নামঃ নুনি
ইংৰাজী নামঃ Mulberry plant
বৈজ্ঞানিক নামঃ Morus alba
বৰ্ণনাঃ নুনী গছৰ পাত এৰী পলুৰ প্ৰিয় খাদ্য। এই গছৰ পাত কপাহ গছৰ পাতৰ লগত দেখিবলৈ একেই। নুনী গছৰ ফল ১ ইঞ্চি মান দীঘল আৰু ফলটোৰ গোটেই গাটোতে সৰু সৰু গুটি থাকে। কেঁচাতে ফলটো সেউজীয়া, টেঙা আৰু পকিলে গাঢ় নীলা ৰং আৰু মিঠা হয়।
( অপূৰ্ব কাকতি )
Post ID: DABP001470
0 Comments