নামঃ  চেংমৰা

ইংৰাজী নামঃ Spiny arum

বৈজ্ঞানিক নামঃ Lasia spinose

বৰ্ণনাঃ ভাৰতকে ধৰি এচিয়া মহাদেশৰ বিভিন্ন দেশ আৰু পাপুৱা নিউগিনিত পোৱা এবিধ কচুজাতীয় চিৰসেউজ উদ্ভিদ। এই উদ্ভিদজোপা বাৰীৰ ঢাপ, পিটনি, নদীকাষৰীয়া সেমেকা বা জেকা ঠাই আদিত পোৱা যায়| ইয়াক কাঁ‌ইটীয়া কচু, ওলমোটোকা, কেশঠুৰী,, লা-ঘটুৱা আদি নামেৰেও জনা যায়। 

ঔষধি গুণঃ চেংমৰা এনে এবিধ ঔষধি উদ্ভিদ যিয়ে শৰীৰৰ পৰা এই টক্সিনচ(toxins) ওলাই যোৱাত সহায় কৰে। ৪)ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে চেংমৰা খালে উপকৃত হয়। চেংমৰাই ডায়েবেটিচ ৰোগৰ পৰা হ'ব পৰা জটিলতা সমূহৰ পৰা শৰীৰক ৰক্ষা কৰে। ৫)এন্টিঅক্সিডেন্ট আৰু আঁহ থকাৰ বাবে লিভাৰৰ বিভিন্ন সমস্যাত ই খুবেই উপকাৰী।

খোৱাৰ পদ্ধতিঃ মাংস ২৫০গ্ৰাম ধুই ললোঁ ,,,,,চেংমৰা চুচ গুচাই কাটি (ফটো দিছো) ললোঁ ।  মাংস বনোৱাৰ দৰেই সকলো মচলা ব্যৱহাৰ কৰি প্ৰথম মাংস খিনি আধা সিজালৈ ভাজি ,,,,তাৰ পিছত শাক খিনি দি ভালকৈ লৰাই অলপ ঢাকোন মাৰি সিজিব দিলোঁ । ভালকৈ সিজাত অলপমান পানী দি উতলাই ঘন হৈ অহাত নমাই থলো ।

চেংমৰা আমি যতেই পাওঁ আনি , অন্য নহলেও তৰকাৰী হিচাপেও যদি খাবলৈ লওঁ বহুত খিনি উপকৃত হব পাৰিম




Post ID: DABP001435