সপ্তম- অধ্যায়

যুক্তৰাষ্ট্ৰীয়বাদ

ৰচনাধৰ্মী প্ৰশ্ন:

১। যুক্তৰাষ্ট্ৰীয়বাদ বুলিলে কি বুজা?বহলাই আলোচনা কৰা।

উত্তৰ:-যুক্তৰাষ্ট্ৰীয়বাদ এনে এক শাসন ব্যৱস্থা য'ত ৰাষ্ট্ৰখনৰ সমগ্ৰ ৰাজ্যক্ষেত্ৰৰ ওপৰত এখন কৰ্তৃত্বশীল কেন্দ্ৰীয় চৰকাৰ থকাৰ উপৰিও ৰাষ্ট্ৰখনৰ কেইবাখনো চৰকাৰ থাকে।এই যৌথ প্ৰশাসন ব্যৱস্থাটোকে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলা হয়।

যুক্তৰাষ্ট্ৰীয়বাদৰ ধাৰণাটো ১৭৮৭ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰ প্ৰতিষ্ঠা হোৱাৰ পৰা আৰম্ভ হোৱা বুলি কব পাৰি।যুক্তৰাষ্ট্ৰ হৈছে সৰু সৰু ৰাষ্ট্ৰবোৰ মিলিত হৈ তৈয়াৰ কৰা এটা সংস্থা,য'ত মিলিত ৰাষ্ট্ৰবোৰে মিলিত স্বতন্ত্ৰতা অক্ষুন্ন ৰাখি উমৈহতীয়া উদ্দেশ্যত একত্ৰিত হয়।যুক্তৰাষ্ট্ৰ এখন কেতবোৰ নিয়ম-নীতিৰ ভিত্তিত গঢ় লৈ উঠে,অৰ্থাৎ যুক্তৰাষ্ট্ৰৰ কেতবোৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়,যেনে:-

(ক) দুই ধৰণৰ শাসন ব্যৱস্থা:-যুক্তৰাষ্ট্ৰত সাধাৰণতে দুই ধৰণৰ শাসন ব্যৱস্থা দেখিবলৈ পোৱা যায়;এটা হৈছে ৰাষ্ট্ৰীয় স্তৰত আৰু আনটো হৈছে আঞ্চলিক স্তৰত।ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় স্তৰত কেন্দ্ৰীয় চৰকাৰ আৰু আঞ্চলিক স্তৰত ৰাজ্যিক চৰকাৰ আছে।

(খ) দুই ধৰণৰ পৰিচয়:-যুক্তৰাষ্ট্ৰত সাধাৰণতে দুই ধৰণৰ পৰিচয় থাকে।যিখন ৰাষ্ট্ৰত বাস কৰে সেই ৰাষ্ট্ৰখনৰ আৰু যিটো অঞ্চলত বাস কৰে সেই অঞ্চলৰ ।সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।

(গ)লিখিত সংবিধান:-যুক্তৰাষ্ট্ৰত লিখিত সংবিধান থাকে।যিহেতুকে ইয়াত দুই ধৰণৰ শাসন ব্যৱস্থা থাকে অৰ্থাৎ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক চৰকাৰ থাকে,সেয়েহে চৰকাৰ দুখনৰ ক্ষমতাবোৰৰ বণ্টন সংবিধানত লিপিবদ্ধ থাকে যাতে বিবাদৰ সৃষ্টি নহয়। (ঘ)নিৰপেক্ষ ন্যায়ালয়:-যুক্তৰাষ্ট্ৰত দুই ধৰণৰ চৰকাৰ থাকে,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ।এই চৰকাৰ দুখনৰ মাজত হোৱা বিবাদ নিষ্পত্তি কৰাৰ বাবে এখন নিৰপেক্ষ ন্যায়ালয় থাকে।ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে বিবাদ মীমাংসা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক দায়িত্ব অৰ্পণ কৰা হৈছে।


২।যুক্তৰাষ্ট্ৰীয়বাদে কেনেদৰে ভিন্নতাৰ বাসস্থানক নিশ্চিত কৰে-তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰ:-যুক্তৰাষ্ট্ৰীয়বাদে ভিন্নতাৰ বাসস্থানক নিশ্চিত কৰে।যুক্তৰাষ্ট্ৰ হ'ল সৰু সৰু ৰাষ্ট্ৰবোৰ মিলিত হৈ গঠিত হোৱা এটা সংস্থা।য'ত ভিন্ন ভাষা-ভাষী ,সংস্কৃতি,জাতি,গোষ্ঠী,ধৰ্ম,সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ থাকে।কিন্তু।,এনে ভিন্নতাৰ মাজতো একেখন ৰাষ্ট্ৰৰ অধীনত একেলগে সহবাহ কৰাৰ মূলতে হৈছে জনসাধাৰণৰ মাজত থকা বিশ্বাস,সহযোগিতা,পাৰস্পৰিক  শ্ৰদ্ধা আদি।কিন্তু এইকেইটাৰ অভাৱ ঘটিলে ভিন্নতাৰ বাসস্থান কেতিয়াও নিশ্চিত হ'ব নোৱাৰে।

                   যুক্তৰাষ্ট্ৰ গঢ় লৈ উঠা অঞ্চলসমূহৰ স্ব-শাসনেও অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টি কৰে।দুই ধৰণৰ চৰকাৰৰ সহযোগিতাপূৰ্ণ মনোভাৱেৰে সম্পৰ্ক ৰক্ষা কৰি সকলো নাগৰিকৰ প্ৰতি সমান দৃষ্টি ৰাখিবলৈ প্ৰয়াস কৰে বাবে যুক্তৰাষ্ট্ৰত ভিন্নতাৰ বাসস্থান নিশ্চিত হয়।

  আৰ্থিক বিবেচনাৰ জৰিয়তে যুক্তৰাষ্ট্ৰই বাসস্থান নিশ্চিত কৰে।যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বেছি পৰিমাণৰ কেঁচা সামগ্ৰী,অধিক উৎপাদন আৰু বহল বজাৰৰ সুবিধা থাকে।ইয়ে জনসাধাৰণৰ আৰ্থিক অৱস্থা টনকিয়াল কৰে।ইয়াৰ ফলশ্ৰুতিত জনসাধাৰণৰ মাজত ভিন্নতা থাকিলেও একেলগে বসবাস কৰিবলৈ ইচ্ছুক হয়।তদুপৰি,যুক্তৰাষ্ট্ৰত জনসাধাৰণৰ উদাৰতা,সহিষ্ণুতা,সহানুভূতি আৰু বহল দৃষ্টিভংগী গঢ় লৈ উঠে,ইয়ে ভিন্নতাৰ বাসস্থানক নিশ্চিত কৰে।


৩।ভাৰতবৰ্ষৰ সংবিধানখন কি দৰে যুক্তৰাষ্ট্ৰীয় ? যুক্তি সহকাৰে বুজাই লিখা।

উত্তৰ:-ভাৰতবৰ্ষৰ সংবিধানখন যুক্তৰাষ্ট্ৰীয় বুলি ক'তো উল্লেখ নাথাকিলেও, কেতবোৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতবৰ্ষৰ সংবিধানত বিদ্যমান।ভাৰতবৰ্ষৰ সংবিধানত বিদ্যমান বৈশিষ্ট্যসমূহ হ'ল-

১।লিখিত সংবিধান:-যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ'ল লিখিত সংবিধান।ভাৰতবৰ্ষৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা।ই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ লিখিত সংবিধান।

২।দুই তৰপীয়া চৰকাৰ:-যুক্তৰাষ্ট্ৰৰ আন এটা প্ৰয়োজনীয় বৈশিষ্ট্য হ'ল দুই তৰপীয়া চৰকাৰ।ভাৰতীয় সংবিধানে দ্বৈত শাসনতন্ত্ৰ প্ৰৱৰ্তন কৰিছে।ভাৰতত এখন কেন্দ্ৰীয় চৰকাৰ আৰু ২৯ খন ৰাজ্যিক চৰকাৰ আছে।

৩।ক্ষমতাৰ বিভাজন:-কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজন যুক্তৰাষ্ট্ৰৰ আন এটা প্ৰধান বৈশিষ্ট্য।ভাৰতীয় সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰি দিছে।

৪।স্বাধীন ন্যায়পালিকা:-যুক্তৰাষ্ট্ৰৰ বাবে স্বাধীন ন্যায়পালিকা অতি প্ৰয়োজন।ভাৰতৰ উচ্চতম ন্যায়ালয় হ'ল সংবিধানৰ অভিভাৱক আৰু চৰম ব্যাখ্যাকৰ্তা।

                                ভাৰতবৰ্ষৰ সংবিধান যুক্তৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় আটাইবোৰ বৈশিষ্ট্য বিদ্যমান।সেয়েহে সংবিধানত যুক্তৰাষ্ট্ৰ বুলি উল্লেখ নাথাকিলেও ভাৰতবৰ্ষৰ সংবিধানখন যুক্তৰাষ্ট্ৰীয় সংবিধান।


৪।ভাৰতবৰ্ষত ৰাজ্যিক চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰ বেছি শক্তিশালী।এই কথাফাঁকিৰ সমৰ্থনত তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰ:-ভাৰতবৰ্ষত ৰাজ্যিক চৰকাৰতকৈ কেন্দ্ৰীয় চৰকাৰ বেছি শক্তিশালী।কাৰণ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰ প্ৰতিষ্ঠা কৰি যুক্তৰাষ্ট্ৰ গঠন কৰিবলৈ প্ৰয়াস কৰিছিল।ইয়াৰ মূলতে হ'ল ভাৰতবৰ্ষ এখন ভিন্ন জাতি-গোষ্ঠীৰ ৰঙ্গমঞ্চ।বিভিন্ন সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে কেন্দ্ৰক অধিক শক্তিশালী কৰাৰ ব্যৱস্থা কৰিছে।সেই ব্যৱস্থাবোৰ হ'ল-

১।নতুন ৰাজ্যৰ সৃষ্টি:-ভাৰতবৰ্ষৰ সংবিধানে কোনো ৰাজ্য ভাঙি নতুন ৰাজ্যৰ সৃষ্টি বা কেইখনমান ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰাৰ দায়িত্ব কেন্দ্ৰীয় সংসদৰ ওপৰত ন্যস্ত কৰি কেন্দ্ৰক শক্তিশালী কৰিছে।

২।সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী:-ভাৰতবৰ্ষৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্ৰদান কৰি ইয়াৰ একাত্মক ৰূপ প্ৰতিফলিত কৰিছে।সংবিধানৰ ৩৫২নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে বাহ্যিক আক্ৰমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভূক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰে আৰু ভাৰতীয় সংবিধানসম্পূৰ্ণ একাত্মক সংবিধানত পৰিণত হয়।

৩।ৰাজ্যসমূহৰ বাবে ৰাজ্যপালৰ নিযুক্তি:-ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হ'ল ৰাজ্যপাল।ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত ৰাজ্যপালসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে।

৪।সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহ:-সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহৰ জৰিয়তে বাছনি কৰা ভাৰতীয় প্ৰশাসনীয় সেৱা,ভাৰতীয় আৰক্ষী সেৱা আদিৰ লোকসকলক ৰাজ্যৰ উচ্চ স্থানীয় প্ৰশাসনিক পদবীবোৰত নিয়োগ কৰা ব্যৱস্থাই ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপ ওলাই পৰিছে।

৫।কেন্দ্ৰৰ বিত্তীয় শ্ৰেষ্ঠত্ব:-ভাৰতৰ অংগৰাজ্যবোৰৰ কেন্দ্ৰৰ ওপৰত বিত্তীয় নিৰ্ভৰশীলতা ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য।সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় সম্পৰ্কৰ বিষয়ে বিশদভাৱে আলোচনা কৰা আছে।কিন্তু ,সংবিধানে বিত্তীয় ক্ষেত্ৰত ৰাজ্যতকৈ কেন্দ্ৰক বেছি অগ্ৰাধিকাৰ দিছে।


৫।ভাৰতবৰ্ষত কেতবোৰ ৰাজ্য বা অঞ্চলৰ বাবে সংবিধানে বিশেষ ব্যৱস্থা কৰিছে নে?উদাহৰণৰ সৈতে তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰ:-ভাৰতবৰ্ষত কেতবোৰ ৰাজ্য বা অঞ্চলৰ বাবে সংবিধানে বিশেষ ব্যৱস্থা কৰিছে।ভাৰতবৰ্ষৰ সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰসমূহৰ মাজত ক্ষমতাৰ বিভাজন কৰা আছে।ৰাজ্যিক সূচীভূক্ত বিষয়সমূহৰ ওপৰত সকলো ৰাজ্যই সমান ক্ষমতা প্ৰয়োগ কৰিব পাৰিব।কিন্তু,কিছুমান ৰাজ্যৰ স্বকীয় সামাজিক আৰু ভৌগোলিক পৰিৱেশৰ  বাবে সেই ৰাজ্যসমূহৰ বাবে সংবিধানত কেতবোৰ বিশেষ সুবিধাৰ ব্যৱস্থা ৰখা হৈছে।এনে সুবিধা বিশেষকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহ,যেনে:-অসম,নাগালেণ্ড,মিজোৰাম আদি।ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ কেতবোৰ অঞ্চল হিমাচল প্ৰদেশ,অন্ধ্ৰপ্ৰদেশ,গোৱা,গুজৰাট,ছিকিম আদি ৰাজ্যসমূহকো বিশেষ সুবিধা প্ৰদানৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰা আছে।

                   সংবিধানৰ ৩৭০নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হৈছে।সংবিধানে  স্বায়ত্ব শাসন প্ৰদান কৰিছে।বৰ্তমান জম্মু আৰু কাশ্মীৰে বিশেষ সুবিধা ভোগ কৰা বিষয়কেইটা হ'ল-ৰাজ্যিক চৰকাৰৰ অনুমোদন নোহোৱাকৈ ৰাষ্ট্ৰপতিয়ে আভ্যন্তৰীণ বিশৃংখলৰ বাবে জম্মু আৰু কাশ্মীৰত জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰিব আৰু আৰ্থিক জৰুৰীকালীন ৰাজ্যখনত প্ৰয়োগ কৰিব নোৱাৰিব।তাৰোপৰি যুক্তৰাষ্ট্ৰীয় নিয়ম অনুসৰি যদিও প্ৰত্যেকখন ৰাজ্যৰ পৰা সমান সংখ্যক প্ৰতিনিধি সংসদৰ উচ্চ সদনৰ পৰা নিৰ্বাচিত কৰিব লাগে, কিন্তু,জনবহুল ৰাজ্যৰ পৰা অধিক সংখ্যক প্ৰতিনিধি উচ্চ সদনলৈ পঠিওৱাৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰা আছে।

        এনেবোৰ কিছুমান কাৰণত কেতবোৰ ৰাজ্য বা অঞ্চলৰ বাবে বিশেষ ব্যৱস্থাৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰা আছে।


৬। ভাৰতৰ সংবিধানৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা,যিয়ে ৰাজ্যতকৈ কেন্দ্ৰক বেছি শক্তিশালী কৰিছে।

উত্তৰ:-ভাৰতৰ সংবিধানৰ পাঁচটা বৈশিষ্ট্য  হ'ল,যিয়ে ৰাজ্যতকৈ কেন্দ্ৰক বেছি শক্তিশালী কৰিছে-

১।নতুন ৰাজ্যৰ সৃষ্টি:-ভাৰতবৰ্ষৰ সংবিধানে কোনো ৰাজ্য ভাঙি নতুন ৰাজ্যৰ সৃষ্টি বা কেইখনমান ৰাজ্য লগ লগাই এখন ৰাজ্য গঠন কৰাৰ দায়িত্ব কেন্দ্ৰীয় সংসদৰ ওপৰত ন্যস্ত কৰি কেন্দ্ৰক শক্তিশালী কৰিছে।

২।সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী:-ভাৰতবৰ্ষৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্ৰদান কৰি ইয়াৰ একাত্মক ৰূপ প্ৰতিফলিত কৰিছে।সংবিধানৰ ৩৫২নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে বাহ্যিক আক্ৰমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভূক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰে আৰু ভাৰতীয় সংবিধানসম্পূৰ্ণ একাত্মক সংবিধানত পৰিণত হয়।

৩।ৰাজ্যসমূহৰ বাবে ৰাজ্যপালৰ নিযুক্তি:-ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হ'ল ৰাজ্যপাল।ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত ৰাজ্যপালসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে।

৪।সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহ:-সমূহীয়া সৰ্বভাৰতীয় সেৱাসমূহৰ জৰিয়তে বাছনি কৰা ভাৰতীয় প্ৰশাসনীয় সেৱা,ভাৰতীয় আৰক্ষী সেৱা আদিৰ লোকসকলক ৰাজ্যৰ উচ্চ স্থানীয় প্ৰশাসনিক পদবীবোৰত নিয়োগ কৰা ব্যৱস্থাই ভাৰতীয় সংবিধানৰ একাত্মক স্বৰূপ ওলাই পৰিছে।

৫।কেন্দ্ৰৰ বিত্তীয় শ্ৰেষ্ঠত্ব:-ভাৰতৰ অংগৰাজ্যবোৰৰ কেন্দ্ৰৰ ওপৰত বিত্তীয় নিৰ্ভৰশীলতা ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য।সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ বিত্তীয় সম্পৰ্কৰ বিষয়ে বিশদভাৱে আলোচনা কৰা আছে।কিন্তু ,সংবিধানে বিত্তীয় ক্ষেত্ৰত ৰাজ্যতকৈ কেন্দ্ৰক বেছি অগ্ৰাধিকাৰ দিছে।


*চমু উত্তৰৰ প্ৰশ্ন:

১।ভাৰতৰ সংবিধানৰ যিকোনো দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:-ভাৰতৰ সংবিধানৰ যিকোনো দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল-

১।লিখিত সংবিধান:-যুক্তৰাষ্ট্ৰীয় সংবিধানৰ আটাইতকৈ আৱশ্যকীয় বৈশিষ্ট্য হ'ল লিখিত সংবিধান।ভাৰতবৰ্ষৰ সংবিধানখন পুংখানুপুংখভাৱে লিখি উলিওৱা এখন বৃহৎ দলিলৰ নিচিনা।ই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ লিখিত সংবিধান।

২।দুই তৰপীয়া চৰকাৰ:-যুক্তৰাষ্ট্ৰৰ আন এটা প্ৰয়োজনীয় বৈশিষ্ট্য হ'ল দুই তৰপীয়া চৰকাৰ।ভাৰতীয় সংবিধানে দ্বৈত শাসনতন্ত্ৰ প্ৰৱৰ্তন কৰিছে।ভাৰতত এখন কেন্দ্ৰীয় চৰকাৰ আৰু ২৯ খন ৰাজ্যিক চৰকাৰ আছে।


২।ভাৰতৰ কেন্দ্ৰৰ প্ৰৱণতাৰ দুটা কাৰণ দৰ্শোৱা।

উত্তৰ:-ভাৰতৰ কেন্দ্ৰৰ প্ৰৱণতাৰ দুটা কাৰণ হ'লঃ

১।সংবিধানৰ জৰুৰী ব্যৱস্থাৱলী:-ভাৰতবৰ্ষৰ সংবিধানে ৰাষ্ট্ৰপতিৰ হাতত জৰুৰী ক্ষমতা প্ৰদান কৰি ইয়াৰ একাত্মক ৰূপ প্ৰতিফলিত কৰিছে।সংবিধানৰ ৩৫২নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে বাহ্যিক আক্ৰমণ নাইবা আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিলে কেন্দ্ৰীয় সংসদে ৰাজ্যিক সূচীভূক্ত যিকোনো বিষয়ৰ ওপৰত আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰে আৰু ভাৰতীয় সংবিধানসম্পূৰ্ণ একাত্মক সংবিধানত পৰিণত হয়।

২।ৰাজ্যসমূহৰ বাবে ৰাজ্যপালৰ নিযুক্তি:-ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হ'ল ৰাজ্যপাল।ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত ৰাজ্যপালসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে।


৩।ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰাৰ কাৰণ দৰ্শোৱা।

উত্তৰ:-ভাৰতবৰ্ষৰ জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰাৰ কাৰণ হ'ল-সংবিধানৰ ৩৭০নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা হৈছে।স্বাধীনতাৰ পিছত বিশেষ পৰিস্থিতিৰ উদ্ভৱ হৈছিল।কাৰণ জম্মু আৰু কাশ্মীৰ মুছলীম প্ৰধান অঞ্চল হ'লেও ভাৰতবৰ্ষৰ লগত চামিল হৈছিল।এনে পৰিস্থিতিত  জম্মু আৰু কাশ্মীৰক    সংবিধানে  স্বায়ত্ব শাসন প্ৰদান কৰিছে।বৰ্তমান জম্মু আৰু কাশ্মীৰে বিশেষ সুবিধা ভোগ কৰা বিষয়কেইটা হ'ল-ৰাজ্যিক চৰকাৰৰ অনুমোদন নোহোৱাকৈ ৰাষ্ট্ৰপতিয়ে আভ্যন্তৰীণ বিশৃংখলৰ বাবে জম্মু আৰু কাশ্মীৰত জৰুৰী অৱস্থা ঘোষণা কৰিব নোৱাৰিব আৰু আৰ্থিক জৰুৰীকালীন ৰাজ্যখনত প্ৰয়োগ কৰিব নোৱাৰিব।


৪।ভাৰতৰ সংবিধানে বিশেষ মৰ্যদা প্ৰদান কৰা তিনিখন ৰাজ্যৰ নাম লিখা।

উত্তৰ:-ভাৰতৰ সংবিধানে বিশেষ মৰ্যদা প্ৰদান কৰা তিনিখন ৰাজ্যৰ নাম হ'ল-গোৱা,জম্মু আৰু কাশ্মীৰ,হিমাচল প্ৰদেশ।


৫।ভাৰতবৰ্ষৰ সংবিধানত প্ৰত্যেকখন ৰাজ্যৰ পৰা সমান সংখ্যক প্ৰতিনিধি ৰাজ্যসভালৈ নিৰ্বাচিত নকৰি কিয় ৰাজ্যৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰিছে?তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰ:-ভাৰতবৰ্ষৰ সংবিধানত প্ৰত্যেকখন ৰাজ্যৰ পৰা সমান সংখ্যক প্ৰতিনিধি ৰাজ্যসভালৈ নিৰ্বাচিত কৰে ৰাজ্যৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি।যদিও যুক্তৰাষ্ট্ৰীয় নিয়ম অনুসৰি প্ৰত্যেকখন ৰাজ্যৰ পৰা সমান সংখ্যক প্ৰতিনিধি ৰাজ্যসভালৈ নিৰ্বাচিত কৰিব লাগে,কিন্তু,জনবহুল ৰাজ্যবোৰৰ পৰা অধিক সংখ্যক প্ৰতিনিধি ৰাজ্যসভালৈ পঠিওৱাৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰা আছে।ইয়াৰ জৰিয়তে এনে ৰাজ্যবোৰক বিশেষ সুবিধা দিয়া যেন অনুভৱ হয়।সংবিধান অনুসৰি কোন ৰাজ্যৰ পৰা কিমান সংখ্যক প্ৰতিনিধি নিৰ্বাচিত হ'ব সেইটো ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।যি ৰাজ্যত জনসংখ্যা বেছি,তাৰ পৰা বেছি সংখ্যক প্ৰতিনিধি আৰু কম জনসংখ্যা থকা ৰাজ্যৰ পৰা কম সংখ্যক প্ৰতিনিধি ৰাজ্যসভালৈ পঠিওৱাৰ বিষয়ে সংবিধানত লিপিবদ্ধ কৰা আছে।ইয়াৰ জৰিয়তে সংবিধান ৰচকসকলে ৰাজ্যসমূহৰ জনসংখ্যাৰ ভাৰসাম্য ৰক্ষা কৰি ৰাজ্যসভালৈ প্ৰতিনিধি নিৰ্বাচনৰ ব্যৱস্থা কৰিছে।যাতে জনবহুল ৰাজ্যসমূহৰ মাজত অসন্তুষ্টৰ সৃষ্টি নহয়।


*অতি চমু উত্তৰৰ প্ৰশ্ন: 

১।ভাৰতবৰ্ষৰ সংবিধানত 'যুক্তৰাষ্ট্ৰ' শব্দটো উল্লেখ কৰা হৈছে নে?

উত্তৰ:-ভাৰতবৰ্ষৰ সংবিধানত 'যুক্তৰাষ্ট্ৰ' শব্দটো উল্লেখ কৰা হোৱা নাই।


২।ভাৰতবৰ্ষৰ সংবিধানত 'যুক্তৰাষ্ট্ৰ'ৰ সলনি কি শব্দ ব্যৱহাৰ কৰা হৈছে?

উত্তৰ:-ভাৰতবৰ্ষৰ সংবিধানত 'যুক্তৰাষ্ট্ৰ'ৰ সলনি 'সংঘ' শব্দ ব্যৱহাৰ কৰা হৈছে।


৩।'ভাৰত হ'ব ৰাজ্যসমূহৰ সংঘ'এই কথাখিনি সংবিধানৰ কোন নম্বৰ অনুচ্ছেদত উল্লেখ কৰিছে?

উত্তৰ:-ভাৰত হ'ব ৰাজ্যসমূহৰ সংঘ'এই কথাখিনি সংবিধানৰ ১ নম্বৰ অনুচ্ছেদত উল্লেখ কৰিছে।


৪।নিজৰ সংবিধান থকা ভাৰত যুক্তৰাষ্ট্ৰৰ একমাত্ৰ ৰাজ্যখনৰ নাম লিখা।

উত্তৰ:-নিজৰ সংবিধান থকা ভাৰত যুক্তৰাষ্ট্ৰৰ একমাত্ৰ ৰাজ্যখনৰ নাম হ'ল- জম্মু আৰু কাশ্মীৰ।


৫।সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছে?

উত্তৰ:-সংবিধানৰ ৩৭০নং অনুচ্ছেদ অনুসৰি জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছে।


৬।ভাৰতবৰ্ষৰ সংবিধানে কেইখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বণ্টন কৰা হৈছে?

উত্তৰ:-ভাৰতবৰ্ষৰ সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বণ্টন কৰা হৈছে।


৭।সমৱৰ্তী সূচীৰ ওপৰত কোন চৰকাৰ আইন ৰচনা কৰাৰ ক্ষমতা থাকে?

উত্তৰ:-সমৱৰ্তী সূচীৰ ওপৰত  কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক উভয় চৰকাৰক আইন ৰচনা কৰাৰ ক্ষমতা থাকে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Answer by: Chandana Sarkar (M.A in Political Science )