Chapter 2

                                  STAGES OF HUMAN DEVELOPMENT

                                            (মানৱৰ বিকাশৰ স্তৰ)

 A. Very short Type Questions:

1. অপৰাধ প্ৰৱণতা  মানুহৰ বুদ্ধি আৰু বিকাশৰ কোনটো স্তৰৰ সমস্য় ?

(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ   অপৰাধ প্ৰৱণতা  মানুহৰ বুদ্ধি আৰু বিকাশৰ কৈশোৰ কালৰ সমস্য়  ।

2. যৌথ প্ৰবৃত্তি শৈশব কালত / বাল্য়কালত /বয়ঃসন্ধিকালত বিকাশ হয়।

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ যৌথ প্ৰবৃত্তি বাল্য কালত বিকাশ হয়। 

3. প্ৰশ্ন সোধা কালছোৱাই শৈশৱকালৰ/বয়ঃসন্ধি কালৰ / প্ৰাপ্ত বয়স্কসকলৰ বৌদ্ধিক বিকাশৰ কথাকেই সূচায়।

( এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ প্ৰশ্ন সোধা কালছোৱাই শৈশৱকালৰ বৌদ্ধিক বিকাশৰ কথাকেই সূচায় ।

4. মানৱ জীৱনৰ জন্ম প্ৰথম পাঁছ বছৰ কালক নৱজাতক / পূৰ্ব বাল্যকাল / শৈশৱকাল বোলা হয় 

( এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ মানৱ  জীৱনৰ জন্ম প্ৰথম পাঁছ বছৰ কালক শৈশৱকাল বোলা হয়।

5. বহিমুখিতা শৈশৱ / বাল্য / বয়ঃসন্ধিকালৰ এটা বৈশিষ্ট্য।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ বৰ্হিমুখিতা বাল্য  কালৰ এটা বৈশিষ্ট্য।

6. দলানুগত্য হ'ল শিশুসকলৰ / বাল্যকালৰ / প্ৰাপ্তবয়স্ক কালৰ এটা বৈশিষ্ট্য।

( এই প্ৰশ্নটো 2000 চনত আৰু 2003 চনত আহিছিল।

উত্তৰঃ দলীয় আনুগত্য হ'ল শিশুসকলৰ  বাল্যকালৰ এটা বৈশিষ্ট্য। 

7. পৰনিৰ্ভৰ-শীলতা শৈশৱকালৰ  / বাল্যকালৰ  / প্ৰাপ্তবয়স্ক কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।

( এই প্ৰশ্নটো 2001 চনত আহিছিল।

উত্তৰঃপৰনিৰ্ভৰ-শীলতা শৈশৱকালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।

8. বীৰ পূজা শৈশৱ / বাল্যকালৰ / বয়ঃসন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।

( এই প্ৰশ্নটো  2001 চনত আহিছিল )

উত্তৰঃ বীৰ পূজা বয়ঃসন্ধি কালৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এটা।

9. ইন্দ্ৰিয় অনুশীলনীৰ প্ৰশিক্ষণ বয়ঃসন্ধিকাল / বাল্যকাল / শৈশৱকালত দিয়া উচিত।

(এই প্ৰশ্নটো 2003 চনত আহিছিল )

উত্তৰঃ ইন্দ্ৰিয় অনুশীলনীৰ প্ৰশিক্ষণ  শৈশৱকালত দিয়া উচিত।

10. বয়ঃসন্ধিকাল হ'ল স্বৰ-ৰতিমূলক / অপৰাধ প্ৰৱণতাৰ / ধুমুহা আৰু পীড়নৰ কাল।

( এই প্ৰশ্নটো 2000 চনত আহগিছিল

উত্তৰঃ বয়ঃসন্ধিকাল হ'ল  ধুমুহা আৰু পীড়নৰ কাল।

B. Fill in the Blank. খালী ঠাই পূৰ কৰা।

(1) বীৰ পূজা হ'ল                 কালৰ বৈশিষ্ট্য। 

(এই প্ৰশ্নটো 2018 আহিছিল )

উত্তৰঃ- বীৰ পূজা হ'ল  কৈশোৰ কালৰ বৈশিষ্ট্য।

(2) সমকামিতা হ'ল         কালৰ বৈশিষ্ট্য।

 ( এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃসমকামিতা হ'ল  বাল্য  কালৰ বৈশিষ্ট্য।

(3) প্ৰথমিক বিদ্যালয়ত শিশুসকলৰ নাম ভৰ্তিৰ বয়স হ'ল                  বছৰ।

( এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃপ্ৰথমিক বিদ্যালয়ত শিশুসকলৰ নাম ভৰ্তিৰ বয়স হ'ল      ৬      বছৰ।

(4)                 মণ্টেছৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল।

( এই প্ৰশ্নটো 2002 চনত আহিছিল )

উত্তৰঃ মাৰিয়া  মণ্টেছৰী    মণ্টেছৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল।

(5) অপৰাধ প্ৰৱণতা                   কালৰ এটা সমস্যা।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা সমস্যা।

C. Short Question Answer- 

( 1) 'কৈশোৰকাল ধুমুহা আৰু পীড়নৰ সময়'- এই কথাষাৰ কোনে কৈছিল ?

( এই প্ৰশ্নটো 1999 চনত আহিছিল )

উত্তৰঃ 'কৈশোৰকাল ধুমুহা আৰু পীড়নৰ সময়'- এই কথাষাৰ ষ্টেনলি হ'লে কৈছিল।

(2) কৈশোৰকালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত ?

( এই প্ৰশ্নটো 2008 চনত আহিছিল )

উত্তৰঃ কৈশোৰকালৰ লগত শিক্ষাৰ মাধ্যমিক স্তৰ টো জৰিত হৈ আছে।

(3) এটি সাধাৰণ বা গড় শিশু বুদ্ধ্যংক কিমান ?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃএটি সাধাৰণ বা গড় শিশু বুদ্ধ্যংক 90- 110  ভিতৰত হয় ।

(4) বাল্যকালৰ লগত শিক্ষাৰ কোনটো স্তৰ জড়িত ?

( এই প্ৰশ্নটো 2005 চনত আহিছিল )

উত্তৰঃ বাল্যকালৰ লগত শিক্ষাৰ  প্ৰাথমিক  স্তৰ জড়িত ।

(5) কোনে প্ৰাক-প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ? 

( এই প্ৰশ্নটো 2004 চনত আহিছিল )

উত্তৰঃ মাৰিয়া মণ্টেছৰী প্ৰাক-প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিল ।

(6) ইন্দ্ৰিয় অনুশীলনৰ মুখ্য পৃষ্ঠপোষক কোন আছিল ?

( এই প্ৰশ্নটো 2004 চনত আহিছিল )

উত্তৰঃ মাৰিয়া মণ্টেছৰী ইন্দ্ৰিয় অনুশীলনৰ মুখ্য পৃষ্ঠপোষক আছিল ।

D. Short Type Questions.

(1) বয়ঃ সন্ধি কালৰ তিনিটা বৈশিষ্ট্য লিখা।

( এই প্ৰশ্নটো 2005 চনত আহিছিল )   

উত্তৰঃ বয়ঃ সন্ধি কালৰ তিনিটা বৈশিষ্ট্য হল -

(a) বয়ঃ সন্ধি কালৰ  ক্ষিপ্ৰ ভাবে দৈহিক আৰু মানসিক বিকাশ হয়। দেহৰ আকাৰ আকৃতি, উচ্চতা , ওজন আদি বৃদ্ধি হোৱা পৰিলক্ষিত হয় লগতে শিশু সকলৰ মস্তিষ্ক ৰ গঠন  প্ৰায় সম্পূৰ্ণ আৰু পৰিপক্ক হৈ উঠে। 

(b) বয়ঃ সন্ধি কালৰ বিপৰীত লিংগকমিতা হোৱা হোৱা দেখা যায় । কিশোৰ- কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হয়।

(c) বয়ঃ সন্ধি কাল ত বীৰ পূজাৰ  প্ৰবণতা লক্ষ্য কৰা যায়। কিশোৰ- কিশোৰীয়ে নিজৰ ভাল লগা কোনো বীৰ- বিৰংগনা , নায়ক- নায়িকাক জীৱনৰ আদৰ্শ হিচাপে বাচি লয়।

(2) বাল্যকাল বুলিলে কাক বুজা ?

( এই প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল  আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল  আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল  হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক "বিদ্যালয় শিক্ষাৰ  বয়স " বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।  বাল্যকাল ত  শিশু দৈহিক, বৌদ্ধিক, আৰু সামাজিক বিকাশ সম্ভব হৈ উঠে। বৰ্হিমুখিতা বাল্য  কালৰ এটা বৈশিষ্ট্য। বাল্যকাল ত শিশু ক্ৰীড়া প্ৰৱণতা হোৱা দেখা যায়। 

(3) বয়ঃসন্ধিকালৰ ল'ৰা-ছোৱালীসকলৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা সম্পৰ্কে লিখা।

( এই প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ বয়ঃসন্ধিকালৰ ল'ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । সেয়েহে এই স্তৰত হোৱা পৰিবৰ্তন বোৰৰ বাবে  লৰা ছোৱালী বোৰে বিভিন্ন পৰিস্থিতি আৰু সমস্যাৰ সন্মুখীন হৈ পৰে। সেইবাবে এই সময়ত ল'ৰা-ছোৱালীসকলৰ প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। 

(a) কিশোৰ- কিশোৰী সকলৰ  হোৱা দৈহিক পৰিবৰ্তনৰ বিষয়ে পিতৃ আৰু মাতৃয়ে তেওঁলোকক অৱগত কৰাব লাগে। যাতে দৈহিক পৰিবৰ্তন বোৰ ভালকে বুজি উঠি নিজকে সকলো পৰিস্থিতিত সমাযোজন কৰি তুলিব পাৰে।

(b) কৈশোৰ কালত এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে যৌন সমস্যা। যৌন উদ্দীপনা ৰ বাবে কিশোৰ সকলে  নিজৰ আবেগ বোৰ নিয়ন্ত্ৰণ কৰিব পৰা কৈ উচিত জ্ঞান আৰু শিক্ষা ল'ৰা-ছোৱালীসকলক প্ৰতি পিতৃ-মাতৃ আৰু শিক্ষকসকলে দিব লাগে।

(c)অৱসৰ সময়  বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাথাকিলে  তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰে এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়। সেয়েহে পিতৃ-মাতৃ আৰু শিক্ষকসকলে অৱসৰ সময়ৰ উপযুক্ত ব্যবহাৰৰ শিক্ষা  দিব লাগে।

(4) শৈশৱকালৰ দুটা মনো-দৈহিক প্ৰয়োজন উল্লেখ কৰা।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ শৈশৱকালৰ দুটা মনো-দৈহিক প্ৰয়োজন হল -

(a) দৈহিক আদৰ- যত্নৰ প্ৰয়োজন - মানুহ জীৱ শ্ৰেষ্ঠ প্ৰাণী হলেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে । মানৱ শিশু দৈহিক ভাবে  পৰনিৰ্ভৰশিল বাবে দৈহিক আদৰ যত্নৰ প্ৰয়োজন । শিশুৰ খোৱা- পিন্ধা , স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক - দেউতাক বা পৰিয়ালৰ আন লোক সকলে যত্ন কৰিব লগা হয় । দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম ।

(b) মৰমৰ প্ৰয়োজন - শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । মনলৈ সাহস আহে। মৰমৰ অভাৱ হলে শিশু সকল কেতিয়াবা মানসিক ৰোগী বা অপৰাধী ব্যক্তি ত পৰিণত হ'ব পাৰে। 

(5) বাল্যকাল বুলিলে তুমি কি বুজা ?

( এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল  আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল  আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল  হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক "বিদ্যালয় শিক্ষাৰ  বয়স " বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।  বাল্যকাল ত  শিশু দৈহিক, বৌদ্ধিক, আৰু সামাজিক বিকাশ সম্ভব হৈ উঠে। বৰ্হিমুখিতা বাল্য  কালৰ এটা বৈশিষ্ট্য। বাল্যকাল ত শিশু ক্ৰীড়া প্ৰৱণতা হোৱা দেখা যায়। 

(6) বাল্যকালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

( এই প্ৰশ্নটো 2009 চনত আহিছিল )

উত্তৰঃবাল্যকালৰ দুটা বৈশিষ্ট্য হল -

(a) দৈহিক বিকাশ - এই সময়ত শিশুৰ দৈহিক বিকাশৰ গতি শৈশৱৰ তুলনাত কিছু মন্থৰ হয় যদিও বাল্যকালৰ শেষৰ চোৱাত অৰ্থাৎ 11/12 বছৰ বয়সত পুনৰ ক্ষিপ্ৰ গতিত দৈহিক বিকাশ হয়। উচ্চতা আৰু  ওজন বাঢ়ে । দৌৰা - জপিওৱা আদি ‌ খেলাৰ যোগেদি আনন্দ লাভ কৰে। 

(b) শিক্ষা আহৰণৰ ক্ষমতা - বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । 

(7) শৈশৱকালৰ দুটা শৈশিক ব্যৱস্থা লিখা।

( এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ শৈশৱকালৰ দুটা শৈশিক ব্যৱস্থা হ'ল -

(a) শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি দৃষ্টি প্ৰদান কৰিব লাগে । শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে। 

(b) পিতৃ- মাতৃ আৰু শিক্ষক সকলে শিশুৰ বাবে লাগতিয়াল যত্ন লব লাগে যাতে শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক নৈতিক দিশৰ উন্নতি হয়।

(8) দলৰ প্ৰতি আনুগত্য মানে কি?

( এই প্ৰশ্নটো 2000 চনত আহিছিল )

উত্তৰঃ দলৰ প্ৰতি আনুগত্য  বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক ‌মনোভাবৰ সৃষ্টি কৰে। 

(9) শৈশৱকালৰ  দুটা মনো-দৈহিক প্ৰয়োজনীয় উল্লেখ কৰা।

( এই প্ৰশ্নটো 2015 চনত আহিছিল )

উত্তৰঃ শৈশৱকালৰ  দুটা মনো-দৈহিক প্ৰয়োজন হল -

(a) নিৰাপত্তাৰ প্ৰয়োজন - শিশু ই  পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিক ভাবে নিজকে নিৰাপদ বুলি ভাবে । বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় সহানুভূতি বিচাৰে ।সহায় সহানুভূতি ৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু ‌সাহস বৃদ্ধি হয়।

(b) কৌতুহল  পূৰণৰ প্ৰয়োজন - শিশু কৌতুহলী মনৰ হোৱা বাবে তাৰ চাৰিওফালৰ বিভিন্ন বস্তু , বিষয়,  পৰিস্থিতি আদিক জানিবলৈ ব্যগ্ৰ হৈ পৰে। এই ক্ষেত্ৰত শিশু ই ডাঙৰক‌ নানা‌ প্ৰশ্ন সুধি ব্যাতি ব্যস্ত কৰি তোলে। ডাঙৰেও ধৈয্য সহকাৰে শিশুৰ কৌতুহল পূৰণ কৰিব লাগে। কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ ত সহায় কৰে। 

(10) অনুকৰণ প্ৰিয়তা কি?

( এই প্ৰশ্নটো 2001 চনত আহিছিল )

উত্তৰঃ  অনুকৰণ প্ৰিয়তা হৈছে শৈশৱ কালৰ এটা  গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য । শিশু অনুকৰণ প্ৰিয়। এই।  অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ - মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা শিকে । সকলো কথাতে শিশুৱে ‌ডাঙৰক অনুসৰণ কৰে। শিশুৱে পৰিয়ালৰ সদস্য সকলক অনুসৰণ কৰি তেওঁলোকৰ আচাৰ ব্যৱহাৰ শিকি উঠে। সেয়েহে শিশুৰ বিকাশ সম্পূৰ্ণ পিতৃ - মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ ওপৰত নিৰ্ভৰ কৰে। 

(11) ক্ৰীড়া-প্ৰৱতণতা মানে কি?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী‌ শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে। বাল্যকালত শিশুৰ খেলা ধূলা ৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায় বাবে বৰ্তমান  শিক্ষা ৰ ক্ষেত্ৰত শিশু সকলক খেলৰ জৰিয়তে শিক্ষা প্ৰদান ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(12) শৈশৱকালৰ দৈহিক বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা।

( এই প্ৰশ্নটো 2001 চনত আৰু 2008 চনত আহিছিল )

উত্তৰঃ শৈশৱকালৰ দৈহিক বিকাশৰ তিনিটা বৈশিষ্ট্য হল -

(a) দ্ৰুত দৈহিক বিকাশ - জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰথম পাঁচ মাহতে দুগুনলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰতে ই তিনিগুণ হৈ উঠে । দেহৰ উচ্চতা বাঢ়ে। এবছৰৰ ভিতৰতে দুয়ো পাৰি দাত গজিবলৈ ধৰে। জন্মৰ পিছ ৰ পৰা অংগ সঞ্চালন ক্ষমতা  বৃদ্ধি হব লৈ ধৰে ।

(b) ভাষাৰ বিকাশ - জন্মৰ  প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ। মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়।  পিছলৈ এই বোৰ উচ্চাৰনেই শব্দ আৰু ভাষাত পৰিণত হয়। এবছৰ পিছৰ পৰাই দুই এটা শব্দ শুনা যায়। পাঁচ বছৰ বয়সৰ ভিতৰত কথিত ভাষা আয়ত্ত কৰিব শিকে। সাধাৰণতে শিশুৱে পিতৃ আৰু মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যৰ মাত কথা শুনি ভাষা আয়ত্ব কৰে। 

(c) কৌতূহল প্ৰবণতা - শৈশৱ কালৰ এটা বৈশিষ্ট্য হৈছে কৌতূহল প্ৰবণতা । শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনেৰে সিঁহতে বহুতো যুক্তি আৰু অযুক্তি কৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। শৈশবৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়।

(13) বাল্যকালৰ শিক্ষাৰ দুটা ব্যৱস্থা লিখা।

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃবাল্যকালৰ শিক্ষাৰ দুটা ব্যৱস্থা হল -

(a) বাল্য কালত শিশু বাস্তৱ বাদী আৰু বহি মূৰ্খী  হয় । গতিকে শিক্ষা ব্যবস্থা ত বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে। সেয়েহে কামৰ  মাজেদি শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে। 

(b) দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগত ভাৱে খেলা ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে । ই শিশুৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে। 

(14) কৈশোৰ কালৰ দুটা সমস্যা উল্লেখ কৰা।

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ কৈশোৰ কালৰ দুটা সমস্যা হল -

(a) যৌন সমস্যা - কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা  জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়। 

(b) অৱসৰ সময়ৰ সমস্যা - অৱসৰ সময়  বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।

(15) বয়ঃসন্ধি কালৰ শাৰীৰিক বিকাশৰ বিষয়ে চমুকৈ লিখা।

(এই প্ৰশ্নটো 2002 চনচ আহিছিল)

উত্তৰঃ বয়ঃ সন্ধি কালৰ শাৰীৰিক বিকাশ ক্ষীপ্ৰ হয় । যৌৱনৰ আৰম্ভনিতে দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থি সমূহ সক্ৰিয় হৈ উঠে। ফলত নানা দৈহিক পৰিবৰ্তনে দেখা দিয়ে। দেহৰ আকাৰ, ওজন, উচ্চতা আদি বৃদ্ধি হোৱা পৰিলক্ষিত হয়। দেহৰ মাংসপেশী আৰু অস্থিসমূহ শকত আৰু পূৰঠ হয়। লৰা আৰু ছোৱালীৰ দেহ গঠন আৰু যোগ্যতাৰ পাৰ্থক্য দেখা যায়। লৰাৰ মাংসপেশী শক্তিশালী আৰু কৰ্মক্ষম হৈ উঠে। স্বৰধ্বনি কঠিন, কৰ্কশ আৰু গভীৰ হয়। মুখত দাড়ি - গোফ গজে । ছোৱালীৰ মাংসপেশী নিমজ আৰু কোমল হয়। কঠিন দৈহিক ক্ৰিয়াৰ বাবে অনুপযোগী হয়। লৰা ছোৱালী উভয়ৰে  নিদিষ্ট স্থানত যৌন কেশে দেখা দিয়ে। ছোৱালীৰ স্বৰধ্বনি মিহি আৰু সুশ্ৰব্য হয়। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পুৰুষত্ত আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে।

(16) প্ৰাথমিক  শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য উল্লেখ কৰা।

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ প্ৰাথমিক  শিক্ষাৰ যিকোনো তিনিটা উদ্দেশ্য হল -

(a) শিশু সকলক লিখা, পঢ়া আৰু গণনাৰ শিক্ষা দি ভবিষ্যতৰ উচ্চ শিক্ষাৰ বাবে উপযুক্ত কৰি তোলাতো প্ৰাথমিক  শিক্ষাৰ মূল  উদ্দেশ্য । 

(b)  প্ৰাথমিক  শিক্ষাৰ উদ্দেশ্য হল লৰা ছোৱালীক তেওঁলোকৰ আগ্ৰহ- অভিৰূচি অনুযায়ী শিক্ষা প্ৰদান কৰা। শিক্ষক সকলে বুজা পৰা আৰু মৰম চেনেহৰ মাজেৰে শিশুক শিক্ষা দিয়াটো এই শিক্ষাৰ মূল লক্ষ্য। 

(c) শিশু সকলৰ সামাজিক গুণ সমুহৰ বিকাশ সাধন কৰি তেওঁলোকে যেন সহায়  সহযোগিতাৰে ভৱিষ্যতে  সামাজিক পৰিবেশৰ লগত  নিজকে সমাযোজিত কৰিব পাৰে  তাৰ বাবে উপযুক্ত নাগৰিক হিচাপে গঢ় দি তোলাতো প্ৰাথমিক  শিক্ষাৰ মূল  উদ্দেশ্য । 

(17) বীৰ পূজা কি?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ বীৰ পূজা হল কৈশোৰ কালত দেখা দিয়া এটা বৈশিষ্ট্য । কিশোৰ- কিশোৰীয়ে ভৱিষ্যত জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক জীৱন ৰ আদৰ্শ হিচাপে বাচি লয়। কিশোৰ কিশোৰী সকলে তেনে মনোগ্ৰাহী‌ ব্যক্তিৰ ভাৱ, চিন্তা, ক্ৰিয়া আদি অনুকৰণ কৰিবলৈ ধৰে। নিজৰ প্ৰিয় ব্যক্তি সকলক অনুকৰণ কৰি নিজৰ জীৱনটো ক তেনে ৰূপত গঢ় দিব বিচাৰে। কিশোৰ- কিশোৰী সকলৰ মনত  তেওঁলোকৰ  ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক অনুকৰণ কৰা প্ৰক্ৰিয়াক বীৰ পূজাৰ প্ৰবণতা বুলি কোৱা হয়।

(18) মানৱ জীৱনৰ বিকাশৰ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰৰ নাম লিখা। 

উত্তৰঃ মানৱ জীৱনৰ বিকাশৰ ১২-১৮ বছৰৰ ভিতৰত পৰা স্তৰৰ নাম  হৈছে কৈশোৰ কাল । 

(19) মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা?

উত্তৰঃ মানৱ জীৱনৰ বিকাশৰ স্তৰ ত চাৰিটা । সেই কেইটা হল -

(a) শৈশৱ কাল ( জন্মৰ পৰা 5 বছৰ বয়সলৈ )

(b) বাল্য কাল (  6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ  )

(c) কৈশোৰ কাল  (  12ৰ পৰা 18 বছৰ বয়সলৈ  )

(d) প্ৰাপ্তবয়স্ক কাল( 18 বছৰৰ পৰা.......... )

(20) জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম কি?

উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল ।

(21)শৈশৱকাল কাক বোলে?

উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। আৰু এই সময়ছোৱাত হোৱা  দৈহিক মানসিক ক্ষমতা সমূহৰ বিকাশৰ ওপৰতে এজন ব্যাক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। 

(22) বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ বিকাশৰ তিনিটা বৈশিষ্ট্য হল -

(a) বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিবেশৰ প্ৰভাৱৰ  ওপৰত নিৰ্ভৰ কৰে । এই দুই প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন সম্ভৱ হৈ উঠে।

(b) বিকাশ  নীৰৱচ্ছিন্ন এক দীৰ্ঘম্যাদি প্ৰক্ৰিয়া। সেয়েহে ইয়াৰ স্তৰৰ স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি। 

(c) বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে। সময় বিশেষে এই গতি দ্ৰুততৰ আৰু মন্থৰ হোৱা দেখা যায়।

(23) ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?

উত্তৰঃ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম  হল কৈশোৰ কাল। 

(24)  বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য হল - 

(a) দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ  ক্ৰমাগভাৱে বাঢ়ি যোৱা অৱস্থাকেই বৃদ্ধি বোলে। আনহাতে বিকাশ বুলিলে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মদক্ষতা , দৈহিক পাৰদৰ্শিতা আদিক বুজায়। 

(b) বৃদ্ধি মানুহৰ জীৱনত এক সাময়িক প্ৰক্ৰিয়া। কিন্তু  বিকাশ এক জীৱনব্যাপী চলা অবিৰত প্ৰক্ৰিয়া ।

(c) বৃদ্ধি ৰ পৰিধি ঠেক ।  আনহাতে  বিকাশৰ পৰিধি বহল ।

(24) বাল্যকালক বিদ্যালয়  শিক্ষাৰ বয়স কিয় বোলে ?

উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। শিশুৱে  এই সময়ছোৱাত পঢ়িবলৈ আৰু লিখিব পৰা হয় । বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । সেইবাবে বাল্যকালক " বিদ্যালয়  শিক্ষাৰ বয়স " বুলি কোৱা হয় ।

(25) ৰাইবাৰ্ণে আগবঢ়োৱা  মানৱ জীৱনৰ বিভিন্ন স্তৰসমূহ কি কি ?

উত্তৰঃ ৰাইবাৰ্ণে  মানুহৰ বিকাশৰ প্ৰক্ৰিয়াক মূলতঃ ৬ টা শ্ৰেণীত ভাগ কৰিছে ।  ৰাইবাৰ্ণে আগবঢ়োৱা  মানৱ জীৱনৰ বিভিন্ন স্তৰসমূহ হল -

(a) শৈশৱ কাল - জন্মৰ পৰা ৩ বছৰলৈ 

(b) আগতীয়া বাল্যকাল -৩ ৰ পৰা ৬/৭ বছৰলৈ - মানসিক বিকাশ পৰ্যায় ।

(c) অৱস্থানৰ প্ৰাপ্তি বা পৰিবৰ্তনসূচক কাল  -৬/৭ বছৰৰ  পৰা ৮বছৰলৈ - দৈহিক বিকাশ ৰ পৰ্যায় ।

(d) শেহতীয়া বাল্যকাল - ৮ৰ পৰা ১২ বছৰলৈ -মানসিক বিকাশ পৰ্যায় ।

(e) আগতীয়া কৈশোৰ কাল -১২ৰ পৰা ১৪বছৰ বয়সলৈ -দৈহিক বিকাশ ৰ পৰ্যায় ।

(f) শেহতীয়া কৈশোৰ কাল  -১৪ৰ পৰা ১৮ বছৰলৈ - মানসিক বিকাশৰ পৰ্যায় । 

(26) শিশুৱে  কিয় সঘনে প্ৰশ্ন সোধে?

উত্তৰঃ শৈশৱ  কালত শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল  মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন  আহে। আৰু সেই প্ৰশ্ন সমূহৰ উত্তৰ পোৱাৰ বাবে  যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন  কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে।  সেইবাবে  শৈশৱ কালত শিশুৱে সঘনে প্ৰশ্ন সোধা দেখা যায়। শৈশবৰ এই সময়ক  " প্ৰশ্ন সোধাৰ বয়স "  বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হৈ উঠে।

(27) সৰ্বপ্ৰাণবাদিতা কাক বোলে?

উত্তৰঃ সৰ্বপ্ৰাণবাদিতা হল শৈশৱ কালৰ এটা বৈশিষ্ট্য। শিশুৱে প্ৰাণীৰ দৰে সকলো নিৰ্জিৱ  বস্তুৰে প্ৰাণ থকা বুলি ভাবে । এই ধাৰণাৰ বাবে শিশুৱে সজীৱতা আৰু নিৰ্জীৱতা ৰ মাজত থকা পাৰ্থক্য বিবেচনা কৰিব নোৱাৰে । সিহঁতে ভাৱে নিৰ্জীৱ বস্তুবোৰেও যেন চলা, ফুৰা, সুখ দুখ আদি অনুভৱ কৰিব পাৰে। শিশু এ বিশ্বাস কৰে যে সকলো বস্তুৰে প্ৰাণ থাকে। উদাহৰণ স্বৰুপে- শিশুৱে যেতিয়া মাটিত পৰি দুখ পাই তেতিয়া কান্দি উঠে । যদি কোনোবাই মাটিখিনি ক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া মাটিখিনিক প্ৰতিশোধ লোৱা বুলি ভাবি আনন্দ পায়। 

(28) বিপৰীত লিংগকামিতা কাক বোলে?

উত্তৰঃ কৈশোৰ কালৰ যৌন জীৱনক  বিপৰীত লিংগকামিতা বোলে। কৈশোৰ কালত কিশোৰ - কিশোৰী সকলৰ দৈহিক পৰিবৰ্তন হৈ দৈহিক ভাৱে পৰিপক্ক হৈ উঠে। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে বাবে কিশোৰ কিশোৰী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। আৰু লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পাবলৈ আৰম্ভ কৰে। বিপৰীত লিংগকামিতা কৈশোৰ কালত হোৱা টো স্বাভাৱিক প্ৰক্ৰিয়া।

E)  Essay Type Question

1) শৈশৱ আৰু বাল্যকাল উভয়ৰে চাৰিটাকৈ বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃজন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। শৈশৱ কাল ৰ বৈশিষ্ট্য হল -

(a) ভাষাৰ বিকাশ - জন্মৰ  প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ। মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়।  পিছলৈ এই বোৰ উচ্চাৰনেই শব্দ আৰু ভাষাত পৰিণত হয়। এবছৰ পিছৰ পৰাই দুই এটা শব্দ শুনা যায়। পাঁচ বছৰ বয়সৰ ভিতৰত কথিত ভাষা আয়ত্ত কৰিব শিকে। সাধাৰণতে শিশুৱে পিতৃ আৰু মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য ৰ মাত কথা শুনি ভাষা আয়ত্ব কৰে। 

(b) অনুকৰণপ্ৰিয়তা-  অনুকৰণ প্ৰিয়তা হৈছে শৈশৱ কালৰ এটা  গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য । শিশু অনুকৰণ প্ৰিয়। এই।  অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ - মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা শিকে । সকলো কথাতে শিশুৱে ডাঙৰক অনুসৰণ কৰে।

(c) কৌতূহল প্ৰবণতা - শৈশৱ কালৰ এটা বৈশিষ্ট্য হৈছে কৌতূহল প্ৰবণতা । শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনেৰে সিঁহতে বহুতো যুক্তি আৰু অযুক্তি কৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। শৈশবৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়।

(d) কল্পনা- প্ৰৱণতা - শিশু সাধাৰণতে কল্পনাপ্ৰিয় । কল্পনা ৰাজ্যত থাকি শিশুৱে আনন্দ পায় । কিন্তু অতিমাত্ৰা কল্পনা  প্ৰৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদ ক খেলিমেলি লগাই দিয়ে।

    বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে ৬ ৰ পৰা ১২ বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল  আৰু শেহতীয়া বাল্যকাল । ৬-৮ বছৰ বয়সলৈ আগতীয়া বাল্যকাল  আৰু ৯-১২বছৰ বয়স লৈ শেহতীয়া বাল্যকাল  হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক "বিদ্যালয় শিক্ষাৰ  বয়স " বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।

বাল্যকালৰ চাৰিটা বৈশিষ্ট্য হল -

(a) বৌদ্ধিক বিকাশ-  এই সময়ত লৰা ছোৱালী ৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ , গঠনাত্মক কল্পনা, চিন্তা আদি  মানসিক শক্তি বোৰৰ ক্ষমতা অৰ্জন কৰে। 

(b) ক্ৰিয়া- প্ৰৱণতা - ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী‌ শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে। 

(c) দলীয় আনুগত্য- দলৰ প্ৰতি আনুগত্য  বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰে। 

(d) সমকামিতা- বাল্যকালত লৰাই লৰাৰ প্ৰতি আৰু ছোৱালী ছোৱালীৰ  প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ  মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি তোলে।  ইয়াকে সমকামিতা বোলে। বিপৰীত লিংগৰ প্ৰতি যৌন আকৰ্ষণ নাথাকে ।

     শৈশৱ আৰু বাল্যকাল   মানুহৰ বিকাশৰ দুটা প্ৰধান স্তৰ। দুয়োটা স্তৰ কিছুমান নিজা বৈশিষ্ট্য আছে। যিবোৰ ব্যক্তিৰ সমগ্রীক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

2) কৈশোৰৰ  প্ৰধান মনো-দৈহিক প্ৰয়োজনসমূহ কি কি ? 

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱাক কৈশোৰ কাল বোলে । বয়ঃসন্ধিকালৰ ল'ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । কৈশোৰ কালত লৰা ছোৱালী কিছুমান প্ৰয়োজন থকা দেখা যায় । 

কৈশোৰ কালৰ প্ৰধান মনো-দৈহিক প্ৰয়োজনসমূহ  হল -

(a) দৈহিক প্ৰায়জন - কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্ৰতৰ হয় সেইবাবে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ। সুন্দৰ- সুঠাম দেহৰ বাবে শাৰীৰ চৰ্চাৰ দৰকাৰ। সকলো সময়তে দেহৰ উপযোগী কাপোৰ আৰু চাফ- চিকুনৰ প্ৰতি গুৰুত্ব দিব লাগে। 

(b) যৌন প্ৰয়োজন - কৈশোৰ কালত লৰা ছোৱালীয়ে  যৌন তৃপ্তি পূৰণৰ এক প্ৰবল আগ্ৰহ অনুভৱ কৰে । সেইবাবে যৌন প্ৰবৃত্তি  সুপথে পৰিচালিত কৰিবলৈ প্ৰয়োজনীয় যৌন শিক্ষা দিব লাগে। 

(c) বৌদ্ধিক প্ৰয়োজন - বৌদ্ধিক প্ৰয়োজন লাভ কৰাৰ বাবে কিশোৰ- কিশোৰীয়ে নতুন কথা বা নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে। সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজন বোৰ পূৰণ কৰাৰ যত্ন কৰিব লাগে। 

(d) সামাজিক নিৰাপত্তাৰ প্ৰয়োজন - কিশোৰ- কিশোৰীৰ সামাজিক নিৰাপত্তাৰ প্ৰয়োজন আছে। কাৰণ সমাজ অবিহনে তেওঁলোক চলিব নোৱাৰে। তেওঁলোকে দল বান্ধি থাকিবলৈ ভাল পায়। ডাঙৰৰ মৰম চেনেহ, মনোযোগ আদি বিচাৰে। 

(e) স্বাধীনতাৰ প্ৰয়োজন - কিশোৰ- কিশোৰীয়ে স্বাধীন ভাবে কাম- কাজ কৰাৰ প্ৰয়োজন অনুভৱ কৰে। সেইবাবে অভিভাৱক  আৰু শিক্ষকসকলে তেওঁলোকক কঠোৰ অনুশাসনত ৰাখিব নালগে। 

কিশোৰ কাল বিকাশৰ অতি গুৰুত্বপূৰ্ণ কাল। সেইবাবে এই স্তৰত লগা প্ৰয়োজন সমূহৰ প্ৰতি লক্ষ্য দিব লাগে। আৰু তেওঁলোকৰ প্ৰয়োজন সমূহ পূৰণ কৰাৰ যত্ন কৰিব লাগে। যাতে কিশোৰ সকল বিপথে পৰিচালিত নহয়। 

3) যৌৱন কালৰ চাৰিটা প্ৰধান সমস্যা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । দৈহিক পৰিবৰ্তন হৈ অহাৰ বাবে যৌৱন অৱস্থাত বিভিন্ন ধৰণৰ সমস্যা আহি পৰে। 

 যৌৱন কালৰ চাৰিটা প্ৰধান সমস্যা হল-

(a) যৌন সমস্যা - কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা  জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়। 

(b) সামাজিক সমস্যা - কিশোৰ- কিশোৰী সকলে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে।  সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ, আদৰ্শ আদি বয়স্ক সকলৰ লগত নিমিলে। অৰ্থাৎ সমাজৰ ৰীতি নীতি, পৰম্পৰা, আদৰ্শ আদি পালনৰ ক্ষেত্ৰত ন- পুৰণি ৰ মাজত সংঘাতৰ সৃষ্টি হয়। ফলত  কিশোৰ- কিশোৰী ৰ সামাজিক সমাযোজনত সমস্যা আহি পৰে।

(c) অৱসৰ সময়ৰ সমস্যা - অৱসৰ সময়  বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।

(d) অপৰাধ প্ৰৱণতাৰ সমস্যা - অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা জলন্ত সমস্যা। অৱসৰ সময়ৰ সমস্যা , নিবনুৱা সমস্যা , মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ , সমাজৰ নৈতিক অধঃপতন , নীতিবিহিন ৰাজনীতি , ক্ষমতা বলিয়া স্বভাৱ , আদি অশুভ শক্তিয়ে সমাজত অপৰাধ প্ৰৱণ পৰিবেশৰ সৃষ্টি কৰে । কিশোৰ কিশোৰীৰ জীৱনত এইবোৰে বাৰুকৈ প্ৰভাৱ পেলাই । ফলত কিশোৰ কিশোৰীৰ জীৱনত অপৰাধ প্ৰৱণতা সমস্যাৰ সৃষ্টি হয়। 

কৈশোৰ কাল মানৱ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ স্তৰ। এই সময়ত কিশোৰ সকলৰ জীৱনত কিছুমান দেহ- মানসিক পৰিবৰ্তন হৈ অহাৰ বাবে কিছুমান সমস্যা সৃষ্টি হয়। সেয়েহে উপযুক্ত শিক্ষা প্ৰদান কৰাত গুৰুত্ব দিয়া প্ৰয়োজন।

4) সু- অভ্যাস গঠনৰ চাৰিটা নীতি উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ অভ্যাস হৈছে মানুহৰ কিছুমান ব্যবহাৰ যি হৈছে কামৰ পুনৰাবৃত্তি । অভ্যাস জৰিয়তে মানুহে দৈনন্দিন জীৱনৰ কাৰ্য সমূহ ভালদৰে কৰিব পাৰে।  যদি মানুহে কোনো এটা কাম অভ্যাস পৰিণত কৰি লয় তেতিয়া সেই কামটো কৰিবলৈ সহজ হৈ পৰে। ) সু- অভ্যাস গঠনৰ নীতি সমূহ হল 

(a) পুনৰাবৃত্তি নীতি -  অভ্যাস হৈছে এনে এটা ব্যবহাৰ যাক পুনৰাবৃত্তি জৰিয়তে তৈয়াৰ কৰিব পাৰি। সু- অভ্যাস গঠন কৰিবলৈ হলে আমি ভাল কাম বোৰ বাৰ বাৰ পুনৰাবৃত্তি কৰি থাকিব লাগিব যেতিয়ালৈকে সেইটো কাম সু- অভ্যাস ত পৰিণত নহয়। পুনৰাবৃত্তিয়ে  সু- অভ্যাস গঠনত সহায় কৰে। 

(b) পুৰস্কাৰৰ নীতি - সু- অভ্যাস গঠন কৰাৰ ক্ষেত্ৰত পুৰস্কাৰৰ নীতিয়ে  এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুক আমি ভাল অভ্যাস গঠনৰ বাবে  পুৰস্কৃত কৰিব পাৰোঁ। পুৰস্কাৰ লাভৰ পিছত শিশু সকল উৎসাহিত হৈ পৰে । আৰু পুৰস্কাৰৰ বাবে তেওঁলোকে - সু- অভ্যাস গঠন কৰি লয়। আৰু পুৰস্কাৰ নীতিয়ে শিশুক উৎসাহিত কৰি তোলে। সেয়েহে আমি দেখা পাওঁ বিদ্যালয়ত ভাল কাম বা ভাল কৈ অনুশাসন মানি চলিলে তেওঁলোকক পুৰস্কৃত কৰি উৎসাহিত কৰে।

(c) শাস্তিৰ নীতি- - সু- অভ্যাস গঠন কৰাৰ ক্ষেত্ৰত শাস্তিৰ নীতি এক বিশেষ ভূমিকা পালন কৰে। শিশুক - সু- অভ্যাস এটা গঠন কৰিবলৈ শিশুক শাস্তিৰ প্ৰদান ৰ ব্যবস্থা কৰিব লাগে । কাৰণ শিশু এজনে যদি শাস্তি পোৱাৰ ভয় থাকে তেতিয়া তেওঁলোক ৰ অভ্যাস বোৰ ভাল দৰে গঠন হয়। উদাহণস্বৰূপে স্কুলত ছাত্ৰ ছাত্ৰীৰ অভ্যাস গঠনৰ ক্ষেত্ৰত শিক্ষকে শাস্তি প্ৰদান ব্যবস্থা কৰে।

(d) অনুশীলনৰ নীতি - -সু- অভ্যাস গঠন কৰাৰ ক্ষেত্ৰত অনুশীলনৰ নীতি অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। যদি কোনো এটা অভ্যাস গঠন কৰি তাক অনুশীলন কৰি থাকো তেতিয়া সেই অভ্যাস টো ভাল দৰে গঠন হৈ উঠে আৰু সেই - সু- অভ্যাস টো সদায় বাবে থাকি যায়।

- সু- অভ্যাস গঠনৰ ক্ষেত্ৰত ওপৰত আলোচনা কৰা নীতি কেইটা অতি গুৰুত্বপূৰ্ণ। যি নীতি বোৰে অভ্যাস গঠনৰ লগতে সেইবোৰক চিৰ স্থায়ী কৰি তোলে ।

5) কৈশোৰকালৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে ।লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে  নাৰীত্ব লাভ কৰে । লৰা আৰু ছোৱালীৰ দৈহিক, মানসিক , আৱেগিক, যৌন জীৱনৰ অভিজ্ঞতা আদিয়ে এক ধুমুহা আৰু পীড়নৰ সৃষ্টি কৰে। 

কৈশোৰ কালৰ বৈশিষ্ট্য হল -

(a) দৈহিক বিকাশ - বয়ঃসন্ধি কালৰ শাৰীৰিক বিকাশ ক্ষীপ্ৰ হয় । যৌৱনৰ আৰম্ভনিতে দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থি সমূহ সক্ৰিয় হৈ উঠে। ফলত নানা দৈহিক পৰিবৰ্তনে দেখা দিয়ে। দেহৰ আকাৰ, ওজন, উচ্চতা আদি বৃদ্ধি হোৱা পৰিলক্ষিত হয়। দেহৰ মাংসপেশী আৰু অস্থিসমূহ শকত আৰু পূৰঠ হয়। লৰা আৰু ছোৱালীৰ দেহ গঠন আৰু যোগ্যতাৰ পাৰ্থক্য দেখা যায়। লৰাৰ মাংসপেশী শক্তিশালী আৰু কৰ্মক্ষম হৈ উঠে। স্বৰধ্বনি কঠিন, কৰ্কশ আৰু গভীৰ হয়। মুখত দাড়ি - গোফ গজে । ছোৱালীৰ মাংসপেশী নিমজ আৰু কোমল হয়।ছোৱালীৰ স্বৰধ্বনি মিহি আৰু সুশ্ৰব্য হয়। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে ।

(b) আৱেগিক বিকাশ - কৈশোৰৰ আৱেগিক বিকাশ মনকৰিবলগীয়া । ভালপোৱা আবেগে তেওঁলোকক অনুভূতিসম্পন্ন আৰু অন্ধ কৰি তোলে। খং, ভয়, লজ্জা, বিৰক্তি আদি আবেগে কেতিয়াবা তেওঁলোকক অসামাজিক আৰু ধ্বংসা,ংত্মক মনৰ কৰি তোলে। কিছুমান সময়ত তেওঁলোকৰ আৱেগে হতাশা, নিৰাশা, ভিৰুতা, লাজুকতা ভাৱ অৱস্থাৰ সৃষ্টি কৰে।

(c) বিপৰীত লিংগকামিতা - কৈশোৰ কালৰ যৌন জীৱনক  বিপৰীত লিংগকামিতা বোলে।  লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে বাবে কিশোৰ কিশোৰী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। আৰু লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পাবলৈ আৰম্ভ কৰে।

(d) বীৰপূজা প্ৰবনতা -বীৰ পূজা হল কৈশোৰ কালত দেখা দিয়া এটা বৈশিষ্ট্য । কিশোৰ- কিশোৰীয়ে ভৱিষ্যত জীৱনৰ বাবে নিজৰ ভাল লগা কোনো বীৰ বিৰাংগণা বা নায়ক নায়িকা ক জীৱন ৰ আদৰ্শ হিচাপে বাচি লয়। কিশোৰ কিশোৰী সকলে তেনে মনোগ্ৰাহী‌ ব্যক্তিৰ ভাৱ, চিন্তা, ক্ৰিয়া আদি অনুকৰণ কৰিবলৈ ধৰে। নিজৰ প্ৰিয় ব্যক্তি সকলক অনুকৰণ কৰি নিজৰ জীৱনটো ক তেনে ৰূপত গঢ় দিব বিচাৰে।

(e)  আত্ম নিৰ্ভৰশীল - আত্ম নিৰ্ভৰশীলতা কৈশোৰ কালৰ এটা দৰকাৰী বৈশিষ্ট্য। সকলো কাম কৰাৰ বাবে নিজকে সক্ষম বুলি ভাবি আত্ম বিশ্বাসৰ ভাৱ প্ৰকাশ পায়। পৰিশ্ৰমৰ মূল্য বুজি উঠে। নিজৰ প্ৰাপ্য অধিকাৰ, স্থান, মান স্বাধীনতা প্ৰতি সচেতন হৈ উঠে। সকলোৰে পৰা আত্মসন্মান পাব বিচাৰে ।

কৈশোৰ কালৰ বৈশিষ্ট্য সমূহৰ পৰা কৈশোৰ কালত হোৱা বিকাশ আৰু পৰিবৰ্তন ৰ  বিষয়ে বুজি উঠিব পাৰি। যিবোৰ লৰা ছোৱালী ৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ কৰি তোলে।

6) শৈশৱকালৰ পাঁচটা বৈশিষ্ট্য লিখা ।

(এই প্ৰশ্নটো 2007 চনত আহিছিল)

উত্তৰঃজন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। শৈশৱ কাল ৰ বৈশিষ্ট্য হল -

(a) দ্ৰুত দৈহিক বিকাশ - জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰথম পাঁচ মাহতে দুগুনলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰতে ই তিনিগুণ হৈ উঠে । দেহৰ উচ্চতা বাঢ়ে। এবছৰৰ ভিতৰতে দুয়ো পাৰি দাত গজিবলৈ ধৰে। জন্মৰ পিছ ৰ পৰা অংগ সঞ্চালন ক্ষমতা  বৃদ্ধি হব লৈ ধৰে ।

(b) ভাষাৰ বিকাশ - জন্মৰ  প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ। মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়।  পিছলৈ এই বোৰ উচ্চাৰনেই শব্দ আৰু ভাষাত পৰিণত হয়। এবছৰ পিছৰ পৰাই দুই এটা শব্দ শুনা যায়। পাঁচ বছৰ বয়সৰ ভিতৰত কথিত ভাষা আয়ত্ত কৰিব শিকে। সাধাৰণতে শিশুৱে পিতৃ আৰু মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য ৰ মাত কথা শুনি ভাষা আয়ত্ব কৰে। 

(c) অনুকৰণপ্ৰিয়তা-  অনুকৰণ প্ৰিয়তা হৈছে শৈশৱ কালৰ এটা  গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য । শিশু অনুকৰণ প্ৰিয়। এই।  অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ - মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা শিকে । সকলো কথাতে শিশুৱে ডাঙৰক অনুসৰণ কৰে।

(d) কৌতূহল প্ৰবণতা - শৈশৱ কালৰ এটা বৈশিষ্ট্য হৈছে কৌতূহল প্ৰবণতা । শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনেৰে সিঁহতে বহুতো যুক্তি আৰু অযুক্তি কৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। শৈশবৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়।

(e) কল্পনা- প্ৰৱণতা - শিশু সাধাৰণতে কল্পনাপ্ৰিয় । কল্পনা ৰাজ্যত থাকি শিশুৱে আনন্দ পায় । কিন্তু অতিমাত্ৰা কল্পনা  প্ৰৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদ ক খেলিমেলি লগাই দিয়ে।

ওপৰৰ আলোচনাৰ পৰা আমি মানুহৰ বিকাশৰ প্ৰথম স্তৰ শৈশৱ কাল আৰু তাৰ বৈশিষ্ট্য সমূহৰ বিষয়ে জানিব পাৰো । যিবোৰ শিশুৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ কৰি তোলে ।

7) বাল্যকালৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃবাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল  আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল  আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল  হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক "বিদ্যালয় শিক্ষাৰ  বয়স " বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।

বাল্যকালৰ চাৰিটা বৈশিষ্ট্য হল -

(a) দৈহিক বিকাশ - এই সময়ত শিশুৰ দৈহিক বিকাশৰ গতি শৈশৱৰ তুলনাত কিছু মন্থৰ হয় যদিও বাল্যকালৰ শেষৰ চোৱাত অৰ্থাৎ 11/12 বছৰ বয়সত পুনৰ ক্ষিপ্ৰ গতিত দৈহিক বিকাশ হয়। উচ্চতা অাৰু  ওজন বাঢ়ে । দৌৰা - জপিওৱা আদি  খেলাৰ যোগেদি আনন্দ লাভ কৰে । 

(b) শিক্ষা আহৰণৰ ক্ষমতা - বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । 

(c) ক্ৰিয়া- প্ৰৱণতা - ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী‌ শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে। 

(d) বহিমূখিতা - বাল্যকালত শিশু বহিমুখিতা হয়। এই সময়ত শিশুৱে বাহিৰত  খেলা ধূলা, ফুৰা-  চকা কৰি ভাল পায় । ঘৰৰ পৰিবেশ সংকীৰ্ণ বোধ কৰে ।

বাল্যকাল শিশু বিকাশৰ দ্বিতীয় স্তৰ। এই স্তৰ বৈশিষ্ট্য সমূহৰ পৰা ব্যাল কালৰ হোৱা পৰিবৰ্তন সমূহৰ বিষয়ে জানিব পাৰি। 

8) বয়ঃসন্ধিকালৰ চাৰিটা প্ৰধান প্ৰয়োজন উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱাক কৈশোৰ কাল বোলে । বয়ঃসন্ধিকালৰ ল'ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । 

কৈশোৰ কালৰ প্ৰধান প্ৰয়োজনসমূহ  হল -

(a) দৈহিক প্ৰায়জন - কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্ৰতৰ হয় সেইবাবে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ। সুন্দৰ- সুঠাম দেহৰ বাবে শাৰীৰ চৰ্চাৰ দৰকাৰ। সকলো সময়তে দেহৰ উপযোগী কাপোৰ আৰু চাফ- চিকুনৰ প্ৰতি গুৰুত্ব দিব লাগে। 

(b) যৌন প্ৰয়োজন - কৈশোৰ কালত লৰা ছোৱালীয়ে  যৌন তৃপ্তি পূৰণৰ এক প্ৰবল আগ্ৰহ অনুভৱ কৰে । সেইবাবে যৌন প্ৰবৃত্তি  সুপথে পৰিচালিত কৰিবলৈ প্ৰয়োজনীয় যৌন শিক্ষা দিব লাগে। 

(c) বৌদ্ধিক প্ৰয়োজন - বৌদ্ধিক প্ৰয়োজন লাভ কৰাৰ বাবে কিশোৰ- কিশোৰীয়ে নতুন কথা বা নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে। সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজন বোৰ পূৰণ কৰাৰ যত্ন কৰিব লাগে। 

(d) সামাজিক নিৰাপত্তাৰ প্ৰয়োজন - কিশোৰ- কিশোৰীৰ সামাজিক নিৰাপত্তাৰ প্ৰয়োজন আছে। কাৰণ সমাজ অবিহনে তেওঁলোক চলিব নোৱাৰে। তেওঁলোকে দল বান্ধি থাকিবলৈ ভাল পায়। ডাঙৰৰ মৰম চেনেহ, মনোযোগ আদি বিচাৰে। 

 কিশোৰ কাল বিকাশৰ অতি গুৰুত্বপূৰ্ণ কাল। সেইবাবে এই স্তৰত লগা প্ৰয়োজন সমূহৰ প্ৰতি লক্ষ্য দিব লাগে। আৰু তেওঁলোকৰ প্ৰয়োজন সমূহ পূৰণ কৰাৰ যত্ন কৰিব লাগে। যাতে কিশোৰ সকল বিপথে পৰিচালিত নহয়। 

9) বয়ঃসন্ধিকালৰ পাঁচটা সমস্যা উল্লেখ কৰা । এই সমস্যাসমূহ দূৰ কৰিব পৰা পাঁচটা উপায় প্ৰদান কৰা । 

(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । দৈহিক পৰিবৰ্তন হৈ অহাৰ বাবে যৌৱন অৱস্থাত বিভিন্ন ধৰণৰ সমস্যা আহি পৰে। 

বয়ঃসন্ধিকালৰ পাঁচটা  সমস্যা হল-

(a) যৌন সমস্যা - কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা  জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়। 

(b) সামাজিক সমস্যা - কিশোৰ- কিশোৰী সকলে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে।  সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ, আদৰ্শ আদি বয়স্ক সকলৰ লগত নিমিলে। অৰ্থাৎ সমাজৰ ৰীতি নীতি, পৰম্পৰা, আদৰ্শ আদি পালনৰ ক্ষেত্ৰত ন- পুৰণি ৰ মাজত সংঘাতৰ সৃষ্টি হয়। ফলত  কিশোৰ- কিশোৰী ৰ সামাজিক সমাযোজনত সমস্যা আহি পৰে।

(c) আৱেগিক সমস্যা - কিশোৰ কালত আবেগ অনুভূতি প্ৰবল হয় বাবে এই বোৰত নিয়ন্ত্ৰণ ক্ষমতা নাথাকে । ফলত বিভিন্ন পৰিস্থিতিত তেওঁলোকে আৱেগিক নিয়ন্ত্ৰণ হেৰুৱায় ক্ৰোধ আৰু বিৰক্তিৰ হিংসাত্মক আৰু ধ্বংসাত্মক আচৰণ কৰে। প্ৰেম- প্ৰীতি , আশা- নিৰাশা , ঈৰ্ষা আদিয়ে তেওঁলোকক আৱেগিক কৰি তোলে। কিশোৰ- কিশোৰী সকলে আবেগ সমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰি  কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। 

(d) অৱসৰ সময়ৰ সমস্যা - অৱসৰ সময়  বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।

(e) অপৰাধ প্ৰৱণতাৰ সমস্যা - অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা জলন্ত সমস্যা। অৱসৰ সময়ৰ সমস্যা , নিবনুৱা সমস্যা , মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ , সমাজৰ নৈতিক অধঃপতন , নীতিবিহিন ৰাজনীতি , ক্ষমতা বলিয়া স্বভাৱ , আদি অশুভ শক্তিয়ে সমাজত অপৰাধ প্ৰৱণ পৰিবেশৰ সৃষ্টি কৰে । কিশোৰ কিশোৰীৰ জীৱনত এইবোৰে বাৰুকৈ প্ৰভাৱ পেলাই । ফলত কিশোৰ কিশোৰীৰ জীৱনত অপৰাধ প্ৰৱণতা সমস্যাৰ সৃষ্টি হয়। 

কৈশোৰ কালত দেখা দিয়া এই সমস্যা সমূহ সমাধান ৰ বাবে কিছুমান উপায় হল -

1. কৈশোৰ কালত দেখা দিয়া এটা গুৰুত্ব পূৰ্ণ  সমস্যা হল যৌন সমস্যা। এই সমস্যা সমাধান কৰিব বাবে কিশোৰ - কিশোৰী ক যৌন শিক্ষা প্ৰদান কৰা। ইয়াৰ ফলত যৌন সম্বন্ধীয় ভুল ধাৰণা আৰু সমস্যা বোৰ আঁতৰ হয়। 

2. সামাজিক সমস্যা সমাধান কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীক  সামাজিক ক্ৰিয়া কলাপৰ  জৰিয়তে সমাজ সচেতন মনোভাৱ গঢ়ি তুলিব  লাগে।  ন্যায়, সমতা, বন্ধুত্ব , সহযোগিতা , মূল্যবোধৰ শিক্ষা দিব লাগে। যাতে তেওঁলোকে সুস্থ ভাবে সমাজত সমাযোজন কৰিব পাৰে।

3. আৱেগিক সমস্যা সমাধান কৰিব বাবে কিশোৰ কিশোৰী সকলক উপযুক্ত ভাবে আবেগ সমূহ নিয়ন্ত্ৰণ কৰাৰ  শিক্ষা দিব লাগে । যাতে তেওঁলোকে উপযুক্ত সময়ত উচিত আবেগ প্ৰকাশ কৰে আৰু আবেগ সমূহ নিয়ন্ত্ৰণ কৰি শুদ্ধ আচৰণ কৰিব পাৰে।

4. অৱসৰ সময়ৰ সমস্যা সমাধান কৰিব বাবে কিশোৰ- কিশোৰী সকলক অৱসৰ সময়ৰ সৎ ব্যবহাৰ ৰ বিষয়ে শিক্ষা দিব লাগে। ছাত্ৰ-ছাত্ৰী ৰ মন পছন্দৰ বিষয় বা ভাল লগা ক্ৰিয়া কালাপত ব্যস্ত ৰাখিব লাগে। তাৰবাবে স্কুলত সহ- পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। 

5.অপৰাধ প্ৰৱণতা  সমস্যাক সমাধান কৰিব বাবে কৈশোৰ  কালৰ লৰা ছোৱালী সকলক  অৱসৰ সময়ৰ সদ্  ব্যবহাৰ কৰাৰ শিক্ষা দিব লাগে  , নিবনুৱা সমস্যা নাইকীয়া কৰিব বাবে তেওঁলোকক বৃত্তি মূলক শিক্ষা প্ৰদান কৰিব লাগে। যাতে তেওঁলোকে নিজকে নিজ পছন্দৰ কিবা কামত ব্যস্ত কৰি ৰাখিব পাৰে । আৰু  মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ  অপকাৰীতা সম্পৰ্কে উচিত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। তেতিয়াহে অপৰাধ প্ৰৱণতা  সমস্যা সমাধান হৈ উঠিব।

কৈশোৰ কালত দেখা দিয়া সমস্যা সমূহে লৰা ছোৱালী ভৱিষ্যত শেষ কৰি দিব পাৰে। সেয়েহে এই সমস্যা সমূ্হৰ উচিত সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে।

10) বাল্যকাল কাক বোলে? বাল্যকালৰ ছয়টা বৈশিষ্ট্য চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 1999 চনত আহিছিল)

উত্তৰঃবাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল  আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল  আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল  হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক "বিদ্যালয় শিক্ষাৰ  বয়স " বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।

বাল্যকালৰ  বৈশিষ্ট্য হল -

a. দৈহিক বিকাশ - এই সময়ত শিশুৰ দৈহিক বিকাশৰ গতি শৈশৱৰ তুলনাত কিছু মন্থৰ হয় যদিও বাল্যকালৰ শেষৰ চোৱাত অৰ্থাৎ 11/12 বছৰ বয়সত পুনৰ ক্ষিপ্ৰ গতিত দৈহিক বিকাশ হয়। উচ্চতা অাৰু  ওজন বাঢ়ে । দৌৰা - জপিওৱা আদি  খেলাৰ যোগেদি আনন্দ লাভ কৰে। 

b.শিক্ষা আহৰণৰ ক্ষমতা - বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । 

c. ক্ৰিয়া- প্ৰৱণতা- ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী‌ শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে। 

d. বহিমূখিতা - বাল্যকালত শিশু বহিমুখিতা হয়। এই সময়ত শিশুৱে বাহিৰত  খেলা ধূলা, ফুৰা-  চকা কৰি ভাল পায় । ঘৰৰ পৰিবেশ সংকীৰ্ণ বোধ কৰে ।

e. দলীয় আনুগত্য- দলৰ প্ৰতি আনুগত্য  বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰে। 

f. সমকামিতা- বাল্যকালত লৰাই লৰাৰ প্ৰতি আৰু ছোৱালী ছোৱালীৰ  প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ  মাজেৰে বন্ধুত্ব আৰু ভালপোৱা গঢ়ি তোলে।  ইয়াকে সমকামিতা বোলে। বিপৰীত লিংগৰ প্ৰতি যৌন আকৰ্ষণ নাথাকে ।

বাল্যকাল শিশু বিকাশৰ দ্বিতীয় স্তৰ। এই স্তৰ বৈশিষ্ট্য সমূহৰ পৰা ব্যাল কালৰ হোৱা পৰিবৰ্তন সমূহৰ বিষয়ে জানিব পাৰি। এই বৈশিষ্ট্য বোৰে শিশুৰ বিকাশত বৰঙণি আগবঢ়াই। 

11) কৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে। কৈশোৰ কালত দেহ মানসিক পৰিবৰ্তন দ্ৰুত গতিত বৃদ্ধি পায় সেইবাবে কৈশোৰ অৱস্থাত কিশোৰ - কিশোৰী সকলক উপযুক্ত শিক্ষা দিয়াটো অতি প্ৰয়োজনীয়। 

 কৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য সমূহ হল-

a. কিশোৰ - কিশোৰীৰ আগ্ৰহ, অভিৰুছি , আভিক্ষমতা আদিৰ ভিন্নতা অনুযায়ী মাধ্যমিক স্কুলত অধিক স্বাধীনতা প্ৰদনেৰে নমনীয় আৰু বিভাজিত পাঠ্যক্ৰম ৰ ব্যবস্থা কৰাটো কৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য।

b. কৈশোৰ কালত যুৱক যুৱতী ৰ শাৰীৰিক শক্তি বৃদ্ধি পায়। সেইবাবে স্কুলত বিভিন্ন ধৰণৰ খেলা- ধূলা, ব্যায়াম, যোগ আদিৰ ব্যবস্থা কৰাটোকৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য। তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি শাৰীৰিক শিক্ষা প্ৰদান কৰিব লাগে।

c. অৱসৰ সময়ৰ সৎ ব্যবহাৰ ৰ বিষয়ে শিক্ষা দিয়াটো কৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য হব লাগে। ছাত্ৰ-ছাত্ৰী ৰ মন পছন্দৰ বিষয় বা ভাল লগা ক্ৰিয়া কালাপত ব্যস্ত ৰাখিব লাগে। তাৰবাবে স্কুলত সহ- পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। 

d.কৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য হল কিশোৰ  কিশোৰী ক যৌন শিক্ষা প্ৰদান কৰা। ইয়াৰ ফলত যৌন সম্বন্ধীয় ভুল ধাৰণা আৰু সমস্যা বোৰ আঁতৰ হয়। 

e.কৈশোৰ কালৰ শিক্ষাৰ লক্ষ্য হল মাধ্যমিক শিক্ষাত বৃত্তিমুখি শিক্ষা প্ৰদান কৰা। কিয়নো যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে অনুপযোগী । তেওঁলোকে বৃতিমূলক বিষয়ৰ শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত হয়।

             কৈশোৰ কালৰ শিক্ষা ব্যৱস্থাত এই লক্ষ্য সমূহ আগত ৰাখি শিক্ষা প্ৰদান কৰিব লাগে। তেতিয়াহে কিশোৰ সকলৰ সামগ্ৰিক  বিকাশ সম্ভৱপৰ হৈ উঠিব।

12) কৈশোৰ কালৰ চাৰিটা সমস্যা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । দৈহিক পৰিবৰ্তন হৈ অহাৰ বাবে যৌৱন অৱস্থাত বিভিন্ন ধৰণৰ সমস্যা আহি পৰে। 

 কৈশোৰ  কালৰ চাৰিটা প্ৰধান সমস্যা হল-

a. যৌন সমস্যা - কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা  জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়। 

b. সামাজিক সমস্যা - কিশোৰ- কিশোৰী সকলে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে।  সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ, আদৰ্শ আদি বয়স্ক সকলৰ লগত নিমিলে। অৰ্থাৎ সমাজৰ ৰীতি নীতি, পৰম্পৰা, আদৰ্শ আদি পালনৰ ক্ষেত্ৰত ন- পুৰণি ৰ মাজত সংঘাতৰ সৃষ্টি হয়। ফলত  কিশোৰ- কিশোৰী ৰ সামাজিক সমাযোজনত সমস্যা আহি পৰে।

c. অৱসৰ সময়ৰ সমস্যা - অৱসৰ সময়  বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।

d. অপৰাধ প্ৰৱণতাৰ সমস্যা - অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা জলন্ত সমস্যা। অৱসৰ সময়ৰ সমস্যা , নিবনুৱা সমস্যা , মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ , সমাজৰ নৈতিক অধঃপতন , নীতিবিহিন ৰাজনীতি , ক্ষমতা বলিয়া স্বভাৱ , আদি অশুভ শক্তিয়ে সমাজত অপৰাধ প্ৰৱণ পৰিবেশৰ সৃষ্টি কৰে । কিশোৰ কিশোৰীৰ জীৱনত এইবোৰে বাৰুকৈ প্ৰভাৱ পেলাই । ফলত কিশোৰ কিশোৰীৰ জীৱনত অপৰাধ প্ৰৱণতা সমস্যাৰ সৃষ্টি হয়। 

কৈশোৰ কাল মানৱ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ স্তৰ। এই সময়ত কিশোৰ সকলৰ জীৱনত কিছুমান দেহ- মানসিক পৰিবৰ্তন হৈ অহাৰ বাবে কিছুমান সমস্যা সৃষ্টি হয়। সেয়েহে উপযুক্ত শিক্ষা প্ৰদান কৰাত গুৰুত্ব দিয়া প্ৰয়োজন।

13) শৈশৱকালৰ পাঁচটা দেহ-মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰঃজন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। শৈশৱ কালত শিশুৰ দ্ৰুত গতিত বৃদ্ধি আৰম্ভ হয়। আৰু শিশু সকলক কিছুমান দেহ মানসিক প্ৰয়োজন থকা দেখা যায়। শৈশৱ কালৰ দেহ মানসিক প্ৰয়োজন সমূহ হল -

a. নিৰাপত্তাৰ প্ৰয়োজন - শিশু ই  পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিক ভাবে নিজকে নিৰাপদ বুলি ভাবে । বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় সহানুভূতি বিচাৰে ।সহায় সহানুভূতি ৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়।

b. কৌতুহল  পূৰণৰ প্ৰয়োজন - শিশু কৌতুহলী মনৰ হোৱা বাবে তাৰ চাৰিওফালৰ বিভিন্ন বস্তু , বিষয়,  পৰিস্থিতি আদিক জানিবলৈ ব্যগ্ৰ হৈ পৰে। এই ক্ষেত্ৰত শিশু ই ডাঙৰক‌ নানা‌ প্ৰশ্ন সুধি ব্যাতি ব্যস্ত কৰি তোলে। ডাঙৰেও ধৈয্য সহকাৰে শিশুৰ কৌতুহল পূৰণ কৰিব লাগে। কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ ত সহায় কৰে। 

 c. দৈহিক আদৰ- যত্নৰ প্ৰয়োজন - মানুহ জীৱ শ্ৰেষ্ঠ প্ৰাণী হলেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে । মানৱ শিশু দৈহিক ভাবে  পৰনিৰ্ভৰশিল বাবে দৈহিক আদৰ যত্নৰ প্ৰয়োজন। শিশুৰ খোৱা- পিন্ধা , স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক - দেউতাক বা পৰিয়ালৰ আন লোক সকলে যত্ন কৰিব লগা হয় । দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম ।

d. মৰমৰ প্ৰয়োজন - শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । মনলৈ সাহস আহে। মৰমৰ অভাৱ হলে শিশু সকল কেতিয়াবা মানসিক ৰোগী বা অপৰাধী ব্যক্তি ত পৰিণত হ'ব পাৰে। 

c. স্বাধীনতাৰ প্ৰয়োজন - শিশু স্বাধীন মনৰ বাবে সিঁহতৰ প্ৰকৃতিত মুক্ত ধাৰণাই বিশেষ ভাৱে ঠাই লয়। আনৰ শাসন, আৰু নীতি- নিয়মৰ মাজত থাকি শিশুৱে ভাল নাপায়। শিশুৰ পছন্দৰ অলপ ব্যতিক্ৰম হলে কান্দি উঠে বা বয়বস্ত  দলিয়াই বিক্ষোপ প্ৰদৰ্শন কৰে। শিশুক পৰ্যমনে স্বাধীনতা দিব লাগে ।

      সেয়েহে কব পাৰি যে শিশুৰ দৈহিক আৰু মানসিক প্ৰয়োজন সমূহৰ উপযুক্ত ভাবে পূৰণ হলেহে শিশুৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ হৈ উঠিব। সেইবাবে শৈশব কালৰ দেহ মানসিক প্ৰয়োজন সমূহৰ ওপৰত পিতৃ আৰু মাতৃ বেছি গুৰুত্ব দিব লাগে।

14) শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে লিখা ।

উত্তৰঃশিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱ অতি গুৰুতত্বপূৰ্ন হোৱা দেখা যায়। শিশু জন্ম ৰ পৰা গৃহ পৰিবেশত ডাঙৰ হয় বাবে গৃহ পৰিবেশ সুস্থ হলেহে শিশুৰ সুস্থ বিকাশ সম্ভব হৈ উঠে। সেইবাবে শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। 

a. দৈহিক প্ৰভাৱ - জন্মৰ পিছতে শিশুৱে মাতৃ দুগ্ধ পান কৰে। ই শিশুক নানান বেমাৰৰ পৰা ৰক্ষা কৰে। শিশু টোৰ দৈহিক আদৰ যত্ন লব লাগে।. শৈশৱ কালত শিশু সকলৰ ভাষাৰ বিকাশ হয়। শিশু সকলে পৰিয়ালৰ সদস্য ৰ পৰা ভাষা আয়ত্ত কৰিবলৈ ধৰে। সেইবাবে পিতৃ আৰু মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য সকলেও কথা কোৱা ক্ষেত্ৰত ধ্যান দিব লগে আৰু শিশুৱে যেন ভালকৈ ভাষা আয়ত্ত কৰিব পাৰে । শিশুৰ ভাষাৰ বিকাশত গৃহ পৰিবেশ প্ৰভাৱ পেলাই

b.মৰমৰ প্ৰভাৱ -  শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় ।  যিহেতু পৰিয়ালৰ পৰা শিশুৰ মৰমৰ প্ৰয়োজন পূৰণ হব পাৰে । সেইবাবে গৃহ পৰিবেশ টো সদাই মৰমিয়াল আৰু সকাৰত্মক কৰি ৰাখিব লাগে। মৰমৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত গৃহৰ ভূমিকা তাৎপৰ্য পূৰ্ণ।

c. অনুশাসনৰ প্ৰভাৱ - মানৱ জীৱনৰ সকলো কাম নিয়াৰিকৈ চলাবলৈ অনুশাসন ব্যবস্থাৰ প্ৰয়োজন। অনুশাসন ব্যবস্থা সৰুৰে পৰা ভালদৰে গঢ়ি তুলিব লাগে। দৈনন্দিন ক্ৰিয়া আচৰণ বোৰত ৰক্ষা কৰি চলা সমানুবৰ্তিতা, নীয়মানুবৰ্ত্তিত , শৃংখলাবৰ্ত্তিত, আদিয়ে শিশুৰ মনত আনুগত্য আৰু অনুশাসন ৰ মনোভাৱ গঢ়ি তোলে। 

d. নৈতিক প্ৰভাৱ - শিশুৰ জীৱনৰ মানদণ্ড বজাই ৰখাত পৰিয়ালে সহায় কৰে। পৰিয়ালৰ লোকৰ ক্ৰিয়া আচৰণৰ ন্যায়- অন্যায়, পাপ পুণ্য, উচিত- অনুচিত আদি বিচাৰ বিবেচনা প্ৰভাৱ শিশুৰ উপৰত পৰে। কাৰণ শিশু ই ডাঙৰক অনুসৰণ কৰে। 

e. আবেগিক প্ৰভাৱ - সুস্থ গৃহ পৰিবেশে শিশুৰ আবেগিক দিশ ত প্ৰভাৱ পেলাই । মাক দেউতাক আৰু পৰিয়ালৰ অনান্য লোক সকলৰ পৰা পোৱা মৰম চেনেহ আদিয়ে শিশুক আবেগিক নিৰাপত্তা প্ৰদান কৰে।  আবেগিক ভাৱে সুস্থ হলে হে শিশু ই নিজৰ আবেগ সমূহ নিয়ন্ত্ৰণ কৰিব পৰা হয় আৰু যিটো শিশুৰ আচৰণ প্ৰকাশ পায়। সেয়েহে সুস্থ গৃহ পৰিবেশে শিশুৰ আবেগিক দিশ ক উন্নত কৰি তোলে। ই শিশুক সাহসী আৰু আত্ম নিৰ্ভৰ শিল কৰি তোলে। 

সেয়েহে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে এটা সুস্থ গৃহ পৰিবেশ বহুত প্ৰয়োজনীয়। গৃহ পৰিবেশ ত শিশু ডাঙৰ দীঘল হয় আৰু ঘৰ খন হৈছে শিশুৰ জ্ঞান আহৰণৰ প্ৰথম ঠাই। সেয়েহে শিশুৰ বিকাশত গৃহ পৰিবেশৰ ভূমিকা তাৎপৰ্য পূৰ্ণ। 

15) বাল্যকাল কাক বোলে? বাল্যকালৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃবাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে ৬ ৰ পৰা ১২ বছৰ বয়সৰ এই  সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল  আৰু শেহতীয়া বাল্যকাল । ৬-৮ বছৰ বয়সলৈ আগতীয়া বাল্যকাল  আৰু ৯-১২ বছৰ বয়স লৈ শেহতীয়া বাল্যকাল  হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক "বিদ্যালয় শিক্ষাৰ  বয়স " বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।

বাল্যকালৰ  বৈশিষ্ট্য হল -

a. দৈহিক বিকাশ - এই সময়ত শিশুৰ দৈহিক বিকাশৰ গতি শৈশৱৰ তুলনাত কিছু মন্থৰ হয় যদিও বাল্যকালৰ শেষৰ চোৱাত অৰ্থাৎ 11/12 বছৰ বয়সত পুনৰ ক্ষিপ্ৰ গতিত দৈহিক বিকাশ হয়। উচ্চতা অাৰু  ওজন বাঢ়ে । দৌৰা - জপিওৱা আদি  খেলাৰ যোগেদি আনন্দ লাভ কৰে। 

b.শিক্ষা আহৰণৰ ক্ষমতা - বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । 

c. ক্ৰিয়া- প্ৰৱণতা -ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। বাল্যকালত ক্ৰীড়া-প্ৰৱতণতা ৰ ভাৱ জাগি উঠে। এই সময়ত বহি মূৰ্খী‌ শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে। 

16) শৈশৱকালক কিয় গঠনাত্মক কাল হিচাবে কোৱা হয়? এই কালৰ শিশুসকলৰ বাবে কি কি বিশেষ যত্ন ল'ব লাগে ?

উত্তৰঃশৈশৱ কাল হৈছে শিশুৰ বিকাশৰ প্ৰথম স্তৰ। শিশুৱে জন্ম হোৱাৰ পিছত পৰা 5 বছৰ বয়সৰ কালছোৱাক শৈশৱ কাল বুলি কোৱা হয়। শৈশৱ কালত শিশুৰ   দ্ৰুত গতিত বৃদ্ধি আৰম্ভ হয়। জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰথম পাঁচ মাহতে দুগুনলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰতে ই তিনিগুণ হৈ উঠে । দেহৰ উচ্চতা বাঢ়ে । জন্মৰ পিছ ৰ পৰা অংগ সঞ্চালন ক্ষমতা  বৃদ্ধি হবলৈ ধৰে । শিশুৱে শৈশৱ কালত অনুকৰণ প্ৰিয়তা হোৱা দেখা যায়।  অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ - মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা শিকে । সকলো কথাতে শিশুৱে ডাঙৰক অনুসৰণ কৰে।  শিশুৰ দৈহিক বিকাশৰ লগতে ভাষাৰ বিকাশ শৈশব কালত হৈ উঠে । শৈশৱ কালত শিশুৰ গঠন আৰম্ভ হয় আৰু পিতৃ আৰু মাতৃ সকলে তেওঁলোকৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। শৈশৱ কালত শিশুৰ সকলো দিশতে গঠন সম্ভব হৈ উঠে বাবে শৈশৱ কালকগঠনাত্মক কাল হিচাবে কোৱা হয় । 

   শৈশৱ কালত শিশুক মৰম আৰু ভালপোৱাৰ বিশেষ প্ৰয়োজন হয়। যিহেতু শৈশৱ কালত শিশুৰ সকলো দিশৰ বিকাশ ঘটে বাবে শিশু সকলক বিশেষ ভাবে যত্ন লোৱাটো দৰকাৰী। 

a. শৈশৱ কালত শিশুৰ  দৈহিক বিকাশ দ্ৰুত গতিত হয় বাবে পিতৃ আৰু মাতৃয়ে শিশুৰ ভালদৰে দৈহিক যত্ন লব লাগে। চাফ-  চিকুন  কৈ শিশু সকলক ৰাখিব লাগে। খোৱা লোৱা ৰ প্ৰতি যত্ন কৰিব লাগে।  দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম ।

b. শৈশৱ কালত শিশু সকলৰ ভাষাৰ বিকাশ হয়। শিশু সকলে পৰিয়ালৰ সদস্য ৰ পৰা ভাষা আয়ত্ত কৰিবলৈ ধৰে। সেইবাবে পিতৃ আৰু মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য সকলেও কথা কোৱা ক্ষেত্ৰত ধ্যান দিব লগে আৰু শিশুৱে যেন ভালকৈ ভাষা আয়ত্ত কৰিব পাৰে তাৰ প্ৰতি যত্ন লব লাগে। 

c.   শৈশৱ কালত শিশু সকলে মৰমৰ প্ৰয়োজন অনুভৱ কৰে।শিশুৱে সকলোৰে পৰা মৰম বিচাৰে ।। মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । মনলৈ সাহস আহে । সেইবাবে শিশুৱে যেন মৰমৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে যত্ন লব লাগে। 

d. শিশু ই  পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিক ভাবে নিজকে নিৰাপদ বুলি ভাবে । বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় সহানুভূতি বিচাৰে ।সহায় সহানুভূতি ৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়। সেইবাবে শিশু সকলক নিৰাপত্তা প্ৰয়োজন পূৰণ কৰা বাবে পৰিয়ালৰ সদস্য সকলে যত্ন কৰিব লাগে। 

e.শিশু কৌতুহলী মনৰ হোৱা বাবে তাৰ চাৰিওফালৰ বিভিন্ন বস্তু , বিষয়,  পৰিস্থিতি আদিক জানিবলৈ ব্যগ্ৰ হৈ পৰে। এই ক্ষেত্ৰত শিশু ই ডাঙৰক‌ নানা‌ প্ৰশ্ন সুধি ব্যাতি ব্যস্ত কৰি তোলে। ডাঙৰেও ধৈয্য সহকাৰে শিশুৰ কৌতুহল পূৰণ কৰাৰ যত্ন লব  লাগে। কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ ত সহায় কৰে। সেইবাবে পৰিয়ালৰ সদস্য সকলে শিশুৰ  কৌতূহল পূৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।

    শৈশব কালত শিশুৰ সামগ্ৰিক বিকাশৰ বাবে ওপৰত উল্লেখ কৰা ধৰণে যত্ন লব লাগে। তেতিয়াহে শিশুৰ ভালকৈ গঠন সম্ভব হৈ উঠিব । 

17) বাল্যকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃমানুহৰ বিকাশৰ দ্বিতীয় স্তৰ হৈছে বাল্যকাল । বাল্যকালত শিশু সকলে লিখিব আৰু পঢ়িব জনা হৈ বাবে তেওঁলোক বিদ্যালয় যোৱা আৰম্ভ কৰে। বাল্যকাল শিক্ষা আহৰণৰ সময়। বাল্যকালৰ বৈশিষ্ট্য প্ৰতি লক্ষ্য ৰাখিহে শিক্ষাৰ ব্যবস্থা কৰিব লাগে। বাল্যকালৰ শিক্ষা ব্যবস্থা সমূহ হল -

a. বাল্যকালত শিশু বাস্তববাদি আৰু বহিমুখী হয় । গতিকে শিক্ষা ব্যৱস্থাত বাস্তৱ  অভিজ্ঞতা প্ৰদান কৰিব লাগে। সেয়েহে কামৰ মাজেদি শিক্ষা দিব লাগে।

b. এই কালছোৱাত শক্তিশালী হৈ উঠা  প্ৰবৃত্তি বিলাকৰ উন্নতি কাৰণৰ বাবে প্ৰয়োজনীয় কাৰ্য বলীৰ ব্যবস্থা কৰিব লাগে ।

c.স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান এই স্তৰত দিব লাগে। চাফ- চিকুন ৰ প্ৰতি গুৰুত্ব দিব লাগে।

e. দলীয় আনুগত্য ৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগত ভাবে খেলা- ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে। ই তেওঁলোকৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে। 

f. লৰা ছোৱালীক নিজৰ আগ্ৰহ- অভিৰুছি মতে শিক্ষা প্ৰদান কৰিব লাগে। শিক্ষক সকলে বুজা পৰা আৰু মৰম চেনেহৰ মাজেদি শিক্ষা দিব লাগে।

শিশু সকলৰ বিকাশৰ বাবে বাল্যকালৰ শিক্ষা ব্যবস্থা শিশু সকলৰ বৈশিষ্ট্য প্ৰতি গুৰুত্ব দি শিক্ষা প্ৰদান কৰিব লাগে।

18) কৈশোৰকাল কাক বোলে? কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয় ?

উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । 

আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হ'লে-  কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি কৈছে। কৈশোৰ কালত লৰা ছোৱালী দৈহিক, মানসিক, আৱেগিক আৰু যৌন জীৱনত দ্ৰুত গতিত বিকাশ হয় আৰু তাৰ ফলত লৰা ছোৱালী মাজত বহুতো পৰিৱৰ্তন ঘটে। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । সেইবাবে এই সময়ত লৰা ছোৱালী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। কৈশোৰ কালত হোৱা আৱেগিক বিকাশৰ ফলত  তেওঁলোকে নিজৰ আবেগ সমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে। যৌন জীৱনত হোৱা পৰিবৰ্তনে তেওঁলোকৰ জীৱনত এক পীড়াৰ সৃষ্টি কৰে যাৰ বাবে কিশোৰ কিশোৰী সকলে নিজৰ যৌন পীড়া কমাব বিচাৰে আৰু তাৰ বাবে কিছু মান অসত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়। যৌন জীৱনৰ অভিজ্ঞতা ৰ বাবে সৃষ্টি হোৱা এই পৰিবৰ্তনে  কিশোৰ কিশোৰী জীৱনত এক ধুমুহা আৰু পীড়াৰ  সৃষ্টি কৰি তোলে। সেইবাবে  কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয়

19) কৈশোৰকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃমানৱ জীৱনৰ ১২ ৰ প পৰা ১৮ বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী  ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে। কৈশোৰ কালত দেহ মানসিক পৰিবৰ্তন দ্ৰুত গতিত বৃদ্ধি পায় সেইবাবে কৈশোৰ অৱস্থাত কিশোৰ - কিশোৰী সকলক উপযুক্ত শিক্ষা দিয়াটো অতি প্ৰয়োজনীয়। 

 কৈশোৰ কালৰ শিক্ষাৰ  ব্যৱস্থা সমূহ হল-

a. কিশোৰ - কিশোৰীৰ আগ্ৰহ, অভিৰুছি , আভিক্ষমতা আদিৰ ভিন্নতা অনুযায়ী মাধ্যমিক স্কুলত অধিক স্বাধীনতা প্ৰদনেৰে নমনীয় আৰু বিভাজিত পাঠ্যক্ৰম ৰ ব্যবস্থা কৰিব লাগে। 

b. কৈশোৰ কালত যুৱক যুৱতী ৰ শাৰীৰিক শক্তি বৃদ্ধি পায়। সেইবাবে স্কুলত বিভিন্ন ধৰণৰ খেলা- ধূলা, ব্যায়াম, যোগ আদিৰ ব্যবস্থা কৰিব লাগে ।তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি শাৰীৰিক শিক্ষা প্ৰদান কৰিব লাগে।

c. অৱসৰ সময়ৰ সৎ ব্যবহাৰ ৰ বিষয়ে শিক্ষা দিব  লাগে। ছাত্ৰ-ছাত্ৰী ৰ মন পছন্দৰ বিষয় বা ভাল লগা ক্ৰিয়া কালাপত ব্যস্ত ৰাখিব লাগে। তাৰবাবে স্কুলত সহ- পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। 

d. কিশোৰ - কিশোৰী ক যৌন শিক্ষা প্ৰদান কৰিব লাগে । ইয়াৰ ফলত যৌন সম্বন্ধীয় ভুল ধাৰণা আৰু সমস্যা বোৰ আঁতৰ হয়। 

e.মাধ্যমিক শিক্ষাত বৃত্তিমুখি শিক্ষা প্ৰদান কৰিব লাগে । কিয়নো যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে অনুপযোগী । তেওঁলোকে বৃতিমূলক বিষয়ৰ শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত হব।

f. ছাত্ৰ-ছাত্ৰীক  সামাজিক ক্ৰিয়া কলাপৰ  জৰিয়তে সমাজ সচেতন মনোভাৱ গঢ়ি তুলিব  লাগে।  ন্যায়, সমতা, বন্ধুত্ব , সহযোগিতা , মূল্যবোধৰ শিক্ষা দিব লাগে। 

     কৈশোৰ কালৰ শিক্ষা ব্যৱস্থাত এই  দিশ সমূহ অতি গুৰুত্ব পূৰ্ণ। এই সকলো বোৰ দিশ কৈশোৰ কালৰ শিক্ষাত থকা দেশ যায়।  কিশোৰ সকলৰ সামগ্ৰিক  বিকাশ কৈশোৰ শিক্ষাৰ এই ধাৰণা সমূহ প্ৰয়োজনীয়। 

20) বাল্যকালছোৱাত প্ৰাথমিক শিক্ষা গুৰুত্ব আলোচনা কৰা ।

উত্তৰঃমানুহৰ বিকাশৰ দ্বিতীয় স্তৰ হৈছে বাল্যকাল । বাল্যকালত শিশু সকলে লিখিব আৰু পঢ়িব জনা হৈ বাবে তেওঁলোক বিদ্যালয় যোৱা আৰম্ভ কৰে। বাল্যকাল শিক্ষা আহৰণৰ সময়। বাল্যকালত শিশু সকলে স্কুল যোৱা আৰম্ভ কৰে। আৰু তেওঁলোকৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। বাল্যকালত প্ৰাথমিক শিক্ষা ৰ গুৰুত্ব অধিক। 

a. বাল্যকালত শিশুৱে প্ৰথম বাৰৰ বাবে স্কুলত যায় আৰু প্ৰাথমিক শিক্ষাই শিশুৰ প্ৰয়োজন সমূহৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰে বাবে বাল্যকালছোৱাত প্ৰাথমিক শিক্ষা গুৰুত্ব অধিক। 

b. প্ৰাথমিক শিক্ষাই খেলাৰ জৰিয়তে শিশু ক শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়ে। যিহেতু বাল্যকালত শিশু ৰ ক্ৰিয়া প্ৰবনতা অধিক হোৱা দেখা যায় বাবে প্ৰাথমিক শিক্ষা বাল্যকালৰ শিশুৰ বাবে অতি উপযোগী। 

c. প্ৰাথমিক শিক্ষাই.দলীয় আনুগত্য ৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগত ভাবে খেলা- ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিয়ে।  ই তেওঁলোকৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে বাবে বাল্যকালছোৱাত প্ৰাথমিক শিক্ষা গুৰুত্ব  অধিক । 

d. লৰা ছোৱালীক নিজৰ আগ্ৰহ- অভিৰুছি মতে শিক্ষা প্ৰদান কৰাৰ ওপৰত প্ৰাথমিক শিক্ষা গুৰুত্ব আৰোপ কৰে । শিক্ষক সকলে বুজা পৰা আৰু মৰম চেনেহৰ মাজেদি শিক্ষা দিয়ে। 

e. প্ৰাথমিক শিক্ষাই শিক্ষাৰ্থীক মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত কৰি তোলে। যিহেতু বাল্যকাল ত শিশুই লিখা আৰু পঢ়া শিকি উঠে। সেয়েহে বাল্যকালত শিশুক প্ৰাথমিক শিক্ষা ৰ জৰিয়তে ভবিষ্যতৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে পৰিপক্ক কৰি তোলা হয় ।

বাল্যকালৰ শিশু সকলৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ কৰাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। প্ৰাথমিক শিক্ষাই বাল্যকাল ৰ বৈশিষ্ট্য সমূহ আগত ৰাখি শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে। 

21) শৈশৱৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ-শৈশৱ কাল জীৱনৰ প্ৰথম স্তৰ। এই সময়ত শিশুৰ দৈহিক, মানসিক, আৱেগিক আদি বিকাশ সাধন হৈ উঠে। শিশুৰ বিকাশ আৰু দেহ মানসিক প্ৰয়োজন বোৰ লক্ষ্য ৰাখি শিক্ষাৰ ব্যবস্থা কৰিব লাগে। 

শৈশৱ কালৰ শিক্ষা ব্যবস্থা সমূহ হল -

a. শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে।

b. শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে। 

c. খেলা - ধূলা, নাচ- গান আদিৰ জৰিয়তে শিক্ষা প্ৰদান কৰিব লাগে। কাৰণ খেলা - ধূলা, নাচ- গান আদিয়ে শিশুক আনন্দ দিয়ে। ইয়াৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক দিশৰ উন্নতি সাধন হৈ উঠে।

d. শিশুৰ আশা- আকাংক্ষা, ৰুচি- অভিৰুচি আদি পূৰণ কৰিবলৈ যত্ন কৰিব লাগে। এইবোৰ যাতে সূপথে পৰিচালিত হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে। 

e. শিশুৰ চিন্তা ভাবনা, কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।

f. শিশুক মাতৃ ভাষাত প্ৰথমে শিক্ষা দিব লাগে। কাৰণ এই সময়ত শিশুৱে আয়ত্ত কৰিবলৈ শিকে মাথোন। 

  শৈশৱ কালৰ শিক্ষা ব্যবস্থা এই দিশ সমূহ সন্নিবিষ্ট কৰিব লাগে। তেতিয়াহে শিশুৰ বিকাশ সম্ভব হৈ উঠিব।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)