আধুনিক পৰিৱেশ | অধ্যায় ৮ | Chapter 8 |  Class 3  Environment Sankardev, School Questions and Answer | তৃতীয় শ্ৰেণী ভাৰতী পৰিৱেশ পৰিচয় শংকৰদেৱৰ প্ৰশ্ন উত্তৰ

অধ্যায় ৮

 আধুনিক পৰিৱেশ

মানুহে নিজৰ স্বাৰ্থৰ বাবে যতে ততে ঘৰ দুৱাৰ আৰু ৰাস্তা-ঘাট তৈয়াৰ কৰে। পাহাৰৰ মাটি কাটি কাৰখানা স্থাপন কৰি আধুনিক বস্তু- বাহানি মানুহে তৈয়াৰ কৰে। ৰাস্তাত সৰু -বৰ গাড়ী মটৰ লানি লাগি থাকে। বিভিন্ন ধৰণৰ কাৰ্যলয় আৰু অনুষ্ঠান গঢ়ি এইদৰেই মানুহে আধুনিক পৰিৱেশ সৃষ্টি কৰোঁতে প্ৰাকৃতিক পৰিৱেশ ধ্বংস হয়। এনে পৰিৱেশ স্বাস্থ্য সন্মত নহয়। আধুনিক জীৱন প্ৰণালীয়েই পৰিৱেশ প্ৰদৃষণৰ মূল কাৰণ।

১। আধুনিক পৰিৱেশ মানুহে কেনেকে গঢ়ি তোলে?

উত্তৰঃ বিভিন্ন ধৰণৰ কাৰ্যালয় আৰু অনুষ্ঠান গঢ়ি মানুহে আধুনিক পৰিৱেশ সৃষ্টি কৰে।

২। আধুনিক পৰিৱেশ সৃষ্টি কৰোতে কি ধ্বংস হয়?

উত্তৰঃ আধুনিক পৰিৱেশ সৃষ্টি কৰোতে প্ৰাকৃতিক পৰিৱেশ ধ্বংস হয়।

৩। পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ কি?

উত্তৰঃ আধুনিক জীৱন প্ৰণালীয়েই পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ।





Answer by - Punya Hazarika

Type Sumit Patar



Post ID : DABP006049