HS 1st Year Pol. Science 

কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিধানমণ্ডল


ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতবৰ্ষত কিয় দুখন সদনৰ প্ৰয়োজন? যুক্তি আগবঢ়োৱা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধান ৰচকসকলে কেন্দ্ৰীয় বিধানমণ্ডলক কেতবোৰ যুক্তিত দ্বি-সদনযুক্ত হোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি কেন্দ্ৰত দ্বি-সদনযুক্ত বিধানমণ্ডলৰ প্ৰৱৰ্তন কৰিছিল।সেই যুক্তিসমূহ হ'ল-

  ১। ভাৰতবৰ্ষ এখন বৃহৎ আৰু বৈচত্ৰময় দেশ।দ্বি-সদনযুক্ত বিধানমণ্ডলে সমাজৰ সকলো শ্ৰেণী আৰু জনগোষ্ঠীৰ লোকক প্ৰতিনিধিত্ব কৰাত সুযোগ দিয়ে।

    ২। এখন মাথো সদন থাকিলে,অত্যাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত হোৱাৰ প্ৰৱণতা থাকে আৰু ইয়াক আঁতৰ কৰিবলৈ সমান ক্ষমতাযুক্ত আন এখন সদন অপৰিহাৰ্য।

   ৩। এখন সদনে কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্তত উপনীত হ'ব পাৰে।দ্বি-সদনযুক্ত বিধানমণ্ডলত এখন সদনে খৰতকীয়াকৈ কিবা ভুল সিদ্ধান্ত গ্ৰহণ কৰিলে আনখন সদনে সেইবোৰ আলোচনা কৰি আঙুলিয়াই দি শুদ্ধ আইন প্ৰণয়ন কৰাৰ বাট প্ৰশস্ত কৰে।

    ৪। ভাৰতবৰ্ষৰ সংসদৰ নিম্ন-সদনৰ অৰ্থাৎ লোকসভাৰ কামৰ বোজা পাত লোৱাৰ উপায় হিচাপেও দ্বিতীয় সদনৰ অৰ্থাৎ ৰাজ্যসভাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছিল।

    ৫। অভিজ্ঞ অথচ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনিচ্ছুক ব্যক্তিসকলৰ সেৱা তথা উপদেশ লোৱাৰ একমাত্ৰ উপায় হৈছে দ্বি-সদনীয় বিধানমণ্ডল।


২। ৰাজ্যসভাৰ গঠন আৰু ক্ষমতাবোৰ বৰ্ণনা কৰা।

উত্তৰঃ ৰাজ্যসভা হ'ল ভাৰতীয় সংসদৰ উচ্চ সদন।সংবিধানৰ ৮০নং অনুচ্ছেদত ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ আছে।ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা ২৫০ জন।ইয়াৰে ২৩৮ জন সদস্য বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা পৰোক্ষ পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত আৰু ১২ জন সদস্যক ৰাষ্ট্ৰপতিয়ে সাহিত্য,কলা,বিজ্ঞান,সমাজসেৱা আদি বিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰ পৰা মনোনীত কৰে।বৰ্তমান ৰাজ্যসভা সদস্যৰ সংখ্যা ২৪৫।

ৰাজ্যসভাৰ ক্ষমতা আৰু কাৰ্যাৱলীক পাঁচটা ভাগত ভাগ কৰিব পাৰি।সেইবোৰ হ'ল-

১। আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:-ৰাজ্যসভাত সকলোধৰণৰ সাধাৰণ বিধেয়ক উত্থাপিত হ'ব পাৰে।সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা সমান ক্ষমতাসম্পন্ন।ৰাজ্যসভাৰ বিনা অনুমোদনত সাধাৰণ বিধেয়ক আইনত পৰিণত নহয়।সাধাৰণ বিধেয়ক অনুমোদনৰ ক্ষেত্ৰত উভয় সদনৰ মাজত বিৰোধৰ সৃষ্টি হ'লে আৰু এনেদৰে ছয়মাহকাল উকলি গ'লে,ৰাষ্ট্ৰপতিয়ে বিৰোধ মীমাংসা কৰিবৰ বাবে উভয় সদনৰ যুটীয়া অধিবেশন আহ্বান কৰিব পাৰে।

২। বিত্তীয় ক্ষমতা আৰু কাৰ্য:-বিত্তীয় বিষয়ত ৰাজ্যসভাৰ ক্ষমতা সীমিত।অৰ্থ বিধেয়ক লোকসভাত উত্থাপিত হ'ব পাৰে,কিন্তু ৰাজ্যসভাত নোৱাৰে। লোকসভাত অৰ্থ বিধেয়ক গৃহীত হোৱাৰ পিছত বিবেচনাৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হয়। ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত নিজৰ মতামত জনাব লাগে।ৰাজ্যসভাই সময়মতে বিধেয়কখন গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়, কিন্তু ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত মতামত নজনালে, নিৰ্ধাৰিত সময়ৰ অন্তত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ দৰে ৰাজ্যসভাতো গৃহীত হোৱা বুলি ধৰা হয়। অৱশ্যে ৰাজ্যসভাই বিধেয়কখনত সংশোধনৰ পৰামৰ্শ দিব পাৰে।

৩। চৰকাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় ক্ষমতা আৰু কাৰ্য:- চৰকাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই।ৰাজ্যসভাত মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মন্ত্ৰী-পৰিষদৰ পতন ঘটাব নোৱাৰি,মাত্ৰ চৰকাৰৰ নীতি আৰু কাৰ্যক্ৰমৰ বিৰুদ্ধে অসন্তুষ্ট প্ৰকাশ কৰিব পাৰি। ৰাজ্যসভাই বিভিন্ন উপায়েৰে চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ৰাজ্যসভাই চৰকাৰৰ কাম-কাজৰ সমালোচনা, বিৰুদ্ধাচৰণ কৰিব পাৰে আৰু মন্ত্ৰী-পৰিষদৰ সদস্যসকলক বিভিন্ন প্ৰশ্ন কৰিব পাৰে। ৰাজ্যসভাৰ সদস্যসকলে সমালোচনাৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰে। এনেদৰে ৰাজ্যসভাই পৰোক্ষভাৱে চৰকাৰক সচেতন আৰু নিয়ন্ত্ৰণ কৰিব পাৰে।

৪। সংবিধান সংশোধন বিষয়ক ক্ষমতা আৰু কাৰ্য:- সংবিধান সংশোধন ক্ষেত্ৰত ৰাজ্যসভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।সংবিধান সংশোধনী বিধেয়ক লোকসভা নাইবা ৰাজ্যসভা যিকোনো এখন সদনত উত্থাপিত হ'ব পাৰে।সংবিধান সংশোধনৰ ক্ষেত্ৰত উভয় সদনৰ সমান ক্ষমতা।লোকসভা আৰু ৰাজ্যসভা উভয় সদনে সংবিধান সংশোধনী বিধেয়ক সন্মতি নজনালে বিধেয়কখন গৃহীত হোৱা বুলি বিবেচনা কৰা নহয়।

৫। বিবিধ ক্ষমতা আৰু কাৰ্য:- ওপৰৰ কাৰ্যসমূহৰ উপৰিও আন ভালেমান ক্ষমতা ৰাজ্যসভাক অৰ্পণ কৰা হৈছে।সেইবোৰ হ'ল-

(ক) ৰাজ্যসভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু ৰাষ্ট্ৰপতিৰ অপসাৰণৰ প্ৰস্তাৱো ৰাজ্যসভাত উত্থাপিত হ'ব পাৰে।

(খ) উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন আৰুঅপসাৰণৰ বিষয়ত ৰাজ্যসভাৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

(গ) ৰাজ্যসভাৰ সদস্যসকলে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ অপসাৰণত অংশগ্ৰহণ কৰে।

(ঘ) সংবিধানৰ ৩১২ নং অনুচ্ছেদ অনুযায়ী জাতীয় স্বাৰ্থৰ খাতিৰত ৰাজ্যসভাই এক বা একাধিক সৰ্বভাৰতীয় সেৱাৰ সৃষ্টি কৰাৰ ব্যৱস্থা হাতত লব পাৰে।

(ঙ) ৰাজ্যসভাক ৰাজ্যৰ প্ৰতিনিধিত্ব কৰাৰ সদন বুলি কোৱা হয়।ৰাজ্যসভাই ৰাজ্যিক তালিকাভুক্ত বিষয়ত ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত থকা বুলি ৰাজ্যসভাত প্ৰস্তাৱ গ্ৰহণ কৰি তেনে বিষয়ৰ ওপৰত সংসদক আইন প্ৰণয়নৰ কৰ্তৃত্ব প্ৰদান কৰিব পাৰে।


৩। সংসদৰ গঠন বৰ্ণনা কৰা।

উত্তৰঃ সংবিধানৰ ৭৯ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় সংসদ ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভাৰে গঠিত হয়। ৰাজ্যসভাক উচ্চসদন বোলা হয়। সংবিধানৰ অনুসৰি ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা ২৫০ জনৰ অধিক হ'ব নোৱাৰিব। ইয়াৰ ২৩৮জন সদস্য ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হয় আৰু বাকী ১২ জন সদস্যক সাহিত্য, কলা, সমাজসেৱা আদিবিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰ পৰা ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰাজ্যসভাত সভাপতিত্ব কৰে। বৰ্তমান ৰাজ্যসভাৰ সদস্য সংখ্যা ২৫৪ জন।

    লোকসভাক নিম্নসদন বোলা হয়। সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা ৫৫০ জনৰ অধিক হ'ব নালাগে। ইয়াৰ ৫৩০ জন সদস্য ৰাজ্যবোৰৰ ক্ষেত্ৰীয় সমষ্টিৰ পৰা আৰু ২০ জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হ'ব লাগে। অৱশ্যে ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা আৱশ্ৰকীয় প্ৰতিনিধি নাথাকিলে ৰাষ্ট্ৰপতিয়ে দুজন প্ৰতিনিধি সেই সম্প্ৰদায়ৰ পৰা মনোনীত কৰিব পাৰে। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা ৫৪৩ জন। ইয়াৰ ৫৩০ জন সদস্য বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰীয় সমষ্টিৰ পৰা আৰু ১৩ জন সদস্যক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত হয়। ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতিয়ে দুজন সদস্য মনোনীত কৰিব পাৰে। লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়।


৪। লোকসভাৰ গঠন আৰু ক্ষমতাবোৰ বৰ্ণনা কৰা।

উত্তৰঃ লোকসভাক নিম্নসদন বোলা হয়। সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা ৫৫০ জনৰ অধিক হ'ব নালাগে। ইয়াৰ ৫৩০ জন সদস্য ৰাজ্যবোৰৰ ক্ষেত্ৰীয় সমষ্টিৰ পৰা আৰু ২০ জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হ'ব লাগে। অৱশ্যে ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা আৱশ্ৰকীয় প্ৰতিনিধি নাথাকিলে ৰাষ্ট্ৰপতিয়ে দুজন প্ৰতিনিধি সেই সম্প্ৰদায়ৰ পৰা মনোনীত কৰিব পাৰে। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা ৫৪৩ জন। ইয়াৰ ৫৩০ জন সদস্য বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰীয় সমষ্টিৰ পৰা আৰু ১৩ জন সদস্যক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত হয়। ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতিয়ে দুজন সদস্য মনোনীত কৰিব পাৰে। লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়। লোকসভাত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ যাতে উচিত প্ৰতিনিধি থাকে তাৰ বাবে সংবিধানত আসন সংৰক্ষণ ব্যৱস্থা আছে।

লোকসভাৰ বিভিন্ন ক্ষমতাবোৰ তলত আলোচনা কৰা হ'ল-

১। আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:- সাধাৰণ আইন প্ৰনয়ণৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা উভয়ে সমান ক্ষমতাশালী।লোকসভাৰ সন্মতি অবিহনে কেন্দ্ৰীয় সূচীভূক্ত আৰু সমৱৰ্তী সূচীভূক্ত বিষয়ৰ ওপৰত আইন প্ৰনয়ণ কৰিব পৰা নাযায়।লোকসভাত যিকোনো ধৰণৰ সাধাৰণ বিধেয়ক উত্থাপন কৰিব পৰা যায়।লোকসভাত গৃহীত হোৱা সাধাৰণ বিধেয়কত ৰাজ্যসভাই অনুমোদন জনোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে আইনত পৰিণত হয়।দেশত জৰুৰী অৱস্থা চলি থাকিলে লোকসভাৰ আইন প্ৰনয়ণ কৰাৰ ক্ষেত্ৰত ক্ষমতা যথেষ্ট বৃদ্ধি পায়।

২। বিত্তীয় ক্ষমতা আৰু কাৰ্য:- বিত্তীয় বিষয়ত লোকসভাৰ একচেতিয়া ক্ষমতা আছে। অৰ্থ বিধেয়ক লোকসভাত উত্থাপিত হ'ব পাৰে।লোকসভাত অৰ্থ বিধেয়ক গৃহীত হোৱাৰ পিছত বিবেচনাৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হয়। ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত নিজৰ মতামত জনাব লাগে। ৰাজ্যসভাই সময়মতে বিধেয়কখন গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়, কিন্তু ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত মতামত নজনালে, নিৰ্ধাৰিত সময়ৰ অন্তত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ দৰে ৰাজ্যসভাতো গৃহীত হোৱা বুলি ধৰা হয়। কোনো এখন বিধেয়ক অৰ্থ বিধেয়ক হয়নে নহয় সেইটো লোকসভাৰ অধ্যক্ষই নিৰ্ণয় কৰে।লোকসভাৰ বিনা অনুমতিত নতুন কৰ ধাৰ্য কৰিব বা কোনো কৰ কমাই দিব পৰা নাযায়। দেশৰ বিত্তীয় বিষয়ৰ ওপৰত লোকসভাৰ পূৰ্ণ -নিয়ন্ত্ৰণ থাকে।

৩। কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণৰ ক্ষমতা আৰু কাৰ্য:- সংবিধানৰ ৭৫ (৩)- নং অনুচ্ছেদ অনুসৰি মন্ত্ৰী-পৰিষদ যুটীয়াভাৱে লোকসভাৰ ওচৰত দায়বদ্ধ। মন্ত্ৰী-পৰিষদে লোকসভাৰ আস্থা হেৰুৱালে পদত্যাগ কৰিব লাগে। লোকসভাৰ সদস্যসকলে মন্ত্ৰী-পৰিষদৰ কাম-কাজৰ ওপৰত সন্তুষ্ট নহ'লে তেওঁলোকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে আৰু তেনে প্ৰস্তাৱ গৃহীত হ'লে মন্ত্ৰী-পৰিষদ অপসাৰিত হয়।

৪। নিৰ্বাচনী ক্ষমতা আৰু কাৰ্য:- লোকসভাৰ নিৰ্বাচনী ক্ষমতা। ৰাষ্ট্ৰপতি নিৰ্বাচনত লোকসভাৰ সদস্যসকলে অংশ গ্ৰহণ কৰে। ইয়াৰ উপৰিও লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়।

৫। সংবিধান সংশোধন ক্ষমতা আৰু কাৰ্য:- সংবিধান সংশোধন ক্ষেত্ৰত লোকসভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। সংবিধান সংশোধনী বিধেয়ক লোকসভা নাইবা ৰাজ্যসভা যিকোনো এখন সদনত উত্থাপিত হ'ব পাৰে। সংবিধান সংশোধনৰ ক্ষেত্ৰত উভয় সদনৰ সমান ক্ষমতা। লোকসভা আৰু ৰাজ্যসভা উভয় সদনে সংবিধান সংশোধনী বিধেয়ক সন্মতি নজনালে বিধেয়কখন গৃহীত হোৱা বুলি বিবেচনা কৰা নহয়। বিধেয়কখন উভয় সদনৰ দ্বাৰা অনুমোদন শলাভ কৰাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে সংবিধান সংশোধন হয়।


৫। এখন ৰাজ্যৰ বিধানসভাৰ গঠন,ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ বিধানসভা হ'ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্নসদন। বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰে। সংবিধানৰ ১৭০ নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা সৰ্বোচ্চ ৫০০ জন আৰু সৰ্বনিম্ন ৬০ জন হ'ব লাগিব।ৰাজ্যপালে আৱশ্যক অনুসৰি ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা এজন বা দুজন সদস্য বিধানসভাত মনোনীত কৰিব পাৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জন-গাথঁনিৰ ভিত্তিত তেওঁলোকৰ বাবে কিছুমান সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে। বিধানসভাৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰা অঞ্চলক একোটা 'সমষ্টি' বোলা হয়।সংবিধান অনুসৰি প্ৰত্যেক ৭৫,০০০ ভোটদাতাক লৈ একোটা সমষ্টি গঠন কৰা হয় আৰু লোকপিয়লৰ পিছত সমষ্টিবোৰ পুনৰ গঠন কৰি সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে। বৰ্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।

বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত আলোচনা কৰা হ'ল-

১। আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:- বিধানসভাৰ প্ৰধান কাৰ্য হ'ল আইন প্ৰণয়ন কৰা।ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত আৰু সমৱৰ্তী তালিকাভূক্ত বিষয়ৰ ওপৰত বিধানসভাই আইন প্ৰণয়ন কৰিব পাৰে।

২। অৰ্থ সংক্ৰান্ত ক্ষমতা আৰু কাৰ্য:- বিত্তীয় বিষয়ত বিধানসভাৰ একচেতিয়া ক্ষমতা আছে। ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথা যিকোনো অৰ্থ-সংক্ৰান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপিত কৰিব লাগে। বিধানসভাৰ বিনা অনুমতিত নতুন কৰ ধাৰ্য কৰিব বা কোনো কৰ কমাই দিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ'লেও বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হয়।

৩। নিৰ্বাচনী ক্ষমতা আৰু কাৰ্য:- বিধানসভাৰ নিৰ্বাচনী ক্ষমতা আছে।ৰাষ্ট্ৰপতি নিৰ্বাচনত বিধানসভাৰ সদস্যসকলে অংশ গ্ৰহণ কৰে।ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়।

৪। সংবিধান সংশোধন ক্ষমতা আৰু কাৰ্য:- ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰিৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্ৰীয় সংসদত অসীম ক্ষমতা অপ্টণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্ৰয়োজন হয়।

৫। মন্ত্ৰী-পৰিষদৰ ওপৰত নিয়ন্ত্ৰণ:- বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে আন আন মন্ত্ৰীসকলক নিযুক্তি দিয়ে।মন্ত্ৰী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ।বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্ৰী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে।মন্ত্ৰী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্ট নহ'লে অনাস্থা প্ৰস্তাৱ উত্নাপন কৰি মন্ত্ৰী-পৰিষদৰ পতন ঘটাব পাৰে।


৬। অসম বিধানসভাৰ গঠন আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। 

উত্তৰঃ বিধানসভা হ'ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্নসদন। বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰে। সংবিধানৰ ১৭০ নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা সৰ্বোচ্চ ৫০০ জন আৰু সৰ্বনিম্ন ৬০ জন হ'ব লাগিব।ৰাজ্যপালে আৱশ্যক অনুসৰি ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা এজন বা দুজন সদস্য বিধানসভাত মনোনীত কৰিব পাৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জন-গাথঁনিৰ ভিত্তিত তেওঁলোকৰ বাবে কিছুমান সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে। বিধানসভাৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰা অঞ্চলক একোটা 'সমষ্টি' বোলা হয়।সংবিধান অনুসৰি প্ৰত্যেক ৭৫,০০০ ভোটদাতাক লৈ একোটা সমষ্টি গঠন কৰা হয় আৰু লোকপিয়লৰ পিছত সমষ্টিবোৰ পুনৰ গঠন কৰি সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে। বৰ্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।

বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী তলত আলোচনা কৰা হ'ল-

১। আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:- বিধানসভাৰ প্ৰধান কাৰ্য হ'ল আইন প্ৰণয়ন কৰা। ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত আৰু সমৱৰ্তী তালিকাভূক্ত বিষয়ৰ ওপৰত বিধানসভাই আইন প্ৰণয়ন কৰিব পাৰে।

২। অৰ্থ সংক্ৰান্ত ক্ষমতা আৰু কাৰ্য:- বিত্তীয় বিষয়ত বিধানসভাৰ একচেতিয়া ক্ষমতা আছে। ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথা যিকোনো অৰ্থ-সংক্ৰান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপিত কৰিব লাগে। বিধানসভাৰ বিনা অনুমতিত নতুন কৰ ধাৰ্য কৰিব বা কোনো কৰ কমাই দিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ'লেও বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হয়।

৩। নিৰ্বাচনী ক্ষমতা আৰু কাৰ্য:- বিধানসভাৰ নিৰ্বাচনী ক্ষমতা আছে।ৰাষ্ট্ৰপতি নিৰ্বাচনত বিধানসভাৰ সদস্যসকলে অংশ গ্ৰহণ কৰে। ৰাজ্যসভাৰ সদস্যসকলক বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও বিধানসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়।

৪। সংবিধান সংশোধন ক্ষমতা আৰু কাৰ্য:- ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰিৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্ৰীয় সংসদত অসীম ক্ষমতা অপ্টণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্ৰয়োজন হয়।

৫। মন্ত্ৰী-পৰিষদৰ ওপৰত নিয়ন্ত্ৰণ:- বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে আন আন মন্ত্ৰীসকলক নিযুক্তি দিয়ে। মন্ত্ৰী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ।বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্ৰী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে।মন্ত্ৰী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্ট নহ'লে অনাস্থা প্ৰস্তাৱ উত্নাপন কৰি মন্ত্ৰী-পৰিষদৰ পতন ঘটাব পাৰে।


৭। বিধান পৰিষদৰ গঠন,ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ সংবিধানৰ ১৭১ নং অনুচ্ছেদত বিধান পৰিষদৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণিত আছে।বিধান পৰিষদত সদস্যৰ সংখ্যা ৰাজ্যখনৰ মুঠ বিধানসভাৰ সদস্যৰ নিৰ্বাচিত কৰে নাইবা মনোনীত হয়-

(ক) বিধান পৰিষদৰ মুঠ সদস্যৰ এক-তৃতীয়াংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ-পৌৰসভা, জিলাবোৰ্ড আৰু স্থানীয় নিকায়সমূহৰ সদস্যসকলে নিৰ্বাচিত কৰে;

(খ) এক-দ্বাদশাংশ সদস্যক অতি কমেও তিনি বছৰ আগতে বিশ্ববাদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ কৰা স্নাতকসকলে নিৰ্বাচিত কৰে;

(গ) এক-দ্বাদশাংশ সদস্যক নিৰ্বাচিত কৰে মাধ্যমিক বিদ্যালয় নাইবা তাৰ ওপৰ পৰ্যায়ৰ বিদ্যালয়ত কমেও তিনি বছৰ শিক্ষকতা কৰা শিক্ষকসকলে;

(ঘ) এক-তৃতীয়াংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ বিধায়কসকলে নিৰ্বাচিত কৰে;

(ঙ) এক-ষষ্ঠাংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালে সাহিত্য, বিজ্ঞান, কলা, সমবায় আন্দোলন, সমাজসেৱা আদি বিষয়ত বিশেষ বৰঙণি আগবঢ়োৱা লোকসকলৰ মাজৰ পৰা মনোনীত কৰে।

বিধান পৰিষদৰ ক্ষমতা আৰু কাৰ্যসমূহ হ'ল-

১। আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:- সাধাৰণ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা যায়। বিধান পৰিষদত গৃহীত বিধেয়কত বিধানসভাই অনুমোদন জনালে ৰাজ্যপাললৈ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়, অৱশ্যে বিধানসভাই বিধেয়কখনত অনুমোদন নজনালে বিধেয়কখন সিমানতে অন্ত পৰে। ইয়াৰোপৰি বিধানসভাত গৃহীত বিধেয়ক বিধান পৰিষদলৈ অনুমোদনৰ বাবে পঠোৱা হয়।

২। বিত্তীয় ক্ষমতা আৰু কাৰ্য:- বিধান পৰিষদৰ বিত্তীয় ক্ষেত্ৰত ক্ষমতা অতিশয় সীমিত। অৰ্থ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা নাযায়। বিধানসভাত গৃহীত বিধেয়ক বিধান পৰিষদলৈ অনুমোদনৰ বাবে পঠোৱা হয়। বিধান পৰিষদে বিধেয়কখন পোৱাৰ ১৪ দিনৰ ভিতৰত গ্ৰহণ কৰি বিধানসভালৈ ঘূৰাই পঠিয়াব লাগে; নহ'লে বিধেয়কখন উভয় সদনত গৃহীত হোৱা বুলি গণ্য কৰা হয়। বিধান পৰিষদে অৰ্থ বিধেয়কৰ ওপৰত পৰামৰ্শ আগবঢ়াব পাৰে; কিন্তু তেনে পৰামৰ্শ গ্ৰহণ কৰা বা নকৰাটো বিধানসভাৰ ইচ্ছাধীন।

৩। কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণ:- চৰকাৰ তথা কাৰ্যপালিকাৰ ওপৰত বিধান পৰিষদৰ নিয়ন্ত্ৰণ অতিশয় নগণ্য। ৰাজ্যিক মন্ত্ৰী-পৰিষদখন বিধান পৰিষদৰ ওচৰত দায়বদ্ধ নহয়। গতিকে বিধান পৰিষদে মন্ত্ৰীসকলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি ইয়াৰ পতন ঘটাব নোৱাৰে। অৱশ্যে মন্ত্ৰী-পৰিষদৰ সদস্যসকলক বিভিন্ন প্ৰশ্ন সোধা আৰু সমালোচনা কৰাৰ জৰিয়তে বিধান পৰিষদৰ সদস্যসকলে কাৰ্যপালিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।


৮। ভাৰতৰ সংসদত কি পদ্ধতিৰে সাধাৰণ বিধেয়ক গৃহীত হয়; আলোচনা কৰা।

উত্তৰঃ সাধাৰণ বিধেয়ক মন্ত্ৰী নাইবা সংসদৰ আন সদস্যসকলে উত্থাপন কৰিব পাৰে। সংসদত সাধাৰণ বিধেয়ক উত্থাপন কৰিবলৈ ইচ্ছা কৰা সদস্যজনে নিজৰ উদ্দেশ্য ব্যক্ত কৰি বিধেয়কখন উত্থাপন কৰিব বিচৰা সদনৰ পৰা অনুমতি ল'ব লাগে। সদনৰ পৰা অনুমতি লাভ কৰাৰ পিছত সদস্য গৰাকীয়ে সেই সদসখনত বিধেয়কখন উত্থাপন কৰিব পাৰে।

    সাধাৰণ বিধেয়ক এখন আইনত পৰিণত হ'বৰ বাবে তিনিটা স্তৰ অতিক্ৰম কৰিব লাগে। সেইকেইটা হ'ল-

১। প্ৰথম পাঠ:- বিধেয়ক উত্থাপন কৰাৰ বাবে অনুমতি লাভ কৰাৰ পিছত বিধেয়ক উত্থাপনকাৰীয়ে সংশ্লিষ্ট সদনত বিধেয়কখনৰ শিৰোনামাটো পাঠ কৰি দিয়ে। ইয়াক বিধেয়কখনৰ প্ৰথম পাঠ বোলা হয়। ইয়াৰ পিছত বিধেয়কখন জনসাধাৰণৰ জ্ঞাতাৰ্থে ভাৰতৰ ৰাজপত্ৰত প্ৰকাশ কৰা হয় আৰু ইয়াৰ ছপা প্ৰতিলিপি সদনৰ প্ৰতিজন সদস্যক দিয়া হয়।

২। দ্বিতীয় পাঠ:- বিধেয়ক এখন আইনত পৰিণত কৰাৰ ক্ষেত্ৰত দ্বিতীয় পাঠ অতিশয় গুৰুত্বপূৰ্ণ। প্ৰথম পাঠ অন্ত হোৱাৰ পিছত সদনে নিৰ্দিষ্ট কৰি দিয়া দিন আৰু সময়ত দ্বিতীয় পাঠ আৰম্ভ হয়।দ্বিতীয় পাঠৰ সময়ত বিধেয়ক উত্থাপনকাৰীয়ৰ সন্মুখত চাৰিটা পছন্দ থাকে আৰু তেওঁ যিকোনো এটা গ্ৰহণ কৰিব লাগে। পছন্দকেইটা হ'ল-

(ক) বিধেয়কখন সদনত আলোচনাৰ বাবে গ্ৰহণ কৰা হওঁক।

(খ) বিধেয়কখন বাছনি কমিটিলৈ প্ৰেৰণ কৰা হওঁক। 

(গ) বিধেয়কখন জনসাধাৰণৰ মতামতৰ বাবে প্ৰচাৰ কৰা হওঁক।

(ঘ) বিধেয়কখন উভয় সদনৰ যুটীয়া কমিটিলৈ পঠোৱা হওঁক।

    বিধেয়কখন অতিশয় গুৰুত্বপূৰ্ণ হ'লেহে তৎকালীনভাৱে সদনত আলোচনা কৰা হয় আৰু বিধেয়কখন বিতৰ্কিতধৰণৰ হ'লেহে জনমতৰ বাবে প্ৰচাৰ কৰা হয়। সাধাৰণতে দেখা পোৱা যায় বিধেয়কবোৰ বিবেচনা কৰি তাৰ ওপৰত প্ৰতিবেদন দাখিল কৰাৰ বাবে বাছনি কমিটিলৈ প্ৰেৰণ কৰা হয়।

৩। তৃতীয় পাঠ:- তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সবিশেষ আলোচনা কৰা নহয়;কাৰণ সকলোধৰণৰ আলোচনা দ্বিতীয় পাঠৰ সময়ত শেষ হয়। তৃতীয় পাঠৰ সময়ত বিধেয়কখনৰ ওপৰত সামগ্ৰিকভাৱে আলোচনা কৰা হয় আৰু প্ৰয়োজন হ'লে মৌখিক সংশোধনৰ বাবেহে অনুমতি দিব পাৰে। ইয়াৰ পিছত বিধেয়কখনৰ ওপৰত পুনৰ ভোট গ্ৰহণ কৰা হয় আৰু ভোট দিয়াসকলৰ গৰিষ্ঠ সংখ্যকে সমৰ্থন জনালে বিধেয়কখন সদনত গৃহীত হোৱা বুলি ধৰি লোৱা হয়।


৯। অৰ্থ বিধেয়ক সংসদত কেনেদৰে গৃহীত হয় চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানত ১১০ নং অনুচ্ছেদত অৰ্থ-বিধেয়কৰ বিষয়ে সংজ্ঞা দিয়া আছে। অৰ্থ-বিধেয়ক কেৱল সংসদৰ লোকসভাতহে উত্থাপিত হ'ব পাৰে। অৰ্থ -বিধেয়ক লোকসভাত উত্থাপন কৰাৰ আগতে ৰাষ্টপতিৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হয়। লোকসভাত অৰ্থ-বিধেয়ক গৃহীত হোৱাৰ পিছত ৰাজ্যসভালৈ অনুমোদনৰ বাবে পঠোৱা হয়। ৰাজ্যসভাই এনে বিধেয়ক ১৪ দিনৰ ভিতৰত নিজৰ মতামতসহ লোকসভালৈ ঘূৰাই পঠিয়াব লাগে।লোকসভাই যদি ৰাজ্যসভাই বিচৰা সংশোধন মানি লয়;তেন্তে বিধেয়কখন উভয় সদনৰ দ্বাৰা গৃহীত হোৱা বুলি গণ্য কৰা হয়। অৰ্থ -বিধেয়ক উভয় সদনৰ দ্বাৰা অনুমোদিত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়; লগতে বিধেয়কখন যে অৰ্থ -বিধেয়ক হয় সেই বিষয়ে লোকসভাৰ অধ্যক্ষই এখন প্ৰমাণপত্ৰও দিয়ে।ৰাষ্ট্ৰপতিয়ে অৰ্থ-বিধেয়কখনত সন্মতি প্ৰদান কৰিলে ই আইনত পৰিণত হয়।


চমু উত্তৰৰ প্ৰশ্নঃ

১। লোকসভাৰ গঠন প্ৰণালী ব্যাখ্যা কৰা।

উত্তৰঃ লোকসভাক নিম্নসদন বোলা হয়। সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা ৫৫০ জনৰ অধিক হ'ব নালাগে। ইয়াৰ ৫৩০ জন সদস্য ৰাজ্যবোৰৰ ক্ষেত্ৰীয় সমষ্টিৰ পৰা আৰু ২০ জন সদস্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত হ'ব লাগে। অৱশ্যে ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা আৱশ্ৰকীয় প্ৰতিনিধি নাথাকিলে ৰাষ্ট্ৰপতিয়ে দুজন প্ৰতিনিধি সেই সম্প্ৰদায়ৰ পৰা মনোনীত কৰিব পাৰে। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা ৫৪৩ জন। ইয়াৰ ৫৩০ জন সদস্য বিভিন্ন ৰাজ্যৰ ক্ষেত্ৰীয় সমষ্টিৰ পৰা আৰু ১৩ জন সদস্যক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা জনসাধাৰণৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত হয়। ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা ৰাষ্ট্ৰপতিয়ে দুজন সদস্য মনোনীত কৰিব পাৰে।লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰি লয়। লোকসভাত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ যাতে উচিত প্ৰতিনিধি থাকে তাৰ বাবে সংবিধানত আসন সংৰক্ষণ ব্যৱস্থা আছে।


২। ৰাজ্যসভাৰ গঠন প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ ৰাজ্যসভা হ'ল ভাৰতীয় সংসদৰ উচ্চ সদন। সংবিধানৰ ৮০নং অনুচ্ছেদত ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ আছে।ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা ২৫০ জন।ইয়াৰে ২৩৮ জন সদস্য বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা পৰোক্ষ পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত আৰু ১২ জন সদস্যক ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি বিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰ পৰা মনোনীত কৰে। বৰ্তমান ৰাজ্যসভা সদস্যৰ সংখ্যা ২৪৫।


৩। লোকসভাই কি ধৰণে কায্যপালিকাক নিয়ন্ত্ৰণ কৰে।

উত্তৰঃ সংবিধানৰ ৭৫ (৩)- নং অনুচ্ছেদ অনুসৰি মন্ত্ৰী-পৰিষদ যুটীয়াভাৱে লোকসভাৰ ওচৰত দায়বদ্ধ। মন্ত্ৰী-পৰিষদে লোকসভাৰ আস্থা হেৰুৱালে পদত্যাগ কৰিব লাগে।লোকসভাৰ সদস্যসকলে মন্ত্ৰী-পৰিষদৰ কাম-কাজৰ ওপৰত সন্তুষ্ট নহ'লে তেওঁলোকৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰে আৰু তেনে প্ৰস্তাৱ গৃহীত হ'লে মন্ত্ৰী-পৰিষদ অপসাৰিত হয়।


৪। লোকসভাৰ বিত্তীয় ক্ষমতাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বিত্তীয় বিষয়ত ৰাজ্যসভাৰ ক্ষমতা সীমিত।অৰ্থ বিধেয়ক লোকসভাত উত্থাপিত হ'ব পাৰে, কিন্তু ৰাজ্যসভাত নোৱাৰে।লোকসভাত অৰ্থ বিধেয়ক গৃহীত হোৱাৰ পিছত বিবেচনাৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰা হয়। ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত নিজৰ মতামত জনাব লাগে। ৰাজ্যসভাই সময়মতে বিধেয়কখন গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়, কিন্তু ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত মতামত নজনালে , নিৰ্ধাৰিত সময়ৰ অন্তত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ দৰে ৰাজ্যসভাতো গৃহীত হোৱা বুলি ধৰা হয়। অৱশ্যে ৰাজ্যসভাই বিধেয়কখনত সংশোধনৰ পৰামৰ্শ দিব পাৰে


৬। ৰাজ্যসভাত কেইজন মনোনীত সদস্য আছে। তেওঁলোকক কেনেদৰে মনোনীত কৰা হয়?

উত্তৰঃ ৰাজ্যসভাত ১২ জন মনোনীত সদস্য আছে। এই ১২ জন সদস্যক ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি বিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰ পৰা মনোনীত কৰে।


৭। বিধানসভাৰ গঠনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ বিধানসভা হ'ল ৰাজ্যিক বিধানমণ্ডলৰ নিম্নসদন ।বিধানসভাৰ সদস্যসকলক জনসাধাৰণে প্ৰত্যক্ষ ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰে।সংবিধানৰ ১৭০ নং অনুচ্ছেদ অনুসৰি ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা সৰ্বোচ্চ ৫০০ জন আৰু সৰ্বনিম্ন ৬০ জন হ'ব লাগিব।ৰাজ্যপালে আৱশ্যক অনুসৰি ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা এজন বা দুজন সদস্য বিধানসভাত মনোনীত কৰিব পাৰে। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জন-গাথঁনিৰ ভিত্তিত তেওঁলোকৰ বাবে কিছুমান সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে। বিধানসভাৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰা অঞ্চলক একোটা 'সমষ্টি' বোলা হয়।সংবিধান অনুসৰি প্ৰত্যেক ৭৫,০০০ ভোটদাতাক লৈ একোটা সমষ্টি গঠন কৰা হয় আৰু লোকপিয়লৰ পিছত সমষ্টিবোৰ পুনৰ গঠন কৰি সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে। বৰ্তমান অসমত ১২৬ টা বিধানসভাৰ সমষ্টি আছে।


৯। এখন ৰাজ্যৰ বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ম সদস্য সংখ্যা কিমান? 

উত্তৰঃ এখন ৰাজ্যৰ বিধানসভাৰ সৰ্বোচ্চ ৫০০ জন আৰু সৰ্বনিম্ম সদস্য সংখ্যা ৬০ জন হ'ব লাগিব।


১০। ৰাজ্য বিধানসভাৰ সদস্যৰ দুটা অৰ্হতা উল্লেখ কৰা।

উত্তৰঃ ৰাজ্য বিধানসভাৰ সদস্যৰ দুটা অৰ্হতা হ'ল-

১। প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব।

২। তেওঁৰ বয়স অতি কমেও ২৫ বছৰ সম্পূৰ্ণ হ'ব লাগিব।


১১। ৰাজ্যিক বিধানসভাৰ সদস্যৰ সদস্যপদ বাতিল হ'ব পৰা দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ৰাজ্যিক বিধানসভাৰ সদস্যৰ সদস্যপদ বাতিল হ'ব পৰা দুটা কাৰণ হ'ল-

১। সদস্যসকলে স্ব-ইচ্ছাই সদস্যপদৰ পৰা পদত্যাগ কৰিব পাৰে।

২। বিধায়কসকলে বিধানসভাৰ বিনা অনুমতিত ৬০ দিন বা তাতকৈ অধিক দিন একেৰাহে বিধানসভাৰ অধিৱেশনত অনুপস্থিত থাকিলে তেওঁৰ সদস্যপদ বাতিল হ'ব পাৰে।


১২। বিধানসভাৰঅৰ্থ-সংক্ৰান্ত ক্ষমতা ব্যাখ্যা কৰা।

উত্তৰঃ বিত্তীয় বিষয়ত বিধানসভাৰ একচেতিয়া ক্ষমতা আছে।ৰাজ্যখনৰ বছৰেকীয়া বাজেট তথা যিকোনো অৰ্থ-সংক্ৰান্ত বিধেয়ক কেৱল বিধানসভাত উত্থাপিত কৰিব লাগে। বিধানসভাৰ বিনা অনুমতিত নতুন কৰ ধাৰ্য কৰিব বা কোনো কৰ কমাই দিব পৰা নাযায়। ৰাজ্যৰ সঞ্চিত নিধিৰ ধন খৰচ কৰিবলগীয়া হ'লেও বিধানসভাৰ অনুমোদনৰ প্ৰয়োজন হয়।


১৩। বিধানসভাইমন্ত্ৰী-পৰিষদৰ ওপৰত কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা।

উত্তৰঃ বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাজ্যপালে মুখ্যমন্ত্ৰী হিচাপে নিয়োগ কৰে আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যপালে আন আন মন্ত্ৰীসকলক নিযুক্তি দিয়ে। মন্ত্ৰী-পৰিষদখন সমূহীয়াভাৱে বিধানসভাৰ ওচৰত দায়বদ্ধ। বিধানসভাৰ আস্থাৰ ওপৰত মন্ত্ৰী-পৰিষদৰ স্থায়িত্ব নিৰ্ভৰ কৰে। মন্ত্ৰী-পৰিষদৰ কাৰ্যৰ ওপৰত বিধানসভাৰ সদস্যসকলে সন্তুষ্ট নহ'লে অনাস্থা প্ৰস্তাৱ উত্নাপন কৰি মন্ত্ৰী-পৰিষদৰ পতন ঘটাব পাৰে।


১৪। সংবিধান সংশোধনৰ ক্ষেত্ৰত বিধানসভাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানে সংবিধান সংশোধন কৰিৰ ক্ষেত্ৰত প্ৰকৃতাৰ্থত কেন্দ্ৰীয় সংসদত অসীম ক্ষমতা অপ্টণ কৰিছে। অৱশ্যে কেতবোৰ অনুচ্ছেদ সংশোধন কৰাৰ ক্ষেত্ৰত সংসদৰ উভয় সদনৰ দ্বাৰা গৃহীত হোৱাৰ পিছত সংশোধনী বিধেয়কখনত কমেও আধাসংখ্যক ৰাজ্যিক বিধানসভাৰ সন্মতিৰ প্ৰয়োজন হয়।


১৫। দ্বিসদন বিধানমণ্ডল থকা ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ দ্বিসদন বিধানমণ্ডল থকা ভাৰতৰ দুখন ৰাজ্যৰ নাম হ'ল-বিহাৰ আৰু কৰ্ণাটক।


১৬। বিধান পৰিষদৰ গঠন প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ সংবিধানৰ ১৭১ নং অনুচ্ছেদত বিধান পৰিষদৰ গঠন প্ৰক্ৰিয়াৰ বিষয়ে বৰ্ণিত আছে। বিধান পৰিষদত সদস্যৰ সংখ্যা ৰাজ্যখনৰ মুঠ বিধানসভাৰ সদস্যৰ নিৰ্বাচিত কৰে নাইবা মনোনীত হয়-

(ক)বিধান পৰিষদৰ মুঠ সদস্যৰ এক-তৃতীয়াংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ-পৌৰসভা, জিলাবোৰ্ড আৰু স্থানীয় নিকায়সমূহৰ সদস্যসকলে নিৰ্বাচিত কৰে;

(খ) এক-দ্বাদশাংশ সদস্যক অতি কমেও তিনি বছৰ আগতে বিশ্ববাদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভ কৰা স্নাতকসকলে নিৰ্বাচিত কৰে;

(গ) এক-দ্বাদশাংশ সদস্যক নিৰ্বাচিত কৰে মাধ্যমিক বিদ্যালয় নাইবা তাৰ ওপৰ পৰ্যায়ৰ বিদ্যালয়ত কমেও তিনি বছৰ শিক্ষকতা কৰা শিক্ষকসকলে;

(ঘ) এক-তৃতীয়াংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ বিধায়কসকলে নিৰ্বাচিত কৰে;

(ঙ) এক-ষষ্ঠাংশ সদস্যক সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালে সাহিত্য, বিজ্ঞান, কলা, সমবায় আন্দোলন, সমাজসেৱা আদি বিষয়ত বিশেষ বৰঙণি আগবঢ়োৱা লোকসকলৰ মাজৰ পৰা মনোনীত কৰে।


১৭। বিধান পৰিষদৰ সদস্যৰ দুটা অৰ্হতা লিখা।

উত্তৰঃ বিধান পৰিষদৰ সদস্যৰ দুটা অৰ্হতা হ'ল-

১। প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব।

২। তেওঁৰ বয়স অতি কমেও ৩০ বছৰ হ'ব লাগিব।


১৮। বিধান পৰিষদৰ সাধাৰণ আইন প্ৰণয়ন ক্ষমতা আৰু কাৰ্যৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ সাধাৰণ আইন প্ৰনয়ণমূলক ক্ষমতা আৰু কাৰ্য:- সাধাৰণ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা যায়। বিধান পৰিষদত গৃহীত বিধেয়কত বিধানসভাই অনুমোদন জনালে ৰাজ্যপাললৈ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়, অৱশ্যে বিধানসভাই বিধেয়কখনত অনুমোদন নজনালে বিধেয়কখন সিমানতে অন্ত পৰে। ইয়াৰোপৰি বিধানসভাত গৃহীত বিধেয়ক বিধান পৰিষদলৈ অনুমোদনৰ বাবে পঠোৱা হয়।


১৯। বিধান পৰিষদৰ বিত্তীয় ক্ষমতা আৰু কাৰ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বিত্তীয় ক্ষমতা আৰু কাৰ্য:- বিধান পৰিষদৰ বিত্তীয় ক্ষেত্ৰত ক্ষমতা অতিশয় সীমিত। অৰ্থ বিধেয়ক বিধান পৰিষদত উত্থাপন কৰিব পৰা নাযায়। বিধানসভাত গৃহীত বিধেয়ক বিধান পৰিষদলৈ অনুমোদনৰ বাবে পঠোৱা হয়। বিধান পৰিষদে বিধেয়কখন পোৱাৰ ১৪ দিনৰ ভিতৰত গ্ৰহণ কৰি বিধানসভালৈ ঘূৰাই পঠিয়াব লাগে; নহ'লে বিধেয়কখন উভয় সদনত গৃহীত হোৱা বুলি গণ্য কৰা হয়।বিধান পৰিষদে অৰ্থ বিধেয়কৰ ওপৰত পৰামৰ্শ আগবঢ়াব পাৰে; কিন্তু তেনে পৰামৰ্শ গ্ৰহণ কৰা বা নকৰাটো বিধানসভাৰ ইচ্ছাধীন।


২০। বিধান পৰিষদে কাৰ্যপালিকাক নিয়ন্ত্ৰণ কৰিব পাৰে নে?ব্যাখ্যা কৰা।

উত্তৰঃ চৰকাৰ তথা কাৰ্যপালিকাৰ ওপৰত বিধান পৰিষদৰ নিয়ন্ত্ৰণ অতিশয় নগণ্য। ৰাজ্যিক মন্ত্ৰী-পৰিষদখন বিধান পৰিষদৰ ওচৰত দায়বদ্ধ নহয়।গতিকে বিধান পৰিষদে মন্ত্ৰীসকলৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি ইয়াৰ পতন ঘটাব নোৱাৰে। অৱশ্যে মন্ত্ৰী-পৰিষদৰ সদস্যসকলক বিভিন্ন প্ৰশ্ন সোধা আৰু সমালোচনা কৰাৰ জৰিয়তে বিধান পৰিষদৰ সদস্যসকলে কাৰ্যপালিকাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। 


অতি চমু উত্তৰৰ প্ৰশ্নঃ

১। সংবিধান অনুসৰি লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে?

উত্তৰঃ সংবিধান অনুসৰি লোকসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা ৫৫০জন হ'ব লাগে। 


২। বৰ্তমান লোকসভাৰ মুঠ সদস্যসংখ্যাকিমান? 

উত্তৰঃ বৰ্তমান লোকসভাৰ মুঠ সদস্যসংখ্যা ৫৪৩। 


৩। লোকসভাৰ সদস্যসকলক প্ৰত্যেক্ষ নে পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়?

উত্তৰঃ লোকসভাৰ সদস্যসকলক প্ৰত্যেক্ষভাৱে নিৰ্বাচিত কৰা হয়। 


৪। যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ যুটীয়া অধিবেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে।


৫। অৰ্থ বিধেয়ক কোনখন সদন উত্থাপিত হ'ব লাগে?

উত্তৰঃ অৰ্থ বিধেয়ক নিম্ন সদনত উত্থাপিত হ'ব লাগে। 


৬। অৰ্থ বিধেয়কত ৰাজ্যসভাই কিমান দিনৰ ভিতৰত মতামত জনাব লাগে?

উত্তৰঃ অৰ্থ বিধেয়কত ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত মতামত জনাব লাগে। 


৭। মন্ত্ৰী-পৰিষদ যুটীয়াভাৱে কাৰ ওচৰত দায়বদ্ধ?

উত্তৰঃ মন্ত্ৰী-পৰিষদ যুটীয়াভাৱে লোকসভাৰ ওচৰত দায়বদ্ধ।


৮। লোকসভাত কেইজন মনোনীত সদস্য থাকে? তেওঁলোকক কোনে মনোনীত কৰে?

উত্তৰঃ লোকসভাত মনোনীত দুজন সদস্য থাকে। তেওঁলোকক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে।


৯। সংবিধানে ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যসংখ্যা কিমান নিৰ্ধাৰণ কৰিছে?

উত্তৰঃ সংবিধানে ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্যসংখ্যা ২৫০জন নিৰ্ধাৰণ কৰিছে।


১০। ৰাজ্যসভাৰ সদস্যসকলক কোনে ভোট দি নিৰ্বাচিত কৰে?

উত্তৰঃ ৰাজ্যসভাৰ সদস্যসকলক প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে একক হস্তান্তৰিতমূলক গোপন ভোট দি নিৰ্বাচিত কৰে।


১১। ৰাজ্যসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?

উত্তৰঃ ৰাজ্যসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স ৩০।


১২। ৰাজ্যসভাৰ পদেন সভাপতি কোন?

উত্তৰঃ ৰাজ্যসভাৰ পদেন সভাপতি উপ-ৰাষ্ট্ৰপতি।


১৩। ৰাজ্যসভাত অৰ্থ বিধেয়ক উত্থাপন কৰিব পাৰি নে?

উত্তৰঃ ৰাজ্যসভাত অৰ্থ বিধেয়ক উত্থাপন কৰিব পাৰি।


১৪। ৰাজ্যসভাত মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পৰা যায়নে?

উত্তৰঃ ৰাজ্যসভাত মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব নোৱাৰি।


১৫। সংবিধান সংশোধন বিধেয়কৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাৰ মাজত মতবিৰোধ হ'লে ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিবেশন আহ্বান কৰে নে?

উত্তৰঃ সংবিধান সংশোধন বিধেয়কৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাৰ মাজত মতবিৰোধ হ'লে ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিবেশন আহ্বান কৰে।


১৬। সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ সংসদৰ যুটীয়া অধিবেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে।


১৭। ভাৰতত কিমানখন এক-সদনীয় বিধানমণ্ডল থকা ৰাজ্য আছে?

উত্তৰঃ ভাৰতত ৭খন এক-সদনীয় বিধানমণ্ডল থকা ৰাজ্য আছে।


১৮। ভাৰতত কিমানখন দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্য আছে?

উত্তৰঃ ভাৰতত ২২খন দ্বি-সদনীয় বিধানমণ্ডল থকা ৰাজ্য আছে।


১৯। দ্বি-সদন বিধানমণ্ডল থকা ৰাজ্য এখনৰ নাম লিখা।

উত্তৰঃ দ্বি-সদন বিধানমণ্ডল থকা ৰাজ্য এখনৰ নাম হ'ল বিহাৰ।


২০। অসমত দ্বি-সদনীয় বিধানমণ্ডল আছে নে?

উত্তৰঃ অসমত দ্বি-সদনীয় বিধানমণ্ডল নাই।


২১। অসমত বিধান পৰিষদ আছে নে?

উত্তৰঃ অসমত বিধান পৰিষদ নাই।


২২। ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ সদস্যসংখ্যা কিমান?

উত্তৰঃ ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ সদস্যসংখ্যা হ'ল ৫০০জন।


২৩। ৰাজ্যিক বিধানসভাৰ সৰ্বনিম্ন সদস্যসংখ্যা কিমান?

উত্তৰঃ ৰাজ্যিক বিধানসভাৰ সৰ্বনিম্ন সদস্যসংখ্যা ৬০জন।


২৪। বিধানসভাৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰা অঞ্চলসমূহক কি বোলা হয়?

উত্তৰঃ বিধানসভাৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰা অঞ্চলসমূহক সমষ্টি বোলা হয়।


২৫। কিমান চনলৈ ৰাজ্যিক বিধানসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰা নহ'ব।

উত্তৰঃ ২০২৬ চনলৈ ৰাজ্যিক বিধানসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰা নহ'ব।


২৬। বিধানসভাৰ সদস্যৰ সৰ্বনিম্ন বয়সৰ সীমা কিমান?

উত্তৰঃ বিধানসভাৰ সদস্যৰ সৰ্বনিম্ন বয়সৰ সীমা ২৫বছৰ।


২৭। বিধানসভাৰ অধিবেশন বছৰত অন্ততঃ কিমানবাৰ বহিব লাগে?

উত্তৰ বিধানসভাৰ অধিবেশন বছৰত অন্ততঃ দুবাৰ বহিব লাগে।


২৮। বিধানসভাৰ থূল বুলিলে কি বুজা?

উত্তৰঃ বিধানসভাৰ মুঠ সদস্যৰ এক-দশমাংশ নাইবা দহ জন যিটো অধিক হয় সিমান সংখ্যক সদস্যৰ উপস্থিতিক থূল গঠিত হোৱা বুলি কোৱা হয়।


২৯। বিধানসভাৰ সদস্য এজনে বিধানসভাৰ বিনা অনুমতিত কিমান দিন একেৰাহে সভাৰ কামত অনুপস্থিত থাকিলে সদস্যপদ বাতিল হয়?

উত্তৰঃ বিধানসভাৰ সদস্য এজনে বিধানসভাৰ বিনা অনুমতিত ৬০দিন বা তাতকৈ অধিক দিন একেৰাহে সভাৰ কামত অনুপস্থিত থাকিলে সদস্যপদ বাতিল হয়।


৩০। বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক কোনে নিৰ্বাচিত কৰে?

উত্তৰঃ বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰে।


৩১। বিধানসভাৰ দ্বাৰা গৃহীত অৰ্থ-বিধেয়কত বিধান পৰিষদে কিমান দিনৰ ভিতৰত সন্মতি দিব লাগে?

উত্তৰঃ বিধানসভাৰ দ্বাৰা গৃহীত অৰ্থ-বিধেয়কত বিধান পৰিষদে ১৪ দিনৰ ভিতৰত সন্মতি দিব লাগে।


৩১। ৰাজ্যিক মন্ত্ৰী-পৰিষদখন বিধানসভাৰ ওচৰত সমূহীয়াভাৱে দায়বদ্ধ নে?

উত্তৰঃ ৰাজ্যিক মন্ত্ৰী-পৰিষদখন বিধানসভাৰ ওচৰত সমূহীয়াভাৱে দায়বদ্ধ।


৩২। বিধান পৰিষদৰ নূন্যতম সদস্যসংখ্যা কিমান?

উত্তৰঃ বিধান পৰিষদৰ নূন্যতম সদস্যসংখ্যা ৪০ জন।


৩৩। বিধান পৰিষদৰ সদস্যসংখ্যা বিধানসভাৰ সদস্যৰ কিমান বেছি হ'ব নালাগে?

উত্তৰঃ বিধান পৰিষদৰ সদস্যসংখ্যা বিধানসভাৰ সদস্যৰ এক-তৃতীয়াংশতকৈ বেছি হ'ব নালাগে।


৩৪। বিধান পৰিষদৰ সদস্যৰ সৰ্বনিম্ন বয়সৰ সীমা কিমান?

উত্তৰঃ বিধান পৰিষদৰ সদস্যৰ সৰ্বনিম্ন বয়সৰ সীমা ৩০ বছৰ।


৩৬। বিধান পৰিষদ এখন স্থায়ী সদন নে?

উত্তৰঃ বিধান পৰিষদ এখন স্থায়ী সদন।


৩৭। বিধান পৰিষদৰ নিৰ্দিষ্ট কাৰ্যকাল আছেনে?

উত্তৰঃ বিধান পৰিষদৰ নিৰ্দিষ্ট কাৰ্যকাল নাই।


৩৮। বিধান পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল কিমান?

উত্তৰঃ বিধান পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ।


৩৯। বিধান পৰিষদৰ কিমান সংখ্যক সদস্য প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ বিধান পৰিষদৰ এক-তৃতীয়াংশ সদস্য প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে।


৪০। বিধান পৰিষদৰ থূল কিমান সংখ্যক সদস্যৰ উপস্থিতত হয়?

উত্তৰঃ বিধান পৰিষদৰ মুঠ সদস্যৰ এক-দশমাংশ নাইবা দহ জন যিটো অধিক হয় সিমান সংখ্যক সদস্যৰ উপস্থিতত থূল হয়।


৪১। বিধানসভাৰ দ্বাৰা গৃহীত সাধাৰণ বিধেয়কত বিধান পৰিষদে কিমান দিনৰ ভিতৰত সন্মতি দিব লাগে?

উত্তৰঃ বিধানসভাৰ দ্বাৰা গৃহীত সাধাৰণ বিধেয়কত বিধান পৰিষদে ১৪ দিনৰ ভিতৰত সন্মতি দিব লাগে।


৪২। অৰ্থ-বিধেয়কত বিধান পৰিষদে কিমান দিনৰ ভিতৰত সন্মতি দিব লাগে?

উত্তৰঃ বিধেয়কত বিধান পৰিষদে ১৪ দিনৰ ভিতৰত সন্মতি দিব লাগে।


৪৩। বিধান পৰিষদৰ সদস্যসকলে মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উপস্থাপন কৰিব পাৰে নে?

উত্তৰঃ বিধান পৰিষদৰ সদস্যসকলে মন্ত্ৰী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উপস্থাপন কৰিব নোৱাৰে।


৪৪। বিধান পৰিষদৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে নে?

উত্তৰঃ বিধান পৰিষদৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ নকৰে ।


৪৫। আইন প্ৰণয়নৰ বাবে উত্থাপন কৰা প্ৰস্তাৱক কি বোলা হয়?

উত্তৰঃ আইন প্ৰণয়নৰ বাবে উত্থাপন কৰা প্ৰস্তাৱক বিধেয়ক বোলা হয়।


৪৬। বিধেয়কক কেইটা শ্ৰেণীত বিভক্ত কৰা হয়?

উত্তৰঃ বিধেয়কক দুটা শ্ৰেণীত বিভক্ত কৰা হয়।


৪৭। আইন প্ৰণয়নৰ ব্যৱস্থাসমূহক সংবিধানৰ কোন অনুচ্ছেদত লিপিবদ্ধ কৰা আছে।

উত্তৰঃ আইন প্ৰণয়নৰ ব্যৱস্থাসমূহক সংবিধানৰ ১০৭ ৰ পৰা ১২২নং অনুচ্ছেদত লিপিবদ্ধ কৰা আছে।


৪৮। সাধাৰণ বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পৰা যায় নে?

উত্তৰঃ সাধাৰণ বিধেয়ক সংসদৰ যিকোনো সদনত উত্থাপন কৰিব পৰা যায়।


৪৯। সংসদৰ এটা সদনে অনুমোদন কৰা বিধেয়ক আনখন সদনে অগ্ৰাহ্য কৰিলে কি হয়?

উত্তৰঃ সংসদৰ এটা সদনে অনুমোদন কৰা বিধেয়ক আনখন সদনে অগ্ৰাহ্য কৰিলে ৰাষ্ট্ৰপতিয়ে সদনৰ যুটীয়া অধিবেশন আহ্বান কৰি ভোট গ্ৰহণৰ জৰিয়তেতবিধেয়কখনৰ ভাগ্য নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা হাতত লয়।


৫০। সংসদৰ দ্বাৰা অনুমোদিত সাধাৰণ বিধেয়ক ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনা কৰিবৰ বাবে সংসদত ঘূৰাই পঠিয়াব পাৰে নে?

উত্তৰঃ সংসদৰ দ্বাৰা অনুমোদিত সাধাৰণ বিধেয়ক ৰাষ্ট্ৰপতিয়ে পুনৰ বিবেচনা কৰিবৰ বাবে সংসদত ঘূৰাই পঠিয়াব পাৰে।


৫১। অৰ্থ বিধেয়কৰ সংজ্ঞা সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে।

উত্তৰঃ অৰ্থ বিধেয়কৰ সংজ্ঞা সংবিধানৰ ১১০ নং অনুচ্ছেদত উল্লেখ আছে।


৫২। সংসদৰ কোনখন সদনত অৰ্থ বিধেয়ক উত্থাপন কৰিব পাৰি?

উত্তৰঃ সংসদৰ নিম্নসদনত অৰ্থ বিধেয়ক উত্থাপন কৰিব পাৰি।


৫৩। বিধেয়ক নাইবা বিল এখন 'অৰ্থবিল' হয় নে নহয় কোনে নিৰ্ধাৰণ কৰে?

উত্তৰঃ বিধেয়ক নাইবা বিল এখন 'অৰ্থবিল' হয় নে নহয় লোকসভাৰ অধ্যক্ষই নিৰ্ধাৰণ কৰে।


৫৪। অৰ্থ বিধেয়কত ৰাজ্যসভাই কিমান দিনৰ ভিতৰত মতামত দিব লাগে?

উত্তৰঃ অৰ্থ বিধেয়কত ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত মতামত দিব লাগে।


৫৫। অৰ্থ বিধেয়ক লোকসভাত উত্থাপন কৰাৰ আগতে ৰাষ্ট্ৰপতিৰ সন্মতিৰ আৱশ্যক হয় নে?

উত্তৰঃ অৰ্থ বিধেয়ক লোকসভাত উত্থাপন কৰাৰ আগতে ৰাষ্ট্ৰপতিৰ সন্মতিৰ আৱশ্যক হয় ।


৫৬। ৰাষ্ট্ৰপতিয়ে অৰ্থ বিধেয়ক পুনৰ বিবেচনা কৰিবৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব পাৰে নে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে অৰ্থ বিধেয়ক পুনৰ বিবেচনা কৰিবৰ বাবে সংসদলৈ ঘূৰাই পঠিয়াব নোৱাৰে।


৫৭। এখন বিল অৰ্থবিল হয় নে নহয় বিত্তমন্ত্ৰীয়ে নিৰ্ণয় কৰে।(হয় বা নহয় লিখা।)

উত্তৰঃ এখন বিল অৰ্থবিল হয় নে নহয় বিত্তমন্ত্ৰীয়ে নিৰ্ণয় কৰে-কথাষাৰ নহয়।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Answer by: Chandana Sarma (MA in Political Science)



-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------