সংবিধান প্ৰস্ততকৰণ


১। তলত উল্লেখ কৰা কোনবিধ কাৰ্য সংবিধানৰ নহয়?

(ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্ৰদান কৰে।
(খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে।
(গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ ক্ষমতাবোৰ স্পষ্ট কৰি দিয়ে।
(ঘ) সংবিধানে কেতবোৰ মূল্যবোধৰ প্ৰকাশ কৰে।
উওৰ:-(খ)

২। তলত উল্লেখ কৰা কোনটো যুক্তিয়ে ভালদৰে প্ৰতিপন্ন কৰে যে সংসদতকৈ সংবিধানৰ কৰ্তৃত্ব উচ্চ ?
(ক) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল। 
(খ) সংবিধান ৰচকসকল সংসদৰ সদস্যতকৈ অধিক খ্যাতি সম্পন্ন নেতা।
(গ) সংসদৰ কেনেদৰে গঠিত হ'ব আৰু ইয়াৰ ক্ষমতাবোৰ কেনেধৰণৰ হ'ব সংবিধানে নিৰ্ধাৰণ কৰি দিয়ে।
(ঘ) সংসদে সংবিধান সংশোধন কৰিব নোৱাৰে।
উত্তৰ :- (গ)

৩। আমাৰ সংবিধানৰ প্ৰয়োজন কিয় ? 
উত্তৰ:- ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হ'লে প্ৰত্যেক ৰাষ্ট্ৰৰেই একোখন সংবিধান থকাটো অতিশয় প্ৰয়োজন।

৪। সংবিধানত সাধাৰণে নাগৰিকৰ অধিকাৰবোৰ লিপিবদ্ধ কৰা থাকে নে ?
উত্তৰ:- সংবিধানত সাধাৰণতে নাগৰিকৰ কেতবোৰ অধিকাৰ লিপিবদ্ধ কৰা থাকে,যিয়ে নাগৰিকৰ অধিকাৰবোৰ সুনিশ্চিত কৰে।

৫। সংবিধান যুক্তৰাষ্ট্ৰীয় শাসন ব্যবস্থাৰ বাবে কিয় প্ৰয়োজন?
উত্তৰ:- যুক্তৰাষ্ট্ৰীয় শাসন ব্যবস্থাত সংবিধান থকাটো নিতান্ত প্ৰয়োজন। কাৰণ এনেধৰণৰ শাসন ব্যবস্থাত থকা দুই ধৰণৰ চৰকাৰৰ মাজত ক্ষমতাক কেন্দ্ৰ কৰি সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। কিন্তু এনে সংঘাতবোৰ সংবিধানৰ জৰিয়তে মীমাংসা কৰাৰ উপৰিও চৰকাৰ সমূহৰ ক্ষমতাৰ বিভাজন কৰাৰ ফলত সংঘাতৰ আশংকাও যথেষ্ট কম হয়।

৬। সংবিধানে নাগৰিকৰ মৌলিক পৰিচয়টো নিশ্চিত কৰে নে?
উত্তৰ:- সংবিধানে নাগৰিকৰ মৌলিক পৰিচয়টো নিশ্চিত কৰে।

৭। সংবিধানে চৰকাৰৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিয়ে নে ?
উত্তৰ:- সংবিধানে চৰকাৰৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সীমিবদ্ধতা আনি দিয়ে।

৮। ভাৰতবৰ্ষৰ সংবিধানখন কোনে প্ৰণয়ন কৰিছিল ?
উত্তৰ:- ভাৰতবৰ্ষৰ সংবিধানখন সংবিধান সভাই প্ৰণয়ন কৰিছিল।

৯। দেশ বিভাজনৰ ফলশ্ৰুতিত সংবিধান সভাৰ কাৰ্যত ব্যাঘাত জন্মিছিল নে ?
উত্তৰ:- দেশ বিভাজনৰ ফলশ্ৰুতিত সংবিধান সভাৰ কাৰ্যত ব্যাঘাত জন্মিছিল।

১০। "কেবিনেট মিশ্বন" ভাৰতবৰ্ষত কোন চনত আহিছিল ?
উত্তৰ:- "কেবিনেট মিশ্বন" ভাৰতবৰ্ষত ১৯৪৬ চনত আহিছিল।

১১। "ভাৰতৰ স্বাধীনতা আইন,১৯৪৭"কোন সংসদত গৃহীত হৈছিল ?
উত্তৰ:- "ভাৰতৰ স্বাধীনতা আইন,১৯৪৭" বৃটিছ সংসদত গৃহীত হৈছিল।

১২। মুছলিম লীগৰ নেতাজনৰ নাম কি ?
উত্তৰ:- মুছলিম লীগৰ নেতাজনৰ নাম হ'ল মি: জিন্না।

১৩। সংবিধান সভাৰ সভাপতিজনৰ নাম কি ?
উত্তৰ:- সংবিধান সভাৰ সভাপতিজনৰ নাম হ'ল ড° ৰাজেন্দ্ৰ প্ৰসাদ।

১৪। ভাৰতৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকৰী হৈছিল ?
উত্তৰ:- ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল।

১৫। ভাৰতবৰ্ষৰ সংবিধানৰ উৎস এটা উল্লেখ কৰা।
উত্তৰ:- ভাৰতবৰ্ষৰ সংবিধানৰ উৎস এটা হ'ল বৃটিছ সংবিধান।

১৬। ভাৰতবৰ্ষ বিভাজনৰ মূল নায়ক কোন ?
উত্তৰ:- ভাৰতবৰ্ষ বিভাজনৰ মূল নায়ক হ'ল লৰ্ড মাউণ্টবেটেন ।

*চমু উত্তৰৰ প্ৰশ্ন:
১। সংবিধানৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰ:- ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ হ'লে প্ৰত্যেক ৰাষ্ট্ৰৰ একোখন সংবিধান থকাটো অতিশয় প্ৰয়োজন। ৰাষ্ট্ৰ এখনত গণতন্ত্ৰক জীয়াই ৰাখিবলৈ হ'লেও ৰাষ্ট্ৰখনৰ বাবে এখন সংবিধানৰ প্ৰয়োজন হয়। সংবিধান হ'ল এখন লিখিত দলিল। সংবিধানত চৰকাৰৰ ক্ষমতাবোৰ লিপিবদ্ধ কৰা থাকে। সংবিধানে প্ৰদত্ত কৰা ক্ষমতাৰ বাহিৰত চৰকাৰে আন কোনো ক্ষমতা প্ৰয়োগ কৰিব নোৱাৰে আৰু তেনে কৰিলে ন্যায়লয়ে অ-সাংবিধানিক বুলি ঘোষণা কৰি চৰকাৰক নিয়ন্ত্ৰণ কৰিব পাৰে।সংবিধানে চৰকাৰৰ স্বৈৰাচাৰিতাক নিয়ন্ত্ৰণ কৰি জনসাধাৰণক অধিকাৰ ৰক্ষা কৰে।

২। সংবিধানে সমন্বয় আৰু প্ৰতিশ্ৰুতিক অনুমোদন দিয়ে।ব্যাখ্যা কৰা।
উত্তৰ:- সংবিধানৰ প্ৰথম কাৰ্য হ'ল,ই মৌলিক নীতি নিৰ্ধাৰণ কৰি দিয়ে, যি নীতিৰ জৰিয়তে ৰাষ্ট্ৰ এখনৰ সকলো শ্ৰেণীৰ লোকৰ মাজত নূন্যতম সমন্বয় স্থাপন হয়। ৰাষ্ট্ৰৰ প্ৰত্যেকজন মানুহে কেতবোৰ মৌলিক নীতি-নিয়মৰ ক্ষেত্ৰত উমৈহতীয়া সন্মতি দিব লাগিব।তাৰোপৰি সকলোৱে সেইবোৰ মানি চলাতো বাধ্যতামূলক আৰু কোনোবাই অমান্য কৰিলে শাস্তি বিহা হ'ব লাগিব। এনেবোৰ প্ৰতিশ্ৰুতি সংবিধানৰ জৰিয়তে দিব পাৰিলে ৰাষ্ট্ৰ এখনত সমন্বয় স্থাপন কৰিব পৰা যায়।

৩। সংবিধানে চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আনে।ব্যাখ্যা কৰা।
উত্তৰ:- সংবিধানে চৰকাৰৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত সীমাবদ্ধতা আনি দিয়ে। গতিকে চৰকাৰে কেতিয়াও ইয়াৰ সীমা চেৰাই গৈ নাগৰিকৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে। সংবিধানে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰে। সংবিধানে আইন প্ৰণয়ন বা নীতি গ্ৰহণৰ ক্ষেত্ৰত কোনো এটা নিৰ্দ্দিষ্ট কৰ্তৃপক্ষক অধিক ক্ষমতা প্ৰদান কৰিলেও, ই ক্ষমতাৰ সীমাৰেখা চেৰাই যাব নোৱাৰিব। কৰ্তৃপক্ষই এনে আইন প্ৰস্তত কৰিব নোৱাৰিব, যি আাইনে জনসাধাৰণক ক্ষতিগ্ৰস্ত কৰিব।

৪। সংবিধানে সমাজ এখনৰ আশা-আকাংক্ষা কেনেদৰে পূৰণ কৰে ? 
উত্তৰ:- সংবিধানে সমাজৰ আশা-আকাংক্ষাসমূহ বাস্তবায়িত কৰাত সক্ষম কৰি তোলে আৰু এখন ন্যায্য সমাজ গঢ়াৰ বাতাৱৰণ সৃষ্টি কৰি দিয়ে। সমাজৰ আশা-আকাংক্ষাসমূহ পূৰণৰ উদ্দেশ্যে সংবিধানে কেতবোৰ সকাৰাত্মক কাৰ্য গ্ৰহণৰ বাবে ক্ষমতা প্ৰদান কৰিছে। যেনে-সমাজৰ পৰা অ-সমতা,জাতিগত বৈষম্যমূলক আচৰণ দূৰ কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে।তাৰোপৰি সমাজত বসবাস কৰা লোকৰ নূন্যতম মৰ্য্যদা আৰু আত্মসন্মান সহকাৰে জীৱনধাৰণৰ উদ্দেশ্যে সংবিধানে কেতবোৰ আঁচনি গ্ৰহণৰ বাবে পদক্ষেপ ল'বৰ কাৰণে নিৰ্দ্দেশ দিছে।

৫।সংবিধান সভাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- ভাৰতবৰ্ষৰ বাবে সংবিধান এখন ৰচনা কৰাৰ দায়িত্ব "সংবিধান সভা"ৰ ওপৰত ন্যস্ত কৰা হৈছিল। কেবিনেট মিশ্বনৰ আঁচনি অনুসৰি ১৯৪৬চনৰ মে' মাহত সংবিধান সভা গঠনৰ প্ৰস্তুতি আৰম্ভ হৈছিল। ১৯৪৬চনৰ২৬নবেম্বৰত সংবিধানখন চূড়ান্তভাৱে গ্ৰহণ কৰাৰ সময়ত সংবিধান সভাৰ ২৮৪জন সদস্য উপস্থিত থাকি স্বাক্ষৰ দান কৰিছিল। এই সভাৰ সভাপতি আছিল ড° ৰাজেন্দ্ৰ প্ৰসাদ।আনহাতে এই সভাৰ খচৰা কমিটিৰ সভাপতি আছিল ড° বি আৰ আম্বেদকাৰ।

৬।জৱাহৰলাল নেহৰুৰ "উদ্দেশ্য সম্বলিত প্ৰস্তাৱ"যিকোনো তিনিটা নীতি উল্লেখ কৰা।
উত্তৰ:- জৱাহৰলাল নেহৰুৰ "উদ্দেশ্য সম্বলিত প্ৰস্তাৱ" যিকোনো তিনিটা নীতি তলত উল্লেখ কৰা হ'ল- 
 ১। ভাৰতবৰ্ষক এখন স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতৰ শাসন-ব্যৱস্থা ৰ কাৰণে এখন সংবিধান প্ৰণয়ন কৰা।
 ২। সংখ্যালঘু,অনুন্নত আৰু জনজাতি লোকসকল তথা অনগ্ৰসৰ আৰু অন্যান্য পিচপৰা শ্ৰেণীভুক্তলোকৰ প্ৰতি সুৰক্ষা প্ৰদান কৰা হ'ব।
 ৩। সাৰ্বভৌম স্বাধীন ভাৰতবৰ্ষ,ইয়াৰ অংগ ৰাজ্যসমূহ আৰু চৰকাৰৰ অংগসমূহে ক্ষমতা আৰু কৰ্তৃত্ব জনসাধাৰণৰ পৰা লাভ কৰিব।

৭। ইংলেণ্ডৰ সংবিধানক অনুসৰণ কৰি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা তিনিটা নীতি উল্লেখ কৰা।
উত্তৰ:-ইংলেণ্ডৰ সংবিধানক অনুসৰণ কৰি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা তিনিটা নীতি হ'ল- 
   ১। সংসদীয় প্ৰথাৰ চৰকাৰ।
  ২। আইনৰ অনুশাসনৰ ধাৰণা।
  ৩। আইন প্ৰণয়নৰ পদ্ধতি।

৮। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা দুটা নীতি উল্লেখ কৰা।
উত্তৰ:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা দুটা নীতি হ'ল-
    ১। মৌলিক অধিকাৰ।
   ২। ন্যায়পালিকাৰ স্বাধীনতা আৰু ন্যায়িক সমীক্ষা।

৯। আয়াৰলেণ্ডৰ সংবিধানৰ পৰা কোনটো নীতি ধাৰ কৰি আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ:-আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ধাৰ কৰি আনি ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নীতিটো হৈছে- ৰাষ্ট্ৰৰ নিৰ্দ্দেশাত্মক নীতি।

১০। ভাৰতৰ সংবিধানত কানাডাৰ কোনবোৰ নীতি সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰ:-ভাৰতৰ সংবিধানত কানাডাৰ পৰা সন্নিবিষ্ট কৰা নীতিসমূহ হ'ল-
 ১। অৰ্দ্ধ-যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা।
 ২। শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা।
 ৩। অৱশিষ্ট ক্ষমতাৰ ধাৰণা।

১১। ফ্ৰান্সৰ সংবিধানৰ কোনবোৰ নীতি ভাৰতৰ সংবিধানত সন্মিবিষ্ট কৰা হৈছে ?
উত্তৰ:- ফ্ৰান্সৰ সংবিধানৰ পৰা ভাৰতৰ সংবিধানত সন্নিবিষ্ট কৰা নীতি হৈছে- স্বাধীনতা,সমতা আৰু ভাতৃত্ববোধ।

১২। সংবিধান সভাৰ কাৰ্যত দেশ বিভাজনে কেনেদৰে প্ৰভাৱ পেলাইছিল চমুকৈ লিখা।
উত্তৰ:- সংবিধান সভাৰ কাৰ্যত দেশবিভাজনে বাৰুকৈপ্ৰভাৱ পেলাইছিল। বিভিন্ন অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হৈছিল। সংবিধান সভাৰ গঠনতো সালসলনি ঘটাবলগীয়া হৈছিল। দেশ বিভাজনৰ ফলত পাকিস্তানৰ অৰ্ন্তুভুক্ত ৰাজ্যক্ষেত্ৰৰ পৰা নিৰ্বাচিতহ'বলগীয়া সদস্যবোৰ বাদ দি ১৯৪৭চনৰ ৩১ডিচেম্বৰত চূড়ান্তভাৱে লোৱা সিদ্ধান্ত অনুসৰি প্ৰদেশবোৰৰ পৰা নিৰ্বাচনকৰিবলগীয়া সদস্য সংখ্যা ২২৯ জনলৈ হ্ৰাস হৈছিল। সমগ্ৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িক সংঘৰ্ষই দেখা দিছিল, হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও চৰকাৰী আৰু বেচৰকাৰী সা-সম্পত্তিৰ ক্ষতি হৈছিল। এই পৰিস্থিতিবোৰে সংবিধান সভাৰ কামত যথেষ্ট ব্যাঘাত জন্মাইছিল। এনেদৰেই দেশ বিভাজনে সংবিধান সভাৰ কাৰ্যত প্ৰভাৱ পেলাইছিল।

১৩।ভাৰতৰ সংবিধানৰ তিনিটা উৎস লিখা ।
উত্তৰ:- ভাৰতৰ সংবিধানৰ তিনিটা উৎস হ'ল-
 ১। ভাৰত চৰকাৰৰ আইন:-ভাৰত চৰকাৰৰ আইন১৯৩৫ ত থকা ক্ষমতাৰ বিভাজন, যুক্তৰাষ্ট্ৰীয়, স্বায়ত্বশাসন, জৰুৰীকালীন ক্ষমতা,ৰাজ্যত দ্বি সদনীয় বিধানমণ্ডলৰ নীতিবোৰ ভাৰতবৰ্ষৰ সংবিধান ৰচোতাসকলে সন্নিবিষ্ট কৰিছিল।
 ২। বৃটিছ সংবিধান:-সংবিধান প্ৰণেতাসকলে বৃটিছ সংসদীয় শাসন ব্যবস্থাক অনুকৰণ কৰি ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহত সংসদীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ভাৰতৰ সংসদীয় শাসন ব্যৱস্থা বৃটিছ সংবিধানৰ প্ৰত্যক্ষ প্ৰভাৱ বুলি ক'ব পাৰি।
 ৩। স্বাধীনতা আন্দোলন:-ভাৰতবৰ্ষৰ?সংবিধানৰ ওপৰত স্বাধীনতা আন্দোলনৰ প্ৰভাৱ যথেষ্ট দেখিবলৈ পোৱা যায়। পণ্ডিত জৱাহৰলাল নেহৰুৰ "উদ্দেশ্য সম্ভলিত প্ৰস্তাৱ"টো ভাৰতীয় সংবিধান ৰচনা কৰাৰ মূল আধাৰ হিচাপে গ্ৰহণ কৰিছিল। তদুপৰি স্বাধীনতা আন্দোলনৰ হোঁতাসকলে বৃটিছ চৰকাৰৰ পৰা দাবী কৰা সমতা, নাগৰিকৰ স্বাধীনতা, ধৰ্মনিৰপেক্ষতা আদিয়েও নতুন সংবিধানখনত স্থান পাইছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)