মানসিক জীৱনৰ শাৰীৰিক ভিত্তি


A. Very Short Type Questions :

1. সমগ্ৰ দেহ জুৰি বিয়পি থকা ইন্দ্ৰিয়টোৰ নাম লিখা ?

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰ : সমগ্ৰ দেহ জুৰি বিয়পি থকা ইন্দ্ৰিয়টোৰ নাম ছাল । 

2. শব্দৰ লগত সম্বন্ধ থকা ইন্দ্ৰয়টোৰ নাম কি ?

(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ  শব্দৰ লগত সম্বন্ধ থকা ইন্দ্ৰয়টোৰ নাম হল কাণ  ।

3. ঘ্ৰাণ সংবেদন কোনটো ইন্দ্ৰিয়ৰ লগত জড়িত?

(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ ঘ্ৰাণ সংবেদন  নাক ইন্দ্ৰিয়ৰ লগত জড়িত ।

4. গুৰু -মস্তিষ্ক  হৈছে সকলো উচ্চ পৰ্যায়ৰ মানসিক ক্ৰিয়া পৰিচালনাৰ প্ৰধান কেন্দ্ৰস্বৰূপ ?

(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ হয় ।

5. ভ্ৰান্ত প্ৰত্য়ক্ষৰ এটা উদাহৰণ দিয়া ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ ভ্ৰান্ত প্ৰত্য়ক্ষৰ এটা উদাহৰণ হল - চলি থকা ৰেল গাড়ীত বহিলে আমি সকলোৱে কাষৰ গছ- গছনি, ঘৰ দুৱাৰ আদি বস্তু বিলাক পিছলৈ লৰি লৰি যোৱা যেন দেখো । 

6. শিশু শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অনুশীলনীৰ  ওপৰত গুৰুত্ব প্ৰদান কৰা বিখ্য়াত শিক্ষাবিদগৰাকীৰ নাম লিখা ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ শিশু শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অনুশীলনীৰ  ওপৰত গুৰুত্ব প্ৰদান কৰা বিখ্য়াত শিক্ষাবিদগৰাকীৰ নাম হল - মেডাম মন্টেছৰী । 

7. শিশুৰ বাবে উপহাৰ আৰু বৃত্তিক কোনে উদ্ভাৱন কৰিছিল ?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ শিশুৰ বাবে উপহাৰ আৰু বৃত্তিক ফ্ৰবেলে উদ্ভাৱন কৰিছিল।

8. কৌতুহল খং আৱেগৰ লগত জড়িত ?  

(শুদ্ধ নে অশুদ্ধ লিখা )

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ অশুদ্ধ ।

9.  কৰ্ণিয়া কোনটো ইন্দ্ৰিয়ৰ অংশ ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃ কৰ্ণিয়া চকু  ইন্দ্ৰিয়ৰ অংশ ।

10.ঘ্ৰাণ সংবেদন কোনটো ইন্দ্ৰিয়ৰ লগত জড়িত ?

(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ  ঘ্ৰাণ সংবেদন  নাক ইন্দ্ৰিয়ৰ লগত জড়িত ।

11.  লঘুমস্তিষ্কৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ লঘুমস্তিষ্কৰ এটা প্ৰধান কাৰ্য হল - দৈহিক সংগতি সাধন, দৈহিক সমতা ৰক্ষা কৰা আৰু মাংসপেশী সমূহক  সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জ্স্য স্থাপন কৰা । 

12. অন্তৰ্মুখী বা সংবেদী স্নায়ু কাক বোলে ?

(এই প্ৰশ্নটো 2007 চনত আহিছিল)

উত্তৰঃ যিবোৰ স্নায়ুৱে ইন্দ্ৰি়য় সমূহৰ পৰা সংবেদন বা উদ্দীপনা মেৰু মজ্জা আৰু মস্তিষ্ক লৈ প্ৰেৰণ কৰে তাকে অন্তৰ্মুখী বা সংবেদী স্নায়ু  বোলে । 

13. এটা অনালী গ্ৰন্থিৰ নাম লিখা ?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ এটা অনালী গ্ৰন্থিৰ নাম হল - গল গন্থি ।

14.  মানুহৰ যৌন গ্ৰন্থিবোৰক কি বুলি জনা হয় ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃ মানুহৰ যৌন গ্ৰন্থিবোৰ  ভিতৰত ‌ পুৰুষৰ  যৌন গ্ৰন্থিবোৰক অণ্ডকোষ  আৰু মহিলাৰ  যৌন গ্ৰন্থিবোৰক ডিম্বাশয়   বুলি জনা যায়।

15. আমাৰ গ্ৰহণেন্দ্ৰিয়সতমূহৰ পৰা পোৱা যিকোনো এবিধ ইন্দ্ৰিয় অনুভূতিৰ নাম উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ আমাৰ গ্ৰহণেন্দ্ৰিয়সতমূহৰ পৰা পোৱা যিকোনো এবিধ ইন্দ্ৰিয় অনুভূতিৰ নাম কাণ । কাণ ৰ সহায়ত আমি শব্দৰ অনুভূতি লাভ কৰোঁ। 

B. SHORT TYPE QUESTIONS:

1. গ্ৰহণযন্ত্ৰ কাক বোলে ?

(এই প্ৰশ্নটো 2000 আৰু 2008 চনত আহিছিল)

উত্তৰঃ ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্ক লৈ প্ৰেৰণ কৰে। আৰু আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰি়য় সমূহকে   গ্ৰহণযন্ত্ৰ  বুলি কোৱা হয়।

2. মানুহৰ কাণৰ যিকোনো তিনিটা অংশৰ নাম লিখা ?

(এই প্ৰশ্নটো 2005 আৰু 2009 চনত আহিছিল)

উত্তৰঃ মানুহৰ কাণৰ যিকোনো তিনিটা অংশৰ নাম হল - 

১. বহিঃ কৰ্ণ 

২. কৰ্ণ পটহ

৩. কৰ্ণ পল্লৱ ।

3. সাধাকসমূহৰ বিষয়ে সংক্ষেপে লিখা?

(এই প্ৰশ্নটো 1999 চনত আহিছিল)

উত্তৰঃ পেশী আৰু গ্রন্থি সমূহক সাধক বুলি কোৱা হয় । সাধক সমূহৰ যোগেদি উদ্দিপকৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সমূহ লক্ষ্য কৰিব পাৰি । সাধক সমূহ দুই প্ৰকাৰৰ  যেনে 

১. পেশী সমূহ - মাংস পেশীৰ  সহায়ত আমাৰ শৰীৰৰ অংগ সমূহ সুচাৰু ৰূপে পৰিচালনা হয়। পেশী সমূহ উত্তেজিত হলে সংকুচিত হয় আৰু উত্তেজনা কমি গলে আগৰ অৱস্থা লৈ ঘূৰি আহে। আমাৰ শৰীৰৰ পেশী  তিনি প্ৰকাৰৰ যেনে - ১. মিহি বা অচিত্ৰিত পেশী, ২. চিত্ৰিত পেশী ,৩. হৃদ পেশী 

২. গন্থি :- গন্থি সমূহ এক প্ৰকাৰৰ সাধক। গন্থি সমূহ হৈছে আমাৰ দেহৰ বিভিন্ন ঠাইত অৱস্থিত কিছুমান ৰস উলিয়ায় দিব পৰা আধাৰ । ৰস নিঃসৰণ  কৰা হৈছে ইয়াৰ মূল কাম। গ্ৰন্থিসমূহে দেহৰ গঠন, সুস্থ্তা, কৰ্ম ক্ষমতা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশ ওপৰত প্ৰভাৱ পেলায় ।গ্ৰন্থিসমূহে এক  প্ৰকাৰৰ ৰাসায়নিক সৰল পদাৰ্থ বা ৰস নিঃ সৃত কৰে । গ্ৰন্থিসমূহক  দুটা ভাগত ভাগ কৰিব পাৰি যেনে -১. বাহিনী বা সনালি গ্ৰন্থি , ২. নিৰ্বাহিনি বা অনালি গ্ৰন্থি ।

4. মানৱ শৰীৰত থকা চীৰিটা সনালী গ্ৰন্থিৰ নাম লিখা?

(এই প্ৰশ্নটো 2003 আৰু 2009 চনত আহিছিল)

উত্তৰঃ মানৱ শৰীৰত থকা চীৰিটা সনালী গ্ৰন্থিৰ নাম হল -

১. লালটি গ্ৰন্থি।

২. ঘৰ্ম গ্ৰন্থি।

৩. মূত্ৰ গ্ৰন্থি।

৪. অশ্ৰু গ্ৰন্থি ।

5. মানৱ শৰীৰৰ যিকোনো চাৰিটা গ্ৰহণেন্দ্ৰিয়ৰ নাম -লিখা?

(এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰঃ মানৱ শৰীৰৰ যিকোনো চাৰিটা গ্ৰহণেন্দ্ৰিয়ৰ নাম হল - 

. চকু ।

২. কাণ ।

৩. নাক ।

৪. ছাল 

6. শোষক গ্ৰন্থি কি ?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ মূৰৰ ভিতৰৰ সোমাজত  শোষক গ্ৰন্থি অৱস্থিত। ইয়াৰ নাম পিটুইটিন। এই গ্ৰন্থিয়ে  সকলো অন্তঃ স্ৰাৱী  গ্ৰন্থিক নিয়ন্ত্ৰণ কৰে। শোষক গ্ৰন্থিৰ ৰসে অন্য গ্ৰন্থিক উত্তেজিত কৰে, যৌন ক্ৰিয়াক প্ৰভাৱিত কৰে। শোষক গ্ৰন্থিৰ সন্মুখৰ অংশৰ পৰা নিঃসৃত ৰসে শৰীৰৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। শোষক গ্ৰন্থিৰ প্চ্ছাদ অংশৰ পৰা ওলোৱা ৰসে মূত্ৰাশয়  আদিক সক্ৰিয় কৰি ৰাখে ।

7. কেন্দ্ৰিয় স্নায়ুতন্ত্ৰ  কি?

(এই প্ৰশ্নটো 1999 চনত আহিছিল)

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু মেৰুমজ্জাৰে গঠিত। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ  ভূমিকা গুৰুত্ব পূৰ্ণ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ মানুহৰ দেহৰ স্নায়ু সমূহ মস্তিষ্কৰ পৰা  মেৰুমজ্জা লৈ গতি কৰাত সহায় কৰে।

8. মেৰুমজ্জাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য উল্লেখ কৰা?

(এই প্ৰশ্নটো 2002 আৰু 2008 চনত আহিছিল)

উত্তৰঃ মেৰুমজ্জাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য হল -

১. অভ্যস্ত ক্ৰিয়াৰ কেন্দ্ৰ স্থল হল মেৰুমজ্জা। মেৰুমজ্জাই আমাৰ অভ্যস্ত ক্ৰিয়াসমূহ পৰিচালনা কৰে । যেনে চাইকেল চলোৱা, খোজ কঢ়া আদি।

২. মেৰুমজ্জাই  মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ মাজত সঙ্গম স্থল হিচাপে কাৰ্য কৰে।

9. প্ৰতিৱৰ্ত ক্ৰিয়া কি?

(এই প্ৰশ্নটো 2001 আৰু 2007 চনত আহিছিল)

উত্তৰঃ বাহ্যিক জগতৰ উদ্দীপকে ইন্দ্ৰিয়ৰ সহায়ত আমাৰ শৰীৰত যি উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰে তাৰ ফলত এক স্বতঃ স্ফুৰ্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাকে প্ৰতিবৰ্ত ক্ৰিয়া বুলি কোৱা হয়।  চকুত কুটা পৰিলে চকু নিজে নিজে জাপ খাই যায়। এনে ক্ৰিয়াত আমাৰ ইচ্ছই  কাম কৰিবলৈ সুযোগ নাপায়। হাঁচি মৰা, হামিওৱা, হিকটি অহা  আদি প্ৰতিবৰ্ত ক্ৰিয়াৰ উদাহৰণ ।

10. সনালী গ্ৰন্থি মানে কি ?

(এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰঃ যিবোৰ  গ্ৰন্থিয়ে  শৰীৰৰ ভিতৰত থকা অলাগতীয়াল পদাৰ্থ বাহিৰলৈ   উলিয়াই দি শৰীৰৰ  কৰ্ম ক্ষমতা অটুট ৰাখে আৰু শৰীৰক সুস্থ আৰু সৱল কৰি তোলে তাকে সনালী গ্ৰন্থি  বোলে।  সনালী গ্ৰন্থিৰ লগত সংযোজিত নলী থকা বাবে গ্ৰন্থিৰস নিঃসৰণ  হৈ সেই  নলীয়েদি শৰীৰৰ বাহিৰলৈ ওলাই আহে। উদাহৰণ - স্তন গন্থীয়ে দুগ্ধ ক্ষৰণ কৰি শিশুৰ জীৱন ৰক্ষা কৰে । 

11. মেৰুমজ্জা বুলিলে কি বুজা ?

(এই প্ৰশ্নটো 2000চনত আহিছিল)

উত্তৰঃ আমাৰ ৰাজহাড়ৰ বা মেৰুদণ্ডৰ ভিতৰত থকা কোমল বগা আৰু ধূসৰ পদাৰ্থকে মেৰুমজ্জা বোলে। ধূসৰ পদাৰ্থ স্নায়ুকোষ আৰু বগা পদাৰ্থ স্নায়ুতন্ত্ৰ ৰে গঠিত। মেৰুমজ্জা ৰাজহাড়ৰ ভিতৰৰে আহি মগজুত মিলিছে। ৰাজহাড় ৩৩/৩৪ পৃথক খণ্ড অস্থিৰে গঠিত । অস্থি খণ্ডৰ ভিতৰ খন ফোপোলা। এই ফোপোলা অংশত মেৰুমজ্জা থাকে। 

12. কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ প্ৰধান দুটা ভাগৰ নাম লিখা ?

(এই প্ৰশ্নটো 2004 আৰু 2009 চনত আহিছিল)

উত্তৰঃ কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ প্ৰধান দুটা ভাগৰ নাম হল - 

১. মস্তিষ্ক 

২.  মেৰুমজ্জা

13.মস্তিষ্ক মানে কি?

(এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰঃ  মূৰৰ লাও খোলাৰ ভিতৰত থকা বগা আৰু কোমল পদাৰ্থ খিনিকে মস্তিষ্ক বুলি কোৱা হয়। মস্তিষ্ক আমাৰ শৰীৰৰ এক কতৃত্বশীল অংশ মস্তিষ্কৰ নিৰ্দেশ মতে শাৰীৰিক ক্ৰিয়া কলাপ বোৰ সম্পাদিত হয়। আমাৰ সকলো প্ৰকাৰৰ সংবেদনাত্মক স্থান মস্তিষ্কত অবস্থিত।

14. গলগ্ৰন্থি মানে কি? 

(এই প্ৰশ্নটো 2000 আৰু 2010 চনত আহিছিল)

উত্তৰঃ আমাৰ শ্বাস নলীৰ দুয়োকাষে গলগ্ৰন্থি অবস্থিত । গলগ্ৰন্থিৰ স্বাভাৱিক ক্ৰিয়াই ব্যাক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে। ব্যাক্তিৰ মুখ মণ্ডল ত বৃদ্ধি আৰু সৌন্দৰ্যৰ চাপ পৰে ইয়াৰ ৰস কম পৰিমাণে ওলালে চুলি ছাল আদি ৰোগ গ্ৰস্ত হোৱা দেখা যায়। গলগ্ৰন্থিৰ ৰস অধিক নিঃসৰণ হলে শৰীৰত ৰাসায়নিক ক্ৰিয়া বৃদ্ধি পায়, ৰক্ত চাপ বাঢ়ে, অনিদ্ৰা, স্নায়বিক দুৰ্বলতা আদিয়ে দেখা দিয়ে ।

15. ব্য়ক্তিত্ব বিকাশত অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ ভূমিকা চমুকৈ বৰ্ণনা কৰা ?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ  অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা ওলোৱা গন্থিৰসক হৰমোন বুলি কোৱা হয়। অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা যি হৰমোন নিঃসৰণ হয় সি আমাৰ শৰীৰৰ তেজত মিলি গৈ সমগ্ৰ শৰীৰতে বিয়পি পৰে। এই গ্ৰন্থি ৰসে শৰীৰত এক দেহ ৰসয়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই ক্ৰিয়াৰ ওপৰত ব্যাক্তিৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে। আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত হৰমোনৰ ভূমিকা গুৰুত্বপূৰ্ণ। অন্ত:ক্ষৰা গ্ৰন্থিসমূহে শৰীৰৰ অভ্যন্তৰীণ যন্ত্ৰ সমূহৰ ক্ৰিয়াৰ মাজত সমন্বয় সাধন কৰি সেই সমূহৰ সু - সংবব্ধ ক্ৰিয়া পৰিচালনা কৰাত হৰমোন সহায় কৰে। অন্ত:ক্ষৰা গ্ৰন্থিসমূহে দেহৰ গঠন, সুস্থ্তা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশত প্ৰভাৱ পেলায় । 

16. মানৱ গ্ৰন্থিসমূহৰ চাৰিটা কাৰ্যাৱলী উল্লেখ কৰা?

(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ  মানৱ গ্ৰন্থিসমূহৰ চাৰিটা কাৰ্যাৱলী হল - 

১.  মানৱ গ্ৰন্থিসমূহে দেহৰ গঠন , সুস্থ্তা,  কৰ্ম ক্ষমতা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশ সাধন কৰে।

২. গ্ৰন্থিসমূহৰ সহযোগত মানব দেহত ৰসয়নিক ক্ৰিয়াৰ সৃষ্টি হয় আৰু তাৰ ফলত আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ ঘটে।

. মানৱ গ্ৰন্থিসমূহে শৰীৰৰ ভিতৰত থকা অলাগতীয়াল পদাৰ্থ বাহিৰলৈ   উলিয়াই দি শৰীৰৰ  কৰ্ম ক্ষমতা অটুট ৰাখে আৰু শৰীৰক সুস্থ আৰু সৱল কৰি ৰখাত সহায় কৰে।

৪. মানৱ গ্ৰন্থিসমূহে শৰীৰৰ বহিঃ আৰু অন্ত ভাগত অনুভৱ কৰা উদ্দীপনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশৰ মাধ্যম হিচাপে কাম কৰে । 

17. অধ:মস্তিষ্কৰ তিনিটা কাৰ্য উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

উত্তৰঃ অধ:মস্তিষ্কৰ তিনিটা কাৰ্য হল -

১.অধ:মস্তিষ্কই মেৰুমজ্জাৰ পৰা মস্তিষ্কলৈ প্ৰবেশ কৰা সমূহৰ গমন পথ হিচাপে কাৰ্য কৰে । 

২. হাঁচি মাৰা, কাঁহ উঠা  লালটি নিঃসৰণ হোৱা  শ্বাস ক্ৰিয়া আদি অধ:মস্তিষ্ক ই নিয়ন্ত্ৰণ কৰে।

.অধ:মস্তিষ্ক মানৱ শৰীৰত  তেজ সঞ্চালন কৰাত সহায় কৰে।

18. জৈৱিক অথবা আঙ্গিক সংবেদন কি?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ পাকস্থলীৰ পেশী সমূহৰ ক্ৰিয়া প্ৰক্ৰিয়া আৰু দৈহিক পৰিবৰ্তন ৰ ফলত যি সংবেদনৰ সৃষ্টি হয় তাকে জৈৱিক বা আঙ্গিক সংবেদন বোলে । ক্ষুধা আৰু তৃষ্ণা হল জৈৱিক সংবেদনৰ উদাহৰণ ।

19. কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ তিনিটা প্ৰধান কাৰ্য উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2008 আৰু 2009 চনত আহিছিল)

উত্তৰঃ  কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ তিনিটা প্ৰধান কাৰ্য হল -

১. কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ প্ৰধান কাৰ্য হল . স্নায়ুতন্ত্ৰ সমূহৰ পৰা সংবেদনত্মক তথ্য আৰু জ্ঞান সমূহ আহৰণ কৰা ।

২.কেন্দ্ৰিয় স্নায়ুতন্ত্ৰই শৰীৰৰ প্ৰতিক্ৰিয়া সমূহ নিয়ন্ত্ৰন কৰে ।

৩.কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ প্ৰধান কাৰ্য হল  শৰীৰৰ  বিভিন্ন অংশ সমূহৰ পৰা তথ্য সমূহ আহৰণ কৰি শাৰীৰিক প্ৰতিক্ৰিয়া সমূহ উৎপাদন কৰা ।

৪ .  আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ পৰিবৰ্তন বিষয়ে  তথ্য প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ।

20. জিভাই প্ৰভেদ অনুভব কৰিব পৰা তিনি প্ৰকাৰৰ স্বাদ উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃ জিভাই প্ৰভেদ অনুভব কৰিব পৰা তিনি প্ৰকাৰৰ স্বাদ হল-

১. মিঠা ।

২. টেঙা ।

. তিতা ।

21. সনালী গ্ৰন্থিৰ দুটা প্ৰকাৰৰ নাম লিখা?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ সনালী গ্ৰন্থিৰ দুটা প্ৰকাৰৰ নাম  হল - 

১. লালটি গ্ৰন্থি।

২.মূত্ৰ গ্ৰন্থি।

22. মেৰুমজ্জাৰ দুটা প্ৰধান কাৰ্য উল্লেখ কৰা?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ মেৰুমজ্জাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য হল -

১. অভ্যস্ত ক্ৰিয়াৰ কেন্দ্ৰ স্থল হল মেৰুমজ্জা। মেৰুমজ্জাই আমাৰ অভ্যস্ত ক্ৰিয়াসমূহ পৰিচালনা কৰে। যেনে চাইকেল চলোৱা, খোজ কঢ়া আদি।

২. মেৰুমজ্জাই  মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ মাজত সঙ্গম স্থল হিচাপে কাৰ্য কৰে।

23. মানৱ মস্তিষ্কৰ চিত্ৰ আকিঁ তাৰ প্ৰধান অংশকেইটা দেখুওৱা?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰ :- do by own 

24. লঘুমস্তিষ্কৰ দুটা প্ৰধান কাৰ্য লিখা ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ লঘুমস্তিষ্কৰ দুটা প্ৰধান কাৰ্য হল - 

১. দৈহিক সংগতি সাধন, দৈহিক সমতা ৰক্ষা কৰা আৰু মাংস পেশীসমূহক সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জস্য স্থাপন কৰা লঘুমস্তিষ্কৰ প্ৰধান কাৰ্য ।

২. খোজ কঢ়া, কথা কোৱা আদি  অভ্যাস সিদ্ধ কাম বোৰ নিয়ন্ত্ৰন কৰাটো লঘুমস্তিষ্কৰ এক গুৰুত্বপূৰ্ণ কাৰ্য । 

25. মানুহৰ চকুৰ যিকোনো চাৰিটা অংশৰ নাম লিখা?

(এই প্ৰশ্নটো 2004 আৰু 2010 চনত আহিছিল)

উত্তৰঃ মানুহৰ চকুৰ যিকোনো চাৰিটা অংশৰ নাম হল - 

১. চকুৰ মণি ।

২. কৰ্ণিকা।

৩. অক্ষিমুকু ।

৪. অক্ষিপট।

26. সংপপ্ৰত্য়য়ন বুলিলে কি বুজা?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ  সংবোধনৰ উন্নত মানসিক স্তৰকে  সংপ্রত্যয়ন বোলে। পূৰ্বৰ জ্ঞান অভিজ্ঞতা সুসংবদ্ধ হোৱাৰ পিছত আমাৰ মনত এটা সাধাৰণ ধাৰণা গঢ়ি উঠে  তাকে সংপ্রত্যায়ন বোলে। যেনে  মানুহ, গৰু, মেকুৰী সূৰ্য আদিৰ বিষয়ে এক সুসংবদ্ধ ধাৰণা গঢ় লৈ উঠে ।সংপ্রত্যয়ন  গঠন হৈছে এক ক্ৰম বদ্ধমান প্ৰক্ৰিয়া।

27. মানুহৰ তিনি বিধ স্নায়ুতন্ত্ৰৰ নাম লিখা?

(এই প্ৰশ্নটো 2006 আৰু 2010 চনত আহিছিল)

উত্তৰঃ মানুহৰ তিনি বিধ স্নায়ুতন্ত্ৰৰ নাম হল  -

১. কেন্দ্ৰীয় বা প্ৰধান স্নায়ুতন্ত্ৰ।

২. স্বয়ং ক্ৰিয় স্নায়ুতন্ত্ৰ।

৩. প্ৰান্ত বৰ্তি স্নায়ুতন্ত্ৰ।

28. জিভাৰ  কাৰ্য প্ৰণালীৰ বিষয়ে চমুকৈ লিখা ?

(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ জিভাৰ আগ অংশত মিঠা, তাৰ উপৰৰ দুয়ো কাষে লুণীয়া, মাজ ভাগত টেঙা আৰু ভিতৰ ফালে তিতা স্বাদ থকা স্বাদ কোষ থাকে। জিভাৰ উপৰি ভাগত দানাৰ দৰে ক্ষুদ্ৰ বিন্দুৰ নিচিনা স্বাদ কলি থাকে। ইয়াৰ ভিতৰত যিবোৰ স্বাদকোষক আছে সেইবোৰে স্বাদ গ্ৰহণৰ কাম কৰে। স্বাদ কলি বোৰ হৈছে স্বাদ গ্ৰহণৰ ঘাই ইন্দ্ৰি়য়।স্বাদ কোষৰ পৰা  ওলোৱা স্নায়ু সূত্ৰৰে গঠিত স্নায়ু ডালক স্বাদ গ্ৰাহি স্নায়ু বোলে। আহাৰ খালে স্বাদ কোষৰ পৰা নিঃসৃত হোৱা এবিধ ৰসাল পদাৰ্থ ৰ লগত মিহলি হয় আৰু লগে লগে স্বাদবাহি স্নায়ুত উদ্দীপনা ৰ সৃষ্টি হয়। সেই উদ্দীপনা মস্তিষ্ক লৈ প্ৰবাহিত হয় আৰু তেতিয়া আমি স্বাদ সম্পৰ্কীয় সংবেদন লাভ কৰোঁ ।

29.মেৰুদণ্ডৰ বিষয়ে চমুকৈ লিখা?

(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ আমাৰ ৰাজহাড়ৰ বা মেৰুদণ্ডৰ ভিতৰত থকা কোমল বগা আৰু ধূসৰ পদাৰ্থকে মেৰুমজ্জা বোলে। ধূসৰ পদাৰ্থ স্নায়ুকোষ আৰু বগা পদাৰ্থ স্নায়ুতন্ত্ৰ ৰে গঠিত। মেৰুমজ্জা ৰাজহাড়ৰ ভিতৰৰে আহি মগজুত মিলিছে। ৰাজহাড় ৩৩/৩৪ পৃথক খণ্ড অস্থিৰে গঠিত। অস্থি খণ্ডৰ ভিতৰ খন ফোপোলা। এই ফোপোলা অংশত মেৰুমজ্জা থাকে। মেৰুদণ্ড ২৭ ডোখৰ অস্তি খণ্ডৰ মাজেদি আহি অধঃ মস্তিষ্কত মিলিত হৈছে । 

30.গুৰুমস্তিষ্কৰ দুটা প্ৰধান কাৰ্য লিখা ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল) 

উত্তৰঃ গুৰুমস্তিষ্কৰ দুটা প্ৰধান কাৰ্য হল -

১.  গুৰুমস্তিষ্কৰ প্ৰধান কাৰ্য হল সংবেদন, কল্পনা, চিন্তা ইচ্ছা, বিচাৰ -বুদ্ধিৰ কাম , আবেগ, স্মৃতি মনোযোগ আদি সকলো কাৰ্য সম্পাদন কৰা।

২. মেৰু মজ্জা, মস্তিষ্কবৃন্ত , লঘুমস্তিষ্কৰ, আৰু অন্যান্য স্নায়ু কোষ বা নিউৰণৰ মাজত যি ক্ৰিয়া সংঘটিত হয়  গুৰুমস্তিষ্ক ই সেইবোৰৰ আৰম্ভ সূচক কাম কৰে, বাধা দিয়ে আৰু সংযুক্ত বা পৃথক কৰে ।


C. Essay Type Question:

1. বেয়া অভ্য়াস আঁতৰোৱাৰ চাৰিটা উপায় আলোচনা কৰা?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ  অভ্যাস হল এক স্বয়ংক্ৰিয় আৰু যান্ত্ৰিক প্ৰক্ৰিয়া। স্ব ইচ্ছাৰে একেৰাহে বহুত বাৰ কৰা কামবিলাক শেষত স্বয়ংক্ৰিয় আৰু যান্ত্ৰিক ৰূপত পৰিণত হয়। এনে কামবোৰ আপোনা আপুনি হৈ উঠে।  এনেদৰে  সম্পাদন হোৱা কামকে অভ্যাসলব্ধ  কাম বুলি কোৱা হয়।

বেয়া অভ্য়াস আঁতৰোৱাৰ চাৰিটা উপায় হল  -

১. লৰা ছোৱালীক পৰিষ্কাৰ পৰিছন্নত আৰু স্বাস্থ্য চৰ্চাৰ লগতে স্বাস্থ্য ৰক্ষাৰ জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।

২. লৰা ছোৱালীৰ দেহ মন প্ৰচুৰ শাৰীৰিক আৰু মানসিক শক্তিৰে ভৰপূৰ। শিক্ষানুষ্ঠানৰ লগতে পৰিয়ালবোৰত খেল ধেমালিৰ লগতে আন আন সহ পাঠ্যক্ৰম কাৰ্য সুচিৰ প্ৰয়োগ সফল কৰি তুলিব লাগিব।

৩. লৰা ছোৱালী সাধাৰণতে অনুকৰণ কৰি ভাল পায়। তেওঁলোকে সজ্ঞান আৰু অজ্ঞান দুয়োটা ধাৰণাৰে অনুকৰণ কৰে যদিও অজ্ঞান অনুকৰণৰ প্ৰভাৱ লৰা ছোৱালীৰ জীৱনত অধিক।

৪. লৰা ছোৱালীৰ বিকাশত শাস্তি আৰু পুৰস্কাৰৰ প্ৰভাৱ বিশেষ ভাবে মনকৰিব লগীয়া। শাস্তি আৰু পুৰস্কাৰৰ উপযুক্ত ব্যবহাৰে লৰা ছোৱালীক কি কাম ভাল কি কাম বেয়া, সেই বিষয়ে বুজাই দিয়ে। 

     এনে দিশ সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিলেহে শিক্ষক আৰু অভিভাৱক সকলে শিশুৰ বেয়া অভ্যাস আঁতৰ কৰাত সফল হৈ উঠিব ।

  2. গ্ৰহণেন্দ্ৰিয় বুলিলে কি বুজা? আমাৰ মানসিক জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত গ্ৰহনেন্দ্ৰিয়সমূহৰ ভূমিকা আলোচনা কৰা  ?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্ক লৈ প্ৰেৰণ কৰে। আৰু আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰি়য় সমূহকে গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয়। চকু, কাণ নাক, জিভা, ছাল হৈছে আমাৰ প্ৰধান ইন্দ্ৰি়য়। ইন্দ্ৰি়য় সমূহৰ প্ৰতেকৰে বেলেগ বেলেগ উদ্দিপক আছে। সেইবাবে আমাৰ সংবেদনাত্মক অনুভূতি বেলেগ হয় । 

আমাৰ মানসিক জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত গ্ৰহনেন্দ্ৰিয়সমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গ্ৰহনেন্দ্ৰিয়সমূহৰ অবিহনে আমি কোনো কাম কৰিব নোৱাৰো। আৰু কোনো ধৰণৰ সংবেদনাত্মক অনুভূতি লাভ কৰিব নোৱাৰো। আমাৰ মানসিক জীৱন গঢ় দিয়াৰ লগতে আমাৰ আচৰণ প্ৰকাশৰ ক্ষেত্ৰত গ্ৰহনেন্দ্ৰিয়সমূহৰ ভূমিকা অপৰিসীম। আমাৰ ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্ক লৈ প্ৰেৰণ কৰে। ইন্দ্ৰি়য় সমূহকে  গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয়।  মানসিক জীৱনত আমাৰ প্ৰধান ইন্দ্ৰি়য় সমূহৰ  ভূমিকা হল -

১. চকু :- চকুৰ উদ্দিপক হৈছে পোহৰ। চকু হৈছে শ্ৰেষ্ঠ আৰু প্ৰয়োজনীয়  ইন্দ্ৰি়য়। চকুৰ জৰিয়তে আমি পৰিবেশৰ উদ্দীপক সমূহ দেখা পাওঁ। যিকোনো বস্তু দৃষ্টি গোচৰ কৰি বিভিন্ন কাৰ্য সমাপন কৰাত চকুৱে আমাক সহায় কৰে। 

২. কাণ :- জ্ঞান আহৰণ ৰ প্ৰধান  গ্ৰহণেন্দ্ৰিয় হল কাণ আৰু চকু। কাণ ৰ উদ্দীপক শব্দ। কানৰ সহায়ত আমি শব্দৰ সংবেদন লাভ কৰোঁ। শব্দ গ্ৰহন কৰি দৈনন্দিন জীৱনত কাৰ্য কৰাত কানে আমাক সহায় কৰে।

৩. নাক :- নাকৰ উদ্দীপক বাস্পীয় পদাৰ্থ । নাকৰ সহায়ত আমি গোন্ধ পাওঁ। ঘ্ৰাণ সংবেদন লাভ কৰি বস্তুৰ চিনাক্ত কৰিবলৈ নাকে আমাক সহায় কৰে। 

৪. জিভা :- জিভাৰ উদ্দীপক দ্ৰবনীয় পদাৰ্থ। জিভাৰ সহায়ত আমি স্বাদ পাওঁ। মিঠা, টেঙা, তিতা, লুণীয়া আদি স্বাদ ৰ সংবেদন আমি জিভাৰ সহায়ত পাব পাৰোঁ। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জিভাই আমাক সহায় কৰে।

৫. ছাল - ছালৰ উদ্দীপক হৈছে অভিযান্তিক চাপ নাইবা শীত তাপ সম্বন্ধীয় শক্তি। ছালৰ সহায়ত আমি স্পৰ্শ সংবেদন লাভ কৰোঁ । আমি  শৰীৰত আঘাত পালে ছালৰ সহায়ত জ্ঞান লাভ কৰি উঠো।

    গ্ৰহণেন্দ্ৰিয় সমূহে আমাক সংবেদন লাভ কৰাত সহায় কৰে লগতে মানসিক দিশ সমূহৰ বিকাশ সাধন কৰে। গ্ৰহণেন্দ্ৰিয় অবিহনে মানুহে কোনো কাৰ্য সম্পদন কৰিব  নোৱাৰে । 

3. মগজুৰ চাৰিটা প্ৰধাান অংশৰ নাম লিখা?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ মূৰৰ লাও খোলাৰ ভিতৰত থকা বগা আৰু কোমল পদাৰ্থ খিনিকে মস্তিষ্ক বুলি কোৱা হয়। মস্তিষ্ক আমাৰ শৰীৰৰ এক কতৃত্বশীল অংশ মস্তিষ্কৰ নিৰ্দেশ মতে শাৰীৰিক ক্ৰিয়া কলাপ বোৰ সম্পাদিত হয়। আমাৰ সকলো প্ৰকাৰৰ সংবেদনাত্মক স্থান মস্তিষ্কত অবস্থিত। স্বাভাৱিকতে এজন মানুহৰ  মগজুৰ ওজন পৰিমাণ ১৪৫০ গ্ৰাম হয় । মগজুৰ প্ৰধান ভাগ চাৰিটা হল -

১. গুৰু মস্তিষ্ক গুৰু মস্তিষ্ক হৈছে সৰ্ব বৃহৎ আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ অংশ। গুৰু মস্তিষ্ক দুটা সমান গোলাৰ্ধত ভাগ কৰা হৈছে। গুৰু মস্তিষ্ক ধূসৰ আৰু বগা পদাৰ্থৰে গঠিত। গুৰু মস্তিষ্ক আৱৰণৰ ভিতৰত অসংখ্য সৰু সৰু ৰেখা বা ফাট আছে। এই ভাঁজ যিমানে বেছি হয় সিমানে মানুহৰ বুদ্ধিৰ পৰিমাণ বেছি হয়। গুৰুমস্তিষ্কৰ প্ৰধান কাৰ্য হল সংবেদন, কল্পনা, চিন্তা ইচ্ছা , বিচাৰ -বুদ্ধিৰ কাম, আবেগ, স্মৃতি মনোযোগ আদি সকলো কাৰ্য সম্পাদন কৰা।

২. অধ:মস্তিষ্ক:- ৰাজহাড়ৰ ভিতৰত থকা মেৰুমজ্জা আয়তনত ডাঙৰ হৈ মূৰত প্ৰবেশ কৰিছে আৰু এই ডাঙৰ অংশ টোকে অধঃমস্তিষ্ক বোলে । মেৰু মজ্জা আৰু মস্তিষ্কক অধ:মস্তিষ্কই সংযোগ কৰিছে। ই ধূসৰ আৰু বগা পদাৰ্থৰে গঠিত। মেৰুমজ্জাৰ পৰা মস্তিষ্কলৈ প্ৰবেশ কৰা সমূহৰ গমন পথ হিচাপে কাৰ্য কৰে।  হাঁচি মাৰা, কাঁহ উঠা  লালটি নিঃসৰণ হোৱা  শ্বাস ক্ৰিয়া আদি অধ:মস্তিষ্ক ই নিয়ন্ত্ৰণ কৰে।

. সেতু মস্তিষ্ক:- দেখিবলৈ সেতুৰ নিচিনা বাবে ইয়াত নাম সেতু মস্তিষ্ক ।অধ:মস্তিষ্কৰ ওপৰত ই অবস্থিত। লঘু মস্তিষ্কৰ দুটা অংশক সেতু মস্তিষ্ক ই সংযোগ কৰে বাবে ইয়াক যোজক বুলি কোৱা হয়। প্ৰমস্তিষ্কৰ পৰা অহা স্নায়ু বোৰে সেতু মস্তিষ্কৰ মাজেৰে শৰীৰৰ বিভিন্ন অংশ লৈ বিয়পি গৈছে ।

৪. লঘু মস্তিষ্ক :- অধঃমস্তিষ্কৰ ওপৰ ভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশ টোকে  লঘু মস্তিষ্ক বোলে। ইয়াৰ দুটা অংশ আছে আৰু এই অংশ দুটা আকৌ সেতু মস্তিষ্ক দ্বাৰা সংলগ্ন। দৈহিক সংগতি সাধন , দৈহিক সমতা ৰক্ষা কৰা আৰু মাংস পেশীসমূহক সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জস্য স্থাপন কৰা লঘুমস্তিষ্কৰ প্ৰধান কাৰ্য।খোজ কঢ়া, কথা কোৱা আদি  অভ্যাস সিদ্ধ কাম বোৰ নিয়ন্ত্ৰন কৰাটো লঘুমস্তিষ্কৰ এক গুৰুত্বপূৰ্ণ কাৰ্য । 

মগজুৰ প্ৰতিটো অংশৰ কিছুমান নিজস্ব বৈশিষ্ট্য আছে যিবোৰ আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য কলাপত বিশেষ ভূমিকা গ্ৰহণ কৰে।

4. সাধক দুবিধৰ নাম লিখা । এইবোৰে মানৱ ব্য়ক্তিত্বৰ বিকাশত কিদৰে প্ৰভাৱ পেলায়?

(এই প্ৰশ্নটো 2007 চনত আহিছিল)

উত্তৰঃ পেশী আৰু গ্রন্থি সমূহক সাধক বুলি কোৱা হয়। সাধক সমূহৰ যোগেদি উদ্দিপকৰ প্ৰভাৱত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সমূহ লক্ষ্য কৰিব পাৰি। সাধক সমূহ দুই প্ৰকাৰৰ  যেনে 

. পেশী সমূহ - মাংস পেশীৰ  সহায়ত আমাৰ শৰীৰৰ অংগ সমূহ সুচাৰু ৰূপে পৰিচালনা হয়। পেশী সমূহ উত্তেজিত হলে সংকুচিত হয় আৰু উত্তেজনা কমি গলে আগৰ অৱস্থা লৈ ঘূৰি আহে।  আমাৰ শৰীৰৰ পেশী  তিনি প্ৰকাৰৰ যেনে - ১. মিহি বা অচিত্ৰিত পেশী , ২. চিত্ৰিত পেশী ,৩. হৃদ পেশী 

. গন্থি :- গন্থি সমূহ এক প্ৰকাৰৰ সাধক। গন্থি সমূহ হৈছে আমাৰ দেহৰ বিভিন্ন ঠাইত অৱস্থিত কিছুমান ৰস উলিয়ায় দিব পৰা আধাৰ । ৰস নিঃসৰণ  কৰা হৈছে ইয়াৰ মূল কাম। গ্ৰন্থিসমূহে এক  প্ৰকাৰৰ ৰাসায়নিক সৰল পদাৰ্থ বা ৰস নিঃ সৃত কৰে। গ্ৰন্থিসমূহক  দুটা ভাগত ভাগ কৰিব পাৰি যেনে -

১. বাহিনী বা সনালি গ্ৰন্থি , 

২. নিৰ্বাহিনি বা অনালি গ্ৰন্থি ।

৩. মানৱ ব্য়ক্তিত্বৰ বিকাশত সাধক সমূহে এক গুৰুতত্বপূৰ্ন ভুমিকা পালন কৰা দেখা যায়। পেশীৰ সহায়ত দেহ যন্ত্ৰৰ কাম সুচাৰু ৰূপে চলে। গ্ৰন্থিসমূহে দেহৰ গঠন , সুস্থ্তা,  কৰ্ম ক্ষমতা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশ ওপৰত প্ৰভাৱ পেলায়। গ্ৰন্থিসমূহে এক প্ৰকাৰৰ ৰাসায়নিক সৰল পদাৰ্থ বা ৰস নিঃসৃত কৰে আৰু এই ৰাসায়নিক তৰল পদাৰ্থ আমাৰ শৰীৰৰ গঠন আৰু ব্যক্তিত্ব বিকাশৰ বাবে অতি প্ৰয়োজনীয়। মাংস পেশী আৰু গ্ৰন্থিসমূহৰ সহযোগত দেহত ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি আৰু তাৰ ফলতে আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভব হয়। পেশী সমূহৰ সংকোচন আৰু প্ৰসাৰণে শৰীৰৰ অভ্যন্তৰীণ ক্ৰিয়া সমূহ নিয়াৰিকৈ চলোৱাত সহায় কৰিবলৈ। বিভিন্ন  গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা গ্ৰন্থিৰস সমূহে খাদ্য হজম কৰাত সহায় কৰে আৰু কিছুমান গ্ৰন্থিৰস ৰক্ত সঞ্চালন, আৰু শৰীৰৰ দূষিত, অপ্ৰয়োজনীয় পদাৰ্থ  নিঃসৰণ কাৰ্য ত সহায় কৰে। মানৱ গ্ৰন্থিসমূহে শৰীৰৰ ভিতৰত থকা অলাগতীয়াল পদাৰ্থ বাহিৰলৈ উলিয়াই দি শৰীৰৰ  কৰ্ম ক্ষমতা অটুট ৰাখে আৰু শৰীৰক সুস্থ আৰু সৱল কৰি ৰখাত সহায় কৰে। গ্ৰন্থিসমূহৰ পৰা ওলোৱা গন্থিৰসক হৰমোন বুলি কোৱা হয়। অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা যি হৰমোন নিঃসৰণ হয় সি আমাৰ শৰীৰৰ তেজত মিলি গৈ সমগ্ৰ শৰীৰতে বিয়পি পৰে। এই গ্ৰন্থি ৰসে শৰীৰত এক দেহ ৰসয়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই ক্ৰিয়াৰ ওপৰত ব্যাক্তিৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে। 

    গতিকে কব পাৰি যে ব্যাক্তিৰ ব্যক্তিত্ব বিকাশত  সাধক সমূহৰ ভুমিকা অনবদ্য। প্ৰতিটো সাধকৰ নিজস্ব কিছুমান কাৰ্য আছে যিবোৰ লগ লাগি ব্যক্তিত্ব বিকাশত বৰঙণি আগবঢ়াই।

5. মেৰুমজ্জাৰ চাৰিটা প্ৰধান কাৰ্যৰ বিষয়ে চমুকৈ লিখা?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ  আমাৰ ৰাজহাড়ৰ বা মেৰুদণ্ডৰ ভিতৰত থকা কোমল বগা আৰু ধূসৰ পদাৰ্থকে মেৰুমজ্জা বোলে। ধূসৰ পদাৰ্থ স্নায়ুকোষ আৰু বগা পদাৰ্থ স্নায়ুতন্ত্ৰ ৰে গঠিত। মেৰুমজ্জা ৰাজহাড়ৰ ভিতৰৰে আহি মগজুত মিলিছে। ৰাজহাড় ৩৩/৩৪ পৃথক খণ্ড অস্থিৰে গঠিত। অস্থি খণ্ডৰ ভিতৰ খন ফোপোলা। এই ফোপোলা অংশত মেৰুমজ্জা থাকে। 

মেৰু মজ্জাৰ প্ৰধান কাম হল -

১. অভ্যস্ত ক্ৰিয়াৰ কেন্দ্ৰ স্থল হল মেৰুমজ্জা। মেৰুমজ্জাই আমাৰ অভ্যস্ত ক্ৰিয়াসমূহ পৰিচালনা কৰে। যেনে চাইকেল চলোৱা, খোজ কঢ়া আদি।

২. মেৰুমজ্জাই  মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ মাজত সঙ্গম স্থল হিচাপে কাৰ্য কৰে।

৩. মেৰু মজ্জাক পৰিবহণ পথ বুলি কোৱা হয় কাৰণ মেৰু মজ্জাৰ মাজেদি অসংখ্য অন্তবাৰ্হি স্নায়ু মস্তিষ্কৰ বিভিন্ন সংবেদন কেন্দ্ৰ লৈ পৰিবাহিত হৈছে আৰু মস্তিষ্কৰ পৰাও অসংখ্য অন্তবাৰ্হি স্নায়ু মেৰুমজ্জাৰ মাজেৰে শৰীৰৰ বিভিন্ন পেশী আৰু গ্ৰন্থি সমূহত বিয়পি পৰিছে ।

৪. মেৰু মজ্জা প্ৰতিবৰ্ত ক্ৰিয়াৰ নিয়ন্ত্ৰক। বাহ্যিক জগতৰ উদ্দীপকে ইন্দ্ৰিয়ৰ সহায়ত আমাৰ শৰীৰত যি উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰে তাৰ ফলত এক স্বতঃ স্ফুৰ্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় তাকে প্ৰতিবৰ্ত ক্ৰিয়া বুলি কোৱা হয়। হাঁচি মৰা, হামিওৱা, হিকটি অহা  আদি প্ৰতিবৰ্ত ক্ৰিয়াৰ উদাহৰণ ।

6. মস্তিষ্ক কাক বোলে? মস্তিষ্কৰ বিভিন্ন ভাগবোৰ চমুকৈ আলোচনা কৰা ?

(এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ মূৰৰ লাও খোলাৰ ভিতৰত থকা বগা আৰু কোমল পদাৰ্থ খিনিকে মস্তিষ্ক বুলি কোৱা হয়। মস্তিষ্ক আমাৰ শৰীৰৰ এক কতৃত্বশীল অংশ মস্তিষ্কৰ নিৰ্দেশ মতে শাৰীৰিক ক্ৰিয়া কলাপ বোৰ সম্পাদিত হয়। আমাৰ সকলো প্ৰকাৰৰ সংবেদনাত্মক স্থান মস্তিষ্কত অবস্থিত। স্বাভাৱিকতে এজন মানুহৰ  মগজুৰ ওজন পৰিমাণ ১৪৫০ গ্ৰাম হয় । মগজুৰ প্ৰধান ভাগ চাৰিটা হল -

১. গুৰু মস্তিষ্ক:- গুৰু মস্তিষ্ক হৈছে সৰ্ব বৃহৎ আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ অংশ। গুৰু মস্তিষ্ক দুটা সমান গোলাৰ্ধত ভাগ কৰা হৈছে। গুৰু মস্তিষ্ক ধূসৰ আৰু বগা পদাৰ্থৰে গঠিত। গুৰু মস্তিষ্ক আৱৰণৰ ভিতৰত অসংখ্য সৰু সৰু ৰেখা বা ফাট আছে। এই ভাঁজ যিমানে বেছি হয় সিমানে মানুহৰ বুদ্ধিৰ পৰিমাণ বেছি হয়। গুৰুমস্তিষ্কৰ প্ৰধান কাৰ্য হল সংবেদন, কল্পনা, চিন্তা ইচ্ছা , বিচাৰ -বুদ্ধিৰ কাম, আবেগ, স্মৃতি মনোযোগ আদি সকলো কাৰ্য সম্পাদন কৰা।

২ অধ:মস্তিষ্ক:- ৰাজহাড়ৰ ভিতৰত থকা মেৰুমজ্জা আয়তনত ডাঙৰ হৈ মূৰত প্ৰবেশ কৰিছে আৰু এই ডাঙৰ অংশ টোকে অধঃমস্তিষ্ক বোলে। মেৰু মজ্জা আৰু মস্তিষ্কক অধ:মস্তিষ্কই সংযোগ কৰিছে। ই ধূসৰ আৰু বগা পদাৰ্থৰে গঠিত। মেৰুমজ্জাৰ পৰা মস্তিষ্কলৈ প্ৰবেশ কৰা সমূহৰ গমন পথ হিচাপে কাৰ্য কৰে।  হাঁচি মাৰা, কাঁহ উঠা  লালটি নিঃসৰণ হোৱা  শ্বাস ক্ৰিয়া আদি অধ:মস্তিষ্ক ই নিয়ন্ত্ৰণ কৰে।

৩. সেতু মস্তিষ্ক: -  দেখিবলৈ সেতুৰ নিচিনা বাবে ইয়াত নাম সেতু মস্তিষ্ক ।অধ:মস্তিষ্কৰ ওপৰত ই অবস্থিত। লঘু মস্তিষ্কৰ দুটা অংশক সেতু মস্তিষ্ক ই সংযোগ কৰে বাবে ইয়াক যোজক বুলি কোৱা হয়। প্ৰমস্তিষ্কৰ পৰা অহা স্নায়ু বোৰে সেতু মস্তিষ্কৰ মাজেৰে শৰীৰৰ বিভিন্ন অংশ লৈ বিয়পি গৈছে ।

৪. লঘু মস্তিষ্ক :- অধঃমস্তিষ্কৰ ওপৰ ভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশ টোকে  লঘু মস্তিষ্ক বোলে। ইয়াৰ দুটা অংশ আছে আৰু এই অংশ দুটা আকৌ সেতু মস্তিষ্ক দ্বাৰা সংলগ্ন । দৈহিক সংগতি সাধন, দৈহিক সমতা ৰক্ষা কৰা আৰু মাংস পেশীসমূহক সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জস্য স্থাপন কৰা লঘুমস্তিষ্কৰ প্ৰধান কাৰ্য। খোজ কঢ়া, কথা কোৱা আদি  অভ্যাস সিদ্ধ কাম বোৰ নিয়ন্ত্ৰন কৰাটো লঘুমস্তিষ্কৰ এক গুৰুত্বপূৰ্ণ কাৰ্য । 

৫. মধ্যমস্তিষ্ক:- লঘুমস্তিষ্কৰ উপৰি ভাগৰ সন্মুখত মধ্য মস্তিষ্ক অবস্থান। ই মস্তিষ্কৰ মূলদেশ বা ভেঁটি। ইয়াৰ চেটক আৰু অধিচেতক নামে দুটা অংশ আছে। থেলামাচৰ কাম হল বিভিন্ন ইন্দ্ৰি়য়ৰ পৰা আহি থকা স্নায়ুতৰঙ্গ ক প্ৰমস্তিষ্কৰ বিভিন্ন সংবেদন কেন্দ্ৰ লৈ প্ৰেৰণ কৰা। আবেগ জনিত প্ৰতিক্ৰিয়া সমূহৰ নিয়ন্ত্ৰন কৰাৰ কেন্দ্ৰ স্থল হল হাইপথেলামাছ ।

7. ইন্দ্ৰিয়সমূহক জ্ঞানৰ দুৱাৰ বুলি কিয় কোৱা হয়?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ ইন্দ্ৰি়য় সমূহে বাহ্যিক জগতে পৰা বিভিন্ন জ্ঞান সংগ্ৰহ বা গ্ৰহণ কৰি মস্তিষ্ক লৈ প্ৰেৰণ কৰে। আৰু আমি জ্ঞান গ্ৰহণ কৰা ইন্দ্ৰি়য় সমূহকে  গ্ৰহণেন্দ্ৰিয় বুলি কোৱা হয়। চকু, কাণ নাক, জিভা, ছাল হৈছে আমাৰ প্ৰধান ইন্দ্ৰি়য়। ইন্দ্ৰি়য় সমূহৰ প্ৰতেকৰে বেলেগ বেলেগ উদ্দিপক আছে। সেইবাবে আমাৰ সংবেদনাত্মক অনুভূতি বেলেগ হয় । 

          ইন্দ্ৰি়য় সমূহে আমাক বাহ্যিক জগতৰ প্ৰতি টো বস্তুৰ পৰা জ্ঞান আহৰণ কৰাত সহায় কৰে। চকু আৰু কান হৈছে আমাৰ গুৰুত্বপূৰ্ণ ইন্দ্ৰি়য় । চকু, কাণ, নাক জিভা আৰু ছাল ৰ সংবেদন অবিহনে আমি কোনো জ্ঞান আহৰণ কৰিব নোৱাৰো। চকুৰ সহায়ত আমি বাহ্যিক জগতৰ প্ৰতিটো বস্তু দেখা পাওঁ আৰু কোন বস্তু কেনে ধৰণৰ তাৰ বৰণ কেনে তাৰ আকৃতি কেনে আদি সকলো জ্ঞান আমাক চকু ইন্দ্ৰি়য়ৰ পৰা লাভ কৰোঁ। কাণ হৈছে আমাৰ শ্ৰৱণ শক্তি লগত এটা ইন্দ্ৰি়য়। কানে আমাক উদ্দিপকৰ শব্দ শুনাই বিভিন্ন বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰাত সফল কৰে। আমি নাকৰ সহায়ত আমি গোন্ধ পাওঁ। ঘ্ৰাণ সংবেদন লাভ কৰি বস্তুৰ চিনাক্ত কৰিবলৈ নাকে আমাক সহায় কৰে। ভিজাৰ সহায়ত আমি স্বাদ লাভ কৰোঁ। জিভাৰ সহায়ত আমি বস্তুৰ প্ৰয়োজনীয়তা, ভাল নে বেয়া আদি বুজি তাৰ পৰা জ্ঞান আহৰণ কৰাত সহায় কৰে। ছাল ৰ জৰিয়তে আমি স্পৰ্শ অনুভূতি লাভ কৰোঁ। ছালে আমাক  উষ্ণতা পৰিৱেশৰ জ্ঞান লাভ কৰাত সহায় কৰে। প্ৰতিটো ইন্দ্ৰি়য় নিজস্ব কিছুমান সংবেদন লাভ কৰা ক্ষমতা আছে। যিবোৰ সহায়ত আমি বস্তু সমূহৰ পৰা জ্ঞান লাভ কৰি উঠো। ইন্দ্ৰি়য় অবিহনে আমি কেতিয়াও কোনো জ্ঞান আহৰণ কৰিব নোৱাৰো। ইন্দ্ৰি়য় সমূহ হৈছে জ্ঞানৰ মূল ভেটি। প্ৰতিটো বস্তুৰ জ্ঞান আমাক ইন্দ্ৰি়য় সমূহে প্ৰদান কৰে বাবে ইন্দ্ৰিয়সমূহক জ্ঞানৰ দুৱাৰ বুলি কোৱা হয় ।

8. সংবেদন আৰু সংশোধনৰ মাজত থকা চাৰিটা পাৰ্থক্য় লিখা?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ  ইন্দ্ৰি়য় সমূহ উদ্দিপকৰ সংস্পৰ্শলৈ  অহাৰ  লগে লগে উদ্দিপক সম্বন্ধে মনত যি প্ৰাথমিক চেতনা অনুভব হয় তাকে সংবেদন বোলে। উদ্দীপক, শৰীৰ আৰু মন এই তিনিটাৰ পাৰস্পৰিক ক্ৰিয়াত সংবেদন অনুভূত হয়।

        ইন্দ্ৰি়য়গ্ৰাহ সংবেদন ৰ অনুভূতিক অৰ্থ যুক্ত আৰু জ্ঞান যুক্ত কৰি তোলা মনৰ সক্ৰিয় অৱস্থা হল সংশোধন। উদ্দীপক সম্পৰ্কে সংবেদন যেতিয়া অৰ্থ পূৰ্ণ হয় তেতিয়া তাক সংবোধন বুলি কোৱা হয়।

সংবেদনক বাখ্যা কৰিলে সংবোধনত পৰিণত হয়।  গতিকে দেখা যায় দুয়োৰে মাজত সম্পৰ্ক অতি ঘনিষ্ঠ।  সংবেদন আৰু সংশোধনৰ মাজত থকা চাৰিটা পাৰ্থক্য়  হল -

১. সংবেদন হল উদ্দীপনাৰ প্ৰাথমিক সৰল অনুভূতি। কিন্তু সংবোধন এটা জটিল মানসিক প্ৰক্ৰিয়া । 

২. সংবোধন হল জ্ঞান যুক্ত আনহাতে সংবেদন জ্ঞান নহয়, ই জ্ঞানৰ উপাদান যোগাই। 

৩. সংবেদন নিষ্ক্ৰিয়, আনহাতে সংবোধন সক্ৰিয় প্ৰক্ৰিয়া। সংবোধনৰ ক্ষেত্ৰত কেৱল উত্তেজনাক গ্ৰহণ কৰা হয় কিন্তু সংবেদনৰ বেলিকা মনোযোগ, ইচ্ছা আদিৰে উত্তেজনাক ব্যাখ্যা কৰা হয়।

৪. সংবেদন হল বস্তুৰ গুণৰ চেতনা , কিন্তু সংবোধন হল গুণ বিশিষ্ট অস্তিত্বৰ চেতনা । 

 সংবেদন আৰু সংবোধন একেটা মানসিক ক্ৰিয়াৰ দুটা তৰপ বা স্তৰ। দুয়োটাৰে মাজত পাৰ্থক্য থাকিলেও দুয়োটাৰে সুকীয়া অস্তিত্বক সহজতে পৃথক কৰিব নোৱাৰি ।

9. গুৰুমস্তিষ্ক আৰু লঘুমস্তিষ্কৰ দুটাকৈ কাৰ্য উল্লেখ কৰা?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ ১.গুৰু মস্তিষ্ক :- গুৰু মস্তিষ্ক হৈছে সৰ্ব বৃহৎ আৰু প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ অংশ। গুৰু মস্তিষ্ক দুটা সমান গোলাৰ্ধত ভাগ কৰা হৈছে। গুৰু মস্তিষ্ক ধূসৰ আৰু বগা পদাৰ্থৰে গঠিত। গুৰু মস্তিষ্ক আৱৰণৰ ভিতৰত অসংখ্য সৰু সৰু ৰেখা বা ফাট আছে। এই ভাঁজ যিমানে বেছি হয় সিমানে মানুহৰ বুদ্ধিৰ পৰিমাণ বেছি হয়। 

 গুৰু মস্তিষ্ক প্ৰধান কাৰ্য হল -

১. গুৰুমস্তিষ্কৰ প্ৰধান কাৰ্য হল সংবেদন , কল্পনা, চিন্তা ইচ্ছা , বিচাৰ -বুদ্ধিৰ কাম , আবেগ, স্মৃতি মনোযোগ আদি সকলো কাৰ্য সম্পাদন কৰা।

. মেৰু মজ্জা, মস্তিষ্কবৃন্ত , লঘুমস্তিষ্কৰ, আৰু অন্যান্য স্নায়ু কোষ বা নিউৰণৰ মাজত যি ক্ৰিয়া সংঘটিত হয় গুৰুমস্তিষ্ক ই সেইবোৰৰ আৰম্ভ সূচক কাম কৰে, বাধা দিয়ে আৰু সংযুক্ত বা পৃথক কৰে ।

.  লঘু মস্তিষ্ক :- অধঃমস্তিষ্কৰ ওপৰ ভাগত আৰু প্ৰমস্তিষ্কৰ পিছপিনে থকা অংশ টোকে  লঘু মস্তিষ্ক বোলে। ইয়াৰ দুটা অংশ আছে আৰু এই অংশ দুটা আকৌ সেতু মস্তিষ্ক দ্বাৰা সংলগ্ন।

 . অভ্যাস সিদ্ধ কাম সমূহ লঘু মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত ।

- লঘুমস্তিষ্কৰ দুটা প্ৰধান কাৰ্য হল - 

১. দৈহিক সংগতি সাধন , দৈহিক সমতা ৰক্ষা কৰা আৰু মাংস পেশীসমূহক সক্ৰিয় কৰি সিহঁতৰ মাজত সামঞ্জস্য স্থাপন কৰা লঘুমস্তিষ্কৰ প্ৰধান কাৰ্য ।

২. খোজ কঢ়া, কথা কোৱা আদি  অভ্যাস সিদ্ধ কাম বোৰ নিয়ন্ত্ৰন কৰাটো লঘুমস্তিষ্কৰ এক গুৰুত্বপূৰ্ণ কাৰ্য । 

    গুৰুমস্তিষ্ক আৰু লঘুমস্তিষ্কৰ নিজস্ব কিছুমান কাৰ্য আছে যিবোৰ সহায়ত মানুহে দৈনন্দিন কাৰ্য সমূহ সমাধা কৰে।

10. চকুৰ চাৰিটা অংশৰ নাম উল্লেখ কৰা?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ চকু :- চকুৰ উদ্দিপক হৈছে পোহৰ। চকু হৈছে শ্ৰেষ্ঠ আৰু প্ৰয়োজনীয়  ইন্দ্ৰি়য়। চকুৰ ভিতৰত  মনিৰ বিপৰীতে থকা পৰ্দা খনক অক্ষিপট বোলে। অক্ষিপটত দন্ড কোষ আৰু শঙ্কুকোষ নামৰ দুবিধ গ্ৰহন কোষ থাকে। বাহিৰৰ পোহৰ  যেতিয়া এই গ্ৰহণ কোষ ত পৰে তেতিয়া এক প্ৰকাৰৰ তড়িৎ ৰাসায়নিক পৰিবৰ্তন হয় আৰু লগে লগে উদ্দীপনাৰ সৃষ্টি হয়। এই উদ্দীপনা সংবেদন বাঁহী স্নায়ুৰ সহায়ত মস্তিষ্ক লৈ যায় আৰু আমি লগে লগে উদ্দীপক দৃষ্টি গোচৰ কৰোঁ। 

চকুৰ চাৰিটা অংশৰ নাম  হল -

১. চকুৰ মণি।

২. অক্ষিমুকু।

. অক্ষিপট।

৪. কৰ্ণিকা।

    চকুৰ প্ৰতিটো অংশৰে নিজস্ব কাৰ্য কিছুমান আছে। আৰু এই সকলো বোৰৰ সহযোগত আমি  উদ্দীপক দেখা পাওঁ ।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Pinki Kalita

MA in Education