পাঠ ৩ 
অসমৰ সংস্কৃতি

১। উত্তৰ লিখা-
(ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।

উত্তৰঃ অসমত বাস কৰা জনজাতিসকলৰ নাম হৈছে- মিছিং, কছাৰী, দেউৰী, বড়ো, তিৱা, গাৰো, ডিমাছা,  কাৰ্বি, ৰাভা, আৰু আদিবাসী আদি।


(খ) কিছুমান আ অলংকাৰৰ নাম লিখা।  

উত্তৰঃ কিছুমান আ অলংকাৰ নাম হৈছে - কেৰু, জোনবিৰি, ঢোলবিৰি,গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুল, গলপতা, আঙঠি, থুৰীয়া, ডুগডুগী, নাকফুল আদি।


(গ) তিনিটা নৃত্যৰ নাম লিখা।

উত্তৰঃ তিনিটা নৃত্যৰ নাম হৈছে- দেউৰী নৃত্য, খেৰাই নৃত্য, দেওধনী নৃত্য আদি ।


(ঘ) প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখা।

উত্তৰঃ প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম হৈছে- অষ্ট্ৰিক, ককেছীয়, টাই মংগলীয়।


(ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।

উত্তৰঃ চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হৈছে- 

১। চিৰা,
২।মুৰি,
৩। আখৈ আৰু
৪। কৰাই গুৰি।



২। 'ক' অংশৰ লগত 'খ' অংশৰ মিলোৱা- 

'ক' - 'খ'

বড়ো - দখনা
ডিমাছা - ৰিগু ৰিজাম্ফাই
কাৰ্বি - পিনি
অসমীয়া - মেখেলা                   


৩। খালী ঠাই পূৰ কৰা-

(ক) খেৰাই পূজা বড়ো সকলে পালন কৰা উসৱ ।

(খ) কাৰ্বিসকলৰ ঘাই উৎসৱ ৰংকাৰ আৰু হেচ্ছা

(গ) মিছিংসকলে আলি-আই-লিগাং পালন কৰে। 

(ঘ) ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে ৰাজিনী গাব্ৰা আৰু হানি গাব্ৰা


৪। অসমীয়া সংস্কৃতি বুলিলে কি বূজা ?

উত্তৰঃ অসমত বসবাস কৰা জাতি-জনগোষ্ঠীসমূহৰ নিজস্ব ভাষা, সাহিত্য, সামাজিক, ৰীতি-নীতি, সাজ-পাৰৰ বৈশিষ্ট্য, আ-অলংকাৰ আৰু উসৱ-পাৰ্বণ আদিৰে পুষ্ট। এই সকলো জাতি-জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে। কিন্তু নৈৰ পানী গৈ সাগৰত মিলি যোৱাৰ দৰে এই সকলো সংস্কৃতিৰ আধাৰত বৃহ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে, অসমীয়া সংস্কৃতি বুলিলে এক উমৈহতীয়া সংস্কৃতি কথা বুজা যায়।


৫। অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকী নাম কি? মহাপুৰুষ গৰাকীয়ে অলমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি?

উত্তৰঃ অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰূপত গঢ়ি তোলা মহাপুৰুষ গৰাকী নাম হৈছে- শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ গৰাকীয়ে আগবঢ়োৱা অৱদানসমূহ হৈছে- অসমৰ সত্ৰসমূহ, নামঘৰ, বৰগীত, ভাওনা, সত্ৰীয়া নৃত্য আৰু তেওঁৰ সমূহ ৰচনাৰাজি।


৬। চমুটোকা লিখা-

(ক) উসৱ পাৰ্বণ (খ) বাদ্যযন্ত্ৰ (গ) নৃত্য-গীত (ঘ) ৰীতি-নীতি

উত্তৰঃ 
ৎসৱ-পাৰ্বণঃ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই উৎসৱ-পাৰ্বণ পালন কৰে। উৎসৱ-পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ ওপৰি ঐক্য আৰু সমন্বয় বজাই ৰাখে। অসমীয়া মানুহে পালন কৰা কিছুমান উৎসৱৰ নাম হ'ল- বিহু, মহাপুৰুষসকলৰ তিথি, সৰস্বতী পূজা, লক্ষ্মী পূজা, বিশ্বকৰ্মা পূজা আদি।

বাদ্যযন্ত্ৰঃ বাদ্যযন্ত্ৰ হৈছে নৃত্য-গীতৰ লগত ব্যৱহাৰ কৰা কিছুমান সজুলি। বাদ্যযন্ত্ৰই গীতৰ তাল-মান সুৰ বজাই ৰখাত সহায় কৰে। অসমত ব্যৱহৃত কিছুমান বাদ্যযন্ত্ৰ হৈছে- ঢোল, পেপাঁ, গগণা, তীল, দোতোৰা, টোকাৰী, বাঁহী আদি।

নৃত্য-গীতঃ নৃত্য-গীতে এটা জাতিৰ সংস্কৃতিৰ পৰিচয় দিয়ে। অসমীয়া সমাজৰ বিহু গীত আৰু বিহুনৃত্যই অসমীয়া সংস্কৃতিৰ পৰিচয় বহন কৰে। অসমত প্ৰচলিত আন কিছুমান নৃত্য-গীত হৈছে-দেওঁধনী নৃত্য, খেৰাই নৃত্য, বৰগীত, লোকগীত, মহখেদা গীত আদি।

ৰীতি-নীতিঃ সমাজ এখন সুচাৰুৰূপে চলিবলৈ মানি চলিব লগা নিয়মসমূহেই হৈছে নীতি। পৰম্পৰাগতভাৱে চলি অহা নীতিসমূহেই হৈছে ৰীতি। প্ৰত্যেক সমাজৰ নিজা নিজা ৰীতি-নীতি আছে।