অধ্যায়ঃ চতুৰ্থ 

সংসদীয় পদ্ধতিত কাৰ্যপালিকা


ৰচনা ধৰ্মী প্ৰশ্নঃ 

১। ভাৰতবৰ্ষত আনপ্ৰকাৰৰ চৰকাৰতকৈ সংসদীয় প্ৰথাৰ চৰকাৰক কিয় প্ৰাধান্য দিয়া হয়?বহলাই আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত আনপ্ৰকাৰৰ চৰকাৰতকৈ সংসদীয় প্ৰথাৰ চৰকাৰক কিয় প্ৰাধান্য দিয়া হয়।এই পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তনৰ বাবে বেছি আকৃষ্ট হোৱাৰ মূলতে হৈছে,ভাৰতবৰ্ষৰ সংবিধান ৰচকসকলে ভাৰতবৰ্ষৰ ঔপনিবেশিক কালছোৱাত সংসদীয় পদ্ধতিৰ অভিজ্ঞতা আহৰণ কৰিছিল,বিশেষকৈ ১৯১৯ আৰু১৯৩৫চনৰ আইনৰ মাধ্যমত।এই অভিজ্ঞতাৰ পৰা সংবিধান ৰচকসকলে পতিয়ন গৈছিল যে জনসাধাৰণৰ আশা-আকাংক্ষা যদি বাস্তৱত ৰূপায়িত কৰিবলৈ হয়,তেন্তে সংসদীয় পদ্ধতি প্ৰৱৰ্তনৰ বাহিৰে বিকল্প নাই।সংসদীয় পদ্ধতিত জনসাধাৰণে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলক ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰে।নিৰ্বাচিত%প্ৰতিনিধিসকল যদি জনসাধাৰণৰ অভাৱ-অভিযোগৰ প্ৰতি আওকাণ কৰে,তেতিয়া পিছৰ নিৰ্বাচনত তাৰ ফল ভুগিব লাগে,অৰ্থাৎ পিছৰ নিৰ্বাচনত জনসাধাৰণে তেওঁলোকক প্ৰত্যাখ্যান কৰে।তদুপৰি,সংসদীয় পদ্ধতিত শাসকসকল সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰে।সেয়েহে শাসকসকলে মইমতালিভাৱে কোনো কাম কৰিব নোৱাৰে,কাৰণ তেওঁলোক সংসদৰ ওচৰত জবাবদিহি হৈ থাকে।

সংসদীয় পদ্ধতিৰ বিপৰীত পদ্ধতিটো হ'ল ৰাষ্ট্ৰপতীয় পদ্ধতি।এই পদ্ধতিত ৰাষ্ট্ৰপতিজন আধিক ক্ষমতাৰ গৰাকী হোৱা হেতুকে তেওঁ একনায়কত্ববাদী হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে আৰু ক্ষমতা অপপ্ৰয়োগ কৰিব পাৰে।সেয়েহে ভাৰতৰ সংবিধান ৰচকসকলে ভাৰতবৰ্ষৰ বাবে সংসদীয় পদ্ধতিটো উচিত বুলি বিবেচনা কৰি কেন্দ্ৰ আৰু ৰাজ্য উভয়তে প্ৰৱৰ্তন কৰিছিল।তাৰোপৰি সংসদীয় পদ্ধতিটো অধিক গণতাণন্ত্ৰিক।


২। সংসদীয় প্ৰথাত সাংবিধানিক মূৰব্বীৰ প্ৰয়োজন নে?তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰঃ সংসদীয় প্ৰথাত সাংবিধানিক মূৰব্বীজন নামমাত্ৰ প্ৰশাসক হ'লেও ইয়াৰ প্ৰয়োজন আৰু গুৰুত্ব নুই কৰিব নোৱাৰি।সংসদীয় পদ্ধতিত মন্ত্ৰী-পৰিষদ সংসদৰ নিম্ন সদনৰ সংখ্যাগৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল।সেয়েহে,মন্ত্ৰীপৰিষদখনে যিকোনো মুহূৰ্তত সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাব পাৰে।এনে পৰিস্থিতিৰ সৃষ্টি হ'লে ৰাষ্ট্ৰৰ সাংবিধানিক মুৰব্বীৰ প্ৰয়োজন হয়।তেওঁ সংসদত সংখ্যাগৰিষ্ঠতা হেৰুওৱা মন্ত্ৰীপৰিষদখন ভংগ কৰি দিয়ে আৰু নতুন মন্ত্ৰী-পৰিষদ গঠনৰ অনুসন্ধান কৰে,যিয়ে সংসদত সংখ্যাগৰিষ্ঠতা আহৰণ কৰি স্থায়ী মন্ত্ৰীপৰিষদ গঠন কৰিব পাৰিব।তদুপৰি,সংসদৰ নিম্নসদনত কোনো ৰাজনৈতিক দলে অকলে নাইবা কেইটামান ৰাজনৈতিক দল লগলাগি সমূহীয়াভাৱে নেতা নিৰ্বাচন কৰি সংখ্যাগৰিষ্ঠতা আহৰণ কৰিব নোৱাৰিলে।সাংবিধানিক মুৰব্বীজনে নিজৰ স্ব-বিচাৰ ক্ষমতা প্ৰয়োগ কৰি কোনো ব্যক্তিক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰে যিয়ে সংসদৰ নিম্নসদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব বুলি তেওঁ বিবেচনা কৰে।তাৰোপৰি বিদেশত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সমাৰোহত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰে।


৩। ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক আৰু প্ৰকৃত ক্ষমতাৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক আৰু প্ৰকৃত ক্ষমতাসমূহক মূলতঃ সাতটা ভাগত ভাগ কৰিব পাৰি-

  ক। প্ৰশাসনীয় ক্ষমতা আৰু কাৰ্যঃ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল শাসনবিভাগৰ 'সৰ্বধিনায়ক'।সংবিধানে দেশৰ সৰ্বোচ্চ শাসন সম্পৰ্কীয় ক্ষমতা ন্যস্ত কৰিছে।কেন্দ্ৰীয় মন্ত্ৰীপৰিষদ গঠন,বিভিন্ন বিভাগৰ নিয়োগ-উপ-ৰাজ্যপাল,উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকল,ভাৰতৰ এটৰ্নি জেনেৰেল,মুখ্য নিৰ্বাচনী বিষয়া আদিক মন্ত্ৰীপৰিষদৰ পৰামৰ্শ অনুযায়ী নিযুক্তি দিয়ে।

  খ। আইন সংক্ৰান্ত ক্ষমতা আৰু কাৰ্যঃ ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ সদস্য নহয় যদিও তেওঁ সংসদৰ অবিচ্ছেদ্য অংগ।ৰাষ্ট্ৰপতিৰ সন্মতি অবিহনে কোনো বিধেয়ক আইনত পৰিণত কৰিব পৰা নাযায়।ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনৰ অধিবেশন আহ্বান কৰিব আৰু স্থগিত ৰাখিব পাৰে।সংবিধান অনুযায়ী ৰাষ্ট্ৰপতিয়ে সাহিত্য,বিজ্ঞান,সমাজ সেৱা আদি বিষয়ত বিশেষ পাৰদৰ্শিতা থকা লোকসকলৰ মাজৰ পৰা ১২জন সদস্যক ৰাজ্যসভাত মনোনীত কৰিব পাৰে।

গ। বিত্তীয় ক্ষমতা আৰু কাৰ্যঃ প্ৰত্যেক বছৰৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিয়ে বিত্তমন্ত্ৰীৰ জৰিয়তে সংসদত বছৰেকীয়া বাজেট উত্থাপনৰ ব্যৱস্থা কৰে।বিত্তীয় আয়োগৰ গঠন কৰে,মহালেখা পৰীক্ষক নিয়োগ কৰে।

  ঘ।কূটনৈতিক ক্ষমতা আৰু কাৰ্যঃ ভাৰতৰ ৰাষ্ট্ৰপতি কূটনৈতিক ক্ষেত্ৰত বিশেষ ক্ষমতা ভোগ কৰে।ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কূটনৈতিক বিষয়াসকলক নিয়োগ কৰে আৰু বিদেশৰ পৰা অহা ৰাষ্ট্ৰদূত আৰু কূটনৈতিক বিষয়াসকলৰ প্ৰত্যয়পত্ৰ গ্ৰহণ কৰে।বৈদেশিক সম্পৰ্ক স্থাপন কৰে,আন্তৰ্জাতিক চুক্তি,সন্ধি সমাপন কৰে, আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ কৰে।

  ঙ।সামৰিক ক্ষমতা আৰু কাৰ্যঃ ভাৰতৰ ৰাষ্ট্ৰপতি সামৰিক বাহিনীৰ সৰ্বাধিনায়ক।তেওঁ স্থল-বাহিনী,নৌ-বাহিনী,বিমান-বাহিনীৰ মুৰব্বী হিচাপে এই তিনিটা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক নিযুক্তি দিয়ে।তেওঁ মন্ত্ৰী-পৰিষদৰ সিদ্ধান্ত আৰু জাতীয় প্ৰতিৰক্ষা কমিটীৰ অনুমোদনক্ৰমে যুদ্ধ ঘোষণা আৰু শান্তি চুক্তি সমাপন কৰিব পাৰে।

  চ। ন্যায়িক ক্ষমতা আৰু কাৰ্যঃ ৰাষ্ট্ৰপতিয়ে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰে।সংসদৰ প্ৰস্তাৱ অনুযায়ী ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক পদচ্যুত কৰিব পাৰে।ৰাষ্ট্ৰপতিয়ে আদালতত দোষী সাব্যস্ত হোৱা লোকৰ দণ্ডৰ পৰিমাণ হ্ৰাস কৰিব পাৰে,দণ্ডৰ প্ৰকৃতিৰ পৰিৱৰ্তন কৰিব পাৰে,মৃত্যুদণ্ডৰে দণ্ডিত দোষীক সম্পূৰ্ণ ক্ষমাদান অথবা মৃত্যুদণ্ডৰ পৰিৱৰ্তে অন্য দণ্ড বিহিবৰ আদেশ দিব পাৰে।

  ছ ।জৰুৰীকালীন ক্ষমতা আৰু কাৰ্যঃ সংবিধানৰ অষ্টাদশ অংশৰ ৩৫২নং পৰা ৩৬০নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাবোৰ লিপিবদ্ধ কৰা হৈছে।ৰাষ্ট্ৰপতিয়ে তিনি প্ৰকাৰৰ জৰুৰী ক্ষমতা প্ৰয়োগ কৰিব পাৰে-জাতীয় জৰুৰী অৱস্থা,ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থা আৰু আৰ্থিক জৰুৰী অৱস্থা।


৪। ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ সংবিধানৰ অষ্টাদশ অংশৰ ৩৫২নং পৰা ৩৬০নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাবোৰ লিপিবদ্ধ কৰা হৈছে।ৰাষ্ট্ৰপতিয়ে তিনি প্ৰকাৰৰ জৰুৰী ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

(ক) জাতীয় জৰুৰী অৱস্থাঃ ভাৰতীয় সংবিধানৰ ৩৫২নং অনুচ্ছদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।আভ্যন্তৰীণ বিশৃংখলতাৰ উদ্ভৱ হ'লে বা বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ ফলত দেশৰ নিৰাপত্ত্বা বিপদাপন্ন হ'লে ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। 

(খ) ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থাঃ ভাৰতীয় সংবিধানৰ ৩৫৬নং অনুচ্ছদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যত সাংবিধানিক অচলাৱস্থা হোৱা বুলি ৰাজ্যপালৰ পৰা প্ৰতিবেদন পালে বা আন কোনো প্ৰকাৰে তেওঁ বিবেচনা কৰিলে সেই ৰাজ্যত ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। 

(গ) আৰ্থিক জৰুৰী অৱস্থাঃ ভাৰতীয় সংবিধানৰ ৩৬০নং অনুচ্ছদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।সমগ্ৰ ভাৰতবৰ্ষ বা ইয়াৰ কোনো অংশৰ বিত্তীয় অৱস্থা বিপদগ্ৰস্থ হ'লে ৰাষ্ট্ৰপতিয়ে এনে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।এনেজৰুৰী অৱস্থা ঘোষণা কৰিলে ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় বণ্টনৰ সাল-সলনি কৰিব পাৰে।ইয়াৰোপৰি সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহা আৰু বানচ হ্ৰাস কৰিব পাৰে।


৫। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতাবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতাবোৰ তলত আলোচনা কৰা হ'ল-

ক) মন্ত্ৰী-পৰিষদ গঠনঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নিয়োগ কৰাৰ পিছৰ পৰা মন্ত্ৰী-পৰিষদ গঠনৰ কাম আৰম্ভ হয়।প্ৰধানমন্ত্ৰীৰ সৰ্ব প্ৰথম কাম হ'ল মন্ত্ৰী-পৰিষদ গঠন কৰা।সংবিধানৰ ৭৫নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ উপদেশ অনুযায়ী মন্ত্ৰী-পৰিষদৰ সদস্যসকলক নিয়োগ কৰে।

খ) দপ্তৰ বিতৰণঃ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে।মন্ত্ৰীসকলৰ মাজত তেওঁ দপ্তৰ বিতৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ নিয়ন্ত্ৰণবিহীন।কোন মন্ত্ৰীৰ হাতত কোন দপ্তৰ দিয়া হ'ব সেইটো প্ৰধানমন্ত্ৰীৰ ইচ্ছাধীন।

গ) মন্ত্ৰীসকলৰ দপ্তৰ পুনৰ নিৰ্ধাৰণ আৰু পদচ্যুতঃ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ জৰিয়তে মন্ত্ৰীসকলক নিয়োগ কৰে আৰু পদচ্যুতও কৰিব পাৰে।একেদৰে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰিব পাৰে আৰু দপ্তৰৰ সাল-সলনিও কৰিব পাৰে।

ঘ) মন্ত্ৰীসভাৰ সভাপতিঃ প্ৰধানমন্ত্ৰী হ'ল মন্ত্ৰীপৰিষদ আৰু মন্ত্ৰীসভাৰ সভাপতি।তেওঁ উভয় সভাৰ বৈঠকত সভাপতিত্ব কৰে।প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ বৈঠকৰ তাৰিখ,সময় আৰু কৰ্যসূচী নিৰ্ধাৰণ কৰে।প্ৰধানমন্ত্ৰীৰ সন্মতি আৰু অনুমোদনক্ৰমে মন্ত্ৰীসভাৰ বৈঠকত সকলো বিষয়ৰ ওপৰত আলোচনা হয়।

ঙ) ৰাষ্ট্ৰপতিৰ সৈতে সম্পৰ্ক ৰক্ষাঃ প্ৰধানমন্ত্ৰী হ'ল ৰাষ্ট্ৰপতিৰ প্ৰধান উপদেষ্টা।তেওঁ সময়ে সময়ে বিভিন্ন বিষয়ত ৰাষ্ট্ৰপতিক উপদেশ আৰু পৰামৰ্শ দিয়ে।প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীপৰিষদৰ মাজত যোগসূত্ৰ স্থাপন কৰে।মন্ত্ৰী-পৰিষদৰ গ্ৰহণ কৰা সিদ্ধান্ত আৰু ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ বিষয়ে সময়ে সময়ে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক অৱগত কৰি থাকিব লাগে।


৬। কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ কেন্দ্ৰীয় মন্ত্ৰীপৰিষদৰ কাৰ্যাৱলী তলত আলোচনা কৰা হ'ল-

 ক) নীতি নিৰ্ধাৰণ ক্ষমতা আৰু কাৰ্যঃ মন্ত্ৰীপৰিষদৰ প্ৰধান কৰ্তব্য হ'ল দেশৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতিকে ধৰি সকলো নীতি নিৰ্ধাৰণ কৰা।মন্ত্ৰীপৰিষদে জাতীয় আৰু আন্তুৰ্জাতিক সমস্যিৰ বিষয়ে আলোচনা কৰি নীতিবোৰ ৰচনা কৰে।যুদ্ধ ঘোষণা,শান্তি স্থাপন,কূটনৈতিক সম্পৰ্ক সাপন আৰু সম্পৰ্ক ছেদ আদি সকলো বিষয়ত মন্ত্ৰী-পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰে।

 খ) প্ৰশাসনীয় ক্ষমতা আৰু কাৰ্যঃ সংবিধানে ৰাষ্ট্ৰপতিৰ ওপৰত দেশৰ সকলোবোৰ প্ৰশাসনীয় ক্ষমতা ন্যস্ত কৰিছে যদিও প্ৰকৃতপক্ষে ৰাষ্ট্ৰপতিৰ নামত সমুদায় কাম মন্ত্ৰী-পৰিষদে সমাপন কৰে।সংসদে প্ৰণয়ন কৰা সকলোবোৰ আইন তৎকালীন আৰু যথাযথ ভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই তাৰ প্ৰতি মন্ত্ৰী-পৰিষদে দৃষ্টি ৰাখিব লাগে।

 গ) অৰ্থ-সংক্ৰান্ত ক্ষমতা আৰু কাৰ্যঃ আইনগত আৰু সাংবিধানিক দিশৰপৰা ভাৰতবৰ্ষৰ বিত্তীয় থায়িত্ব সংসদৰওপৰত ন্যস্ত থাকে,কিন্তু বাস্তৱ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে ইয়াৰ মুখ্য দায়িত্ব পালন কৰে।বিত্তমন্ত্ৰীয়ে বছৰেকীয়া বাজেট প্ৰস্তুত কৰি মন্ত্ৰী-পৰিষদৰ বৈঠকতদাখিল কৰে আৰু মন্ত্ৰী-পৰিষদৰ অনুমোদনক্ৰমে বিত্তমন্ত্ৰীয়ে লোকসভাত উপস্থাপন কৰে।ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা ৰচনা কৰাৰ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে সক্ৰিয় ভূমিকা লয়।

 ঘ) আইন প্ৰণয়নমূলক ক্ষমতা আৰু কাৰ্যঃ সংবিধানে আইন প্ৰণয়ন ক্ষমতা সংসদৰ ওপৰত অপ্টণ কৰিছে,কিন্তু বাস্তুৱ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।সংসদত বিধেয়কবোৰ উত্থাপন কৰাৰ আগতে মন্ত্ৰী-পৰিষদৰ বৈঠকত সৰ্বসন্মতিক্ৰমে গৃহীত কৰি লয়।মন্ত্ৰী-পৰিষদৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমথ্বন নাথাকিলে লোকসভাত থকা বাবে কোনো বেচৰকাৰী বিধেয়কত মন্ত্ৰী-পৰিষদৰ সমৰ্থন নাথাকিলে লোকসভাত গৃহীত হোৱাৰ সম্ভাৱনা নাথাকে।

 ঙ) নিয়োগৰ ক্ষমতা আৰু কাৰ্যঃ ভাৰত চৰকাৰৰ অধীনস্থ উচ্চ পদস্থ বিষয়াসকলক মন্ত্ৰী-পৰিষদৰ অনুমোদনক্ৰমে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।ভাৰতৰ ৰাষ্ঠদূত,মহান্যায়বক্তা,মহাহিচাপ পৰীক্ষক আদি বিষয়াসকলক মন্ত্ৰী-পৰিষদৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।ইয়াৰোপৰি বিভিন্ন কমিটি আৰু আয়োগৰ সভাপতি আৰু সদস্যসকলকৰ নিয়োগৰ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদৰ অনুমোদনৰ প্ৰয়োজন হয়।


৭। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।

উত্তৰঃ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত বৰ্ণনা কৰা হ'ল-

ক) মন্ত্ৰী-পৰিষদ গঠনঃ মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক মন্ত্ৰী-পৰিষদ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিয়োগকৰাৰৰ পিছত মুখ্যমন্ত্ৰীৰ সৰ্ব প্ৰথম কাম হ'ল মন্ত্ৰী-পৰিষদ গঠন কৰা।মন্ত্ৰী-পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যথেষ্ট স্বাধীনতা পায় আৰু এই ক্ষেত্ৰত তেওঁক কোনেও হস্তক্ষেপ কৰিব নোৱাৰে ।

 খ) দপ্তৰ বিতৰণঃ মন্ত্ৰী-পৰিষদৰ সদস্যসকলক ৰাজ্যপালে নিয়োগ কৰিৰ পিছত মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ মাজত দপ্তৰবোৰ বিতৰণ কৰে।মন্ত্ৰীসকলৰ মাজত তেওঁ দপ্তৰ বিতৰণৰ ক্ষেত্ৰত যথেষ্ট সজাগতা অৱলম্বলন কৰিব লাগে যাতে উপযুক্ত আৰু পাৰদৰ্শিতা হিচাপে দপ্তৰবোৰ বিতৰণ হয়। 

গ) মন্ত্ৰীসকলৰ দপ্তৰ পুনৰ নিৰ্ধাৰণ আৰু পদচ্যুতঃ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী-পৰিষদৰ সদস্যসকলৰ মাজত দপ্তৰ বিতৰণ কৰে।একেদৰে মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰিব পাৰে আৰু দপ্তৰৰ সাল-সলনিও কৰিব পাৰে।তদুপৰি মন্ত্ৰী-পৰিষদ অধিক কাৰ্যক্ষম আৰু দক্ষতাপূৰ্ণ কৰাৰ উদ্দেশ্য মুখ্যমন্ত্ৰীয়ে গোটেই মন্ত্ৰী-পৰিষদখন পুনৰ গঠন নাইবা কেৱল দপ্তৰবোৰ পুনৰ নিৰ্ধাৰণ কৰিব পাৰে।প্ৰয়োজন সাপেক্ষে কোনো মন্ত্ৰীক মন্ত্ৰীত্বৰ পৰা বাদ দিব পাৰে। 

ঘ) মন্ত্ৰী-পৰিষদৰ সভাপতিঃ মুখ্যমন্ত্ৰী হ'ল মন্ত্ৰী-পৰিষদৰ সভাপতি।তেওঁ মন্ত্ৰী-পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে।মুখ্যমন্ত্ৰীৰ অনুমোদনক্ৰমে মন্ত্ৰী-পৰিষদৰ তাৰিখ,সময় আৰু কৰ্যসূচী নিৰ্ধাৰণ কৰে।মুখ্যমন্থী সন্মতি আৰু অনুমোদনক্ৰমে মন্ত্ৰীসভাৰ বৈঠকত সকলো বিষয়ৰ ওপৰত আলোচনা হয়।

ঙ) ৰাজ্যপালৰ সৈতে সম্পৰ্ক ৰক্ষাঃ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল আৰু মন্ত্ৰী-পৰিষদৰ মাজত যোগসূত্ৰ স্থাপন কৰে।মন্ত্ৰী-পৰিষদত গৃহীত সকলোধৰণৰ সিদ্ধান্তৰ বিষয়ে ৰাজ্যপালক অৱগত কৰাটো মুখ্যমন্ত্ৰীৰ কৰ্তব্য।তদুপৰি ৰাজ্যপালে কোনো বাৰ্তা মন্ত্ৰী-পৰিষদলৈ প্ৰেৰণ কৰিবলগীয়া হ'লে মুখ্যমন্ত্ৰীৰ জৰিয়তে পঠিয়ায়।মুখ্যমন্ত্ৰী হ'ল ৰাজ্যপালৰ মুখ্য উপদেষ্টা।


৮। তোমাৰ ৰাজ্যৰ ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ ৰাজ্যৰ ৰাজ্যপালৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত আলোচনা কৰা-

(ক) কাৰ্যবাহী ক্ষমতা আৰু কাৰ্যঃ সংবিধানৰ ১৫৪নং অনুচ্ছেদ অনুসৰি ৰাজ্যৰ সকলোধৰণৰ কাৰ্যবাহী ক্ষমতা ৰাজ্যপালৰ ওপৰত ন্যস্ত থাকিব।তেওঁ নিজে নাইবা অধীনস্থ কৰ্মচাৰীৰ জৰিয়তে এনে ক্ষমতাবোৰ প্ৰয়োগ কৰিব লাগে।ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী-পৰিষদৰ অন্যান্যসকলক নিয়োগ কৰাৰ দায়িত্ব সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ।ৰাজ্যৰ শাসন সম্বন্ধে লোৱা সকলোবোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক অৱগত কৰি থাকিব লাগে।

(খ) বিধায়িনী ক্ষমতা আৰু কাৰ্যঃ ৰাজ্যপাল ৰাজ্যিক বিধানসভাৰ সদস্য নহয় যদিও তেওঁৰ বিধানমণ্ডলৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে।ৰাজ্যপালে বিধানমণ্ডলৰ অধিবেশন আহ্বান আৰু প্ৰয়োজন সাপেক্ষে স্থগিত ৰাখিব পাৰে।ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত নতুন বিধানসভাৰ প্ৰথম অধিবেশনত ৰাজ্যপালে ভাষণ দিয়ে।ৰাজ্যিক বিধানমণ্ডলত গৃহীত বিধেয়ক ৰাজ্যপালৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়।তেওঁ বিধেয়কত সন্মতি প্ৰদান কৰিলে আইনত পৰিণত হয়।তাৰোপৰি ৰাজ্যিক বিধানমণ্ডলৰ অধিবেশনৰ বিৰতিৰ সময়ত জৰুৰী সময়ত জৰুৰী আইনৰ প্ৰয়োজন হ'লে,ৰাজ্যপালে অধ্যাদেশ জাৰি কৰিব পাৰে।

(গ) ন্যায়িক ক্ষমতা আৰু কাৰ্যঃ ৰাজ্যপালৰ ওপৰত ভালেমান ন্যায়িক ক্ষমতা ন্যস্ত কৰা হৈছে।তেওঁ জিলা ন্যায়াধীশসকলক নিয়োগ কৰে,তেওঁলোকৰ পদস্থাপনা,পদোন্নতি আদিও কৰিব পাৰে।উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তি কৰোঁতে ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ লগত আলোচনা কৰে।ৰাজ্যপালে নৱ-নিযুক্ত ন্যায়াধীশসকলক শপত -বাক্য পাঠ কৰায়।

(ঘ) বিত্তীয় ক্ষমতা আৰু কাৰ্যঃ ৰাজ্যপালৰ বিত্তীয় ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ ক্ষমতা আছে।অৰ্থ বিধেয়ক বিধানসভাত উত্থাপন কৰাৰ পূৰ্বে ৰাজ্যপালৰ অনুমোদনৰ প্ৰয়োজন হয়।বিত্তীয় বছৰৰ আৰম্ভণিতে ৰাজ্যপালে বিত্তমন্ত্ৰীৰ জৰিয়তে বিধানসভাত বাজেট উত্থাপন কৰিব লাগে।ৰাজ্যৰ আকস্মিক নিধি ৰাজ্যপালৰ অধীনত থাকে।ৰাজ্যপালৰ অনুমোদন অবিহনে কোনো ধৰণৰ মঞ্জুৰীৰ বাবে বিধানসভাত উত্থাপন কৰিব পৰা নাযায়।

(ঙ) স্ব-বিচাৰ ক্ষমতা আৰু কাৰ্যঃ সংসদীয় চৰকাৰৰ ব্যৱস্থা অনুসৰি ৰাজ্যপালে মন্ত্ৰী-পৰিষদৰ পৰামৰ্শমতে কাৰ্যনিৰ্বাহ কৰিব লাগে।কিন্তু কিছুমান ক্ষেত্ৰত তেওঁ মন্ত্ৰী-পৰিষদৰ পৰামৰ্শ গ্ৰহণ নকৰি নিজৰ ইচ্ছা অনুসৰি কাৰ্য পৰিচালনা কৰিব পাৰে।সংবিধানৰ ১৬৩নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে স্ব-বিচাৰ ক্ষমতা প্ৰয়োগ কৰা বিষয়বোৰৰ বাহিৰে আনবোৰ বিষয়ত মন্ত্ৰী-পৰিষদৰ পৰামৰ্শ অনুসৰি কাৰ্যনিৰ্বাহ কৰিব লাগে।স্ব-বিচাৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত প্ৰশ্ন উদ্ভৱ হ'লে ৰাজ্যপালৰ সিদ্ধান্ত চূড়ান্ত হ'ব আৰু এনে সিদ্ধান্তৰ বৈধতা আদালতত বিচাৰ কৰিব পৰা নাযায়।


৯। ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ কেনেদৰে গঠন কৰা হয়।ইয়াৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ সংবিধানৰ ১৬৩(১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক বিভিন্ন কামত সহায় আৰু পৰামৰ্শ দিবৰ বাবে প্ৰতিখন ৰাজ্যতমুখ্যমন্ত্ৰীৰ নেতৃত্বত একোখন মন্ত্ৰী-পৰিষদ থাকিব লাগে।ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক ৰাজ্যপালে নিয়োগ কৰে অাৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে তেওঁ আন আন মন্ত্ৰীসকলকো নিযুক্তি দিয়ে।সংসদীয় চৰকাৰৰ নিয়ম অনুসৰি বিধানসভাৰ নিৰ্বিচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলৰ নেতা জনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰিব লাগে।অৱশ্যে বিধানসভাৰ নিৰ্বাচনত কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে অধিকসংখ্যক সদস্যৰ আস্থাভাজন হ'ব পৰা ব্যক্তিজনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰিব পাৰে।ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে।মন্ত্ৰী-পৰিষদৰ সদস্য হ'বৰ বাবে তেওঁ সংশ্লিষ্ট ৰাজ্যৰ বিধানমণ্ডলৰ যিকোনো এখন সদনৰ সদস্য হ'ব লাগিব।অৱশ্যে মন্ত্ৰী হিচাপে নিয়োজিত হোৱাৰ সময়ত তেওঁ বিধানমণ্ডলৰ সদস্য নহ'লে মন্ত্ৰীত্বৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ ছয়মাহৰ ভিতৰত তেওঁ যিকোনো এখন সদনৰ সদস্য হ'ব লাগিব ,নহ'লে তেওঁৰ মন্ত্ৰীত্বৰ পদ বাতিল হ'ব।

ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত আলোচনা কৰা হ'ল-

ক) নীতি নিৰ্ধাৰণ ক্ষমতা আৰু কাৰ্যঃ ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ প্ৰধান কৰ্তব্য হ'ল ৰাজ্যখনৰ শাসন পৰিচালনাৰ বাবেনীতি নিৰ্ধাৰণ কৰা।ৰাজ্যখনৰ শাসন কাৰ্য মন্ত্ৰী পৰিষদৰ ওপৰত সম্পূণ্ট নিৰ্ভৰশীল হোৱা বাবে নীতি নিৰ্ধাৰণৰ সময়ত তেওঁলোকে যথেষ্ট সজাগতা অৱলম্বন কৰিব লাগে।

খ) প্ৰশাসনীয় ক্ষমতা আৰু কাৰ্যঃ সংবিধানে ৰাজ্যৰ প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰাৰ দায়িত্ব ৰাজ্যপালৰ ওপৰত ন্যস্ত কৰিছে যদিও প্ৰকৃতাৰ্থত ৰাজ্যপালৰ নামত মন্ত্ৰী পৰিষদে সকলোবোৰ প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰে।ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ যথাযথভাৱে কাৰ্যকৰী হৈছে নে নাই তাৰ প্ৰতি মন্ত্ৰী-পৰিষদে লক্ষ্য ৰাখিব লাগে।

গ) অৰ্থ সংক্ৰান্ত ক্ষমতা আৰু কাৰ্যঃ অৰ্থ সংক্ৰান্ত বিষয়সমূহৰ ওপৰত মন্ত্ৰী-পৰিষদে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে।ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ অনুমোদনক্ৰমে বিত্তমন্ত্ৰীয়ে বছৰেকীয়া বাজেট বিধানসভাত উত্থাপন কৰে।অৰ্থ সংক্ৰান্ত বিধেয়ক কেৱল মন্ত্ৰী-পৰিষদৰ সদস্যসকলেহে বিধানসভাত উত্থাপন কৰিব পাৰে।

ঘ) আইন প্ৰণয়ন ক্ষমতা আৰু কাৰ্যঃ আইন প্ৰণয়নৰ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।বিধানমণ্ডলত সৰহসংখ্যক বিধেয়ক মন্ত্ৰীসকলে উত্থাপন কৰে।মন্ত্ৰী-পৰিষদৰ সমৰ্থন নথকা বিধেয়ক বিধানমণ্ডলত গৃহীত হোৱাৰ আশা অতিশয় ক্ষীণ।

ঙ) নিয়োগ সংক্ৰান্ত ক্ষমতা আৰু কাৰ্যঃ ৰাজ্যিক চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ নিয়োগৰ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে অতি সংক্ৰিয় ভূমিকা গ্ৰহণ কৰে।ৰাজ্যখনৰ মহান্যায়বক্তা,বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলক তদুপৰি বিভিন্ন নিগমৰ অধ্যক্ষসকলক ৰাজ্যপালে মন্ত্ৰী-পৰিষদৰ অনুমোদনক্ৰমে নিয়োগ কৰে।ৰাজ্যিক চৰকাৰৰ বিষয়াসকলৰ স্থানান্তৰ,পদোন্নতি আদি মন্ত্ৰী-পৰিষদৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।


১০। ৰাজ্যপালৰ স্ব-বিচাৰধীন ক্ষমতাবোৰ আলোচনা কৰা। 

উত্তৰঃ ৰাজ্যপালৰ স্ব-বিচাৰধীন ক্ষমতাবোৰতলত আলোচনা কৰা হ'ল-

ক) ৰাজ্যিক বিধানসভাৰ সাধাৰণ নিৰ্বাচনত কোনো ৰাজনৈতিক দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালে নাইবা কোনো নেতাই গৰিষ্ঠসংখ্যক সদস্যৰ সমৰ্থন থকা বুলি প্ৰমাণ কৰিব নোৱাৰিলে ৰাজ্যপালে স্ব-বিচাৰধীন ক্ষমতাৰ জৰিয়তে মুখ্যমন্ত্ৰী নিযুক্তিত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

খ) ৰাজ্যৰ শাসনাধিষ্ঠ দলে বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱালে বা হেৰুওৱাৰ উপক্ৰম হোৱাৰ পিছত বিধানসভাত আস্থাভোট বিচাৰিবলৈ অনিচ্ছুক হ'লে ৰাজ্যপালে স্ব-বিচাৰ ক্ষমতা প্ৰয়োগ কৰি মন্ত্ৰী-পৰিষদখন বৰ্খাস্ত কৰিব পাৰে।

গ) ৰাজ্যৰ মন্ত্ৰী-পৰিষদখন সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিছত বিধানসভা ভংগ কৰাৰ বাবে দিয়া পৰামৰ্শ ৰাজ্যপালে অগ্ৰাহ্য কৰিব পাৰে।

ঘ) কোনো ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ সৃষ্টি হ'লে ,মুখ্যমন্ত্ৰীৰ বিনা পৰামৰ্শত ৰাজ্যপালে স্ব-বিচাৰ ক্ষমতাৰ জৰিয়তে সেই ৰাজ্যত "ৰাষ্ট্ৰপতি শাসন"প্ৰৱৰ্তনৰ বাবে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিব পাৰে।

ঙ) ৰাজ্যিক বিধানমণ্ডলৰ দ্বাৰা গৃহীত বিধেয়কত ৰাজ্যপালে সন্মতি নজনাই ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সংৰক্ষিত কৰিব পাৰে।


১৩। সংবিধান সভাৰ সভাপতিজনৰ নাম কি?

উত্তৰঃ সংবিধান সভাৰ সভাপতিজন হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।


১৪। ভাৰতৰ সংবিধানখন কোন চনৰ পৰা কাৰ্যকৰী হৈছিল?

উত্তৰঃ ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ,২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছিল।


১৫। ভাৰতবৰ্ষৰ সংবিধানৰ উৎস এটা লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ উৎস এটা হ'ল ১৯৩৫চনৰ আইন।


চমু উত্তৰৰ প্ৰশ্নঃ

১। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা আইন সংক্ৰান্তীয় ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ দুটা আইন সংক্ৰান্তীয় ক্ষমতা হ'ল –

ক) ৰাষ্ট্ৰপতিৰ সন্মতি অবিহনে কোনো বিধেয়ক আইনত পৰিণত কৰিব পৰা নাযায়।

খ) ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনৰ অধিবেশন আহ্বান কৰিব আৰু স্থগিত ৰাখিব পাৰে।


২।  ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণাৰ চাৰিটা ফলাফল বৰ্ণনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণাৰ চাৰিটা ফলাফল তলত বৰ্ণনা কৰা হ'ল-

ক) ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা চলি থকা সময়ত ৰাজ্যিক প্ৰশাসনিক কাম-কাজ কি ধৰণে কৰিব লাগে ,সেই বিষয়ে ৰাজ্যিক কাৰ্যপালিকাক কেন্দ্ৰীয় চৰকাৰে নিদ্গেশ দিব পাৰে।

খ) ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা চলি থকা সময়ত কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীৰ যিকোনো বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে।

গ) ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা চলি থকা সময়ত ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ জাৰি কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ৰাজহ বিতৰণ ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিব পাৰে।

ঘ) ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা চলি থকা সময়ত নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হয়,কিন্তু জৰুৰীকালীন অৱস্থা বাতিল হ'লে এনে প্ৰতিবন্ধকৰ অৱসান ঘটে।


৩। ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণাৰ চাৰিটা ফলাফল বৰ্ণনা কৰা।

উত্তৰঃ ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণাৰ চাৰিটা ফলাফল তলত বৰ্ণনা কৰা হ'ল-

ক। ৰাজ্যিক জৰুৰী অৱস্থা প্ৰৱৰ্তন হ'লে ৰাজ্যখনৰ শাসনৰ দায়িত্ব ৰাষ্ট্ৰপতিৰ হাতলৈ যায়।তেওঁ ৰাজ্যপাল বা আন কোনো প্ৰশাসনীয় বিষয়াৰ জৰিয়তে ৰাজ্যখনৰ শাসন পৰিচালনাৰ ব্যৱস্থা হাতত লয়।

খ। ৰাজ্যিক বিধানসভাখন ভংগ কৰি দিয়া হয় বা নিলম্বিত কৰি ৰখা হয়।

গ। ৰাজ্যিক জৰুৰীকালীন অৱস্থা ঘোষণাৰ লগে লগে মন্ত্ৰী-পৰিষদখন ভংগ কৰি দিয়া হয়।৪।ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক বিধানমণ্ডলৰ ক্ষমতাবোৰ কেন্দ্ৰীয় সংসদক অৰ্পণ কৰে।


৪। ৰাষ্ট্ৰপতিক কেনেকৈ অপসাৰণ কৰিব পাৰি?

উত্তৰঃ সংবিধানৰ ৬১ নং অনুচ্ছেদ অনুসৰি সংবিধান ভংগ কৰা অপৰাধত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সংসদত মহাঅভিযোগ প্ৰস্তাৱ আনি তেওঁক পদৰ পৰা অপসাৰণ কৰিব পৰা যায়।মহাঅভিযোগ প্ৰস্তাৱ আনিবৰ বাবে সংসদতৰ যিকোনো সদনৰ এক-চতুৰ্থাংশ সদস্যই ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ প্ৰস্তাৱ উত্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰি ১৪ দিন আগতে জাননী দিব লাগে।সংসদৰ যিটো সদনৰ সদস্যসকলে তেওঁৰ বিৰুদ্ধে মহাঅভিযোগ প্ৰস্তাৱ আনে ,সেই সদনত আলোচনাৰ বাবে প্ৰস্তাৱটো উত্থাপন কৰা হয় আৰু প্ৰস্তাৱটো সংশ্লিষ্ট সদনৰ মুঠ সদস্যৰ দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনত গৃহীত হ'লে আনখন সদনে প্ৰস্তাৱটো অনুসন্ধান কৰি চায়।এই অনুসন্ধানৰ পিছত আনখন সদনৰ দুই-তৃতীয়াংশ সদস্যই প্ৰস্তাৱটো সমৰ্থন কৰিলে ,ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগটো প্ৰমাণিত হৈছে বুলি ঘোষণা কৰা হয়।মহাঅভিযোগ প্ৰমাণিত হোৱা বুলি ঘোষণা কৰা তাৰিখৰ পৰা ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰিত হয়।


৫।ৰাষ্ট্ৰপতিৰ ন্যায়িক ক্ষমতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ  ৰাষ্ট্ৰপতিৰ ন্যায়িক ক্ষমতা:-ৰাষ্ট্ৰপতিয়ে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিয়োগ কৰে।সংসদৰ প্ৰস্তাৱ অনুযায়ী ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক পদচ্যুত কৰিব পাৰে।ৰাষ্ট্ৰপতিয়ে আদালতত দোষী সাব্যস্ত হোৱা লোকৰ দণ্ডৰ পৰিমাণ হ্ৰাস কৰিব পাৰে,দণ্ডৰ প্ৰকৃতিৰ পৰিৱৰ্তন কৰিব পাৰে,মৃত্যুদণ্ডৰে দণ্ডিত দোষীক সম্পূৰ্ণ ক্ষমাদান অথবা মৃত্যুদণ্ডৰ পৰিৱৰ্তে অন্য দণ্ড বিহিবৰ আদেশ দিব পাৰে।


৬।ৰাষ্ট্ৰপতিয়ে কি কি কাৰণত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে তিনিটা কাৰণত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে-

(ক) জাতীয় জৰুৰী অৱস্থাঃ ভাৰতীয় সংবিধানৰ ৩৫২নং অনুচ্ছদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।আভ্যন্তৰীণ বিশৃংখলতাৰ উদ্ভৱ হ'লে বা বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ ফলত দেশৰ নিৰাপত্ত্বা বিপদাপন্ন হ'লে ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। 

(খ) ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থাঃ ভাৰতীয় সংবিধানৰ ৩৫৬নং অনুচ্ছদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যত সাংবিধানিক অচলাৱস্থা হোৱা বুলি ৰাজ্যপালৰ পৰা প্ৰতিবেদন পালে বা আন কোনো প্ৰকাৰে তেওঁ বিবেচনা কৰিলে সেই ৰাজ্যত ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। 

(গ) আৰ্থিক জৰুৰী অৱস্থাঃ ভাৰতীয় সংবিধানৰ ৩৬০নং অনুচ্ছদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে আৰ্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।সমগ্ৰ ভাৰতবৰ্ষ বা ইয়াৰ কোনো অংশৰ বিত্তীয় অৱস্থা বিপদগ্ৰস্থ হ'লে ৰাষ্ট্ৰপতিয়ে এনে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।এনেজৰুৰী অৱস্থা ঘোষণা কৰিলে ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় বণ্টনৰ সাল-সলনি কৰিব পাৰে।ইয়াৰোপৰি সকলো শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহা আৰু বানচ হ্ৰাস কৰিব পাৰে।


৭।আৰ্থিক জৰুৰী অৱস্থা ঘোষণাৰ দুটা ফলাফল বৰ্ণনা কৰা।

উত্তৰঃ আৰ্থিক জৰুৰী অৱস্থা ঘোষণাৰ দুটা ফলাফল হ'ল-

ক। ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰ আৰু ৰাজ্য বিত্তীয় বণ্টনৰ সাল-সলনি কৰিব পাৰে।

খ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যবোৰৰ বাবে আৰ্থিক দিশত নিয়ম ৰচনা কৰে আৰু সেইবোৰ কায্যকৰী কৰিবৰ বাবে ৰাজ্যসমূহলৈ পঠিয়ায়।


৮।সংসদৰ যুটীয়া বৈঠক বহিবলগীয়া দুটা পৰিস্থিতি উল্লেখ কৰা।

উত্তৰঃ সংসদৰ যুটীয়া বৈঠক বহিবলগীয়া দুটা পৰিস্থিতি হ'ল-

ক। লোকসভাৰ সাধাৰণ নিৰ্বাচন হোৱাৰ পিছত ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া বৈঠক আহ্বান কৰে।

খ। সংসদৰ সদন দুখনৰ মাজত সংঘাতৰ সৃষ্টি হ'লে ৰাষ্ট্ৰপতিয়ে সংসদৰ যুটীয়া বৈঠক আহ্বান কৰি মতবিৰোধ আঁতৰ কৰাৰ ব্যৱস্থা কৰে।


৯।ভাৰতৰ প্ৰধানমন্ত্ৰী কেনেকৈ নিয়োগ কৰা হয় চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ সংবাধানৰ ৭৫ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰে।সংসদীয় ব্যৱস্থা অনুযায়ী লোকসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটোৰ দলপতিজনক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিয়োগ কৰাটো কৰ্তব্য।সাধাৰণতে লোকসভাৰ সাধাৰণ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ দলপতিজনক বা কোনো দল একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে ,কেইটামান ৰাজনৈতিক দল লগ লাগি একক সংখ্যাগৰিষ্ঠতা হ'লে আৰু তেওঁলোকে সব্জসন্মতিক্ৰমে এজন নেতা বাছিব পাৰিলে ৰাষ্ট্ৰপতিয়ে তেওঁক প্ৰধানমন্ত্ৰী হিচিপে নিয়োগ কৰে।কিন্তু কোনো ৰাজনৈতিক দল একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে আৰু সমূহীয়া নেতা বাছিবলৈ সক্ষম নহ'লে ,ৰাষ্টপতি তেওঁৰ প্ৰকৃত ক্ষমতা প্ৰয়োগ কৰি যিকোনো ব্যক্তি এজনক প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিবৰ বাবে আহ্বান কৰিব পাৰে।তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰীজনে নিৰ্ধাৰিত সময়ত লোকসভাৰ মজিয়াত গৰিষ্ঠ সংখ্যকৰ সমৰ্থন লাভ কৰি দেখুৱাব লাগে।


১০। মন্ত্ৰী-পৰিষদৰ গঠনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ মন্ত্ৰী-পৰিষদৰ গঠনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ ভূমিকা গুৰূত্বপূৰ্ণ।সংবিধানৰ ৭৫ নং অনুচ্ছেদত মন্ত্ৰী-পৰিষদৰ গঠন প্ৰণালীৰ বিষয়ে লিপিবদ্ধ কৰা আছে।ৰাষ্ট্ৰপতিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ সংসদীয় নেতাজনক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিব লাগে আৰু পিছত প্ৰধানমন্ত্ৰীৰ উপদেশ অনুসৰি তেওঁ অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে।মন্ত্ৰী-পৰিষদৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ তেওঁৰ বিচাৰ -বিবেচনা প্ৰয়োগ কৰিব পাৰে।অৱশ্যে মন্ত্ৰী-পৰিষদ গঠন কৰোঁতে প্ৰধানমন্ত্ৰীয়ে ভালেমান বিষয়ৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।যেনে:-তেওঁ দলৰ প্ৰভাৱশালী ব্যক্তিসকলক,প্ৰত্যেক সম্প্ৰদায় আৰু ধৰ্মৰ লোকক,মহিলা আৰু?মন্ত্ৰী-পৰিষদত যুৱকসকলক,প্ৰত্যেকৰাজ্যৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰিব লাগে।


১১। প্ৰধানমন্ত্ৰীক কিয় জাতিৰ নেতা বোলা হয়?

উত্তৰঃ প্ৰধানমন্ত্ৰীক জাতিৰ নেতা বোলা হয় কাৰণ প্ৰধানমন্ত্ৰীকসন্মূখত লৈ তেওঁৰ দলে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ যুদ্ধত নামে।প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অসাধাৰণ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে কংগ্ৰেছ দলে বিপুল ভোটত জয়লাভ কৰিছিল।নিৰ্বাচনী যুদ্ধতে অকল নহয়,বন্দুকৰ গুলীৰযুদ্ধতো দেশবাসীয়ে প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ বাবে বাট চাই থাকে।প্ৰধানমন্ত্ৰীয়ে যুদ্ধ আৰু শান্তি উভয় সময়তে দেশবাসীক নেতৃত্ব দিয়ে।


১২। প্ৰধানমন্ত্ৰীক বিশ্বৰ ৰাজনীতিত ভাৰতৰ মূখপাত্ৰ বোলা হয়-ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰধানমন্ত্ৰীক বিশ্বৰ ৰাজনীতিত ভাৰতৰ মূখপাত্ৰ বোলা হয় কাৰণ ভাৰতৰ প্ৰধানমন্ত্ৰী চৰকাৰৰ প্ৰকৃত মুৰব্বী হোৱাৰ বাবে বিশ্বৰ ৰাজনীতিত বিশেষ ভূমিকা গ্ৰহণ কৰে।বৈদেশিক নীতি নিৰ্ধাৰণ আৰু সম্পৰ্কৰ ক্ষেত্ৰত তেওঁ প্ৰধান ভূমিকা পালন কৰে।তেওঁ বৈদেশিক মন্ত্ৰীৰ পদত থাকক বা নাথাকক ,তেওঁ সদায় বৈদেশিক নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰে।দেশৰ সন্মান আৰু আন্তৰ্জাতিক সন্মিলনবোৰত ভাৰতক প্ৰতিনিধিত্ব কৰে।প্ৰধানমন্ত্ৰীয়ে মাজে সময়ে বিদেশত সদিচ্ছামূলকভ্ৰমণ কৰি আমাৰ দেশৰ লগত অন্যান্য ৰাষ্ট্ৰৰ সম্পৰ্ক মধুৰ কৰাৰ বাবে প্ৰয়াস কৰে।


১৩। কেন্দ্ৰীয় মন্ত্ৰী-পৰিষদৰ প্ৰশাসনিক আৰু আইন প্ৰণয়নমূলক ক্ষমতাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ কেন্দ্ৰীয় মন্ত্ৰী-পৰিষদৰ প্ৰশাসনিক আৰু আইন প্ৰণয়নমূলক ক্ষমতাৰ বিষয়ে তলত আলোচনা কৰা হ'ল- 

ক।প্ৰশাসনীয় ক্ষমতা আৰু কাৰ্যঃ সংবিধানে ৰাষ্ট্ৰপতিৰ ওপৰত দেশৰ সকলোবোৰ প্ৰশাসনীয় ক্ষমতা ন্যস্ত কৰিছে যদিও প্ৰকৃতপক্ষে ৰাষ্ট্ৰপতিৰ নামত সমুদায় কাম মন্ত্ৰী-পৰিষদে সমাপন কৰে।সংসদে প্ৰণয়ন কৰা সকলোবোৰ আইন তৎকালীন আৰু যথাযথ ভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই তাৰ প্ৰতি মন্ত্ৰী-পৰিষদে দৃষ্টি ৰাখিব লাগে। 


খ।আইন প্ৰণয়নমূলক ক্ষমতা আৰু কাৰ্যঃ সংবিধানে আইন প্ৰণয়ন ক্ষমতা সংসদৰ ওপৰত অপ্টণ কৰিছে,কিন্তু বাস্তুৱ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়।সংসদত বিধেয়কবোৰ উত্থাপন কৰাৰ আগতে মন্ত্ৰী-পৰিষদৰ বৈঠকত সৰ্বসন্মতিক্ৰমে গৃহীত কৰি লয়।মন্ত্ৰী-পৰিষদৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমথ্বন নাথাকিলে লোকসভাত থকা বাবে কোনো বেচৰকাৰী বিধেয়কত মন্ত্ৰী-পৰিষদৰ সমৰ্থন নাথাকিলে লোকসভাত গৃহীত হোৱাৰ সম্ভাৱনা নাথাকে।


১৪। মন্ত্ৰী-পৰিষদৰ অৰ্থ সংক্ৰান্ত ক্ষমতাবোৰ আলোচনা কৰা।

উত্তৰঃ মন্ত্ৰী-পৰিষদৰ অৰ্থ-সংক্ৰান্ত ক্ষমতা আৰু কাৰ্য:-আইনগত আৰু সাংবিধানিক দিশৰপৰা ভাৰতবৰ্ষৰ বিত্তীয় দায়িত্ব সংসদৰওপৰত ন্যস্ত থাকে,কিন্তু বাস্তৱ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে ইয়াৰ মুখ্য দায়িত্ব পালন কৰে।বিত্তমন্ত্ৰীয়ে বছৰেকীয়া বাজেট প্ৰস্তুত কৰি মন্ত্ৰী-পৰিষদৰ বৈঠকতদাখিল কৰে আৰু মন্ত্ৰী-পৰিষদৰ অনুমোদনক্ৰমে বিত্তমন্ত্ৰীয়ে লোকসভাত উপস্থাপন কৰে।ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা ৰচনা কৰাৰ ক্ষেত্ৰত মন্ত্ৰী-পৰিষদে সক্ৰিয় ভূমিকা লয়।


১৫। মূখ্যমন্ত্ৰীৰ নিয়োগ পদ্ধতিটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ সংবিধানৰ ১৬৪ নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিয়োগ কৰিব লাগে।সংসদীয় চৰকাৰৰ নিয়মমতে বিধানসভাৰ নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্ৰীক নিয়োগ কৰে।অৱশ্যে কোনো দলে একক সংখ্যাগৰিষ্ঠতা আহৰণ কৰিব নোৱাৰিলে নাইবা কেইটামান ৰাজনৈতিক দলে সংযুক্তভাৱে এজন সমূহীয়া নেতা নিৰ্বাচিত বা মনোনীত কৰিবলৈ সক্ষম নহ'লে ৰাজ্যপালে বিধানসভাৰ অধিকাংশ সদস্যৰ সমৰ্থন লাভ কৰিব পাৰিব বুলি বিশ্বাস কৰা কোনো এজন ব্যক্তিক মুখ্যমন্ত্ৰী হিচাপে কৰিব পাৰে।অৱশ্যে এনেদৰে মুখ্যমন্ত্ৰী হিচাপে নিয়োজিত ব্যক্তিজনে ৰাজ্যপালে নিৰ্দ্দিষ্ট্ৰ কৰি দিয়া সময়সীমাৰ মাজত বিধানসভাৰ মজিয়াত তেওঁৰ প্ৰতি সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন থকাৰ প্ৰমাণ কৰি দেখুৱাব লাগে।


১৭। ৰাজ্যপালে মন্ত্ৰী-পৰিষদ গঠনৰ ক্ষেত্ৰত কেনেদৰে ভূমিকা পালন কৰে চমুকৈ লিখা।

উত্তৰঃ সংবিধানৰ ১৬৩(১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক বিভিন্ন কামত সহায় আৰু পৰামৰ্শ দিবৰ বাবে প্ৰতিখন ৰাজ্যতমুখ্যমন্ত্ৰীৰ নেতৃত্বত একোখন মন্ত্ৰী-পৰিষদ থাকিব লাগে।ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক ৰাজ্যপালে নিয়োগ কৰে অাৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে তেওঁ আন আন মন্ত্ৰীসকলকো নিযুক্তি দিয়ে।সংসদীয় চৰকাৰৰ নিয়ম অনুসৰি বিধানসভাৰ নিৰ্বিচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলৰ নেতা জনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰিব লাগে।অৱশ্যে বিধানসভাৰ নিৰ্বাচনত কোনো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে অধিকসংখ্যক সদস্যৰ আস্থাভাজন হ'ব পৰা ব্যক্তিজনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰিব পাৰে।ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে অন্যান্য মন্ত্ৰীসকলক নিযুক্তি দিয়ে।


১৮। ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ দুটা কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ দুটা কাৰ্য হ'ল-

ক। নীতি নিৰ্ধাৰণ ক্ষমতা আৰু কাৰ্যঃ ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ প্ৰধান কৰ্তব্য হ'ল ৰাজ্যখনৰ শাসন পৰিচালনাৰ বাবেনীতি নিৰ্ধাৰণ কৰা।ৰাজ্যখনৰ শাসন কাৰ্য মন্ত্ৰী পৰিষদৰ ওপৰত সম্পূণ্ট নিৰ্ভৰশীল হোৱা বাবে নীতি নিৰ্ধাৰণৰ সময়ত তেওঁলোকে যথেষ্ট সজাগতা অৱলম্বন কৰিব লাগে।

খ।প্ৰশাসনীয় ক্ষমতা আৰু কাৰ্যঃ সংবিধানে ৰাজ্যৰ প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰাৰ দায়িত্ব ৰাজ্যপালৰ ওপৰত ন্যস্ত কৰিছে যদিও প্ৰকৃতাৰ্থত ৰাজ্যপালৰ নামত মন্ত্ৰী পৰিষদে সকলোবোৰ প্ৰশাসনীয় কাৰ্য পৰিচালনা কৰে।ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইনসমূহ যথাযথভাৱে কাৰ্যকৰী হৈছে নে নাই তাৰ প্ৰতি মন্ত্ৰী-পৰিষদে লক্ষ্য ৰাখিব লাগে।


অতি চমু উত্তৰৰ প্ৰশ্ন:

১।ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান ৰাষ্ট্ৰপতি।


২। ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ দুজন সদস্য মনোনীত কৰিব পাৰে।


৩। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ অনুপস্থিতত ৰাষ্ট্ৰপতিৰ কাৰ্য কোনে পৰিচালনা কৰে?

উত্তৰঃ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ অনুপস্থিতত ৰাষ্ট্ৰপতিৰ কাৰ্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পৰিচালনা কৰে।


৪। ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে?

উত্তৰঃ ভাৰতৰ সংবিধানৰ অষ্টাদশ অংশৰ ৩৫২নং পৰা ৩৬০নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।


৫। ৰতীয় সংবিধানৰ কোন অনুচ্ছেদত "ৰাষ্ট্ৰপতিৰ শাসন" ব্যৱস্থা কৰা হৈছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৫৩ নং অনুচ্ছেদত "ৰাষ্ট্ৰপতিৰ শাসন" ব্যৱস্থা কৰা হৈছে।


৬। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় জৰুৰী অৱস্থা ঘোষণাৰ কৰাৰ ব্যৱস্থা আছে?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৬০ নং অনুচ্ছেদত বিত্তীয় জৰুৰী অৱস্থা ঘোষণাৰ কৰাৰ ব্যৱস্থা আছে।


৭। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ ১২ জন সদস্য মনোনীত কৰিব পাৰে।


৮। ৰাষ্ট্ৰপতিয়ে কেতিয়াবা অধ্যাদেশ জাৰি কৰিব পাৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে সংসদৰ অধিৱেশন চলি থকা নথকা অৱস্থাত জৰুৰী আইন বা কোনো নীতিৰ প্ৰচলনৰ প্ৰয়োজন হ'লে সংবিধানৰ ১২৩ নং অনুচ্ছেদ অনুযায়ী অধ্যাদেশ জাৰি কৰিব পাৰে।


৯। ৰাষ্ট্ৰপতিয়ে জাৰি কৰা অধ্যাদেশত সংসদে অনুমোদন নজনালে কি হয়?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে জাৰি কৰা অধ্যাদেশত সংসদে অনুমোদন নজনালে বাতিল হয়।


১০। ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰকৃত কাৰ্যপালিকা বুলি গণ্য কৰিব পৰা যায় নে?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰকৃত কাৰ্যপালিকা বুলি গণ্য কৰিব পৰা নাযায়।


১১। সংবিধানে ভাৰতবৰ্ষত "ৰাষ্ট্ৰপতিয় চৰকাৰ" ব্যৱস্থা প্ৰৱৰ্তন কৰিছেনে?

উত্তৰঃ সংবিধানে ভাৰতবৰ্ষত "ৰাষ্ট্ৰপতিয় চৰকাৰ" ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।


১২। মন্ত্ৰী-পৰিষদে ৰাষ্ট্ৰপতিৰ ওচৰত অনুমোদনৰ বাবে পঠোৱা বিধেয়ক ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনা কৰিবৰ বাবে মন্ত্ৰী-পৰিষদলৈ ঘূৰাই পঠিয়াব পাৰে নে?

উত্তৰঃ মন্ত্ৰী-পৰিষদে ৰাষ্ট্ৰপতিৰ ওচৰত অনুমোদনৰ বাবে পঠোৱা বিধেয়ক ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনা কৰিবৰ বাবে মন্ত্ৰী-পৰিষদলৈ ঘূৰাই পঠিয়াব পাৰে।


১৩। ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।


১৪। ভাৰত চৰকাৰৰ মুৰব্বী কোন?

উত্তৰঃ ভাৰত চৰকাৰৰ মুৰব্বী প্ৰধানমন্ত্ৰী।


১৫। প্ৰধানমন্ত্ৰীৰ কোনো নিৰ্দ্দিষ্ট কাৰ্য্যকাল আছে নে?

উত্তৰঃ প্ৰধানমন্ত্ৰীৰ নিৰ্দ্দিষ্ট কাৰ্য্যকাল আছে।


১৬। প্ৰধানমন্ত্ৰী হিচাপে নিয়োজিত ব্যক্তিজনে সংসদৰ সদস্য নহ'লে কিমান দিনৰ ভিতৰত সংসদৰ সদস্য হ'ব লাগে?

উত্তৰঃ প্ৰধানমন্ত্ৰী হিচাপে নিয়োজিত ব্যক্তিজনে সংসদৰ সদস্য নহ'লে ছমাহৰ ভিতৰত সংসদৰ সদস্য হ'ব লাগে।


১৭। মন্ত্ৰী-পৰিষদৰ বৈঠকত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ মন্ত্ৰী-পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী সভাপতিত্ব কৰে।


১৮। ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী-পৰিষৰ মাজত কোনে যোগসূত্ৰ স্থাপন কৰে?

উত্তৰঃ ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী-পৰিষৰ মাজত প্ৰধানমন্ত্ৰীয়ে যোগসূত্ৰ স্থাপন কৰে।


১৯। প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ অধিবেশনত সভাপতিত্ব কৰে নে?

উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে লোকসভাৰ অধিবেশনত সভাপতিত্ব কৰে ।


২০। ভাৰতবৰ্ষৰ জাতিৰ নেতা কোন?

উত্তৰঃ ভাৰতবৰ্ষৰ জাতিৰ নেতা প্ৰধানমন্ত্ৰী।


২১। লোকসভাত কেন্দ্ৰীয় বাজেট কোনে উত্থাপন কৰে?

উত্তৰঃ লোকসভাত কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰীয়ে উত্থাপন কৰে।


২২। ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় মন্ত্ৰী-পৰিষদ পৰামৰ্শ অনুসৰি কাৰ্য-পালন কৰিবলৈ বাধ্য নে?

 উত্তৰঃ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় মন্ত্ৰী-পৰিষদ পৰামৰ্শ অনুসৰি কাৰ্য-পালন কৰিবলৈ বাধ্য নহয়।


২৩। ৰাজ্যপাল হ'বৰ বাবে নূন্যতম বয়সৰ সীমা কিমান?

উত্তৰঃ ৰাজ্যপাল হ'বৰ বাবে নূন্যতম বয়সৰ সীমা ৩৫বছৰ।


২৪। ৰাজ্যপালৰ এটা অৰ্হতা লিখা।

উত্তৰঃ ৰাজ্যপালৰ এটা অৰ্হতা হ'ল-ৰাজ্যপাল হ'বৰ বাবে নূন্যতম বয়সৰ সীমা ৩৫বছৰ।


২৫। ৰাজ্যপালক কোনে নিয়োগ কৰে?

উত্তৰঃ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে।


২৬। সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিয়োগ কৰিব পাৰে?

উত্তৰঃ সংবিধানৰ ১৫৫ নম্বৰ অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিয়োগ কৰিব পাৰে।


২৭। ৰাজ্যৰ মুৰব্বী কোন?

উত্তৰঃ ৰাজ্যৰ মুৰব্বী ৰাজ্যপাল।


২৮। ৰাজ্যপালৰ এটা স্ব-বিচাৰ ক্ষমতা উল্লেখ কৰা।

উত্তৰঃ ৰাজ্যপালৰ এটা স্ব-বিচাৰ ক্ষমতা হ'ল-ৰাজ্যৰ মন্ত্ৰী-পৰিষদখন সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিছত বিধানসভা ভংগ কৰাৰ বাবে দিয়া পৰামৰ্শ ৰাজ্যপালে অগ্ৰাহ্য কৰিব পাৰে।


২৯। ৰাজ্যপালে কোনো ব্যক্তিৰ মৃত্যুদণ্ডৰ দণ্ডাদেশ বাতিল কৰিব পাৰে নে?

উত্তৰঃ ৰাজ্যপালে কোনো ব্যক্তিৰ মৃত্যুদণ্ডৰ দণ্ডাদেশ বাতিল কৰিব পাৰে।


৩০। ৰাজ্যৰ প্ৰকৃত কাৰ্যপালিকা কোন?

উত্তৰঃ ৰাজ্যৰ প্ৰকৃত কাৰ্যপালিকা মুখ্যমন্ত্ৰী।


৩১। ৰাজ্যপালক বিভিন্ন কামত কোনে সহায় আৰু পৰামৰ্শ দিয়ে?

উত্তৰঃ ৰাজ্যপালক বিভিন্ন কামত মুখ্যমন্ত্ৰীয়ে সহায় আৰু পৰামৰ্শ দিয়ে।


৩২। মন্ত্ৰী-পৰিষদৰ কাৰ্যকাল তত্ত্বগত ফালৰ পৰা কাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ মন্ত্ৰী-পৰিষদৰ কাৰ্যকাল তত্ত্বগত ফালৰ পৰা প্ৰধানমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে।


৩৩। মন্ত্ৰী-পৰিষদৰ কাৰ্যকাল বাস্তৱিকতে কাৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ মন্ত্ৰী-পৰিষদৰ কাৰ্যকাল বাস্তৱিকতে বিধানসভাৰ আস্থাৰ ওপৰত নিৰ্ভৰশীল।


৩৪। ৰাজ্যৰ মন্ত্ৰী-পৰিষদৰ সদস্যসকলক কোনে নিয়োগ কৰে?

উত্তৰঃ ৰাজ্যৰ মন্ত্ৰী-পৰিষদৰ সদস্যসকলক মুখ্যমন্ত্ৰীয়ে নিয়োগ কৰে।


৩৫। ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে কোনখন সদনে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে?

উত্তৰঃ ৰাজ্যিক মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে বিধানসভাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে


৩৬। ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে?

উত্তৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিয়োগ কৰে।


৩৭। কোনো ব্যক্তি মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিধানমণ্ডলৰ সদস্য নহ'লে কিমান দিনৰ ভিতৰত বিধান সভাৰ সদস্য হ'ব লাগে?

উত্তৰঃ কোনো ব্যক্তি মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিধানমণ্ডলৰ সদস্য নহ'লে ছয়মাহৰ ভিতৰত বিধান সভাৰ সদস্য হ'ব লাগে।


৩৮। মুখ্যমন্ত্ৰীৰ কোনো নিৰ্দ্দিষ্ট কাৰ্যকাল আছে নে?

উত্তৰঃ মুখ্যমন্ত্ৰীৰ কোনো নিৰ্দ্দিষ্ট কাৰ্যকাল নাই।


৩৯। সংসদীয় কাৰ্যপালিকাৰ অৰ্থ হ'ল :-

(ক) য'ত সংসদ থাকে তাৰ কাৰ্যপালিকা।

(খ) সংসদৰ দ্বাৰা নিৰ্বাচিত কাৰ্যপালিকা।

(গ) সংসদে য'ত কাৰ্যপালিকা হিচাপে কাৰ্য নিৰ্বাহ কৰে।

(ঘ) সংসদত সংখ্যাগৰিষ্ঠ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰা কাৰ্যপালিকা।

উত্তৰঃ সংসদে য'ত কাৰ্যপালিকা হিচাপে কাৰ্য নিৰ্বাহ কৰে। 


৪০। প্ৰধানমন্ত্ৰীক নিযুক্তিৰ বাবে ৰাষ্ট্ৰপতিয়ে বাছনি কৰে-

 (ক)লোকসভাৰ বৃহৎ দল নেতাক।

 (খ)মিত্ৰজোটৰ বৃহৎ দলৰ নেতাক,যিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে।

 (গ)ৰাজ্যসভাৰ সৰ্ব বৃহৎ দলৰ নেতাক।

 (ঘ)মিত্ৰজোটৰ নেতা বা যি দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে।

উত্তৰঃ মিত্ৰজোটৰ বৃহৎ দলৰ নেতাক,যিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে। 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Answer by: Chandana sarkar