নামঃ পালেং 

ইংৰাজী নামঃ Spinach 

বৈজ্ঞানিক নামঃ Spinica loeracea

ঔষধি গুণঃ গৰ্ভৱতী মহিলাৰ বাবে পালেং শাক অতি উপকাৰী। পালেং শাক খালে সন্তানৰ ওজন বঢ়াৰ লগতে গৰ্ভস্থ সন্তানে প্ৰয়োজনীয় খাদ্যও পায়। 

পালেং শাকত কেলছিয়াম, ভিটামিন চি আৰু লৌহ পদাৰ্থ বেছি পৰিমাণে থকাৰ বাবে, ই শৰীৰৰ বাবে উপকাৰী। ইয়াক ভাজি, মাছৰ আঞ্জা ৰান্ধি নাইবা চুপ কৰি খাব পাৰে। পালেং শাকৰ চালাড অতি পুষ্টিকৰ খাদ্য। ইয়াৰ ঔষধি গুণসমূহ হৈছে-

১। পালেং শাকত কেলছিয়াম আৰু লৌহ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। সেয়ে পালেং শাক খালে দাঁত আৰু চুলি ভালে থাকে। 

২। পালেং শাকত থকা বিটা কেৰ'টিন নামৰ ভিটামিন চকুৰ বাবে উপকাৰী।

বৰ্ণনাঃ পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ।


( অপূৰ্ব কাকতি )  




Post ID: DABP001475