নামঃ  টেঙামৰা ( ৰঙা )

ইংৰাজী নামঃ Roselle

বৈজ্ঞানিক নামঃ Hibiscus sabdariffa

বৰ্ণনাঃ টেঙামৰাৰ ফুলবোৰৰ ৰঙ বগা নাইবা পাতল হালধীয়া আৰু প্ৰতিটো পাহিৰ গুৰি অংশত গাঢ় ৰঙা ৰঙৰ ফুট থাকে। ইয়াৰ ব্যাসাৰ্ধ ৮-১০ চেমি। ফুলপাহৰ গুৰিত থকা উজ্জ্বল ৰঙা ৰঙৰ ফলবোৰ বহলে ১-২ চেমি আৰু ই পূৰঠ হ'লে মঙহাল হৈ ৩-৩.

ঔষধি গুণঃ 

(১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(২)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে। 

(৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে। 

(৪)টেঙামৰা শাক নিয়মীয়াকৈ খালে স্নায়ু সবল হয়, দৃষ্টিশক্তি বাঢ়ে, হৃদৰোগ প্ৰতিৰোধ কৰে ,গাৰ ছাল নিমজ হয়।



Post ID: DABP001445