Lesson: 3
বিদ্যালয় আৰু ইয়াৰ সংগঠন 


প্ৰশ্নাৱলীঃ

১) বিদ্যালয় প্ৰতিষ্ঠানৰ অৰ্থ কি ?

উত্তৰঃ  বিদ্যালয় গৃহ, মাটি বিদ্যালয়ৰ আচবাব, অন্য সা সজুলি, মানৱ সম্পদ যেনে - ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু আন কৰ্মকৰ্তা সকলক অন্তৰ্ভুক্ত কৰা এটা বহল শব্দ হৈছে বিদ্যালয় প্ৰতিষ্ঠান। ই হৈছে শৈক্ষিক পৰিবেশৰ অপৰিহাৰ্য অংগ।

২। ' শেখীকক্ষতে এখন দেশৰ ভবিষ্যত গঢ়ি তােলা হ'– এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃশ্ৰেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয় । কথাষাৰ   "  কোঠাৰী আয়োগে    " কৈছিল ।

৩। ইংৰাজী ' Curriculum ' শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে। 

উত্তৰঃইংৰাজী ' Curriculum ' শব্দটো লেটিন ভাষাৰ"  Currere" শব্দৰ পৰা উৎপত্তি হৈছে ।
 
৪। 'Currere' শব্দৰ অৰ্থ কি ?

উত্তৰঃ 'Currere' শব্দৰ অৰ্থ হল  - " race course "  অৰ্থাৎ ঘোঁৰা দৌৰ দিয়া স্থান বা পৰিসীমা ।

৫। প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজা ?

উত্তৰঃ নিজে চেষ্টা কৰিবা ।

৬। প্রতিভাশালী ছাত্র - ছাত্রীৰ বুদ্ধাকৰ পৰিসৰ কিমান ? 

উত্তৰঃ প্রতিভাশালী ছাত্র - ছাত্রীৰ বুদ্ধাকৰ পৰিসৰ  - ১৪০ ৰ উৰ্ধত। 

৭। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উত্তৰঃ অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ হল - ১২০-১৪০ । 

৮। উচ্চ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?

উত্তৰঃ উচ্চ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ হল - ১১০- ১২০ ।

৯। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান ?
 
উত্তৰঃ সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ হল - ৯০-১১০।

১০। শ্রেণীকক্ষৰ আকাৰ কি হােৱা উচিত ? 

উত্তৰঃ শ্রেণীকক্ষৰ আকাৰ আয়ত  ক্ষেত্ৰৰ দৰে হােৱা উচিত । 

১১।  ৯০-১১০ ৰ বুদ্ধ্যাংকৰ ভিতৰত কি ধৰণৰ শিক্ষার্থী অন্তর্ভুক্ত হয় ।

উত্তৰঃ  ৯০-১১০ ৰ বুদ্ধ্যাংকৰ ভিতৰত সাধাৰণ বুদ্ধিসম্পন্ন  শিক্ষার্থী অন্তর্ভুক্ত হয় । 

১২। বিজ্ঞান পৰীক্ষাগাৰত প্রয়ােজন হােৱা যিকোনাে দুটা আচবাবৰ নাম লিখা ।

উত্তৰঃ বিজ্ঞান পৰীক্ষাগাৰত প্রয়ােজন হােৱা যিকোনাে দুটা আচবাবৰ নাম হ'লঃ  আলমাৰি , শ্ৰৱণ দৰ্শন সজুলি ।

১৩। পুথিভড়ালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?

উত্তৰঃ পুথিভড়ালৰ দায়িত্বত থকা ব্যক্তিজনক পুথিভঁৰালী বুলি কোৱা হয় ।

১৪। শ্রেণীকক্ষত প্রয়ােজনীয় দুবিধ আহিলাৰ নাম লিখা । 

উত্তৰঃ শ্রেণীকক্ষত প্রয়ােজনীয় দুবিধ আহিলাৰ নাম হ'লঃ ব্লেকবৰ্ড আৰু ডেক্স - বেঞ্চ ।

১৫। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দর্শন সঁজুলিৰ নাম লিখা ।

উত্তৰঃ শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ দর্শন সঁজুলিৰ নাম  হ'লঃ ৰেডিঅ , টেলিভিছন , কম্পিউটাৰ আদি ।

১৬। বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা । 

উত্তৰঃ বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম হ'লঃ

১. মাটি 

২. বিদ্যালয় গৃহ
 
৩. পুথিভঁৰাল 

১৭। বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম উল্লেখ কৰা ।

উত্তৰঃ  বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম হ'ল -

. শিক্ষক
 
. ছাত্ৰ ছাত্ৰী

. কৰ্মচাৰী 

১৮। চমুটোকা লিখাঃ ( ৩ নম্বৰ ) 

ক ) বিষয়কেন্দ্রিক পাঠ্যক্রম ।

উত্তৰঃ বিষয়কেন্দ্রিক পাঠ্যক্রম ত ছাত্ৰতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।  কেৱল  ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক  দিশৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু সামাজিক আৰু ব্যক্তিগত দিশৰ বিকাশক সম্পূৰ্ণ ভাবে অবজ্ঞা কৰে । ইয়াত বিষয় সমূহে প্ৰাধান্য পায়। 

খ ) ক্রিয়াভিত্তিক পাঠ্যক্রম। 

উত্তৰঃ যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতি সমূহ অনুসৰণ কৰে তাকে ক্ৰিয়াভিত্তিক পাঠ্যকম  বোলে। এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয় বস্তুৰ জ্ঞান দিয়া হয়। এই ধৰণৰ পাঠ্যক্ৰমে লৰা ছোৱালীক গঠনমূলক আৰু সৃজনি মূলক গুণৰ বিকাশ ঘটোৱাত সহায় কৰে। তেওঁলোকৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটায় লগতে সামাজিক গুণৰাশি বিকাশত সহায় কৰে। তেওঁলোকে প্ৰতিটো সমস্যা সমাধানৰ বাবে শিক্ষক ৰ ওপৰত নিৰ্ভৰ নকৰে আৰু পাৰস্পৰিক সহায় সহযোগিতাৰে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে। 

গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম । 

উত্তৰঃ অভিজ্ঞতাভিত্তিক পাঠ্যক্রমে উন্নত মানৰ আৰু বিভিন্ন ধৰণৰ জ্ঞান, কৌশল, মনোভাৱ আদিৰ অভিজ্ঞতাৰ যোগান ধৰে । অভিজ্ঞতাভিত্তিক পাঠ্যক্রমৰ পৰা শিক্ষাৰ্থী সকলে জ্ঞান আৰু  বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্ক বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয় । জন ডিউইয়ে শিশুৰ অভিজ্ঞতাকেই শিক্ষাৰ একমাত্ৰ মৌলিক আৰু ফলপ্ৰসু উপাদান বুলি কৈছে ।

ঘ) অপৃথকীকৰণ পাঠ্যক্রম । 

উত্তৰঃ অপৃথকীকৰণ পাঠ্যক্রম হল এনে এক পাঠ্যক্ৰম যিয়ে বিভিন্ন বিষয়ৰ ওপৰত বিশেষভাবে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব নিদিয়ে । শিশুৰ পূৰ্ণ ব্যক্তিত্ব ৰ বিকাশ সামগ্ৰিক ভাবে লাভ কৰা অভিজ্ঞতাৰ যোগেদি সম্ভৱ। বিষয়ৰ একত্ৰিকৰণ কৰ্মৰ যোগেদি আনিব পাৰি।

ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্রম ।

উত্তৰঃ বুনিয়াদী শিক্ষা পাঠ্যক্রম মহাত্মা গান্ধীৰ শিক্ষা সম্বন্ধীয় ধাৰণা ওপৰত নিৰ্ভৰশীল যিয়ে শিশুৰ লগতে প্ৰতিজন ব্যক্তিৰ দেহ মন আত্মাৰ পূৰ্ণ বিকাশত গুৰুত্ব দিয়ে।  সহ সম্বন্ধ নীতি এই পাঠ্যক্ৰমৰ মূল কথা।  বুনিয়াদী শিক্ষা পাঠ্যক্রমে শিক্ষাৰ বাস্তবিক দিশত বেছি গুৰুত্ব দিয়ে । ছাত্ৰ ছাত্ৰীৰ অন্তৰত দেশ প্ৰেম অনুভূতি বিকাশ কৰাটো এই পাঠ্যক্ৰমৰ মূল লক্ষ্য।
 
চ ) জীৱনভিত্তিক পাঠ্যক্রম । 

উত্তৰঃ জীৱনভিত্তিক পাঠ্যক্রমত পাঠ্যক্রম প্ৰস্তুত কৰাৰ সকলো গুৰুত্বপূৰ্ণ নিতিকে সামৰি লবলৈ চেষ্টা কৰা হয় আৰু তাৰ পিছত বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ক্ৰিয়া কলাপ আৰু বিষয় সমূহ নিৰ্বাচন কৰা হয় ।জীৱনভিত্তিক পাঠ্যক্রমে ব্যক্তি আৰু সমাজৰ প্ৰয়োজন পূৰ্ণ কৰে । ই সাংস্কৃতিক সম্পদ সমূহ এটা পুৰুষৰ পৰা আন এটা পুৰুষ লৈ হস্তান্তৰ কৰে । জীৱনভিত্তিক পাঠ্যক্রমে শিশুসকলক বৰ্তমান সময়ৰ পৰিৱৰ্তনশীল আৰু জটিল সমাজ খনত সমাজোজন কৰাত সহায় কৰিছে ।

১৯। বিদ্যালয়ৰ প্রকল্প স্থাপন কৰাৰ সময়ত মাটি নির্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চর্ত উল্লেখ কৰা ।

উত্তৰঃ বিদ্যালয়ৰ প্রকল্প স্থাপন কৰাৰ সময়ত মাটি নির্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চর্ত হল - 

1. মাটিৰ আকাৰ আয়ত ক্ষেত্ৰৰ দৰে হব লাগে। যাতে ভৱিষ্যতে প্ৰয়োজন হলে শ্ৰেণী কোঠা বঢ়োৱাৰ সুবিধা থাকে।

2. বিদ্যালয়ৰ স্থান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত নিৰ্বাচিত মাটিডোখৰ শুকান, মুকলি, ওখ, ৰ'দ পৰা ঠাইত হব লাগে। তেনে ঠাইত  পানী জমা হব  নোৱাৰে আৰু ৰদ বতাহ চলাচল ভালদৰে হৈ থাকে।

3. নগৰৰ  ঘন জন বসতি , জনপূৰ্ণ বা বজাৰ, কল- কাৰখানা , চিনেমা হল  আদিৰ পৰা আঁতৰত নিৰ্জন ঠাইত বিদ্যালয় স্থাপন বাবে নিৰ্বাচন কৰিব লাগে।
 
২০। যিকোনাে তিনি প্রকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা । 

উত্তৰঃ যিকোনাে তিনি প্রকাৰৰ পাঠ্যক্ৰমৰ নাম  হ'লঃ

১. ক্রিয়াভিত্তিক পাঠ্যক্রম । 

২. অভিজ্ঞতাভিত্তিক পাঠ্যক্রম । 

৩. অপৃথকীকৰণ পাঠ্যক্রম 

২১। স্কুল প্রকল্পৰ বাবে প্রয়ােজন হােৱা যিকোনাে তিনিটা সঁজুলিৰ নাম লিখা ।

উত্তৰঃ স্কুল প্রকল্পৰ বাবে প্রয়ােজন হােৱা যিকোনাে তিনিটা সঁজুলিৰ নাম  হ'লঃ

1. ডেক্স-বেঞ্চ, শিক্ষকৰ চকী-মেজ আৰু ব্লেকবোৰ্ড আদি।

2. পৰীক্ষা গাৰৰ  বাবে  বৈজ্ঞানিক সা-সঁজুলি ।

3. পুথিভঁৰালৰ বাবে আৱশ্যকীয় আলমাৰি ।

২২। স্কুল গৃহ নির্মাণ কৰােতে মনত ৰাখিবলগা তিনিটা কথাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ  স্কুল গৃহ নির্মাণ কৰােতে মনত ৰাখিবলগা তিনিটা কথা হ'লঃ

1. স্কুল ঘৰবোৰ এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে ই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজন আৰু আগ্ৰহ পূৰণত সফল হব পাৰে।

2. স্কুলৰ গৃহবোৰ I, L,U, E, H  আখৰৰ আকৃতিৰ হব লাগে। E আকৃতিৰ বিদ্যালয় ঘৰ নিৰ্মাণ কৰাটো বেছি প্ৰয়োজনীয়।

3. বিদ্যালয় ঘৰটো ছাত্ৰ শিক্ষক আৰু সকলোৰে স্বাস্থ্য  ৰক্ষা কৰিব পৰাকৈ শীত তাপ , পোহৰ আৰু বায়ু চলাচলৰ ব্যবস্থা কৰিব লাগে।


২৩। শ্ৰেণীকোঠা নির্মাণ কৰােতে মনত ৰাখিবলগীয়া চৰ্ত উল্লেখ কৰা ।

উত্তৰঃ শ্ৰেণীকোঠা নির্মাণ কৰােতে মনত ৰাখিবলগীয়া চৰ্ত সমূহ   হ'লঃ

a. শ্ৰেণীকোঠাত ৫০ জন ছাত্ৰ ছাত্ৰী ভালদৰে বহিব পৰা হব লাগে।

b. কোঠাত পোহৰ আৰু বায়ু চলাচলৰ সুবিধা থাকিব লাগে। 

c. শ্ৰেণী কোঠাৰ বেৰ বোৰৰ ৰং এনে হব লাগে যাতে ই ছাত্ৰ ছাত্ৰী ৰ চকুত কোনো কু প্ৰভাৱ নেপেলায় ।

২৪। বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰােতে মনত ৰাখিবলগীয়া পাঁচটা চর্ত উল্লেখ কৰা । 
উত্তৰঃ বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰােতে মনত ৰাখিবলগীয়া পাঁচটা চর্ত হ'লঃ  

১. বিজ্ঞান পৰীক্ষাগাৰ মুখ্য বিদ্যালয়ৰ পৰা অলপ আঁতৰত স্থাপন কৰিব লাগে ।

২. কোঠাত নিয়মিত ভাৱে গেছ  পানী , বিদ্যুৎ যোগানৰ সুবিধা থাকিব লাগে। 

৩. কেমেৰা আৰু পৰ্দাৰ সহায়ত ছবি দেখুওৱাৰ সুবিধা থাকিব লাগে। 

৪. আলমাৰিৰ ভিতৰত দামী আৰু বিপদজনক ৰসায়নিক পদাৰ্থ বিলাক আবদ্ধ কৰি তোলাৰ ব্যবস্থা কৰিব লাগে। 

. বস্তু বোৰ সঠিক ভাবে নিজৰ নিজৰ ঠাইত থোৱাৰ কাৰণে এজন পৰীক্ষা গাৰ কৰ্মচাৰী ক নিযুক্তি দিব লাগে ।

২৫। সুচলাকাৰী হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা । 

উত্তৰঃ সুচলাকাৰী হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী হ'লঃ 

1. শ্ৰেণী কোঠাত পাঠদান কৰাৰ আগত শিক্ষক জনে নিজকে সাজু কৰি লব লাগে আৰু শিক্ষা দানৰ বিভিন্ন উপায় অবলম্বন কৰি শিক্ষা প্ৰদান কৰিব লাগে ।

2. শিক্ষকে ছাত্ৰ আৰু ছাত্ৰী ক পাঠদানৰ  সময়ত বিভিন্ন কথা কোৱাৰ পৰিবৰ্তে  প্ৰশ্ন ৰ উত্তৰ সঠিক ভাবে দিবলৈ উৎসাহিত কৰিব লাগে ।

3. তেওঁ ছাত্ৰ- ছাত্ৰীক নিজৰ চিন্তাৰে সমাধান  কৰিব পৰা প্ৰশ্ন সুধিব লাগে ।

4. পাঠদান আৰু শিক্ষণৰ সময়ত তেওঁ বিভিন্ন ধৰণৰ কৌশল আৰু নিয়ম অৱলম্বন কৰিব লাগে ।

5. তেওঁ শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগে ।


২৬। অভিপ্ৰেৰক হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা ।

উত্তৰঃ অভিপ্ৰেৰক হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী হ'লঃ

1. শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰী সকলক দিয়া উচিত।

2. এটা সম্পূৰ্ণ ভাবে সু সজ্জিত কোঠাক তেওঁ শ্ৰেণী কোঠা হিচাপে বাচি লব লাগে যাতে ছাত্ৰ ছাত্ৰী সকলে পাঠদানৰ সময়ত এক সুস্থ পৰিবেশ গঢ়ি লব পাৰে।

3. শিক্ষকে নিজৰ শিক্ষকতাক সফল আৰু মনোগ্ৰহী কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰি তুলিবলৈ বিভিন্ন প্ৰকাৰৰ শিক্ষণ কৌশল অৱলম্বন কৰিব পাৰে।

4. পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত । 

5. সময়ে সময়ে কোনো বিশেষ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত সময় দিব লাগে যাতে তেওঁলোকে বাহ্যিক জগত খনৰ বিষয়ে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে।

২৭। পৰামর্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী উল্লেখ কৰা ।

উত্তৰঃ পৰামর্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কার্যাৱলী হ'লঃ 

1. ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা অবস্থাৰ লগত শিক্ষকজন পৰিচিত হব লাগে ।

2. ছাত্ৰ ছাত্ৰীৰ মাজত থকা ব্যক্তিগত পাৰ্থক্য শিক্ষকে চিনি পোৱাটো দৰকাৰ ।

3. শিক্ষকে ছাত্ৰ ছাত্ৰী সকলৰ দৈনন্দিন সকলো তথ্য সংগ্ৰহ কৰিব লাগে ।

4. ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য, তেওঁলোকে পৰীক্ষাত পোৱা নম্বৰ আদি ৰ বিষয়ে শিক্ষকজনে অধ্যয়ন কৰিব লাগে ।

5. ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন সমস্যা সমাধান কৰাত শিক্ষকজনে নিয়মিত ভাৱে তেওঁলোকক সহায় কৰিব লাগে ।

২৮। ভাল পুথিভঁড়াল এটাৰ যিকোনাে পাঁচটা বৈশিষ্ট উল্লেখ কৰা ।

উত্তৰঃ ভাল পুথিভঁড়াল এটাৰ যিকোনাে পাঁচটা বৈশিষ্ট  হ'লঃ

1. বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে একোজন প্ৰকৃত অৰ্হতা আৰু প্ৰশিক্ষণ প্ৰাপ্ত পুথিভঁৰালী থকাটো প্ৰয়োজন ।

2. পুথিভঁৰালত সকলো বয়সৰ ছাত্ৰ ছাত্ৰীৰ বাবে, শিক্ষক সকলে বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে ।

3. বিভিন্ন বিষয়ৰ পুথি সমূহ সহজে পাব পৰাকৈ বিষয় বস্তু ৰ ওপৰত ভিত্তি কৰি পুথিসমূহ সজাই থব লাগে । 

4. শিক্ষকে মাজে মাজে বাহিৰা কিতাপ পঢ়াৰ গুৰুত্ব সম্বন্ধে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব লাগে ।

5. পুথিভঁৰলৰ পৰা কিতাপ লোৱা আৰু ঘূৰাই দিয়া ৰ নীতি নিয়ম সমূহ সকলো ছাত্ৰ ছাত্ৰীসকলে সহজে মানিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে ।

২৯। এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী উল্লেখ কৰা ।

উত্তৰঃ এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী  হ'লঃ 

a. শিক্ষক সকল নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হব লাগে। 

b.  শিক্ষক সকল শাৰীৰিক আৰু মানসিকভাবে সুস্থ হব লাগে।

c.  তেওঁ সদায় নিয়মানুবৰ্তিত ৰো মৃদু হাস্য ৰসী  ব্যক্তিত্বৰ অধিকাৰী হব লাগে। 

d. শিক্ষকৰ ব্যক্তিত্ব সদায় মৰমিয়াল আৰু সকৰাত্মক হব লাগে । তেতিয়াহে শিক্ষাৰ্থীৰ ওপৰত ই ভাল প্ৰভাৱ পেলাব পাৰে ।

e. ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকজনে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক ভূমিকা লব লাগে। 

৩০। শিক্ষকৰ পাঁচটা বৃত্তিমূলক গুণাৱলী উল্লেখ কৰা ।

উত্তৰঃ  শিক্ষক হৈছে  ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব ক গঢ় দি তোলে। যিহেতু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠন কৰে সেয়েহে শিক্ষকৰ কিছুমান শিক্ষাগত যোগ্যতা থকা বাঞ্চনীয়। এজন ভাল শিক্ষক হবলৈ হলে তেওঁৰ কিছুমান বৃত্তি মূলক গুণ থাকিব লাগে। সেই গুণ বোৰ হ'লঃ

১. শিক্ষণ পদ্ধ্তিৰ ওপৰত সম্যক জ্ঞান -শিক্ষকে ছাত্ৰ ছাত্ৰী ক জ্ঞান দান কৰিবলৈ প্ৰকৃত পদ্ধতি গ্ৰহণ কৰা উচিত । তেতিয়াহে তেওঁৰ শিক্ষকতা বেছি ফলদায়ক হৈ উঠিব ।

২. পৰিকল্পনা আৰু প্ৰস্তুতি- শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে  শ্ৰেণীটোৰ পৰিবেশৰ লগত খাপ খুৱাই লবলৈ প্ৰস্তুত হব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয় টো শিক্ষক সকলে আগতীয়াকৈ প্ৰস্তুত কৰি লব লাগে ।

. শিশু মনোবিজ্ঞানৰ ওপৰত থকা জ্ঞান -  শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ জ্ঞান থকা উচিত। ই  শিক্ষকজনক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে।

৪. সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপৰ ওপৰত থকা আগ্ৰহ-  শিক্ষকে  সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপ আৰু স্কুলৰ বিভিন্ন অনুষ্ঠানৰ লগত নিজকে জড়িত কৰিব লাগে ।

৫. প্ৰসংশা আৰু শাস্তিৰ ন্যায়িক ব্যবহাৰ - শিক্ষক জনে প্ৰয়োজন মতেহে ছাত্ৰ ছাত্ৰীক প্ৰসংশা আৰু শাস্তি প্ৰদান কৰিব লাগে । প্ৰসংশা আৰু  শাস্তিয়েই হৈছে শিক্ষকৰ হাতত থকা দুপাত অস্ত্ৰ ইয়াক তেওঁ ন্যায়িক ভাবে ব্যবহাৰ কৰিব লাগে। 

৩১। আদর্শ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা । 

উত্তৰঃ শিক্ষক হৈছে  ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক। শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যাস, আচৰণ, স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্ব ক গঢ় দি তোলে। যিহেতু শিক্ষকে শিক্ষাৰ্থীৰ ভৱিষ্যত গঠন কৰে সেয়েহে শিক্ষকৰ কিছুমান শিক্ষাগত যোগ্যতা থকা বাঞ্চনীয়। এজন ভাল শিক্ষক হবলৈ হলে তেওঁৰ কিছুমান ব্যক্তিগত আৰু  বৃত্তি মূলক গুণ থাকিব লাগে। সেই গুণসমূহে শিক্ষক এজনক আদৰ্শ শিক্ষক হিচাপে চিনাকী দিয়ে। আৰু এজন আদৰ্শ শিক্ষকৰ  গুণ সমূহ হ'লঃ

১. শিক্ষক বৃত্তি টোৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা থকা দৰকাৰ।শিক্ষক সকল নম্ৰ আৰু সজ আচৰণৰ অধিকাৰী হব লাগে। শিশুৰ. প্ৰতি তেওঁৰ এক স্বভাৱ সুলভ মৰম-ভালপোৱা থাকিব লাগে।

২. শিক্ষক সকল  শাৰীৰিক আৰু মানসিকভাবে সুস্থ হব লাগে। তেওঁ সদায় নিয়মানুবৰ্তিত আৰু  মৃদু হাস্য ৰসী  ব্যক্তিত্বৰ অধিকাৰী হব লাগে। 

৩. শ্ৰেণীত পাঠদান কৰাৰ আগতে শিক্ষকে নিজকে  শ্ৰেণীটোৰ পৰিবেশৰ লগত খাপ খুৱাই লবলৈ প্ৰস্তুত হব লাগে। শ্ৰেণীত পাঠদান কৰাৰ আগত সেই পঠনীয় বিষয় টো শিক্ষক সকলে আগতীয়াকৈ প্ৰস্তুত কৰি লব লাগে ।

৪. শিক্ষকে  সহ পাঠ্যক্ৰম সম্বন্ধীয় ক্ৰিয়া কলাপ আৰু স্কুলৰ বিভিন্ন অনুষ্ঠানৰ লগত নিজকে জড়িত কৰিব লাগে ।স্কুলৰ বিভিন্ন নিয়ম কানুণ শিক্ষক জনে মানি চলিব লাগে। 

৫.  শিশু মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞান সম্বন্ধে শিক্ষকৰ জ্ঞান থকা উচিত। ই  শিক্ষকজনক ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধান দিয়াত সফল কৰি তুলিব পাৰে।

৩২। নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দিয়া পাঁচটা প্রত্যহ্বানৰ বিষয়ে উল্লেখ কৰা । 
উত্তৰঃ নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দিয়া পাঁচটা প্রত্যহ্বানৰ হ'লঃ

1. জীৱনৰ প্ৰতিটো দিশৰ জ্ঞানৰ যথেষ্ট বিকাশ হৈছে আৰু ই শিক্ষকৰ ভূমিকাৰ প্ৰত্যাহবান মূলক কৰি তুলিছে ।

2. ৰেডিঅ, দূৰদৰ্শন আদি গনমধ্যম সমূহৰ বৰ্ধিত প্ৰভাৱৰ কাৰণে শিক্ষকে ইয়াক শিক্ষণ প্ৰক্ৰিয়াত উচিত ব্যবহাৰ কৰিব লগা হৈছে ।

৩. বৰ্তমান যুগত শিক্ষকসকলে নিজৰ বিষয়ৰ ওপৰত এক বহল দৃষ্টভংগী লব লাগে ।

৪. জীৱনৰ প্ৰতি এক গণতান্ত্ৰিক , ব্যবহাৰিক আৰু সামাজিক ধাৰণা শিক্ষকে গ্ৰহণ কৰিব লাগে । 

৫. শিক্ষকে প্ৰতেক দিনা নতুন নতুন ধাৰণা, যেনে ব্যক্তি বিশেষক দিয়া নিৰ্দেশ , অণু শিক্ষণ আদি পৰিপুষ্ট হব লাগে ।
 
৩৩। পাঠ্যক্ৰমৰ পাঁচটা প্রকাৰৰ নাম লিখা । 

উত্তৰঃ পাঠ্যক্ৰমৰ পাঁচটা প্রকাৰৰ নাম হ'লঃ

ক) বিষয়কেন্দ্রিক পাঠ্যক্রম ।

খ) ক্রিয়াভিত্তিক পাঠ্যক্রম ।
 
গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম । 

ঘ) অপৃথকীকরণ পাঠ্যক্রম । 

ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্রম ।

৩৪। প্রচলিত পাঠ্যক্ৰমৰ পাঁচটা আসােৱাহ উল্লেখ কৰা ।  
 
উত্তৰঃ প্রচলিত পাঠ্যক্ৰমৰ পাঁচটা আসােৱাহ হল - 

1. সংকীৰ্ণ ধাৰণা-বৰ্তমান পাঠ্যক্ৰমৰ পৰিসৰ যথেষ্ঠ কম ।  শিক্ষানুষ্ঠানত নামভৰ্তি কৰি পৰীক্ষাত উত্তীৰ্ণ হব বাবে যুগুত কৰা সীমিত পাঠ্য সুচিকে মাথোন ইয়াৰ দ্বাৰা বুজোৱা হয় । বৰ্তমান পাঠ্যক্ৰমৰ ধাৰণা অতি সংকীৰ্ণ ।

2. ক্ৰিয়া কলাপৰ কোনো স্থান নাই - বৰ্তমানৰ পাঠ্যক্ৰমত কৰ্মৰ কোনো স্থান নাই। ইয়াত কেৱল পাঠ্যপুথি লিখা আৰু পঢ়া কাৰ্যতহে অধিক গুৰুত্ব দিয়া হয়। ইয়াত হাতে কামে শিক্ষা নীতিত গুৰুত্ব দিয়া নহয়। ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন সমূহ লক্ষ্য ৰাখি ক্ৰিয়া কলাপ সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত নকৰে ।

3. অনমনীয়-বৰ্তমান ৰ প্ৰচলিত পাঠ্যক্ৰম অনমনীয়। পৰিবৰ্তনশিল পৃথিৱীৰ লগত ই ভ সদায় সলনি হৈ নাথাকে । যাৰ ফলত শিক্ষাৰ্থী সকলে বৰ্তমান সময়ত প্ৰয়োজন হোৱা দিশ সমূহৰ বিষয়ে জ্ঞান লাভ কৰাত ব্যৰ্থ হয় ।

4. জীৱনৰ লগত সম্পৰ্ক নথকা-জীৱনৰ লগত প্ৰচলিত পাঠ্যক্ৰমৰ সম্পৰ্ক নিচেই কম । স্কুলত ছাত্ৰ ছাত্ৰীক যিবোৰ বিষয়ৰ ওপৰত শিক্ষা দিয়া হয় সেইবোৰৰ বাস্তৱ জীৱনত কোনো গুৰুত্ব নাই ।

৫. পাঠ্য বিষয়ৰ মাত্ৰাধিক্য-বৰ্তমান পাঠ্যক্ৰমত বহুতো বিষয় অন্তৰ্ভুক্ত কৰা হৈছে   যাৰ ফলত ছাত্ৰ আৰু শিক্ষক সকলে বিষয় সমূহ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সমাপ্ত কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । যাৰ ফলত কিছুমান বিষয়ৰ উপযুক্ত জ্ঞান শিক্ষাৰ্থী সকলে বিতং ভাবে পোৱা নাই ।

৩৫। পাঠ্যক্রম প্রস্ততিকৰণৰ পাঁচটা নীতি উল্লেখ কৰা । 

উত্তৰঃ পাঠ্যক্ৰম হল  শিক্ষাৰ্থীৰ পঢ়িবলগীয়া বিষয় বা সুনিৰ্বাচিত বিষয়াবলী অৰ্থাৎ কোন শ্ৰেণীত কি পঢ়োৱা হব সেই কথা পাঠ্যক্ৰম বুলি কোৱা হয়। পাঠ্যক্ৰম অবিহনে বিদ্যালয় ৰ শিক্ষা প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰে। শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ কালছোৱাত নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লগীয়া কাৰ্যসূচী সমূহেই হৈছে পাঠ্যক্ৰম।  
পাঠ্যক্ৰম প্ৰস্তুতিৰ ছয়টা নীতি   হ'লঃ

1. শিশু কেন্দ্ৰিক নীতি-আধুনিক শিক্ষাক শিশু কেন্দ্ৰিক  শিক্ষা বুলি কোৱা হয়। সেয়েহে পাঠ্যক্ৰম প্ৰস্তুত কৰা সময়ত লৰা ছোৱালী ৰ প্ৰয়োজন সমূহ আৰু পৰিঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শিশুক বিভিন্ন বিষয়ৰ পৰামৰ্শ দিয়াত কৈ অৰ্থ পূৰ্ণ অভিজ্ঞতাৰ যোগান ধৰা উচিত।
 
2. অৱসৰৰ বাবে প্ৰস্তুতি নীতি-পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে  ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ অৱসৰ সময় খিনি সৎ  ভাবে ব্যৱহাৰ কৰিব পাৰে । সেয়েহে পাঠ্যক্ৰমত সহ - পাঠ্যক্ৰম কাৰ্যসূচীৰ ব্যবস্থা থাকিব লাগে ।

3. সমাজকেন্দ্ৰিক নীতি-বৰ্তমান শিশু এটা ভৱিষ্যত সমাজৰ এজন দায়িত্বশিল নাগৰিক  । সেইকাৰণে , শিক্ষাই শিশুক সমাজৰ বাবে সফল হিচাপে সাজু কৰি বৰ বাবে প্ৰয়োজন হোৱা বিষয় সমূহ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিব লাগে।

4. নমনীয়তাৰ নীতি-পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হব লাগে। সময় পৰিবৰ্তনৰ লগে লগে পাঠ্যক্ৰম ও পৰিবৰ্তন হোৱা উচিত। 

5. সহ সম্বন্ধৰ নীতি-স্কুলৰ বিভিন্ন বিষয় সমূহ সম্পূৰ্ণ সমূহ পৃথক পৃথক ভাবে শিকোৱা উচিত নহয় । পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় আৰু সংহতি স্থাপন কৰি ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ বাস্তৱ অভিজ্ঞতাৰ যোগান ধৰা উচিত। 

৩৬। সহ-পাঠ্যক্রম কাৰ্যসূচীৰ যিকোনাে পাঁচটা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ সহ-পাঠ্যক্রম কাৰ্যসূচীৰ যিকোনাে পাঁচটা উপকাৰিতা হ'লঃ

1.  সহঃপাঠ্যক্ৰম কাৰ্যসূচীই ছাত্ৰ ছাত্ৰীৰ জন্মগত প্ৰতিভা সমূহ চিনাক্ত কৰাত আৰু ইয়াৰ যথোপযুক্ত বিকাশ সাধন কৰাত সহায় কৰে।

2.  সহঃপাঠ্যক্ৰম কাৰ্যসূচীই ছাত্ৰ ছাত্ৰীৰ মানসিক সজাগতা , বৌদ্ধিক তীক্ষ্ণতা, আৰু সমস্যা সমাধান কৰিব পৰা ক্ষমতা বিকাশ সাধন কৰে।

3. সহঃপাঠ্যক্ৰম কাৰ্যসূচীয়ে পৰম্পৰাগত পাঠ্যক্ৰমে সৃষ্টি কৰা আমনিদায়ক পৰিৱেশ আঁতৰাই ছাত্ৰ ছাত্ৰী সকলক নতুন উদ্যমেৰে অধ্যয়ন কৰিবলৈ প্ৰেৰণা দিয়ে।

4. সহঃপাঠ্যক্ৰম কাৰ্যসূচী ছাত্ৰ ছাত্ৰীক স্বাধীন আৰু স্বতঃ স্ফুত ভাবে আত্ম প্ৰকাশ কৰিবলৈ আৰু আত্ম উপলব্ধি কৰিবলৈ সুবিধা দিয়ে। যিটো বিদ্যালয় শিক্ষাৰ বাবে অতি প্ৰয়োজনীয়।

5. সহঃ পাঠ্যক্ৰম কাৰ্যসূচী সমূহৰ সহায়ত  শিশুয়ে আবেগ সমূহৰ ওপৰত নিয়ন্ত্ৰণ  ৰাখিব পৰা হয়। আৰু শিশুৰ আবেগিক পৈণতা লাভ কৰে ।

৩৭। সহ-পাঠ্যক্রমিক কার্যাৱলীৰ চাৰিটা প্রকাৰ উল্লেখ কৰা । 

উত্তৰঃ সহ - পাঠ্যক্রমিক কার্যাৱলীৰ চাৰিটা প্রকাৰ  হ'লঃ 

1. শাৰীৰিক কাৰ্যবলীঃ এই ধৰণৰ কাৰ্যই ছাত্ৰ ছাত্ৰীক শাৰীৰিক স্বাস্থ্য সুন্দৰ ভাবে বজাই ৰখাত সহায় কৰে আৰু শ্ৰেণী কোঠাৰ ভিতৰত বা বাহিৰত হোৱা খেল ধেমালি সমূহৰ সহায়ত তেওঁলোকৰ চালিকা শক্তি বৃদ্ধি পায়। 

২. শৈক্ষিক কাৰ্যৱলীঃ এনে ধৰণৰ কাৰ্যৱলী ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক সক্ষমতা যেনে - চিন্তা , যুক্তি আৰু সমস্যা সমাধান কৰিব পৰা গুণ ৰাজিৰ বিকাশ ঘটায়। আবৃত্তি, ৰচনা লিখা, তৰ্ক, আকস্মিক বক্তিতা আদি এইবিধ কাৰ্যৱলী ৰ লগত জঢ়িত।

৩. সামাজিক কাৰ্যৱলীঃ সামাজিক কাম কাজ সমূহে ছাত্ৰ ছাত্ৰীক সামাজিক ভাৱে পৈণত কৰি তোলে। ই ছাত্ৰ ছাত্ৰীৰ কিছুমান সামাজিক গুণ যেনে -  সহযোগিতা, নেতৃত্ব দান ক্ষমতা , মূল্যবোধ আদিৰ বিকাশ ঘটায়। এন চি চি , ৰেড ক্ৰছ, স্কুলৰ চাফই কাম আদি সামাজিক কাৰ্যৱলী ভিতৰত পৰে।

৪. আবেগিক কাৰ্যৱলীঃ এই বিধ ক্ৰিয়াই ছাত্ৰ ছাত্ৰী ক আবেগিক ভাবে পৈণত কৰি তোলে । তেওঁলোকে সুস্থ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে। গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , ছবি অঁকা হাতেৰে বস্তু বনোৱা আদি কাম আবেগিক  কাৰ্যৱলী অন্তৰ্গত।

৩৮। সহ-পাঠ্যক্রম কার্যসূচীৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ সহ - পাঠ্যক্রম কার্যসূচীৰ পাঁচটা উদ্দেশ্য হল  -

১. ছাত্ৰ ছাত্ৰীৰ আজৰি সময়খিনি সৎ ব্যবহাৰ কৰা।

.সহ-পাঠ্যক্রমে ছাত্ৰ ছাত্ৰীক দায়িত্ব বোধ সম্বন্ধে জ্ঞান প্ৰদান কৰে ।

.স্কুলীয়া জীৱনৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আগ্ৰহী কৰি তোলাই হৈছে সহ-পাঠ্যক্রম কাৰ্যসূচীৰ উদ্দেশ্য ।

৪.সহ-পাঠ্যক্রম কাৰ্যসূচী সমূহে ছাত্ৰ ছাত্ৰীক সামাজিক জীৱনৰ প্ৰতি প্ৰস্তুত কৰি তোলে ।

৫. ছাত্ৰ ছাত্ৰীৰ মনত গনতান্ত্ৰিক মূল্য বোধৰ বীজ ৰোপন কৰে ।

৩৯। যিকোনাে চাৰিটা শাৰীৰিক সহ- পাঠ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ শাৰীৰিক সহ-পাঠ্যসূচীৰ নাম হ'লঃ দৌৰ খেল, কাবাডী, ফুটবল আৰু ক্ৰিকেট খেল আদি ।
 
৪০। যিকোনাে পাঁচটা শৈক্ষিক সহ - পাঠ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ শৈক্ষিক সহ-পাঠ্যসূচীৰ নাম হ'লঃ আবৃত্তি, ৰচনা লিখা, তৰ্ক, আকস্মিক বক্তিতা , কুইজ প্ৰতিযোগিতা আদি ।

৪১। যিকোনাে পাঁচটা সামাজিক সহ - পাঠ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ সামাজিক সহ-পাঠ্যসূচীৰ নাম হ'লঃ  এন চি চি , ৰেড ক্ৰছ, স্কুলৰ চাফই কাম , গছ পুলি ৰোৱা , সামাজিক অনুষ্ঠানত পালন আদি ।

৪২। পাঁচটা আবেগিক সহ - পাঠ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ আবেগিক সহ-পাঠ্যসূচীৰ নাম হলঃ গান গোৱা, নৃত্য কৰা, বাদ্য যন্ত্ৰ বজোৱা, নাটক কৰা , ছবি অঁকা হাতেৰে বস্তু বনোৱা আদি ।

৪৩। স্কুল প্রকল্পৰ বাবে প্রয়ােজন হােৱা পাঁচ প্রকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ স্কুল প্রকল্পৰ বাবে প্রয়ােজন হােৱা পাঁচ প্রকাৰৰ কৰ্মচাৰীৰ নাম হ'লঃ  পুথিভঁৰালী ,  চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী  যেনে - পিয়ন ,  চকিদাৰ , হৰিজন আদি ।  কেণ্টিনৰ কৰ্মচাৰী আৰু হস্তেলৰ অভিকৰণ সমূহ ।

৪৪। UGC- ৰ সম্পূর্ণ অর্থ কি ?

উত্তৰঃ  U.G.C ৰ সম্পূৰ্ণ অৰ্থ হল - বিশ্ববিদ্যালয় অনুদান আয়োগ  (University Grants Commission ) 

৪৫। UGC- ৰ প্রধান কার্যালয় ক'ত অৱস্থিত ? 

উত্তৰঃ UGC ৰ প্ৰধান কাৰ্যালয় নতুন দিল্লীত অৱস্থিত ।

৪৬। কম্পিউটাৰৰ অর্থ কি লিখা ।

উত্তৰঃ কম্পিউটাৰ হল এনে এক কৌশল যিয়ে বিভিন্ন বিষয়ৰ সমস্যা সমাধান কৰাত সহায় কৰিব পাৰে । ই অতি দ্ৰুত বেগী আহিলা ।

৪৭। কম্পিউটাৰ কোনে আৱিস্কাৰ কৰিছিল ?

 উত্তৰঃকম্পিউটাৰ  চাৰ্লছ বেৱেজ  আৱিস্কাৰ কৰিছিল ।

৪৮। Website ৰ প্রথম পেজটোক কি বুলি জনা যায় ?

উত্তৰঃ Website ৰ প্রথম পেজটোক    " হোম পেজ "  বুলি জনা যায় ।

৪৯। UGC ৰ সম্পূর্ণ গঠনটো কি ? 

উত্তৰঃ U.G.C ৰ সম্পূৰ্ণ গঠনটো অৰ্থ হল - বিশ্ববিদ্যালয় অনুদান আয়োগ  (University Grants Commission ) 

৫০। ৱেব চাইট কি ? 

উত্তৰঃ ৱেব চাইট  হল ৱেব পেজৰ সমষ্টি । প্ৰতিটো ৱেব চাইট www ৰে আৰম্ভ হয়, যিটো বহুতো সেৱাৰ ভিতৰত এটা সেৱা আৰু যিটো হাইপাৰ টেক্সৰ জৰিয়তে সংযোগ কৰা হয় ।

৫১। ৱেব পেজ কি ? 

উত্তৰঃ ৱেব পেজ সমূহ হৈছে ৱেব চাইটৰ এটা অংশ । প্রতেক ৱেব পেজৰ নিজৰ বেৱ পৰিচয় থাকে । ৱেব পেজ সমূহে এটা ব্ৰাউজাৰৰ জৰিয়তে ডাউনলোড কৰাত সহায় কৰে ।

৫২। UGC কিমান চনত স্থাপিত হয় ?

উত্তৰঃ UGC 1953 চনত নবেম্বৰ মাহত শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰে। 

৫৩। NCERT কিমান চনত স্থাপন কৰা হৈছিল ? 

উত্তৰঃ NCERT  ১৯৬১ চনৰ ১ ছেপটেম্বৰ  চনত স্থাপন কৰা হৈছিল ।

৫৪। NCERT ৰ মুখ্য কার্যালয় ক'ত অৱস্থিত ?
 
উত্তৰঃ NCERT ৰ মুখ্য কার্যালয়  নতুন দিল্লীত অৱস্থিত ।

৫৫। অসমত SCERT কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰঃ অসমত SCERT ১৯৮৫ চনৰ ২৯ মাৰ্চত  স্থাপন কৰা হৈছিল ।

৫৬। তলত উল্লেখ কৰা সমূহৰ সম্পূর্ণ গঢ় কেইটা লিখা । 

ক ) NCERT 

উত্তৰঃ  NCERT - National Council of Educational Research and Training.

খ ) UGC 

উত্তৰঃ UGC - University Grants Commission.
 
গ ) SCERT

উত্তৰঃ SCERT - State Council of Educational Research and Training.

ঘ ) DIET

উত্তৰঃDIET -  District lnstitute of Education and Training .

৫৭।  কম্পিউটাৰৰ যিকোনো তিনি প্রধান অংশৰ নাম লিখা।

উত্তৰঃ কম্পিউটাৰৰ যিকোনো তিনি প্রধান অংশৰ নাম হ'লঃ

১. ইনপুট আহিলা
 
২. আউট পুট আহিলা 

. স্মৃতি গোট

৫৮।  কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
                                                                                                   
উত্তৰঃকম্পিউটাৰৰ তিনিটা  বৈশিষ্ট্য হ'লঃ

১. কম্পিউটাৰ অতি দ্ৰুত গতিৰ যন্ত্ৰ। কম্পিউটাৰে একেটা গতিত অনবৰতে কাম কৰি থাকে।

২. আভ্যন্তৰীণ  আহিলা ৰ দ্বাৰা গ্ৰহণ কৰা তথ্য যদি শুদ্ধ থাকে তেনেহলে কম্পিউটাৰে কেতিয়াও ভুল তথ্য দাঙি নধৰে।

৩. কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থব পাৰে।


৫৯। কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা বুলি উল্লেখ কৰা ।

উত্তৰঃ কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা  হ'লঃ

১. ই নিৰ্দেশনা ৰ উপায় আৰু লক্ষ্যক  ব্যক্তিগত কৰণ কৰিবলৈ সক্ষম হয়।

২. ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক আৰু ব্যক্তিগত ফলাফল ৰ পূৰ্ণ পৰ্যায়ৰ নথি পত্ৰ সংগ্ৰহ কৰাত সহায় কৰে ।

৩. ই নিয়ন্ত্ৰিত পৰিস্থিতিত আৰু বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰত শিক্ষণ ৰ ওপৰত গৱেষণা চলোৱাত সক্ষম ।

৬০। E - mail ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ  E - mail ৰ তিনিটা বৈশিষ্ট্য  হল - 

১. ডাক ব্যৱস্থাতকৈ ই মেইলে বহু বেছি দ্ৰুত গতিত কাম কৰে।

২. ই মেইল যোগাযোগৰ অতি কম খৰচী ব্যবস্থা ।

৩. ই মেইল জৰিয়তে পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰি।

৬১। CD - ROM ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ CD - ROM ৰ তিনিটা বৈশিষ্ট্য হল -

১. কম্পিউটাৰত তথ্য পাতি সংৰক্ষিত কৰি ৰাখিবৰ বাবে  সৰ্বধুনিক আৰু সৰ্বশ্ৰেষ্ঠ মাধ্যম হল চি ডি ৰোম । ইয়াৰ তথ্য সংৰক্ষণ ক্ষমতা বহু বেছি ।

২. ইয়াত সংৰক্ষিত তথ্য সমূহ  বেয়া হোৱাৰ আশংকা নাথাকে ।

৩. ৰোমৰ স্মৃতিত সংৰক্ষিত কোনো নিৰ্দেশ মচি পেলাব নোৱাৰি আৰু সেইবোৰ পৰিবৰ্তন কৰিব পৰা নাযায়। 

৬২। Website ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ Website ৰ তিনিটা বৈশিষ্ট্য হ'লঃ 

১. যিকোনো অনুষ্ঠানে ৱেবছাইট খুলিব পাৰে   অনুষ্ঠানটিৰ সকলো তথ্য পাতি আৰু সা সুবিধা ৰ বিষয়ে ৱেবছাইট উল্লেখ কৰিব পাৰি ।

২. পৃথিৱীৰ যিকোনো ঠাইৰ শিক্ষানুষ্ঠান বা অনুষ্ঠান প্ৰতিষ্ঠান ৰ নিজস্ব ৱেবছাইট আছে ।

৩. প্ৰয়োজন অনুসৰি যিকোনো ব্যক্তিয়ে ৱেবছাইট বুটাম টিপিয়ে অনুষ্ঠান টোৰ বিষয়ে যিকোনো তথ্য লাভ কৰিব পাৰে ।

৬৩। দূৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম উল্লেখ কৰা ।

উত্তৰঃ দূৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম  হ'লঃ 

১. শ্ৰব্য দূৰালাপ সন্মিলন

. দৃশ্য দূৰালাপ সন্মিলন

৩. কম্পিউটাৰ দূৰালাপ সন্মিলন ।

৬৪। শিক্ষাত প্ৰযুক্তিৰ তিনিটা ব্যৱহাৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ শিক্ষাত প্ৰযুক্তিৰ তিনিটা ব্যৱহাৰ হ'লঃ

১. জ্ঞানৰ পৰিসৰ বৃদ্ধি আৰু দ্ৰুত কৰিবৰ বাবে শিক্ষাত প্ৰযুক্তি বিদ্যাৰ ব্যবহাৰ কৰা হয় ।

. বৰ্তমান সমাজত দ্ৰুত গতিত বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিবৰ্তন হোৱা দেখা পোৱা যায় সেইবাবে শিক্ষাত প্ৰযুক্তি বিদ্যাৰ ব্যবহাৰ কৰা হয় ।

৩. শিক্ষাৰ গুণগত মান উন্নত আৰু সুগম কৰি তুলিবৰ বাবে শিক্ষাত প্ৰযুক্তি বিদ্যাৰ ব্যবহাৰ কৰা হয় ।

৬৫। কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ কি ? 

উত্তৰঃ কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ  হ'লঃ

১. ইনপুট আহিলা

২.আউট পুট আহিলা 

৩. স্মৃতি গোট 

৬৬। NCERT ৰ কামসমূহক তিনিটা বহল ভিত্তিত ভাগ কৰা  হৈছে  । ভাগকেইটা কি কি ?

উত্তৰঃ NCERT ৰ কামসমূহক তিনিটা বহল ভিত্তিত ভাগ কৰা  হৈছে  । ভাগকেইটা হ'লঃ
 
১. গৱেষণা আৰু উন্নয়ন 

. চাকৰি কালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণ ব্যবস্থা ।

৩. স্কুলীয়া শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কাৰ্য কৰা ।

৬৭। SCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য উল্লেখ কৰা । 

উত্তৰঃ SCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য সমূহ হ'লঃ

১. শিক্ষাৰ বিভিন্ন গোট আৰু বিভাগ সমূহৰ কাম কাজ এঠাইৰ পৰা পৰিচালনা কৰাৰ সুবিধা কৰা ।

২. ৰাজ্যৰ শৈক্ষিক সমস্যা সমূহ  সমাধান কৰি শিক্ষাৰ উন্নয়নত সহায় কৰা
 
৩. একক অনুষ্ঠানৰ জৰিয়তে শৈক্ষিক উন্নয়নৰ লগত জড়িত কাম কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসন ৰ ব্যবস্থা কৰা ।

৬৮। SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম উল্লেখে কৰা  । 

উত্তৰঃ SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম হল -

১. পাঠ্যক্ৰমৰ উন্নয়ন বিভাগ 

২. শিক্ষক প্ৰশিক্ষণ বিভাগ 

৩. শৈক্ষিক , প্ৰযুক্তিৰ বিভাগ ।

৬৯।  ... ৰ প্ৰধান কাম তিনিটাৰ নাম উল্লেখ কৰা  ।

উত্তৰঃ  

৭০। বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে পাঁচটা কৰ্যাৱলী উল্লেখ কৰা  ।

উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে পাঁচটা কৰ্যাৱলী হ'লঃ

১. বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া। 

২. বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আবশ্যকীয় ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শ সমূহৰ ‌ কাৰ্য্য কৰণত সহায় কৰা। 

৩. বিশ্ববিদ্যালয় সমূহৰ বাবে গোটেই বছৰৰ বাবে বাজেট তৈয়াৰ কৰা ।

৪. বিশ্ববিদ্যালয় সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে ।

৫. উচ্চ, বিজ্ঞান সন্মত শিক্ষা, গৱেষণা আৰু প্ৰযুক্তি বিকাশৰ কাৰণে এই আয়োগে টকা পইছাৰ যোগান ধৰে ।

৭১। তলত উল্লেখ কৰা বিষযসমূহৰ প্রতিটোৰে পাঁচটাকৈ কাৰ্যৱলীৰ  বিষয়ে উল্লেখ কৰা ।   

ক ) UGC

উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে পাঁচটা কৰ্যাৱলী হ'লঃ

১. বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অনুসন্ধান কৰি প্ৰয়োজনীয় অনুদান দিয়া। 

২. বিশ্ববিদ্যালয়ৰ শিক্ষা উন্নত কৰিবলৈ আবশ্যকীয় ব্যবস্থা গ্ৰহণ কৰিবৰ বাবে পৰামৰ্শ দান আৰু পৰামৰ্শ সমূহৰ  কাৰ্য্য কৰণত সহায় কৰা। 

৩. বিশ্ববিদ্যালয় সমূহৰ বাবে গোটেই বছৰৰ বাবে বাজেট তৈয়াৰ কৰা ।

৪. বিশ্ববিদ্যালয় সমূহক যিকোনো অনুদান আগবঢ়াবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে পৰামৰ্শ দিয়ে ।

৫. উচ্চ, বিজ্ঞান সন্মত শিক্ষা, গৱেষণা আৰু প্ৰযুক্তি বিকাশৰ কাৰণে এই আয়োগে টকা পইছাৰ যোগান ধৰে ।

 খ) NCERT

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঁচটা কাৰ্যাৱলী  হ'লঃ

1. পাঠ্যক্ৰম, নিৰ্দেশনা সামগ্রী , শিক্ষণ পদ্ধ্তি , মূল্যায়ন কৌশল, শিক্ষণ সজুঁলি , বিভিন্ন শিক্ষা সামগ্ৰী আৰু শিক্ষণৰ সম্পদ সমূহৰ উন্নতি কাৰণ কৰা

2. শিক্ষক, আৰু শিক্ষাৰ লগত জড়িত সকলো ব্যক্তিৰে চাকৰিকালীন আৰু প্ৰাক চাকৰিকালীন প্ৰশিক্ষণৰ ব্যবস্থা কৰা।

3. NCERT য়ে ছাত্ৰ আৰু ছাত্ৰীৰ বাবে স্কুলীয়া পাঠ্য পুথি , সাধাৰণ কিতাপ ,  শিক্ষামূলক আলোচনী , আৰু গৱেষণা মূলক  সাহিত্য আদি প্ৰস্তুত কৰে।

4. উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে জলপানি বা বৃত্তি ৰ ব্যবস্থা কৰে।

5. পৰিষদৰ বাহিৰে ভিতৰে গৱেষক সকলক গৱেষণাৰ কাম কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা ।
 
গ ) SCERT

উত্তৰঃ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঁচটা কাৰ্যাৱলী  হ'লঃ

১. শিক্ষা সম্বন্ধীয় পৰিকল্পনা আৰু নীতি নিৰ্ধাৰণত ৰাজ্য চৰকাৰক সহায় কৰা ।

২. স্কুলীয়া শিক্ষাত আৰু শৈক্ষিক গৱেষণাৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰা ।

. মাধ্যমিক শিক্ষা সংসদ আৰু উচ্চ মাধ্যমিক পৰিষদক প্ৰয়োজন অনুসৰি সহযোগ কৰা
 
. ৰাজ্যৰ শৈক্ষিক জগতত গৱেষণা কৰি পোৱা তথ্য সমূহ আৰু ফলাফল সমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়া ।

৫.  NCERT আৰু অনান্য শৈক্ষিক অনুষ্ঠান সমূহৰ লগত জাতীয় নীতি সমূহৰ বিষয়ে পদক্ষেপ লবলৈ যোগাযোগ কৰা ।

ঘ) DIET

উত্তৰঃ জিলা শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান পাঁচটা কাৰ্যাৱলী  হ'লঃ 

১. চাকৰি কালিন আৰু প্ৰাক চাকৰিকালীন  প্ৰাথমিক শিক্ষক সকলক প্ৰশিক্ষণ দিয়া ।

২. অগতানুগতিক শিক্ষা আৰু বয়স্ক শিক্ষা  ৰ নিৰ্দেশক সকলক আৰু পৰ্যবেক্ষক সকলক প্ৰশিক্ষণ দিয়া।

৩. প্ৰধান শিক্ষক , স্কুল কমপ্লেক্সৰ প্ৰধান ব্যক্তি আৰু খণ্ড পৰ্যায় বিষয়া সকলক প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা ।

৪. শিক্ষাৰ বাবে প্ৰয়োজনীয়. সম্পদৰ সহযোগৰ ব্যবস্থা কৰা।

৫. শিক্ষাৰ ক্ষেত্ৰত কাৰ্যকৰী গৱেষণা সমূহ কৰা ।

৭২। এটা সম্পূর্ণ কম্পিউটাৰ গােটৰ পাঁচটা অংশৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ এটা সম্পূর্ণ কম্পিউটাৰ গােটৰ পাঁচটা অংশৰ নাম হ'লঃ

১.মনিটৰ 

২. চাবিফলি

৩. মাউছ 

৪. প্ৰক্ৰিয়াৰ গোট 

৫. প্ৰিণ্টাৰ 

৭৩। কম্পিউটাৰৰ পাঁচটা মুখ্য শৈক্ষিক সুবিধাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ কম্পিউটাৰৰ পাঁচটা মুখ্য শৈক্ষিক সুবিধা হ'লঃ

1. শ্ৰেণী কোঠাত কম্পিউটাৰৰ ব্যবহাৰে ছাত্ৰ ছাত্ৰী ৰ যুক্তি সংগত চিন্তা ধাৰাৰ বিকাশ ঘটায়।
 
2. কম্পিউটাৰৰ সহায়ত ছাত্ৰ আৰু শিক্ষকে বিৰামহিনভাবে ফলাফল সমূহ পায় থাকে কাৰণে তেওঁলোকে সোনকালে নিজৰ ভূলবোৰ শুধৰাব পাৰে ।

3. কম সময়তে ছাত্ৰ ছাত্ৰীক বহুতো খবৰ কম্পিউটাৰে যোগান ধৰিব পাৰে কাৰণে ইয়াক শিক্ষাৰ এটা অতি উপযোগী শিক্ষনীয় আহিলা হিচাপে ধৰা হয় ।

৪. ই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নতি পৰীক্ষা কৰাত সহায় কৰে ।

৫. শৈক্ষিক প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰী সকলক সক্ৰিয় অংশগ্ৰহণ কৰাত ই সহায় কৰে। 
 
৭৪।  শাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাৱদ্ধতাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃকম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাৱদ্ধতা হল - 

১. কম্পিউটাৰ অতি ব্যয় বহুল ।
 
২. ছফ্টৱেৰ ৰ কিছুমান ত্ৰুটি থকা দেখিবলৈ পোৱা যায় ।

৩. কম্পিউটাৰ মাধ্যমেৰে নিৰ্দেশনা দিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন । 

৪. কম্পিউটাৰৰ পৰ্দা খন সৰু হোৱা বাবে এটা শ্ৰেণীকোঠাৰ সকলো ছাত্ৰই ভালদৰে দেখা নাপাব পাৰে। 

৫. বিদ্যালয় বোৰত পৰ্যাপ্ত পৰিমাণৰ শিক্ষাৰ সজুলি, সুসজ্জিত কোঠালী, প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰী আৰু চফ্টৱেৰ নাই। 

৭৫। ইন্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ ইন্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধা হল - 

১. ইন্টাৰনেটৰ সহায়ত বিশ্বৰ সকলো খবৰ সহজতে পোৱা যায় ।

২. ছাত্ৰ ছাত্ৰী সকলে ইন্টাৰনেটৰ সহায়ত তেওঁলোকে বিচৰা যিকোনো প্ৰশ্ন উত্তৰ পাব পাৰে।

৩. ইন্টাৰনেটৰ সহায়ত বস্তু কিনা বেচা কৰিব পাৰি ।

৪. ইন্টাৰনেটৰ সহায়ত বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰি ।

৫. ইন্টাৰনেট অতি দ্ৰুত গতিত বিশ্বৰ যিকোনো ঠাইলৈ তথ্য সৰবৰাহ কৰাত সহায় কৰে ।

৭৬। চমুটোকা লিখা ?

ক ) ইন্টাৰনেট । 

উত্তৰ :- ইন্টাৰনেট হ'ল বহুতো নেটৱৰ্ক ৰ মাজতে এটা নেটৱৰ্ক । পৃথিৱীৰ অসংখ্য কম্পিউটাৰৰ যোগসুত্ৰকে কম্পিউটাৰ নেটৱৰ্ক বোলা হয়। এটা নেটৱৰ্কত বহুতো কম্পিউটাৰ সংযোজন কৰা হয়। এই সংযোজন কাৰ্য কেবল ( Cable) আৰু কৃত্ৰিম উপগ্ৰহ  ( satellites)  ৰ সহযোগত হয় । সমগ্ৰ পৃথিৱীৰ অসংখ্য নেটৱৰ্ক পাৰস্পৰিক ভাবে সংযুক্ত হলেহে ইন্টাৰনেট তৈয়াৰ হয়। 
     1969 চনত আমেৰিকাৰ মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰে প্ৰথমে ইন্টাৰনেট ক ARPANET হিচাপে প্ৰথম প্ৰয়োগ আৰম্ভ কৰিছিল । 

খ ) ৱেবচাইট ।

উত্তৰ :-বেৱ ছাইট হল বেৱ পেজ ৰ সমষ্টি । যিবিলাক কোনো সামাজিক সংগঠন, অনুষ্ঠান যেনে - বিশ্ববিদ্যালয় , ব্যৱসায়িক কেন্দ্ৰ , গৱেষণা প্ৰতিষ্ঠান, লাইব্ৰেৰী, সমাজ কল্যাণ মূলক সংস্থাক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়ে আৰু শেহতীয়া তথ্য অন্ত্ভুক্ত কৰি থয় । প্ৰতিটো বেৱ ছাইট WWW  আৰম্ভ হয়। যিটো বহুত সেৱাৰ ভিতৰত এটা সেৱা আৰু যিটো হাইপাৰটেক্স ৰ  জৰিয়তে সংযোগ কৰা হয়।বেৱ  পেজ সমূহ  এটা ব্ৰাউজাৰ জৰিয়তে বেৱ চাৰভাৰৰ  পৰা মূল্যাংকন কৰা হয়।  ই আমাক বেৱৰ যিকোনো কম্পিউটাৰত পঢ়া , বিচৰা , তথ্য পাতি  ডাউন লোড কৰাত সহায় কৰে। প্ৰতেক বেৱ পেজৰ নিজৰ নিজৰ বেৱ  পৰিচয়  থাকে যাক URL   বুলি কোৱা হয় ।

গ ) চি ডি ৰোম ।

উত্তৰ :- CD-ROM সম্পূৰ্ণ ৰূপটো হল  কম্পেক্ট ডিক্স ৰিড অনলী মেম'ৰী ( compact disc- Read Only Memory ) . চি ডি ৰোম  হৈছে এক বৃহৎ সংখ্যক সূচনা বা তথ্য সংৰক্ষণ ব্যবস্থা । কম্পিউটাৰত তথ্যপাতি সংৰক্ষিত কৰি ৰাখিবৰ বাবে সৰ্বাধুনিক আৰু সৰ্বশ্ৰেষ্ঠ মাধ্যম হল চি ডি ৰোম । ইয়াৰ  তথ্য সংৰক্ষণৰ ক্ষমতা বেছি ।
 
ঘ ) ই - মেইল । 

উত্তৰ :- ই-মেইলৰ সম্পূৰ্ণ ৰূপটো হল - Electronic mail ।  ইলেকট্ৰনিক উপায়েৰে চিঠি প্ৰত্ৰ ৰ আদান প্ৰদান কৰা হৈছে  . ই-মেইলৰ প্ৰধান কাম। এই পদ্ধতিটোত বাৰ্তা প্ৰেৰক আৰু বাৰ্তা গ্ৰহণকাৰী উভয়ৰে  . ই-মেইল ঠিকনা থকা দৰকাৰ। তেওঁলোকৰ একোটা নিজস্ব পাছৱৰ্ড থাকিব লাগে । যিটোৱে তেওঁলোকৰ চিনাক্ত কৰণত সহায় কৰে। ইয়াক  . ই-মেইল আই ডি বোলে। বাৰ্তাটো কম্পিউটাৰৰ কী বোৰ্ড ত মাত্ৰ টাইপ কৰিব লাগে। . ই-মেইল ঠিকনা টো প্ৰথমে লিখিব লাগে, গ্ৰহণকাৰীয়ে তেওঁৰ কম্পিউটাৰত  . ই-মেইল আই ডী খুলিলে বাৰ্তাটো পঢ়িব পাৰে। এই ক্ষেত্ৰত তেওঁৰ পাছৱৰ্ড টো ব্যবহাৰ কৰিব লাগে।

ঙ ) দূৰালাপ সন্মিলন ।

উত্তৰঃ দূৰত্ব শিক্ষা পদ্ধতিৰ  আটাইতকৈ উপযোগী পদ্ধতি হৈছে দূৰালাপ সন্মিলন প্ৰণালী । এই প্ৰণালীটো গোটেই বিশ্বত জনপ্ৰিয় । এই ব্যৱস্থাত বহু দূৰত থকা দুজন বা ততোধিক ব্যক্তিয়ে পৰস্পৰে কোনো বিষয় আলোচনা কৰিব পাৰে ।দূৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম  হলঃ
১ . শ্ৰব্য দূৰালাপ সন্মিলন
২. দৃশ্য দূৰালাপ সন্মিলন
৩. কম্পিউটাৰ দূৰালাপ সন্মিলন ।
শিক্ষাৰ অনান্য মাধ্যমৰ তুলনাত দূৰালাপ সন্মিলনৰ ব্যয় অতি কম । ই শিক্ষাৰ এক নমনীয় মাধ্যম ।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Pinki Kalita
M.A in Education