জনসংখ্য়াৰ গঠন


A. Short Type Questions.

১) লিংগানুপাত কেনেকৈ গণনা কৰা হয়?

( এই প্ৰশ্নটো 2014 চনত আহিছিল )

উত্তৰঃ লিংগানুপাত সৰ্বমুঠ নাৰীৰ সংখ্য়াক সৰ্বমুঠ পৰুষৰ সংখ্য়াই হৰণ কৰি ১০০ৰে পূৰণ কৰি গণনা কৰা হয়। অৰ্থা


২) পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা।

( এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ হ'ল- পুৰুষবোৰ বিশেষকৈ কৰ্মৰ সূত্ৰে প্ৰব্ৰজন কৰে। আৰু মহিলাবোৰ বিবাহ হোৱাৰ পাছত স্বামীৰ ঘৰলৈ প্ৰব্ৰজন কৰে।


৩)  জনসংখ্যাৰ গঠন বুলিলে কি বুজা?

( এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰঃ জনসংখ্যা গঠন মানে হৈছে কোনো এক জনসংখ্যাৰ পুৰুষ মহিলাৰ গাঁঠনি, গ্ৰাম্য সংৰচনা, বৃত্তীয় সংৰচনা, বয়স সংৰচনা ইত্যাদি।


৪) লিংগ অনুপাত কেনেদৰে অনুপাত কৰা হয়?

( এই প্ৰশ্নটো 2016 চনত আহিছিল )

উত্তৰঃ লিংগৰ অনুপাত মানে প্ৰতি হেজাৰ পুৰুষৰ বিপৰীতে পোৱা নাৰীৰ সংখ্যা।


৫) বয়স-লিঙ্গ পিৰামিডৰ তাৎপৰ্য কি?

উত্তৰঃ বয়স-লিঙ্গ পিৰামিডৰ তাৎপৰ্য হ'ল- ইয়াৰ সহায়ত জনসমষ্টি এটাৰ ভালেমান জৈৱিক আৰু আৰ্থ-সাংস্কৃতিক চৰিত্ৰ বিচাৰি পোৱা যায়। এনে একোটা পিৰামিডৰ বাওঁফালে পুৰুষ আৰু সোঁফালে নাৰী জনসংখ্যা বয়সৰ উৰ্ধ্বক্ৰমত জনসমষ্টিটোৰ মুঠ জনসংখ্যা শতাংশ স্কেলত উপস্থাপন কৰিব পাৰি।


৬) বাৰ্দ্ধক্যযুক্ত জনসংখ্যা কি?

উত্তৰঃ বাৰ্দ্ধক্যযুক্ত জনসংখ্যা হ'ল এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা বয়সীয়া জনসংখ্য়াৰ অংশ সমানুপাতিক ভাবে বৃহত্তৰ হৈ পৰে। বিংশ শতাব্দীৰ ই এক নবতম সংঘটন। পৃথিৱীৰ বেছিভাগ উন্নয়নশীল দেশতে, জীৱন প্ৰত্যাশাৰ বৃদ্ধি ঘটাৰ বাবে বয়স্ক জনসংখ্যাৰ বৃদ্ধি ঘটিবলৈ ধৰিছে। জন্মহাৰ নিম্ন হৈ যোৱাৰ বাবে জনসংখ্য়াত শিশুৰ অনুপাত অধঃপতিত হৈছে।


৭) জনসংখ্যাৰ বিন্যাস বা জনবিন্যাস বুলিলে কি বুজা?

উত্তৰঃ 

৮) নগৰীয়া জনসংখ্যা বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণ অৰ্থত যিবোৰ ঠাইত জনসংখ্যাই অ-প্ৰাথমিক কাৰ্য কলাপত লিপ্ত হৈ থাকে, তাক নগৰীয়া জনসংখ্যা বোলে।


৯) দুটা প্ৰাথমিক বৃত্তিৰ নাম লিখা?

উত্তৰঃ দুটা প্ৰাথমিক বৃত্তি হ'ল- কৃষি আৰু পশুপালন।


১০) কোনবিলাক কাৰকে মহিলাৰ গ্ৰাম্যঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰাৰ বাবে নিৰুৎসাহিত কৰে?

উত্তৰঃ আবাস গৃৃহৰ অভাব, ব্যয়বহুল জীবনযাত্ৰা, চাকৰিৰ সুযোগৰ নাটনি আৰু নিৰাপত্তাৰ অভাবে মহিলা সকলক গ্ৰাম্যঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰাৰ বাবে নিৰুৎসাাহিত কৰে।


১১) বয়স গাঁথনিৰ তাৎপৰ্য কি?

উত্তৰঃ বয়স-সংৰচনা পৰ্যালোচনা কৰি ৰাষ্ট্ৰ এখনৰ আৰ্থ-সামাজিক গতিগোত্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্য়ৎ সম্পৰ্কেে জানিব পাৰি।


১২) জনসংখ্যা প্ৰব্ৰজনৰ দুটা আকৰ্ষণী কাৰক লিখা।

উত্তৰঃ জনসংখ্যা প্ৰব্ৰজনৰ দুটা আকৰ্ষণী কাৰক হ'ল- উন্নত চিকিৎসা ব্যৱস্থা আৰু যাতায়ত সুবিধা।


১৩) নিম্ন লিংগানুপাত থকা এছিয়াৰ দুখন দেশৰ নাম লিখা।

উত্তৰঃ নিম্ন লিংগানুপাত থকা এছিয়াৰ দুখন দেশৰ নাম হ'ল- চীন আৰু ভাৰত।

 

১৪) কৰ্মৰত মানুহৰ অনুপাতৰ বিষয়টো কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ 

১৫)  এখন দেশৰ জনসাধাৰণ আন এখন দেশৰ জনসাধাৰণতকৈ পৃথক কিয়?

উত্তৰঃ প্ৰতিখন দেশৰ জনসাধাৰণৰ মাজত বয়স, লিংগ, বসতিস্থল, জীৱিকা, শৈক্ষিক অহৰ্তা, প্ৰত্যাশিত জীৱনকাল আদি বিষয়ক বহুধৰণৰ পাৰ্থক্য পোৱা যায়। সেয়েহে এখন দেশৰ জনসাধাৰণ আন এখন দেশৰ জনসাধাৰণতকৈ পৃথক।


১৬) দুটা দ্বিতীয়ক বৃত্তিৰ নাম লিখা।

উত্তৰঃ দুটা দ্বিতীয়ক বৃত্তিৰ নাম হ'ল- ঔদ্য়োগিক কাম-কাজ আৰু প্ৰাথমিক খণ্ডত উৎপাদিত দ্ৰব্যসমূহ যন্ত্ৰপাতিৰ সহায়ত মূল্যৱান দ্ৰব্যলৈ ৰূপান্তৰ কৰা।


১৭) বৃত্তিগথ গাঁথনি কি?

উত্তৰঃ 

১৮) বিশ্ব জনসংখ্যাৰ বয়স সংৰচনাটোৰ সম্বন্ধে চমুকৈ আলোচনা কৰা।

উত্তৰঃ এখন ৰাষ্ট্ৰ অথবা একোটা অঞ্চলৰ জনসমষ্টিৰ মাজত বিভিন্ন বয়স-সীমাৰ লেখেৰে ভগোৱা শ্ৰেণীসমূহৰ সমষ্টিক সেই জনসমষ্টিৰ বয়স সংৰচনা ৰূপত প্ৰকাশ কৰা হয়। সচৰাচৰ ১৫-৫৯ বছৰৰ বয়সীমাৰ ভিতৰত থকা প্ৰায়ভাগ মানুহেই কৰ্মৰত অথবা কৰ্মক্ষম। ৬০ বছৰৰ অধিক বয়সীয়া লোকসকলৰ এফালে কৰ্মদক্ষতা হ্ৰাস পায় আৰু আনফালে এওঁলোকৰ পক্ষে স্বাস্থ্য ৰক্ষাজনিত ব্যস বৃদ্ধি পায়। 


১৯) জনসাংখ্য়িক চক্ৰ মানে কি?

উত্তৰঃ জনসংখ্যা উচ্চ মৃত্যুহাৰৰ পৰা নিম্ন জন্ম হাৰলৈ আৰু নিম্ন মৃত্যু হাৰলৈ হোৱা পৰিবৰ্তনক জনসাংখ্যিক চক্ৰ বোলে।


B. Short and Long Type Questions.

১) বয়সৰ গাঁথনিয়ে কি ধাৰণাৰ প্ৰতিনিধিত্ব কৰে?

উত্তৰঃ 

২) বিশ্বৰ লিংগানুপাত কিমান?

উত্তৰঃ

৩) কেনেকুৱা অঞ্চলক নগৰী অঞ্চল বুলি কোৱা হয়?

উত্তৰঃ যিবোৰ অঞ্চলত জনসাধাৰণে অ-প্ৰাথমিক কাৰ্য কলাপত লিপ্ত হৈ থাকে তাক নগৰীয়া অঞ্চল বোলে। অৰ্থাৎ নগৰীয়া অঞ্চলৰ লোক সকল তৃতীয়ক, চতুৰ্থক বৃত্তি কাৰ্যৰ লগত জড়িত হৈ থাকে। নগৰীয়া অঞ্চলত শিক্ষা ব্যৱস্থা, চিকিৎসা ব্যৱস্থা, ব্যৱসায়-বাণিজ্য আদি কাৰ্যবোৰ গ্ৰামাঞ্চলৰ তুলনাত উন্নত। লগতে গ্ৰামাঞ্চলৰ তুলনাত নগৰীয়া অঞ্চলৰ জনসংখ্যা যথেষ্ট বেছি। এনেধৰণৰ অঞ্চলক নগৰী অঞ্চল বুলি কোৱা হয়।


৪) লিংগানুপাত কি?

উত্তৰঃ লিংগানুপাত মানে হ'ল প্ৰতি হেজাৰ পুৰুষৰ বিপৰীতে পোৱা নাৰীৰ সংখ্যা।


৫) কেনেকুৱা অঞ্চলক গ্ৰামাঞ্চল বুলি কোৱা হয়?

উত্তৰঃ সাধাৰণ অৰ্থত যিবোৰ অঞ্চলত মানুহে প্ৰাথমিক কাৰ্যত আৱদ্ধ হৈ থাকে তাক গ্ৰামাঞ্চল বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ অঞ্চল প্ৰাথমিক কাৰ্য কৃষি-কাৰ্য, খনি, পশুপালন আদি কাম-কাৰ্যৰ লগত জড়িত হৈ থাকে। এনেধৰণৰ অঞ্চলত নগৰীয়া অঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত শিক্ষিত হাৰ কম। সেইবাবে এনেধৰণৰ অঞ্চলবোৰ আন অঞ্চলৰ তুলনাত পিছপৰি থাকে। এনেধৰণৰ অঞ্চলক গ্ৰামাঞ্চল বোলে।


৬) কোনখন দেশৰ লিংগানুপাত পৃখিৱীৰ ভিতৰত সৰ্বনিম্ন?

উত্তৰঃ সংযুক্ত আৰব এমিৰেটছৰ লিংগানুপাত পৃথিৱীৰ ভিতৰত সৰ্বনিম্ন।


৭) বয়স গাঁথনিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ জনসমষ্টি এটাত বিভিন্ন বয়সৰ মানুহ থাকে। এখন ৰাষ্ট্ৰ অথবা একোটা অঞ্চলৰ জনসমষ্টিৰ মাজত বিভিন্ন বয়স-সীমাৰ লেখেৰে ভগোৱা শ্ৰেণীসমূহৰ সমষ্টিক সেই জনসমষ্টিৰ বয়স গাঁথনিৰ ৰূপত প্ৰকাশ কৰা হয়। বয়স-সংৰচনা পৰ্যালোচনা কৰি ৰাষ্ট্ৰ এখনৰ আৰ্থ-সামাজিক গতিগোত্ৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্য়ৎ সম্পৰ্কেে জানিব পাৰি। সচৰাচৰ ১৫-৫৯ বছৰ বয়সসীমাৰ ভিতৰত থকা প্ৰায়ভাগ মানুহেই কৰ্মৰত অথবা কৰ্মক্ষম। আনহাতে ৬০ বছৰৰ অধিক বয়সীয়া লোকসকলকৰ এফালে কৰ্মদক্ষতা হ্ৰায় পায় আৰু আনফালে এওঁলোকৰ পক্ষে স্বাস্থ্য ৰক্ষাজনিত ব্যয় বৃদ্ধি পায়। আদি।


৮) গ্ৰাম্য আৰু নগৰীয়া জনবিন্যাসৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

৯) বিশ্বৰ বিভিন্ন প্ৰান্তত আৰু বৃত্তিভিত্তিক গাঁথনিত বয়স আৰু লিংগৰ ভাৰসাম্যহীনতাৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ 

১০) পৃথিৱীৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনিৰ বিৱৰণ দিয়া।

উত্তৰঃ জনসংখ্যাৰ জীৱিকাগাঁথনি হৈছে এক নিৰ্দিষ্ট সমাজ বা দেশৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ বৃত্তিত ব্যক্তিৰ বিতৰণ। ই এখন ৰাষ্ট্ৰৰ অৰ্থনৈতিক গাঁথনি আৰু বিকাশৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে, লগতে ইয়াৰ কৰ্মশক্তিৰ দ্বাৰা ধাৰণ কৰা দক্ষতা ৰক্ষা কৰে।



Answer by- Punya hazarika.