কোনে কি কয় | পুৰণি অসমীয়া কুহিপাঠ


কোনে কি কয় ? 

 ঘড়ীটোৱে কয় শুনা 

     টিক্ টিক্ টিক্, 

সময় গৈছে উৰি 

ঠিক্ ঠিক্ ঠিক্ । 


ভোমোৰাই কয় শুনা

কৰি গুণ্ গুণ্, 

ফুটাই পঢ়িবা পাঠ      

নাই ভুন্ ভুন্ ।


পুৱাৰ নিয়ৰে কয় 

      টুপ্ টুপ্ টুপ্,

নজগাবা ভাইটিক 

       চুপ্ চুপ্ চুপ্ ।