অধ্যায় ২

Chapter 2

মানুহৰ বিকাশৰ স্তৰ 

Stages of Human Development 


প্ৰশ্নাৱলীঃ

১। জন্মৰ পৰা ৫ বছৰ বয়সলৈকে সময়ছােৱাক কি কাল বােলা হয় ?

উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সলৈকে সময়ছােৱাক শৈশৱ কাল বুলি কোৱা হয়।

২। কৈশােৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোনে অভিহিত কৰিছিল ? 

উত্তৰঃ ষ্টেনলী হলে কৈশােৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি অভিহিত কৰিছিল।

৩। কোনটো কালত শিশুৱে সঘনে প্রশ্ন সােধে ?

উত্তৰঃ শৈশৱ কালত শিশুৱে সঘনে প্রশ্ন সােধে।

৪। শৈশৱ কালৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ শৈশৱ কালৰ চাৰিটা বৈশিষ্ট্য হল-

(১) খেলৰ-প্ৰৱণতাঃ শৈশৱ কালৰ এটা প্ৰধান বৈশিষ্ট্য হল খেলা। সকলো শিশুৱে এইটো সময়ত খেলি ভাল পায়। খেলৰ প্ৰৱণতাই শিশুৰ সঞ্চালন ক্ষমতাৰ দ্ৰুততা আৰু ক্ৰিয়া পটুটাও বৃদ্ধি কৰে। এই খেলাই শিশুৰ মানসিক আৰু সামাজিক বিকাশ সম্ভৱ কৰি তোলে।

(২) ভাষাৰ বিকাশঃ শিশুৱে জন্মৰ প্ৰায় ছমাহ পিছৰ পৰাই কেতবোৰ অস্পষ্ট স্বৰধ্বনি কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত লাহে লাহে শব্দ আৰু পিছত বাক্য কব পৰা হয়। সাধাৰণতে তেওঁলোকে ঘৰত মা-দেউতা অথবা জ্যেষ্ঠজনক মুখত শুনিয়েই ঘৰত ব্যবহৃতদ বা কথিত ভাষাৰ চৰ্চা আৰম্ভ কৰে।

(৩) কল্পনা প্ৰৱণতাঃ শিশুসকল সাধাৰণতে কল্পনাপ্ৰৱণ হয়। বাস্তৱ জগতৰ জ্ঞান, অভিজ্ঞতাসমূহ তেওঁলোকৰ তেনেই সীমিত। তেওঁলোকে কল্পনাৰ যোগেদি এখন নিজা জগত সৃষ্টি কৰি লয় আৰু সেই কল্পনাৰ জগতত বিচৰণ কৰি শিশুসকলে বৰ আমোদ লাভ কৰে।

৫। বাল্যকালৰ কেতবােৰ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ বাল্যকালৰ কেতবােৰ বৈশিষ্ট্য হল-

শিক্ষা আহৰণ ক্ষমতাঃএইখিনি সময়ত শিশুৱে পৰিৱেশৰ বিভিন্ন বস্তু সম্পৰ্কে জনাৰ বাবে মানসিকভাৱে প্ৰস্তুত হয়। বিদ্যালয়ৰ নিয়ম-নীতি, শৃংখলা আদি মানি চলিব পৰা হয়। বিশেষকৈ শিক্ষকসকলক আৰপ তেওঁলোকৰ শিক্ষাক আখৰে আখৰে পালন কৰি শিক্ষা আহৰণৰ সকলো ক্ষমতা লাভ কৰে।

সমকামিতাঃ বাল্যকালত শিশুসকলে বিপৰীত লিংগৰ প্ৰতি কোনো বিশেষ আকৰ্ষণ অনুভৱ নকৰে। এই সময়ত লৰাই লৰাৰ সংগ আৰু ছোৱালীয়ে ছোৱালীৰ সংগ বেছি ভাল পায় মানে তেওঁলোকে সমকামী প্ৰকৃতিৰ হয়, যাৰ বাবে তেনে কোনো যৌন সমস্যাৰ সৃষ্টি নহয়। অৱশ্যে বাল্যকালৰ শেষৰফালে এই প্ৰৱণতাৰ কিছু পৰিৱৰ্তন লক্ষ্য কৰা হয়।

বৌদ্ধিক বিকাশঃ বাল্যকালত শিশুসকল জ্ঞান অৰ্জনত অতিকৈ আগ্ৰহী হৈ পৰে। তেওঁলোকৰ চিন্তা তথা যুক্তিসংগত বিচাৰ বুদ্ধিৰ বিকাশ লাভ হয়। এই সময়ত বিভিন্ন বস্তু সম্পৰ্কে জনা বা বুজাৰ কৌতুহলে শিশুসকলক উপযুক্ত তথ্যপাতি যোগান ধৰি শিশুৰ জ্ঞানৰ স্পৃহা পূৰণ কৰা উচিত।

৬। প্রাথমিক শিক্ষাৰ উদ্দেশ্য দুটা লিখা।

উত্তৰঃ প্রাথমিক শিক্ষাৰ উদ্দেশ্য দুটা হল-

১) প্ৰাথমিক পৰ্যায়ৰ শিক্ষাই শিশুৰ শাৰীৰিক বিকাশৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ খেলা-ধুলা, ব্যায়াম আদিৰ ব্যৱস্থা কৰিব লাগে।

২) লিখা-পঢ়া আৰু অংক শিক্ষাৰ যোগেদি ব্যক্তিক স্বাক্ষৰ কৰি তুলিব পাৰে।

৭। কৈশােৰকালৰ বৈশিষ্ট্য দুটা লিখা।

উত্তৰঃ কৈশােৰকালৰ বৈশিষ্ট্য দুটা হল-

১) প্ৰাথমিক পৰ্যায়ৰ শিক্ষাই শিশুৰ শাৰীৰিক বিকাশৰ উদ্দেশ্য বিভিন্ন ধৰণৰ খেলা ধূলা, ব্যায়াম আদিৰ ব্যৱস্থা কৰিব লাগে।

২) লিখা-পঢ়া আৰু অংক শিক্ষাৰ যোগেদি ব্যক্তিক স্বাক্ষৰ কৰি তুলিব লাগে।

৮। কৈশােৰ কালক কিয় ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয় ? দুটা যুক্তি দর্শোৱা।

উত্তৰঃ কৈশােৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱাৰ ২টা কাৰণ হল - এই কালত হোৱা দ্ৰুত দৈহিক, মানসিক, আবেগিক, সামাজিক, বৌদ্ধিক আদি বিকাশৰ ফলশ্ৰুতিত কিশোৰ-কিশোৰীসকলে বিভিন্ন সমস্যাৰ মুখামুখী হব লগাত পৰে।

৯। কৈশােৰ কালৰ ৪টা প্রধান সমস্যা লিখা।

উত্তৰঃ কৈশােৰ কালৰ ৪ টা প্রধান সমস্যা হল-

(১) যৌন সমস্যাঃ কৈশোৰ কালৰ এক অন্যতম প্ৰধান সমস্যা হল যৌন সমস্যা। এই সমস্যাই কিশোৰ-কিশোৰীসকলক বাৰুকৈয়ে জুৰুলা কৰে। যৌৱনত ভৰি দিয়াৰ লগে লগে তেওঁলোকে এক অদ্ভত ধৰণৰ যৌন তাড়না লাভ কৰে। এনে অভিজ্ঞতাই তেওঁলোকৰ মনত শংকা, ভয়, লজ্জা আদিৰ উদ্ৰেক কৰে। তেওঁলোকে এই সম্পৰ্কীয় যথেষ্ট কথা জানিব বিচাৰে আৰু নিজৰ অনভিজ্ঞ চিন্তা-চৰ্চাৰ বাবে বিভ্ৰান্ত হয়। এনেবোৰ কাৰণত তেওঁলোকে বিপৰীত লিংগ বা অইন ব্যক্তিৰ প্ৰতি এক জটিলতাপূৰ্ণ মনোভাৱ পোষণ কৰে।

(২) আবেগিক সমস্যাঃ কৌশোৰ কালত সুখ-দুখৰ, আবেগ-অনুভূতিৰ প্ৰাবল্য বৃদ্ধি পোৱাৰ লগতে ই হয় অনিয়ন্ত্ৰিত। ফলত কিশোৰ-কিশোৰীসকলে আবেগিক নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰোধ, ঘৃণা, হিংসা আদিৰ বশৱৰ্তী হৈ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

(৩) শিক্ষা সমস্যাঃ কৈশোৰ কালত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। এই সময়ৰ মাধ্যমিক শিক্ষাই লৰা-ছোৱালীৰ সামগ্ৰীক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুত কৰিব নোৱাৰিলেও ই শিক্ষা সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই স্তৰৰ পাঠ্যক্ৰম এনেধৰণে প্ৰস্তুত কৰা উচিত যাতে ই আগলৈ নাগৰিকসকলৰ শাৰীৰিক তথা মানসিকভাৱে উপযুক্ত কৰি গঢ় দু তুলিব পাৰে।

(৪) সামাজিক সমস্যাঃ কৈশোৰ কালৰ এক অন্য সমস্যা হল সামাজিক সমাযোজনৰ সমস্যা। কাৰণ, এই সময়ত কৌশোৰ-কালৰ নৱ-প্ৰজন্মৰ লগত পুৰণি চামৰ মতবিলাবিৰোধ পৰিলক্ষিত হয়। কিয়নো, নতুন চামে সদায় সংস্কাৰমুখী ধাৰণাৰ পোষকতা কৰে আৰু।

১০। বীৰপূজা বুলিলে কি বুজা ?

উত্তৰঃ বয়সন্ধি কালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বীৰপূজা বা নায়ক আৰাধনাপ্ৰৱণতা। এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্যক্তিৰদ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হৈ পৰে। এই ব্যক্তিসকল শিক্ষক-শিক্ষয়ত্ৰী, বিখ্যাত খেলুৱৈ, ৰাজনীতিবিদ, বোলছবিৰ নায়ক-নায়িকা, বিখ্যাত লেখক-লেখিকা আদিও হব পাৰে। এই নায়ক-নায়িকাসকলৰ জীৱনৰ আধাৰতে তেওঁলোকেওঁ নিজকে সেই ৰুপত গঢ় দিবলৈ বিছাৰে। সেয়েহে, এই সময়ছোৱাত যাতে কিশোৰ-কিশোৰীসকলে কোনো আদৰ্শ ব্যক্তিৰ সান্নিধ্য লাভ কৰে, সেই দিশত লক্ষ্য ৰাখিব পাৰে।

১১। দলৰ প্রতি আনুগত্য মানে কি ?

উত্তৰঃ বাল্যকালত এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল দলীয় আনুগত্য। এইখিনি সময়ত শিশুসকলে দলত থাকি অথবা দলবদ্ধভাবে কাম কৰি বৰ ভাল পায়। বিশেষকৈ শেহতীয়া বাল্যকালৰ সময়ত শিশুৰ এই প্ৰৱণতা অধিক প্ৰকট হোৱাটো পৰিলক্ষিত হয়। তেওঁলোকে এই সময়ত দল সুসংগঠিত কৰে। তেওঁলোকৰ দলৰ নেতা থাকে। সদস্যসকলে দলৰ প্ৰতি সম্পূৰ্ণ আনুগত্য প্ৰকাশ কৰে আৰু তাক মানি চলে। আনকি কোনো সদস্যই নীতি-নিয়ম নামানিলে দলৰ পৰা বহিস্কৃতও হব লগা হয়। এই সময়ত শিশুসকলে দলক পৰিয়াল অথবা বিদ্যালয়তকৈ অধিক মানি চলা দেখিবলৈ পোৱা যায়।

১২। প্রাক প্রাথমিক বিদ্যালয় কি ?

উত্তৰঃ

১৩। প্রাক প্রাথমিক শিক্ষাৰ প্ৰয়ােজনীয়তা চমুকৈ লিখা।

উত্তৰঃ

১৪। চমুটোকাঃ

(ক) প্রাক প্রাথমিক শিক্ষা 

উত্তৰঃ শৈশৱ হৈছে মানুহৰ জীৱনৰ আৰম্ভণি কাল। এই কালছোৱা সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিলে পিছৰ কালত মানুহৰ বিকাশ সুন্দৰ হোৱাৰ আশা কৰিব পাৰি। সেয়েহে জীৱনৰ এক সুন্দৰ আৰম্ভণিৰ বাবে এক শিশু উপযোগী সুন্দৰ শিক্ষা ব্যৱস্থাৰ অতি প্ৰয়োজন। সাধাৰণতে এইখিনি সময়ত শিশু সকলক দিয়া শিক্ষাক প্ৰাক-প্ৰাথমিক শিক্ষা বোলা হয়।

( খ ) মাধ্যমিক শিক্ষা

উত্তৰঃ কৈশোৰ কালৰ শিক্ষা ব্যৱস্থাক মাধ্যমিক শিক্ষা বোলা হয়। এই শিক্ষা সাধাৰণতে ১১ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ সামৰি লয়। মাধ্যমিক শিক্ষা শিক্ষাৰ এটা অতি গুৰুত্বপূৰ্ণ স্তৰ। এই স্তৰত শিক্ষাক দুটা পৰ্যায়ত ভাগ কৰিব পাৰি। সেয়া হল নিম্ন মাধ্যমিক আৰু উচ্চমাধ্যমিক। মাধ্যমিক শিক্ষাই কৈশোৰ কালৰ লৰা-ছোৱালীৰ দৈহিক, মানসিক, বৌদ্ধিক, আবেগিক, সামাজিক আদি সকলো বিকাশৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ তথা দেশৰ সৰ্বাত্মক বিকাশৰ হকে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে।

( গ ) বাল্যকাল

উত্তৰঃ বাল্যকাল হৈছে ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে ৬ বছৰৰ পৰা ১২ বছৰ বয়সলৈ এই স্তৰটোক পুনৰ দুটা ভাগত ভাগ কৰা হয়। সেয়া হল- ৬ৰ পৰা ৮ বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু ৯ ৰ পৰা ১২ বছৰ বয়সলৈ শেহতীয়া বাল্যকাল। শিক্ষালাভৰ দৃষ্টিৰেও এই স্তৰটো অতি গুৰুত্বপূৰ্ণ। কাৰণ, শিশুৱে তাৰ আগতীয়া বাল্যকাল স্তৰত প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ কৰে আৰু আনুষ্ঠানিক শিক্ষা লাভৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈ উঠে। এনেবোৰ কাৰণত বাল্যকালক লিখা-পঢ়া কৰা সময় বুলিও জনা যায়।

( ঘ ) কৈশােৰ কাল

উত্তৰঃ কৈশোৰ কালৰ অৰ্থ হৈছে 'to grow to maturity' অৰ্থাৎ বয়ঃপ্ৰাপ্তি কাললৈকে বিকাশ কৰা। মনোবৈজ্ঞানিকসকলৰ মতে কৈশোৰ কাল ১২ বা ১৩ বছৰ বয়সৰ পৰা আৰম্ভ হয়। লৰাতকৈ ছোৱালীৰ কৈশোৰ কাল প্ৰাপ্তি আগতীয়া। কৈশোৰ কালত লৰা-ছোৱালীয়ে যৌৱন অৱস্থা লাভ কৰে আৰু বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়। এই কালছোৱাত তেওঁলোকে প্ৰজননিক ক্ষমতা লাভ কৰি উঠে। এই স্তৰৰ লৰা-ছোৱালী উভয়কে টিন এজাৰচ বুলি কোৱা হয়।

( ঙ ) শৈশৱ কালৰ শিক্ষা ব্যৱস্থা

উত্তৰঃ শৈশৱ হৈছে মানুহৰ জীৱনৰ আৰম্ভনিৰ কাল। এই কালছোৱা সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিলে পিছৰ কালত মানুহৰ বিকাশ সুন্দৰ হোৱাৰ আশা কৰিব পাৰি। সেয়েহে জীৱনৰ এক সুন্দৰ আৰম্ভণিৰ বাবে এক শিশু উপযোগী সুন্দৰ শিক্ষাব্যৱস্থাৰ অতি প্ৰয়োজন। সাধাৰণতে এইখিনি সময়ত শিশুসকলক দিয়া শিক্ষাক প্ৰাক-প্ৰাথমিক শিক্ষা বোলা হয়। প্ৰাক প্ৰাথমিক শিক্ষা ৩ ৰ পৰা ৬ বছৰলৈ প্ৰদান কৰা হয়। কিণ্ডাৰগাৰ্টেন, মণ্টেছৰী নাৰ্চাৰী, প্ৰাক-প্ৰাথমিক, প্ৰাক-বুনিয়াদী, বালৱাড়ী, অংগনবাদী আদি বিভিন্ন শিক্ষানুষ্ঠানৰ যোগেদি শিশুসকলক এই শিক্ষা প্ৰধানকৈ খেলাৰ সহায়ত প্ৰদান কৰি অহা হৈছে।

১৫। খালী ঠাই পূৰণ কৰাঃ

( ক ) শৈশৱকাল জন্মৰ পৰা ------- বছৰলৈকে ধৰা হয়। 

উত্তৰঃ

( খ ) খেল - প্রবণতা -------- কালৰ এক বৈশিষ্ট্য।

উত্তৰঃ শৈশৱ কালৰ।

( গ ) দলীয় আনুগত্য -------- কালৰ এক বৈশিষ্ট্য। 

উত্তৰঃ বাল্যকালৰ।

( ঘ ) বাল্যকালত -------- স্তৰত ভাগ কৰা হয় । কৈশােৰ কালক ধুমুহা আৰু পীড়ণৰ সময় বুলি অভিহিত কৰিছে।

উত্তৰঃ দুটা ভাগত।

( চ ) অপৰাধ প্ৰৱণতা ------- কালৰ এক বৈশিষ্ট্য।

উত্তৰঃ কৈশোৰ কালৰ।

( ছ ) কৈশােৰ কালৰ শিক্ষা ব্যৱস্থাক --------- শিক্ষা বােলা হয়।

উত্তৰঃ প্ৰাক-প্ৰাথমিক শিক্ষা ব্যৱস্থা বোলা হয়।

📐২০১৩-২০১৮ চনলৈ পৰীক্ষাত অহা প্ৰশ্নৰ নমুনাঃ

2013 

1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঃ

(a) শিশুকেন্দ্রিক শিক্ষা বুলিলে কি বুজা ? 

উত্তৰঃ

(b) বাল্যকালৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বাল্যকালৰ দুটা বৈশিষ্ট্য হল- 

সমকামিতাঃ বাল্যকালত শিশুসকলে বিপৰীত লিংগৰ প্ৰতি কোনো বিশেষ আকৰ্ষণ অনুভৱ নকৰে। এই সময়ত লৰাই লৰাৰ সংগ আৰু ছোৱালীয়ে ছোৱালীৰ সংগ বেছি ভাল পায় মানে তেওঁলোকে সমকামী প্ৰকৃতিৰ হয়, যাৰ বাবে তেনে কোনো যৌন সমস্যাৰ সৃষ্টি নহয়। অৱশ্যে বাল্যকালৰ শেষৰফালে এই প্ৰৱণতাৰ কিছু পৰিৱৰ্তন লক্ষ্য কৰা হয়।

বৌদ্ধিক বিকাশঃ বাল্যকালত শিশুসকল জ্ঞান অৰ্জনত অতিকৈ আগ্ৰহী হৈ পৰে। তেওঁলোকৰ চিন্তা তথা যুক্তিসংগত বিচাৰ বুদ্ধিৰ বিকাশ লাভ হয়। এই সময়ত বিভিন্ন বস্তু সম্পৰ্কে জনা বা বুজাৰ কৌতুহলে শিশুসকলক উপযুক্ত তথ্যপাতি যোগান ধৰি শিশুৰ জ্ঞানৰ স্পৃহা পূৰণ কৰা উচিত।

2. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ

(a) অপৰাধ প্ৰৱণতাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ অপৰাধ প্ৰৱণতাৰ তিনিটা কাৰণ হল-

১) অসুখী পাৰিবাৰিক জীৱন।

২) আবেগিক নিৰাপত্তাৰ অভাব।

৩) নিবনুৱা সমস্যা।

(b) কৈশােৰ - কালৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ কৈশােৰ - কালৰ বৈশিষ্ট্যসমূহ হল- 

১) দ্ৰুত দৈহিক বিকাশঃ কৈশোৰ কালৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট হল দ্ৰুত দৈহিক বিকাশ। কিশোৰ কিশোৰীসকলৰ দেহৰ উচ্চতা আৰু ওজন এই সময়ছোৱাত বাহিবলৈ ধৰে। দেহৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠাৰ ফলত জৈৱ ৰাসায়নিক ৰসসমূহ নিঃসৰণ হৈ দেহৰ দ্ৰুত গঠন সাধন কৰে। দেহৰ মাংসপেশী, হাড় আদি পূৰথ আৰু শক্তিশালী হৈ আহে। এই সময়ছোৱাত হেহৰ ওজনতকৈ উচ্চতা বেছি হোৱা দেখা যায়। লৰৈৰ স্বৰধ্বনি কৰ্কশ হয় আৰু ক্ৰমে পুৰুষসুলভ মাতৰ গৰাকী হয়। লৰাৰ মুখমণ্ডলত ডাঢ়ি গজিবলৈ ধৰে। ওজন আৰু উচ্চতাৰ ক্ষেত্ৰত এক বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। ১৩ বছৰ বয়সত লৰাৰ ওজন আৰু উচ্চতা ছোৱালীতকৈ অধিক হয়। ছোৱালীৰ ক্ষেত্ৰত মাতৰ বিশেষ পৰিৱৰ্তন নহয়। বৰং আগৰ দৰেই মিহি আৰু সুশ্ৰাব্য হয়। গাৰ ছাল মিহি হয় আৰু হাতৰ গাঁঠি গূৰণীয়া হয়। ছোৱালীৰ স্তনৰ বিকাশ হয় আৰু ১৫ বছৰৰ ভিতৰত অধিকসংখ্যক ছোৱালীৰ স্তনৰ বিকাশ হয়। বিকাশ হয় আৰু ১৫ বছৰৰ ভিতৰত অধিকসংখ্যক ছোৱালীয়েই ঋতুমতী হয়। লৰাও বীৰ্যধাৰী হৈ উঠে। লৰা-ছোৱালী উভয়েই প্ৰজনন ক্ষমতা লাভ কৰে। এই বয়সতে তেওঁলোকৰ দেহৰ প্ৰয়োজনীয় অংশত কেশ দেখা দিয়ে। দেহৰ এই পৰিৱৰ্তনে তেওঁলোকক আত্মসচেতন কৰি তোলে।

২) মানসিক বিকাশঃ কৈশোৰকালত দৈহিক বিকাশৰ লগে লগে মানসিক শক্তিসমূহৰো বিকাশ হয়। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিমূৰ্ত চিন্ত কৰৰ ক্ষমতা আয়ত্ব কৰে। এই সময়ত তেওঁলোকৰ স্মৃতিশক্তি, যুক্তিসহকাৰে বিচাৰ কৰিব পৰা ক্ষমতা, কল্পনাশক্তি, বুদ্ধি আদিৰ দ্ৰুতভাৱে বিকাশ হয়। যৌৱনকালত লৰা-ছোৱালীবিলাক কল্পনাপ্ৰৱণ হৈ উঠে। বাস্তৱ সম্ভৱ নোহোৱা কিছুমান কামো তেওঁলোকে কল্পনাৰে সম্ভৱ কৰিবলৈ বিছাৰে। গল্প, উপন্যাস, কবিতা আদি অধ্যয়ন কৰি অপাৰ আনন্দ লাভ কৰে। এই বয়সত তেওঁলোকে সমস্যা সমাধান কৰাৰ ক্ষমতাও আহৰণ কৰে। বয়ঃসন্ধি কালৰ অন্য এক বৈশিষ্ট্য হৈছে দিবাস্বপ্ন। এই সময়ছোৱাত তেওঁলোকে অলীক কল্পনা কৰি মনত অপাৰ আনন্দ লাভ কৰে। পৰাপক্ষত কিশোৰ-কিশোৰীক বিভিন্ন কামত ব্যস্ত ৰাখিব লাগে।

৩) আৱেগিক বিকাশঃ কৈশোৰকালত লৰা-ছোৱালীয়ে আৱেগিকভাৱে বিকাশ লাভ কৰে। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিবলৈ লয়। সকলো লৰা-ছোৱালীয়ে অৱশ্যে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। এই সময়ছোৱাত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কিছু সাৱধানতাৰে তেওঁলোকৰ লগত আচৰণ কৰিব লাগে যাতে তেওঁলোক অনাহকতে উত্তেজিত হৈ নপৰে। বয়ঃসন্ধি কালত তেওঁলোকে ক্ৰমান্বয়ে আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

৪) সামাজিক বিকাশঃ কৈশোৰ কালতেই লৰা-ছোৱালীয়ে সামাজিকভাৱেও বিকাশ লাভ কৰে। এওঁলোক সামাজিকভাৱে সচেতন হৈ উঠে। ক্লাব বা কোনো সংগঠনৰ সদস্য হবলৈ তেওঁলোকে ভাল পায় আৰু সামাজিক কাম-কাজত অংশ গ্ৰহণ কৰি ভাল পাবলৈ ধৰে। সমাজত তেওঁলোকৰ আচৰণ মাৰ্জিত হয়। বন্ধু-বান্ধৱৰ সংখ্যাৰ ক্ষেত্ৰটো সীমাবদ্ধতা আহি পৰে আৰু বন্ধুত্ব দীৰ্ঘস্থায়ী হয়। এই সময়ছোৱাত তেওঁলোকৰ মনত স্বদেশপ্ৰেম, সামাজিক কাম-কাজ, দুৰ্গতসকলৰ বাবে সহানুভূতি আদি ভাব বৃদ্ধি পায়।

৫) বীৰপূজাঃ বয়সন্ধি কালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বীৰ পূজা বা নায়ক আৰাধনাপ্ৰৱণতা। এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্যক্তিৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হৈ পৰে। এই ব্যক্তিসকল শিক্ষক-শিক্ষয়ত্ৰী, বিখ্যাত খেলুৱৈ, ৰাজনীতিবিদ, বোলছবিৰ নায়ক-নায়িকা, বিক্যাত লেখক-লেখিকা আদিও হব পাৰে। এই  নায়ক-নায়িকাসকলৰ জীৱনৰ আধাৰতে তেওঁলোকেওঁ নিজকে সেই ৰুপত গঢ় দিবলৈ বিছাৰে। সেয়েহে, এই সময়ছোৱাত যাতে কিশোৰ-কিশোৰীসকলে কোনো আদৰ্শ ব্যক্তিৰ সান্নিধ্য লাভ কৰে, সেই দিশত লক্ষ্য ৰাখিব লাগে।

2014 

1. তলৰ প্রশ্নবােৰৰ উত্তৰ লিখাঃ

( a ) শিশুৱে কিয় সঘনে প্রশ্ন সুধে ? 

উত্তৰঃ শৈশৱ কালত শিশুসকলৰ মনত তাৰ সম্মুখৰ পৃথিৱীখনক জনাৰ এক অদম্য হেঁপাহ জাগি উঠে। সেইবাবে শিশুৱে সঘনে প্রশ্ন সুধে।

(b) মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উত্তৰঃ ৪ টা।

2. তলত দিয়া বােৰ চমু উত্তৰ লিখাঃ

(a) বিপৰীত লিঙ্গকামিতা কাকে বােলে ?

উত্তৰঃ

(b) সমকামিতা মানে কি ? 

উত্তৰঃ বাল্যকালত শিশুসকলে বিপৰীত লিংগৰ প্ৰতি কোনো বিশেষ আকৰ্ষণ অনুভৱ নকৰে। এই সময়ছোৱাত লৰাই লৰাৰ আৰু ছোৱালীয়ে সংগ বেছি ভাল পায়। তেওঁলোক সমকামী প্ৰকৃতিৰ হয়, যাৰ বাবে তেনে কোনো যৌন সমস্যাৰ সৃষ্টি নহয়।

2015 

1. যথাযথ উত্তৰ দিয়াঃ

( ক ) বহির্মুখিতা শৈশৱ / বাল্য / বয়ঃসন্ধিকালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ বাল্যকালৰ।

2. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) বীৰ পূজা কি ?

উত্তৰঃ বাল্যকাল হৈছে ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে ৬ বছৰৰ পৰা ১২ বছৰ বয়সলৈ এই স্তৰটোক পুনৰ দুটা ভাগত ভাগ কৰা হয়। সেয়া হল- ৬ৰ পৰা ৮ বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু ৯ ৰ পবৰা ১২ বছৰ বয়সলৈ শেহতীয়া বাল্যকাল। শিক্ষালাভৰ দৃষ্টিৰেও এই স্তৰটো অতি গুৰুত্বপূৰ্ণ। কাৰণ, শিশুৱে তাৰ আগতীয়া বাল্যকাল স্তৰত প্ৰাথমিক বিদ্যালয়ত প্ৰৱেশ কৰে আৰু আনুষ্ঠানিক শিক্ষা লাভৰ বাবে মানসিকভাৱে প্ৰস্তুত হৈ উঠে। এনেবোৰ কাৰণত বাল্যকালক লিখা-পঢ়া কৰা সময় বুলিও জনা যায়।

3. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ

( ক ) বয়ঃসন্ধিকালৰ চাৰিটা প্রধান প্রয়ােজন উল্লেখ কৰা।

উত্তৰঃ বয়ঃসন্ধিকালৰ চাৰিটা প্রধান প্রয়ােজন সমূহ হল-

১) দৈহিক প্ৰয়োজনঃ কিশোৰ-কিশোৰীৰ দৈহিক বৰ্ধনৰ বাবে এই কালছোৱাত খাদ্যৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও দেহৰ গঠন সুন্দৰ আৰু আকৰ্ষণীয় কৰি তুলিবৰ বাবে আৰু অংগ-প্ৰত্যংগৰ কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কিশোৰ-কিশোৰীক শৰীৰ-চৰ্চাৰ প্ৰয়োজন। দৈহিক সৌন্দৰ্য বৃদ্ধিৰ বাবে আৰু নিজকে আকৰ্ষণীয় ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবে সাজ-পোছাকৰ প্ৰয়োজনৰ প্ৰতিও বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।

২) সামাজিক প্ৰয়োজনঃ এই কালছোৱাত লৰা-ছোৱালীয়ে সামাজিক স্বীকৃতি বিচাৰে আৰু সমাজৰ এজন সদস্য় হিচাপে কাৰ্য নিৰ্বাহ কৰিব বিছাৰে। সমাজত নিজৰ স্থান, স্বীকৃতি, প্ৰশংসা, অধিকাৰ, দায়িত্ব আদি পালনৰ প্ৰয়োজন কিশোৰ কিশোৰীয়ে অনুভৱ কৰে। বিভিন্ন ধৰণৰ সামাজিক কাম কাজত অংশ গ্ৰহণ কৰি লৰা-ছোৱালীয়ে অংশ গ্ৰহণ কৰা দেখা যায়। ইয়াৰ বাবে লৰা-ছোৱালীয়ে বিভিন্ন সামাজিক বা সাংস্কৃতিক অনুষ্ঠান, হবি ক্লাৱ, সংগঠন আদিৰ সদস্যভূক্ত হয়।

৩) যৌন তৃপ্তিৰ প্ৰয়োজনঃ এই সময়ছোৱাত সুপ্ত হৈ থকা যৌনভাৱৰ বিকাশ হয় আৰু সেয়েবে কিশোৰ-কিশোৰীৰ মনত যৌন ভাৱৰ উদ্ৰেক হয়। বিপৰীত লিংগৰ মনোগ্ৰাহী ব্যক্তিৰ প্ৰতি অনুভৱ কৰা যৌন আকৰ্ষণৰ বাবে লৰা ছোৱালী পৰস্পৰৰ প্ৰতি অধিক আকৃষ্ট হয়। যৌন সম্পৰ্কীয় দিশবোৰৰ প্ৰতি কৌতূহলী হৈ উঠে আৰু তেওঁলোক অধিক যৌন সচেতন হৈ উঠে। যৌন তৃপ্তিৰ প্ৰয়োজন সুপথেৰে পৰিচালিত কৰি উন্নীতকৰণ কৰিব লাগে আৰু সাহিত্য, সংগীত, চিত্ৰকলা আদিৰ মাধ্যমেৰে এই প্ৰয়োজনবোৰ প্ৰশমিত কৰিব লাগে।

৪) বৌদ্ধিক প্ৰয়োজনঃ এই সময়ছোৱাত লৰা-ছোৱালীৰ মানসিক শক্তি ক্ষমতাবোৰৰ পৈণতা লাভৰ বাবে বৌদ্ধিক প্ৰয়োজন অনুভৱ কৰা হয়। লৰা-ছোৱালীৰ চিন্তা, যুক্তি সমস্যা সমাধান ক্ষমতা, কল্পনা শক্তি, বোধশক্তি, বুদ্ধি, সৃজনশীলতা আদি গঠনাত্মকভাৱে বিকাশৰ প্ৰয়োজন হয়। ইয়ে তেওঁলোকক নতুন জ্ঞান আহৰণৰ বাবে আগ্ৰহী কৰে। তেওঁলোকে যাতে বিদ্যালয়ত সাহিত্য, সংগীত, প্ৰযুক্তিবিদ্যা, দৰ্শন, ইতিহাস আদি বিষয়ৰ জ্ঞান আহৰণৰ সুবিধা পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

2016

1. নির্দেশানুসাৰে যথাযথ চমু উত্তৰ দিয়াঃ

(ক) সর্বপ্রাণবাদিত্য বাল্যকালৰ এক বৈশিষ্ট্য।

উত্তৰঃ অশুদ্ধ।

(খ) বাল্যকালটোক --- কাল বুলি কোৱা হয়।

উত্তৰঃ লিখা-পঢ়া কৰা সময়।

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) কৈশােৰ কালৰ দুটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ কৈশোৰ কালৰ দুটা প্ৰধান সমস্যা হল-

(১) যৌন সমস্যাঃ কৈশোৰ কালৰ এক অন্যতম প্ৰধান সমস্যা হল যৌন সমস্যা। এই সমস্যাই কিশোৰ-কিশোৰীসকলক বাৰুকৈয়ে জুৰুলা কৰে। যৌৱনত ভৰি দিয়াৰ লগে লগে তেওঁলোকে এক অদ্ভত ধৰণৰ যৌন তাড়না লাভ কৰে। এনে অভিজ্ঞতাই তেওঁলোকৰ মনত শংকা, ভয়, লজ্জা আদিৰ উদ্ৰেক কৰে। তেওঁলোকে এই সম্পৰ্কীয় যথেষ্ট কথা জানিব বিচাৰে আৰু নিজৰ অনভিজ্ঞ চিন্তা-চৰ্চাৰ বাবে বিভ্ৰান্ত হয়। এনেবোৰ কাৰণত তেওঁলোকে বিপৰীত লিংগ বা অইন ব্যক্তিৰ প্ৰতি এক জটিলতাপূৰ্ণ মনোভাৱ পোষণ কৰে।

(২) আবেগিক সমস্যাঃ কৌশোৰ কালত সুখ-দুখৰ, আবেগ-অনুভূতিৰ প্ৰাবল্য বৃদ্ধি পোৱাৰ লগতে ই হয় অনিয়ন্ত্ৰিত। ফলত কিশোৰ-কিশোৰীসকলে আবেগিক নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰোধ, ঘৃণা, হিংসা আদিৰ বশৱৰ্তী হৈ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

3. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) শিক্ষাৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা। 

উত্তৰঃ মাধ্যমিক শিক্ষা শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ স্তৰ। এই স্তৰৰ শিক্ষাক দুটা পৰ্যায়ত ভাগ কৰিব পাৰি। সেয়া হল নিম্ন মাধ্যমিক আৰু উচ্চ মাধ্যমিক। মাধ্যমিক শিক্ষাই কৈশোৰ কালৰ লৰা-ছোৱালীৰ দৈহিক, মানসিক, বৌদ্ধিক, আবেগিক, সামাজিক আদি সকলো বিকাশৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ তথা দেশৰ সৰ্বাত্মক ক্ষমতা বিকাশৰ হকে পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগে।

4. যিকোনাে চাৰিটা প্ৰশ্নৰ উত্তৰ দিয়াঃ

কৈশােৰ কালৰ শিক্ষাৰ লক্ষ্য সম্পর্কে চমুকৈ আলােচনা কৰা। 

উত্তৰঃ কৈশােৰ কালৰ শিক্ষাৰ লক্ষ্যসমূহ হল-

১) মাধ্যমিক শিক্ষাৰ এটা প্ৰধান লক্ষ্য হল- ইয়াৰ শিক্ষাৰ্থীসকলক দেশৰ সু-নাগৰিক কৰি গঢ়ি তোলা।

২) ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি গঢ়ি তোলা।

৩) কিশোৰ-কিশোৰীসকলৰ সুপ্ত প্ৰতিভাৰ বিকাশত সহায় কৰা।

৪) ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা দিয়া।

৫) শিক্ষাৰ গুণগত আৰু পৰিমাণগত দুয়োটা দিশৰে বিকাশ সাধন কৰা।

৬) ছাত্ৰ-ছাত্ৰীক অৱসৰ সময়ৰ শিক্ষা প্ৰদান কৰা।

৭) ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিব পৰাকৈ উপযুক্ত নেতৃত্ব প্ৰদানৰ শিক্ষা দিয়া।

৮) সমতা, ভাতৃত্ব, সামাজিক ন্যায় আদি গণতান্ত্ৰিক জীৱনৰ মূল্যবোধৰ শিক্ষা প্ৰদান কৰা।

৯) ছাত্ৰ-ছাত্ৰী সকলক উচ্চ পৰ্যায়ৰ শিক্ষা আৰু গৱেষণাৰ বাবে উৎসাহ প্ৰদান কৰাৰ হকে অনুসন্ধিৎসু মনৰ কৰি গঢ়ি তোলা।

১০) জাতীয় সংহতি আৰু আন্তজাৰ্তিক বুজাপৰাৰ শিক্ষা প্ৰদান কৰা।

2017 

1. নির্দেশ অনুসৰি যথাযথ উত্তৰ দিয়াঃ (১ নম্বৰৰ প্রশ্ন) 

( ক ) বহির্মুখিতা শৈশৱ কালৰ বৈশিষ্ট্য । (শুদ্ধ নে অশুদ্ধ লিখা)

উত্তৰঃ অশুদ্ধ।

( খ ) শিশু শিক্ষাৰ ক্ষেত্ৰত ইন্দ্রিয় অনুশীলনৰ ওপৰত গুৰুত্ব প্রদান কৰা বিখ্যাত শিক্ষাবিদগৰাকীৰ নাম লিখা।

উত্তৰঃ শিশু শিক্ষাৰ ক্ষেত্ৰত ইন্দ্রিয় অনুশীলনৰ ওপৰত গুৰুত্ব প্রদান কৰা বিখ্যাত শিক্ষাবিদগৰাকী হল- ষ্টেনলী হল।

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

( ক ) প্রাক - প্রাথমিক শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। 

উত্তৰঃ প্রাক - প্রাথমিক শিক্ষাৰ দুটা উদ্দেশ্য হল-

১) শিশুক আখৰ আৰু সংখ্যাজ্ঞান প্ৰদান কৰা।

২) শিশুৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ সাধন কৰা।

3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ 

(ক) যৌৱন কালৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ যৌৱন কালৰ চাৰিটা বৈশিষ্ট হল-

২) মানসিক বিকাশঃ কৈশোৰকালত দৈহিক বিকাশৰ লগে লগে মানসিক শক্তিসমূহৰো বিকাশ হয়। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিমূৰ্ত চিন্ত কৰৰ ক্ষমতা আয়ত্ব কৰে। এই সময়ত তেওঁলোকৰ স্মৃতিশক্তি, যুক্তিসহকাৰে বিচাৰ কৰিব পৰা ক্ষমতা, কল্পনাশক্তি, বুদ্ধি আদিৰ দ্ৰুতভাৱে বিকাশ হয়। যৌৱনকালত লৰা-ছোৱালীবিলাক কল্পনাপ্ৰৱণ হৈ উঠে। বাস্তৱ সম্ভৱ নোহোৱা কিছুমান কামো তেওঁলোকে কল্পনাৰে সম্ভৱ কৰিবলৈ বিছাৰে। গল্প, উপন্যাস, কবিতা আদি অধ্যয়ন কৰি অপাৰ আনন্দ লাভ কৰে। এই বয়সত তেওঁলোকে সমস্যা সমাধান কৰাৰ ক্ষমতাও আহৰণ কৰে। বয়ঃসন্ধি কালৰ অন্য এক বৈশিষ্ট্য হৈছে দিবাস্বপ্ন। এই সময়ছোৱাত তেওঁলোকে অলীক কল্পনা কৰি মনত অপাৰ আনন্দ লাভ কৰে। পৰাপক্ষত কিশোৰ-কিশোৰীক বিভিন্ন কামত ব্যস্ত ৰাখিব লাগে।

৩) আৱেগিক বিকাশঃ কৈশোৰকালত লৰা-ছোৱালীয়ে আৱেগিকভাৱে বিকাশ লাভ কৰে। বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিবলৈ লয়। সকলো লৰা-ছোৱালীয়ে অৱশ্যে আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। এই সময়ছোৱাত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কিছু সাৱধানতাৰে তেওঁলোকৰ লগত আচৰণ কৰিব লাগে যাতে তেওঁলোক অনাহকতে উত্তেজিত হৈ নপৰে। বয়ঃসন্ধি কালত তেওঁলোকে ক্ৰমান্বয়ে আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

৪) সামাজিক বিকাশঃ কৈশোৰ কালতেই লৰা-ছোৱালীয়ে সামাজিকভাৱেও বিকাশ লাভ কৰে। এওঁলোক সামাজিকভাৱে সচেতন হৈ উঠে। ক্লাব বা কোনো সংগঠনৰ সদস্য হবলৈ তেওঁলোকে ভাল পায় আৰু সামাজিক কাম-কাজত অংশ গ্ৰহণ কৰি ভাল পাবলৈ ধৰে। সমাজত তেওঁলোকৰ আচৰণ মাৰ্জিত হয়। বন্ধু-বান্ধৱৰ সংখ্যাৰ ক্ষেত্ৰটো সীমাবদ্ধতা আহি পৰে আৰু বন্ধুত্ব দীৰ্ঘস্থায়ী হয়। এই সময়ছোৱাত তেওঁলোকৰ মনত স্বদেশপ্ৰেম, সামাজিক কাম-কাজ, দুৰ্গতসকলৰ বাবে সহানুভূতি আদি ভাব বৃদ্ধি পায়।

৫) বীৰপূজাঃ বয়সন্ধি কালৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে বীৰ পূজা বা নায়ক আৰাধনাপ্ৰৱণতা। এই সময়ছোৱাত প্ৰায়বিলাক কিশোৰ-কিশোৰীয়েই কোনো ব্যক্তিৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হৈ পৰে। এই ব্যক্তিসকল শিক্ষক-শিক্ষয়ত্ৰী, বিখ্যাত খেলুৱৈ, ৰাজনীতিবিদ, বোলছবিৰ নায়ক-নায়িকা, বিক্যাত লেখক-লেখিকা আদিও হব পাৰে। এই  নায়ক-নায়িকাসকলৰ জীৱনৰ আধাৰতে তেওঁলোকেওঁ নিজকে সেই ৰুপত গঢ় দিবলৈ বিছাৰে। সেয়েহে, এই সময়ছোৱাত যাতে কিশোৰ-কিশোৰীসকলে কোনো আদৰ্শ ব্যক্তিৰ সান্নিধ্য লাভ কৰে, সেই দিশত লক্ষ্য ৰাখিব লাগে।

( খ ) যৌৱন কালৰ চাৰিটা প্রধান সমস্যা উল্লেখ কৰা।

উত্তৰঃ যৌৱন কালৰ চাৰিটা প্রধান সমস্যা হল- 

(১) যৌন সমস্যাঃ কৈশোৰ কালৰ এক অন্যতম প্ৰধান সমস্যা হল যৌন সমস্যা। এই সমস্যাই কিশোৰ-কিশোৰীসকলক বাৰুকৈয়ে জুৰুলা কৰে। যৌৱনত ভৰি দিয়াৰ লগে লগে তেওঁলোকে এক অদ্ভুত ধৰণৰ যৌন তাড়না লাভ কৰে। এনে অভিজ্ঞতাই তেওঁলোকৰ মনত শংকা, ভয়, লজ্জা আদিৰ উদ্ৰেক কৰে। তেওঁলোকে এই সম্পৰ্কীয় যথেষ্ট কথা জানিব বিচাৰে আৰু নিজৰ অনভিজ্ঞ চিন্তা-চৰ্চাৰ বাবে বিভ্ৰান্ত হয়। এনেবোৰ কাৰণত তেওঁলোকে বিপৰীত লিংগ বা অইন ব্যক্তিৰ প্ৰতি এক জটিলতাপূৰ্ণ মনোভাৱ পোষণ কৰে।

(২) আবেগিক সমস্যাঃ কৌশোৰ কালত সুখ-দুখৰ, আবেগ-অনুভূতিৰ প্ৰাবল্য বৃদ্ধি পোৱাৰ লগতে ই হয় অনিয়ন্ত্ৰিত। ফলত কিশোৰ-কিশোৰীসকলে আবেগিক নিয়ন্ত্ৰণ হেৰুৱাই ক্ৰোধ, ঘৃণা, হিংসা আদিৰ বশৱৰ্তী হৈ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

(৩) শিক্ষা সমস্যাঃ কৈশোৰ কালত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। এই সময়ৰ মাধ্যমিক শিক্ষাই লৰা-ছোৱালীৰ সামগ্ৰীক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্ৰস্তুত কৰিব নোৱাৰিলেও ই শিক্ষা সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই স্তৰৰ পাঠ্যক্ৰম এনেধৰণে প্ৰস্তুত কৰা উচিত যাতে ই আগলৈ নাগৰিকসকলৰ শাৰীৰিক তথা মানসিকভাৱে উপযুক্ত কৰি গঢ় দু তুলিব পাৰে।

(৪) সামাজিক সমস্যাঃ কৈশোৰ কালৰ এক অন্য সমস্যা হল সামাজিক সমাযোজনৰ সমস্যা। কাৰণ, এই সময়ত কৌশোৰ-কালৰ নৱ-প্ৰজন্মৰ লগত পুৰণি চামৰ মতবিলাবিৰোধ পৰিলক্ষিত হয়। কিয়নো, নতুন চামে সদায় সংস্কাৰমুখী ধাৰণাৰ পোষকতা কৰে আৰু।


2018 

1. নির্দেশ অনুসৰি যথাযথ উত্তৰ দিয়া ঃ

( ক ) বীৰ পূজা হ’ল কৈশোৰ কালৰ বৈশিষ্ট্য। ( খালী ঠাই পূৰণ কৰা ) 

( খ ) অপৰাধপ্ৰৱণতা কৈশোৰ কালৰ এটা সমস্যা । ( খালী ঠাই পূৰণ কৰা ) 


2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) শৈশৱকালৰ দুটা মনাে - দৈহিক প্রয়ােজন উল্লেখ কৰা । 

উত্তৰঃ শৈশৱকালৰ দুটা মনাে - দৈহিক প্রয়ােজন হল- 

১) দৈহিক আদৰৰ যত্নৰ প্ৰয়োজনঃ শৈশৱ অৱস্থাত সকলো শিশু পৰনিৰ্ভৰশীল হৈ থাকে। যাৰ বাবে ঘৰত জ্যেষ্ঠসকলে বিশেষকৈ মাক-দেউতাকে শিশুৰ স্বাস্থ্যৰ সম্পূৰ্ণ যতন লোৱাটো অথবা তাক আদৰ-সাদৰ কৰাটো অতী প্ৰয়োজনীয়। শিশুৰ খোৱা-পিন্ধা, সজ অভ্যাস গঠন, বেমাৰ-আজাৰ আদিৰ প্ৰতি তেওঁলোকে সদা সচেষ্ট হৈ থাকিব লাগে।

২)মৰমৰ প্ৰয়োজনঃ সকলো শিশুৱে মাক-দেউতাক তথা জ্যেষ্ঠজনৰ পৰা অকুণ্ঠ মৰম-চেনেহ বিচাৰে। শিশুৰ সুস্থ দেহ-মানসিক বিকাশৰ বাবেও ই অতি জৰুৰী। জ্যেষ্ঠজনে কৰা অকৃত্ৰিম মৰমে শিশুক আত্মবিশ্বাসী কৰি তোলে। আনহাতে ইয়াৰ অভাবৰ বাবে শিশুৱে নিজকে অবাঞ্চিত, অৱহেলিত তথা পৰিত্যক্ত বুলি বিবেচনা কৰাৰ ফলত শিশুৰ সুস্থ মানসিক বিকাশ বাধাপ্ৰাপ্ত  হয়।

3. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ

(খ) বাল্যকালৰ ( চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা)।

উত্তৰঃ বাল্যকালৰ চাৰিটা বৈশিষ্ট হল-

শিক্ষা আহৰণ ক্ষমতাঃ এইখিনি সময়ত শিশুৱে পৰিৱেশৰ বিভিন্ন বস্তু সম্পৰ্কে জনাৰ বাবে মানসিকভাৱে প্ৰস্তুত হয়। বিদ্যালয় নিয়ম-নীতি-শৃংখলা আদি মানি চলিব পৰা হয়। বিশেষকৈ শিক্ষকসকলক আৰু তেওঁলোকৰ শিক্ষাক আখৰে আখৰে পালন কৰি শিক্ষা আহৰণৰ সকলো ক্ষমতা লাভ কৰে।

সমকামিতাঃ বাল্যকালত শিশুসকলে বিপৰীত লিংগৰ প্ৰতি কোনো বিশেষ আকৰ্ষণ অনুভৱ নকৰে। এই সময়ত লৰাই লৰাৰ সংগ আৰু ছোৱালীয়ে ছোৱালীৰ সংগ বেছি ভাল পায় মানে তেওঁলোকে সমকামী প্ৰকৃতিৰ হয়, যাৰ বাবে তেনে কোনো যৌন সমস্যাৰ সৃষ্টি নহয়। অৱশ্যে বাল্যকালৰ শেষৰফালে এই প্ৰৱণতাৰ কিছু পৰিৱৰ্তন লক্ষ্য কৰা হয়।

বৌদ্ধিক বিকাশঃ বাল্যকালত শিশুসকল জ্ঞান অৰ্জনত অতিকৈ আগ্ৰহী হৈ পৰে। তেওঁলোকৰ চিন্তা তথা যুক্তিসংগত বিচাৰ বুদ্ধিৰ বিকাশ লাভ হয়। এই সময়ত বিভিন্ন বস্তু সম্পৰ্কে জনা বা বুজাৰ কৌতুহলে শিশুসকলক উপযুক্ত তথ্যপাতি যোগান ধৰি শিশুৰ জ্ঞানৰ স্পৃহা পূৰণ কৰা উচিত।

বহিমুৰ্খিতাঃ বহিমুৰ্খিতা হল বাল্যকালৰ অন্যতম বৈশিষ্ট্য। বাল্যকালত শিশুৱে সাধাৰণতে লগ-সমনীয়াৰ লগত খেলা-ধূলা খেলি, ৰং-ৰহইচ কৰি সময় কটাই ভাল পায়। তেওঁলোৰে ঘৰৰ ভিতৰত জুপুকা মাৰি বহি থাকি মানসিক ভাৱে চিন্তাত লিপ্ত হোৱা দেখা নাযায়।