Lesson 2  

পুৰণি অসমৰ ভৌগোলিক সীমা আৰু অধিবাসীসকলৰ চমু পৰিচয়


1. ৰামায়ণ আৰু মহাভাৰতৰ সময়ত অসম ৰাজ্যৰ নাম কি কি আছিল? 

উত্তৰঃ- ৰামায়ণ আৰি মহাভাৰতৰ সময়ত অসম ৰাজ্য়ৰ নাম প্ৰাগ্জ্য়োতিষ আৰু কামৰূপ আছিল।

2. কালিকা পুৰাণ আৰু যােগিনী তন্ত্র নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা। 

উত্তৰঃ- কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ নামৰ পুথি দুখনৰ মতে পুৰণি কামৰূপ ৰাজ্য়ৰ সীমা এয়াই আছিল যে- দক্ষিণে সাগৰ, পশ্চিমে কৰতোৱা নদী, উত্তৰে হিমালয় পৰ্বত আৰু পূবে দিকৰাই নৈ।

3. পুৰণি কামৰূপ ৰাজ্যৰ চাৰিটা ভাগৰ নাম লিখা। 

উত্তৰঃ- পুৰণি কামৰূপৰ চাৰিটা ভাগৰ নাম হ'ল- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ বা সুৱৰ্ণপীঠ আৰু সৌমাৰপীঠ।

4. অসমত বাস কৰা টাই জাতিৰ মানুহৰ চাৰিটা ভাগৰ নাম লিখাঁ। 

উত্তৰঃ- অসমত বাস কৰা টাই জাতিৰ মানুহৰ চাৰিটা ভাগৰ নাম হ'ল- আহোম, খামটি, নৰা আৰু ফাকিয়াল।                                                                                   

5. পুৰণি অসম ৰাজ্য আৰু ৰাজধানীৰ নাম কি আছিল লিখাঁ।

উত্তৰঃ-  পুৰণি অসম ৰাজ্য় নাম প্ৰাগ্জ্য়োষিক আৰু পুৰণি অসম ৰাজ্য় ৰাজধানীৰ নাম প্ৰাগ্জ্য়োতিষপুৰ আছিল।

6. কোনখন গ্ৰন্থৰ মতে কামৰূপ ৰাজ্যৰ কোনজন ৰজাৰ দিনৰপৰা আমাৰ ৰাজ্যখনৰ নাম কামৰূপ’ হয়? 

উত্তৰঃ- কালিকা পুৰাণ গ্ৰন্থৰ মতে কামৰূপ ৰাজ্য় নৰকাসুৰৰ দিনৰ পৰা আমাৰ ৰাজ্য়খনৰ নাম কামৰূপ হয়।

7. কামৰূপ ৰাজ্যৰ ভাগকেইটাৰ বিষয়ে লিখা।  

উত্তৰঃ- কামৰূপ ৰাজ্য়ৰ ভাগ কেইটাৰ বিষয়ে এয়াই যে- কৰতোৱা নদীৰ পৰা সোণকোষ নৈলৈকে ঠাইখণ্ডক ৰত্নপীঠ, সোণকোষৰ পৰা ৰূপহী নৈলৈকে ঠাইখণ্ডক কামপীঠ, ৰূপহী নৈৰ পৰা ভৈৰৱী বা ভৰলী লনৈলৈকে ঠাইখণ্ডক স্বৰ্ণপীঠ আৰু ভৰলীৰ পৰা দিকৰাই নৈলৈকে ঠাইখণ্ডক সৌমাৰপীঠ বুলিছিল।

8. কামৰূপ নামৰ উৎপত্তি কেনেকৈ হ'ল লিখা।

 উত্তৰঃ- মহাদেৱৰ পত্নীৰ নাম সতী। সতী দক্ষ প্ৰজাপতিৰ জীয়েক। দক্ষই নিজৰ ঘৰত এটা যজ্ঞৰ আয়োজন কৰিছিল। তেওঁ সেই যজ্ঞলৈ স্বৰ্গ, মৰ্ত্য়, পাতালৰ আটাইতৈ নিমন্ত্ৰণ কৰিলে, কেৱলমাত্ৰ তেওঁৰ জোঁৱায়েক শিৱক নামাতিলে। সতীয়ে নিমন্ত্ৰণ নোপোৱাকৈ পিতাকৰ যজ্ঞলৈ গৈ তাত অপমান পাবলগীয়া হ'ল। শিৱক শ্মাশানবাসী, ভাহুৰী, পগলা, ভিকহু আদি বুলি দক্ষই সতীৰ আগতে গালি পাৰিলে। সতীয়ে পতিৰ অপমান সহিব নোৱাৰি যজ্ঞৰ থলীতে দেহত্য়াগ কৰিলে। শিৱই এই খবৰ পাই দলেবলে যজ্ঞৰ থলীলৈ গ'ল আৰু দক্ষৰ যজ্ঞ ধ্বংস কৰিলে। তাৰ পিছত তেওঁ সতীৰ সোক পাতলাবৰ কাৰণে তেওঁৰ মৃতদেহটো কান্ধত তুলি লৈ গোটেই ভাৰতভূমি ভ্ৰমি ফুৰিলে। মহাদেৱে এইদৰে ফুৰোঁতে সতীৰ দেহটো উৱলি গ'ল আৰু দেহৰ বেলেগ বেলেগ অংশ বাৰতৰ বেলেগ বেলেগ ঠািত পৰিল। সতীৰ অংগৰ পৰা টাইবোৰ তীৰ্থস্থানত পৰিণত হ'ল। সতীৰ এক অংগ কামগিৰি বা নীলাচল পাহাৰতো পৰিছিল আৰু তাতো কামাখ্য়া তীৰ্থৰ উৎপতি হ'ল।

    সতীৰ দেহ শেষ হোৱাৰ পাছত মহাদেৱ মহা তপস্য়াত নিমগ্ন হ'ল। মহাদেৱৰ এই তপস্য়াত স্বৰ্গৰ ইন্দ্ৰ আদি দেৱতাসকলে মনত ভয় উপজিল। তেওঁলোকে পৰামৰ্শ কৰি শিৱৰ তপস্য়া ভংগ কৰিবলৈ কামদেৱক পঠিয়াই দিলে। কামদেৱক দেখি মহাদেৱৰ দুৰ্ঘোৰ খং উঠিল। মহাদেৱৰ ক্ৰোধাগ্নিতে কামদেৱ ভস্ম হৈ গ'ল। কামদেৱৰ ঘৈণীয়েক ৰতিয়ে তেওঁৰ গিৰিয়েক জীয়াই দিবলৈ মহাদেৱক স্তুতি কৰিলে । স্তুতিত মহাদেৱ তুষ্ট হ'ল। তেওঁৰ বৰত কামদেৱে আমাৰ এই দেসতে পুনৰ জন্ম পাই নিজৰূপ লাভ কৰিলে। তেতিয়াৰ পৰা এই দেশৰ নাম কামৰূপ হ'ল। 

9. আমাৰ ৰাজ্যৰ নাম ‘অসম কেনেকৈ হ'ল লিখা। 

 উত্তৰঃ- আমাৰ ৰাজ্য়খন এনেদৰে অসম হ'ল যে- এসময়ত টাইসকল অসমলৈ অহাৰ আগলৈকে এই দেশৰ নাম কামৰূপ আছিল। টাইসকলে নিজৰ সাহস, বুদ্ধি আৰু ৰণ-নৈপুণ্য়ৰ সহায়ত এই দেশৰ অধিবাসীসকলক নিজৰ অধীন কৰিছিল। তেওঁলোকৰ বুদ্ধি-বিক্ৰমত মুগ্ধ হৈ থলুৱা লোকসকলে তেওঁলোকক 'অসম' অৰ্থাৎ তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। অসমত বসবাস কৰা লোকসকলৰ বহুতে 'অসম' শব্দটো 'অহম' বুলি উচ্চাৰণ কৰিছিল। 'অহম' শব্দটোৰ পৰাই, এই দেশ অধিকাৰ কৰা টাইসকল 'আহোম' নামেৰে পৰিচিত হ'ল। লাহে লাহে আহোমসকলে শাসন কৰা ঠাইখনৰো নামো সকলোৰে মাজত- 'অসম' নামেৰে জনাজাত হৈ পৰিল।

10. প্রাচীন কালৰেপৰা অসমত বাস কৰা অধিবাসীসকলৰ আলােচনা কৰাঁ। 

উত্তৰঃ-  অতি পুৰণি কালত অসমত কিৰাত, ম্লেচ্ছ নামেৰে অভিহিত কিছুমান জাতিৰ মানুহে বাস কৰিছিল। আমাৰ ভগদত্ত ৰজাই কিৰাত আৰি চীন সৈন্য় লৈ মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণত যোগ দিছিল। কিৰাত, চীন আদি জাতিৰ মানুহবিলাক বহুকাল পূৰ্বে অসমত সোমাইছিল। কলিতা জাতিৰ মানুহবিলাকো অসমৰ সু-প্ৰাচীন অধিবাসী। নৰক, ভগদত্ত আদি ৰজাসকল কলিতা মানূুহ আছিল। তাৰ পিছত অষ্ট্ৰিক, তিবেতো-বাৰ্মান্ গোষ্ঠীৰ মানুহ আহি অসমত সোমায়। বৰ্তমান খাচীয়া-জয়ন্তীয়া পাহাৰ জিলাৰ খাচীয়া মানুবিলাক অষ্ট্ৰিক গোষ্ঠীৰ। তিবেতো-বাৰ্মান্ জাতিৰ মানুহবিলাকক চমুকৈ বড়ো বুলিও জনা যায়। কোচ, মেছ, কছাৰী, লালুং, গাৰো, ৰাভা প্ৰভৃতি মানুবিলাক একে ভাষিক গোষ্ঠীৰ মানুহ। নগা, লুচাই, মিকিৰ আদিৰ জাতি মানুুহবিলাকো বহৎ তিবেতো-বাৰ্মান্ জাতিৰ অন্তৰ্গত। তৰ্তমানৰ ব্ৰাহ্মণ, কায়স্থ, কলিতা আদি জাতিৰ মানুহবিলাক আৰ্য্য় জাতিৰ বংশধৰ। আৰ্য্য় জাতিৰ লোকসকল অসমত সোমোৱাৰ লগে লগে এই মানুহবিলাকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি কমি আহে। টাই বা চান নামৰ এজাতি মানুহ পূবফালৰ পৰা অসমত সোমায়। আহোম, খামটি, নৰা আৰু ফাকিয়াল মানুহবিলাক টাই জাতিৰ মানুহ। আহোম জাতিৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম অসম হয় বুলি কোৱা হয়। অসম শব্দৰ অৰ্থ-অতুলনীয়, অনুপম। 

    বৰ্তমান অসমীয়া জাতি আৰ্য্য় আৰি অনাৰ্য্য়ৰে গঠিত। অসমীয়া ভাষা, কৃষ্টি আৰু সভ্য়তাত প্ৰায়বোৰ জাতিৰে কিছু নহয় কিছু অৱদান আছে।



Author By- Rajashre Bora