নামঃ পনৌনৌৱা

ইংৰাজী নামঃ Tarvine

বৈজ্ঞানিক নামঃ Paperomia pellucida

ঔষধি গুণঃ 

১. ইউৰিক এচিড সমস্যাত ই অতি উত্তম। যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হব ৷

২. কিডনি স্টোন সমস্যাটো ই উপকাৰী। কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়।

৩. পেচাবৰ সংক্ৰমণত বা UTI তো পনৌনোৱা উপকাৰী। মহিলাৰ পেচাবৰ সংক্ৰমন বেছিকৈ হয়। গতিকে তেওঁলোকৰ বাবে ই বৰদান স্বৰূপ। শাকৰ আঞ্জা হিচাপে বা এচামুছ বা দুই চামুচ ৰসৰ লগত মিছিৰি দি কেইদিনমান খালে সুফল পাব।

৪. ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে।

৫. নিদ্ৰাহীনতাৰ সমস্যাতো পনৌনোৱা উপকাৰী। যিসকলৰ টোপনি কমকৈ হয় তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খালে নিশ্চয় উপকৃত হব।

৬. চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী।

৭. লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী।

৮. গাঁঠিৰ বিষ বা আৰথ্ৰাইটিছতো পনৌনোৱা উপকাৰী। কাৰন ইয়াৰ anti inflammatory গুণ আছে ৷

৯. ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী। কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থবা toxins নিষ্কাষণ কৰাত ই সহায় কৰে।

১০. বগাস্ৰাৱৰ সমস্যাতো পনৌনোৱা উপকাৰী। 

১১. পুৰুষ মহিলা প্ৰজনন তন্ত্ৰকো শক্তিশালী কৰে। গতিকে বাৰিষা আমিও মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে। ' 

১২. এইবিলাক গুণাগুণৰ উপৰিও আমি কিছুমান কথাত সাৱধনতা অৱলম্বন কৰা উচিত-

১৩. মাত্ৰাধিক পৰিমাণে কোনো বস্তু খাব নালাগে। কাৰণ ইয়াৰ পৰা অপকাৰ হব পাৰে। ৰস খাওঁতে সৰহকৈ নাখাব। এচামুছ, দুচামুছ কৈ আৰম্ভ কৰিলে ভাল।

১৪. গৰ্ভৱতী আৰু প্ৰসূতি সকলে মাত্ৰাধিক নাখাব অন্যথা অপকাৰ হব পাৰে।

বৰ্ণনাঃ পনৌনোৱা এবিধ পৰম উপকাৰী বনৌষধি উদ্ভিদ। ইয়াক পুনৰ্নভা বুলিও কোৱা হয়। বিভিন্ন ৰোগ উপশমৰ ই এবিধ ভেষজ উদ্ভিদ। অসম আৰু সমগ্ৰ ভাৰতবৰ্ষৰে হাবি-বননিত এইবিধ উদ্ভিদ পোৱা যায়


( অপূৰ্ব কাকতি )  




Post ID: DABP001478