পাঠ ৪

প্ৰাকৃতিক সম্পদ

১। উত্তৰ লিখা-

(ক) অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ  নাম লিখা।

উত্তৰঃ অসমৰ হাবিত পোৱা চাৰিবিধ মূল্যৱান উদ্ভিদৰ নাম হৈছে - চেগুন, শিশু, গমাৰী আৰু শাল।


(খ) বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম।

উত্তৰঃ বাৰিষাকালত খেতি কৰা চাৰিবিধ পাচলিৰ নাম - ভোল, জিকা,কোমোৰা আৰু লাউ ।


(গ) অসমৰ তিনিখন বিলৰ নাম লিখা ।

উত্তৰঃ অসমৰ তিনিখন বিলৰ নাম হৈছে- দীপৰ বিল, চানডুবি বিল, চামগুৰি বিল আদি।


(ঘ) অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম।

উত্তৰঃ অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দুটা উদ্যোগৰ নাম হৈছে - জুইখলা আৰু ৰেচম উদ্যোগ ।


(ঙ) বিলাতী মাটি প্ৰস্তত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদ বিধৰ নাম।

উত্তৰঃ বিলাতী মাটি প্ৰস্তত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদ বিধৰ নাম হৈছে- চূণশিল।


(চ) চূণশিলৰ পৰা প্ৰস্তত কৰা দুবিধ বস্তুৰ নাম লিখা।

উত্তৰঃ  চূণশিলৰ পৰা প্ৰস্তত কৰা দুবিধ বস্তুৰ নাম হৈছে- দাঁত ঘঁহা দ্ৰৱ্য আৰু চক পেঞ্চিল।


২। 'ক' অংশৰ লগত 'খ' অংশৰ মিলোৱা-

        'ক'                  -                'খ'

কাৰ্বি আংলঙত     -     চূণশিল পোৱা যায় ।

ডিগবৈত          -          তেল শোধনাগাৰ আছে । 

নাহৰকটীয়াত      -      খৰুৱা তেল পোৱা যায়।

মৰাণত            -            তৈলক্ষেত্ৰ আছে ।


৩। খালী ঠাই পূৰ কৰা-

(ক) প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়।

(খ) অসমৰ এশিঙীয়া গঁড় পৃথিৱী বিখ্যাত। 

(গ) ব্ৰক্ষপুত্ৰ নৈত পোৱা শিহু হ'ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী।

(ঘ) ভূ-পৃষ্ঠৰ পানী ভাগৰ দৰে ভূ - গৰ্ভৰ পানী ভাগো আমাৰ সম্পদ।

(ঙ) কয়লাৰ দৰে খাৰুৱা তেলো একপ্ৰকাৰ জীৱাশ্ম ইন্ধন।


৪। তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা-

(ক) তিতাচঁপা এবিধ কৃষিজাত উদ্ভিদ।

উত্তৰঃ তিতাচঁপা এবিধ উদ্ভিদ।


(খ) প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।

উত্তৰঃ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়।


(গ) নলখাগৰি, শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়।

উত্তৰঃ নলখাগৰি, শিশু আদি উদ্ভিদ নৈ আৰু উপনৈৰ দুয়োপাৰে পোৱা যায়।

(ঘ) শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।

উত্তৰঃ ভূ-গৰ্ভ আৰু শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়।


৫। খনিজ সম্পদক কিয় অনৱীকৰণক্ষম সম্পদ বোলে? 

উত্তৰঃ খনিজ সম্পদসমূহ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ তাক ব্যৱহাৰ কৰিব নোৱাৰি সেয়েহে ইয়াক অনৱীকৰণক্ষম সম্পদ বোলে।


৬। নৈ-উপনৈসমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ কি?

উত্তৰঃ মানুহে এঠাইৰ পৰকা আন ঠাইলৈ যাবলৈ জল পৰিবহন অৰ্থাৎ- নাওঁ, জাহাজ, ফেৰী আদি ব্যৱহাৰ কৰে। সেয়ে নৈ উপনৈ সমূহৰ ওচৰত জাহাজঘাট, ফেৰীঘাট গঢ়ি উঠে।


৭। চমুটোকা লিখা - কয়লা, খাৰুৱা তেল ।

উত্তৰঃ 

কয়লাঃ কয়লা ভূ-গৰ্ভৰ পৰা আহৰণ কৰা এবিধ খনিজ পদাৰ্থ। কয়লা এক অন্যতম প্ৰাকৃতিক ইন্ধন। অসমৰ বহু ঠাইত কয়লাখনি আছে। কয়লাখনিত কাম কৰি বহু মানুহে জীৱিকা নিৰ্বাহ কৰি আছে।


- Hiru Moni Bora