মানৱ আচৰণৰ ভিওিসমূহ আৰু দিকদৰ্শন  

 

A. Very Short Type Questions.

1. পলায়ন প্ৰবৃওিৰ লগত লগত জড়িত আবেগৰ নাম লিখা ।

উত্তৰঃ পলায়ন প্ৰবৃওিৰ লগত লগত জড়িত আবেগৰ নাম হল - ভয় ।

2. আবেগ অনুভূতিৰ পৰা নে ভাববৃওিৰ পৰা উৎপন্ন হয়, লিখা।

উওৰঃ  আবেগ অনুভূতিৰ  পৰা উৎপন্ন হয়

3.  প্ৰবৃত্তি আৰু আবেগ যে ঘনিষ্ঠভাবে জড়িত সেয়া কোনে স্থাপিত কৰিছিল?

উত্তৰঃ প্ৰবৃওি আৰু আবেগ যে ঘনিষ্ঠভাবে জড়িত সেয়া  উইলিয়াম  জেমচ স্থাপিত কৰিছিল

4. ভাববৃত্তি কাক বোলে?

 উত্তৰঃ ভাববৃত্তি  হৈছে জীৱৰ এক শাৰীৰিক  তথা মানসিক অৱস্থা যি নিদিষ্ট ধৰণে কাৰ্য কৰিবলৈ ব্যক্তিক   আগ্ৰহী কৰি তোলে। ভাববৃত্তিয়ে ব্যক্তিক ফলাফল লাভৰ বাবে এক মানসিক প্ৰস্তুতি গঢ়ি তোলে ।

5. বশ্য়তা প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ নাম লিখা

উত্তৰঃ বশ্য়তা  প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ নাম হল  -  পৰাধীনতা ।

6. বশ্য়তা প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ লাম লিখা?

উত্তৰঃ  বশ্য়তা  প্ৰবৃত্তিৰ লগত জড়িত আবেগৰ নাম হল  -  পৰাধীনতা ।

7. প্ৰেৰণাৰ এটা সংজ্ঞা দিয়া?

উত্তৰঃ  মনোবিজ্ঞানী ভেলেনটানৰ মতে ," প্ৰবৃত্তি হল এক জৈৱিক উদ্দেশ্য পূৰণৰ বাবে কৰা ক্ৰিয়া আচৰণ "

8. কৌতুহল প্ৰবৃত্তি কোনটো আবেগৰ লগত জড়িত?

উত্তৰঃ কৌতুহল প্ৰবৃত্তি   বিস্মআবেগৰ লগত জড়িত

9. আবেগৰ এটা বৈশিষ্ট্য় প্ৰদান কৰা?

উত্তৰঃ আবেগৰ বৈশিষ্ট্য হৈছে -

১. আবেগৰ বয়স সীমা নাই  । একেবাৰে কম বয়সৰ জীৱ বা প্ৰাণীৰ ক্ষেত্ৰত যি ধৰণৰ আবেগিক উত্তেজনা দেখা যায় সেই একে ধৰণৰ  আবেগিক উত্তেজনা , প্ৰাপ্তবয়স্ক বা বৃদ্ধ অবস্থাৰ প্ৰাণী বা জীৱৰ ক্ষেত্ৰত দেখা যায় মাথো পৰিবেশ আৰু অবস্থা অনুসৰি তাৰ প্ৰকাশৰ মাত্ৰাত ভিন্নতা দেখা যায়।

10. টোপনিৰ প্ৰয়োজন হৈছে মানুহৰ মনোবিজ্ঞানিক প্ৰয়োজন । উক্তিটো শুদ্ধনে?

উত্তৰঃ টোপনিৰ প্ৰয়োজন হৈছে মানুহৰ মনোবিজ্ঞানিক প্ৰয়োজন । উক্তিটো শুদ্ধ

11. আবেগ হ`ল ব্য়ক্তিৰ গতিশীল অথবা লৰচৰ কৰিব পৰা অৱস্থা ।`- এই সংজ্ঞাটো কোনে দিছিল?

উত্তৰঃ আবেগ হ`ল ব্য়ক্তিৰ গতিশীল অথবা লৰচৰ কৰিব পৰা অৱস্থা ।`- এই সংজ্ঞাটো   মনোবিজ্ঞানী উডৱৰ্থ দিছিল।

 

B. Short Type Questions:

1. আৱেগ কি? আৱেগৰ তিনিটা বৈশিষ্ট্য় উল্লেখ কৰা ?

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উওৰঃ আবেগ হৈছে  প্ৰাণীয়ে জন্ম সূত্ৰে লাভ কৰা আৰু ক্ৰম বিকশিত এক চাহিদা । আবেগৰ অৰ্থ হৈছে ব্যকুলতা , ব্যগ্ৰতা , উৎকণ্ঠা আদিক বুজায় ।

আৱেগৰ তিনিটা বৈশিষ্ট্য় হল -

১.আবেগৰ বয়স সীমা নাই  । একেবাৰে কম বয়সৰ জীৱ বা প্ৰাণীৰ ক্ষেত্ৰত যি ধৰণৰ আবেগিক উত্তেজনা দেখা যায় সেই একে ধৰণৰ  আবেগিক উত্তেজনা , প্ৰাপ্তবয়স্ক বা বৃদ্ধ অবস্থাৰ প্ৰাণী বা জীৱৰ ক্ষেত্ৰত দেখা যায়। মাথো পৰিবেশ আৰু অবস্থা অনুসৰি তাৰ প্ৰকাশৰ মাত্ৰাত ভিন্নতা দেখা যায়।

২ . আবেগ ব্যক্তিত্ব ৰ এক প্ৰতক্ষ , একান্ত ভাৱেই ব্যক্তিগত মনবস্থা । মানুহৰ আবেগ জনিত ক্ষেত্ৰত গঠিত হয় কিছুমান অতি সৰল আৰু প্ৰাথমিক আবেগ যেনে - ভয়, দুখ, তৃষ্ণা আদি। আৰু কিছুমান সামাজিক আবেগ হল  ভালপোৱা, ঘৃণা, লজ্জা বোধ আদি।

৩. মানৱ ব্যক্তিত্বৰ আবেগ জনিত পটভূমি হৈছে মনোভাৱ । এই মনোভাৱ অপেক্ষাকৃত ভাবে  সংকীৰ্ণ উত্তেজনামূলক অবস্থা যি জীৱনৰ বিভিন্ন অৱস্থা, অনুভূতি আদিৰ প্ৰভাৱধীন ।

 2. প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায় উল্লেখ কৰা?

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ . প্ৰবৃত্তি পৰিশোধনৰ দুটা উপায়  হল -

১. কাৰ্যৰ অব্যবহাৰ

. আনন্দ আৰু বেদনাৰ প্ৰয়োগ

3. প্ৰবত্তিৰ দুটা বৈশিষ্ট্য লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ প্ৰবত্তিৰ দুটা বৈশিষ্ট্য হল -

১. প্ৰবৃত্তি সমূহ অশোধিত শক্তি । এই শক্তি সমূহ শোধিত বা সংশোধিত আৰু উন্নীত কৰিব পাৰি।

২. প্ৰবৃত্তি গত কাৰ্যত জীৱৰ জাতিগত চৰিত্ৰ আৰু বৈশিষ্ট্য পৰিস্ফুট হয় ।

4. পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ পৰ্যবেক্ষণ পদ্ধতিৰ এটা গুণ হল  - পৰ্যবেক্ষণ পদ্ধতিৰ এটা বিজ্ঞানসন্মত প্দ্ধতি আৰু ইয়াৰ জৰিয়তে আমি নিৰ্ভৰ যোগ্য তথ্য লাভ কৰিব পাৰোঁ।

5. মেকডুগেলৰ মতানুসৰি যুযুৎসা প্ৰবৃওিৰ লগত কোনটো আৱেগৰ সম্পৰ্ক আছে?

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

ত্তৰঃ মেকডুগেলৰ মতানুসৰি যুযুৎসা প্ৰবৃওিৰ লগত  ক্ৰোধ বা খং আৱেগৰ সম্পৰ্ক আছে

6. প্ৰবৃওি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

ত্তৰঃ  প্ৰবৃওি আৰু আৱেগৰ মাজত থকা পাৰ্থক্য হল  -

১. প্ৰবৃত্তিয়ে প্ৰাণীক কৰ্ম প্ৰেৰণা যোগায় আনহাতে আৱেগে অনুভূতি প্ৰেৰণাহে যোগাই তোলে 

২. প্ৰবৃত্তিৰ তাড়না তাৎক্ষণিক ভাবে অনুভূত নহবও পাৰে কিন্তু আবেগিক তাড়না তাৎক্ষণিক ভাবে অনুভূত হয় ।

7. অভ্যাসৰ দুটা সুফল উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

ত্তৰঃ অভ্যাসৰ দুটা সুফল হল -

১. অভ্যাসৰ ফলতে সকলো কাম সহজ সাধ্য হয়। আৰু অভ্যাসৰ পৰিণত হোৱা কাম সহজে পৰিত্যাগ কৰিব নোৱাৰি।।

২. অভ্যাস গঠনে মানুহৰ বুদ্ধি বৃত্তি, কল্পনা শক্তি, যুক্তি ক্ষমতা, সৃজনি শক্তি, চিন্তা শক্তি আদিৰ বিকাশ হোৱাত সহায় কৰে।

8. প্ৰবৃওি পৰিশোধনৰ দুটা পদ্ধতি বা উপায় উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল ) 

ত্তৰঃ  প্ৰবৃওি পৰিশোধনৰ দুটা পদ্ধতি বা উপায়ল -

১. পূৰ্ণ স্বাধীনতা প্ৰয়োগ

২. প্ৰতিস্থাপন

9. ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল ) 

ত্তৰঃ  ভ্ৰান্ত প্ৰত্যক্ষৰ দুটা কাৰণ  হল -

১. বস্তুগত কাৰণ - উদ্দিপকৰ আকাৰ, গঠন আদিৰ কাৰণে  ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয়।

২. মানসিক কাৰণ -  ভ্ৰান্ত ধাৰণা , পূৰ্ব ধাৰণা, প্ৰত্যাশা, ভয়, সংস্কাৰ , অন্ধ বিশ্বাস , সন্দেহ আদিৰ বাবেও  ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয়।

10. সংবেদন আৰু সংবোধনৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল )

উত্তৰসংবেদন আৰু সংবোধনৰ মাজত দুটা পাৰ্থক্য  হল -

. সংবেদন নিষ্ক্ৰিয়, আনহাতে সংবোধন সক্ৰিয় প্ৰক্ৰিয়া । সংবোধনৰ ক্ষেত্ৰত কেৱল উত্তেজনাক গ্ৰহণ কৰা হয় কিন্তু সংবেদনৰ বেলিকা মনোযোগ, ইচ্ছা আদিৰে উত্তেজনাক ব্যাখ্যা কৰা হয়।

২. সংবেদন হল বস্তুৰ গুণৰ চেতনা , কিন্তু সংবোধন হল গুণ বিশিষ্ট অস্তিত্বৰ চেতনা ।

 11. "আৱেগ হ'ল ব্যক্তিৰ এক সঞ্চালিত অথবা আন্দোলিত অৱস্থা ।" কথাষাৰ কোনে কৈছিল?

(এই প্ৰশ্নটো 2015 চনত আহিছিল   

ত্তৰঃ "আৱেগ হ'ল ব্যক্তিৰ এক সঞ্চালিত অথবা আন্দোলিত অৱস্থা ।" কথাষাৰ  মনোবিজ্ঞানী উডৱৰ্থ কৈছিল

12. আৱেগ হ'ল মনৰ এক আন্দোলিত অবস্থা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল )  

ত্তৰঃ হয় ।

13. প্ৰেৰণা কি?

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

ত্তৰঃ প্ৰেৰণা হল -  এক প্ৰকাৰৰ জীৱদেহ মনৰ প্ৰবনতা, যি শৰীৰৰ ভাৰসাম্য তাৰতম্য অথবা পেশী উত্তেজনা নাইবা কোনো এক বিশেষ শ্ৰেণীৰ উদ্দিপকৰ উপস্থিতি । যি বিভিন্ন প্ৰকাৰে কৰা প্ৰতিক্ৰিয়াৰ ফলত সৃষ্টি হয়। আৰু প্ৰেৰণা সদায় এক নিৰ্দ্দিষ্ট লক্ষ্যৰ দ্বাৰা পৰিচালিত হয়।

14. আৱেগৰ দুটা বৈশিষ্ট্য লিখা।

(এই প্ৰশ্নটো 2015 চনত আহিছিল )

ত্তৰঃ  আৱেগৰ দুটা বৈশিষ্ট্য হল -

১. আবেগ ব্যক্তিত্ব ৰ এক প্ৰতক্ষ , একান্ত ভাৱেই ব্যক্তিগত মনবস্থা । মানুহৰ আবেগ জনিত ক্ষেত্ৰত গঠিত হয় কিছুমান অতি সৰল আৰু প্ৰাথমিক আবেগ যেনে - ভয়, দুখ, তৃষ্ণা আদি। আৰু কিছুমান সামাজিক আবেগ হল  ভালপোৱা, ঘৃণা, লজ্জা বোধ আদি।

২. মানৱ ব্যক্তিত্বৰ আবেগ জনিত পটভূমি হৈছে মনোভাৱ । এই মনোভাৱ অপেক্ষাকৃত ভাবে  সংকীৰ্ণ উত্তেজনামূলক অবস্থা যি জীৱনৰ বিভিন্ন অৱস্থা, অনুভূতি আদিৰ প্ৰভাৱধীন ।

 15. ভ্ৰান্ত প্ৰত্যক্ষ কি?

(এই প্ৰশ্নটো 2018 চনত আহিছিল )     

ত্তৰঃ সংবেদনৰ প্ৰকৃত অৰ্থ নিৰ্নয় কৰাৰ  সময়ত অস্বাভাৱিক কল্পনাৰ প্ৰভাৱত যেতিয়া আমি উদ্দিপক সম্বন্ধে ভুল বাখ্যা দিওঁ ,  তেতিয়া তাক ভ্ৰান্ত প্ৰত্যক্ষ বুলি কোৱা হয় ।

 16. সংবেদন আৰু সংবোধনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল ) 

উত্তৰঃসংবেদন আৰু সংবোধনৰ মাজত থকা দুটা পাৰ্থক্য  হল -

১ সংবেদন হল উদ্দীপনাৰ প্ৰাথমিক সৰল অনুভূতি । কিন্তু সংবোধন এটা জটিল মানসিক প্ৰক্ৰিয়া ।

. সংবোধন হল জ্ঞান যুক্ত আনহাতে সংবেদন জ্ঞান নহয়, ই জ্ঞানৰ উপাদান যোগাই।

 17. মানুহৰ প্ৰয়োজনৰ দুটা বৈশিষ্ট্য লিখা।

(এই প্ৰশ্নটো 2015 চনত আহিছিল )   

উত্তৰঃ মানুহৰ প্ৰয়োজনৰ দুটা বৈশিষ্ট্য -

1. প্ৰয়োজনে  মানুহে জীয়াই থকাৰ বাবে দৰকাৰী বুলি অনুভব কৰা সকলো সামগ্ৰী , চিন্তা - চেতনা , ভাৱ - অনুভূতি আদিক সামৰি লয় ।

২. প্ৰয়োজন হৈছে এক শাৰীৰিক আৰু মানসিক অৱস্থা যাৰ উপস্থিতত জীৱই এক বিশেষ কৰ্ম প্ৰবনতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে

18. প্ৰবৃওি কি?

(এই প্ৰশ্নটো 2018 চনত আহিছিল ) 

ত্তৰঃ যি সুপ্ত প্ৰৱণতাই জীৱক কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি মনোনিবেশ কৰাই আৰু ইয়াৰ পৰিবৰ্তনত এক বিশেষ আবেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায় আৰু বিষয় বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰায় তাকে প্ৰবৃত্তি বোলে।

19. মনোগ্ৰন্থি বুলিলে কি বুজা?

উত্তৰঃ মনোগ্ৰন্থি হৈছে কোনো এটা বস্তু বা বিষয় সম্পৰ্কে মনত গঢ়ি উঠা স্থায়ী মনোভাৱ।মনোগ্ৰন্থিৰ সৃষ্টি হ'লে মানুহৰ ব্যৱহাৰ অসংযত হয় বা সৰু সৰু কথাতে খং উঠে, সৰু সৰু কথাতে কান্দি উঠে।উদাহৰণ স্বৰূপে-  মনোগ্ৰন্থি  মানুহৰ মনত  বেয়া , নকৰাত্মক মনোভাৱ গঢ়ি তোলে । যেনে দেশৰ চৰকাৰে কৰা কাম বিলাকৰ ভাল দিশ দেখা নোপোৱা বা আনে ভাল বুলি ক'লে সহ্য কৰিব নোৱাৰা।

20. যৌথ প্ৰবৃত্তি কাক বোলে?

উত্তৰঃ  যি  প্ৰবৃত্তিৰ প্ৰভাৱত মানৱ প্ৰাণীয়ে দলগত ভাবে জীৱন নিৰ্বাহ কৰি নিজ নিজ সামাজিক অবস্থানৰ উন্নতি সাধন কৰিব বিচাৰে তাকে যৌথ প্ৰবৃত্তি বোলে ।

21. সহজাত প্ৰবৃত্তি পৰিশোধনৰ যি কোনো দুটা পদ্ধতিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ হজাত প্ৰবৃত্তি পৰিশোধনৰ যি কোনো দুটা পদ্ধতিৰ নাম হল 

. আনন্দ আৰু বেদনাৰ প্ৰয়োগ

২. পূৰ্ণ স্বাধীনতাৰ প্ৰয়োগ

22. চাহিদা কি? তিনিটা জৈৱিক চাহিদা উল্লখ কৰা ।

উত্তৰঃ জীয়াই থাকিবৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্ৰী, চিন্তা-  চেতনা। ভাৱ - অনুভূতি আদি সকলো বোৰকে চাহিদা হিচাপে বাখ্যা কৰিব পাৰি ।

তিনিটা জৈৱিক চাহিদা হল -  ক্ষুধা,  তৃষ্ণা, যৌন কামনা আদি

23. প্ৰবৃত্তৰি উন্নীতকৰণ কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ প্ৰবৃত্তি সমূহক পৰিবেশৰ বিভিন্ন অবস্থাৰ লগত খাপ খাব পৰাকৈ নতুন ৰূপত বিকশিত কৰি তোলা কাৰ্যকে প্ৰবৃত্তিৰ উন্নীতকৰণ বোলা হয়

          প্ৰবৃত্তিৰ উন্নীতকৰণ বিভিন্ন প্ৰকাৰ সমূহ হল -

১. কাৰ্যৰ অব্যবহাৰ

২. আনন্দ আৰু বেদনাৰ প্ৰায়োগ

৩. পূৰ্ণ স্বাধীনতাৰ প্ৰয়োগ

৪. বিৰেচন

৫. অৱদমন

৬. প্ৰতিস্থাপন

৭. উন্নতিকৰণ

24. হীনমন্যতাবোধ মানে কি সংক্ষেপে লিখা?

উত্তৰঃ  হীনমন্যতাবোধ হৈছে মানুহৰ এটা মানসিক অৱস্থা । য'ত মানুহ এজনে নিজৰ আত্ম বিশ্বাস হেৰাই পেলায়। মানুহজনৰ মনত  কৰ্মৰ প্ৰতি উৎসাহ নোহোৱা হৈ পৰে । নিজকে আনৰ লগত তুলনা কৰিবলৈ লয় আৰু নিজকে সকলো দিশতে আনৰ তুলনাত কম, সৰু বুলি ভাবিলৈ ধৰে । হীনমন্যতাবোধ হৈছে নৰ এনে এক অনুভূতি  যাৰ ফলত ব্যক্তিয়ে  নিজকে অসহায়  বোধ কৰে আৰু সকলো কামত আনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ ধৰে। হীনমন্যতাবোধমনোভাৱৰ ফলত ব্যক্তিয়ে কেতিয়াবা অপৰাধ মূলক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হয় আৰু সময়ত উচিত পথ নাপালে তেওঁলোকে দৈনন্দিন জীৱন ধাৰণ কৰাত বহুতো সমস্যাৰ সন্মুখীন হয়।

25. ভাববৃত্তিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ ভাববৃত্তিৰ শৈক্ষিক তাৎপৰ্য হল -

১.ভাববৃত্তিৱে  শিক্ষণৰ ক্ষেত্ৰত আগ্ৰহৰ সৃষ্টি কৰে ।

২. শিক্ষাৰ ক্ষেত্ৰশিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি কৰাত  ভাববৃত্তিৰ ভূমিকা অনবদ্য ।

৩.ভাববৃত্তি  ব্যক্তিৰ আচৰণ পৰিচালনা কৰি আচৰণ সমূহ সংশোধন আৰু সঠিক পথ নিৰ্ধাৰণ কৰাত সহায় কৰে ।

26. অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য লিখা ।

উত্তৰঃ   অভিপ্ৰায় হৈছে মানুহৰ এক শক্তিশালী মানসিক অৱস্থা । এনে শক্তিশালী মানসিক অৱস্থা সমূহৰ বাবে মানুহে নিজৰ প্ৰয়োজন সমূহ পূৰণ কৰিবলৈ সমৰ্থ বান হৈ উঠে।  অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য হল

১. শিক্ষাৰ ক্ষেত্ৰত ফল লাভৰ বাবে প্ৰয়োজন হোৱা মানসিক প্ৰস্তুতি গঢ়ি তোলাত অভিপ্ৰায়ৰ ভুমিকা অপৰিসীম।

২. শিক্ষাৰ্থীক বিভিন্ন শৈক্ষিক কাৰ্যত লিপ্ত হবলৈ প্ৰয়োজন হোৱা এক অদম্য শক্তি আৰু সাহস অভিপ্ৰায় আনি দিয়ে।

. অভিপ্ৰায় শিশুক কৰ্ম সম্পাদন কৰাৰ প্ৰতি উচটাই দিয়ে  যাৰ ফলত শিশু এজনে কাৰ্য সম্পাদনৰ দিশলৈ অনুপ্ৰাণিত হৈ উঠে।

27. উদাহৰণৰ সহায়ত আবেগ আৰু ভাববৃত্তিৰ মাজৰ পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ 1. আবেগ হৈছে এক আচৰণগত প্ৰক্ৰিয়া আনহাতে  ভাববৃত্তি হৈছে এক মানসিক প্ৰক্ৰিয়া । উদাহৰণস্বৰূপে আবেগ ব্যক্তিৰ আচৰণত প্ৰকাশ পায় যেনে  ভয়, ভালপোৱা লজ্জা আদি । ভাববৃত্তি ব্যক্তিৰ নিজস্ব অভাৱ সমূহ পূৰণৰ বাবে মনত আগ্ৰহৰ সৃষ্টি কৰে।

২. আবেগে ব্যক্তিক অনুভূতি প্ৰেৰনাহে যোগায় আনহাতে ভাববৃত্তিে ব্যক্তিক কৰ্ম কৰাৰ বাবে প্ৰেৰণা যোগায় । উদাহণস্বৰূপে আবেগৰ বাবে ব্যক্তিয়ে  ভালপোৱা, ঘৃণা, মান সন্মান আদি অনুভূতি লাভ কৰে । ভববৃত্তিৰ ফলত ব্যক্তিয়ে কোনো কৰ্ম সম্পদন কৰিবলৈ উৎসাহ লাভ কৰে।

 28. ভাল অভ্যাস গঠনৰ চাৰিটা প্ৰক্ৰিয়া লিখা?

উত্তৰঃ ভাল অভ্যাস গঠনৰ চাৰিটা প্ৰক্ৰিয়া হল -

১. সু অভ্যাস গঠন কৰিবলৈ হলে দৃঢ় সংকল্প বদ্ধ হ'ব লাগিব  । দৃঢ় সংকল্প নকৰি সম্পাদন কৰা কাম কেতিয়াও অভ্যাসপৰিণত নহয় ।

২. অভ্যাস গঠনত আনন্দ মুখৰ  পৰিবেশ, উৎসাহ - উদ্দীপনাৰ ভূমিকাও মন কৰিব লগীয়া ।

. এটা কামৰ বহুত বাৰ পুনৰাবিত্তি কৰি শিক্ষাৰ্থী সকলৰ ভাল অভ্যাস গঠন কৰিব পাৰি।

. অভ্যাস গঠনৰ ক্ষেত্ৰত অনুৰাগ আৰু  আবেগিক উদ্দীপনাৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ।

29. ইডিপাচ্ মনোগ্ৰন্থি কাক বোলে?

উত্তৰঃ no

30. প্ৰবৃত্তিমূলক কাৰ্যৰ পৰ্যায় তিনিটা কি কি?

উত্তৰঃ . প্ৰবৃত্তিমূলক কাৰ্যৰ পৰ্যায় তিনিটা হল -

১. সংজ্ঞান বা ইন্দ্ৰিয়ৰ দ্বাৰা অনুভূতি আহৰণ

২. অনুৰাগ উপলব্ধি

৩. ক্ৰিয়াৰ প্ৰয়াস

31. শিশুৰ তিনিটা মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰঃ শিশুৰ তিনিটা মানসিক প্ৰয়োজন হল -

১.  1.নিৰাপত্তাৰ প্ৰয়োজন - শিশু ই  পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিক ভাবে নিজকে নিৰাপদ বুলি ভাবে । বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় সহানুভূতি বিচাৰে ।সহায় সহানুভূতি ৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰুসাহস বৃদ্ধি হয়।  মানসিক ভাবে শক্তি শালী হৈ উঠে

2.কৌতুহল  পূৰণৰ প্ৰয়োজন - শিশু কৌতুহলী মনৰ হোৱা বাবে তাৰ চাৰিওফালৰ বিভিন্ন বস্তু , বিষয়,  পৰিস্থিতি আদিক জানিবলৈ ব্যগ্ৰ হৈ পৰে। এই ক্ষেত্ৰত শিশু ই ডাঙৰকনানাপ্ৰশ্ন সুধি ব্যাতি ব্যস্ত কৰি তোলে। ডাঙৰেও ধৈয্য সহকাৰে শিশুৰ কৌতুহল পূৰণ কৰিব লাগে। কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ ত সহায় কৰে।

3. মৰমৰ প্ৰয়োজন - শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । মনলৈ সাহস আহে। মৰমৰ অভাৱ হলে শিশু সকল কেতিয়াবা মানসিক ৰোগী বা অপৰাধী ব্যক্তি ত পৰিণত হ'ব পাৰে।

32. অভ্যাসক 'দ্বিতীয় স্বভাব' কিয় বোলা হয়? ব্যাখ্যা কৰা ।

উত্তৰঃ মানুহৰ স্বাভাৱিক প্ৰকৃতিগত দৈহিক ক্ৰিয়াবোৰ আপোনা- আপুনি সম্পাদিত  হোৱাৰ নিচিনা অভ্যাস সিদ্ধ কামবোৰোঁ ঠিক তেনেদৰে সম্পাদিত হৈ উঠে। । যিবোৰ কাৰ্য কৰিবলৈ অভ্যাস গঠন কৰা হয় সেই অভ্যাস সমূহ সোনকালে এৰাব নোৱাৰি । সেইবাবে অভ্যাসক 'দ্বিতীয় স্বভাৱ' বোলা হয়উদাহৰণস্বৰূপে- বিচনাৰ পৰা সোনকালে উঠা, মাদক দ্ৰব্যৰ সেৱন কৰা আদি অভ্যাস গঠন হ'লে সেই অভ্যাস সহজে এৰাব নোৱাৰি

33. অভ্যাস গঠনৰ চাৰিটা কুফল প্ৰদান কৰা ।

উত্তৰঃ অভ্যাস গঠনৰ চাৰিটা কুফল হল -

১. অভ্যাস এক যান্ত্ৰিক আৰু স্বয়ংক্ৰিয় প্ৰক্ৰিয়া ।  অভ্যাস গঠন কাৰ্য যান্ত্ৰিক ভাবে সম্পাদিত হয় ।

২.    অভ্যাস গঠন কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হয়।  কাৰণ অভ্যাস গঠন কৰিবলৈ হ'লে এটা কাম বহুবাৰ একেৰাহে পুনৰবিত্তি কৰিব লাগে ।

৩. অভ্যাস মনোযোগ বা ইচ্ছা শক্তিৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব নিদিয়ে । অভ্যাসে কেৱল কৰ্মৰ একতাৰ ওপৰত নিৰ্ভৰশীল ।

৪. অভ্যাস একে পৰিস্থিতি বা পৰিবেশৰ আধাৰত সম্পন্ন কৰা হয় আৰু পৰিস্থিতি বা পৰিৱেশৰ সলনি হ'লে অভ্যাস সম্পাদিত কৰাৰ ক্ষেত্ৰৰ বিভিন্ন সমস্যা আহি পৰে।

34. পাৰ্থক্য লিখাঃ

A) প্ৰেৰণা আৰু অভিপ্ৰায়।

উত্তৰঃপ্ৰেৰণা আৰু অভিপ্ৰায় পাৰ্থক্য হল  -

১. প্ৰেৰণা শিক্ষা বিহীন প্ৰক্ৰিয়া আনহাতে অভিপ্ৰায় এক শিক্ষালব্দ প্ৰক্ৰিয়া ।

২. প্ৰেৰণত হৈছে কাৰ্য কৰনৰ প্ৰস্তুতি কিন্তু অভিপ্ৰায় ব্যক্তিক ফলাফলৰ বাবে প্ৰস্তুত কৰি তোলে ।

৩. প্ৰেৰণা এক আভ্যন্তৰীণ প্ৰক্ৰিয়া আনহাতে অভিপ্ৰায় হৈছে এক বাহ্যিক প্ৰক্ৰিয়া ।

B) চেতন আৰু অচেতন অভিপ্ৰায়।

উত্তৰঃচেতন আৰু অচেতন অভিপ্ৰায় পাৰ্থক্য হল -.

১. চেতন অভিপ্ৰায় হৈছে এক ব বাহ্যিক প্ৰকাশ আনহাতে অচেতন অভিপ্ৰায় হৈছে এক আভ্যন্তৰীণ প্ৰকাশ ।

২. চেতন অভিপ্ৰায়ৰ ফলত ব্যক্তিয়ে কোনো কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈ উঠে আৰু কামটো সম্পন্ন কৰে কিন্তু অচেতন অভিপ্ৰায়ব্যক্তিক কাৰ্য সম্পদনৰ বাবে অনুপ্ৰাণিত নকৰিবও পাৰে ।

৩.চেতন অভিপ্ৰায় ব্যক্তিক  সমাজমূলক কাৰ্যত লিপ্ত হবলৈ উত্তেজিত কৰি তোলে । কিন্তু অচেতন অভিপ্ৰায়  মানুহৰ সমাজ বিৰোধী কাৰ্যত প্ৰকাশ পায় 

35. ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ দুটা প্ৰভেদমূলক বৈশিষ্ট্য উল্লখ কৰা ।

উত্তৰঃ ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ দুটা প্ৰভেদমূলক বৈশিষ্ট্য  হল -

 ১. ভাৱবৃত্তিয়ে মানসিক ভাৱে কোনো ব্যক্তিক অপকাৰ নকৰে, কিন্তু মনোগ্ৰন্থিয়ে ব্যক্তিৰ ক্ষতিসাধন কৰিব পাৰে।

২. ভাৱবৃত্তি এক সকৰাত্মক মানসিক অৱস্থা , কিন্তু মনোগ্ৰন্থিৰ দ্বাৰা  মানুহৰ মনত নকৰাত্মক বা অশুদ্ধ চিন্তা  প্ৰকাশ পায় । উদাহৰণস্বৰূপে- নিজৰ দেশক ভালপোৱাটো ভাৱবৃত্তি, কিন্তু মনোগ্ৰন্থি হ'ল দেশৰ চৰকাৰে কৰা কাম বিলাকৰ ভাল দিশ দেখা নোপোৱা বা আনে ভাল বুলি ক'লে সহ্য কৰিব নোৱাৰা। মনোগ্ৰন্থিৰ সৃষ্টি হ'লে মানুহৰ ব্যৱহাৰ অসংযত হয় বা সৰু ,সৰু কথাতে খং উঠে, সৰু সৰু কথাতে কান্দি উঠে।

36. অভিপ্ৰায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ অভিপ্ৰায় দুটা বৈশিষ্ট্য হৈছে -

. অভিপ্ৰায় হৈছে ফল লাভৰ বাবে প্ৰয়োজন হোৱা মানসিক প্ৰস্তুতি গঢ়ি তোলা এক প্ৰক্ৰিয়া।

. শিক্ষাৰ্থীক বিভিন্ন শৈক্ষিক কাৰ্যত লিপ্ত হ'বলৈ প্ৰয়োজন হোৱা এক অদম্য শক্তি আৰু সাহস অভিপ্ৰায় আনি দিয়ে।

 37. ভাববৃত্তি কি? চৰিত্ৰ গঠনত ভাৱবৃত্তিয়ে কি ধৰণৰ ভূমিকা পালন কৰে?

উত্তৰঃ ভাববৃত্তি  হৈছে জীৱৰ এক শাৰীৰিক  তথা মানসিক অৱস্থা যি নিদিষ্ট ধৰণে কাৰ্য কৰিবলৈ ব্যক্তিক   আগ্ৰহী কৰি তোলে। ভাববৃত্তিয়ে ব্যক্তিক ফলাফল লাভৰ বাবে এক মানসিক প্ৰস্তুতি গঢ়ি তোলে ।

           চৰিত্ৰ গঠনত ভাববৃত্তিয়ে  এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়ভাববৃত্তি হৈছে এক মানসিক প্ৰক্ৰিয়া ভাববৃত্তি ব্যক্তিৰ নিজস্ব অভাৱ সমূহ পূৰণৰ বাবে মনত আগ্ৰহৰ সৃষ্টি কৰে। আৰু তাৰ ফলত ব্যক্তিয়ে নিজৰ কৰ্ম সমূহ কৰিবলৈ আগ্ৰহী হৈ উঠে। ব্যক্তিয়ে নিজৰ আচৰণ সমূহ কামৰ জৰিয়তে প্ৰকাশ ঘটায় । আচৰণ সমূহ শুদ্ধ আৰু সঠিক হ'লে ব্যক্তিৰ ভাল চৰিত্ৰ গঠন হৈ উঠে আৰু যদিহে ব্যক্তিয়ে নিজৰ আচৰণ সমূহ শুদ্ধ ভাৱে প্ৰকাশ কৰিব নোৱাৰে তেতিয়া সেই আচৰণ সমূহে ব্যক্তিৰ চৰিত্ৰ গঠনত বেয়া প্ৰভাৱ পেলায়। ভাববৃত্তিয়ে মানুহক কাৰ্যত লিপ্ত হবলৈ মনত অদম্য শক্তি আনি দিয়ে আৰু তাৰ ফলত ব্যক্তিয়ে ৰ্ম সম্পাদন কৰিবলৈ অনুপ্ৰাণিত হয় । আৰু ব্যক্তিৰ  কৰ্মৰ যোগেদি চৰিত্ৰ সমূহ গঠন হৈ উঠে।

 38. সহজাত প্ৰবৃত্তি বুলিলে কি বুজাই? প্ৰবৃত্তিৰ চাৰিটা বৈশিষ্ট্য আলোচনা কৰা ।

উত্তৰঃ  সহজাত প্ৰবৃত্তি  হৈছে জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত মৌলিক প্ৰবনতা  । প্ৰতিটো প্ৰবৃত্তিআঁৰত কিছুমান নিৰ্দিষ্ট একোটাকৈ উদ্দেশ্য নিহিত হৈ থাকে ।  আৰু সহজাত প্ৰবৃত্তি সমূহ লগত ব্যক্তিৰ আবেগিক প্ৰতিক্ৰিয়া সমূহ প্ৰকাশ পায় ।

প্ৰবৃত্তিৰ চাৰিটা বৈশিষ্ট্য  হল -

১. প্ৰবৃত্তি সমূহ অশোধিত শক্তি।এই শক্তি সমূহ শোধিত  বা সংশোধিত আৰু উন্নিত কৰিব  পাৰি।

২. প্ৰাণী জগতৰ উচ্চ শ্ৰেণীৰ প্ৰাণীৰ প্ৰবৃত্তি সংশোধনৰ ক্ষমতা অধিক ।

৩.  প্ৰবৃতিগত কাৰ্যত জীৱৰ জাতিগত চৰিত্ৰ আৰু বৈশিষ্ট্য পৰিস্ফুত হয় ।

৪. জীৱৰ বিকাশ প্ৰক্ৰিয়াত বিভিন্ন স্তৰত প্ৰবৃত্তি সমূহৰ প্ৰকাশ বেলেগ বেলেগ ধৰণে ঘটে ।

39. প্ৰবৃত্তি আৰু পতিবৰ্ত ক্ৰিয়াৰ মাজত চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰঃ প্ৰবৃত্তি আৰু পতিবৰ্ত ক্ৰিয়াৰ মাজত চাৰিটা পাৰ্থক্য হল -

১. প্ৰবৃত্তিগত ক্ৰিয়াৰ দেহ মানসিক প্ৰতিক্ৰিয়াৰ প্ৰভাৱ অতি দীৰ্ঘস্থায়ী কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ ক্ষণস্থায়ী ।

২. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণত বুদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হয় কিন্তু  প্ৰতিবৰ্ত ক্ৰিয়াত বুদ্ধিৰ কোনো  চাপ  নাথাকে ।

৩.প্ৰবৃত্তি প্ৰাণীৰ মস্তিষ্ক ক্ৰিয়াৰ দ্বাৰা  প্ৰভাৱিত আৰু পৰিচালিত কিন্তু   প্ৰতিবৰ্ত ক্ৰিয়া মেৰুমজ্জাৰ দ্বাৰাহে পৰিচালিত ।

৪. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণৰ প্ৰতিক্ৰিয়া প্ৰাণীৰ সগ্র দেহত প্ৰতিফলিত হয় কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰতিক্ৰিয়া শৰীৰৰ কোনো এক বিশেষ ক্ষেত্ৰতহে প্ৰতিফলিত হয়

40. প্ৰবৃত্তি আৰু আবেগৰ মাজত থকা পাৰ্থক্য চাৰিটা উল্লেখ কৰা ।

উত্তৰঃ প্ৰবৃত্তি আৰু আবেগৰ মাজত থকা পাৰ্থক্য চাৰিটা  হল -

১. প্ৰবৃত্তিয়ে প্ৰাণীক কৰ্ম প্ৰেৰণা যোগায় আৰু আৱেগে অনুভূতি প্ৰেৰণাহে যোগায় ।

২.  প্ৰবৃত্তিৰ প্ৰভাৱ দেহ মানসিক অৱস্থাৰ আভ্যন্তৰীণ ভাগত অনুভূত হয় কিন্তু আবেগিক উত্তেজনা সমগ্র দেহত অনুভূত হয় 

৩.  প্ৰবৃত্তিৰ তাড়না তাৎক্ষণিক ভাবে অনুভূত নহবও পাৰে কিন্তু আবেগিক তাড়না তাৎক্ষণিক ভাবে অনুভূত হয় ।

৪. আবেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন কিন্তু প্ৰবৃত্তিৰ বাবে আবেগৰ প্ৰয়োজন নহবও পাৰে ।

41. অভিপ্ৰায় কি? অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে লিখা ।

উত্তৰঃ  ব্যক্তিক কাৰ্য  সম্পাদন কৰিবলৈ অনুপ্ৰাণিত কৰি ব্যক্তি সকলক কাম কাজত প্ৰবিত্ত কৰাই হৈছে অভিপ্ৰায় ।  অভাৱ পূৰণ কৰিবলৈ আমাৰ মনত আগ্ৰহ জন্ম লয় আৰু তেতিয়াই আমাৰ মনত এক জটিল অবস্থাৰ সৃষ্টি হয় এনে জটিল অবস্থাটোক অভিপ্ৰায় বুলি কোৱা হয়।

অভিপ্ৰায়ৰ শৈক্ষিক তাৎপৰ্য হল

. শিক্ষাৰ ক্ষেত্ৰত ফল লাভৰ বাবে প্ৰয়োজন হোৱা মানসিক প্ৰস্তুতি গঢ়ি তোলাত অভিপ্ৰায়ৰ ভুমিকা অপৰিসীম।

. শিক্ষাৰ্থীক বিভিন্ন শৈক্ষিক কাৰ্যত লিপ্ত হবলৈ প্ৰয়োজন হোৱা এক অদম্য শক্তি আৰু সাহস অভিপ্ৰায় আনি দিয়ে।

. অভিপ্ৰায় শিশুক কৰ্ম সম্পাদন কৰাৰ প্ৰতি উচটাই দিয়ে  যাৰ ফলত শিশু এজনে কাৰ্য সম্পাদনৰ দিশলৈ অনুপ্ৰাণিত হৈ উঠে।

42. আবেগৰ কাৰণসমূহ কি কি?

উত্তৰঃ আবেগৰ কাৰণসমূহ হল -  মানসিক উত্তেজনা , ব্যক্তিৰ মনোভাৱ,  ব্যক্তিৰ বয়স , ব্যক্তিৰ অনুভূতি , সহজাত প্ৰবৃত্তি ।

43. জৈৱিক প্ৰয়োজনসমূহ কি কি?

উত্তৰঃ  জৈৱিক প্ৰয়োজনসমূহ হল -ক্ষুধা, তৃষ্ণা, যৌন কামনা আদি

44. প্ৰথমিক প্ৰয়োজনসমূহ কি কি? অতি চমুকৈ লিখা।

উত্তৰঃ মানুহে জীয়াই থাকিবৰ কাৰণে যিবোৰ বস্তুৰ  প্ৰায়োজন হয় তাকে প্ৰথমিক প্ৰয়োজন বুলি কোৱা হয় । জীৱন নিৰ্বাহ কৰি বলৈ প্ৰথমিক প্ৰয়োজন সমূহৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ প্ৰথমিক প্ৰয়োজন উদাহৰণ স্বৰূপে  অহাৰ, পানী, বস্ত্ৰ, বাসস্থান, বায়ু আদি । এই প্ৰথমিক প্ৰয়োজন সমূহ পূৰণ হলেহে মানুহ এজনে জীৱনত আগবাঢ়ি যাব পাৰে

45. আগ্ৰহক প্ৰধানতঃ দুটা ভাগত ভগাব পাৰি । সেই ভাগ দুটা কি কি ?

উত্তৰঃ আগ্ৰহ হৈছে মনৰ এক অন্তৰ্নিহিত অৱস্থা যি মনোযোগ প্ৰদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায় । আগ্ৰহ ক দুটা ভাগত ভাগ কৰিব পাৰি সেই কেইটা হল -

১. সুপ্ত আগ্ৰহ - যিবোৰ আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভব হয় , সেইসমূহক সুপ্ত আগ্ৰহ বোলে । যেনে াদ্যৰ প্ৰতি আগ্ৰহ ।

. আৰ্জিত আগ্ৰহ  - জীৱন কালত মানুহে শিক্ষা, অভিজ্ঞতা, প্ৰশিক্ষণ আদিৰ পৰা আহৰণ কৰিব আগ্ৰহক আৰ্জিত আগ্ৰহ বোলে । যেনে - কম্পিউটাৰ খেলাৰ প্ৰতি আগ্ৰহ ।

 

C. Essay Type Question:

1. আৱেগ কি? আৱেগৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)   

ত্তৰঃ আবেগ হল এক মানসিক উত্তেজনা ভৰা আৰু বাহ্যিক প্ৰকাশ থকা এক প্ৰকাৰৰ অমাৰ্জিত আচৰণ ।আবেগ হৈছে  প্ৰাণীয়ে জন্ম সূত্ৰে লাভ কৰা আৰু ক্ৰম বিকশিত এক চাহিদা । আবেগ ৰ অৰ্থ হৈছে ব্যকুলতা , ব্যগ্ৰতা , উৎকণ্ঠা আদিক বুজায় ।

আৱেগৰ তিনিটা বৈশিষ্ট্য় হল -

.আবেগৰ বয়স সীমা নাই  । একেবাৰে কম বয়সৰ জীৱ বা প্ৰাণীৰ ক্ষেত্ৰত যি ধৰণৰ আবেগিক উত্তেজনা দেখা যায় সেই একে ধৰণৰ  আবেগিক উত্তেজনা , প্ৰাপ্তবয়স্ক বা বৃদ্ধ অবস্থাৰ প্ৰাণী বা জীৱৰ ক্ষেত্ৰত দেখা যায়। মাথো পৰিবেশ আৰু অবস্থা অনুসৰি তাৰ প্ৰকাশৰ মাত্ৰাত ভিন্নতা দেখা যায়।

. আবেগ ব্যক্তিত্ব ৰ এক প্ৰতক্ষ , একান্ত ভাৱেই ব্যক্তিগত মনবস্থা । মানুহৰ আবেগ জনিত ক্ষেত্ৰত গঠিত হয় কিছুমান অতি সৰল আৰু প্ৰাথমিক আবেগ যেনে - ভয়, দুখ, তৃষ্ণা আদি। আৰু কিছুমান সামাজিক আবেগ হল  ভালপোৱা, ঘৃণা, লজ্জা বোধ আদি।

৩.আবেগিক উত্তেজনা বা আবেগিক প্ৰকাশ সদায় সহজাত প্ৰবৃত্তিৰ ওপৰত নিৰ্ভৰশীল। প্ৰবৃত্তিৰ তাড়নাত পৰি আবেগিক উত্তেজনাৰ সৃষ্টি হব পাৰে।

2. অভ্যাস গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল) 

ত্তৰঃ সাধাৰণতে শিশুৰ অভ্যাস গঠন ৰাত শিক্ষক আৰু অভিভাবক ভূমিকা অতি গুৰুত্বপূৰ্ণ । শিশুক বিকশিত  কৰাৰ দায়িত্ব শিক্ষকে  পালন কৰে   শিশুৰ  বৰ্তমান আৰু ভৱিষ্যত জীৱনত সুখ - দুখ আৰু উন্নতি ঘাইকৈ নিৰ্ভৰ কৰে  অভ্যাসৰ দ্বাৰা অৰ্জন কৰা অভিজ্ঞতাৰ ওপৰত ।  শৈশৱ কালত  সু অভ্যাস গঢ়ি উঠিলে ব্যক্তিয়ে ভবিষ্যত জীৱনত পৰিশ্ৰমী,  কৰ্তব্যপৰায়ন , সুখী  ব্যক্তি হিচাপে পৰিগণিত হয়। সেইবাবে পিতৃ আৰু মাতৃ, শিক্ষক আৰু আন আন পৰিয়ালৰ লোক সকলে  শিশুৰ সু অভ্যাস গঠন কৰাত গুৰুত্ব দিব লাগে ।

১. অভিভাৱক আৰু শিক্ষক সকলে লৰা ছোৱালীক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু স্বাস্থ্য ৰক্ষাৰ জ্ঞান দিয়াৰ  ব্যৱস্থা কৰিব লাগে।

. লৰা ছোৱালী ৰ দেহ মন প্ৰচুৰ শাৰীৰিক আৰু মানসিক শক্তিৰে ভৰপূৰ। শিক্ষানুষ্ঠান ৰ লগতে পৰিয়াল বোৰত খেল ধেমালিৰ লগতে আন আন আন সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ প্ৰয়োগ সফল কৰি তুলিব লাগিব ।

৩. লৰা ছোৱালী বোৰে সাধাৰণতে অনুকৰণ কৰি ভাল পায় । তেওঁলোকে সজ্ঞান আৰু অজ্ঞান দুয়োটা ধাৰণাকে অনুকৰণ কৰে যদিও অজ্ঞান অনুকৰণ প্ৰভাৱ লৰা ছোৱালী জীৱনত অধিক ।

৪. লৰা ছোৱালী ৰ বিকাশত শাস্তি আৰু পুৰস্কাৰৰ প্ৰভাৱ বিশেষভাৱে মন কৰিবলগীয়া।  অভিভাৱক আৰু শিক্ষক সকলে শাস্তি আৰু পুৰস্কাৰৰ উপযুক্ত ব্যবহাৰ কৰি লৰা ছোৱালীক কি ভাল কাম , কি কাম বেয়া , সেই বিষয়ে বুজাই দিব পৰা যায় ।

3. প্ৰবৃওি সংশোধনৰ চাৰিটা পদ্ধতি উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

ত্তৰঃ যি সুপ্ত প্ৰৱণতাই জীৱক কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি মনোনিবেশ কৰাই আৰু ইয়াৰ পৰিবৰ্তনত এক বিশেষ আবেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায় আৰু বিষয় বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰায় তাকে প্ৰবৃত্তি বোলে।

প্ৰবৃত্তি সংশোধনৰ চাৰিটা পদ্ধতি হল-

১. আনন্দ আৰু বেদনাৰ প্ৰয়োগ -:  সুখদায়ক কাৰ্যৰ প্ৰতি আকৰ্ষণ আৰু দুখদায়ক কাৰ্য ৰ প্ৰতি বিকৰ্ষণ ভাৱ প্ৰতিটো জীৱৰ ক্ষেত্ৰতে জাগি উঠে। দৈনন্দিন জীৱনত যিবোৰ কাৰ্যৰ পৰিণতি আনন্দ দায়ক তাৰ পুনৰাবৃত্তি তেনে  আচৰণ বা প্ৰবৃত্তি আমি  স্থায়ী কৰি  লব পাৰোঁ । আৰু দুখ জনক বা বিৰক্তিকৰ কাৰ্য পুনৰাবৃত্তি ৰোধ কৰি তেনে কাৰ্য ত্যাগ কৰিব পাৰোঁ।

২. পূৰ্ণ স্বাধীনতা প্ৰয়োগ - পূৰ্ণ স্বাধীনতা  প্ৰয়োগৰ মাজেৰে প্ৰবৃত্তি সমূহ সংশোধন কৰিব পাৰি।  মুক্ত আৰু স্বাধীন পৰিবেশত মানুহৰ  জন্মগত প্ৰবৃত্তি সমূহ ৰ প্ৰকাশ ঘটাব পাৰিলে যিবোৰ প্ৰবৃত্তিৰ ফল ব্যক্তিগত তথা সামাজিক জীৱনত অনুপযুক্ত তেনে বোৰ প্ৰবৃত্তিৰ বিকাশত বাধা দি উপযুক্ত আৰু গঠনমূলক প্ৰবৃত্তি গত কাৰ্য সমূহৰ বিকাশ ঘটাব পাৰি।

৩. প্ৰতিস্থাপন - কোনো বিশেষ প্ৰবৃত্তি ৰ স্বাভাৱিক পূৰণৰ ব্যৰ্থ হৈ তেনে প্ৰবৃত্তি পূৰণৰ ই আন কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰাটো হৈছে প্ৰবৃত্তিৰ উপস্থাপন   ইয়াৰ যোগেদি প্ৰবৃত্তিৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত হব পৰা যায়।

৪. উন্নীতকৰণ -  অসুস্থ প্ৰবৃত্তিৰ প্ৰভাৱৰ পৰা হাত সৰা আৰু তেনে প্ৰবৃত্তিৰ সংশোধন কাৰ্যৰ বাবে আটাইতকৈ উন্নত ব্যবস্থাটো হল প্ৰবৃত্তিৰ উন্নীতকৰণ ।উন্নীতকৰণ হৈছে এটা শব্দ যাৰ ব্যবহাৰৰ মাজেৰে প্ৰবৃত্তিক আদিম জৈৱিক উদ্দেশ্যৰ পৰা সামাজিক আৰু ব্যক্তিগত ভাৱে উচ্চ স্তৰলৈ উন্নয়ন কৰি  পুনৰ নিয়োগ কৰিব পাৰি।  ব্যাক্তিৰ ব্যক্তিত্ব বিকাশৰ উপায় হিচাপে গঠনাত্মক আৰু সামাজিক ভাৱে গ্ৰহণযোগ্য কাৰ্য ব্যবস্থাৰ মাজত প্ৰবৃত্তি সমূহ প্ৰয়োগ কৰাটোৱে হল প্ৰবৃত্তিৰ উন্নীতকৰণ।

ওপৰত উল্লেখ কৰা পদ্ধ্তি সমূহৰ সহায়ত মানুহে প্ৰবৃত্তি সমূহৰ সংশোধন কৰি তাৰ অসুস্থ প্ৰভাৱ সমূহ দুৰ কৰিব পাৰি।

4. অভ্যাসক 'দ্বিতীয় প্ৰকৃতি' বুলি কিয় কোৱা হয়?

(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

ত্তৰঃ  অভ্যাস হল  এক স্বয়ংক্ৰিয় আৰু যান্ত্ৰিক প্ৰক্ৰিয়া । বহুত কাম আমি নিজ ইচ্ছা শক্তি প্ৰয়োগ কৰি কৰোঁ।  স্ব ইচ্ছাৰে একেৰাহে বহুবাৰ কৰা কামবিলাক শেষত স্বয়ংক্ৰিয় আৰু যান্ত্ৰিক ৰূপত পৰিগণিত হয় । আৰু আপোনা আপুনি ভাবে সম্পাদন হোৱা কামক অভ্যাসলব্ধ কাম বুলি কোৱা হয়

   অভ্যাসক মানুহৰ  'দ্বিতীয় প্ৰকৃতি' বুলি কোৱা হয় ।   আমাৰ স্বাভাৱিক প্ৰকৃতিগত দৈহিক ক্ৰিয়াবোৰ আপোনা আপুনি সম্পাদিত  হোৱাৰ নিচিনাকৈ অভ্যাসসিদ্ধ কামবোৰ ঠিক তেনেদৰে সম্পাদিত হয় এবাৰ আমি কিবা এটা অভ্যাস গঠন কৰিলে সেই অভ্যাসটো সোনকালে এৰিব নোৱাৰো। সেইবাবে অভ্যাসক দ্বিতীয় প্ৰকৃতি' বুলি কোৱা হয় । উদাহণস্বৰূপে বিছনাৰ পৰা  সোনকালে উঠা। মদক দব্য সেৱন কৰা,  মিছা কথা কোৱা আদি

5. প্ৰবৃওি আৰু প্ৰতিবৰ্ত ক্ৰিয়াৰ মাজত থকা চৰিটা পাৰ্থক্য উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

ত্তৰঃ যি সুপ্ত প্ৰৱণতাই জীৱক কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি মনোনিবেশ কৰাই আৰু ইয়াৰ পৰিবৰ্তনত এক বিশেষ আবেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায় আৰু বিষয় বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰায় তাকে প্ৰবৃত্তি বোলে।

প্ৰতিবৰ্ত ক্ৰিয়া হৈছে   ব্যক্তিয়ে জন্মগত ভাবে লাভ কৰা কিছুমান ক্ষমতা । এনে ক্ষমতা সমূহ প্ৰবৃত্তিৰ লগত বিশেষ সম্পৰ্ক আছে

প্ৰবৃত্তি আৰু পতিবৰ্ত ক্ৰিয়াৰ মাজত চাৰিটা পাৰ্থক্য হল -

. প্ৰবৃত্তিগত ক্ৰিয়াৰ দেহ মানসিক প্ৰতিক্ৰিয়াৰ প্ৰভাৱ অতি দীৰ্ঘস্থায়ী কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ ক্ষণস্থায়ী ।

. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণত বুদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হয় কিন্তু  প্ৰতিবৰ্ত ক্ৰিয়াত বুদ্ধিৰ কোনো  চাপ  নাথাকে ।

.প্ৰবৃত্তি প্ৰাণীৰ মস্তিষ্ক ক্ৰিয়াৰ দ্বাৰা  প্ৰভাৱিত আৰু পৰিচালিত কিন্তু   প্ৰতিবৰ্ত ক্ৰিয়া মেৰুমজ্জাৰ দ্বাৰাহে পৰিচালিত ।

. প্ৰবৃত্তিগত ক্ৰিয়া আচৰণৰ প্ৰতিক্ৰিয়া প্ৰাণীৰ সমগ্র দেহত প্ৰতিফলিত হয় কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰতিক্ৰিয়া শৰীৰৰ কোনো এক বিশেষ ক্ষেত্ৰতহে প্ৰতিফলিত হয়।

 

6. সহজাত প্ৰবৃত্তিৰ ছয়টা বৈশিষ্ট্য আলোচনা কৰা ।

উত্তৰঃ সহজাত প্ৰবৃত্তি  হৈছে জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত মৌলিক প্ৰবনতা  । প্ৰতিটো প্ৰবৃত্তিআঁৰত কিছুমান নিৰ্দিষ্ট একোটাকৈ উদ্দেশ্য নিহিত হৈ থাকে ।  আৰু সহজাত প্ৰবৃত্তি সমূহ লগত ব্যক্তিৰ আবেগিক প্ৰতিক্ৰিয়া সমূহ প্ৰকাশ পায় ।

 সহজাত প্ৰবৃত্তিৰ ছয়টা বৈশিষ্ট্য  হল -

১.সহজাত প্ৰবৃত্তি উদ্দেশ্য ধৰ্মী।  প্ৰত্যেকটো প্ৰবৃত্তিৰ আঁৰত একোটা উদ্দেশ্য নিহিত হৈ থাকে ।

২. সহজাত প্ৰবৃত্তি আৰু আবেগৰ মাজত এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে।

৩. সহজাত প্ৰবৃত্তিৰ লগত বুদ্ধিৰ কোনো সম্পৰ্ক নাথাকে। ব বুদ্ধিহীন বা বুদ্ধিমান সকলো ব্যক্তিৰে ক্ষেত্ৰত সহজাত প্ৰবৃত্তি সমান ভাবে থাকে

৪. সহজাত প্ৰবৃত্তি সমূহ একেবাৰে নিৰ্মূল বা নাইকীয়া কৰিব নোৱাৰি। শিক্ষাৰ সহায়ত ইয়াক সংশোধন কৰিব পৰা যায়।

৫. সহজাত প্ৰবৃত্তি সমূহে সমগ্ৰ জীৱনত প্ৰভাব পেলোৱা দেখা যায়

৬. সহজাত প্ৰবৃত্তি সমূহ কিছুমান আবেগিক প্ৰতিক্ৰিয়াৰ দ্বাৰা প্ৰকাশ পায়।

ব্যক্তিৰ জীৱনত সহজাত প্ৰবৃত্তি সমূহ ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ব্যক্তিৰ আচৰণ আৰু আবেগিক প্ৰতিক্ৰিয়াৰ দ্বাৰা এইবোৰ প্ৰকাশ লাভ কৰে।

7. অভিপ্ৰায়ৰ পাঁচটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ ব্যক্তিক কাৰ্য  সম্পাদন কৰিবলৈ অনুপ্ৰাণিত কৰি ব্যক্তি সকলক কাম কাজত প্ৰবিত্ত কৰাই হৈছে অভিপ্ৰায় ।  অভাৱ পূৰণ কৰিবলৈ আমাৰ মনত আগ্ৰহ জন্ম লয় আৰু তেতিয়াই আমাৰ মনত এক জটিল অবস্থাৰ সৃষ্টি হয় এনে জটিল অবস্থাটোক অভিপ্ৰায় বুলি কোৱা হয়।

অভিপ্ৰায়ৰ পাঁচটা বৈশিষ্ট্য হল -

. অভিপ্ৰায় হৈছে ফল লাভৰ বাবে প্ৰয়োজন হোৱা মানসিক প্ৰস্তুতি গঢ়ি তোলা এক প্ৰক্ৰিয়া ।

. শিক্ষাৰ্থীক বিভিন্ন শৈক্ষিক কাৰ্যত লিপ্ত হবলৈ প্ৰয়োজন হোৱা এক অদম্য শক্তি আৰু সাহস অভিপ্ৰায় আনি দিয়ে।

. অভিপ্ৰায় শিশুক কৰ্ম সম্পাদন কৰাৰ প্ৰতি উচটাই দিয়ে  যাৰ ফলত শিশু এজনে কাৰ্য সম্পাদনৰ দিশলৈ অনুপ্ৰাণিত হৈ উঠে।

৪অভিপ্ৰায়ে  শিশুৰ.  মনোযোগ বৃদ্ধি সহায় কৰে যাৰ ফলত শিশুৱে নিজৰ কাৰ্য সমূহ মনোযোগেৰ কৰিব পাৰে।

৫.   অভিপ্ৰায়ে ব্যাক্তিৰ আচৰণৰ গতিপথ নিৰ্নয় কৰাত সহায় কৰে

               ব্যাক্তিৰ কাৰ্য সমূহ সম্পদত কৰাত অভিপ্ৰায় ৰ গুৰুত্ব অপৰিসীম ।

 

8. মনোগ্ৰন্থি কি? ই কেনেকৈ মানুহৰ মনত গঢ় লৈ উঠে? ইয়াৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা ।

উত্তৰঃমনোগ্ৰন্থি হৈছে কোনো এটা বস্তু বা বিষয় সম্পৰ্কে মনত গঢ়ি উঠা স্থায়ী মনোভাৱ।মনোগ্ৰন্থিৰ সৃষ্টি হ'লে মানুহৰ ব্যৱহাৰ অসংযত হয় বা সৰু সৰু কথাতে খং উঠে, সৰু সৰু কথাতে কান্দি উঠে।

     মনোগ্ৰন্থি  মানুহৰ মনত  বেয়া , নকৰাত্মক মনোভাৱ গঢ়ি তোলে ।  যাৰ ফলত ব্যক্তিয়ে অসংযত ভাবে নিজৰ আচৰণ সমূহ প্ৰদৰ্শন কৰে  মনোগ্ৰন্থিকোনো এটা বস্তু বা বিষয় সম্পৰ্কে মনত স্থায়ী মনোভাৱ গঢ়ি তোলে। যাক সহজে সলনি কৰিব পৰা নাযায় যেনেৰ চৰকাৰে কৰা কাম বিলাকৰ ভাল দিশ দেখা নোপোৱা বা আনে ভাল বুলি ক'লে সহ্য কৰিব নোৱাৰা। আৰু তেনে লোকসকলে চৰকাৰে ভাল কাম কৰিলেও তাৰ আঁতৰ কিবা বেয়া চিন্তা, বা ধাৰণা থকা বুলি  ভাবি লয় ।

      মনোগ্ৰন্থিৰ  শৈক্ষিক তাৎপৰ্য হল -

১. শিক্ষা হৈছে একমাত্ৰ মাধ্যম যাৰ সহায়ত ব্যক্তিৰ  মনত গঢ়ী উঠা   বেয়া , নকৰাত্মক মনোভাৱ সমূহ নাইকীয়া কৰিব পাৰি ।

.  শিক্ষকে মানুহ আবেগিক নিয়ন্ত্ৰণৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে   যাতে তেওঁলোকৰ   অসংযত ব্যবহাৰ সমূহ নিৰ্মূল কৰিব পৰা যায় আৰু সৰু সৰু কথাতে খং উঠা ,  সৰু সৰু কথাতে কান্দি উঠা আদি আবেগ সমূহ নিয়ন্ত্ৰন কৰিব পাৰে

৩. মনোগ্ৰন্থিৰ ফলত সৃষ্টি হোৱা নকৰাত্মক বা অশুদ্ধ চিন্তা সমূহ কেৱল শিক্ষাৰ জৰিয়তে সলনি কৰিব পৰা যায়। ব্যক্তিৰ আনৰ প্ৰতি  বা কোনো ামৰ প্ৰতি হোৱা দুশ্চিন্তা বোৰ শিক্ষাৰ জৰিয়তে নাইকীয়া কৰাৰ ব্যবস্থা কৰিব লাগে । তেতিয়াহে তেওঁলোকৰ মনত সহানুভূতি, সততা, ন্যায়িক আদি মনোভাৱ সমূহ ৰ বিকাশ হৈ উঠে।

 

9. অভিপ্ৰায় কি? ছাত্ৰ-ছাত্ৰীৰ কিছুমান অভিপ্ৰায় বৰ্ণনা কৰা ।

উত্তৰঃ ব্যক্তিক কাৰ্য  সম্পাদন কৰিবলৈ অনুপ্ৰাণিত কৰি ব্যক্তি সকলক কাম কাজত প্ৰবিত্ত কৰাই হৈছে অভিপ্ৰায় ।  অভাৱ পূৰণ কৰিবলৈ আমাৰ মনত আগ্ৰহ জন্ম লয় আৰু তেতিয়াই আমাৰ মনত এক জটিল অবস্থাৰ সৃষ্টি হয় এনে জটিল অবস্থাটোক অভিপ্ৰায় বুলি কোৱা হয়।

ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত অভিপ্ৰায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অভিপ্ৰায় ছাত্ৰ ছাত্ৰী সকলক ৰ্ম সম্পাদন প্ৰতি উচতাই  দিয়ে আৰু তাৰ ফলত ছাত্ৰ ছাত্ৰী সকলে নিজৰ কাৰ্য ত মনোযোগ দিয়ে । শৈক্ষিক কাৰ্যৰ বাবে প্ৰয়োজন হোৱা আগ্ৰহ , সাহস, ইচ্ছা শক্তি  শিশুৰ মনত অভিপ্ৰায়ৰ ফলত সৃষ্টি হয় । যিকোনো কাৰ্য ফলপ্ৰসূ ভাবে সম্পন্ন হবলৈ হলে ছাত্ৰ ছাত্ৰী সকলে মানসিক ভাবে প্ৰস্তুত হব লাগে আৰু এই প্ৰস্তুতি অভিপ্ৰায়ৰ পৰা লাভ কৰিব পাৰি। ছাত্ৰ ছাত্ৰী মাজত অভিপ্ৰায় থাকিলেহে তেওঁলোকে যিকোনো কাৰ্য ফলপ্ৰসূ ভাবে কৰিবলৈ মনত উৎসাহ লাভ কৰে আৰু তাৰ ফলত যিকোনো কাৰ্য ত তেওঁলোকে সফল হব পাৰে।

10. আবেগ কি? শিশুৰ আবেগ প্ৰশিক্ষণত এজন শিক্ষকৰ ভূমিকা কি? বহলাই লিখা।

উত্তৰঃ আবেগ হল এক মানসিক উত্তেজনা ভৰা আৰু বাহ্যিক প্ৰকাশ থকা এক প্ৰকাৰৰ অমাৰ্জিত আচৰণ ।আবেগ হৈছে  প্ৰাণীয়ে জন্ম সূত্ৰে লাভ কৰা আৰু ক্ৰম বিকশিত এক চাহিদা । আবেগ ৰ অৰ্থ হৈছে ব্যকুলতা , ব্যগ্ৰতা , উৎকণ্ঠা আদিক বুজায় ।

     শিশুৰ আবেগ প্ৰশিক্ষণত এজন শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায় । শিক্ষক সকলে ছাত্ৰ ছাত্ৰীৰ আবেগ সমূহ সৃজনীমূলক কাৰ্যৰ জৰিয়তে  পৰিশোধিত কৰাৰ ব্যবস্থা কৰিব লাগে।

১. শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সুস্থ আবেগিক বিকাশ সাধনৰ ব্যবস্থা কৰিব লাগে ।  যাতে শিক্ষাৰ্থীৰ সহানুভূতি, নম্রতা , সাধুতা , ন্যায়পৰাণতা , আদি মানসিক শক্তি আৰু মানবীয় গুণ সমূহৰ বিকাশ সাধন হৈ উঠিব পাৰে।

২. শিক্ষকে শিক্ষাৰ্থীৰ আবেগ সমূহৰ সুস্থ ভাবে প্ৰশিক্ষণ কৰিব বাবে বিভিন্ন ধৰণৰ সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যবস্থা কৰিব লাগে

৩ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ কিছুমান অসুস্থ আৰু ধ্বংসমূখী  আবেগ সমূহ নিৰ্মূল কৰাৰ ব্যবস্থা কৰিব লাগে । যাতে শিক্ষাৰ্থীৰ মনৰ পৰা ভয়, ঘৃণা আদি আবেগিক প্ৰতিক্ৰিয়া সমূহ নাইকীয়া কৰিব পাৰি।

৪. ছাত্ৰ ছাত্ৰীৰ আবেগিক নিৰাপত্তাৰ বাবে  শিক্ষক সকলে মনোবিজ্ঞান সন্মত  জ্ঞান আৰু  পদ্ধ্তিৰে  শিক্ষা প্ৰদান কৰা উচিত

৫. শিক্ষকে  কিশোৰ কিশোৰী সকলৰ সুস্থ মানসিক আৰু আবেগিক বিকাশৰ বাবে সমাজ সেৱা, সংগীত চৰ্চা , চিত্ৰ বিদ্যা , বিভিন্ন খেলা ধূলা ৰ মাজত আৱদ্ধ ৰাখি আবেগ সমূহৰ বিকাশ সাধন কৰিব পাৰি ।

  আবেগ সমূহৰ সংশোধন কৰি উপযুক্ত ভাৱে বিকাশ সাধন কৰাত শিক্ষকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ।

11. মানৱ আচৰণৰ ভেটি হিচাপে প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায়ৰ বৰ্ণনা কৰা ।

উত্তৰঃ  আচৰণ হৈছে এটা  মানব প্ৰাণীৰ চাৰিওফালে থকা নানা ধৰণৰ উদ্দিপকৰ প্ৰতি মানুহে যি দেহ মানসিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে তেনে প্ৰতিক্ৰিয়াৰ ফলাফল ।  মানব আচৰণে এজন মানুহ  অনুভৱ কৰা , ভাৱ, চিন্তা, আৰু কাৰ্যত লিপ্ত হোৱা কাৰ্যক বুজাই । ব্যক্তিৰ আচৰণ গঠনত   প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায় এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।  অভিপ্ৰায় হৈছে কোনো এক ক্ৰিয়া আচৰণৰ বাবে প্ৰয়োজন হোৱা মনদৈহিক প্ৰস্তুতি । ব্যক্তিয়ে কোনো আচৰণ প্ৰকাশ কৰাৰ আঁৰত অভিপ্ৰায়ৰ এক হেঁচা থাকে। ব্যাক্তিৰ নোদৈহিক প্ৰস্তুতিৰ অন্তৰালত ক্ৰীয়াৰত হৈ থাকে আমাৰ প্ৰবৃত্তি সমূহৰ  তীব্ৰ হেঁচা । ব্যক্তিৰ আচৰণ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ প্ৰয়োজন সমূহ পূৰণ কৰাৰ বাবে প্ৰেৰণাৰ আবশ্যক আৰু প্ৰেৰণাৰ বাবে  অভিপ্ৰায়ৰ প্ৰয়োজন।  প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায় এই সকলো বোৰ সংযুক্ত হৈ আমাৰ আচৰণ সমূহ প্ৰকাশ পায় ।  প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায় সংযুক্ত হলে ব্যক্তিৰ দেহত এক উত্তেজিত অবস্থাৰ সৃষ্টি হয় আৰু তাৰ ফলত ব্যক্তিয়ে বিভিন্ন ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে।  প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায় সমূহৰ সুস্থ প্ৰভাৱে ব্যক্তিৰ সুস্থ আচৰণ প্ৰদৰ্শন কৰাৰ সহায় কৰে। সেয়েহে  প্ৰয়োজন, প্ৰেৰণা আৰু অভিপ্ৰায় মানব আচৰণৰ ভেটি স্বৰূপ বুলি কোৱা হয়

12. মানুহৰ যিকোনো পাঁচটা মানসিক প্ৰয়োজন উল্লেখ কৰা ।

উত্তৰঃ   প্ৰয়োজন জীৱৰ এনে এক শাৰীৰিক আৰু মানসিক অৱস্থা যাৰ উপস্থিতিত জীৱএক বিশেষ কৰ্মপ্ৰবনতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে

মানুহৰ  পাঁচটা মানসিক প্ৰয়োজন হল -

১. বৌদ্ধিক প্ৰয়োজন -  ব্যক্তি সকলে সময়ৰ লগত কিছুমান নতুন নতুন কথা , নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে । তেওঁলোকে লাভ কৰা নতুন কথা আৰু জ্ঞান সমূহে ৰ জৰিয়তে ব্যক্তিয়ে নিজৰ বৌদ্ধিক দিশৰ বিকাশ সাধন কৰি বৌদ্ধিক প্ৰয়োজন সমূহ পূৰণ কৰাৰ চেষ্টা কৰে

২. জ্ঞানৰ প্ৰয়োজন  - ব্যক্তিৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হৈছে  জ্ঞানৰ প্ৰয়োজন।  শিক্ষা হৈছে ব্যক্তিৰ বিকাশ সাধন কৰাৰ এটা উল্লেখযোগ্য দিশ। ব্যাক্তিৰ সকলো দিশৰ বিকাশ জ্ঞান লাভৰ  দ্বাৰাহে সম্ভব হৈ উঠে। সেয়েহে মানুহে শৈশৱৰ পৰাই শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰে । আৰু শিক্ষাৰ মাধ্যমৰে ব্যক্তিয়ে নিজৰ জ্ঞানৰ প্ৰয়োজন পূৰণ কৰিব পাৰে ।

৩.  খ্যাতি লাভৰ প্ৰয়োজন - ব্যক্তিৰ আন এটা প্ৰয়োজন হৈছে খ্যাতি লাভ কৰা। ব্যক্তিয়ে সমাজত এজন ভাল , নিষ্টবান ব্যক্তি হিছাপে খ্যাতি লাভ কৰিব বিচাৰে । আৰু এই প্ৰয়োজন পূৰণ কৰিব বাবে ব্যক্তি নিজৰ কৰ্ম সমূহ কৰি আনৰ বাবে আদৰ্শ স্বৰূপ হব বিচাৰে ।

৪.  নিসংগতা আঁতৰ কৰাৰ প্ৰয়োজন - মানুহৰ আন এটা মানসিক প্ৰয়োজন হল - নিসংগতা আঁতৰ কৰা। কোনো মানুহে গোটেই জীৱন অকলশৰীয়াকৈ অতিবাহিত কৰিব নোৱাৰে। জীয়াই থকাৰ লগতে নিজৰ মনৰ ভাব সমূহ প্ৰকাশ কৰিবলৈ এজন সংগী ৰ প্ৰয়োজন। আৰু তাৰ বাবে  মানুহে নিজৰ পৰিয়ালৰ  প্ৰয়োজন অনুভৱ কৰে ।

৫. মৰমৰ প্ৰয়োজন -   মানুহে সকলোৰে পৰা মৰম বিচাৰে । মৰম , ভাল পোৱা আদিয়ে মানুহমানসিক ভাবে সবল কৰি তোলে । শিশু এজনে সৰুৰে পৰা সকলোৰে পৰা মৰম  বিচাৰে আৰু মৰমৰ প্ৰয়োজন পূৰণ হলেহে  ব্যক্তি এজন মানসিক দিশটো শক্তিশালী  হৈ উঠে

ওপৰত উল্লেখ কৰা মানসিক প্ৰয়োজন সমূহ পূৰণ হলেহে ব্যক্তিৰ সামগ্ৰিক দিশটো বিকাশ সম্ভব হৈ উঠে ।

 

13. প্ৰয়োজন বা চাহিদা বুলিলে কি বুজা? চাৰিটা মানসিক প্ৰয়োজন আলোচনা কৰা।

উত্তৰঃ প্ৰয়োজন জীৱৰ এনে এক শাৰীৰিক আৰু মানসিক অৱস্থা যাৰ উপস্থিতিত জীৱই এক বিশেষ কৰ্মপ্ৰবনতা অনুভৱ কৰে আৰু এক বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে । জীৱাই  থকাৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্ৰী , চিন্তা চেতনা , ভাৱ - অনুভূতি আদি সকলবোৰকে প্ৰয়োজন হিচাপে বাখ্যা কৰিব পাৰি

মানুহৰ  চাৰিটা মানসিক প্ৰয়োজন হল -

. বৌদ্ধিক প্ৰয়োজন -  ব্যক্তি সকলে সময়ৰ লগত কিছুমান নতুন নতুন কথা , নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে । তেওঁলোকে লাভ কৰা নতুন কথা আৰু জ্ঞান সমূহে ৰ জৰিয়তে ব্যক্তিয়ে নিজৰ বৌদ্ধিক দিশৰ বিকাশ সাধন কৰি বৌদ্ধিক প্ৰয়োজন সমূহ পূৰণ কৰাৰ চেষ্টা কৰে ।

. জ্ঞানৰ প্ৰয়োজন  - ব্যক্তিৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হৈছে  জ্ঞানৰ প্ৰয়োজন।  শিক্ষা হৈছে ব্যক্তিৰ বিকাশ সাধন কৰাৰ এটা উল্লেখযোগ্য দিশ। ব্যাক্তিৰ সকলো দিশৰ বিকাশ জ্ঞান লাভৰ  দ্বাৰাহে সম্ভব হৈ উঠে। সেয়েহে মানুহে শৈশৱৰ পৰাই শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰে । আৰু শিক্ষাৰ মাধ্যমৰে ব্যক্তিয়ে নিজৰ জ্ঞানৰ প্ৰয়োজন পূৰণ কৰিব পাৰে ।

.  খ্যাতি লাভৰ প্ৰয়োজন - ব্যক্তিৰ আন এটা প্ৰয়োজন হৈছে খ্যাতি লাভ কৰা। ব্যক্তিয়ে সমাজত এজন ভাল , নিষ্টবান ব্যক্তি হিছাপে খ্যাতি লাভ কৰিব বিচাৰে । আৰু এই প্ৰয়োজন পূৰণ কৰিব বাবে ব্যক্তি নিজৰ কৰ্ম সমূহ কৰি আনৰ বাবে আদৰ্শ স্বৰূপ হব বিচাৰে ।

.  নিসংগতা আঁতৰ কৰাৰ প্ৰয়োজন - মানুহৰ আন এটা মানসিক প্ৰয়োজন হল - নিসংগতা আঁতৰ কৰা। কোনো মানুহে গোটেই জীৱন অকলশৰীয়াকৈ অতিবাহিত কৰিব নোৱাৰে। জীয়াই থকাৰ লগতে নিজৰ মনৰ ভাব সমূহ প্ৰকাশ কৰিবলৈ এজন সংগী ৰ প্ৰয়োজন। আৰু তাৰ বাবে  মানুহে নিজৰ পৰিয়ালৰ  প্ৰয়োজন অনুভৱ কৰে ।

 

14. প্ৰবৃত্তিৰ ৰূপান্তৰৰ পাঁচটা উপায়ৰ নাম লিখা ।

উত্তৰঃ যি সুপ্ত প্ৰৱণতাই জীৱক কোনো বিশেষ শ্ৰেণীৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰতি মনোনিবেশ কৰাই আৰু ইয়াৰ পৰিবৰ্তনত এক বিশেষ আবেগৰ উত্তেজনা আৰু কৰ্মপ্ৰেৰণা অনুভৱ কৰায় আৰু বিষয় বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰায় তাকে প্ৰবৃত্তি বোলে।

প্ৰবৃত্তি  ৰূপান্তৰৰ পাঁচটা উপায় হল-

. আনন্দ আৰু বেদনাৰ প্ৰয়োগ -:  সুখদায়ক কাৰ্যৰ প্ৰতি আকৰ্ষণ আৰু দুখদায়ক কাৰ্য ৰ প্ৰতি বিকৰ্ষণ ভাৱ প্ৰতিটো জীৱৰ ক্ষেত্ৰতে জাগি উঠে। দৈনন্দিন জীৱনত যিবোৰ কাৰ্যৰ পৰিণতি আনন্দ দায়ক তাৰ পুনৰাবৃত্তি তেনে  আচৰণ বা প্ৰবৃত্তি আমি  স্থায়ী কৰি  লব পাৰোঁ । আৰু দুখ জনক বা বিৰক্তিকৰ কাৰ্য পুনৰাবৃত্তি ৰোধ কৰি তেনে কাৰ্য ত্যাগ কৰিব পাৰোঁ।

. পূৰ্ণ স্বাধীনতা প্ৰয়োগ - পূৰ্ণ স্বাধীনতাৰ  প্ৰয়োগৰ মাজেৰে প্ৰবৃত্তি সমূহ সংশোধন কৰিব পাৰি।  মুক্ত আৰু স্বাধীন পৰিবেশত মানুহৰ  জন্মগত প্ৰবৃত্তি সমূহ ৰ প্ৰকাশ ঘটাব পাৰিলে যিবোৰ প্ৰবৃত্তিৰ ফল ব্যক্তিগত তথা সামাজিক জীৱনত অনুপযুক্ত তেনে বোৰ প্ৰবৃত্তিৰ বিকাশত বাধা দি উপযুক্ত আৰু গঠনমূলক প্ৰবৃত্তি গত কাৰ্য সমূহৰ বিকাশ ঘটাব পাৰি।

. প্ৰতিস্থাপন - কোনো বিশেষ প্ৰবৃত্তি ৰ স্বাভাৱিক পূৰণৰ ব্যৰ্থ হৈ তেনে প্ৰবৃত্তি পূৰণৰ ই আন কোনো বিকল্প ব্যৱস্থা গ্ৰহণ কৰাটো হৈছে প্ৰবৃত্তিৰ উপস্থাপন   ইয়াৰ যোগেদি প্ৰবৃত্তিৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত হব পৰা যায়।

. উন্নীতকৰণ -  অসুস্থ প্ৰবৃত্তিৰ প্ৰভাৱৰ পৰা হাত সৰা আৰু তেনে প্ৰবৃত্তিৰ সংশোধন কাৰ্যৰ বাবে আটাইতকৈ উন্নত ব্যবস্থাটো হল প্ৰবৃত্তিৰ উন্নীতকৰণ ।উন্নীতকৰণ হৈছে এটা শব্দ যাৰ ব্যবহাৰৰ মাজেৰে প্ৰবৃত্তিক আদিম জৈৱিক উদ্দেশ্যৰ পৰা সামাজিক আৰু ব্যক্তিগত ভাৱে উচ্চ স্তৰলৈ উন্নয়ন কৰি  পুনৰ নিয়োগ কৰিব পাৰি।  ব্যাক্তিৰ ব্যক্তিত্ব বিকাশৰ উপায় হিচাপে গঠনাত্মক আৰু সামাজিক ভাৱে গ্ৰহণযোগ্য কাৰ্য ব্যবস্থাৰ মাজত প্ৰবৃত্তি সমূহ প্ৰয়োগ কৰাটোৱে হল প্ৰবৃত্তিৰ উন্নীতকৰণ।

৫. বিৰেচন - প্ৰবৃত্তি পৰিশোধিত কৰাৰ  ক্ষেত্ৰত  এই পদ্ধ্তি ৰ ভূমিকা অতি বেছি।  এনে পদ্ধ্তিৰ সহায়ত অনিষ্টকাৰী প্ৰবৃত্তিৰ উপাদান বোৰ নাইকীয়া কৰি মানসিক অৱস্থা সুস্থ কৰি তোলা হয়। বিভিন্ন খেলা ধূলা, ভ্ৰমণ, সংগীত আদি কাৰ্যৰ মাজত আৱদ্ধ ৰাখি অসুস্থ প্ৰবৃত্তিৰ তাড়না সমূহ ব্যক্তিৰ মনৰ পৰা নাইকীয়া কৰি মানসিক অৱস্থা সংশোধিত কৰিব পাৰি।

ওপৰত উল্লেখ কৰা পদ্ধ্তি সমূহৰ সহায়ত মানুহে প্ৰবৃত্তি সমূহৰ সংশোধন কৰি তাৰ অসুস্থ প্ৰভাৱ সমূহ দুৰ কৰিব পাৰি।

 

15. ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ মাজত স্পষ্ট প্ৰভেদ দেখুওৱা ।

উত্তৰঃ ভাববৃত্তি  হৈছে জীৱৰ এক শাৰীৰিক  তথা মানসিক অৱস্থা যি নিদিষ্ট ধৰণে কাৰ্য কৰিবলৈ ব্যক্তিক   আগ্ৰহী কৰি তোলে। ভাববৃত্তিয়ে ব্যক্তিক ফলাফল লাভৰ বাবে এক মানসিক প্ৰস্তুতি গঢ়ি তোলে ।

মনোগ্ৰন্থি হৈছে কোনো এটা বস্তু বা বিষয় সম্পৰ্কে মনত গঢ়ি উঠা স্থায়ী মনোভাৱ।

ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ মাজত প্ৰভেদ হল -

১.ভাৱবৃত্তিয়ে মানসিক ভাৱে কোনো ব্যক্তিক অপকাৰ নকৰে, কিন্তু মনোগ্ৰন্থিয়ে ব্যক্তিৰ ক্ষতিসাধন কৰিব পাৰে।

. ভাৱবৃত্তি এক সকৰাত্মক মানসিক অৱস্থা , কিন্তু মনোগ্ৰন্থিৰ দ্বাৰা  মানুহৰ মনত নকৰাত্মক বা অশুদ্ধ চিন্তা  প্ৰকাশ পায় । উদাহৰণ স্বৰূপে- নিজৰ দেশক ভালপোৱাটো ভাৱবৃত্তি, কিন্তু মনোগ্ৰন্থি হ'ল দেশৰ চৰকাৰে কৰা কাম বিলাকৰ ভাল দিশ দেখা নোপোৱা বা আনে ভাল বুলি ক'লে সহ্য কৰিব নোৱাৰা।

৩. ভাৱবৃত্তিৰ ফলত সৃষ্টি হোৱা ব্যবহাৰ বোৰ সংযত ধৰণৰ হয় । কিন্তু মনোগ্ৰন্থিৰ সৃষ্টি হ'লে মানুহৰ ব্যৱহাৰ অসংযত হয় বা সৰু সৰু কথাতে খং উঠে, সৰু সৰু কথাতে কান্দি উঠে।

. ভাৱবৃত্তিৰ ফলত সৃষ্টি হোৱা মনোভাৱ স্থায়ী নহয়। সময়  আৰু প্ৰয়োজন সাপেক্ষ ই সলনি হয় , কিন্তু মনোগ্ৰন্থি হৈছে কোনো এটা বস্তু বা বিষয় সম্পৰ্কে মনত গঢ়ি উঠা স্থায়ী মনোভাৱ।

  . ভাববৃত্তি আৰু মনোগ্ৰন্থিৰ মাজত কিছুমান পাৰ্থক্য আছে যদিও ব্যক্তিৰ আচৰণ প্ৰদৰ্শনত দুয়োটাই গুৰুতত্বপূৰ্ন প্ৰভাৱ পেলোৱা  দেখিবলৈ পোৱা যায় ।

16. সহজাত প্ৰবৃত্তিৰ সংজ্ঞা দিয়া। আবেগৰ লগত এইবোৰ কিভাবে জড়িত? সহজাত প্ৰবৃত্তিৰ শৈক্ষিক তাৎপৰ্য কি ?

উত্তৰঃ সহজাত প্ৰবৃত্তি  হৈছে জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত মৌলিক প্ৰবনতা  । প্ৰতিটো প্ৰবৃত্তিআঁৰত কিছুমান নিৰ্দিষ্ট একোটাকৈ উদ্দেশ্য নিহিত হৈ থাকে ।  আৰু সহজাত প্ৰবৃত্তি সমূহ লগত ব্যক্তিৰ আবেগিক প্ৰতিক্ৰিয়া সমূহ প্ৰকাশ পায় ।

 সহজাত প্ৰবৃত্তি আৰু আবেগ ব্যক্তিয়ে জন্ম সূত্ৰে লাভ কৰা বিশেষ ক্ষমতা ।  সহজাত প্ৰবৃত্তি আৰু আবেগ দুয়োটা সম্পূৰ্ণ ৰূপে আনুসংগিক মানসিক কাৰ্য । সহজাত প্ৰবৃত্তিৰ দ্বাৰাই ব্যক্তিৰ মানসিক চেতনা জাগি উঠে। আবেগ আৰু সহজাত প্ৰবৃত্তিসম্বন্ধই প্ৰাণীক নিজৰ প্ৰয়োজন অনুসৰি উপলব্ধি কৰিবলৈ আৰু বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈ প্ৰেৰণা যোগাই।  জীৱৰ প্ৰত্যেক  সহজাত প্ৰবৃত্তি একো একোটা আনুসংগিক আবেগিক প্ৰতিক্ৰিয়া থাকে।  আৰু এনে প্ৰবৃত্তি সমূহ আবেগৰ যোগেদি প্ৰকাশ লাভ কৰি উঠে। গতিকে কব পাৰি যে আবেগ আৰু  সহজাত প্ৰবৃত্তি দুয়োটাকে আমি দেহ মানসিক কাৰ্যৰ বহল পৰিসৰৰ দুটা বিশেষ অৱস্থা বুলি কব পাৰোঁ । এই দুয়োটা মানসিক অবস্থাই আমাক জীয়াই থকাৰ বাবে চিন্তা আৰু কাৰ্যত প্ৰবৃত্ত হবলৈ প্ৰেৰণা যোগাই।

             সহজাত প্ৰবৃত্তি সমূহ হৈছে জীবনৰ বিকাশ প্ৰক্ৰিয়াৰ মূল সম্পদ । জীৱৰ সকলো ক্ৰিয়া আচৰণত  সহজাত প্ৰবৃত্তি সমূহে অবিৰত ভাবে প্ৰভাৱ পেলায় ।  প্ৰবৃত্তি সমূহে হল মানব প্ৰাণীৰ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠনৰ প্ৰধান শক্তি ।  এটা বৰ্ধমান প্ৰাণীৰ বিকাশ প্ৰক্ৰিয়াৰ বিভিন্ন অৱস্থাপ্ৰবৃত্তি সমূহৰ প্ৰভাৱ ক্ৰমে প্ৰকত হৈ আহে।   আধুনিক  শিক্ষা ব্যবস্থাৰ প্ৰতিটো দিশতে প্ৰবৃত্তিৰ গুৰুত্ব বৃদ্ধি পাইছে।  সহজাত প্ৰবৃত্তি সমূহৰ একোটা নিদিষ্ট উদ্দেশ্য আছে আৰু শিক্ষাৰ মাধ্যমৰে এ এই উদ্দেশ্য সমূহ পূৰণৰ চেষ্টা কৰিব লাগে।   সহজাত প্ৰবৃত্তি সমূহৰ লগত একো একোটা আবেগিক প্ৰতিক্ৰিয়া প্ৰকাশ পায় আৰু শিক্ষাৰ জৰিয়তে ব্যক্তিৰ এই প্ৰতিক্ৰিয়া সমূহ সুস্থ ৰূপ দিয়াৰ প্ৰয়াস কৰিব লাগে ।  সহজাত প্ৰবৃত্তি সমূহ নাইকীয়া কৰিব নোৱাৰি। শিক্ষাৰ জৰিয়তে ইয়াক সংশোধন কৰিব পাৰি।

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Pinki Kalita

Ma in Education