পানীৰ ব্যবহাৰৰ বিষয়ে জানো আহা

পৃথিৱীত সমুদায় পানীৰ সৰহ ভাগেই মানুহৰ বাবে ব্যৱহাৰযোগ্য নহয়। সাগৰ-মহাসাগৰৰ অসীম জলৰাশিৰ এটি টোপালো খোৱাৰ বাবে উপযোগী নহয়। কাৰণ এই পানী লুণীয়া। আমাৰ বাবে ব্যৱহাৰয়োগ্য পানীৰ ভিতৰত ৭০ শতাংশই সহজে ঢুকি পাব পৰা অৱস্থাত নাই। এইবোৰ উচ্চ পৰ্বত, এণ্টাৰ্কটিকা আদিত বৰফহিচাপে আছে। বৰষুণ,ভূ-তল জল, নদ-নদি আদিৰ পৰা পোবা প্ৰায় ১ শতাংশমান পানীহে আমি নিৰ্মল পানী হিচাপে ব্যৱহাৰ কৰিব পাৰো।পানীৰ পৰিমান সমাগ্ৰিকভাবে একে যদিও সকলো ঠাইতে সমানে উপলব্ধ নহয়। পানী বাষ্পীভৱন(evapora-tion) অধোক্ষেপণ, (precipitation) আৰু প্ৰবহন(runoff) প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ উৎসসমূহত জমা হয়। জল সম্পদ  প্ৰধানকৈ জলসঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা  কামত ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জল সম্পদ বহু পৰিমাণে ব্যৱহৃত হয়। জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে। সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ যোগান বঢ়া নাই। পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ ধৰাৰ বাবেও ক্ৰমে ব্যবহাৰযোগ্য পানীৰ ,অভাৱ হ'বলৈ ধৰিছে।


পানীৰ সমস্যা বোৰৰ বিষয়ে জানু আহা 

পৃথিৱীৰ বিভিন্ন অঞ্চলত বৰ্তমানে পানীৰ নাটনিয়ে দেখা দিছে। আফ্ৰিকা, ফশ্চিম এছিয়া, দক্ষিন এছিয়া, মেক্সিকো আদিৰ বহু ঠাইত বৰ্তমান নিৰ্মল পানীৰ অভাৱজনিত সমস্যা গা কৰি উঠিছে। সাধাৰণতে উন্নত দেশসমূহে দুখীয়া দেশসমূহতকৈ বেচি পৰিমানে পানি ব্যৱহাৰ কৰে । পশ্চিসমীয়া ধনী দেশৰ এজন নাগৰিকে ঘড় হিচাপে দৈনিক প্ৰায়   ৩০০০ লিটাৰ পানি ব্যবহাৰ কৰাৰ বিপৰিতে এজন ভাৰতিয় মানুহে প্ৰায় ২৫লিটাৰমান পানীহে ব্যবহাৰ কৰিবলৈ পায়। ৰাজস্থান, গুজৰাট আদি ঠািত বৰষুণৰ পৰিমাণ কম হোৱা বাবে মানুহে ভূৃ-তল জলৰ উপৰতে নিৰ্ভৰ কৰিবলৈ পায়।ফলত এই পানীৰ স্তৰ ক্ৰমে নামি গৈ আছে ।উত্তৰ-পূৱ ভাৰতত গ্ৰীষ্মকালত বৰষুণৰ মাচত্ৰা বেছি। খৰালি বৰষুণৰ পৰিমাণ যথেষ্ট কম । সেয়ে অঞ্চলটোত পানীৰ পৰিমাণৰো তাৰতম্য ঘটে। 

    কৃষিক্ষেত্ৰত  ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি পানীত দ্ৰবীভূত হৈ বহু ঠাইত পানি দূষিত হৈছে। একেদৰে উদোগবোৰৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু বিভিন্ন দ্ৰব্য মিহলি পানী নদ -নদীত পেলাই দিয়াৰ বাবেও পানী প্ৰদূষিত হৈ পৰে। এনে ধৰণৰ বিষাক্ত আৱৰ্জনা-নৰ্দমা, নৈ-বিল বা জান-জুৰিত পেলাই দিয়া তোমালোকে নিশ্চয় দেখিচা? গুৱাহাটী মহানগৰ মাজেৰে বৈ যোৱা ভৰলু নৈখনৰ পানী মানুহে পেলুৱা  আৱৰ্জনাৰে প্ৰদূষিত হৈ পৰিছে।


পানীৰ সংৰক্ষণ আৰু ব্যৱসস্থাপনাঃ

পানীৰ সমস্যা দূৰ কৰিবলৈ হ'লে আমি পানী সংৰক্ষণৰ প্ৰতি সচেষ্ট হ'ব লাগিব পানী সংৰক্ষণৰ কেইটিমান ব্যৱস্থান তলত উল্লেখ কৰা হ'ল-

১। পানিৰ প্ৰদূষণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিব লাগিব ।

২। অৰণ্য তথা ঘাঁহনিয়ে বোঁৱতী পানীক বাধা দি ভূমিগত জলৰ পৰিমান বূদ্ধিত সহায় কৰে। সেয়ে বূক্ষৰোপণত মনোনিৱেশ কৰিব লাগে।

৩।বেদিকা কূষিৰ জৰিয়তে পানিৰ প্ৰবাহ হ্ৰাস কৰিব পাৰি । ইয়াৰ য়োগেদি পাহাৰৰ ঢালত পানি সংৰক্ষণ কৰিব পৰি ।

৪। কূষি



Post ID : DABP005935