জলকীয়া ৪/৫ টা

৫। নিমখ সোৱাদ অনুযায়ী

ৰেচেপি

প্ৰথমতে পদিনা পাতখিনি ভালদৰে পানীত ধুই ল’ব। আমটো সৰু সৰুকৈ কাটি ল’ব। পদিনাখিনি, আম কেইটুকুৰা, আদা, জলকীয়া আৰু নিমখ আন্দাজমতে দি মিক্সিত ভৰাই দিয়ক। তাৰ পিছত চাটনিখিনি মিক্সিৰ পৰা উলিয়াই দাইল-ভাত নহ’লে ৰুটিৰ লগত পৰিৱেশন কৰক।


বৰ্ণনাঃ পদিনা এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।


( অপূৰ্ব কাকতি )  



Post ID: DABP001476