নামঃ চাঙেৰী টেঙা

ইংৰাজী নামঃ Water fern

বৈজ্ঞানিক নামঃ  Marsilea quatrifolia Linn .

বৰ্ণনাঃ চাঙেৰী টেঙা এবিধ মাটিত বগায় বিয়পি থকা টেঙা শাক। ইয়াৰ পাতবোৰ সৰু সৰু, য'তে ত'তে বিশেষকৈ জেকা লগা ঠাইত এইবিধ লতা বেছি জন্মে। ইয়াৰ শাস্ত্ৰীয় নাম চুম্ৰিকা, দন্তশঠা, অম্ল পত্ৰক ইত্যাদি। চেঙেৰী টেঙাৰ হালধীয়া ৰঙৰ সৰু সৰু ফুল হয়। আমাৰ ভাষাত চেঙেৰী টেঙা বা টেঙেচী টেঙা বোলে। 

ঔষধি গুণঃ চাঙেৰী টেঙা বহুৰোগৰ গুণকাৰক। ই জ্বলা, কেঁহা আৰু অম্ল ৰসযুক্ত, উন্নত বীৰ্য, ৰুক্ষ, পাচক, অগ্নি দীপক, ৰুচিকাৰক আৰু পিত্তকাৰক। কফ, বায়ু, অতিসাৰ, গ্ৰহণী, কুষ্ঠ আৰু অৰ্শ ৰোগৰ শান্তিকাৰক। চেঙৰী টেঙাৰ ৰস আমাশৰীৰ অতি উপকাৰী। চেঙৰী টেঙাৰ পাত ঠাৰি, শিপা আৰু ফলৰ ৰসত চেনি মিহলাই খালে জ্বৰ আদি ৰোগত শৰীৰৰ শীতলতা বাঢ়ে আৰু দাৰুণ পিয়াহ আদি নিবাৰণ হয়। চাঙেৰী টেঙাৰ পাতৰ অম্বল আৰু চাটনি প্ৰস্তুত কৰি খালে অৰুচি নিবাৰণ হয়।



Post ID: DABP001434