পাঠ ৮ 

জীৱন ধাৰণৰ প্ৰণালী


১। উত্তৰ লিখা—

(ক) গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীবিকা কি? তেওঁলােকে কি কি খেতি কৰে?

উত্তৰঃ গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে- কৃষি। তেওঁলোকে ধান, মৰাপাট, মাহ, সৰিয়হ, তিল, কুঁহিয়াৰ, আদি খেতি কৰে। 


(খ) চৰ অঞ্চলত বাস কৰা লােকসকলে কি কি খেতি কৰে?

উত্তৰঃ চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্য কৰে। চৰ অঞ্চলৰ মাটি পলসযুক্ত বালিচঁহীয়া হোৱা বাবে তাত খৰালি কালত প্ৰচুৰ পৰিমাণে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদিৰ খেতি কৰে।


(গ) জুম খেতি কাক বােলে ? এই কৃষি পদ্ধতিৰে কি কি খেতি কৰা হয় ?

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি কৰা খেতিক জুম খেতি বোলে। এই কৃষি পদ্ধতিৰে আহুধান, মাকৈ, তিল, আদা, হালধি আদি খেতি কৰা হয়।


(ঘ) নৈ পাৰৰ লােকসকলে কিদৰে জীৱন নির্বাহ কৰে?

উত্তৰঃ নৈৰ পাৰত বসবাস কৰা কিছু লোকে কৃষিকাৰ্যৰ লগতে মৎস্যজীৱি হিচাপে জীৱিকা নিৰ্বাহ কৰে।


(ঙ) চাহ বাগিচাৰ শ্ৰমিকসকলে কি কি কামৰ লগত জড়িত ?

উত্তৰঃ চাহ বাগিচাৰ শ্ৰমিকসকলে বাগানৰ কুমলীয়া পাত চিঙা, উদ্যোগলৈ বস্তু অনা নিয়া কৰা, যন্ত্ৰ পাতি চলোৱা আদি বিভিন্ন কামৰ লগত জড়িত।

 

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলােৱা-

'ক'     -     'খ'

প্রাকৃতিক দিশৰ পৰা অসম এখন - চহকী ৰাজ্য। 

অসমৰ ভৈয়াম আৰু পাহাৰ দুয়াে অঞ্চলত - চাহ বাগিচা দেখা যায়। 

আদিম মানুহ - অঘৰী জীৱন-যাপন কৰিছিল।

চৰ অঞ্চলত বসবাস কৰা লােকসকলে সাধাৰণতে - ৰবি শস্য কৰে।


৩। খালী ঠাই পূৰ কৰা— 

(ক) খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ  অভাৱ হয়।

(খ) ভৈয়াম অঞ্চলবােৰ সাধাৰণতে সমতল ভূমি।

(গ) পাহাৰ অঞ্চলৰ লােকসকলে সাধাৰণতে জুম খেতি কৰে।

(ঘ) অসমত পাহাৰ, ভৈয়াম দুয়াে ঠাইতে গাওঁ অঞ্চল আছে।

(ঙ) গাওঁ অঞ্চলৰ  লােকসকলে কুটীৰ শিল্পৰ লগত জড়িত হৈ থাকে।


৪। তলত দিয়া বাক্য কেইটাৰ পৰা অশুদ্ধবােৰ বাচি উলিয়াই শুদ্ধকৈ লিখা।

(ক) প্রাচীনকালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল।

উত্তৰঃ প্ৰাচীনকালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন যাপন কৰছিল।


(খ) উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লােকসকলৰ জীৱিকা নির্বাহৰ মূল উপায়।

উত্তৰঃ উদ্যোগ, চাকৰি, ব্যৱসায় আদি নগৰ অঞ্চলৰ লােকসকলৰ জীৱিকা নির্বাহৰ মূল উপায়।


(গ) নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যানবাহনৰ সংখ্যা কম ।

উত্তৰঃ নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যানবাহনৰ সংখ্যা কম ।


(ঘ) কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুলােকে চাকৰিজীৱি হিচাপে জীৱিকা নির্বাহ কৰে।

উত্তৰঃ কৃষিকৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছুলােকে চাকৰিজীৱি হিচাবে জীৱিকা নির্বাহ কৰে।


(ঙ) চৰ অঞ্চলত বসবাস কৰা লােকসকলে সাধাৰণতে ৰবি শস্য কৰে।

উত্তৰঃ  চৰ অঞ্চলত বসবাস কৰা লােকসকলে সাধাৰণতে ৰবি শস্য কৰে।


। জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল?

উত্তৰঃ আদিম যুগত আদিমবাসীসকলে খাদ্যৰ সন্ধানত অনাই-বনাই ঘুৰি-ফুৰোতে ঘটনাক্ৰমে দুটুকুৰা শিল ঘঁহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দোখিছিল। সেই ফিৰিঙতিয়ে শুকান ডাল-পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল। এইদৰেই জুই সৃষ্টি কৰিছিল।


৬। আদিম কালৰ মানুহে কি কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল?

উত্তৰঃ আদিম কালত মানুহে চিকাৰ কৰিবলৈ, খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ আৰু ছবি আঁকিবলৈ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল।


৭। পাৰ্থক্য লিখা- (ক) গাওঁ আৰু চহৰ (খ) ভৈয়াম আৰু পাহাৰ

উত্তৰঃ 

(ক) গাওঁ আৰু চহৰঃ গাওঁ আৰু চহৰৰ মাজত পাৰ্থক্য হৈছে- 

    গাওঁৰ মানুহৰ প্ৰধান জীৱিকা কৃষি। আনহাতে চহৰৰ মানুহৰ প্ৰধান জীৱিকা চাকৰি।

    গাওঁৰ জনবসতি পাতল। আনহাতে চহৰৰ জনবসতি ঘন।

    গাওঁৰ বাট-পথ যাতায়তৰ বাবে সূচল নহয়। আনহাতে চহৰৰ বাট-পথ যাতায়তৰ বাবে সূচল।

    গাওঁত যান-বাহনৰ সংখ্যা কম। আনহাতে চহৰত যান-বাহনৰ সংখ্যা বেছি।

    গাওঁত শিক্ষা-দীক্ষাৰ সুবিধা কম থাকে। আনহাতে চহৰত শিক্ষা-দীক্ষাৰ সুবিধা বেছি থাকে।


(খ) ভৈয়াম আৰু পাহাৰঃ ভৈয়াম আৰু পাহাৰৰ মাজত পাৰ্থক্য হৈছে-

    ভৈয়াম অঞ্চলৰ মাটি সমতল। আনহাতে পাহাৰ অঞ্চলৰ মাটি ওখ-চাপৰ।

    ভৈয়াম অঞ্চলত যাতায়তৰ বাবে বাট-পথৰ সুবিধা আছে। আনহাতে পাহাৰ অঞ্চলত যাতায়তৰ বাবে সুবিধাজনক বাট-পথৰ সুবিধা কম।

    ভৈয়াম অঞ্চলত খোৱা পানীৰ অভাৱ নহয়। আনহাতে পাহাৰত খৰালি কালত খোৱা পানীৰ অভাৱ হয়।

    ভৈয়াম অঞ্চলত জুম পদ্ধতিত খেতি নকৰে। আনহাতে পাহাৰ অঞ্চলত জুম পদ্ধতিৰে খেতি কৰে।


- Hiru Moni Bora