অধ্যায় ১ 

Chapter 1

শিক্ষাৰ ধাৰণা

Concept and Aims of Education


প্ৰশ্নৱলীঃ

১। শিক্ষা কি?

উত্তৰঃ ভাল আহৰণ কৰা আৰু স্ব-শাসিত হোৱা প্ৰক্ৰিয়াই হল শিক্ষা।

২। শিক্ষাৰ বুৎপত্তিগত অৰ্থ লিখা।

উত্তৰঃ বুৎপত্তিগত দিশেৰে বিবেচনা কৰিলে দেখা যায় যে শিক্ষা শব্দটো লেটিন ভাষাৰ কেইবাটাও শব্দৰ পৰা আহিছে।

৩। শিক্ষাৰ সংকীৰ্ণ অৰ্থ মানে কি বুজা?

উত্তৰঃ শিক্ষাৰ সংকীৰ্ণ অৰ্থ মানে হল- শিক্ষা এক নিৰ্দিষ্ট বিন্দুত আৰম্ভ হয় আৰু অবিৰতভাৱে চলি থাকি এক নিৰ্দিষ্ট বিন্দুত শেষ হয়।

৪। বহল অৰ্থত শিক্ষাই কি বুজায়?

উত্তৰঃ বহল অৰ্থত শিক্ষাই মানৱ জীৱনৰ সমগ্ৰ দিশ আগুৰি থাকে।

৫। চমুকৈ লিখা "শিক্ষা এক দ্বিপাক্ষীয় প্ৰক্ৰিয়া"।

উত্তৰঃ দ্বি-পাক্ষিক প্ৰক্ৰিয়াত শিক্ষা হৈছে শিক্ষক আৰু শিক্ষাৰ্থীক মাজৰ পাৰস্পৰিক কাৰ্য বিশেষ। এই শিক্ষক-শিক্ষাৰ্থী কেন্দ্ৰীভূত শিক্ষাত শিক্ষকক এটা মূৰত আৰু শিক্ষাৰ্থীক আন এটা মূৰত স্থান দিয়া।

৬। চমুকৈ লিখা "শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া"।

উত্তৰঃ শিক্ষা হৈছে ব্যক্তিৰ সমগ্ৰ জীৱনজুৰি বৰ্তী থকা কাৰ্যবিশেষ। ব্যক্তিৰ জন্মলগ্নৰে পৰা শিক্ষা মৃত্যু পৰ্যন্ত আমৰণ গতিত চলি থকা এক বিকাশশীল প্ৰক্ৰিয়া।

৭। "সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে শিক্ষা" -- চমুকৈ লিখা।

উত্তৰঃ সমাজ সদায় পৰিৱৰ্তনশীল আৰু বিকাশশীল। সমাজৰ এই ক্ৰমাগত বিকাশৰ গতি প্ৰৱণতা আনি দিয়ে শিক্ষাই। শিক্ষাই মানুহক বাঞ্চিত সামাজিক পৰিৱৰ্তন আনিবৰ কাৰণে দৰকাৰী জ্ঞান প্ৰদান কৰে, নতুন ধ্যান ধাৰণাৰ বীজ সিঁচে, কৌশল শিকায়, অন্ধবিশ্বাস আঁতৰায় আৰু সুস্থ মনোভাৱ গঢ়ি তুলে। কু-সংস্কাৰ আতৰাই শিক্ষাৰ সমাজলৈ পৰিৱৰ্তন আনে।

৮। খালী ঠাই পূৰণ কৰাঃ

( ক ) শিক্ষা শব্দটো         ভাষাৰ পৰা উৎপত্তি হৈছে । 

উত্তৰঃ লেটিন।

(খ) ত্রিপাক্ষিক প্রক্রিয়াত, শিক্ষার্থী, শিক্ষক আৰু         জড়িত।

উত্তৰঃ সামাজিক পৰিৱেশৰ দ্বাৰা।

( গ ) শিক্ষা এক ------- ব্যাপি প্রক্রিয়া । 

উত্তৰঃ

(ঘ) আনুষ্ঠানিক শিক্ষা ------- চাৰিবেৰৰ মাজত সীমাবদ্ধ । 

উত্তৰঃ স্কুলৰ।

(ঙ) আচৰণৰ ৰূপান্তৰ প্রক্রিয়াই হ'ল -----।

উত্তৰঃ শিক্ষা।

৯। চমু প্রশ্ন ঃ

(ক) শিক্ষাৰ দুটা সংজ্ঞা দিয়া । 

উত্তৰঃ ঋগবেদৰ মতে, শিক্ষাৰদ্ধাৰা ব্যক্তি স্ব-নিৰ্ভৰশীল হয় আৰু আনকো নিজৰ দৰে জ্ঞানী কৰাৰ ক্ষমতা লাভ কৰে।

  উপনিষদৰ মতে, শিক্ষা হৈছে ব্যক্তিৰ আত্ম-মুক্তিৰ একমাত্ৰ উপায়।

(খ) শিক্ষাৰ দুটা প্রক্রিয়া কি কি ? 

উত্তৰঃ শিক্ষাৰ দুটা প্রক্রিয়া হল-

    দ্বি-পাক্ষিক প্ৰক্ৰিয়া

    ত্ৰিপাক্ষিক প্ৰক্ৰিয়া

(গ) আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

    ১) আনুষ্ঠানিক শিক্ষা এক সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয়। এই শিক্ষা পূৰ্বনিৰ্ধাৰিত আৰু উদ্দেশ্যপ্ৰণোদিত।

    ২) আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয়। গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ।

(ঘ) অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ অনানুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

    ১) অনানুষ্ঠানিক শিক্ষা আকস্মিক, স্বতঃস্ফৰ্ত আৰু নীতি-নিয়ম বহিৰ্ভূত। ইয়াত সচেতনভাবে কোনো কাৰ্য পৰিচালিত নহয়।

    ২) আনুষ্ঠানিক শিক্ষাৰ দৰে অনানুষ্ঠানিক শিক্ষা কোনো বিশেষ সংগঠন বা বিদ্যালয়-মহাবিদ্যালয়ৰ দ্বাৰা প্ৰদান কৰা নহয়।

(ঙ) অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

    ১) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

    ২) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক।

(চ) আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰিধি অতি সীমিত আৰু সংকীৰ্ণ। অনানুষ্ঠিক শিক্ষাৰ পৰিধি ব্যাপক আৰু বিস্তত।

  আনুষ্ঠানিক শিক্ষা স্কুলপ, কলেজ, ধৰ্মীয় অনুষ্ঠান আদিত শিক্ষা সীমাবদ্ধ, কিন্তু অনানুষ্ঠানিক শিক্ষাত ঘৰ, বজাৰ,বাতৰি কাকত, ৰেডিঅ আদিৰ জৰিয়তে লাভ কৰা হয়।

( ছ ) অগতানুগতিক শিক্ষা কি ? 

উত্তৰঃ অগতানুগতিক শিক্ষা এনে এবিধ শিক্ষা, যাক আনুষ্ঠানিক শিক্ষা গণ্ডীৰ বাহিৰত নিৰ্বাচিত কেতবোৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত কম সময়ৰ বিতৰত দিয়া হয়।

(জ) অনানুষ্ঠানিক শিক্ষা কি ? 

উত্তৰঃ কোনোধৰণৰ নিৰ্ধাৰিত পূৰ্ব পৰিকল্পনা নোহোৱাকৈ স্বতঃস্ফৰ্তভাৱে প্ৰদান কৰা শিক্ষা ব্যৱস্থাই অনানুষ্ঠানিক শিক্ষা।

(ঝ) আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ দুটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আছে, কিন্তু অগতানুগতিক শিক্ষাৰ নিৰ্দিষ্ট সময়সীমা নাই।

    আনুষ্ঠানিক শিক্ষা শিক্ষাৰ পৰিধি সীমিত আৰু সংকীৰ্ণ। কিন্তু অগতানুগতিক শিক্ষাৰ পৰিধি অতি বহল আৰু ব্যাপক।

১০। শিক্ষাৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ শিক্ষাৰ পৰিধি বা পৰিসৰ বুলি কলে শিক্ষাই সামৰি লোৱা বিষয়বস্তুসমূহকে বুজোৱা হয়। শিক্ষাক্ষেত্ৰত পৰিধিয়ে কোনো বহুলতা আৰু বহুমুখী শিক্ষণ অভিজ্ঞতাকে সাঙুৰি লয়। এইটো সত্য যে, শিক্ষাৰ পৰিধি অতি ব্যাপক আৰু বহল। ঠিক আমাৰ জীৱনৰ নিচিনা। ব্যক্তি বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ প্ৰতিটো স্তৰতেই শিক্ষাৰ প্ৰভাৱ বিৰাজমান। শিক্ষাক শিক্ষাৰ্থীৰ পাৰস্পৰিক ভাৱৰ বিনিময়, শিক্ষকৰ চৰিত্ৰ, আচৰণ, শৃংখলাবোধ, শিক্ষাদানৰ কৌশল, পাঠ্যক্ৰমৰ প্ৰকৃতি, বিভিন্ন বিষয়বস্তুৰ জ্ঞান,শিক্ষণ, শিক্ষণ পদ্ধতি, অনুশাসন ব্যৱস্থা আদিৰ সুসংবদ্ধ আৰু প্ৰণালীবদ্ধ অধ্যয়ন কৰাই শিক্ষা।

১১। শুদ্ধ নে অশুদ্ধ লিখাঃ 

(ক) আচৰণৰ ৰূপান্তৰ প্রক্রিয়াই হ’ল শিক্ষা ।

উত্তৰঃ শুদ্ধ।

(খ) Education শব্দটো জার্মান শব্দৰ পৰা উৎপত্তি হৈছে ।

উত্তৰঃ অশুদ্ধ।

(গ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ মূল পৃষ্ঠপােষক হ’ল জন ডিউই ।

উত্তৰঃ শুদ্ধ।

(ঘ) চাৰ পাৰ্চীনান সমাজকেন্দ্রিক শিক্ষাৰ পৃষ্ঠপােষক আছিল ।

উত্তৰঃ শুদ্ধ।

(ঙ) “ এডুকেশ্যন ’ শব্দটো লেটিন শব্দৰ পৰা উদ্ভৱ হৈছে ।

উত্তৰঃ শুদ্ধ।

( চ ) আধুনিক শিক্ষা শিশুকেন্দ্রিক শিক্ষা ।

উত্তৰঃ অশুদ্ধ।

১২। খালী ঠাই পূৰণ কৰাঃ

( ক ) শিক্ষা এটা ---- প্ৰক্ৰিয়া।

উত্তৰঃ গতিশীল।

( খ ) শিক্ষাৰ দুটা ------ এটা সংকীর্ণ আনটো ব্যাপক।

উত্তৰঃ

( গ ) শিক্ষাৰ সমাজবাদী লক্ষ্যৰ মুখ্য পৃষ্ঠপােষক আছিল -----।

উত্তৰঃ জন ডিউই।

( ঘ ) Education শব্দটোৰ উৎপত্তি হৈছে — ভাষাৰ পৰা ।

উত্তৰঃ লেটিন।

( ঙ ) শিক্ষা হ’ল ----- প্ৰস্তুতি।

উত্তৰঃ

১৩। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য বুলিলে কি বুজা ? 

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দৃষ্টিভংগী প্ৰাকৃতিক আৰু বৈজ্ঞানিক। ব্যক্তিৰ ব্যক্তিত্বই হৈছে জীৱনৰ মূল আদৰ্শ। ব্যক্তি এজনক কিমান দক্ষতা প্ৰদান কৰা হয়, তাৰ ওপৰত ভিত্তি কৰি শিক্ষা আঁচনিৰ মূল্য পৰিমাপণ কৰি চোৱা হয়। গতিকে ব্যক্তিবাদী শিক্ষাৰ মূল লক্ষ্য হৈছে ব্যক্তি সত্তাৰ উন্নয়ন।

১৪। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য বুলিলে কি বুজা ?

উত্তৰঃ ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ লগতে সমাজকেন্দ্ৰীক লক্ষ্যও শিক্ষাৰ এক অন্যতম লক্ষ্য। শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্যৰ মতে, সমাজ বা ৰাষ্ট্ৰ ব্যক্তিত্বই বেছি গুৰুত্বপূৰ্ণ। সামাজিক লক্ষ্য মানে সামাজিক যোগ্যতা।

১৫। শিক্ষাৰ গণতান্ত্রিক লক্ষ্য বুলিলে কি বুজা ?

উত্তৰঃ 

১৬। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

১৭। শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

১৮। শিক্ষাৰ বৃত্তিমুখী লক্ষ্যৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

১৯। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ দুটা পার্থক্য লিখা ।

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ দুটা পার্থক্য হল-

১) ব্যক্তিকেন্দ্ৰিকঃ প্ৰকৃতিবাদ চিন্তাধাৰাৰ ওপৰত ই নিৰ্ভৰশীল। জৈৱিক অস্তিত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

২) সমাজকেন্দ্ৰিকঃ প্ৰয়োগবাদ দৰ্শনত ই বিশ্বাসী। ব্যক্তিৰ সামাজিক যোগ্যতা, সামাজিক পৰিৱেশৰ ওপৰত গুৰুত্ব দিয়ে।

২০। এখন গণতান্ত্রিক - ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হােৱা উচিত ? চমুকৈ লিখা । 

উত্তৰঃ

২১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ সম্পর্ক বিচাৰ কৰা । 

উত্তৰঃ

২২। তলত উল্লেখ কৰা বিষয়ৰ লগত শিক্ষাৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখাঃ 

( ক ) শিক্ষা আৰু জীৱবিদ্যা। 

উত্তৰঃ জীৱিত প্ৰাণী বা বস্তু সামগ্ৰীৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ বিষয়টো হল জীৱবিদ্যা। মানুহৰ বিকাশৰ ইতিহাস, জৈৱিক বিশেষত্ব, প্ৰাণীৰ বংশগতিত প্ৰভাৱ, ক্ৰমবিকাশ আদিৰ বিষয়ে জীৱবিদ্যাই অধ্যয়ন কৰে। ঠিক তেনেকৈ ব্যক্তিৰ শিক্ষা আহৰণৰ ক্ষেত্ৰটো বংশ আৰু পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে বিস্ততভাৱে অধ্যয়ন কৰা হয়। মানৱ ব্যক্তিৰ ব্যক্তিগত পাৰ্থক্য জানিবলৈ হলে বংশগতিৰ অধ্যয়নৰ প্ৰয়োজন। জীৱবিদ্যাৰ দ্বাৰা লাভ কৰা জ্ঞানৰ সহায়ত শিক্ষাই ব্যক্তিৰ বিকাশ প্ৰক্ৰিয়া সুপৰিকল্পিতভাৱে পৰিচালিত কৰিব পাৰে। শিক্ষাৰ প্ৰধান কাম হৈছে মানৱীয় ক্ষমতাৰ বিকাশৰ মাজেৰে ব্যক্তিক চাৰিওফালে পৰিৱেশৰ লগত শক্তিশালীভাৱে সমযোজন কৰিব পৰাকৈ গঢ়ি তোলা। গতিকে স্বাবাৱিকতেই শিক্ষাই জীৱবিদ্যাৰ ওচৰ চাপিবলগীয়া হয়। শিক্ষাই ব্যক্তিক শ্ৰেষ্ঠ হিচাপে গঢ়ি তুলি জীয়াই থকাৰ প্ৰয়োজনীয় জ্ঞান দিয়ে। প্ৰকৃতিৰ লগত ব্যক্তিয়ে কেনেকৈ সম্পৰ্ক বজাই ৰাখি নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰে তাৰ প্ৰয়োজনীয় জ্ঞান শিক্ষাই প্ৰদান কৰে। প্ৰাকৃতিক বিজ্ঞানী চাৰ্লছ ডাৰউইনৰ চিন্তা বিশ্লেষণ কৰিলে জীৱবিদ্যা আৰু শিক্ষাৰ সম্পৰ্ক সহজেই বুজিব পাৰি।

( খ ) শিক্ষা আৰু অৰ্থনাতি।

উত্তৰঃ অৰ্থনীতি হল সম্পদৰ অধ্যয়ন। অৰ্থনীতিয়ে এখন দেশৰ অৰ্থনৈতিক অৱস্থা, বিকাশ আৰু আৰ্থ-সমাজিক দিশৰ সুচাৰুৰুপে বিকাশ আৰু প্ৰগতিৰ অধ্যয়ন কৰে। আনহাতে, শিক্ষাৰ উদ্দেশ্য হল ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। দেশৰ অৰ্থনৈতিক বিকাশ আৰু শিক্ষা ব্যৱস্থাৰ বিকাশৰ মাজত এক পাৰস্পৰিক সম্বন্ধ আছে। অৰ্থনৈতিকভাৱে উন্নত দেশতহে শিক্ষাৰ উন্নতি পৰিলক্ষিত হয়। আনহাতে, আৰ্থিকভাৱে পিছপৰা দেশ এখনে শিক্ষাৰ নিম্নতম সা-সুবিধাও প্ৰদান কৰিব নোৱাৰে আৰু ইয়াৰ ফলত দেশৰ শিক্ষা ব্যৱস্থাও নিম্নগামী হয়। অৰ্থনীতিয়ে ব্যক্তিক উৎপাদনশীল ব্যক্তিহিচাপে গঢ়ি সমাজ আৰু ৰাষ্ট্ৰৰ উপকাৰ সাধন কৰিব পাৰে। শিক্ষাৰ মূল কাৰ্য হল মানৱীয় প্ৰতিভা বিকাশ সাধন কৰি মানুহক উৎপাদনৰ চালিকা শক্তি হিচাপে গঢ়ি তোলা। শিক্ষাৰ পৰিকল্পনা, সম্পদৰ বিতৰণ, সংগঠন, বিনিয়োগ আদি দিশবোৰ অৰ্থনীতিৰ গণ্ডীৰ ভিতৰত নিৰ্ধাৰণ কৰা হয়। বৰ্তমান শিক্ষাক মানৱসম্পদ বিকাশৰ আহিলা হিচাপে গণ্য কৰাৰ লগে লগে শিক্ষা আৰু অৰ্থনীতিৰ যোগসূত্ৰ ঘনিষ্ঠ হৈ পৰিছে। গতিকে শিক্ষা প্ৰক্ৰিয়াক সফলৰুপে আগুৱাই নিয়াত অৰ্থনৈতিক উপাদানে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।

( গ ) শিক্ষা আৰু দর্শন।

উত্তৰঃ দৰ্শন হৈছে জ্ঞান অন্বেষণৰ এটি শাখা, যাৰদ্বাৰা সত্যৰ প্ৰকৃতি উপলব্ধি কৰিব পাৰি। গতিকে শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ বিৰাজমান। আমাৰ সমাজত বৰ্তী থকা শিক্ষাৰ মতবাদবিলাক বিশেষ কিছুমান ব্যক্তিৰ জীৱন দৰ্শনৰ ওপৰতে প্ৰতিষ্ঠিত। উদাহৰণস্বৰুপে, প্লেটোৰ আদৰ্শবাদ, ৰুছোৰ প্ৰকৃতিবাদ, জন ডিউইৰ প্ৰয়োগবাদ, সমাজতত্ববিদ হাবাৰ্ট স্পেনচাৰ, ইংৰাজ বস্তুবাদী দাৰ্শনিক জন লং আদিৰ চিন্তাই সমগ্ৰ শিক্ষাৰ লক্ষ্য আৰু প্ৰক্ৰিয়াৰ নীতি-নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰুপণ কৰে দৰ্শনেহে। দাৰ্শনিকসকলৰ মতে, দৰ্শনৰ অধ্যয়ন অবিহনে শিক্ষাৰ সম্পূৰ্ণ বিকাশ সম্ভৱ নহয়। দৰ্শনেহে ব্যক্তিৰ আচৰণ সংশোধন কৰি আদৰ্শ ব্যক্তি গঢ়াত সহায় কৰে। দৰ্শনে মানৱজীৱনৰ মূল্যবোধ নিৰুপণ কৰে আৰু শিক্ষাই মূল্যবোধক কাৰ্যকৰীকৰণত সমল যোগায়। শিক্ষাৰ নীতি-উদ্দেশ্য, পাঠ্যক্ৰম,পঢ়োৱ পদ্ধতি, অনুশাসন আদিত বিশেষ প্ৰভাৱ পেলায় আৰু সেয়েহে দৰ্শন আৰু শিক্ষাক এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলিব পাৰি।

🔰 ২০১৩-২০১৮ চনলৈ পৰীক্ষাত অহা প্ৰশ্নৰ নমুনাঃ

  2013 

1. অতি চমু উত্তৰ দিয়াঃ (১ নম্বৰৰ প্রশ্ন) 

( a ) লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ ‘ এডুকেশ্বন ’ শব্দত ' e ' আৰু ' Duco ' শব্দৰ অর্থ কি ? 

উত্তৰঃ লেটিন শব্দৰ উৎপত্তিৰ মতে ইংৰাজীৰ ‘ এডুকেশ্বন ’ শব্দত ' e ' আৰু ' Duco ' শব্দৰ অর্থ হল- মই আগুৱাই যাওঁ।

( b ) “ শিক্ষা হৈছে দ্বি - কেন্দ্রিক প্রক্রিয়া ” —কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ

( c ) ব্যক্তিকেন্দ্রিক শিক্ষাৰ প্ৰধান সমর্থক কোন আছিল ? 

উত্তৰঃ ব্যক্তিকেন্দ্রিক শিক্ষাৰ প্ৰধান সমর্থক আছিল - ছাৰ পাৰ্চী নান।

2. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঃ (২ নম্বৰৰ প্ৰশ্ন)

(a) আনুষ্ঠানিক শিক্ষাৰ দুটা উদ্দেশ্য লিখা ।

উত্তৰঃ

( b ) দূৰত্ব শিক্ষাৰ দুটা মাধ্যম উল্লেখ কৰা । 

উত্তৰঃ

3. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ ( ৩ নম্বৰৰ প্রশ্ন ) 

(a) শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ব্যক্তিকেন্দ্ৰীক লক্ষ্যৰ লগতে সমাজকেন্দ্ৰীক লক্ষ্যও শিক্ষাৰ এক অন্যতম লক্ষ্য। শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্যৰ মতে, সমাজ বা ৰাষ্ট্ৰ ব্যক্তিত্বই বেছি গুৰুত্বপূৰ্ণ। সামাজিক লক্ষ্য মানে সামাজিক যোগ্যতা। সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ আহিলা হিচাপে মনোনিবেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে। সহজ অৰ্থত সামাজিক লক্ষ্যই ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে।

( b ) মুক্ত শিক্ষাৰ তিনিটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ 

2014

1. তলৰ প্রশ্নবােৰৰ উত্তৰ লিখাঃ (১ নম্বৰৰ প্রশ্ন)

( a ) কোনটো লেটিন শব্দৰ পৰা ‘ শিক্ষা ’ শব্দটো উৎপত্তি হৈছে ? 

উত্তৰঃ Educare শব্দটোৰ পৰা শিক্ষা শব্দটোৰ উৎপত্তি হৈছে।

(b) ৰুচোৰ বিখ্যাত গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ ৰুচোৰ বিখ্যাত গ্রন্থ এখন হল- 'এমিল' গ্ৰন্থ।

( c ) শিক্ষাৰ সমাজবাদী লক্ষ্যৰ মূল পৃষ্ঠপােষক কোন আছিল ? 

উত্তৰঃ শিক্ষাৰ সমাজবাদী লক্ষ্যৰ মূল পৃষ্ঠপােষক আছিল - জন ডিউই।

( d ) “ শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূর্ণতা প্রথমৰ পৰাই বিদ্যমান তাৰ প্ৰকাশ ” —এই কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ

2. তলত দিয়া বোৰৰ চমু উত্তৰ লিখাঃ

(a) শিক্ষাৰ সংজ্ঞা দিয়া।

উত্তৰঃ উপনিষদৰ মতে, শিক্ষা হৈছে ব্যক্তিৰ আত্ম-মুক্তিৰ একমাত্ৰ উপায়।

2015 

1. যথাযথ উত্তৰ দিয়াঃ

(ক) 'Education' শব্দটো গ্ৰীক/লেটিন/ফৰাচী ভাষাৰ পৰা আহিছিল।

উত্তৰঃ লেটিন।

(খ) 'এমিল (Emile) গ্ৰন্থৰ লিখকগৰাকী কোন আছিল?

উত্তৰঃ 'এমিল (Emile) গ্ৰন্থৰ লিখকগৰাকী হল - ৰুচো।

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

    ১) আনুষ্ঠানিক শিক্ষা এক সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয়। এই শিক্ষা পূৰ্বনিৰ্ধাৰিত আৰু উদ্দেশ্য প্ৰণোদিত।

    ২) আনুষ্ঠানিক শিক্ষা এক নিৰ্ধাৰিত সময়ৰ বাবে প্ৰদান কৰা হয়। গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ।

(খ) অগতানুগতিক শিক্ষা কি?

উত্তৰঃ অগতানুগতিক শিক্ষা এনে এবিধ শিক্ষা, যাক আনুষ্ঠানিক শিক্ষা গণ্ডীৰ বাহিৰত নিৰ্বাচিত কেতবোৰ প্ৰয়োজনীয় বিষয়ৰ ওপৰত কম সময়ৰ বিতৰত দিয়া হয়।

3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(ক) 'শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া'। কথাষাৰ কোনে কৈছিল? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ 'শিক্ষা এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া'। কথাষাৰ জন ডিউই য়ে কৈছিল। শিক্ষা প্ৰক্ৰিয়া একমাত্ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ আন্তঃপ্ৰক্ৰিয়াতে সীমাবদ্ধ হৈ নাথাকে। শিক্ষাৰ বাবে সামাজিক পৰিবেশৰো প্ৰয়োজন। উপযুক্ত পৰিবেশৰ অভাৱত শিক্ষাকাৰ্য সফল হব নোৱাৰে।

4. যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়াঃ

(ক) শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লিখা।

উত্তৰঃ ব্যক্তিতান্ত্ৰিক লক্ষ্যৰ দৰে সমাজকেন্দ্ৰিক লক্ষ্যও শিক্ষাৰ এক অন্যতম লক্ষ্য। শিক্ষাৰ সমাজতান্ত্ৰিক লক্ষ্যৰ মতে, সমাজ বা ৰাষ্ট্ৰ ব্যক্তিতকৈ বেছি গুৰুত্বপূৰ্ণ। জন ডিউই আৰু বাগলেই সামাজিক লক্ষ্যক কিছু পৃথক দৃষ্টিৰে ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে, সামাজিক লক্ষ্য মানে সামাজিক যোগ্যতা। সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ আহিলা হিচাপেহে মনোনিবেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে। সহজ অৰ্থত সামাজিক লক্ষ্যই ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে। সহজ অৰ্থত সামাজিক লক্ষ্য মানে ব্যক্তিৰ মাজত সামাজিক জ্ঞান, ধ্যান তথা সহায়-সহযোগিতা বৃদ্ধি।

2016

1. নিৰ্দেশানুসাৰে যথাযথ উত্তৰ দিয়াঃ

(ক) শিক্ষাৰ এটা সংজ্ঞা দিয়া

উত্তৰঃ পেষ্টালজীৰ মতে, শিক্ষা হল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক, ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ।

(খ) 'আধুনিক শিক্ষাৰ পিতৃ' বুলি কাক কোৱা হয়?

উত্তৰঃ 'আধুনিক শিক্ষাৰ পিতৃ' বুলি জন আমাছক কোৱা হয়।

(গ) Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ Democracy and Education নামৰ গ্ৰন্থখনৰ ৰচক জন হল-  ডিউই।


2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) সমাজবিজ্ঞানৰ লগত শিক্ষা কিদৰে জড়িত?

উত্তৰঃ শিক্ষা সমাজবিজ্ঞান শিক্ষাৰ লগত সমাজৰ সম্বন্ধক বিশ্লেষণ কৰে। শিক্ষা হল এক কাৰ্য যি সমাজৰ মাজত প্ৰচলিত। সেয়েহে শিক্ষাৰ লক্ষ্য, পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, অনুশাসন আদি সমাজৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। এই বিভাগত সমাজৰ প্ৰকৃতি, সংস্কৃতি, সমাজ ক্ৰিয়া-কলাপ, বিভিন্ন সামাজিক প্ৰৱণতাৰ শিক্ষাৰ ওপৰত পৰা প্ৰভাৱক অধ্যয়ন কৰা।

(খ) আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰঃ আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত দুটা পাৰ্থক্য হল-

    আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আছে, কিন্তু অগতানুগতিক শিক্ষাৰ নিৰ্দিষ্ট সময়সীমা নাই।

    আনুষ্ঠানিক শিক্ষা শিক্ষাৰ পৰিধি সীমিত আৰু সংকীৰ্ণ। কিন্তু অগতানুগতিক শিক্ষাৰ পৰিধি অতি বহল আৰু ব্যাপক।

3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) শিক্ষাৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ শিক্ষাৰ পৰিধি বা পৰিসৰ বুলি কলে শিক্ষাই সামৰি লোৱা বিষয়বস্তুসমূহকে বুজোৱা হয়। শিক্ষাক্ষেত্ৰত পৰিধিয়ে কোনো বহুলতা আৰু বহুমুখী শিক্ষণ অভিজ্ঞতাকে সাঙুৰি লয়। এইটো সত্য যে, শিক্ষাৰ পৰিধি অতি ব্যাপক আৰু বহল। ঠিক আমাৰ জীৱনৰ নিচিনা। ব্যক্তি বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক দিশৰ প্ৰতিটো স্তৰতেই শিক্ষাৰ প্ৰভাৱ বিৰাজমান। শিক্ষাক শিক্ষাৰ্থীৰ পাৰস্পৰিক ভাৱৰ বিনিময়, শিক্ষকৰ চৰিত্ৰ, আচৰণ, শৃংখলাবোধ, শিক্ষাদানৰ কৌশল, পাঠ্যক্ৰমৰ প্ৰকৃতি, বিভিন্ন বিষয়বস্তুৰ জ্ঞান,শিক্ষণ, শিক্ষণ পদ্ধতি, অনুশাসন ব্যৱস্থা আদিৰ সুসংবদ্ধ আৰু প্ৰণালীবদ্ধ অধ্যয়ন কৰাই শিক্ষা।

4. শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লিখা।

উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দৃষ্টিভংগী প্ৰাকৃতিক আৰু বৈজ্ঞানিক। ব্যক্তিৰ ব্যক্তিত্বই হৈছে জীৱনৰ মূল আদৰ্শ। ব্যক্তি এজনক কিমান দক্ষতা প্ৰদান কৰা হয়, তাৰ ওপৰত ভিত্তি কৰি শিক্ষা আঁচনিৰ মূল্য পৰিমাপণ কৰি চোৱা হয়। গতিকে ব্যক্তিবাদী শিক্ষাৰ মূল লক্ষ্য হৈছে ব্যক্তি সত্তাৰ উন্নয়ন।

2017

1. নিৰ্দেশ অনুসৰি যথাযথ উত্তৰ দিয়াঃ

(ক) 'শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।" কথাষাৰ কোনে কৈছিল?

উত্তৰঃ 'শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ।" কথাষাৰ  স্বামী বিবেকানন্দই কৈছিল।

(খ) 'এমিল' গ্ৰন্থৰ ৰচয়িতা কোন আছিল?

উত্তৰঃ 'এমিল' গ্ৰন্থৰ ৰচয়িতাৰুচো।

(গ) জীৱবিদ্যাৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই। (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ অশুদ্ধ।

2. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ ( ২ নম্বৰৰ প্ৰশ্ন ) 

(ক) অগতানুগতিক শিক্ষাৰ দুটা প্রধান বৈশিষ্ট্য লিখা । 

উত্তৰঃ অগাতনুগতিক শিক্ষাৰ দুটা বৈশিষ্ট্য হল-

    ১) সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ বাবে এই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

    ২) অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, সমাজমুখী আৰু গণতান্ত্ৰিক।

(খ) অনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা দুটা পার্থক্য লিখা । 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰিধি অতি সীমিত আৰু সংকীৰ্ণ। অনানুষ্ঠিক শিক্ষাৰ পৰিধি ব্যাপক আৰু বিস্তত।

    আনুষ্ঠানিক শিক্ষা স্কুলপ, কলেজ, ধৰ্মীয় অনুষ্ঠান আদিত শিক্ষা সীমাবদ্ধ, কিন্তু অনানুষ্ঠানিক শিক্ষাত ঘৰ, বজাৰ,বাতৰি কাকত, ৰেডিঅ আদিৰ জৰিয়তে লাভ কৰা হয়।

3. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ ( ৪ নম্বৰৰ প্ৰশ্ন )

(ক) শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে তুমি কি বুজা ? 

উত্তৰঃ

4. শিক্ষাৰ সামাজিক লক্ষ্য বুলিলে তুমি কি বুজা ? শিক্ষাৰ সামাজিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্যৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা । ( ৬ নম্বৰৰ প্রশ্ন ) 

উত্তৰঃ শিক্ষাৰ সামাজিক লক্ষ্যই এজন ব্যক্তিক কেৱল সমাজৰ আহিলা হিচাপেহে মনোনিবেশ কৰে আৰু ব্যক্তিৰ দায়িত্ব ৰাষ্ট্ৰৰ হাতত ন্যস্ত কৰিবলৈ চেষ্টা কৰে। ব্যক্তিকেন্দ্ৰীক লক্ষ্য আৰু সমাজকেন্দ্ৰীক লক্ষ্যৰ মাজত থকা ৩ টা পাৰ্থক্য হল-


2 0 1 8 

1. নির্দেশ অনুসৰি যথাযথ উত্তৰ দিয়াঃ ( ১ নম্বৰৰ প্রশ্ন ) 

(ক) শিক্ষা হ’ল মানুহৰ অন্তর্নিহিত শক্তিৰ স্বাভাৱিক, সুসামঞ্জস্যপূর্ণ আৰু প্রগতিশীল বিকাশ । কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ শিক্ষা হ’ল মানুহৰ অন্তর্নিহিত শক্তিৰ স্বাভাৱিক, সুসামঞ্জস্যপূর্ণ আৰু প্রগতিশীল বিকাশ। কথাষাৰ পেষ্টালজীয়ে কৈছিল।

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ ( ৪ নম্বৰৰ প্রশ্ন )

( ক ) শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ শিক্ষা কেৱল সাংস্কৃতিক দিশৰ পৰিশোধন আৰু হস্তান্তৰকৰণৰ প্ৰক্ৰিয়াই নহয়, বৰং শিক্ষা, সামাজিক, অৰ্থনৈতিক আৰু বৃত্তীয় দিশৰ উন্নয়নৰ আহিলা স্বৰুপ। বৰ্তমান সময়ত, বৃত্তিক সংৰক্ষণ কৰাটো শিক্ষাৰ এক মৌলিক প্ৰয়োজন হৈ পৰিছে। আধুনিক পৃথিৱীত জীৱন-নিৰ্বাহৰ প্ৰক্ৰিয়া বৰ জটিল হৈ পৰিছে। কাৰণ, আধুনিক জগতৰ বৃত্তিমূলক পৰিসৰ অতি বিস্তত, যত নেকি ব্যক্তিয়ে বিশেষ যোগ্যতা আৰু দীঘলীয়া সময়ৰ ব্যৱহাৰ কৰিব লগা হয়। সেয়েহে আধুনিক শিক্ষা কেৱল জ্ঞান আহৰণৰ বাবে অথবা মানুহৰ বৌদ্ধিক আৰু আধ্যাত্মিক শক্তি বিকাশৰ বাবেই মাথোন আয়ত্ত কৰা নহয়। শিক্ষাৰ আন এটা বাস্তৱ আৰু প্ৰত্যক্ষ প্ৰয়োজন অনুভৱ কৰা হয়। এই প্ৰয়োজন হৈছে ব্যক্তিক উৎপাদনমুখী আৰু স্বাৱলম্বী কৰি তোলা। জ্ঞান কেৱল আধ্যাত্মিক আৰু সৌন্দৰ্যবোধক বিষয় বুলি নাভাবি ব্যৱহাৰিক আৰু উৎপাদনকাৰী বিষয় হিচাপেহে বিবেচনা কৰিব লাগে। শিক্ষাৰ আত্মিক প্ৰয়োজনতকৈও আজিৰ শিল্প আৰু বিজ্ঞানমুখী সমাজত অৰ্থনৈতিক প্ৰয়োজন বেছি। বৰ্তমান এনেবিধ প্ৰয়োজন পূৰণ কৰা শিক্ষাই হৈছে বৃত্তিমূলক শিক্ষা।

(খ) শিক্ষাৰ ‘ত্রিকেন্দ্রিক' প্রক্রিয়া বুলিলে তুমি কি বুজা ? 

উত্তৰঃ

3. শিক্ষা বুলিলে তুমি কি বুজা? শিক্ষাৰ ঠেক আৰু বহল অর্থ চমুকৈ বর্ণনা কৰা । ( ৬ নম্বৰৰ প্রশ্ন )

উত্তৰঃ


Answered by- Leena Kakati