মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ



আৰম্ভণিঃ

মাদকদ্ৰব্যৰ ব্যৱহাৰ বৰ্তমান সমাজত এক ব্যাধিৰূপে দেখা দিছে৷বৰ্তমান সমাজৰ বিভিন্ন স্তৰৰ মানুহে এনেকুৱা কিছুমান দ্ৰব্য সেৱন কৰিবলৈ লৈছে যিবোৰ সেৱনৰ ফলস্বৰূপে মানুহে নিজকে পাহৰি যায় আৰু কেতিয়াবা কেতিয়াবা মানুহৰ হিতাহিত জ্ঞানো নোহোৱা হৈ যায়৷এনেধৰণৰ দ্ৰব্যবোৰকে মাদকদ্ৰব্য বা ৰাগিয়াল বস্তু বোলে৷ মানুহৰ জীৱনত এই বস্তুবোৰে ক’ব নোৱাৰাকৈয়ে অপকাৰ সাধন কৰে৷ 


মাদকদ্ৰব্যৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ ব্যৱহাৰঃ

আমাৰ দেশত বৰ্তমানে প্ৰয়োগ হোৱা মদ,ভাং,কানি আৰু ধপাতেই হ’ল সাধাৰণ মাদকদ্ৰব্য৷ইয়াৰ উপৰিও "ড্ৰাগ" নামৰ মাদকদ্ৰব্যবিধৰ প্ৰচলনে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷এইবিধক জীৱনান্তক মাদকদ্ৰব্য বুলিও ধৰা হয়৷হিৰোইন,কোকেইন,ব্ৰাউন ছুগাৰ আদি বিভিন্ন নামিৰে এই মাৰাত্মক দ্ৰব্যবিধ ভাৰতত প্ৰৱেশ কৰি যুৱসমাজক ভালদৰে ক্ষতিসাধন কৰিছে৷মধ্যপ্ৰাচ্যৰ পৰা পাকিস্তানৰ মাজেৰে এই মাদকদ্ৰব্য ভাৰতলৈ আহে আৰু ভাৰতত বিতৰণ হোৱাৰ পিছত বাকী অংশ ব্ৰহ্মদেশ,চিংগাপুৰ আদিলৈ যায়৷


মাদকদ্ৰব্য সেৱনৰ ফলত হোৱা অপকাৰঃ

বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই সমাজৰ বাবে এক ভয়াবহ স্ংকট বুলিব পাৰি। কিয়নো, যুৱশক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰুপ। এই ভেটি সুদৃঢ় নহ’লে সমাজত শান্তি সম্ভৱ নহয়। প্ৰচলিত নিচাযুক্ত দ্ৰব্যৰ ভিতৰত মদ এবিধ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দ্ৰব্য। অকল শাৰীৰিকেই নহয়, মানসিক স্বাস্থ্যৰ বাবেও ই পৰিপন্থী। মদ  পান কৰিলে সুস্থ মগজুৰ স্নায়ুতন্ত্ৰত বিশৃংখল ঘটে আৰু ইয়াৰ মাত্ৰা অধিক হ’লে বিবেক আৰু হিতাহিত জ্ঞানশূন্য হয়। এইবিধ দ্ৰব্য দীৰ্ঘদিন সেৱনৰ ফলত স্মৃতিশক্তি, দৃষ্টিশক্তি, ধাৰণাশক্তি ক্ষীণ হোৱাৰ উপৰি হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ুদুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি ৰোগৰ সৃষ্টি কৰে। ইয়াৰ বাহিৰেও পাকস্থলী, প্লিহা, যকৃত, অন্ত্ৰ আদিত হোৱা কৰ্কট ৰোগ আৰু যকৃতত হোৱা ‘লিভাৰ ছিৰ’ছিছ’ নামৰ কঠিন ৰোগ মদ পানৰ পৰা সৃষ্টি হোৱা দেখা যায়। সমগ্ৰ দেশৰ ভিতৰতে আমাৰ ৰাজ্যত কৰ্কট আৰু আন কঠিন ৰোগৰ প্ৰকোপ সৰ্বাধিক। মদ্যপানৰ লগত মাত্ৰাধিক মাংস ভোজন আৰু অন্যান্য নিচাযুক্ত বা ৰাগিয়াল দ্ৰব্য সেৱন ইয়াৰ একমাত্ৰ কাৰণ। অকল ৰোগ সৃষ্টিয়েই নহয়, আগতে উল্লেখ কৰি অহা ঘটনা, দুৰ্ঘটনা, অসামাজিক কাৰ্যৰ অধিকাংশই ইয়াৰে পৰিণতি।

মদ হ’ল এক সামাজিক ব্যাধি, মদে মানৱ জাতি মানৱ সমাজ ধ্বংস কৰিব পাৰে ধৰ্মগ্ৰন্থতো উল্লেখ আছে সুৰাপানৰ বাবেই ভগৱান শ্ৰীকৃষ্ণৰ যদুবংশ এদিন ধ্বংস হৈছিল এই কথা কোনে নাজানে? সমাজক ধ্বংস কৰা, পৰিয়ালক ধ্বংস কৰা এনে ব্যৱসায়ৰ সমাজত প্ৰয়োজনীয়তা আছেনে? সুৰা পান কৰাৰ অপকাৰীতাৰ বিষয়ে জ্ঞাত হৈও বাৰু আমি কিয় একেবাৰে নিমাত? সমাজৰ আৱৰ্জনা বোৰ আঁতৰাই চাফা কৰাৰ আমাৰ কিয় অকমান সৎ সাহস বা সদিচ্ছাৰ অভাৱ এই অকমণ্যতাৰ বাবেই সমাজৰ পৰা লুপ্ত হৈছে শান্তি শৃংখলা৷ এই পৰিস্থিতিৰ বাবে দায়ি কোন মদ খোৱাজন নে মদ বিকাজন? আছলতে ইয়াৰ বাবে দায়ি দুয়োজনে৷ মদ খোৱা আৰু বিকা দুইজনে সমাজৰ শান্তি সমৃদ্ধি শৃংখলা নষ্ট কৰাত অৰিহণা যোগাইছে, এই ক্ষেত্ৰত সেই সকল লোকো দায়ি যি এই মদৰ ব্যৱসায় মুক্তকৈ কৰাত সুবিধা কৰি দিছে আৰু সেই সকলো দায়ি যি মদৰ অপকাৰীতাৰ বিষয়ে সকলো জানি বুজিও মৌন হৈ আছে৷ আকৌ সমাজৰ যি সকল জ্যেষ্ঠ লোকে মদ্যপান কৰাত শিশুক সকলক বাধা দিব লাগে সেই সকলেই নিজৰ খন্তেকীয়া সুখৰ বাবে মদ্য পান কৰে, তাকে দেখি শিশু সকলে তেওঁলোকৰ পথকে অনুসৰণ কৰে আৰু লুকাই চুৰকৈ হ’লেও সুৰা পানৰ জুতি ল’ব বিছাৰে অনুসন্ধিৎসু মনে এইয়াই কাল হৈছে সেই সকলৰ বাবে৷মদ মানুহৰ শৰীৰত প্ৰবেশ কৰাৰ লগে লগেই ই শৰীৰ আৰু মগজুত ক্ৰীয়া কৰিবলৈ আৰম্ভ কৰে৷ ‌ মদ খুৱাৰ লগে লগে মদ যকৃত পাইগৈ যকৃতত এনজাইমে মদ মানে এলক’হলক ভাঙি পেলাই৷ ‌ যকৃতে শৰীৰৰ বাবে অপকাৰী পদাৰ্থ বোৰক শৰীৰৰ পৰা বাহিৰ কৰে যদিও মদক সম্পূৰ্ণ বাহিৰ কৰিব নোৱাৰে আৰু পিত্ত মগজু হাঁড় আদিলৈও বিয়পি পৰে যাৰ ফলত এই অংগ বোৰৰ পৰিবৰ্তন হয় আৰু বিৰূপ প্ৰভাৱ পেলাই ২০০ ৰো অধিক বেমাৰ সৃষ্টি কৰিব পাৰে৷ ‌অত্যধিক মদ্যপানে মাস্তিষ্কৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাই৷ প্ৰধানকৈ ওচৰৰ পৰিবেশত কি ঘটিছে তাক নিৰূপণ কৰিব নোৱাৰে শৰীৰৰ স্থিৰতা নাইকিয়া হয় একাগ্ৰতা নাথাকে সঠিক সিদ্ধান্ত ল’ব নোৱাৰে৷ ‌ নিজকে চিন্তা বেদনা মুক্ত বুলি ভাবে৷ ‌

বহুতৰ আক’ নিৰাশাত ভোগে খিংখিঙীয়া হয়৷ ‌ বহুতে নিজক বহু শক্তিশালী ক্ষমতাশালী বুলি ভাবে যাৰ ফলত দণ্ড তৰ্ক আদিত লিপ্ত হয়৷ ‌ আপুনি জানি আছৰিত হ’ব যে প্ৰতি১০ চেকেণ্ডতকৈ কম সময়ত পৃথিৱীত মদৰ বাবে হোৱা হিংসাত এজন মানুহৰ মৃত্যু হয়৷ ‌

মদ খোৱাৰ পাচত মদক মগজু পাবলৈ ৬ মিনিট সময় লাগে৷ ‌মদৰ একেবাৰে সৰু অণু হ’ল এথেৰ্নাল যি শৰীৰৰ তেজৰ লগত পানীৰ লগত মিলি যায় শৰীৰত ৭০/৮০ ভাগ পানী থাকে এই পানীৰ লগত মিহলি হৈ গোটেই শৰীৰৰ লগতে মস্তিষ্ক লৈকে পাইগৈ৷ ‌ মস্তিস্ক পোৱা লগে লগে ন্যুৰ’ট্ৰাস্নমিটাৰৰ ওপৰত ক্ৰীয়া কৰে লগে লগে স্নায়ু তন্ত্ৰৰ কেন্দ্ৰক প্ৰভাৱিত কৰি মানুহক ভ্ৰমিত কৰি তোলে৷ ‌ কেতিয়াবা এই অৱস্থা অতিশয় বিপদজনক হ’ব পাৰে৷ ‌কেইবা বছৰ ধৰি অত্যধিক মদ্য পান কৰিলে জীৱন হেৰুৱাৰো ভয় আহে শৰীৰক প্ৰয়োজন হোৱা ভিটামিন খনিজ লৱণ আদিৰ প্ৰয়োজনবোধৰ তাৰতময ঘটে৷ ‌ যাৰ বাবে শৰীৰত বিভিন্ন বেমাৰৰ উপসৰ্গসমূহে দেখা দিয়ে৷ ‌মদে মগজুৰ লগতে যকৃতৰো ক্ষতি সাধন কৰে বিভিন্ন ধৰণৰ যকৃতৰ ৰূগ হয়৷ ‌ যকৃতৰ কেঞ্চাৰৰ বাবে মদ সেৱনো জগৰীয়া৷ ‌

বিশ্বৰ কোন দেশৰ মানুহে কিমান মদ সেৱন কৰে জানেনে? জাৰ্মানী ৰ প্ৰতিজন ব্যক্তিৰ হিচাপত বছৰি বিশুদ্ধ মদ খোৱাৰ পৰিমাণ ১২ লিটাৰ৷ ‌ ইংলেণ্ড, স্লোভেনিয়াৰ প্ৰতি ব্যক্তিৰ ১১.৬ লিটাৰ৷ ‌ আয়াৰলেণ্ডৰ আ্‌ৰু লক্জমবাৰ্গৰ মানুহে ইয়াত কৈও বেছি খাই এই ক্ষেত্ৰত বেলাৰুছ এক নম্বৰত আছে৷ ‌বেলাৰুছত ১৭.৫ লিটাৰ কৈ প্ৰতিজন ব্যক্তিয়ে বছৰত বিশুদ্ধ মদ সেৱন কৰে৷ ‌ বিশ্ব স্বাস্থ্য সংগঠনৰ সমীক্ষা মতে পাকিস্তান, কুৱেইট, লীবিয়া এই কেইখনমান দেশৰ মানুহে মদ কমকৈ সেৱন কৰে প্ৰতি ব্যক্তি ১০০ মিলিলিটাৰত কৈ কম৷ ‌ভাৰত এই হাৰ প্ৰতি ব্যক্তি ৮.৭ লিটাৰ বছৰি৷ ‌ ভাৰত তথা অসমৰ মানুহৰ বাবে চিন্তাৰ বিষয় এইটো যে যি সকলে মদ খাই বহুত বেছি খাই এবছৰত ২৮.৭ লিটাৰতকৈ অধিক৷ ‌ এইফালৰ পৰা চাবলৈ গ’লে ভাৰতীয় মদাহীহে বিশ্বৰ সকলো মদাহীত কৈ বহুত বেছি মদ খাই৷ ‌

এস্তেঅল্ডিহাইট নামৰ এক এনজাইমে শৰীৰত এলকহলৰ ক্ৰীয়াক হ্ৰাস কৰে৷ ‌এলক’হল এষ্টেঅল্ডিহাইটলৈ পৰিবৰ্তন হয় আকৌ এষ্টেঅল্ডিহাইট এচেটিক এচিডলৈ পৰিবৰ্তন হৈ এলকহল শৰীৰৰ পৰা বাহিৰ হয়৷ ‌ কিন্তু যদি এষ্টেঅল্ডিহাইট এচেটিক এচিডলৈ পৰিবৰ্তন নহয় এষ্টেঅল্ডিহেড হৈ যায় তেন্তে এনে মানুহে মদ সেৱন কৰিলে মূৰবীষ, বমী, মূৰঘূৰণী, আদি হ’ব ধৰে বহুতৰ গাল মুখ ৰঙা হৈ পৰে৷ ‌ চীন জাপান কোৰিয়া ৰ ৪০% আনকি অসমৰো বহু লোকৰ শৰীৰত এই এষ্টেঅল্ডিহাইট এনজাইম নাথাকে৷ ‌ যি সকল লোকৰ এই এনজাইম নাথাকে তেওঁলোকে মদ হজম কৰিব নোৱাৰে এনে লোকে মদ খালে মদে শৰীৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি৷ ‌


মাদক দ্ৰৱ্য প্ৰতিকাৰৰ বাবে লোৱা ব্যৱস্থাঃ

মহিলাসকলৰ নেতৃত্বত ১৯৯২ চনত হোৱা মাদক দ্ৰৱ্য বিৰোধী আন্দোলনৰ ফলত ভাৰতৰ অন্যতম ৰাজ্য অন্ধ্ৰ প্ৰদেশত সকলো ধৰণৰ মাদক দ্ৰৱ্যৰ বিক্ৰী আৰু মদ্যপানক দণ্ডনীয় অপৰাধ হিচাবে গণ্য কৰা হয়। ইয়াৰ পূৰ্বে চৰকাৰে বৰুণ বাহিনী নীতিৰ আধাৰত গ্ৰামাঞ্চলত ৰাগিয়াল পানীয়ৰ আগ্ৰাসী বজাৰৰ সৃষ্টি কৰিছিল। এই নীতিৰ ফলত মদ বিক্ৰীৰ আবকাৰী শুল্কৰ পৰা ১৯৯১-৯২ চনৰ বাৰ্ষিক বাজেটৰ ১০ শতাংশতকৈও অধিক ৰাজহ আহৰণ হৈছিল। মাদক দ্ৰৱ্য নিষিদ্ধকৰণত চৰকাৰী উদ্দেশ্য সম্পৰ্কে এতিয়াও প্ৰশ্ন উঠিছে যদিও নাৰী আন্দোলনৰ ৰাজনৈতিক প্ৰভাৱৰ কোনো জটিলতা নাই।মহিলা গোটসমূহে তেওঁলোকৰ গাওঁসমূহ মদৰপৰা মুক্তকৰাৰ চেষ্টা কৰাৰ ফলত আন্দোলন আৰম্ভ হ’ল। মদে মহিলাসকলৰ জীৱন ধ্বংস কৰাৰ সাধাৰণ অভিজ্ঞতা সকলোৰে হৈছিল আৰু চৰকাৰী অৰ্থ-সাহাৰ্য্যত স্বেচ্ছাসেৱী সংগঠনসমূহে মদপী স্বাযীৰ হাতত মহিলাৰ নিৰ্যাতনৰ কাহিনীৰে সজাগতা অভিযান চলোৱাৰ ফলত মহিলাসকলে দলে-বলে এই আন্দোলনত যোগ দিছিল।  মহিলাসকলে মাথো মদ বিৰোধিতাতে সীমাবদ্ধ নাছিল, তেওঁলোকে নতুনকৈ সস্তীয়া পানীয়ৰ পেকেজিঙৰো বিৰোধিতা কৰিছিল।  এই পেকেটবোৰ অতি আওহতীয়া ঠাইতো সহজে পোৱা গৈছিল, যিবোৰ ঠাইত পানীৰ বাবে কিন্তু মাইলৰ পিছত মাইল বাট কুৰি বাই যাব লগা হৈছিল। মহিলাসকল বিক্ষুব্ধ হৈছিল, কিয়নো তেওঁলোকৰ স্বামীসকলে মদ খাই উপাৰ্জনৰ ধন শেষ কৰিছিল। তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছিল। মহিলাসকলে গ্ৰাহকৰ ওপৰত আক্ৰমণ কৰাতকৈ মদ যোগানকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে আক্ৰমণ কেন্দ্ৰীভূত কৰিছিল। ফলত বহুত পুৰুষৰ পৰা পৰোক্ষ সমৰ্থন লাভ কৰিছিল। মহিলাসকলে নিজ নিজ গাঁৱত কাম-কাজ আৱদ্ধ ৰাখিছিল। স্থানীয় মহিলাসকলৰ নেতৃত্বত আন্দোলন চলিছিল যদিও স্বেচ্ছাসেৱী সংগঠনসমূহৰ পৰা সমৰ্থন লাভ কৰিছিল।

সম্প্ৰতি এই আন্দোলন দৰিদ্ৰ, গ্ৰামীণ মহিলাৰ পৰা আহি মধ্যবিত্ত, নগৰীয়া মহিলা আৰু পুৰুষসকলৰ আন্দোলনত পৰিণত হৈছে। ই গান্ধীবাদী আদৰ্শ দাঙি ধৰিছে আৰু মাদক দ্ৰৱ্য সম্পূৰ্ণ নিষিদ্ধকৰণৰ দাবী তুলিছে। গাঁৱৰ মহিলাসকলে ৰাজ্যজুৰি সৰ্বাত্মক নিষিদ্ধকৰণত সফল হওঁক বা নহওঁক, তেওঁলোকে কিন্তু ক্ষমতাধিষ্ঠ চৰকাৰৰ ভোট কপাই তুলিছে।


Sangeeta Das

( M.A in Assamese)