পাঠ ১

 আমাৰ পৰিৱেশ

১। উত্তৰ লিখা-

(ক) পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি?

উত্তৰঃ পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম হ'ল- উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি।


(খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?

উত্তৰঃ পেংগুইনৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ, সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু।


(গ) শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম লিখা। 

উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি কীৰ্তিচিহ্ন দুটাৰ নাম হ'ল- ৰংঘৰআৰু কাৰেংঘৰ।


(ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হ'ল- বায়ু, পানী, মাটি, নৈ, জান-জুৰি, পৰ্বত-পাহাৰ, আদি।


(ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা উপাদানসমূহেৰে মানুহে নিজৰ প্ৰয়োজন অনুসৰি সৃষ্টি কৰি লোৱা পৰিৱেশক মানৱ সৃষ্ট পৰিৱেশ বোলা হয়।


(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।

উত্তৰঃ অসমত থকা দুটা মনদিৰৰ নাম হ'ল- উমানন্দ আৰু কামাখ্যা মন্দিৰ; দুটা দৌল হ'ল- শিৱ দৌল আৰু বিষ্ণু দৌল আৰু দুখন সত্ৰৰ নাম হ'ল- আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰ।


২। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-

    'ক'            -            'খ'

তেজপুৰ       -       অগ্নিগড়

কামৰূপ        -     পোৱামক্কা

গোৱালপাৰা    -    সূৰ্য পাহাৰ

ধুবুৰী          -         টেগবাহাদুৰ

কাছাৰ         -        ভূৱন পাহাৰৰ মন্দিৰ


৩। খালী ঠাই পূৰ কৰা-

(ক) মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নোমাল


(খ) বগা ভালুক মেৰু অঞ্চলত থাকে।


(গ) তৃণভূমি অঞ্চলত হাতী পোৱা যায়।


(ঘ)পানবাৰীৰ মিৰজুমলাৰ মছজিদ ঐতিহ্যৰ প্ৰতীক।


৪। তলৰ উক্তিসমূহ শুদ্ধ কৰি লোৱা-

(ক) বগা ভালুক/হৰিণ/জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী।

উত্তৰঃ বগা ভালুক।


(খ) ছীল/বল্গা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।

উত্তৰঃ বল্গাহৰিণৰ।


(গ) জিৰাফ/সিংহ/বাঘৰ গাৰ ৰং ধূসৰ।

উত্তৰঃ সিংহৰ।


৫। চমুটোকা লিখা- জলাহভূমি, অণুজীৱ।

উত্তৰঃ 

জলাহভূমিঃ সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্নহৈ মাটিভাগেই হ'ল জলাহভূমি। জলাহভূমি প্ৰাকৃতিক পৰিৱেশৰ উত্তম উদাহৰণ। জলাহভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ থাকে। জলাহভূমিৰ পৰা মানুহে শাক-পাচলি আৰু নানানবিধ ঔষধি দ্ৰব্য আহৰণ কৰে।

অণুজীৱঃ বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু পানী, মাটি সকলোতে থাকে। আন কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে।


- Hiru Moni Bora