মানসিক জীৱনৰ শাৰীৰিক ভেটি | Class 11 Education Question Answer | Physical Basis of Mental Life | Chapter-5 | অধ্যায়-৫ | Hs 1 St Year Education Answer Assamese Medium | অসম বুক ডিপো | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বিষয়ৰ উত্তৰ |
অধ্যায়-৫
মানসিক জীৱনৰ শাৰীৰিক ভেটি
Physical Basis of Mental Life
👉Short Question Answer
👉MCQs Online Exam
👉Download Free PDF
👉Paid Answer (Buy Now)
👉Chapter 5 MCQs Answer
প্ৰশ্নাৱলী
১। গ্ৰহনেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয় কাক বোলে ? আমাৰ মানসিক জীৱন গঢ় দিয়াৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা সম্ভন্ধে আলোচনা কৰা ?
উত্তৰঃ আমাৰ শাৰীৰিক আচৰণসমূহ মনৰ দ্বাৰা পৰিচালিত হয়। আনহাতে মানসিক ক্ৰিয়াসমূহ শৰীৰৰ ওপৰত প্ৰভাৱ পেলায়। আমি দেহত থকা ইন্দ্ৰিয়সমূহৰ সহায়ত বাহ্য জগতৰ বিষয়ে জ্ঞান আহৰণ কৰো। ইহঁতক গ্ৰহনেন্দ্ৰিয় বোলা হয়।
২) কেন্দ্ৰীয় স্নায়ুতন্তৰ প্ৰধান অংগসমূহ কি কি ? ইয়াৰ প্ৰধান কাৰ্যকলাপৰ বিষয়ে লিখা ।
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্তৰ প্ৰধান অংগসমূহ হল-
১) কেন্দ্ৰীয় বা প্ৰধান স্নায়ুতন্ত্ৰ
২) স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ
৩) প্ৰান্তৱৰ্তী স্নায়ুতন্ত্ৰ
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান কাৰ্যকলাপবোৰ হল-
১) আমাৰ সকলোবোৰ দেহ-মানসিক কাৰ্য কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে।
২) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অন্যতম ভাগ মেৰুমজ্জা আৰু মস্তিষ্কই এক বিশেষ দায়িত্ব পালন কৰে।
৩) মানুহৰ বুদ্ধি-বৃত্তি, চিন্তা-যুক্তি, আবেগ-অনুভূতি আদি মস্তিষ্কৰ দ্বাৰা পৰিচালিত হয়।
৩) মস্তিষ্ক কাক বোলে ? মস্তিষ্কৰ বিভিন্ন ভাগসমূহ কি কি ?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ঘাই অংশ হল মস্তিষ্ক। মানুহৰ মূৰৰ কঠিন আৱৰণটোক লাওখোলা বোলা হয়। এই লাওখোলাটোৰ ভিতৰত থকা মানুহৰ শৰীৰৰ সৱাতোকৈ বেছি গুৰুত্বপূৰ্ণ কোমল অংশই হল মস্তিষ্ক।
মস্তিষ্কৰ বিভিন্ন ভাগসমূহ হৈছে-
১) গুৰু মস্তিষ্ক
২) লঘু মস্তিষ্ক
৩) মধ্য মস্তিষ্ক
৪) থেলামাছ
৫) অধঃমস্তিষ্ক
৬) সেতু মস্তিষ্ক
৪) কেন্দ্ৰীয় স্নায়ুতন্তৰ বিষয়ে চমুকৈ লিখা ?
উত্তৰঃ মানৱ দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কাৰ্য্য পৰিচালনাৰ মূল নিয়ন্ত্ৰণ কেন্দ্ৰ হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই আমাৰ দেহ-মানসিক কাৰ্য্য আৰু আচৰণসমূহ পৰিচালিত কৰে।
কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান কাৰ্যকলাপবোৰ হল-
১) আমাৰ সকলোবোৰ দেহ-মানসিক কাৰ্য কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে।
২) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অন্যতম ভাগ মেৰুমজ্জা আৰু মস্তিষ্কই এক বিশেষ দায়িত্ব পালন কৰে।
৩) মানুহৰ বুদ্ধি-বৃত্তি, চিন্তা-যুক্তি, আবেগ-অনুভূতি আদি মস্তিষ্কৰ দ্বাৰা পৰিচালিত হয়।
৪) গুৰু মস্তিষ্কৰ প্ৰধান কাৰ্য হৈছে মানুহৰ উচ্চ মানসিক আৰু বৌদ্ধিক কাৰ্য পৰিচালনা কৰা।
৫) উদ্দীপক প্ৰতিক্ৰিয়াৰ সংযোগত স্থাপনত স্নায়ুতন্তৰ ভূমিকা কি ? আলোচনা কৰা ।
৬) মেৰুসজ্জা কি ? ইয়াৰ কাৰ্যসমূহ কি কি ? লিখা।
উত্তৰঃ মস্তিষ্কৰ পৰা আৰম্ভ হৈ মেৰুদণ্ড বা ৰাজহাড়ৰ কশেৰুকা নলীৰ পহদমাজেৰে শৰীৰৰ তলৰ অংশলৈ নামি যোৱা অংশটোক মেৰুসজ্জা বোলা হয়।
মেৰুসজ্জাৰ কাৰ্যসমূহ হল-
১) মেৰুসজ্জাই মস্তিষ্কৰ লগত দেহৰ বিভিন্ন অংশৰ সংযোগ স্থাপন কৰে। মেৰুমজ্জাৰ মাজেদি অসংখ্য অন্তৰ্বাহী স্নায়ু বিভিন্ন সংবেদন কেন্দ্ৰলৈ বিয়পি গৈছে। ঠিক সেইদৰে মস্তিষ্কৰ পৰাও অসংখ্য অন্তঃবাহী স্নায়ু মেৰুমজ্জাৰ মাজেদিয়ে শৰীৰৰ বিভিন্ন পেশী আৰু গ্ৰন্থিসমূহলৈ বিয়পি গৈছে।
২) দৈনন্দিন জীৱনত অভ্যাসবশতঃ কৰা কামসমূহ যেনে- খোজ কঢ়া, সাঁতোৰা, চাইকেল চলোৱা, ঊল গোঠা আদি মেৰুমজ্জাৰদ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হয়।
৩) মেৰুমজ্জাক মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ সংযোগকাৰী বুলি কোৱা হয়।
৭) চকুৰ ছবি এটা আঁকি তলত দিয়াবিলাক চিহ্নিত কৰাঃ
ক) অচ্ছেদ পটল
খ) কৰ্ণিকা
গ) চকুৰ মণি
উত্তৰঃ-
৮) গ্ৰন্থি বুলিলে কি বুজা ? ই কেই প্ৰকাৰৰ ?
উত্তৰঃ আমাৰ দেহত থকা বিভিন্ন প্ৰকাৰৰ ৰস উলিয়াব পৰা আধাৰসমূহক গ্ৰন্থি বোলা হয়। গ্ৰন্থি ২ প্ৰকাৰৰ। যেনে-
১) বহিঃস্ৰাৱী বা সনালী গ্ৰন্থি
২) অন্তঃস্ৰাৱী বা অনালী গ্ৰন্থি
৯) অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থিৰ বিষয়ে চমু টোকা লিখা ?
উত্তৰঃ বহিঃস্ৰাৱী গ্ৰন্থীঃ বহিঃস্ৰাৱী বা সনালী গ্ৰন্থিসমূহত একোডাল নলী সংযুক্ত হৈ থাকে বাবে বহিঃস্ৰাবী বা সনালী গ্ৰন্থি বোলা হয়। এইবোৰ গ্ৰন্থিৰ সহায়ত শৰীৰৰ অলাগতিয়াল পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দি শৰীৰ সুস্থ কৰি ৰখা হয়।
অন্তঃস্ৰাৱী গ্ৰন্থিঃ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহত কোনো নলী সংযুক্ত হৈ নাথাকে বাবে ইহঁতক অনালী গ্ৰন্থি বোলা হয়। অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা ওলোৱা গ্ৰন্থিৰসক হৰমন বোলা হয়।
১০) শিশুৰ ব্যক্তিত্বগঠনত অন্তঃস্ৰাৱী গ্ৰন্থিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ শিশুৰ ব্যক্তিত্বগঠনত অন্তঃস্ৰাৱী গ্ৰন্থি সমূহে বিভিন্ন দিশত সহায় কৰে। এই গ্ৰন্থিৰসে শৰীৰত দেহ-ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। এই গ্ৰন্থিৰসৰ কাৰ্য
১১) চমু টোকা লিখা ঃ
ক) মস্তিষ্ক বুলিলে কি বুজা ?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ঘাই অংশ হল মস্তিষ্ক। মানুহৰ মূৰৰ কঠিন আৱৰণটোক লাওখোলা বোলা হয়। এই লাওখোলাটোৰ ভিতৰত থকা মানুহৰ শৰীৰৰ সৱাতোকৈ বেছি গুৰুত্বপূৰ্ণ কোমল অংশই হল মস্তিষ্ক।
খ) মেৰুমজ্জা কি চমুকৈ লিখা।
উত্তৰঃ মস্তিষ্কৰ পৰা আৰম্ভ হৈ মেৰুদণ্ড বা ৰাজহাড়ৰ কশেৰুকা নলীৰ পহদমাজেৰে শৰীৰৰ তলৰ অংশলৈ নামি যোৱা অংশটোক মেৰুসজ্জা বোলা হয়।
গ) উদ্দীপক বুলিলে কি বুজা ?
উত্তৰঃ উদ্দীপক হল জিভাৰ দ্ৰৱণীয় বস্তু। জিভাৰ সহায়ত আমি মিঠা, তিতা, লুণীয়া, কেঁহা আদি বিভিন্ন ধৰণৰ স্বাদ পাওঁ।
ঘ) সনালী গ্ৰন্থি মানে কি বুজা ?
উত্তৰঃ বহিস্ৰাৱী বা সনালী গ্ৰন্থিসমূহত একেডাল নলী সংযুক্ত হৈ থাকে বাবে বহিঃস্ৰাবী বা সনালী গ্ৰন্থি বোলা হয়। এইবোৰ গ্ৰন্থিৰ সহায়ত শৰীৰৰ অলাগতিয়াল পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দি শৰীৰ সুস্থ কৰি ৰখা হয়।
ঙ) শোষক গ্ৰন্থি কি ?
উত্তৰঃ মূৰৰ ভিতৰত সোঁমাজত শোষক গ্ৰন্থি অৱস্থিত। সকলো অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে শোষক গ্ৰন্থিক মূখ্য গ্ৰন্থি বুলিও জনা যায়। যৌন ক্ৰিয়া, অন্ত আৰু মুত্ৰাশয়ক সক্ৰিয় কৰি তোলাত এই গ্ৰন্থিয়ে সহায় কৰে। এই গ্ৰন্থিৰ গতি স্বাভাৱিক নহলে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা হ্ৰাস পায় আৰু অভোক হয়। সন্মুখৰ অংশৰ ৰস কমকৈ ওলালে শৰীৰ বৃদ্ধিত বাধাপ্ৰাপ্ত হয়। আনহাতে অতিমাত্ৰা ৰস নিঃসৰণ হলে শৰীৰ অস্বাভাৱিকভাৱে ডাঙৰ হয় অৰ্থাৎ দৈত্যকায় হব পাৰে।
চ) গ্ৰহনেন্দ্ৰিয় কি ?
উত্তৰঃ গ্ৰহণেন্দ্ৰীয়সমূহৰ সহায়ত আমি বাহ্যিক জগতখনৰ বিষয়ে জ্ঞান লাভ কৰোঁ। দেহৰ বিভিন্ন অংশত থকা চকু, কাণ, নাক, জিভা আৰু ছাল- এইকেইটাই হৈছে আমাৰ প্ৰধান ইন্দ্ৰিয়।
ছ) মানৱ শৰীৰত থকা চাৰিটা সনালী গ্ৰন্থিৰ নাম লিখা ।
উত্তৰঃ মানৱ শৰীৰত থকা চাৰিটা সনালী গ্ৰন্থি হল- চকুপানী থকা অশ্ৰুগ্ৰন্থি, ঘাম থকা ঘৰ্মগ্ৰন্থি, মুত্ৰ থকা মুত্ৰগ্ৰন্থি, স্তন্যগ্ৰন্থি ইত্যাদি।
জ) কেন্দ্ৰীয় স্ৰায়ুতন্তৰ প্ৰধান ভাগ দুটাৰ নাম কি ?
উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ দুটা হল-
১) মেৰুমজ্জা
২) মস্তিষ্ক
ঝ) মানৱ গ্ৰন্থিসমূহৰ চাৰিটা কাৰ্য্যাৱলী উল্লেখ কৰা ।
উত্তৰঃ মানৱ গ্ৰন্থিসমূহৰ চাৰিটা কাৰ্যাৱলী হল-
ঞ) মানুহৰ চকুৰ যিকোনো চাৰিটা অংশৰ নাম কি ।
উত্তৰঃ মানুহৰ চকুৰ যিকোনো চাৰিটা অংশৰ নাম হল- অচ্ছোদ পটল, চকুৰ মণি, অক্ষিপট, দৰ্শন স্নায়ু।
ট) মাখিছাল কোনটো গ্ৰনেন্দ্ৰিয়ৰ অংশ ?
উত্তৰঃ মাখিছাল গ্ৰনেন্দিয়ৰ অংশ নামটো হ'ল--- ছাল।
ঠ) মানুহৰ কাণৰ যিকোনো তিনিটা অংশৰ নাম লিখা ।
উত্তৰঃ মানুহৰ কাণৰ যিকোনো তিনিটা অংশ হল- কাণৰ পৰ্দা, কৰ্ণপট আৰু কাণৰ বিন্ধা।
ড) মেৰুমজ্জাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ দৈহিক প্ৰতিবৰ্ত ক্ৰিয়াসমূহ মেৰুমজ্জাৰদ্বাৰা নিয়ন্ত্ৰিত হয়। বাহ্যিক জগতৰ উদ্দীপকসমূহে আমাৰ দেহত উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰে। ইয়াৰ ফলত স্বতঃস্ফৰ্তভাৱে আমি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁ। উদাহৰণ স্বৰূপে চকুত উজ্জ্বল পোহৰ পৰিলে আমি চকু জপাই দিওঁ, উত্তপ্ত বস্তুত হাত দিলে আপোনা আপোনি হাতখন আঁতৰাই দিওঁ। এনেবোৰ কাৰ্যকে প্ৰতিবৰ্ত ক্ৰিয়া বোলে। হাঁচিওৱা, কাহ মৰা, চকুৰ পতা লৰা আদি ক্ৰিয়াসমূহ মস্তিষ্কৰ সহায় নোলোৱাকৈ মেৰুমজ্জাই নিয়ন্ত্ৰণ কৰিব পাৰে।
ঢ) লঘু মস্তিষ্কৰ এটা প্ৰধান কাৰ্য্য উল্লেখ কৰা ?
উত্তৰঃ লঘু মস্তিষ্কৰ এটা প্ৰধান কাৰ্য্য হল- খোজকঢ়া।
ণ) মেৰুসজ্জাৰ দুটা প্ৰধান কাৰ্য্য উল্লেখ কৰা ।
উত্তৰঃ মেৰুসজ্জাৰ দুটা প্ৰধান কাৰ্য্য হল-
১) মেৰুমজ্জাক মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ সংযোগকাৰী বুলি কোৱা হয়।
২) দৈনন্দিন জীৱনত অভ্যাসবশতঃ কৰা কামসমূহ যেনে- খোজ কঢ়া, সাঁতোৰা, চাইকেল চলোৱা, ঊল গোঠা আদি মেৰুমজ্জাৰ দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হয়।
ত) ভ্ৰান্ত প্ৰত্যক্ষ কি ?
উত্তৰঃ ইন্দ্ৰিয়ৰ যোগেদি লাভ কৰা অভিজ্ঞতা থাকিলেও কেতিয়াবা উদ্দীপক সম্পৰ্কে সঠিক অৰ্থ প্ৰদান কৰা নহয়।
থ) জৈৱিক বা আঙ্গিক সংবেদন কি ?
উত্তৰঃ দৈহিক পৰিৱৰ্তনৰ ফলত যি সংবেদনৰ সৃষ্টি হয় তাকে জৈৱিক বা আদিক সংবেদন বোলা হয়।
১২. ক) উদ্দীপৰ ভুল ব্যাখ্যা দিয়াক কি বোলা হয় ?
উত্তৰঃ ভ্ৰান্ত প্ৰত্য়ক্ষ।
খ) কোন প্ৰাক-প্ৰাথমিক স্তৰত ইন্দ্ৰিয় প্ৰশিক্ষনৰ ব্যাৱস্থা কৰিছিল ?
উত্তৰঃ ৰুছ ই ডেৰশ।
গ) জ্ঞান আহৰনৰ প্ৰধান প্ৰক্ৰিয়াসমূহ কি কি ?
উত্তৰঃ জ্ঞান আহৰনৰ প্ৰধান প্ৰক্ৰিয়াসমূহ হৈছে---
১। সংবেদন।
২। সংবোধন।
৩। সংপ্ৰত্য়য়ণ।
ঘ) ভুল সংবোধন কেই প্ৰকাৰৰ ? কি কি ?
উত্তৰঃ ভুল সংবোধন দুই প্ৰকাৰৰ। যেনে-
১) ভ্ৰান্ত প্ৰত্যক্ষ
২) অমূল্য প্ৰত্যক্ষ
ঙ) ইন্দ্ৰিয় অনুশীলনীৰ মুখ্য পৃষ্ঠপোষক কোন আছিল ?
উত্তৰঃ মণ্টেছৰী।
(চ) আত্ম - নিৰ্দেশনামূলক সঁজুলি বুলিলে কি বুজা ?
উত্তৰঃ- মণ্টেছৰীয়ে খেলাৰ মাধ্য়মেৰে শিক্ষা দিয়াৰ ওপৰত গুৰুত্ৱ দিছিল। আৰু তেওঁ ইন্দ্ৰিয় প্ৰশিক্ষণৰ বাবে বিশেষ ধৰণৰ শিক্ষণ সঁজুলিও প্ৰস্তুত কৰিছিল। এই সঁজুলিবোৰ হৈছে বিভিন্ন ৰঙৰ কাপোৰ, কাঠৰ টুকুৰা আদি। দৈনন্দিন জীৱনত ব্য়ৱহৃত সামগ্ৰীৰ আৰ্হিত লোৱা এই সঁজুলিবোৰৰ সহায়ত শিশুৱে বিদ্য়ালয়ত এক স্ৱাভাৱিক পৰিৱেশত শিক্ষা গ্ৰহন কৰিব পাৰে। এনেধৰণৰ সঁজুলিৰ সহায়ত শিশুৱে নিজস্ৱ গতিত শিক্ষা আহৰণ কৰিব পাৰে। ভাষা আৰু সংখ্য়া জ্ঞানৰ বাবে শিক্ষা শব্দৰ প্ৰতিৰূপ(Image), গঠন, শুদ্ধ উচ্চাৰণ আৰু সংখ্য়াৰ ধাৰণা দিয়াৰ ব্য়ৱস্থা কৰা হয়। আৰু ইয়াকে আত্ম- নিৰ্দেশনামূলক সঁজুলি বুলি কোৱা হয়।
ছ) শিশুৰ পাঠ্যপুথিত কিয় চিত্ৰৰ প্ৰয়োগ কৰা হৈছে ?
উত্তৰঃ শিশুৱে প্ৰায়বোৰ ধাৰণা প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰাই শিকে। সেয়ে ইন্দ্ৰিয় অভিজ্ঞতাৰ- শব্দ, স্পৰ্শ, দৃষ্টি, স্বাদ আদিৰ সহায়ত ধাৰণা দিবলৈ চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষকে বিভিন্ন উদাহৰণ- চিত্ৰ, মেপ, চাৰ্ট, গ্লোব আদি প্ৰদৰ্শন কৰিব লাগে। এনে ধৰণৰ বাস্তৱ অভিজ্ঞতাৰ সহায়ত শিশুৰ মনত শুদ্ধ আৰু সঠিক ধাৰণা গঢ়ি তুলিব পৰা যায়।
জ) আংগিক সংবেদন কি ?
উত্তৰঃ দৈহিক পৰিৱৰ্তনৰ ফলত যি সংবেদনৰ সৃষ্টি হয় তাকে জৈৱিক বা আদিক সংবেদন বোলা হয়।
ঝ) ইন্দ্ৰিয় শিক্ষাৰ কিয় প্ৰয়োজন ?
উত্তৰঃ ইন্দ্ৰিয় শিক্ষা প্ৰয়োজন কাৰণ ইন্দ্ৰিয়সমূহৰ সহায়তে আমি জ্ঞান আহৰণ কৰোঁ। সেয়েহে ইন্দ্ৰিয়সমূহক জ্ঞানেন্দ্ৰিয় বোলা হয়। যিমানেই ইন্দ্ৰিয়সমূহ সুস্থ সবল হয় সিমানেই শিশুৱে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। কোনো কাৰণত ইন্দ্ৰিয়সমূহ ভালদৰে বিকশিত নহলে বা দুৰ্বল হলে ই জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। কোনো কাৰণত ইন্দ্ৰিয়সমূূহ ভালদৰে বিকশিত নহলে বা দুৰ্বল হলে ই জ্ঞান আহৰণত বাধাৰ সৃষ্টি কৰে। সেইবাবে ইন্দ্ৰিয়সমূহক জ্ঞান আহৰণৰ দুৱাৰ বুলি কোৱা হয়। এনেবোৰ দিশ বিবেচনা কৰিয়েই মনোবিদসকলে প্ৰশিক্ষণৰ দ্বাৰা শিশুৰ ইন্দ্ৰিয়সমূহক অধিক কাৰ্যক্ষম কৰাৰ ওপৰত গুৰুত্ব দিছে। ইয়াৰ দ্বাৰা শিশুৰ বৌদ্বিক বিকাশ হয় সম্ভৱ হয়।
ঞ) অমূল প্ৰত্যক্ষ কি ?
উত্তৰঃ কেতিয়াবা উদ্দীপক নোহোৱাকৈও ভূল সংবোধন হয়। তাকে অমূল প্ৰত্যক্ষ বোলা হয়। বাহ্যিক বস্তুৰ অনুপস্থিতি সংবেদনীয় অভিজ্ঞতাৰ ভূল ধাৰণাই হৈছে অমূল প্ৰত্যক্ষ।
১৩) সংবেদন কাক বোলে ?
উত্তৰঃ জ্ঞান আহৰণৰ সৰ্বপ্ৰথম স্তৰ বা অবস্থাকেৈ সংবেদন বোলা হয়।
১৪) সংবোধন বুলিলে কি বুজা
উত্তৰঃ ইন্দ্ৰিয়ই উদ্দীপক গ্ৰহন কৰাৰ লগে লগে মস্তিষ্কই ইয়াৰ অৰ্থ ব্যাখ্যা কৰে। মস্তিষ্কৰ দ্ভাৰা সংবেদনৰ অৰ্থ প্ৰদান কৰা প্ৰক্ৰিয়াকে সংবোধন বোলা হয়।
১৫) সংপ্ৰত্যয়ন কাক বোলে ?
উত্তৰঃ সংবোধনৰ পাছৰ উচ্চস্তৰৰ মানসিক অৱস্থাকে সংপ্ৰত্যয়ন বোলা হয়। সংপ্ৰত্যয়ণক ধাৰণা বুলিও জনা যায়। বাহ্য পৰিবেশৰ পৰা লাভ কৰা সংবেদনাত্মক অনুভূতিত অৰ্থ প্ৰদান কৰিলে সংবোধন বা জ্ঞান পাব পাৰি। এনে ধৰণৰ জ্ঞান অভিজ্ঞতা সু-সংবদ্ধ বা শৃঙ্খলাবদ্ধভাৱে সজাই তোলাৰ পিছত আমাৰ মনত এটা সাধাৰণ ধাৰণা গঢ় লয়। সংপ্ৰত্যয়ণৰ সহায়ত নিৰীক্ষণ, বিশ্লেষণ, সংশ্লেষণ, তুলনা আদিৰ দ্বাৰা জ্ঞান অভিজ্ঞতা এক সুসংগঠিত অৱস্থাত উপনীত হয়।
১৬) সংপ্ৰত্যয়ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ?
উত্তৰঃ সংপ্ৰত্যয়ৰ চাৰিটা বৈশিষ্ট্য হল-
১) সংপ্ৰত্যয়ণ নিৰ্ভৰ কৰে ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাৰ ওপৰত। অভিজ্ঞতা বিস্তত, প্ৰচুৰ আৰু গভীৰ হলে সংপ্ৰত্যয়ণৰ ধাৰণাও সিমানেই বিস্তত আৰু স্পষ্ট হয়। শিশুৰ অভিজ্ঞতা কম হোৱাৰ বাবে শিশুৰ সংপ্ৰত্যয়ণো সীমিত হয়।
২) সংপ্ৰত্যয়ণৰ দ্বাৰা অভিজ্ঞতাসমূহক বিভিন্ন নামত ভাগ কৰা হয়। যেনে- এক, দুই আদি নামত ভাগ কৰা হয়। যেনেঃ এক, দুই, আদি নামে সংখ্যা বুজায় ৰঙা, নীলা আদি শব্দই ৰং বুজাই ইত্যাদি।
৩) সংপ্ৰত্যয়ণক অভিজ্ঞতাৰ সংৰক্ষণ বোলা হয়, বিভিন্ন অভিজ্ঞতাক সংক্ষেপ কৰি প্ৰকাশ কৰাৰ বাবে সংপ্ৰত্যয়নে এক মানসিক মিতব্যয়িতা আনে।
৪) সংপ্ৰত্যয়ণ হৈছে শ্ৰেণীকৰণৰ ভিত্তি। যেনে- প্ৰাণী- ধাৰণাৰ সহায়ত মানুহ, গৰু আদি শ্ৰেণীবদ্ধ কৰা হয়।
১৭) ইন্দ্ৰিয় অনুশীলনী বূুলিলে কি বুজা ?
উত্তৰঃ তলৰ ২৪ নম্ৱৰ প্ৰশ্ন উত্তৰ চোৱা।
১৮) ইন্দিয়সমূহক জ্ঞানৰ দুৱাৰ বুলিব পাৰি -কিয় ?
উত্তৰঃ ইন্দ্ৰিয়সমূহক জ্ঞানৰ দুৱাৰ বুলিব পাৰি কাৰণ ইন্দ্ৰিয়সমূহ ভালদৰে বিকশিত নহলে বা দুৰ্বল হলে ই জ্ঞান আহৰণত বাধাৰ সৃষ্টি কৰে।
১৯) সংবোধন কি ? সংবেদন আৰু সংবোধনৰ মাজত থকা চাৰিটা পাৰ্থক্য লিখা।
উত্তৰঃ ইন্দ্ৰিয়ই উদ্দীপক গ্ৰহন কৰাৰ লগে লগে মস্তিষ্কই ইয়াৰ অৰ্থ ব্যাখ্যা কৰে। মস্তিষ্কৰ দ্বাৰা সংবেদনৰ অৰ্থ প্ৰদান কৰা প্ৰক্ৰিয়াকে সংবোধন বোলা হয়।
সংবেদন আৰু সংবোধনৰ মাজত থকা চাৰিটা পাৰ্থক্য হল-
১) সংবেদন হল সৰল দৈহিক অনুভূতি। তাৰ বিপৰীতে সংবোধন এক জটিল মানসিক প্ৰক্ৰিয়া।
২) সংবেদন হল উপস্থাপনমূলক, কিন্তু সংবোধন হল উপস্থাপনমূলক আৰু পুনৰুদ্ভাৱনমূলক প্ৰক্ৰিয়া।
৩) সংবেদনে আমাক উদ্দীপকৰ বিষয়ে স্পষ্ট জ্ঞান নিদিয়ে কিন্তু সংবেদনে আমাক স্পষ্ট জ্ঞান দিয়ে।
৪) সংবেদন হল উপস্থাপনমূলক, কিন্তু সংবোধন হল উপস্থাপনমূলক আৰু পুনৰুদ্ভাৱনমূলক।
২০) সংপ্ৰত্যয়ন বুলিলে তুমি কি বুজা ?
উত্তৰঃ সংবোধনৰ পাছৰ উচ্চস্তৰৰ মানসিক অৱস্থাকে সংপ্ৰত্যয়ন বোলা হয়।
২১) মেৰুমজ্জাৰ চাৰিটা প্ৰধান কাৰ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ মেৰুমজ্জাৰ চাৰিটা প্ৰধান কাৰ্য হল-
১) মেৰুসজ্জাই মস্তিষ্কৰ লগত দেহৰ বিভিন্ন অংশৰ সংযোগ স্থাপন কৰে। মেৰুমজ্জাৰ মাজেদি অসংখ্য অন্তৰ্বাহী স্নায়ু বিভিন্ন সংবেদন কেন্দ্ৰলৈ বিয়পি গৈছে। ঠিক সেইদৰে মস্তিষ্কৰ পৰাও অসংখ্য অন্তঃবাহী স্নায়ু মেৰুমজ্জাৰ মাজেদিয়ে শৰীৰৰ বিভিন্ন পেশী আৰু গ্ৰন্থিসমূহলৈ বিয়পি গৈছে।
২) দৈনন্দিন জীৱনত অভ্যাসবশতঃ কৰা কামসমূহ যেনে- খোজ কঢ়া, সাঁতোৰা, চাইকেল চলোৱা, ঊল গোঠা আদি মেৰুমজ্জাৰদ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হয়।
৩) মেৰুমজ্জাক মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ সংযোগকাৰী বুলি কোৱা হয়।
২২) মানুহৰ মগজুৰ চাৰিটা প্ৰধান অংশৰ নাম লিখা।
উত্তৰঃ মাৱন মগজুৰ চাৰিটা প্ৰধান অংগৰ নাম হল-
১) গুৰু মস্তিষ্ক
২) লঘু মস্তিষ্ক
৩) মধ্য মস্তিষ্ক
৪) থেলামাছ
২৩) সংবেদন কেই প্ৰকাৰৰ ? কি কি ?
উত্তৰঃ সংবেদন তিনি প্ৰকাৰৰ। যেনে-
১) জৈৱিক সংবেদন
২) বিশিষ্ট সংবেদন
৩) পেশীয় সংবেদন।
২৪) ইন্দ্ৰিয় অনুশীলন বুলিলে কি বুজা ?
উত্তৰঃ শিশু শিক্ষাৰ ক্ষেত্ৰত ইন্দ্ৰিয় অনুশীলনৰ প্ৰয়োজন। ইন্দ্ৰিয়সমূহৰ সহায়তে আমি জ্ঞান আহৰণ কৰোঁ। সেয়েহে ইন্দ্ৰিয়সমূহক জ্ঞানেন্দ্ৰিয় বোলা হয়। যিমানেই ইন্দ্ৰিয়সমূহ সুস্থ সবল হয় সিমানেই শিশুৱে জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। কোনো কাৰণত ইন্দ্ৰিয়সমূহ ভালদৰে বিকশিত নহলে বা দুৰ্বল হলে ই জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়। কোনো কাৰণত ইন্দ্ৰিয়সমূূহ ভালদৰে বিকশিত নহলে বা দুৰ্বল হলে ই জ্ঞান আহৰণত বাধাৰ সৃষ্টি কৰে। সেইবাবে ইন্দ্ৰিয়সমূহক জ্ঞান আহৰণৰ দুৱাৰ বুলি কোৱা হয়। এনেবোৰ দিশ বিবেচনা কৰিয়েই মনোবিদসকলে প্ৰশিক্ষণৰ দ্বাৰা শিশুৰ ইন্দ্ৰিয়সমূহক অধিক কাৰ্যক্ষম কৰাৰ ওপৰত গুৰুত্ব দিছে। ইয়াৰ দ্বাৰা শিশুৰ বৌদ্বিক বিকাশ হয় সম্ভৱ হয়।
২৫) সংবোধনৰ বিভিন্ন পৰ্যায়সমূহ কি কি ?
উত্তৰঃ সংবোধনৰ বিভিন্ন পৰ্যায়সমূহ হল-
১) প্ৰভেদ নিৰূপণ বা পৃথকীকৰণ
২) সদৃশ কৰণ
৩) অনুষংগকৰণ আৰু পুনৰুদ্ভাৱন
৪) বাস্তৱীকৰণ
২৬) চমু টোকা লিখা ঃ
ক) নিউৰণ
উত্তৰঃ নিউৰণ হল --- এক্সনৰ মূৰটোত কিছুমান সৰু সৰু সূতাৰ দৰে আঁহ থাকে । ইয়াক প্ৰান্ত গুচ্ছ বোলে। নিউৰণৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি ইয়াক বিভিন্ন ভাগত ভাগাব পাৰি। যেনে---
(ক) অন্তৰ্মুখী নিউৰণ।
(খ) বহিৰ্মুখী নিউৰণ।
(গ) সংযোগক নিউৰণ।
এটা কোষদেহ বা নিউৰণৰ পৰা ওলোৱা স্নায়ুকেশ বা স্নায়ুআঁহবোৰ আন এটা কোষদেহৰ স্নায়ুৰ লগ লাগি থাকে। এই লগ লাগি থকা অংশক সন্নিকৰ্ষ বুলি কোৱা হয়। ডেন্দ্ৰাইটবোৰে মানসিক উত্তেজনা বা অনুভূতি স্নায়ুকোষৰ ঘাই অংশৰ ফালে আৰু এক্সনে মানসিক উত্তেজনা ঘাই অংশৰ পৰা বিপৰীত ফালে কঢ়িয়াই নিয়ে। এইদৰে দেহৰ অসংখ্য় স্নায়ুকোষবোৰে ইটোৰ লগত সিটো লগ লাগি দেহত ইন্দ্ৰিয় অনুভূতিৰ সৃষ্টি কৰে।
খ) প্ৰতিবৰ্ত ক্ৰিয়া
উত্তৰঃ দৈহিক প্ৰতিবৰ্ত ক্ৰিয়াসমূহ মেৰুমজ্জাৰদ্ৱাৰা নিয়ন্তিত হয়। বাহ্য়িক জগতৰ উদ্দীপকসমূহে আমাৰ দেহত উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰে। ইয়াৰ ফলত স্ৱঃস্ফূৰ্তভাৱে আমি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰোঁ। উদাহৰণ স্ৱৰূপে চকুত উজ্জ্ৱল পোহৰ পৰিলে আমি চকু জপাই দিওঁ, উত্তপ্ত বস্তুত হাত দিলে আপোনা- আপুনি হাতখন আঁতৰাই দিওঁ। এনেবোৰ কাৰ্যকে প্ৰতিবৰ্ত ক্ৰিয়া বোলে।
গ) মেৰুমজ্জা
উত্তৰঃ অস্থি খণ্ডৰ ভিতৰ অংশ ফোঁপোলা আৰু এই ফোঁপোলা অংশতেই মেৰু মজ্জা থাকে। এই মেৰুমজ্জা হৈছে অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ু আৰু দেহৰ সংবেদন আৰু সঞ্চালন অনুভূতিৰ প্ৰধান পৰিবহন পথৰ দৰে। মেৰু সজ্জাৰ পৰা অস্থি খণ্ডৰ যোৰাৰ ফাঁকেৰে ৩১ যোৰা স্নায়ু ওলাইছে। এই স্নায়ুসমূহ সংবেদনবাহী স্নায়ুৰ লগত সংযোজিত হৈ আছে। এই স্নায়ুসমূহে দেহৰ বিভিন্ন ইন্দ্ৰ্ৰিয়, পেশী আৰু গ্ৰন্থিসমূহৰ লগত মস্তিষ্কৰ যোগাযোগ স্থাপন কৰে।
ঘ) সাধক বা সাধন যন্ত্ৰ।
উত্তৰঃ বাহ্য়িক জগতৰ বিভিন্ন উদ্দীপকে আমাৰ শাৰীৰত উদ্দীপনাৰ সৃষ্টি কৰে। ইয়াৰ ফলত আমাৰ শৰীৰত থকা পেশী আৰু গ্ৰন্থিসমূহৰ সহায়ত শৰীৰে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে। যিবোৰ অংগৰ যোগেদি দেহৰ প্ৰতিক্ৰিয়া দেখুৱায় তাকে সাধক বা সাধন স্নায়ুযন্ত্ৰ বোলা হয়।
ঙ) কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
উত্তৰঃ মানৱ দেহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু কাৰ্য্য পৰিচালনাৰ মূল নিয়ন্ত্ৰণ কেন্দ্ৰ হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই আমাৰ দেহ-মানসিক কাৰ্য্য আৰু আচৰণসমূহ পৰিচালিত কৰে। ইয়াৰ বৈশিষ্ট্যবোৰ হল-
১) আমাৰ সকলোবোৰ দেহ-মানসিক কাৰ্য কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিয়ন্ত্ৰণ কৰে।
২) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অন্যতম ভাগ মেৰুমজ্জাৰ আৰু মস্তিষ্কই এক বিশেষ দায়িত্ব পালন কৰে।
৩) মানুহৰ বুদ্ধি-বৃত্তি, চিন্তা-যুক্তি, আবেগ-অনুভূতি আদি মস্তিষ্কৰ দ্বাৰা পৰিচালিত হয়।
৪) মধ্য মস্তিষ্কই ব্যক্তিৰ দেহ ভংগিমা নিয়ন্ত্ৰণ কৰে।
৫) হাইপো থেলামাছে আমাৰ আবেগ-অনুভূতি আদি নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে।
চ) অন্তঃস্ৰাৱী গ্ৰন্থি
উত্তৰঃ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহত কোনো নলী সংযুক্ত হৈ নাথাকে বাবে ইহঁতক অনালী গ্ৰন্থি বোলা হয়। অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা ওলোৱা গ্ৰন্থিৰসক হৰমন বোলা হয়। এইবিধ গ্ৰন্থিয়ে হৰমন দেহত সঞ্চাৰিত হৈথকা ৰক্তধাৰাত বোৱাই দিব পাৰে। সি ৰক্তধাৰাত লগত দেহৰ বিভিন্ন স্থানলৈ বিয়পি পৰে। এই গ্ৰন্থিৰসে শৰীৰত দেহ-ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। এই গ্ৰন্থিৰসৰ কাৰ্য-কলাপৰ লগত মানুহৰ ব্যক্তিত্বৰ যথেষ্ট সম্বন্ধ আছে। উদাহৰণস্বৰূপে শোষক গ্ৰন্থিৰ পৰা ওলোৱা হৰমনে শৰীৰৰ আকাৰ বৃদ্ধিত সহায় কৰে।
ছ) সংবেদনবাহী স্নায়ু
উত্তৰঃ এইবোৰ স্নায়ুয়ে ইন্দ্ৰিয়সমূহৰ সংবেদন বা উদ্দীপনা মেৰুমজ্জা আৰু মস্তিষ্কলৈ প্ৰেৰণ কৰে।
জ) প্ৰমস্তিষ্ক বা গুৰু মস্তিষ্ক
উত্তৰঃ মস্তিষ্কৰ ওপৰৰ ভাগত থকা আটাইতকৈ ডাঙৰ অংশটোকে প্ৰমস্তিষ্ক বা গুৰু মস্তিষ্ক বোলা হয়। মস্তিষ্কৰ সম্পূৰ্ণ ওজনৰ পাঁচ ভাগৰ চাৰিভাগ গুৰু মস্তিষ্কত থাকে। গুৰু মস্তিষ্ক দুটা গোলাকাৰ খণ্ডত বিভক্ত। দক্ষিণ গোলাৰ্দ্ধ শৰীৰৰ বাওঁপিনে আৰু সোঁ গোলাৰ্দ্ব সোঁপিনে সংযুক্ত। গুৰু মস্তিষ্ক আৱৰি ৰখা ডাঠ চামনিটোক প্ৰমস্তিষ্ক আৱৰণ বুলি কোৱা হয়। এই চামনি দেখিবলৈ ধোঁৱা বৰণৰ আৰু ইয়াক ধূসৰ পদাৰ্থ বোলা হয়। ধূসৰ পদাৰ্থৰ আৱৰণৰ তলতে শ্বেত পদাৰ্থৰ দ্বাৰা গঠিত অংশ আছে। প্ৰমস্তিষ্ক আৱৰণত কিছুমান সৰু সৰু ৰেখা বা ফাঁট আৰু কিছুমান ভাঁজ থাকে।
ঝ) অক্ষিপট
উত্তৰঃ চকুত কেমেৰাৰ দৰে বাহিৰৰ প্ৰতিচ্ছবি চকুৰ ভিতৰত থকা অনুভূতিশীল পৰ্দাৰ ওপৰত প্ৰতিফলিত হয়। চকুৰ মনিৰ বিপৰীতফালে এখন পৰ্দা থাকে। ইয়াক অক্ষিপট বোলা হয়। অক্ষিপটৰ দণ্ডকোষ আৰু শঙ্ককোষ নামৰ দুবিধ গ্ৰহণকোষ থাকে। বাহিৰৰ পোহৰ আহি এই গ্ৰহণকোষত পৰিলে এক প্ৰকাৰৰ তড়িত-ৰাসায়নিক পৰিৱৰ্তন হয়। ইয়াৰ ফলত উদ্দীপনাৰ সৃষ্টি হয়। এই উদ্দীপনাৰ সংবেদনবাহী স্নায়ুৰ সহায়ত মস্তিষ্কলৈ যায়। মস্তিষ্কলৈ লগে লগে শক্তিবাহী বা বহিৰ্বাহী স্নায়ুৰ সহায়ত মস্তিষ্কলৈ যায়। মস্তিষ্কই লগে লগে শক্তিবাহী বা বহিৰ্বাহী স্নায়ুৰ সহায়ত পৰিবেশৰ বিষয়ে জ্ঞান লবলৈ নিৰ্দেশ দিয়ে।
ঞ) ঐচ্ছিক পেশী
উত্তৰঃ এই পেশীবোৰ দেহৰ বহিঃ অংশত থাকে। এইবোৰক পেশীৰ আঁহতবোৰত কলা-বগা আঁচ থাকে বাবে চিত্ৰিত পেশী বোলা হয়। চিত্ৰিত পেশীবোৰে ব্যাহ্যিক আচৰণ প্ৰকাশ কৰে। এইবিধ পেশী ইচ্ছাকৃতভাৱে পৰিচালনা কৰিব পাৰি বাবে ইয়াক ঐচ্ছিক পেশী বোলা হয়। হাত ভৰিত থকা পেশীসমূহ চিত্ৰিত বা ঐচ্ছিক পেশীৰ অন্তৰ্ভূক্ত।
২০১৩ -২০১৮ চনলৈ পৰীক্ষাত অহা পৰীক্ষাৰ প্ৰশ্ন নমুনা ঃ
১) চমু উত্তৰ দিয়া ঃ
a) মগজু আৰু ______ লৈ কেন্দ্ৰীয় স্নায়ুতন্ত গঠিত হৈছে ।
২) তলত দিয়া প্ৰশ্নসমুূহৰ উত্তৰ লিখা ।
a) মানৱ শৰীৰৰ যিকোনো চাৰিটা গ্ৰহনেন্দ্ৰিয়ৰ নাম লিখা ।
উত্তৰঃ মানৱ শৰীৰৰ যিকোনো চাৰিটা গ্ৰহনেন্দ্ৰিয় হল- চকু, কাণ, নাক, জিভা।
৩) তলত দিয়াবোৰৰ উত্তৰ লিখাঁ ঃ
৪) মানুহৰ চকুৰ চিত্ৰ আঁকি তাৰ অংশসমূহ চিনাক্ত কৰা ।
উত্তৰঃ
৫) যিকোনো দুটাৰ উত্তৰ দিয়া ঃ
a) পাঠ্যক্ৰম বুলিলে কি বুজা ? পাঠ্যক্ৰম প্ৰস্ততিৰ নীতিসমূহ বৰ্ণনা কৰা ।
উত্তৰঃ
১) সংবেদন হল সৰল দৈহিক অনুভূতি। তাৰ বিপৰীতে সংবোধন এক জটিল মানসিক প্ৰক্ৰিয়া।
২) সংবেদন হল উপস্থাপনমূলক, কিন্তু সংবোধন হল উপস্থাপনমূলক আৰু পুনৰুদ্ভাৱনমূলক প্ৰক্ৰিয়া।
১) সংবেদন হল সৰল দৈহিক অনুভূতি। তাৰ বিপৰীতে সংবোধন এক জটিল মানসিক প্ৰক্ৰিয়া।
২) সংবেদন হল উপস্থাপনমূলক, কিন্তু সংবোধন হল উপস্থাপনমূলক আৰু পুনৰুদ্ভাৱনমূলক প্ৰক্ৰিয়া।
১. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ
ক) লঘুমস্তিষ্কৰ দুটা প্ৰধান অংগৰ কাৰ্য লিখা।
উত্তৰঃ লঘুমস্তিষ্কৰ দুটা প্ৰধান অংগৰ কাৰ্য হল-
১) খোজকঢ়া
২) চাইকেল চলোৱা
খ) সংবেদন আৰু সংবোধনৰ মাজত দুটা পাথক্য উল্লেখ কৰা ।
উত্তৰঃ সংবেদন আৰু সংবোধনৰ মাজত দুটা পাৰ্থক্য হল-
১) সংবেদন হল সৰল দৈহিক অনুভূতি। তাৰ বিপৰীতে সংবোধন এক জটিল মানসিক প্ৰক্ৰিয়া।
২) সংবেদন হল উপস্থাপনমূলক, কিন্তু সংবোধন হল উপস্থাপনমূলক আৰু পুনৰুদ্ভাৱনমূলক প্ৰক্ৰিয়া।
২. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঃ
ক) মানৱ মগজুৰ চাৰিটা প্ৰধান অংগৰ নাম লিখা।
উত্তৰঃ মাৱন মগজুৰ চাৰিটা প্ৰধান অংগৰ নাম হল-
১) গুৰু মস্তিষ্ক
২) লঘু মস্তিষ্ক
৩) মধ্য মস্তিষ্ক
৪) থেলামাছ
Type-Arup
Answered by: Leena Kakati
Post ID : DABP005960