অধ্যায় ৩

Chapter 3

বিদ্যালয় আৰু ইয়াৰ সংগঠন

School and Its Organisation


প্ৰশ্নাৱলীঃ

১। বিদ্যালয়ৰ বৈষয়িক অৱস্থা বুলিলে কি বুজায় ?

উত্তৰঃ বিদ্যালয়ৰ বৈষয়িক অৱস্থা বুলিলে মাটি, ঘৰ-দুৱাৰ, শ্ৰেণীকক্ষ, শ্ৰেণী কক্ষৰ সা-সঁজুলি, পুথিভঁৰাল, বিজ্ঞানগাৰ আৰু বিভিন্ন সা-সঁজুলিকে সাঙুৰি লয়।


২। বিদ্যালয়ৰ স্থান নির্বাচন কৰোঁতে কি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগে ?

উত্তৰঃবিদ্যালয়ৰ স্থান নির্বাচন কৰোঁতে-

১) বিদ্যালয়ৰ পৰিবেশটো স্বাস্থ্যসন্মত, ওখ, আৰু ৰদ পৰা ঠাইত হোৱা উচিত।

২) জনসাধাৰণৰ পৰা আঁতৰৰ, বাট-পথৰ সুচল থকা ঠাইত স্কুলঘৰৰ মাটি হোৱা উচিত।

৩) বিদ্যালয়ৰ চৌহদটো আহল-বহল, খেলা-ধূলাৰ সুবিধাজনক আৰু চাৰিওফালে গছ-গছনি থকা উচিত।

৪) মাটিৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হোৱা উচিত যাতে ভৱিষ্যতে শ্ৰেণীকোঠা বঢ়াব পৰা যায়।

৫) কোনো জনকল্যাণমূলক অনুষ্ঠান বা চিকিৎসালয়ৰ ওচৰত স্কুলৰ ব্যৱস্থা হলে ভাল।


৩। বিদ্যালয়ত ব্যৱহৃত হােৱা কেতবােৰ সা - সঁজুলিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ বিদ্যালয়ত ব্যৱহৃত হােৱা সা-সঁজুলিৰবোৰ হল-

১) ছাত্ৰ-ছাত্ৰীৰ বাবে ডেক্স আৰু বেঞ্চ।

২) শিক্ষকৰ বাবে চকী-মেজ, এখন প্লেটফৰ্ম।

৩) এটা দাস্তাৰ, নিৰ্দেশ মাৰি।

৪) মেপ, চাৰ্ট, ছবি আদিৰ বাবে ষ্টেণ্ড।

৫) বিজ্ঞান বিষয়ৰ বাবে সা-সঁজুলি।


৪। শ্রেণীকক্ষত প্রয়ােজন হােৱা দুবিধ আচবাবৰ নাম উল্লেখ কৰা।

উত্তৰঃ শ্রেণীকক্ষত প্রয়ােজন হােৱা দুবিধ আচবাব হল- ডেক্স আৰু বেঞ্চ।


৫। পুথিভঁৰালৰ বাবে কেনেকুৱা সা-সুবিধা থকা উচিত চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ পুথিভঁৰাল এটাৰ বাবে থাকিবলগীয়া সা-সুবিধাবোৰ হল-

১) বিদ্যালয় ঘৰৰ কেন্দ্ৰস্থলত পুথিভঁৰালটো স্থাপন কৰা উচিত।

২) হুলস্থুলীয়া পৰিবেশৰ পৰা আঁতৰত পুথিভঁৰালটো স্থাপন কৰা উচিত।

৩) পুথিভঁৰালটোৰ ভিতৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবৰ বাবে পাঠগাৰৰ ব্যৱস্থা থকা উচিত।

৪) পুথিভঁৰাল কক্ষত নীৰবতা বজাই ৰখাৰ বাবে বিহিত ব্যৱস্থা লোৱা উচিত।

৫) পুথিভঁৰালত কিতাপ-পত্ৰ আদি ৰাখিবৰ বাবে আলমাৰিৰ ব্যৱস্থা থাকিব লাগে।


৬। মানৱ সম্পদৰ অৰ্থ লিখা ।

উত্তৰঃ যিসকল ব্যক্তিয়ে সমাজৰ উন্নতিৰ হকে সকলো কাম-কাজতে শাৰীৰিক আৰু মানসিকভাৱে যোগদান কৰে তেখেতসকলক মানৱসম্পদ বোলে।


৭। বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা।

উত্তৰঃ বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধ হল- মাটি, ঘৰ-দুৱাৰ, শ্ৰেণীকক্ষ।


৮। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ-দর্শন দুবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰঃ শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্ৰৱণ-দর্শন দুবিধ সঁজুলিৰ নাম হল- ৰেডিঅ আৰু কম্পিউটাৰ।


৯। স্কুলৰ গৃহ নির্মাণৰ বাবে তিনিটা চর্ত উল্লেখ কৰা ।

উত্তৰঃ স্কুলৰ গৃহ নির্মাণৰ বাবে তিনিটা চর্ত হল-

    (১) স্কুলঘৰটো নিৰ্মাণ কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ, দেহ-মানসিক স্বাস্থ্যৰ নিৰাপত্তা প্ৰদান কৰিব পৰা ধৰণৰ হব লাগে।

    (২) বিদ্যালয় ঘৰৰ আকৃতি, ইংৰাজী আখৰৰ H, E, I, L, T আদিৰ যিকোনো এটা আকৃতিৰ কৰিব পাৰি।

    (৩) বিদ্যালয় ঘৰটোৰ সকলো লোকৰেই স্বাস্থ্যসন্মত হোৱাকৈ শীত-তাপ, পোহৰ আৰু বায়ু চলাচল ব্যৱস্থা থাকিব লাগে।


১০। কম্পিউটাৰৰ তিনিটা মূল অংশ উল্লেখ কৰা।

উত্তৰঃ ম্পিউটাৰৰ তিনিটা মূল অংশ হল- (১) ইনপুট আহিলা।

                                                                        (২) আউটপুট আহিলা।

                                                                        (৩) স্মৃতিগোট।


১১। ইণ্টাৰনেটৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ ইণ্টাৰনেটৰ দুটা সুবিধা হল-

    (১) ইণ্টাৰনেটৰ যোগেদি  যিকোনো বাৰ্তা বা খবৰ পৃথিৱীৰ যিকোনো খবৰ যিকোনো ঠাইৰ যিকোনো ব্যক্তিলৈ পথাব পাৰি।

    (২)ইণ্টাৰনেটৰ যোগেদিয়ে দেশ বিদেশৰ বিভিন্ন সামগ্ৰী কিনা বেচা কৰিব পাৰি।


১২। দূৰালাপ সন্মিলন কি ?

উত্তৰঃ দূৰালাপ সন্মিলন হল ইণ্টাৰনেট যোগে প্ৰদান কৰা এক যোগাযোগ ব্যৱস্থা, যত বিভিন্ন ঠাইত সিচঁৰিত হৈ থকা তিনি-চাৰিজন ব্যক্তিক ইলেকট্ৰনিক মাধ্যমেৰে যোগাযোগ কৰি কোনো বিষয়ৰ ওপৰত নিজৰ নিজৰ মতামত ব্যক্ত কৰিবলৈ বা আলোচনা কৰিবলৈ ব্যৱস্থা কৰা হয়।


১৩। শিক্ষকৰ তিনিটা ব্যক্তিগত গুণ উল্লেখ কৰা।

উত্তৰঃ শিক্ষকৰ তিনিটা ব্যক্তিগত গুণ হল-

(১) শাৰীৰিক সক্ষমতাঃ শিক্ষকজন সদায় আকৰ্ষণীয় চেহেৰাৰ হব লাগে। শিক্ষকৰ শাৰীৰিক সুদক্ষতা, সুস্থ-সবল ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰীৰ মন সহজে আকৰ্ষণ কৰিব পাৰে।

(২) মানসিক স্বাস্থ্যঃ শিক্ষক সদায় মানসিকভাৱে উৎসাহ, উদ্যম আৰু সৱলতাৰ দ্বাৰা প্ৰস্তুত হব লাগে।

(৩) নিয়মানুবৰ্তিতাঃ শিক্ষকজনে নিয়মানুবৰ্তিতা ৰাখি নিৰ্ধাৰিত সময়ত শ্ৰেণীকক্ষত উপস্থিত থাকিব লাগে।

(৪) হাস্য ৰসিকতাঃ শিক্ষকজন মৃদু হাস্যৰসী হব লাগে। পাঠদানৰ একঘেয়ামী এৰাই চলিবলৈ তেওঁ মাজে-সময়ে হাস্যৰসৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব।

(৫) বাগ্মিতাঃ শ্ৰেণীকোঠাত পাঠদানৰ বিষয়বস্তু স্পষ্টভাৱে উপস্থাপন কৰিব লাগে। শব্দৰ উচ্চাৰণ, বাক্যৰ বিশুদ্ধতা, প্ৰকাশভংগীৰ সাবলীলতা শিক্ষকৰ অন্যতম গুণ।


১৪ । সুচলকাৰী হিচাপে শিক্ষকৰ তিনিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ সুচলকাৰী হিচাপে শিক্ষকৰ তিনিটা কার্য হল- 

    (১) শিক্ষকে শ্ৰেণীকোঠাৰ সকলো সা-সঁজুলি নিৰীক্ষণ কৰি পাঠদানৰ প্ৰতি সাজু হব লাগিব।

    (২) শ্ৰেণীকোঠাত স্বাস্থ্যসন্মত আৰু আকৰ্ষণীয় কৰি গঢ়ি তুলি শিক্ষণীয় বিষয়বস্তুৰ উপস্থাপন কৰিব লাগিব।

    (৩) পাঠদান কৰা বিষয়বস্তুৰ লগত সংগতি ৰাখি প্ৰশ্নোত্তৰৰ ব্যৱস্থা কৰিব।


১৫। পৰামর্শদাতা হিচাপে শিক্ষকৰ চাৰিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ পৰামর্শদাতা হিচাপে শিক্ষকৰ চাৰিটা কার্য হল-

    (১) শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা সমস্যা আৰু অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

    (২) ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ হব লাগে।

    (৩) ভিন্ ভিন্ ছাত্ৰ-ছাত্ৰীৰ মাজত থকা ব্যক্তি-পাৰ্থক্যৰ প্ৰতি গুৰুত্ব দিব লাগে।

    (৪) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বন্ধুসুলভ মনোভাৱৰ সৃষ্টি কৰিব লাগে।


১৬। এজন শিক্ষকৰ পাঁচোটা ব্যৱহাৰিক গুণ উল্লেখ কৰা ।

উত্তৰঃ এজন শিক্ষকৰ পাঁচোটা ব্যৱহাৰিক গুণ হল- 

(১) শাৰীৰিক সক্ষমতাঃ শিক্ষকজন সদায় আকৰ্ষণীয় চেহেৰাৰ হব লাগে। শিক্ষকৰ শাৰীৰিক সুদক্ষতা, সুস্থ-সবল ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰীৰ মন সহজে আকৰ্ষণ কৰিব পাৰে।

(২) মানসিক স্বাস্থ্যঃ শিক্ষক সদায় মানসিকভাৱে উৎসাহ, উদ্যম আৰু সৱলতাৰ দ্বাৰা প্ৰস্তুত হব লাগে।

(৩) নিয়মানুবৰ্তিতাঃ শিক্ষকজনে নিয়মানুবৰ্তিতা ৰাখি নিৰ্ধাৰিত সময়ত শ্ৰেণীকক্ষত উপস্থিত থাকিব লাগে।

(৪) হাস্য ৰসিকতাঃ শিক্ষকজন মৃদু হাস্যৰসী হব লাগে। পাঠদানৰ একঘেয়ামী এৰাই চলিবলৈ তেওঁ মাজে-সময়ে হাস্যৰসৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব।

(৫) বাগ্মিতাঃ শ্ৰেণীকোঠাত পাঠদানৰ বিষয়বস্তু স্পষ্টভাৱে উপস্থাপন কৰিব লাগে। শব্দৰ উচ্চাৰণ, বাক্যৰ বিশুদ্ধতা, প্ৰকাশভংগীৰ সাবলীলতা শিক্ষকৰ অন্যতম গুণ।


১৭। সমাজৰ ক্ষেত্ৰত শিক্ষকে কেনেকুৱা দায়িত্ব পালন কৰে চমুকৈ লিখা ।

উত্তৰঃ আৰ্থ সামাজিক বিবেচনাঃ সম্প্ৰদায়ৰ বিকাশৰ বাবে শিক্ষকে পালন কৰা এক গুৰুত্বপূৰ্ণ ভূমিকা হল আৰ্থ-সামাজিক বিবেচনা। সম্প্ৰদায়ৰ মানুহৰ আৰ্থ সামাজিক বিকাশৰ বাবে বিদ্যালয়ৰ পাঠ্যক্ৰমত শিক্ষকে স্থানীয়ভাৱে উপলব্ধ হস্তশিল্প আৰু অন্যান্য উপযোগী আৰু উৎপাদনশীল কৰ্মসূচী অন্তভূক্ত কৰিব লাগে।

সামাজিক নেতৃত্বদানঃ ছাত্ৰ-ছাত্ৰীৰ পৌৰ মনোভাৱ বিকাশাই তোলাৰ বাবে শিক্ষকে নেতৃত্বদানৰ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে। নেতৃত্বদানৰ প্ৰশিক্ষণৰ যোগে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সাম্প্ৰদায়ক ভাল-পথেৰে আগুৱাই নিব পাৰি।

নিৰক্ষৰ প্ৰাপ্তবয়স্ক লোকক শিক্ষাদানঃ কণ কণ শিশুসকলক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰাৰ মাজতেই শিক্ষকসকলৰ দায়িত্ব সীমাবদ্ধ নহয়। নিৰক্ষৰতা আৰু অজ্ঞতা নোহোৱা কৰিবৰ বাবে সমাজৰ প্ৰাপ্তবয়স্ক লোকসকলৰ শিক্ষা প্ৰদান কৰাৰ দায়িত্বও শিক্ষকেই গ্ৰহণ কৰে। সেয়ে শিক্ষকে বিদ্যালয়ক প্ৰাপ্তবয়স্ক শিক্ষাৰ কেন্দ্ৰ স্বৰূপে বিকশাই তুলিব লাগে।


১৮। এখন স্কুলত শিক্ষকৰ ভূমিকা সম্পর্কে তিনিটা দায়িত্ব উল্লেখ কৰা ।

উত্তৰঃ এখন স্কুলত শিক্ষকৰ ভূমিকা সম্পর্কে তিনিটা দায়িত্ব হল-

শিক্ষাদানঃ শিক্ষকসকলৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হল শিক্ষাদান কৰা। বিশেষ ছাত্ৰ-ছাত্ৰীৰ দলৰ বাবে বোধগম্য হোৱা ফলপ্ৰসূ শিক্ষাদানৰ পদ্ধতি আৰু কৌশল শিক্ষকসকলে প্ৰয়োগ কৰিব পাৰে।

শৈক্ষিক পৰিকল্পনাঃ সফল শিক্ষক হবৰ বাবে শিক্ষকসকলে আগতীয়াকৈ নিজৰ কৰ্মৰ পৰিকল্পনা কৰিব লাগে। তেওঁ শিক্ষাদান কাৰ্যৰ পৰিকল্পনা কৰিব লাগে, এমাহত বা এটা নিৰ্দিষ্ট সপ্তাহত তেওঁ কিমান কাৰ্য সম্পাদন কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীৰ কাৰ্যসূচীৰো তেওঁ পৰিকল্পনা কৰিব লাগে।

শৈক্ষিক মূল্যায়নঃ শিক্ষকসকলে নিয়মীয়াকৈ নিয়ীয়াসৈ সময়ে সময়ে ছাত্ৰ-ছাত্ৰীৰ কাৰ্য আৰু অংশ-গ্ৰহণৰ মূল্যায়ন কৰিব লাগে। ইয়ে শিক্ষাদান-শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীৰ ফলপ্ৰসূতা আৰু দুৰ্বলতা আঙুলিয়াই দিব আৰু শিক্ষকে ইয়াৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।


১৯। দুটি সম্বন্ধীয় বাধাগ্রস্ত শিশু কাক বােলে ?

উত্তৰঃ দৃষ্টি সম্বন্ধীয় লৰা-ছোৱালী জন্মতে বা সৰুতে হোৱা চকুৰ অসুখৰ ফলস্বৰূপে সম্পূৰ্ণৰূপে অন্ধ বা দৃষ্টিশক্তি ক্ষীণ হোৱা শিশুক দুটি সম্বন্ধীয় বাধাগ্ৰস্থ শিশু বোলে।


২০। দৈহিক অক্ষমতাৰ পৰা শিশুক কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ দৈহিক অক্ষমতাৰ পৰা শিশুক চাৰিটা ভাগত ভাগ কৰিব পাৰি।


২১। ৯০-১০০ ৰ বুদ্ধ্যাংকৰ ভিতৰত কি ধৰণৰ ছাত্ৰ - ছাত্রী অন্তর্ভুক্ত কৰা হয় ?

উত্তৰঃ ৯০-১০০ ৰ বুদ্ধ্যাংকৰ ভিতৰত স্বাভাৱিক বুদ্ধি সম্পন্ন ছাত্ৰ - ছাত্রী অন্তর্ভুক্ত কৰা হয়।


২২। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধ্যাংকৰ পৰিসৰ কিমান ?

উত্তৰঃ সাধাৰণ বুদ্ধিসম্পন্ন ছাত্র - ছাত্রীৰ বুদ্ধ্যাংকৰ পৰিসৰ ৯০-১০৯।


২৩। পাঠ্যক্রম শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে ?

উত্তৰঃ পাঠ্যক্ৰম শব্দটো লেটিন ভাষাৰ ' currere ' শব্দৰ পৰা উৎপত্তি হৈছে।


২৪। পাঠ্যক্ৰমৰ দুটা যিকোনাে প্রকাৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ পাঠ্যক্ৰমৰ দুটা যিকোনাে প্রকাৰৰ নাম হল- 

    (১) তাত্ত্বিক আৰু ব্যৱহাৰিক পাঠ্যক্ৰম

    (২) নিৰ্বাচিত আৰু ব্যাপক 


২৫। বর্তমান পাঠ্যক্ৰমৰ দুটা ত্রুটি উল্লেখ কৰা।

উত্তৰঃ বৰ্তমান পাঠ্যক্ৰমৰ দুটা ত্রুটি হল- 

১) পুঠিগত আৰু তাত্ত্বিকঃ বৰ্তমান প্ৰচলিত পাঠ্যক্ৰমে পুথিগত আৰু তাত্ত্বিক দিশৰ জ্ঞান অৰ্জনৰ ওপৰত অধিক প্ৰধান্য দিয়ে। ইয়াৰ ফলস্বৰূপে শিক্ষাৰ্থীৰ অভিজ্ঞতাবোৰ সংকীৰ্ণ বিধৰ হয় আৰু তেওঁলোকৰ ব্যক্তিত্বৰ দিশসমূহৰ সামূহিক বিকাশ সাধন অভিজ্ঞতাবোৰ সংকীৰ্ণ বিধৰ হয় আৰু তেওঁলোকৰ নহয়। শিক্ষাৰ্থীৰ নিজস্ব প্ৰতিভা আৰু সৃজনীশক্তিৰ বিকাশৰ পৰিৱৰ্তে কেনেকৈ পুথিগত জ্ঞান অধ্যয়ন কৰি উপাৰ্জন কৰিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। প্ৰয়োজনীয় বিষয়তকৈ পাঠ্যক্ৰমৰ বিষয় অধিক আয়ত্ব কৰিবলগীয়া হোৱাত শিক্ষা ছাত্ৰ-ছাত্ৰীৰ এক বোজা স্বৰূপ হৈ উঠিছে।

২) ব্যক্তিগত বৈষম্যৰ প্ৰতি অৱহেলাঃ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে এক সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয় আৰু তেওঁলোকৰ দক্ষতা, আগ্ৰহ, বুদ্ধি, স্মৰণ শক্তি আদিও ভিন্ন প্ৰকৃতিৰ। বৰ্তমানৰ পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ এই ব্যক্তিগত পাৰ্থক্যক উপেক্ষা কৰি একেধৰণৰ অভিজ্ঞতা জাপি দিবলৈ চেষ্টা কৰা দেখা গৈছে। ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত গুণৰ বিকাশ সাধনৰ পৰিৱৰ্তে একে সাঁচতে গঢ়িবৰ বাবেহে চেষ্টা কৰিছে। শিক্ষাৰ্থীৰ পাৰস্পৰিক পাৰ্থক্যৰ কথা বিবেচনা নকৰি বিষয়বস্তু প্ৰদান কৰাৰ বাবে পাঠ্যক্ৰমৰ পৰা তেওঁলোকে বিশেষ উপকৃত হব পৰা নাই।


২৬। বহল অর্থত পাঠ্যক্রম বুলিলে কি বুজা ?

উত্তৰঃ পাঠ্যক্ৰম বুলি কলে শ্ৰেণীকক্ষত পুঠিতব্য বিষয়সমূহকে বুজোৱা হয়। অৰ্থাৎ শিক্ষানুষ্ঠানত শিকোৱা বিভিন্ন বিষয়ৰ সমষ্টিয়েই পাঠ্যক্ৰম বুলি কব পাৰি। আমি ধাৰণা কৰো যে বিদ্যালয়ে নিজৰ তত্ত্বাৱধানত ছাত্ৰ-ছাত্ৰীক স্কুলৰ ভিতৰত বা বাহিৰত আয়ত্ব কৰিবলৈ দিয়া বহুমুখী কাৰ্যৰ আটাইবিলাক শৈক্ষিক বিষয়কে সামূহিকভাৱে পাঠ্যক্ৰম বুলিব পাৰি।


২৭। পাঠ্যক্রম প্রণয়নৰ চাৰিটা মূলনীতি উল্লেখ কৰা ।

উত্তৰঃ পাঠ্যক্রম প্রণয়নৰ চাৰিটা মূলনীতি হল-

১) শিশুকেন্দ্ৰীক নীতিঃ পাঠ্যক্ৰম শিশুৰ মানসিক ক্ষমতা, আগ্ৰহ, ৰুচি-অভিৰুচি আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা উচিত। শিশুৰ বুদ্ধি, বিদ্যা গ্ৰহণৰ ক্ষমতা, শাৰীৰিক দক্ষতা, অনুভূতি, স্বভাৱ আদিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ বিষয়বস্তু আৰু ক্ৰিয়া অন্তভূক্ত কৰা উচিত। গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে শিশুৰ বয়স, সেই স্তৰৰ বৈশিষ্ট্য আৰু প্ৰয়োজন আৰু বিভিন্ন দিশৰ বিকাশৰ কথা বিবেচনা কৰি প্ৰণয়ন কৰা প্ৰয়োজন।

২) সমাজকেন্দ্ৰিক নীতিঃ পাঠ্যক্ৰমৰ বিষয়বস্তু সদায় সমাজৰ লগত সম্বন্ধিত হব লাগে। কিয়নো, ব্যক্তি-পৰিচয় সমাজেহে প্ৰতিফলন ঘটায়। ব্যক্তিয়ে সমাজৰ পৰা আঁতৰি থাকি বিকাশ লাভ কৰিব নোৱাৰে। ব্যক্তিৰ প্ৰয়োজন, আশা-আকাংক্ষা আদি সমাজত বাস কৰা আন লোকৰ লগত সমন্বয় সাধন কৰিব লাগিব। যিহেতু, সমাজ গতিশীল আৰু সমাজৰ আশা-আকাংক্ষা পৰিৱৰ্তনশীল, গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে এই পৰিৱৰ্তনশীল সমাজৰহ প্ৰতি লক্ষ্য ৰখা উচিত।

৩) সংহতিৰ নীতিঃ ইয়াত সংহতি শব্দই এহাতে শিশুৰ কাৰ্য আৰু আকাংক্ষা, আনহাতে গণতন্ত্ৰ আৰু কুৰি শতিকাৰ প্ৰয়োজনৰ মাজত সংহতি সাধনৰ বিষয়ে বুজোৱা হৈছে। গতিকে বিদ্যালয়ত অৰ্ন্তভুক্ত হোৱা বিষয়সমূহৰ লগত ছাত্ৰ-ছাত্ৰীৰ চাৰিওবেৰৰ কাৰ্যবোৰৰ এক সংহতি থকা প্ৰয়োজন। ইয়াৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ চাৰিওবেৰৰ কাৰ্যবোৰৰ এক সংহতি থকা প্ৰয়োজন। ইয়াৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে কাৰ্যকৰী আৰু উপযুক্তভাৱে পৰিবেশত মিলিত হব পাৰে। ইয়াৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে কাৰ্যকৰী আৰু উপযুক্তভাৱে পৰিবেশত মিলিত হব পাৰে। এনেকুৱা পাঠ্যক্ৰমে সাধাৰণ আৰু সাংস্কৃতিক দুয়োটা দিশৰ সমন্বয় সাধন কৰি সংহতি সাধনত সহায় কৰিব।

৪) সংৰক্ষণৰ নীতিঃ আমাৰ সমাজৰ সাহিত্য, কলা, সংস্কৃতি, বিজ্ঞান আদি সকলো সম্পদ শিক্ষাৰ মাজেদি সংৰক্ষণ কৰা সম্ভৱ হয়। গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতেও আমাৰ ভাৱ, আদৰ্শ, সংস্কৃতিৰ সকলো দিশ বিবেচনা কৰি পূৰ্বপুৰোষসকলৰ জ্ঞান, ভাব, আদৰ্শ,সংস্কৃতি আদিক স্থান দিয়া উচিত। গতিকে পাঠ্যক্ৰমত এনে এক বিষয়, কাৰ্যাৱলী বা অধ্যায় অন্তৰ্ভূক্ত কৰা উচিত যাৰ দ্বাৰা সামাজিক পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি আদি সংৰক্ষণ কৰা আৰু এটা চামৰ পৰা আন এটা চামলৈ সঞ্চাৰিত কৰা সম্ভৱ হয়।


২৮। সহপাঠ্যক্রমিক কার্যসূচীৰ এটা প্রয়ােজনীয়তা উল্লেখ কৰা ।

উত্তৰঃ

২৯। সহপাঠ্যক্রমিক কার্যসূচীৰ চাৰিটা ভাগৰ নাম লিখা ।

উত্তৰঃ সহপাঠ্যক্রমিক কার্যসূচীৰ চাৰিটা ভাগ হল-

১) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমঃ কেতবোৰ বিষয় সামৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় সেই পাঠ্যক্ৰমক বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম বোলা হয়। এনে পাঠ্যক্ৰমভূক্ত বিষয়সমূহে ছাত্ৰ-ছাত্ৰীৰ সামথ্য, আগ্ৰহ, প্ৰয়োজন আদি পূৰণ কৰিব পাৰিছেনে নাই তাৰ ওপৰতহে গুৰুত্ব নিদিয়ে। ইয়াত শিক্ষাৰ্থীতকৈ পাঠ্যপুথি আৰু তথ্যৰ ওপৰত অধিক গুৰুত্ব দিয়ে। ইয়াত অন্তৰ্ভূক্ৰ বিষয়সমূহৰ মূল লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীক নিৰ্ধাৰিত বিষয়ৰ জ্ঞান প্ৰদান কৰা। এনে ব্যৱস্থাত প্ৰত্যেক বিষয়ৰে নিৰ্দিষ্ট বিশেষজ্ঞ বা শিক্ষক নিযুক্তি দি শিক্ষাদান কাৰ্য সম্পাদন কৰা হয়।

২) কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰমঃ বিভিন্ন কৰ্মমূলক কাৰ্যক সাঙুৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় সেই পাঠ্যক্ৰমক কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম বোলা হয়। কৰ্ম হল শিশুৰ এক প্ৰয়োজনীয় প্ৰাকৃতিক প্ৰৱণতা আৰু শিশুৱে সদায় নিজ কাৰ্যৰদ্বাৰা পৰিচালিত হবলৈ ভাল পায়। গতিকে পাঠ্যক্ৰমৰ এই ধাৰণা মতে কৰ্মই হৈছে জ্ঞানৰ মূল সোপাণ আৰু ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সংজ্ঞাত্মক, আনুভূতিক আৰু ক্ৰিয়াত্মক দিশৰ বিকাশ সাধন কৰিব পাৰি। এনে পাঠ্যক্ৰমে কৰ্মক জ্ঞান প্ৰদান, দক্ষতা প্ৰদান আৰু ভাব-ভঙ্গী আহৰণৰ প্ৰধান উপায় হিচাপে গণ্য কৰে। আধুনিক শিক্ষাবিদ মন্টেছৰী, ফ্ৰৱেল, ৰুছো, মহাত্মা গান্ধী, জন ডিউই প্ৰমুখ্যে মহান ব্যক্তিসকলে পাঠ্যক্ৰমত কৰ্মকেন্দ্ৰিক ধাৰণাৰ অধিক প্ৰয়োজনীয়তা সম্পৰ্কে পোষকতা কৰে। তেওঁলোকে উদ্ভাৱন কৰা মণ্টেছৰী পদ্ধতি, ডেল্টন প্ৰণালী, প্ৰকল্প পদ্ধতি, বুনিয়াদী শিক্ষা পদ্ধতি, হিউৰিষ্টিক পদ্ধতি আদি শিক্ষা পদ্ধতিসমূহ কৰ্মভিত্তিক নীতিৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছে। এনে ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক শ্ৰেণী কোঠাত নিষ্ক্ৰিয় হৈ বহি থকাতকৈ নিজ ক্ষমতা, যোগ্যতা আৰু ক্ৰিয়াৰ দায়িত্ববোধ জগাই তোলাৰ প্ৰতি বিশেষ গুৰুত্ব দিছে। আনহাতে কৰ্মই জ্ঞান আহৰণৰ এক নতুন স্পৃহা মনত জগাই তুলি নতুন জিজ্ঞাসা আৰু নতুন চিন্তা, ভাব আনি দিব পাৰে।

৩) গতানুগতিক পাঠ্যক্ৰমঃ যি পাঠ্যক্ৰমে কৰ্ম বা অভিজ্ঞতাক গুৰুত্ব প্ৰদান নকৰি কিছুমান একে বিষয়কে সাঙুৰি জ্ঞান দিয়াৰ ব্যৱস্থা কৰিছে তাকে গতানুগতিক পাঠ্যক্ৰম বুলি কব পাৰি। এই পাঠ্যক্ৰমত অন্তৰ্ভূক্ত বিষয়সমূহৰ এক নিৰ্দিষ্ট এলেকা বা পৰিসৰ থাকে আৰু এটা বিষয় আনটোৰ পৰা সম্পূৰ্ণৰূপে পৃথক। অৰ্থাৎ বিষয়ৰ মাজত কোনো সম্বন্ধ বা সমন্ধয় স্থাপন কৰা নহয়। কেতবোৰ নিৰ্ধাৰিত শিক্ষা পদ্ধতিৰদ্ধাৰা শিক্ষকে শিক্ষণীয় বিষয়বস্তুৰ জ্ঞান প্ৰদান কৰে। এইফালৰ পৰা চালে ইয়াত শিক্ষকেই কেন্দ্ৰীয় ভূমিকা পালন কৰে আৰু ছাত্ৰ-ছাত্ৰীসকল  নেপথ্যৰ আঁৰত থাকি নীৰৱ শ্ৰোতা মাথোঁ হয়। এনে পাঠ্যক্ৰমে কেৱল বৌদ্ধিক দিশৰ ওপৰত অধিক প্ৰাধান্য দিবৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক দিশত বিশেষ উন্নতি সাধন কৰিব নোৱাৰে।

৪) শিশুকেন্দ্ৰিক পাঠ্যক্ৰমঃ বৰ্তমান পাঠ্যক্ৰমক শিশুকেন্দ্ৰিক হিচাপে গঢ়ি তোলা হৈছে আৰু ইয়াত শিশুৱেই শিক্ষাৰ কেন্দ্ৰবিন্দু। শিশুৰ বিভিন্ন প্ৰয়োজন, আগ্ৰহ, বয়স, ৰুচি-অভিৰুচি, প্ৰবণতা, প্ৰকৃতি আদিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা পাঠ্যক্ৰমক শিশুকেন্দ্ৰিক পাঠ্যক্ৰম বুলি কোৱা হয়। এনে ধৰণৰ পাঠ্যক্ৰমত খেল-ধেমালিক প্ৰাধান্য দি শিক্ষণীয় বিষয়বস্তুৰ অৱতাৰণা কৰা হয়। শিশুৱে খেল, নাচ-গান আদিত অংশগ্ৰহণ কৰি নিজ মনৰ স্বাধীনতা, স্বতঃস্ফৰ্ততা, আনন্দ লাভ কৰিবলৈ সক্ষম হয়। আত্ম-কৰ্ম আৰু আত্ম পদ্ধতিয়ে শিশুসকলক অধিক সক্ৰিয় হৈ উঠাত অৰিহণা যোগায়।


৩০। বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে দুটা কার্য উল্লেখ কৰা ।

উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে দুটা কার্য হল-

১) বিশ্ববিদ্যালয়সমূহৰ প্ৰয়োজনীয়তা সম্বন্ধে অনুসন্ধান কৰি আৰ্থিক অনুদান দিয়া।

২) বিশ্ববিদ্যালয়ক অনুদান দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়া।


৩১। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দুটা কার্য উল্লেখ কৰা ।

উত্তৰঃ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দুটা কার্য হল-

১) ৰাজ্যৰ স্থাপিত বিভিন্ন কেন্দ্ৰসমূহত থকা নিযুক্তিকালীন আৰু শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসনৰ লগত জড়িত বিভিন্ন সমস্যাসমূহ অনুসন্ধান কৰা।

২) বিজ্ঞান আৰু অন্যান্য বিষয়ৰ কাৰণে চাৰ্ট, মডেল, ফিল্ম ষ্ট্ৰিপচ্ আৰু অন্যান্য দৃশ্য-শ্ৰব্য সঁজলিবোৰ যোগান ধৰা।


৩২। UGC- ৰ সম্পূর্ণ অর্থ কি লিখা।

উত্তৰঃ UGC- ৰ সম্পূর্ণ অর্থ হল- University Grants Commission.


৩৩। UGC- ৰ কার্যালয় ক’ত অৱস্থিত ?

উত্তৰঃ UGC- ৰ কার্যালয় নতুন দিল্লীত অৱস্থিত।


৩৪। NCERT কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ NCERT ১৮৬১ চনত স্থাপন কৰা হৈছিল।


৩৫। অসমত SCERT কিমান চনত স্থাপন কৰা হৈছিল ?

উত্তৰঃ অসমত SCERT ১৯৮৫ চনৰ ২৯ মাৰ্চত স্থাপন কৰা হৈছিল।


৩৬। DIET গঠন কৰা দুটা উদ্দেশ্য লিখা।

উত্তৰঃ 

৩৭। NCERT- ৰ চাৰিটা কার্য উল্লেখ কৰা ।

উত্তৰঃ NCERT- ৰ চাৰিটা কার্য হল- 

    (১) বিজ্ঞান আৰু অন্যান্য বিষয়ৰ কাৰণে চাৰ্ট, মডেল, ফিল্ম ষ্টিপচ্ আৰু অন্যান্য দৃশ্য-শ্ৰব্য সঁজুলিবোৰ যোগান ধৰা।

    (২) বুনিয়াদী শিক্ষাৰ সমস্যাসমূহ অনুসন্ধান কৰা আৰু বয়স্ক শিক্ষাৰ আঁচনিসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰা।

    (৩) শিক্ষকসকলৰ প্ৰাক্-নিযুক্তিকালীন আৰু নিযুক্তিকালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।

    (৪) উন্নত শিক্ষাদান কৌশল, নতুনত্ব আৰু অনুশীলনৰ দ্বাৰা শিক্ষাৰ বিকাশ সাধন কৰা।


৩৮ | অসমৰ SCERT-ৰ চাৰিটা কার্য উল্লেখ কৰা।

উত্তৰঃ অসমৰ SCERT- ৰ চাৰিটা কার্য হল-

১) শিক্ষাৰ বিভিন্ন সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক আৰু গৱেষনণামূলক অধ্যয়ন কৰা।

২) বিদ্যালয়ৰ শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম উন্নত কৰা।

৩) শৈক্ষিক মূল্যায়ন আৰু পৰীক্ষাৰ সংস্কাৰ সাধন কৰা।

৪) ভাষাৰ শিকন আৰু শিক্ষণৰ ওপৰত অধ্যয়ন কৰা।


৩৯। তলত দিয়া সমূহৰ সম্পূর্ণ আকাৰ কেইটা লিখাঃ 

( 7 ) NCERT 

উত্তৰঃ National Council of Educational Research and Training .

( খ ) SCERT 

উত্তৰঃ State Council of Educational Research and Training.

( গ ) DIET 

উত্তৰঃ District  Institute of Education and Training.

( ঘ ) UGC

উত্তৰঃ University Grants Commission.


৪০। চমু উত্তৰ দিয়াঃ 

( ক ) এটা শ্রেণীকক্ষৰ আকাৰ কিমান হােৱা উচিত ? 

উত্তৰঃ ৩০ জন বা ৪০ জন ছাত্ৰ-ছাত্ৰী বহি পাঠ গ্ৰহণ কৰিব পৰা ধৰণৰ হব লাগে।


( খ ) “ এটা জাতি বা এখন দেশৰ ভাগ্য স্কুলৰ শ্ৰেণীকোঠা সমূহত গঢ় লয় ” — কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ “ এটা জাতি বা এখন দেশৰ ভাগ্য স্কুলৰ শ্ৰেণীকোঠা সমূহত গঢ় লয় ” — কথাষাৰ কোঠাৰী আয়োগে কৈছিল।


( গ ) কম্পিউটাৰ এক বৈদ্যুতিক শক্তিচালিত যন্ত্র উক্তিটো সঁচানে ?

উত্তৰঃ সচাঁ।


( ঘ ) ইন্টাৰনেটক ARPANET হিচাপে কোনে প্রথম প্রয়ােগ আৰম্ভ কৰে ?

উত্তৰঃ আমেৰিকাৰ অভিযন্তা ৰেটমলিন্ছনে।


( ঙ ) E-mail- ৰ সম্পূর্ণ অর্থ কি ?

উত্তৰঃ E-mail- ৰ সম্পূর্ণ অর্থ হল- Electronic mail.


চ ) W.W.W - ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ World Wide Web


( ছ ) দূৰালাপ সন্মিলন কেই প্ৰকাৰৰ ? 

উত্তৰঃ দূৰালাপ সন্মিলন তিনি প্ৰকাৰৰ।


( জ ) “ শিক্ষক হ’ল বন্ধু , দার্শনিক আৰু পৰিচালক ” — কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ “ শিক্ষক হ’ল বন্ধু , দার্শনিক আৰু পৰিচালক ” — কথাষাৰ ফ্ৰৱেলৰ।


( ঝ ) শিক্ষকৰ গুণাৱলীবােৰ কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি ?

উত্তৰঃ শিক্ষকৰ গুণাৱলীবােৰ ২ টা শ্ৰেণীত ভাগ কৰিব পাৰি।


( ঞ ) প্রতিভশালী শিশুৰ বুদ্ধ্যাংক কিমান ?

উত্তৰঃ প্ৰতিভাশালী শিশুৰ বুদ্ব্যাংক ১৪০-ৰ উৰ্ধ।


( ট ) উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰৰ বুদ্ধ্যাঙ্ক কিমান ?

উত্তৰঃ উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰৰ বুদ্ধ্যাঙ্ক ১১০-১১৯।


( ঠ ) UGC কিমান চনত গঠন হৈছিল ?

উত্তৰঃ UGC ১৯৫৩ চনত গঠন হৈছিল।


( ড ) NCERT কিমান চনত গঠন হৈছিল ?

উত্তৰঃ NCERT ১৮৬১ চনত গঠন হৈছিল।


( ঢ ) NCERT ক’ত গঠন হৈছিল ?

উত্তৰঃ NCERT নতুন দিল্লীত গঠন হৈছিল।


( ণ ) কোনখন শিক্ষানীতিৰ পৰামর্শমতে DIET গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামর্শমতে DIET গঠন কৰা হৈছিল।


( ত ) পূৰণি কি ভাষাৰ পৰা Curriculum শব্দটো উৎপত্তি হৈছে ?

উত্তৰঃ পূৰণি লেটিন ভাষাৰ পৰা Curriculum শব্দটো উৎপত্তি হৈছে।


( থ ) কোনখন আয়ােগে পাঠ্যক্রম সম্পর্কে বহল দৃষ্টিভংগী আগবঢ়ায় ?

উত্তৰঃ কোঠাৰী আয়োগে।


( দ ) বর্তমানৰ পাঠ্যক্ৰমখন পুথিগত আৰু তাত্ত্বিক-- সঁচানে ?

উত্তৰঃ সচাঁ।


( ধ ) খেলা - ধূলা , ছবি আঁকা , নাচ - গান সহপাঠ্যক্রমিক কার্যসূচীৰ অন্তর্ভুক্তনে ?

উত্তৰঃ খেলা - ধূলা , ছবি আঁকা , নাচ - গান সহপাঠ্যক্রমিক কার্যসূচীৰ অন্তর্ভুক্ত।


🔰২০১৩ -২০১৮ চনলৈ পৰীক্ষাত অহা প্শ্নৰ নমুনাঃ

1. অতি চমু উত্তৰ দিয়াঃ 

( a ) এখন বিদ্যালয়ৰ প্ৰধান তিনিটা মানৱ সম্পদ কি কি ?

উত্তৰঃ এখন বিদ্যালয়ৰ প্ৰধান তিনিটা মানৱ সম্পদ হল- শিক্ষক, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী।


( b ) কোনটো লেটিন শব্দৰ পৰা ইংৰাজী ' Curriculum ' শব্দটো উৎপত্তি হৈছে ? 

উত্তৰঃ লেটিন শব্দ 'Currere' শব্দৰ পৰা ইংৰাজী ' Curriculum ' শব্দটো উৎপত্তি হৈছে।


2. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঃ 

( a ) সহপাঠ্যক্রমিক কার্য্যাৱলী বুলিলে কি বুজা ? 

উত্তৰঃ সহপাঠ্যক্ৰমিক কাৰ্যসূচী হল সেইবোৰ শৈক্ষিক কাৰ্যসূচী যিবোৰ সাধাৰণতে শ্ৰেণীকোঠাৰ বাহিৰত সম্পাদন কৰা হয় আৰু এইবোৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ এক এৰাব নোৱৰা, প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰা হয়।


( b ) SCERT- ৰ দুটা কার্যাৱলী উল্লেখ কৰা । 

উত্তৰঃ SCERT ৰ দুটা কাৰ্যাৱলী হল-

১) শিক্ষাৰ বিভিন্ন সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক আৰু গৱেষণামূলক অধ্যয়ন কৰা।

২) বিদ্যালয় শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম উন্নত কৰা।


3. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ

( a ) ক্রিয়াকেন্দ্রিক পাঠ্যক্ৰমৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৰ্তমান পাঠ্যক্ৰমক শিশুকেন্দ্ৰিক হিচাপে গঢ়ি তোলা হৈছে আৰু ইয়াত শিশুৱেই শিক্ষাৰ কেন্দ্ৰবিন্দু। শিশুৰ বিভিন্ন প্ৰয়োজন, আগ্ৰহ, বয়স, ৰুচি-অভিৰুচি, প্ৰবণতা, প্ৰকৃতি আদিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা পাঠ্যক্ৰমক শিশুকেন্দ্ৰিক পাঠ্যক্ৰম বুলি কোৱা হয়। এনে ধৰণৰ পাঠ্যক্ৰমত খেল-ধেমালিক প্ৰাধান্য দি শিক্ষণীয় বিষয়বস্তুৰ অৱতাৰণা কৰা হয়। শিশুৱে খেল, নাচ-গান আদিত অংশগ্ৰহণ কৰি নিজ মনৰ স্বাধীনতা, স্বতঃস্ফৰ্ততা, আনন্দ লাভ কৰিবলৈ সক্ষম হয়। আত্ম-কৰ্ম আৰু আত্ম পদ্ধতিয়ে শিশুসকলক অধিক সক্ৰিয় হৈ উঠাত অৰিহণা যোগায়। শিশুকেন্দ্ৰিক পাঠ্যক্ৰমকে ক্ৰিয়াকেন্দ্ৰিক পাঠ্যক্ৰম বুলি কোৱা হয়।


( b ) এজন ভাল শিক্ষকৰ গুণসমূহ কি কি ?

উত্তৰঃ এজন ভাল শিক্ষকৰ গুণসমূহ হল-

১) বিষয়বস্তুৰ ওপৰত দক্ষতাঃ শিক্ষকৰ নিজৰ বিষয়বস্তুৰ ওপৰত গভীৰ জ্ঞান আৰু পৰ্যাপ্ত পৰিমাণৰ দক্ষতা থকা উচিত। বিভিন্ন আলোচনা চক্ৰ, পৰিশীলন প্ৰশিক্ষণ, কৰ্মশালা আদিৰ পৰা শিক্ষাগ্ৰহণ কৰি নিজৰ শিক্ষণীয় বিষয়বস্তুৰ ওপৰত জ্ঞান আহৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰিলে শিক্ষণীয় কাৰ্য অধিক ফলৱতী হোৱা দেখা যায়।

২) পাঠ পৰিকল্পনা আৰু প্ৰস্তুতকৰণঃ শিক্ষকে শ্ৰেণীত পঢ়ুৱাব লগা বিষয়বস্তুৰ আগতীয়াকৈ পৰিকল্পনা আৰু প্ৰস্তুতি কৰিব লাগে। পাঠদান কৰাৰ পূৰ্বে নিয়াৰিকৈ শ্ৰেণীপৰিবেশৰ লগত খাপ-খুৱাই চলিবলৈ পাঠদান পৰিকল্পনা আৰু প্ৰস্তুতি কৰিব পৰাটো শিক্ষকৰ এক প্ৰধান গুণ।

৩) মনোবৈজ্ঞানিক দৃষ্টিভংগীঃ শিক্ষাৰ্থীৰ আবেগ, অনুভূতি, সহজাত প্ৰবৃত্তি, ব্যক্তিত্ব, চৰিত্ব আদি দিশবোৰ কিদৰে সুস্থ পৰিচালিতভাৱে বিকাশ লাভ কৰি পাৰে তাৰ প্ৰতি শিক্ষক সজাগ হোৱাৰ দৰকাৰ। শিক্ষাদান পদ্ধতি, আহিলা-পাতিৰ ব্যৱহাৰ আদি বয়স অনুযায়ী প্ৰয়োগ কৰি মনঃপুতভাৱে শিক্ষাদান কৰিব লাগে।

৪) ব্যক্তিত্বৰ প্ৰতি সন্মান প্ৰদৰ্শনঃ প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ এক সুকীয়া ব্যক্তিত্ব পৰিলক্ষিত হয়, সেয়ে শিক্ষক এজনে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ বেলেগ বেলেগ অনুভূতি, আৱেগ, প্ৰয়োজন, ইচ্ছা-অনিচ্ছা আদি ভালদৰে বুজি শিক্ষাদান কৰিব লাগে। তেতিয়াহে শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা বুজাত আৰু সঠিক সমাধানত সহায় কৰিব পাৰে।

৫) শিক্ষণ পদ্ধতিৰ ওপৰত জ্ঞানঃ শিক্ষকে শ্ৰেণীকক্ষত কৰা পাঠদান আকৰ্ষণীয় আৰু মনোগ্ৰাহী কৰি তুলিবলৈ প্ৰকৃত শিক্ষণ পদ্ধতি গ্ৰহণ কৰিব লাগে যাতে শিক্ষাকাৰ্য ফলদায়ক হয়। নতুনকৈ উদ্ভাৱন কৰা শিক্ষণ পদ্ধতি যেনে- প্ৰকল্প প্ৰণালী, ডল্টন প্ৰণালী, কমনৱেল্থ আদিৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মন সহজেই মনোযোগ আকৰ্ষণ কৰিব পাৰে।


2014 

1. তলৰ প্রশ্নবােৰয় উত্তৰ লিখাঃ 

( a ) ৯০-১১০ - ৰ বুদ্ধাংকৰ ভিতৰত কি ধৰণৰ শিক্ষার্থী অন্তর্ভুক্ত হয় ? 

উত্তৰঃ স্বাভাৱিক বুদ্ধিসম্পন্ন।


( b ) " Currere " শব্দৰ অর্থ কি ? 

উত্তৰঃ "Currere" শব্দৰ অর্থ হল run অৰ্থাৎ দৌৰ।


2. তলত দিয়াবােৰৰ চমু উত্তৰ লিখাঃ

( a ) বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা ।

উত্তৰঃ স্কুলঘৰ, পুথিভঁৰাল, বিজ্ঞান পৰীক্ষাগাৰ।


( b ) NCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ NCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য হল- 

    (১) শিক্ষাৰ বিভিন্ন দিশত গৱেষণাৰ কাৰ্যসমূহ সংগঠন আৰু শক্তিশালী কৰা।

    (২) উচ্চ পৰ্যায়ত প্ৰাক্-নিযুক্তিকালীন আৰু নিযুক্তিকালীন প্ৰশিক্ষণ অনুষ্ঠিত কৰা।

    (৩) এক বৃহৎ পৰিসৰত নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ব্যৱস্থা কৰা।


( c ) ৱেব পেজ কি ? 

উত্তৰঃ ৱেব ত পোৱা তথ্যবিলাকক বেৱ পেজ বোলে।


( d ) কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ কি ?

উত্তৰঃ স্মৃতিগোট, ইনপোট আহিলা, আউটপোট আহিলা।


( e ) দূৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম লিখা ।

উত্তৰঃ দূৰালাপ সন্মিলনৰ প্ৰকাৰ তিনিটা হল- শ্ৰব্য দূৰালাপ সন্মিলন, দৃশ্য দূৰালাপ সন্মিলন আৰু কম্পিউটাৰ দূৰালাপ সন্মিলন।

( f ) স্কুল প্রকল্পৰ বাবে প্রয়ােজন হােৱা যিকোনাে তিনিটা সঁজুলিৰ নাম লিখা।

উত্তৰঃ স্কুল প্রকল্পৰ বাবে প্রয়ােজন হােৱা যিকোনাে তিনিটা সঁজুলি হল - ডেক্স-বেঞ্চ, চকী-মেজ, ব্লেক-বৰ্ড ইত্যাদি।


3. তলৰ প্রশ্নবােৰৰ উত্তৰ চমুকৈ লিখাঃ 

( a ) পাঁচটা আবেগিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ গান গোৱা, নৃত্য কৰা, ৰং কৰা, ছবি অঁকা, নাটক কৰা।


( b ) Website- ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ Website- ৰ তিনিটা বৈশিষ্ট্য হল-

১) ৱেব ছাইটৰ জৰিয়তে পৃথিৱীৰ যিকোনো এখন দেশ বা ঠাইৰ তথ্য সংগ্ৰহ কৰিব পাৰি।

২) কোনো অনুষ্ঠান- প্ৰতিষ্ঠান, কাৰ্যালয় আদিৰ সবিশেষ তথ্য লাভ কৰিব পাৰি।

৩) যিকোনো দেশৰ শিক্ষাব্যৱস্থা, শিক্ষানুষ্ঠানৰ সবিশেষ, ভৰ্তি হব খোজা কোনো অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সকলো তথ্য জানিবলৈ ৱেবছাইট তথ্যৰ সহায় লব পাৰি।


2015 

1. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ ( ৪ নম্বৰৰ প্ৰশ্ন ) 

( ক ) কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ কম্পিউটাৰৰ চাৰিটা বৈশিষ্ট্য হল-

১) দ্ৰুততাঃ কম্পিউটাৰ এক দ্ৰুতবেগী যন্ত্ৰ। ইয়াৰ সহায়ত যোগ আৰু বিয়োগ কৰা, সংখ্যা আৰু বৰ্ণৰ প্ৰতিলিপি আৰু স্থানান্তৰ কৰা আদি কাৰ্য দ্ৰুতভাৱে সম্পাদন কৰা হয়। এজন মানুহে সম্পাদন কৰিব নোৱৰা কাম এটা কম্পিউটাৰে অতি কম সময়ৰ ভিতৰতে সম্পাদন কৰিব পাৰে। এটা মৌলিক কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত সৰু আকাৰৰ কম্পিউটাৰক কেইটামান অনুছেকেণ্ড লাগে আৰু ডাঙৰ কম্পিউটাৰক ৮০ নেনো ছেকেণ্ডৰ প্ৰয়োজন হয়।

২) সংৰক্ষণঃ কম্পিউটাৰ এটাৰ সংৰক্ষণ ক্ষমতা বা স্মৃতিৰ পৰিসৰ অতি বৃহৎ আকাৰৰ। অতি কম পৰিসৰত ই অধিক তথ্য সংৰক্ষণ কৰিব পাৰে আৰু প্ৰয়োজন অনুসৰি তথ্যবোৰ শুদ্ধভাৱে আৰু সঠিকভাৱে পুনৰুদ্ধাৰো কৰিব পাৰে। উদাহৰণস্বৰূপে প্ৰায় ৩০০ A4 কাগজত সন্নিৱিষ্ট বিষয়বস্তু এখন সৰু ফ্লপি ডিস্কত সংৰক্ষণ  কৰিব পাৰি।

৩) সঠিকতাঃ কম্পিউটাৰে সাধাৰণতে ভূল নকৰে। কেতিয়াবা কিবা ভূল হলে তাৰ কাৰণ হল কম্পিউটাৰত কৰ্ম সম্পাদন কৰা মানুহজনৰ অসাৱধানতা। যদি অন্তঃকৰণ তথ্য নিৰ্ভূল, নিৰ্ভৰযোগ্য আৰু প্ৰাসংগিক হয় তেন্তে বহিষ্কৰণৰ তথ্যবোৰো সঠিক হব।

৪) পৰিশ্ৰমঃ মেচিন হিচাপে কম্পিউটাৰ কেতিয়াও ভাগৰি নপৰে, ক্লান্ত আৰু মনোযোগহীন নহয়। যদি মিলিয়ন গণনা কৰিব লগা হয় তেতিয়াও কম্পিউটাৰে সঠিক সঠিক আৰু দ্ৰুততাৰে কাৰ্য সম্পাদন কৰে।


( খ ) প্রচলিত পাঠক্রমৰ চাৰিটা আসোঁৱাহ লিখা । অথবা , শিক্ষাৰ গণতান্ত্রিক লক্ষ্য বুলিলে তুমি কি বুজা ? 

উত্তৰঃ


2. যিকোনাে চাৰিটা প্রশ্নৰ উত্তৰ দিয়াঃ ( ৬ নম্বৰৰ প্রশ্ন ) 

( ক ) পাঠ্যক্ৰমৰ ৰচনাৰ ছয়টা প্রধান নীতি আলােচনা কৰা।

উত্তৰঃ পাঠ্যক্ৰমৰ ৰচনাৰ ছয়টা প্রধান নীতি হল- 

১) শিশুকেন্দ্ৰিক নীতিঃ পাঠ্যক্ৰম শিশুৰ মানসিক ক্ষমতা, আগ্ৰহ, ৰুচি-অভিৰুচি আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা উচিত। শিশুৰ বুদ্ধি, বিদ্যা গ্ৰহণৰ ক্ষমতা, শাৰীৰিক দক্ষতা, অনুভূতি, স্বভাৱ আদিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ বিষয়বস্তু আৰু ক্ৰিয়া অন্তৰ্ভূক্ত কৰা উচিত। গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে শিশুৰ বয়স, সেই স্তৰত বৈশিষ্ট্য আৰু প্ৰয়োজন আৰু বিভিন্ন দিশৰ বিকাশৰ কথা বিবেচনা কৰি প্ৰণয়ন কৰা প্ৰয়োজন।

২) সমাজকেন্দ্ৰিক নীতিঃ পাঠ্যক্ৰমৰ বিষয়বস্তু সদায় সমাজৰ লগত সম্বন্ধিত হব লাগে। কিয়নো, ব্যক্তি-পৰিচয় সমাজেহে প্ৰতিফলন ঘটায়। ব্যক্তিয়ে সমাজৰ পৰা আঁতৰি থাকি বিকাশ লাভ কৰিব নোৱাৰে। ব্যক্তিৰ প্ৰয়োজন, আশা-আকাংক্ষা আদি সমাজত বাস কৰা আন লোকৰ লগত সমন্বয় সাধন কৰিব লাগিব। যিহেতু সমাজ গতিশীল আৰু সমাজৰ আশা-আকাংক্ষা পৰিৱৰ্তনশীল, গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে এই পৰিৱৰ্তনশীল সমাজৰ প্ৰতি লক্ষ্য ৰখা উচিত।

৩) সংহতিৰ নীতিঃ ইয়াত সংহতি শব্দই এহাতে শিশুৰ কাৰ্য আৰু আকাংক্ষা, আনহাতে গণতন্ত্ৰ আৰু কুৰি শতিকাৰ প্ৰয়োজনৰ মাজত সংহতি সাধনৰ বিষয়ে বুজোৱা হৈছে। গতিকে বিদ্যালয়ত অন্তৰ্ভূক্ত হোৱা বিষয়সমূহৰ লগত ছাত্ৰ-ছাত্ৰীৰ চাৰিওবেৰৰ কাৰ্যবোৰৰ এক সংহতি থকা প্ৰয়োজন। ইয়াৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীয়ে কাৰ্যকৰী আৰু উপযুক্তভাৱে পৰিবেশত মিলিত হব পাৰে। এনেকুৱা পাঠ্যক্ৰমে সাধাৰণ আৰু সাংস্কৃতিক দুয়োটা দিশৰ সমন্বয় সাধন কৰি সংহতি সাধনত সহায় কৰিব।

৪) সংৰক্ষণৰ নীতিঃ আমাৰ সমাজৰ সাহিত্য, কলা, সংস্কৃতি, বিজ্ঞান আদি সকলো সম্পদ শিক্ষাৰ মাজেদি সংৰক্ষণ কৰা সম্ভৱ হয়। গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতেও আমাৰ ভাব, আদৰ্শ, সংস্কৃতিৰ সকলো দিশ বিবেচনা কৰি পূৰ্বপুৰুষসকলৰ জ্ঞান, ভাৱ, আদৰ্শ, সংস্কৃতি আদিক স্থান দিয়া উচিত। গতিকে পাঠ্যক্ৰমত এনে বিষয়, কাৰ্যাৱলী বা অধ্যায় অন্তৰ্ভূক্ত কৰা উচিত যাৰদ্বাৰা সামাজিক পৰম্পৰা

৫) সৃষ্টিশীলতাৰ নীতিঃ পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীৰ গঠনাত্মক শক্তিৰ বিকাশৰ বাবেও বিষয়বস্তু সামৰা উচিত। এনে বিষয়ে তেওঁলোকৰ আগ্ৰহৰ বিকাশতো সহায় কৰিব। গতিকে ছাত্ৰ-ছাত্ৰীৰ সুপ্ত অৱস্থাত থকা সৃজনী প্ৰতিভা বিকাশৰ লক্ষ্য পূৰণ কৰিব পৰাকৈ পাঠ্যক্ৰমত বিষয় আৰু কাৰ্যাৱলী ব্যৱস্থা থকা উচিত। এই ক্ষেত্ৰত শিক্ষাবিদ টি, ৰেমন্টয়ে কৈছে, পাঠ্যক্ৰমত বৰ্তমানৰ লগত ভৱিষ্যতৰ বিষয়সমূহ সন্নিৱিষ্ট হোৱা উচিত আৰু সৃষ্টিশীল বিষয়বস্তু সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত পক্ষপাতিত্বও থকা উচিত।

৬) কৰ্মকেন্দ্ৰিক নীতিঃ পাঠ্যক্ৰমত শিশুৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি বহুমুখী কাৰ্যব্যৱস্থা কৰা উচিত। কামৰ মাজেদি শিক্ষা নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি হস্ত, মগজু আৰু অন্তৰ এই তিনিওবিধ কাৰ্য সন্নিবিষ্ট কৰা প্ৰয়োজন। কেৱল বক্ততা অনুসৰণ কৰি তাত্ত্বিক বিষয়সমূহ সন্নিবিষ্ট কৰাৰ উপৰি বাস্তৱ জগতৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ আৰু শিক্ষাৰ্থীয়ে অভিজ্ঞতাৰ মাধ্যমেৰে জ্ঞান লাভ কৰিবলৈ কৰ্মৰ মাজেৰে শিক্ষাদানৰ ব্যৱস্থা কৰা উচিত।


2016 

1. নির্দেশানুসাৰে যথাযথ উত্তৰ দিয়াঃ ( ১ নম্বৰৰ প্রশ্ন ) 

( ক ) DIET- ৰ সম্পূৰ্ণ ৰূপটো লিখা । 

উত্তৰঃ DIET- ৰ সম্পূৰ্ণ ৰূপটো হল- District Institute of Education and Training.


( খ ) ' School ' শব্দটোৰ মূল গ্রীক শব্দটো কি ? 

উত্তৰঃ ' School ' শব্দটোৰ মূল গ্রীক শব্দটো Skholeৰ পৰা আহিছে।


2. তলত প্রশ্নসমূহৰ উত্তৰ দিয়াঃ ( ২ নম্বৰৰ প্রশ্ন ) 

( ক ) ইন্টাৰনেট কি ?

উত্তৰঃ ইন্টাৰনেট হল নেটৱৰ্কৰ এক আন্তসংযোগ প্ৰক্ৰিয়া। কম্পিউটাৰৰ ব্যাপক প্ৰয়োগৰ ফলস্বৰূপে পৃথিৱীৰ বিভিন্ন দেশবোৰৰ মাজত সংযোগ সাধনৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ইণ্টাৰনেট ব্যৱস্থাৰ সৃষ্টি হয়।


( খ ) NCERT- ৰ দুটা প্রধান কার্য উল্লেখ কৰা ।

উত্তৰঃ NCERT- ৰ দুটা প্রধান কার্য হল-

    (১) শিক্ষাৰ বিভিন্ন দিশত গৱেষণাৰ কাৰ্যসমূহ সংগঠন আৰু শক্তিশালী কৰা।

    (২) উচ্চ পৰ্যায়ত প্ৰাক্-নিযুক্তিকালীন আৰু নিযুক্তিকালীন প্ৰশিক্ষণ অনুষ্ঠিত কৰা।


( গ ) পাঠ্যক্রম ৰচনাৰ দুটা নীতি লিখা ।

উত্তৰঃ পাঠ্যক্রম ৰচনাৰ দুটা নীতি হল- 

১) শিশুকেন্দ্ৰীক নীতিঃ পাঠ্যক্ৰম শিশুৰ মানসিক ক্ষমতা, আগ্ৰহ, ৰুচি-অভিৰুচি আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা উচিত। শিশুৰ বুদ্ধি, বিদ্যা গ্ৰহণৰ ক্ষমতা, শাৰীৰিক দক্ষতা, অনুভূতি, স্বভাৱ আদিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ধৰণৰ বিষয়বস্তু আৰু ক্ৰিয়া অন্তভূক্ত কৰা উচিত। গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে শিশুৰ বয়স, সেই স্তৰৰ বৈশিষ্ট্য আৰু প্ৰয়োজন আৰু বিভিন্ন দিশৰ বিকাশৰ কথা বিবেচনা কৰি প্ৰণয়ন কৰা প্ৰয়োজন।

২) সমাজকেন্দ্ৰিক নীতিঃ পাঠ্যক্ৰমৰ বিষয়বস্তু সদায় সমাজৰ লগত সম্বন্ধিত হব লাগে। কিয়নো, ব্যক্তি-পৰিচয় সমাজেহে প্ৰতিফলন ঘটায়। ব্যক্তিয়ে সমাজৰ পৰা আঁতৰি থাকি বিকাশ লাভ কৰিব নোৱাৰে। ব্যক্তিৰ প্ৰয়োজন, আশা-আকাংক্ষা আদি সমাজত বাস কৰা আন লোকৰ লগত সমন্বয় সাধন কৰিব লাগিব। যিহেতু, সমাজ গতিশীল আৰু সমাজৰ আশা-আকাংক্ষা পৰিৱৰ্তনশীল, গতিকে পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে এই পৰিৱৰ্তনশীল সমাজৰহ প্ৰতি লক্ষ্য ৰখা উচিত।


( ঘ ) ৱেবচাইট কি ? 

উত্তৰঃ সামাজিক সংগঠন, চৰকাৰী সংগঠন, ব্যক্তিগত প্ৰতিষ্ঠান আদি অনুষ্ঠান-প্ৰতিষ্ঠান নিজৰ তথ্যপাতি, বা বাতৰি ইণ্টাৰনেটত সংৰক্ষণ কৰি অন্তৰ্ভূক্ত কৰে। এনেকৈ সংৰক্ষণ কৰি ৰখা স্থানক ৱেবছাইট বুলি কোৱা হয়


3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ ( ৪ নম্বৰৰ প্রশ্ন ) 

( ক ) এগৰাকী শিক্ষকৰ পেচাগত গুণসমূহ আলােচনা কৰা ।

উত্তৰঃ এগৰাকী শিক্ষকৰ পেচাগত গুণবোৰ হল-

১) বিষয়বস্তুৰ ওপৰত দক্ষতাঃ শিক্ষকৰ নিজৰ বিষয়বস্তুৰ ওপৰত গভীৰ জ্ঞান আৰু পৰ্যাপ্ত পৰিমাণৰ দক্ষতা থকা উচিত। বিভিন্ন আলোচনা চক্ৰ, পৰিশীলন প্ৰশিক্ষণ, কৰ্মশালা আদিৰ পৰা শিক্ষাগ্ৰহণ কৰি নিজৰ শিক্ষণীয় বিষয়বস্তুৰ ওপৰত জ্ঞান আহৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ আগত উপস্থাপন কৰিলে শিক্ষণীয় কাৰ্য অধিক ফলৱতী হোৱা দেখা যায়।

২) পাঠ পৰিকল্পনা আৰু প্ৰস্তুতকৰণঃ শিক্ষকে শ্ৰেণীত পঢ়ুৱাব লগা বিষয়বস্তুৰ আগতীয়াকৈ পৰিকল্পনা আৰু প্ৰস্তুতি কৰিব লাগে। পাঠদান কৰাৰ পূৰ্বে নিয়াৰিকৈ শ্ৰেণীপৰিবেশৰ লগত খাপ-খুৱাই চলিবলৈ পাঠদান পৰিকল্পনা আৰু প্ৰস্তুতি কৰিব পৰাটো শিক্ষকৰ এক প্ৰধান গুণ।

৩) মনোবৈজ্ঞানিক দৃষ্টিভংগীঃ শিক্ষাৰ্থীৰ আবেগ, অনুভূতি, সহজাত প্ৰবৃত্তি, ব্যক্তিত্ব, চৰিত্ব আদি দিশবোৰ কিদৰে সুস্থ পৰিচালিতভাৱে বিকাশ লাভ কৰি পাৰে তাৰ প্ৰতি শিক্ষক সজাগ হোৱাৰ দৰকাৰ। শিক্ষাদান পদ্ধতি, আহিলা-পাতিৰ ব্যৱহাৰ আদি বয়স অনুযায়ী প্ৰয়োগ কৰি মনঃপুতভাৱে শিক্ষাদান কৰিব লাগে।


( খ ) অভিৰােচক হিচাপে এগৰাকী শিক্ষকৰ দায়িত্বসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ অভিৰােচক হিচাপে এগৰাকী শিক্ষকৰ দায়িত্বসমূহ হল-

১) শ্ৰেণীকোঠাত সমূহীয়াভাৱে প্ৰশ্নৰ অৱতাৰণা কৰিলে সহজেই ছাত্ৰ-ছাত্ৰী শিক্ষকৰ প্ৰতি আকৰ্ষিত হব।

২) শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় আগ্ৰহ আৰু মানসিক সক্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সঁজুলি ব্যৱহাৰ কৰিব পাৰে।

৩) শ্ৰেণীকোঠাৰ ভিতৰত বা বাহিৰত অভিপ্ৰায় সৃষ্টি কৰাৰ বাবে সামূহিক বা দলীয় কাৰ্যৰ ব্যৱস্থা কৰিব লাগে।


4. পাঠ্যক্রম কি ? পাঠ্যক্ৰমৰ ঠেক আৰু বহল অর্থৰ বিষয়ে লিখাঃ ( ৬ নম্বৰৰ প্ৰশ্ন ) 

উত্তৰঃ সাধাৰণ অৰ্থত পাঠ্যক্ৰম বুলি কলে শ্ৰেণীকক্ষত পুঠিতব্য বিষয়সমূহকে বুজোৱা হয়। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীক তাত্ত্বিক দিশৰ জ্ঞান, ধাৰণা দিয়া।


5. বিদ্যালয় পৰিবেশত সাধাৰণতে পালন কৰা ছয় প্রকাৰৰ সহ - পাঠ্যক্রমিক কার্যসূচীৰ বিষয়ে আলােচনা কৰা।

উত্তৰঃ বিদ্যালয় পৰিবেশত সাধাৰণতে পালন কৰা ছয় প্রকাৰৰ সহ - পাঠ্যক্রমিক কার্যসূচী হল- 

১) শৈক্ষিক বিকাশৰ কাৰ্যসূচী

২) সৌন্দৰ্যবোধক বিকাশৰ কাৰ্যসূচী

৩) বৌদ্ধিক কাৰ্যসূচী

৪) দৈহিক কাৰ্যসূচী

৫) আজৰি পৰৰ কাৰ্যসূচী

৬) অন্যান্য কাৰ্যসূচী


Answered by- Leena Kakati