পশ্চিম কাৰ্বি আংলং জিলাঃ পশ্চিম কাৰ্বি আংলং জিলা হৈছে অসম ৰাজ্য়ৰ ৩৩ খন ৰাজ্য়ৰ ভিতৰত এখন উল্লেখযোগ্য় জিলা। ২০১৬ চনত কাৰ্বি আংলং জিলাৰ পশ্চিম অংশক হামৰেন মহকুমাে সাঙুৰি লৈ আনুষ্ঠানিকভাৱে এই জিলা গঠন কৰা হয়।

পশ্চিম কাৰ্বি আংলং জিলাৰ নামৰ উৎপত্তিৰ কাৰণঃ  কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ বসতিৰস্থান বাবেই এই জিলাৰ নাম কাৰ্বি আংলং হয় আৰু পশ্চিম অংশত পৰাৰ বাবেই পশ্চিম কাৰ্বি আংলং হয়।


পশ্চিম কাৰ্বি আংলং জিলাৰ চাৰিসীমাঃ এই জিলাৰ উত্তৰ দিশে নগাওঁ জিলা, মৰিগাওঁ জিলা আৰু হোজাই জিলা অন্তৰ্গত, দক্ষিণ প্ৰান্তত মেঘলয় ৰাজ্য় আৰু ডিমা হাচাও ৰাজ্য় অৱস্থিত, পূৱে হোজাই জিলা আৰু পশ্চিমে মেঘালয় ৰাজ্য় অৱস্থিত।


পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ স্থানঃ এই জিলাৰ সদৰ ঠাই হৈছে হামৰেণ।


পশ্চিম কাৰ্বি আংলং জিলাৰ মহকুমাঃ এই জিলাৰ মহকুমা হৈছে হামৰেণ।


পশ্চিম কাৰ্বি আংলং জিলাৰ জনসংখ্য়াঃ এই জিলাৰ মুঠ জনসংখ্য়া হৈছে ৩,০০,০০০ জন লোক (২০১১ চনৰ লোকপিয়ল অনুসৰি)।


পশ্চিম কাৰ্বি আংলং জিলাৰ যাতায়ত ব্য়ৱস্থাঃ এই জিলাখনত পদপথৰ সুবিধা আছে।


পশ্চিম কাৰ্বি আংলং জিলাৰ মাটিকালিঃ এই জিলাৰ মাটিকালি হৈছে ৩০৩৫ বৰ্গ কিল'মিটাৰ।


পস্চিম কাৰ্বি আংলং জিলাৰ প্ৰধান শিল্প উদ্য়োগঃ এই জিলাত চূণশিলৰ উদ্য়োগ, বাঁহ-বেতৰ সঁজুলি নিৰ্মাণ কৰাৰ উদ্য়োগ আছে।


পশ্চিম কাৰ্বি আংলং জিলাৰ নদী-উপনদীঃ বৰাপানী, কপিলী, উমিয়াম আৰু আমৰিং।


পশ্চিম কাৰ্বি আংলং জিলাৰ অন্য়ান্যঃ এই জিলাত অধিক পৰিমাণে কপাহ খেতি উৎপন্ন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা বাণিজ্য় কেন্দ্ৰ হিচাপে প্ৰখ্যাত।


পশ্চিম কাৰ্বি আংলং জিলাৰ উণ্ণয়ন খণ্ডসমূহ নাম ঃ

 দঙ্কা।