নামঃ সৰিয়হ 

ইংৰাজী নামঃ Water cress

বৈজ্ঞানিক নামঃ Brassica camestris

ঔষধি গুণঃ 

১। সৰিয়হ মিহিকৈ পিহি শালমইনা হোৱা স্থানত লগালে শালমইনাৰ দাগ আঁতৰে।

২। ক’লা সৰিয়হৰ আঞ্জা কুষ্ঠ ৰোগীৰ বাবে উপকাৰী।

৩। গোধ ৰোগত বগা সৰিয়হ আৰু চজিনা গছৰ ছাল মিহিকৈ পিহি লগালে ৰোগ সোনকালে নিৰাময় হয়।

৪। কিছুমান ছোৱালীৰ মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয়। সৰিয়হ পিহি গৰম কৰি পেটত লগালে আৰাম পোৱা যায়।

৫। দাঁতত হালধীয়া দাগ পৰিলে নিমখ, চৌদাখাৰ, নেমু টেঙাৰ ৰস আৰু সৰিয়হ তেল মিহলাই ঘঁহিলে পৰিষ্কাৰ হয়।

৬। নহৰু আৰু সৰিয়হ তেল মিহলাই মালিচ কৰিলে বাত বিষত আৰাম পোৱা যায়।

৭। টোপনি কম হ’লে নেমুৰ ৰস আৰু সৰিয়হ তেল ভৰিত ঘঁহিলে টোপনি ভাল হয়।

৮। কেতিয়াবা চূণে ডাকে। তেতিয়া সৰিয়হৰ তেল ডকা অংশত লগালে আৰাম পোৱা যায়।

৯। গা ধোৱাৰ সময়ত জাৰকালি কেঁচা সৰিয়হৰ তেলেৰে মালিচ কৰি গা ধুলে ঠাণ্ডা লগাৰ ভয় নাথাকে।

১০। মিঠাতেলৰ চাকি জ্বলাই অলপ জ্বলোতেই শলিতাডাল নুমাই গৰম তেল নখত দিলে নখচুকীয়া ৰোগ ভাল হয়।

১১। তলপেটত মিঠাতেলেৰে মালিচ কৰিলে শৌচ খোলোচা হয়।

বৰ্ণনাঃ সৰিয়হ এবিধ তেলজাতীয় গোলাকাৰ বীজ, ইয়াৰ ৰং গাঢ় ৰঙা আৰু ক'লা হয়, আন এবিধ সৰিয়হ হালধীয়া বৰণৰ হয়, যাক সাধাৰণতে হালধীয়া বৰণৰ বুলি নকৈ বগা সৰিয়হ বুলিহে জনা যায়। ইয়াৰ ফুলবিলাকৰ ৰং হালধীয়া হয়। সৰিয়হৰ গুটি বিলাকৰ আকাৰ ১ ৰ পৰা ২ মিলিমিটাৰ (০.০৩৯ ৰ পৰা ০.০৭৯ ইঞ্চি) হয়।


( অপূৰ্ব কাকতি )  



Post ID: DABP001492