পাঠ ১৭

আমাৰ দেশ ভাৰতবৰ্ষ


১। উত্তৰ  লিখা-

(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম।

উত্তৰঃ ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হৈছে- নেপাল, ভূটান, আৰু চীন দেশ। পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ-পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ শেষস্থানৰ কাষতেই শ্ৰীলংকা দ্বীপ অৱস্থিত।


(খ) ভাৰতবৰ্ষ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ নাম।

উত্তৰঃ ভৰতবৰ্ষ প্ৰধান প্ৰাকৃতিক অঞ্চলসমূহৰ নাম হৈছে - ১। উত্তৰৰ হিমালয় পাবত্য অঞ্চল। ২। উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। ৩। দক্ষিণৰ মালভূমি অঞ্চল। ৪। উপকুলীয় অঞ্চল।


(গ) ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম।

উত্তৰঃ ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হৈছে- 

১। মহানদী

২। কৃষ্ণা

৩। গোদাবাৰী আৰু

৪। কাবেৰী।


(ঘ) দক্ষিণৰ মালভূমি অঞ্চলৰ চাৰিখন পৰ্বতৰ নাম।

উত্তৰঃ দক্ষিণৰ মালভূমি অঞ্চলৰ চাৰিখন পৰ্বতৰ নাম হৈছে-  আৰৱলী, নীলগিৰি, মহাদেৱ আৰু পশ্চিমঘাট।


(ঙ) উপকূল অঞ্চলত থকা ৰাজ্যকেইখনৰ নাম।

উত্তৰঃ উপকূল অঞ্চলত থকা ৰাজ্যকেইখনৰ নাম হৈছে - গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা।


(চ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম ।

উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম হৈছে- দিল্লী, চণ্ডীগড়, পণ্ডিচেৰী, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাভেলী।


২। 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা।

'ক'    -    'খ'

চিকিম - গেংটক

তামিলনাডু - চেন্নাই

হাৰিয়ানা - চণ্ডীগড়

ঝাড়খণ্ড - ৰাঁচী

মহাৰাষ্ট্ৰ - মুম্বাই


৩। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা-

(ক) থৰ মৰুভূমি উত্তৰৰ সমভূমি/উপকূল অঞ্চলত অৱস্তিত।

উত্তৰঃ থৰ মৰুভূমি উত্তৰৰ সমভূমি অঞ্চলত অৱস্তিত।


(খ) পাৰ্বত্য অঞ্চলত ধান খেতি/গোমধানৰ খেতি হয় ।

উত্তৰঃ পাৰ্বত্য অঞ্চলত ধান খেতি হয়।


(গ) মৰুভূমিত বালি/পানীৰ অভাৱ ।

উত্তৰঃ মৰুভূমিত পানীৰ অভাৱ।


(ঘ) গোদাবাৰী/গংগা দক্ষিণৰ মালভূমি অঞ্চলৰ মাজেদি বৈ যোৱা নৈ।

উত্তৰঃ গোদাবাৰী দক্ষিণৰ মালভূমিৰ অঞ্চলৰ মাজেদি বৈ যোৱা নৈ।


(ঙ) মৰুভূমিত জনবসতি পাতল/ঘন ।

উত্তৰঃ মৰুভূমিত জনবসতি পাতল।


৪। খালী ঠাই পূৰ কৰা- 

(ক) ভাৰতবৰ্ষত ২৯ খন ৰাজ্য আছে। 

(খ) থৰ এখন মৰুভূমি

(গ) পশ্চিমঘাট পৰ্বত দক্ষিণ অঞ্চলত অৱস্থিত।

(ঘ) হিমালয় পৰ্বতমালাই ভা'ৰতৰ পশ্চিম, উত্তৰ আৰু পূব দিশক আগুৰি আছে।

(ঙ) ভাৰতৰ ৰাজধানী নতুন দিল্লী।


৫। ভাৰত নামটো উতপত্তিৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰাচীনকালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰত বা ভাৰতবৰ্ষ হয় বুলি পণ্ডিতসকলে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক 'লেটিন' ভাষাত 'ইন্দাজ' বুলি কোৱা হয়।, সেই 'ইন্দাজ' শব্দৰ পৰাই ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনো কোনোৱে কয়।


৬। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বূজা?

উত্তৰঃ জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয় সেয়েই হৈছে ৰাষ্ট্ৰীয় সংহতি। শান্তি-সম্প্ৰীতি আৰু একতা থাকিলেহে দেশৰ প্ৰগতি সম্ভৱ হয়। সংহতি হৈছে ৰাষ্ট্ৰখনৰ ঐক্য়, শান্তি আৰু প্ৰগতিৰ মূল চাবিকাঠি।


৭। মালভূমি অঞ্চলত কি কি খেতি কৰা হয়?

উত্তৰঃ মাতভূমি অঞ্চলত কপাহ, কুঁহিয়াৰ, যৱ ধানৰ খেতি কৰা হয়।


- Hiru Moni Bora