আমাৰ গাঁও

শুৱনি আমাৰ        গাঁওখন অতি 
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি        ফল ফল লাগে 
ক'ত পাওঁ তলসৰা ।
শুৱনি আমাৰ        ধাননি পথাৰ 
ধানেৰে উপচি পৰে, 
শুৱনি নদীৰ         পানী ভৰা ঘাট 
মুদৈয়ে বেপাৰ কৰে । 
চালত কোমোৰা        লাও জিকা ভোল
ভঁৰালত জহাধান,
গোহালিত গৰু        পুখুৰীত মাছ 
বাৰীত তামোল পাণ । 
গছৰ ডালত        শুৱনি চৰাই   
শুৱলা সঈীত গায়,   
শাকনি শাক        ফুলনিত ফুল
দেখিলে হিৰা জুৰায় । 
ঘৰে ঘৰে ৰং        ধেমালিৰ হাট 
ঘৰে ঘৰে হাঁহি মুখ, 
ঘৰে ঘৰে ভাল        চেনেহা চেনেহি
ঘৰে ঘৰে দেখোঁ সুখ। 
ভাওনা সবাহ        গীত ভাল পোৱা 
মধুৰ মুৰুলী তান, 
দহোটাৰ কাম        একেজেনে কৰা 
চহাৰ সৰল প্ৰাণ ।