ৰচনা , দশম শ্ৰেণীৰ বাবে 

 বিষয়: বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি 

 

আৰম্ভণি : শিক্ষাৰ্থী এগৰাকীৰ সৰ্বাংগীন উৎকৰ্ষ সাধনেই শিক্ষাৰ মূল লক্ষ্য হোৱা উচিত । পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ আন আন ক্ষেত্ৰসমূহৰ সমপৰিমাণে বিকাশ সাধন কৰিব পাৰিলেহে শিক্ষা গ্ৰহণৰ উদ্দেশ্য সফল হোৱা বুলি কব পাৰি । বৰ্তমান সময়ৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাৰ্থী সকলক শাৰীৰিক আৰু মানসিক উভয় দিশৰ জ্ঞানেৰে সমৃদ্ধ কৰি তুলিব পাৰিলেহে  শিক্ষা গ্ৰহণৰ সাৰ্থকতা আদায় হ'ব । সেইবাবে পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ আনুসংগিক জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰতো স্কুল পৰ্যায়ৰ পৰাই বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । সেইবাবে প্ৰতিখন বিদ্যালয়তে প্ৰতিবছৰত বাৰ্ষিক খেল ধেমালি আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয় । 


মোৰ বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি: আমাৰ বিদ্যালয়তো প্ৰতিবছৰে ছাত্ৰ -ছাত্ৰী সকলৰ উৎকৰ্ষ সাধনৰ লক্ষ্য আগত ৰাখি বাৰ্ষিক খেল -ধেমালি খন অনুষ্ঠিত কৰা হয় । সাধাৰণতে অক্টোবৰ, নৱেম্বৰ মাহত এই খেল- ধেমালি খন অনুষ্ঠিত হৈ আহিছে । প্ৰায় এসপ্তাহ জোৰা কাৰ্যসূচীৰে এই খেল- ধেমালি খন অনুষ্ঠিত হয়  । সেই কেইটা দিনত বিদ্যালয়খন লোকে লোকাৰণ্য আৰু উখল -মাখল হৈ থাকে । বিগত বছৰবোৰৰ দৰে এইবেলিও আমাৰ বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি খন যোৱা ২২/১০/২০২০ ইং তাৰিখৰ পৰা ২৭/১০/২০২০ তাৰিখলৈ সুকলমে অনুষ্ঠিত হৈ যায় । উক্ত প্ৰতিযোগিতা খনত সকলো স্তৰৰ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পৰাকৈ বিভিন্ন প্ৰকাৰৰ খেল ধেমালি অন্তৰ্ভুক্ত কৰা হয় । এইবোৰৰ ভিতৰত ১০০ মিটাৰৰ দৌৰ , ২০০ মিটাৰৰ দৌৰ , ৫০০ মিটাৰৰ ৰিলে দৌৰ , হাই জাম্প , লং জাম্প, সাঁতোৰ , যাঠি দলিওৱা , ঢাল দলিওৱা আদি প্ৰধান আছিল । ইয়াৰ লগতে প্ৰাক প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পানী-পাৰ , চকলেট দৌৰ আদি অনুষ্ঠিত কৰা হয় । 


  মই ব্যক্তিগত ভাবে কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ । ইয়াৰ ভিতৰত দৌৰ আৰু লং জাম্প মোৰ সবাতোকৈ প্রিয় । ইয়াৰ উপৰিও ৫০০ মিটাৰৰ ৰিলে দৌৰকে ধৰি কেইবাবিধো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰোমাঞ্চকৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম হওঁ । বাৰ্ষিক খেল ধেমালিৰ সেই দিনকেইটাৰ অনুভৱে মনটোক আজিও সজীৱ কৰি তোলে আৰু দিনকেইটালৈ মনত পেলাই আমি ছাত্ৰ- ছাত্ৰীসকল নষ্টালজিক হৈ পৰোঁ । 


প্ৰতিযোগিতাৰ আৰম্ভণি: বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাখনিৰ আৰম্ভণিৰ দিনা অৰ্থাৎ ২২/১/২০২০ তাৰিখে ৰাতিপুৱা আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ উমেশ মিশ্ৰ ছাৰে পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে । তাৰ লগে লগে বিদ্যালয়ৰ ছাত্র- ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীয়ে সমূহীয়া ভাবে সমবেত সংগীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বঢ়াই তোলে । ইয়াৰ পিছতেই  শৰীৰ চৰ্চা প্ৰতিযোগিতাৰে এইবছৰৰ বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা খনৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰা হয় । শৰীৰ চৰ্চা প্ৰতিযোগিতাত বিচাৰক হিচাপে আমন্ত্ৰণ কৰি অনা হয় ৰাজ্যৰ এগৰাকী আগশাৰীৰ শৰীৰচৰ্চাবিদ ধৰ্মেন্দ্ৰমোহন ডেকাক । শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ শেষত ছাত্র- ছাত্ৰীসকলৰ মাজত বুট- কল আৰু শীতল পানীয়ৰ বিতৰণ কৰা হয় । আবেলিৰ ভাগত এইবেলি প্ৰথমবাৰৰ বাবে আয়োজন কৰা সাঁতোৰ প্ৰতিযোগিতা খন অনুষ্ঠিত হয় । বিদ্যালয়ত নতুনকৈ নিৰ্মিত চুইমিং পুলত এই প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা হয় । প্ৰতিযোগিতাত ছাত্র- ছাত্ৰীৰ অংশগ্ৰহণ আৰু প্ৰদৰ্শন অতিকৈ উৎসাহজনক আছিল । প্ৰতিযোগিতাৰ শেষত ছাত্ৰ- ছাত্ৰীৰ সঁহাৰিলৈ লক্ষ্য কৰি প্ৰতিবছৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা হব বুলি প্ৰধান শিক্ষক মহোদয়ে আশ্বাস প্ৰদান কৰে। মইও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হওঁ । ছাত্ৰ- ছাত্ৰীসকলৰ বহুদিনীয়া হেঁপাহ এটা এই প্ৰতিযোগিতাখনৰ জৰিয়তে পূৰণ হয় ।সাঁতোৰৰ প্ৰতি থকা ফবিয়া দূৰ কৰি আগুৱাই যোৱাত ভৱিষ্যতে ই আমাক সহায় কৰিব । প্ৰথম দিনটোৰ কাৰ্যসূচী সাঁতোৰ প্ৰতিযোগিতা খনেৰে অন্ত পৰাৰ লগে লগে দ্বিতীয় দিনা পুনৰ ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ , লং জাম্প আদি অনুষ্ঠিত হয় । এনেদৰে সাতোটা দিনেই নিয়াৰিকৈ এটাৰ পিছত আন এটা প্ৰতিযোগিতা সুচল ভাবে অনুষ্ঠিত হয় । 


বঁটা বিতৰণী ও প্ৰতিযোগিতাৰ সমাপ্তি: প্ৰতিযোগিতাৰ শেষৰ দিনা অৰ্থাৎ ২৭/১০/২০ তাৰিখে বিদ্যালয় চৌহদত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাখন আবেলি প্ৰায় ৩ বজাৰ পৰা অনুষ্ঠিত হয় । সভাত কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে । আমাৰ বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ে সভাপতিত্ব কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হয় জিলাখনৰ প্ৰাক্তন ভাৰাত্তোলন খেলুৱৈ জাকিৰ হুছেইন ডাঙৰীয়াক । তেখেতে নিজৰ বহুমূলীয়া ভাষণেৰে আমাক উপকৃত কৰে । সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জিলা ক্ৰীড়া বিষয়া মাননীয় শ্ৰী যুত বিষ্ণুজ্যোতি সন্দিকৈ । তেখেতেও নিজৰ সাৰুৱা ভাষণেৰে আমাক  আপ্লুত কৰে । প্ৰতিগৰাকী বক্তায়ে নিজৰ ভাষণত খেলৰ প্ৰয়োজনীয়তা আৰু খেলুৱৈসূলভ মানসিকতাৰ বিষয়ে উল্লেখ কৰে । বহুতো নজনা কথা আমি তেখেতসকলৰ ভাষণৰ পৰা জানিব পাৰি নথৈ আনন্দিত হওঁ । ইয়াৰ পিছতেই দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে পুৰস্কাৰ প্ৰাপ্ত ছাত্র- ছাত্ৰীসকলক বঁটা প্ৰদান কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে । বিভিন্ন শাখাৰ বিভিন্ন খেলত বঁটাপ্ৰাপ্ত সকলক একোটাকৈ ট্ৰফী, মানপত্ৰ আৰু মেডেল প্ৰদান কৰা হয় । মইও লং জাম্প, ২০০ মিটাৰ দৌৰত বঁটা লাভ কৰাৰ লগতে  ৫০০ মিটাৰৰ ৰিলে দৌৰত দলীয়ভাবে বঁটা লাভ কৰিবলৈ সক্ষম হওঁ । জিলা ক্ৰীড়া বিষয়া মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰিব পাই মই অতিকৈ সুখী অনুভৱ কৰিছোঁ । ইয়ে মোক দুগুন উৎসাহেৰে অনাগত দিনবোৰত খেলৰ জগতখনৰ লগতে পঢ়া-শুনাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো সহায় কৰিব বুলি মই দৃঢ়বিশ্বাসী । 

সভাৰ শেষত প্ৰধান শিক্ষক মহোদয়ে ছাত্র- ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে সহায়- সহযোগিতা তথা দিহা- পৰামৰ্শৰে প্ৰতিযোগিতাখন চলাই নিয়াত সহায় কৰা সংশ্লিষ্ট সকলো পক্ষলৈ শলাগৰ শৰাই জ্ঞাপন কৰি আনুষ্ঠানিক ভাবে এই বছৰৰ বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা খনৰ সামৰণি পৰা বুলি ঘোষণা কৰে । 


সামৰণি: খেল- ধেমালি মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ । আমাৰ জীৱনত ইয়াৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰোঁ । খেল- ধেমালিয়ে আমাৰ শৰীৰ আৰু মন দুইটাই নিৰোগী কৰি ৰখাত সহায় কৰে । স্কুল পৰ্যায়ত এই ধৰণৰ প্ৰতিযোগিতাৰ আয়োজনে ছাত্ৰ- ছাত্ৰীসকলক মানসিক ভাবে সজীৱ কৰি ৰাখে । বৰ্তমানৰ তীব্ৰ প্ৰতিযোগিতাৰ এই যুগত খেল ধেমালিৰ জৰিয়তে বন্ধুত্ব আৰু ভাতৃত্ববোধ গঢ়ি উঠাত সহায় হয় । সেইবাবে বাৰ্ষিক খেল ধেমালি বিদ্যালয় এখনৰ প্ৰয়োজনীয় অংগ হোৱা উচিত ।


Chinku Moni Adhikarai 

(M.A in Assamese)