নামঃ ৰঙালাও

ইংৰাজী নামঃ Pumpkin

বৈজ্ঞানিক নামঃ Cucurbita moschata

ঔষধি গুণঃ ৰঙালাওৰ বিষয়ে গৱেষণা কৰি খাদ্য বিশেষজ্ঞসকলে ইয়াৰ কেন্সাৰ প্ৰতিৰোধী গুণ থকা বুলি নিশ্চিত হৈছে । ইয়াৰ নিয়মিত সেৱনৰ দ্বাৰা কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকা বহু পৰিমাণে কমি যায় বুলি এক বৈজ্ঞানিক সমীক্ষাত প্ৰকাশ পোৱা তথ্যৰ পৰা জনা গৈছে । মালয়েছিয়াৰ এদল বিজ্ঞানীৰ মতে ৰঙালাওত এনেকুৱা কিছুমান পদাৰ্থ পোৱা যায়, যিবিলাকে দেহত কেন্সাৰৰ কোষৰ গঠন আৰু বৰ্ধনত বিশেষ ৰুপে বাধা প্ৰদান কৰে । ৰঙালাওত থকা শ্বেতসাৰ (ষ্টাৰ্চ) ৰ পৰা ‘প্ৰাপিয়নিক এচিড’ নি:সৰিত হয়, যাৰ প্ৰভাৱত কেন্সাৰ সৃষ্টিকাৰী কোষবোৰ দুৰ্বল হৈ পৰি বাঢ়িব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় । ৰঙালাও সেয়ে দেহৰ বাবে বৰ উপকাৰী আৰু ৰোগ প্ৰতিৰোধকাৰী । কাৰণ ইয়াত অত্যাৱশ্যকীয় বহু খাদ্যপ্ৰাণ, খনিজ লৱণ আদিকে ধৰি প্ৰচুৰ পৰিমাণে ‘এণ্টি-অক্সিডেণ্ট’ পোৱা যায়  

খোৱাৰ পদ্ধতিঃ 

বৰ্ণনাঃ ৰঙালাও এবিধ সকলোৰে পৰিচিত সুলভ পাচলি - ই এবিধ লতাজাতীয় উদ্ভিদ আৰু ইয়াৰ একাধিক প্ৰজাতি আছে । বাৰিষা-খৰালি সকলো সময়তে ইয়াৰ খেতি হয় যদিও খৰালি কালত ইয়াৰ উৎপাদন প্ৰচুৰ মাত্ৰাত হয় ।





Post ID: DABP001564