নগাওঁ জিলাঃ এই জিলাত সাৰুৱা ভূমি আৰু বিভিন্ন গছ-গছনিৰে ভৰা অৰণ্য়ৰে ভৰপুৰ। এই নজিলাৰ জলবায়ু সেমেকা। নগাওঁ জিলাৰ ঠাইসমূহত বিল আৰু জলাহভূমিৰ দৃশ্য় দেখিবলৈ পোৱা যায়। নগাওঁ জিলাখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অন্তৰ্গত বাবে ইয়াত বিভিন্ন পশুড-পক্ষী, গছ-গছনি আদি দেখিবলৈ পোৱা যায়।


নগাওঁ জিলাৰ উৎপত্তিৰ কাৰণঃ স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত এই ঠাইৰ গাওঁবিলাক পুনৰ নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল বাবে এই ঠাইৰ নাম নগাওঁ হ'ল। 


নগাওঁ জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে শোণিতপুৰ জিলা অন্তৰ্গত, পূবে কাৰ্বি আংলং জিলা অৱস্থিত, দক্ষিণ দিশে হোজাই জিলা আৰু পশ্চিম আংলং জিলা আৰু পশ্চিম দিশে পশ্চিম কাৰ্বি আংলং জিলা আছে।


নগাওঁ জিলাৰ সদৰ ঠাইঃ এই জিলাৰ সদৰ স্থান হৈছে নগাওঁ।


নগাওঁ জিলাৰ মহকুমাঃ কলিয়াবৰ আৰু নগাওঁৱেই হৈছে এই জিলাৰ মহকুমা।


নগাওঁ জিলাৰ মাটিকালিঃ নগাওঁ জিলাৰ মাটিকালি হৈছে ২২৮৭ ব্ৰগ কিল'মিটাৰ।


নগাওঁ জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ১৮,৯২,৫৫০ জন।


নগাওঁ জিলাৰ প্ৰধান নদীঃ ব্ৰহ্মপুত্ৰ নদীয়ে হৈছে এই জিলাৰ একমাত্ৰ প্ৰধান নদী।


নগাওঁ জিলাৰ প্ৰধান উপনৈঃ এই জিলাৰ প্ৰধান উপনৈ হৈছে- ননৈ, কলং, কপিলী, সোণাই।


নগাওঁ জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাত জলপথ, স্থলপথ আৰু ৰে'লপথৰ ব্য়ৱস্থা আছে।


নগাওঁ জিলাৰ ৰাষ্ট্ৰীয় পথঃ ৩৬ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই জিলাৰ মাজেৰে পাৰ হৈ গৈছে।


নগাওঁ জিলাৰ ৰে'ল ষ্টেছনঃ হয়বৰগাওঁ, ধিং, শেনচোৱা (জংচন) , নগাওঁ, কামপুৰ, চাপৰমুখ (জংচন) আদিয়ে এই জিলাৰ ৰে'ল ষ্টেছন।


নগাওঁ জিলাৰ প্ৰধান শস্য়ঃ ধান. মাহ, সৰিয়হ,  চাহ, কুঁহিয়াৰ ইত্যাদি।


 নগাওঁ জিলাৰ প্ৰধান ঠাইঃ এই জিলাৰ প্ৰধান ঠাই ৫ খন হৈছে- শিলঘাট, ৰহা, বৰদোৱা, কলিয়াবৰ, জখলাবন্ধা।

(ক) শিলঘাটঃ এই ঠাইত এটা মৰাপাট উদ্য়োগ আৰু আহোম ৰজাৰ দিনতে প্ৰতিষ্ঠা কৰা কামাখ্যা মন্দিৰ আছে। ইয়াত এটা ৰে'লষ্টেছন অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীৰ এটা উল্লেখযোগ্য় ঘাট।

(খ) ৰহাঃ এই ঠাইত এখন মীন মহাবিদ্য়ালয় আৰু বহুতো ডাঙৰ মাছ পুখুৰী আছে।

(গ) বৰদোৱাঃ এই ঠাইত মহাপূৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। বৰদোৱাত বৰদোৱাৰ থান আৰু অসম ৰাজ্যৰ বিখ্যাত নামঘৰ অন্তৰ্গত। 

(ঘ) কলিয়াবৰঃ ইয়াত এটা মহকুমা আছে।

(ঙ) জখলাবন্ধাঃ ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী তুলি অনা এছিয়া মহাদেশৰ সবাতোকৈ ডাঙৰ উত্তোলন জলসিঞ্চন প্ৰক্লপটো এই ঠাইতে অৱস্থিত।

নগাওঁ জিলাৰ উল্লেখযোগ্য় স্থানসমূহঃ বাৰপূজীয়া, মিকিৰগাওঁ, ধিং, ৰূপহীঘাট, আমগুৰি ইত্যাদিয়ে এই জিলাৰ উল্লেখযোগ্য় ঠাই।


পূৰণি দিনত নগাওঁ জিলাৰ কছাৰীসকলৰ শাসনঃ কালিকা পূৰাণত উল্লেখ থকা আখ্য়ানমতে অসুৰ বংশৰ মহা শক্তিশালী ৰজা নৰকাসুৰে কামৰূপলৈ আহে আৰু কামৰূপৰ ৰজা কিৰাটক পৰাজয় কৰি প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰে। নৰকাসুৰৰ শাসকালৰ  সময়ছোৱাতেই নগাৱঁৰ কপিলী উপত্যকা অঞ্চলত ত্ৰিপুৰাসকলৰ ৰাজ্য় অৱস্থিত আছিল। কছাৰীসকলৰ লগত যুদ্ধ কৰি যুদ্ধত হাৰি ত্ৰিপুৰা ৰজাই কপিলীৰ পৰা গুচি গৈ ডিমা হাছাও জিলাৰ মাইবং অঞ্চলত বাস কৰিবলৈ লয়। তাৰ পাছতেই কপিলী উপত্যকাৰ কছাৰীলকোসকল পৰাধীন হয়। ইয়াৰ বাহিৰে বুৰঞ্জীত অন্য একো তথ্য বৰ্তমানলৈকে পোৱা যোৱা নাই।

নগাওঁ জিলাত বৰ্মন বংশৰ শাসনকালতঃ ৩৫০ খ্ৰীঃপুঃত পুষ্য বৰ্মা নামৰ এজন বীৰে নিজকে নৰকাসুৰৰ বংশৰ বুলি পৰিচয় দি কামৰূপৰ সিংহাসন অধিকাৰ কৰি লৈছিল। নগাওঁ জিলাৰ উত্তৰ-পশ্চিম অংশ তেতিয়া এইজন বীৰ ৰজাৰ অধীনলৈ আহিছিল। নৱম-একাদশ শতিকা মানত যোগী সম্প্ৰয়াদৰ লোকসকল নগাৱঁত বসতি কৰিবলৈ আহিছিল। 


নগাওঁ জিলাৰ উণ্ণয়ন খণ্ডসমূহ ঃ

 ১) আমগুৰি । ( Amguri )

 ২) ডিমৌ । ( Dimow )

 ৩) মহমৰা । ( Mahmora )

 ৪) নাজিৰা । ( Nazira )

 ৫) শিৱসাগৰ । ( Sibsagar )

 ৬) সোণাৰী । ( Sonari )