মানৱ আচৰণৰ ভিক্তি সমূহ আৰু দিক্দৰ্শন | Class 11 Education Question Answer |   | Chapter-6 | Bases and Directions of Human Behavior | অধ্যায়-৬ | Hs 1 St  Year  Education Answer  Assamese Medium  |   অসম বুক ডিপো | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বিষয়ৰ উত্তৰ |

অধ্যায়-৬

মানৱ আচৰণৰ ভিক্তি সমূহ আৰু দিক্দৰ্শন 

Bases and Directions of Human Behavior 


 প্রশ্নাৱলী  

১। আচৰণ কি ? কোনবােৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে ?

উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন উদ্দীপকৰ প্ৰতি মানুহে যি দৈহিক মানসিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে তেনে প্ৰতিক্ৰিয়াৰ ফলাফলকে আচৰণ বুলি কোৱা হয়। মানৱ আচৰণে সমাজৰ সদস্য় হিচাপে ব্য়ক্তিৰ আচৰণ প্ৰণালীকে বুজায়।


২। প্রয়ােজনৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ প্ৰয়োজনৰ বৈশিষ্ট্যসমূহ হল-

১) প্ৰাণী মাত্ৰেই সকলোৱে বিভিন্ন পৰিবেশত দৈহিক প্ৰয়োজন অনুভৱ কৰে।

২) দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণৰ ফলত দেহ-যন্ত্ৰই প্ৰয়োজন অনুভৱ কৰে।

৩) দেহ আৰু মনত হোৱা ৰাসায়নিক পৰিৱৰ্তনৰ ফলত প্ৰয়োজনৰ সৃষ্টি হয়।

৪) প্ৰয়োজনে জীৱৰ দেহত এক অস্বস্তিৰ ভাৱ সৃষ্টি কৰে।

৫) জীৱৰ প্ৰাণ ৰক্ষাৰ বাবে দৈহিক বা জৈৱিক প্ৰয়োজন পূৰণ কৰিব লাগে।


৩। প্ৰেৰণা কি ? প্ৰেৰণাৰ শৈক্ষিক তাৎপর্য নির্ণয় কৰা । 

উত্তৰঃ আমাৰ দৈহিক আৰু মানসিক প্ৰয়োজন পূৰাবৰ বাবে মনত যি অদম্য় গতিশীল আৰু কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি হয় তাকেই মনোবৈজ্ঞানিকসকলে প্ৰেৰণা আখ্য়া দিছে । ই প্ৰাণীৰ ভিতৰত থকা এক আভ্য়ন্তৰীণ প্ৰষ্টেতা । প্ৰেৰণাই আমাক জৈৱিক আৰু মানসিক দাবী পূৰণ কৰিব বাবে এক অস্তনিৰ্হিত শক্তি যোগান ধৰি কাৰ্যত প্ৰবৃত্তি কৰে। সেয়েহে প্ৰয়োজন তাড়নাত সৃষ্টি হোৱা ক্ৰিয়া প্ৰৱণ আৰু গতিশীল মানসিক অৱস্থাকে প্ৰেৰণা বুলি কোৱা হয়।

প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্যঃ

প্ৰেৰণাৰ যথেষ্ট শৈক্ষিক তাৎপৰ্য আছে। আমি শিক্ষা লাভ কৰিৱলৈ পোৱা উদ্য়মুখিনিয়ে হ'ল প্ৰেৰণা । প্ৰেৰণাই কাম - কাজ নিয়াৰি তথা সুচাৰুভাৱে সম্পাদনা কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগাই। শিক্ষাৰ জৰিয়তে শিশুৰসকলৰ জৈৱিক প্ৰেৰণা গতানুগতিক অৱস্থাৰ পৰা উন্নত পৰ্যায়লৈ নিব পাৰি। এজন শিক্ষালাভ কৰা আৰু আন এজন শিক্ষালাভ নকৰা ব্য়ক্তিৰ মাজত নিহিত থকা ক্ষুধা, তৃষ্ণা,যৌন প্ৰৱণতা একে ধৰণৰ যদিও ইয়াৰ প্ৰকাশৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয় । এই ভিন্নতা কাৰণ হ'ল শিক্ষাৰ ফলত ব্য়ক্তিয়ে সমাজৰ স্ৱীকৃতভাৱে নিজৰ জৈৱিক প্ৰেৰণাসমূহ প্ৰকাশ কৰিব সক্ষম হৈছিল।


৪। অভিপ্রায় কাক বােলে ? 

উত্তৰঃ কোনো কাৰ্যৰ লক্ষ্যত উপনীত হবৰ বাবে মনক সক্ৰিয় কৰি তোলা পৰিস্থিতিয়েই হৈছে অভিপ্ৰায়।

৫। অভিপ্রায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ অভিপ্রায়ৰ দুটা বৈশিষ্ট্য হল-

১) অভিপ্ৰায় এক উদ্দেশ্যমূলক আৰু শিক্ষামূলক কাৰ্য।

২) অভিপ্ৰায় ব্যক্তিৰ সচেতন মনত সৃষ্ট এক কাৰ্য।


৬। ছাত্র - ছাত্ৰীৰ মনত শিক্ষাৰ বাবে কিদৰে অভিপ্রায় সৃষ্টি কৰিব পাৰি ?।

উত্তৰঃ শিক্ষাৰ এক গুৰুত্ৱপূৰ্ণ অংশ হৈছে অভিপ্ৰায়। শিক্ষণীয় লক্ষ্য়ত উপনীত হ'বলৈ হ'লে ছাত্ৰ-ছাত্ৰীৰ মাজত অভিপ্ৰায় সৃষ্টি কৰাটো প্ৰয়োজন। ছাত্ৰ- ছাত্ৰীৰ মনত শিক্ষাৰ বাবে অভিপ্ৰায় সৃষ্টি কৰিবলৈ শিক্ষাক্ষেত্ৰত অভিপ্ৰায় বিভিন্ন ধৰণেৰে সহায় কৰে যেনেঃ- 

১। মানৱ আচৰণৰ বাবে অভিপ্ৰায় হ'ল প্ৰাৰোচকস্ৱৰূপ।

২। অভিপ্ৰায়ে ছাত্ৰ-ছাত্ৰীক শিক্ষা-অভিজ্ঞতা আহৰণৰ বাবে উদ্দেশ্য় সচেতন কৰি তোলে।

৩। শিক্ষাকাৰ্যৰ প্ৰতি ছাত্ৰ- ছাত্ৰীসকলক আগ্ৰহী কৰি তোলাত অভিপ্ৰায়ে প্ৰধান ভূমিকা গ্ৰহণ কৰে। 

৪। অভিপ্ৰায়ে শিক্ষা প্ৰক্ৰিয়াক অধিক বাস্তৱমুখী আৰু সক্ৰীয় কৰি তোলে ।

৫। অভিপ্ৰায়ে শ্ৰেণীকোটাৰ এঘেয়ামী পৰিৱেশ আঁতৰাই মনোগ্ৰাহী কৰি তোলে। 

৬। অভিপ্ৰায়ে শিক্ষণীয় পৰিৱেশ অধিক কাৰ্যক্ষম আৰু আকৰ্ষণীয় কৰি তোলে। 

৭। প্রবৃত্তি কি ? 

উত্তৰঃ প্ৰবৃত্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Instinct'। এই 'Instinct' শব্দটো লেটিন ভাষাৰ 'Instinctus' শব্দটোৰ পৰা আহিছে। আৰু ইয়াৰ অৰ্থ হৈছে 'তাড়না'। প্ৰবৃত্তিসমূহক  জন্মগত ভাৱে লাভ কৰা জৈৱিক প্ৰৱণতাও বুতিব পাৰি। কোনো পূৰ্ব অভিজ্ঞতা  বা শিক্ষা নোহোৱাকৈ এইদৰে পৰিবেশৰ লগত খাপ খুৱাই জীয়াই থকাৰ মৌলিক প্ৰতিক্ৰিয়াকে প্ৰবৃত্তি বুলিব পাৰি। 

৮। প্রবৃত্তিৰ চাৰিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ প্রবৃত্তিৰ চাৰিটা বৈশিষ্ট্য হৈছে-  

১) প্ৰবৃত্তি শিক্ষাবিহীন বা অনাৰ্জিত- প্ৰবৃত্তিসমূহ জীৱই উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে। শিক্ষা-দীক্ষা বা কোনো ধৰণৰ অনুশীলনৰ ফল নহয়। জীৱই খাদ্য সংগ্ৰহ কৰে, সা-সম্পত্তি গোটায়, চৰাইয়ে বাহ সাজে আদি কাৰ্যসমূহ স্বাভাৱিক প্ৰেৰণাত কৰে।

২) প্ৰবৃত্তি উদ্দেশ্যধৰ্মী- প্ৰত্যেক প্ৰবৃত্তিৰ লগত কোনো এক উদ্দেশ্য নিহিত হয় থাকে। যেনে- পলায়ন প্ৰবৃত্তিৰ লগত নিজকে ৰক্ষা কৰাৰ উদ্দেশ্য লুকাই থাকে। এনে জৈৱিক তাড়নাৰ বাবে কোনো কাৰ্যত লিপ্ত হয়।

৩) প্ৰবৃত্তি প্ৰাণীৰ জীৱন ৰক্ষাৰ সহায়ক- প্ৰবৃত্তিসমূহে ঘাইকৈ আত্মৰক্ষাত সহায় কৰে। যেনে- ভোক লাগিলে খাদ্য অন্বেষণ কৰা হয়। ই জীৱন ৰক্ষাৰ বাবে অতি প্ৰয়োজনীয়।

৪) প্ৰবৃত্তিৰ সমতা- জন্মগতভাৱে লাভ কৰা প্ৰবৃত্তিসমূহৰ প্ৰভাৱত সকলো জীৱ-জন্তুৱে একে ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। সেয়ে এনে ধৰণৰ আচৰণ যান্ত্ৰিক ধৰণৰ হয়। 

৯। শিক্ষাৰ বাবে প্রয়ােজনীয় কেইটামান প্রবৃত্তিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ শিক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান প্ৰবৃত্তিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল-- 

উল্লেখ কৰা প্ৰবৃত্তিসমূহৰ ভিতৰত কেইটামান প্ৰবৃত্তি শিক্ষাগত দিশৰ পৰা অতি গুৰুত্ৱপূৰ্ণ যেনে-- কৌতূহল প্ৰবৃত্তিৰ বাবে শিশুৱে নজনা কথা জানিবলৈ আৰু নেদেখা বস্তু দেখিবলৈ ইচ্ছা প্ৰকাশ কৰে।এই কৌতূহল প্ৰবৃত্তিৰ সহায়ত জ্ঞান অভিজ্ঞতা আহৰণ কৰিব পাৰি।

আত্ম-প্ৰতিষ্ঠা প্ৰবৃত্তিৰ সহায়ত ব্য়ক্তিয়ে নিজৰ অস্তিত্ৱ বজাই সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। স্কুলৰ নানাধৰণৰ সহ- পাঠ্য়ক্ৰমৰ কাৰ্য্য়াৱলীৰ দ্ৱাৰা এই প্ৰবৃত্তি পূৰণ কৰিব পাৰি।

যুথ প্ৰবৃত্তি শিশুৰ জীৱনত বৰ দৰকাৰী। এই প্ৰবৃত্তিয়ে দলবদ্ধভাৱে থাকি সমাজৰ হিত সাধন আৰু সুনাগৰিক হোৱাত যথেষ্ট সহায় কৰে।

সংগ্ৰহ প্ৰবৃত্তিৰ বাবে সকলোৱে নিজৰ বাবে বস্তু সংগ্ৰহ কৰিবলৈ বিচাৰে। কেতিয়াবা এই প্ৰবৃত্তিৰ বাবে শিশু চুৰি কাৰ্য্য়তো লিপ্ত হয়। যদি সুস্থভাৱে গঢ় দিয়ে এই প্ৰবৃত্তিৰ দ্ৱাৰা পুৰণি বাতৰি কাকত, ডাক টিকট আদি সংৰক্ষণ কৰিব পাৰি আৰু ই ব্য়ক্তি তথা সমাজৰ বাবে উপকাৰী হয়।

সংগঠন প্ৰবৃত্তিৰ শিশুৰ মাজত বেছিকৈ পৰিলক্ষত হয়। ইয়াৰ বাবে শিশুৱে মাটিৰ টুকুৰা, কাঠৰ টুকুৰা, কাগজৰ টুকুৰা আদি সজাই খেলিবলৈ ভাল পায়। আৰু হাস্য় প্ৰবৃত্তিৰ মাজেৰে মানুহে নিজৰ দুখ- বেদনা পাহৰি আনন্দেৰে জীয়াই থাকিবলৈ বিচাৰে।

১০। মেকডুগলে উল্লেখ কৰা যিকোনাে পাঁচটা প্রবৃত্তিৰ নাম উল্লেখ কৰা । 

উত্তৰঃ মেকডুগলে উল্লেখ কৰা যিকোনো পাঁচটা প্ৰবৃত্তিৰ নাম হ'ল-- 

১। পলায়ন।

২। যুযুৎসা প্ৰবৃত্তি।

৩। নিবাৰণ বা অপকৰ্ষণ।

৪। বাৎসল্য়।

৫। সংগম।

১১। প্রবৃত্তিৰ পৰিশােধন কৰিব পাৰিনে ? প্রবৃত্তি পৰিশােধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰঃ মনোবৈজ্ঞানিকসকলৰ মতে বিভিন্ন প্ৰক্ৰিয়াৰে প্ৰবৃত্তিৰ পৰিশোধন কৰিব পাৰি। প্ৰবৃত্তি পৰিশোধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ হৈছে-- 

১। আনন্দ আৰু বেদনাৰ প্ৰয়োগঃ যিবোৰ প্ৰবৃত্তিৰ ফল সাধাৰণতে সুখদায়ক আৰু আনন্দদায়ক হয় তেনেবোৰ প্ৰবৃত্তিমূলক আচৰণ জীৱই পুনৰাবৃত্তি কৰিবলৈ বিচাৰে। আনহাতে যিবোৰ প্ৰবৃত্তিমূলক ক্ৰিয়াৰ পৰিণতি দুখদায়ক হয় তেনে ক্ৰিয়া পুনৰবাৰ কৰিবলৈ নিবিচাৰে

২। কাৰ্য্য়ৰ অব্য়ৱহাৰঃ অব্য়ৱহাৰ পদ্ধতিৰ দ্ৱাৰা আমাৰ অনিষ্টকাৰী প্ৰবৃত্তিৰ প্ৰভাৱ আঁতৰাব পাৰি। উদাহৰণ স্ৱৰূপে বন্য় জীৱ- জন্তুসমূহৰ বন্য় আচৰণ অব্য়ৱহাৰৰ দ্ৱাৰা উন্নত কৰিব পাৰি। যেনে -- জীৱ - জন্তুৰ আতৰণ নতুন ৰূপত প্ৰকাশ পায়। সেইদৰে অসুস্থ পৰিবেশত থাকি কোনো ব্য়ক্তি চুৰি কাৰ্যত লিপ্ত হয়।  উন্নত পৰিবেশত তেনে প্ৰবৃত্তি কাৰ্যকৰী কৰিবলৈ সুবিধা নাপায়। ফলত তেনে অবাঞ্ছনীয় প্ৰবৃত্তিৰ সংশোধন হয়।

৩। অৱদমনঃ কোনো প্ৰবৃত্তিৰ প্ৰকাশত বাধা দিয়াকে অৱদমন বোলা হয়। প্ৰবৃত্তিসমূহক চেতন মনৰ পৰা অচেতন মনলৈ জোৰকৈ ঠেলি দিয়া হয়। অৰ্থাৎ অৱদমন কৰা হয়। চেতন মনক ৰক্ষা কৰিব পাৰিলেও ইয়াক প্ৰবৃত্তি সংশোধনৰ সুস্থ ব্য়ৱস্থা বুলিব নোৱাৰি। ই পিছত মানসিক সমস্য়াৰ সৃষ্টি কৰিব পাৰে।

৪। প্ৰতিস্থাপনঃ কোনো প্ৰবৃত্তিৰ স্ৱাভাৱিক পূৰণত ব্য়ৰ্থ হৈ তেনে প্ৰবৃত্তি পূৰণৰ বাবে আন বিকল্প ব্য়ৱস্থা গ্ৰহণ কৰাকে প্ৰবৃত্তিৰ প্ৰতিস্থাপন বোলা হয়। ইয়াৰ দ্ৱাৰা প্ৰবৃত্তিক পৰোক্ষভাৱে পূৰণ কৰিব পৰা যায়। ইয়াৰ যোগেদি প্ৰবৃত্তিক অসুস্থ প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰি।

৫। পূৰ্ণ স্ৱাধীনতা প্ৰয়োগঃ এক বাধাহীন মুক্ত পৰিবেশ সৃষ্টি কৰিব পাৰিলে আমাৰ সহজাত প্ৰবৃত্তিসমূহৰ সংশোধন কৰিব পৰা যায়। জন্মগত প্ৰবৃত্তিসমূহক জোৰ কৰি দমন কৰিব নোৱাৰি। অৱশ্য়ে কিছুমান শিক্ষা মনোবিজ্ঞানীয়ে শিশুৰ ক্ষেত্ৰত মুক্ত স্ৱাধীনতাৰ বিৰোধিতা কৰিছে। এইসকলৰ মতে পূৰ্ণ স্ৱাধীনতাই শিশুৰ ব্য়ক্তিত্ৱ গঠনত বাধাৰ সৃষ্টি কৰে।

১২। আৱেগৰ সংজ্ঞা দিয়া ।

উত্তৰঃ আৱেগ সংজ্ঞা বিভিন্ন মনোবিজ্ঞানীসকলে আৱেগ সম্ৱন্ধে বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। বিখ্য়াত মনোবিজ্ঞানী উডৱৰ্থৰ মতে --'আৱেগ হৈছে ব্য়ক্তিক সঞ্চালিত অথবা আন্দোলিত  কৰা অৱস্থা'।

১। গট্চৰ ( Gates) মতে -- 'আৱেগ হ'ল এটা প্ৰয়াস য'ত ব্য়ক্তি সঞ্চালিত বা উত্তেজিত হয়।

২। মনোবিদ মেকডুগেলৰ মতে--- 'আৱেগিক হ'ল মানসিক উত্তেজনা ভৰা আৰু বাহ্য়িক প্ৰকাশ থকা এক প্ৰকাৰ অমাৰ্জিত আচৰণ।

৩। আচৰণবাদী মনোবৈজ্ঞানিক ৱাটচনে (Watson) দৈহিক আৱেগক অভিন্ন বুলি মত পোষণ কৰিছিল। তেওঁৰ মতে, 'আৱেগ হ'ল  বংশগত প্ৰতিক্ৰিয়া যাৰ লগত সমগ্ৰ দেহ- যন্ত্ৰৰ বিশেষকৈ অভ্য়ন্তৰৰ আৰু গ্ৰন্থিতন্ত্ৰৰ গভীৰ পৰিৱৰ্তন সংযুক্ত হৈ আছে। 

১৩। আৱেগৰ যিকোনাে চাৰিটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ আৱেগৰ যিকোনাে চাৰিটা বৈশিষ্ট্য হল-

১) আৱেগক ঘাইকৈ দুটা বহল ভাগত ভগাব পাৰি, প্ৰীতিকৰ আৰু অপ্ৰীতিকৰ।

২) আৱেগে ব্যক্তিৰ স্বাভাৱিক কৰ্মদক্ষতা বাধা জন্মায়।

৩) আৱেগত ব্যক্তিৰ দেহ-মন উভয়েই জড়িত হয়।

৪) দেহৰ অভ্যন্তৰ ভাগৰ যন্ত্ৰসমূহৰ ওপৰত আৱেগৰ প্ৰভাৱ পৰিলক্ষিত হয়।

১৪। অভ্যাসৰ স্বৰূপ ব্যাখ্যা কৰা । 0.

উত্তৰঃ অভ্য়াস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Habit'। এই শব্দটো লেটিন ভাষাৰ 'habitus' শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে 'Condition' অৰ্থাৎ 'অৱস্থা'। অভ্য়াসৰ বৈশিষ্ট্য়,প্ৰকৃতি বা স্ৱৰূপে বিষয়ে বৰ্ণনা কৰিবলৈ গ'লে ইয়াৰ কিছুমান বিশেষ লক্ষণ চকুত পৰে। আৰু সেই লক্ষণসমূহ হৈছে--

১। অভ্য়াস হ'ল এক যান্ত্ৰিক বা স্ৱয়ংক্ৰিয় প্ৰক্ৰিয়া।

২। অভ্য়াস কোনো এটা কাম বহুতবাৰ একেৰাহে কৰাৰ পিছতহে আৰ্জিত হয়।

৩। অভ্য়াসলব্ধ কাম মনোযোগ বা ইচ্ছাশক্তিৰ প্ৰয়োজন নোহোৱাকৈ আমি কম সময়ৰ ভিতৰতে  সম্পন্ন হয়।

৪। অভ্য়াস একে পৰিস্থিতি  বা পৰিবেশৰ আধাৰত সম্পন্ন হয়।

৫। অভ্য়াস কৰ্মৰ একতাৰ ওপৰত নিৰ্ভৰশীল। 

১৫ । অভ্যাসক দ্বিতীয় প্রকৃতি কিয় বােলা হয় ? 

উত্তৰঃ অভ্য়াস হ'ল এক স্ৱয়ংক্ৰিয় আৰু যান্ত্ৰিক প্ৰক্ৰিয়া। একেটা কাম বাৰে বাৰে কৰাৰ ফলত অভ্য়াসত পৰিণত হয়। অভ্য়াসক 'মানুহৰ দ্ৱিতীয় প্ৰকৃতি' বুলিব পাৰি। সু-অভ্য়াস গঠনৰ দ্ৱাৰা শিক্ষা অৰ্থপূৰ্ণ আৰু সফল হৈ পৰে। 

১৬। অভ্যাস কিদৰে গঠন আৰু ভংগ কৰিব পাৰি উদাহৰণ দি বুজাই লিখা ।

উত্তৰঃ সু- অভ্য়াস গঠন কৰা যিমান কঠিন তেনেকৈ কু- অভ্য়াস আঁতৰ কৰাটো সমানেই কঠিন। সু-অভ্য়াস গঠন আৰু কু-অভ্য়াস আঁতৰ কৰাৰ ক্ষেত্ৰত পৰিয়াল আৰু শিক্ষকসকলে গুৰুত্ৱপূৰ্ণ ভূমিকা গ্ৰহন কৰে। শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষাৰ্থীৰ  কিছুমান কামৰ বাবে অভ্য়াস গঠন কৰা অতি প্ৰয়োজন। তলত অভ্য়াস কিদৰে গঠন কৰিব পাৰি এই বিষয়ে আনোচনা কৰা হ'ল- 

১। অভ্য়াস গঠনৰ ক্ষেত্ৰত শিশুক উৎসাহ, প্ৰৰণা যোগাব লাগে।

২। গৃহ আৰু বিদ্য়ালয়ত সুস্থ, আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিলে অভ্য়াস গঠনত সহায় কৰে।

৩। শৈশৱ কাল হ'ল অভ্য়াস গঠনৰ প্ৰকৃত সময়।এই সময়ত ভাল অভ্য়াস গঠন কৰিব লাগে।

৪। অভ্য়াস কৰি থকা অৱস্থাত কেতিয়াও কামটো ব্য়তিক্ৰম হ'বলৈ দিব নালাগে। এবাৰ যতি পৰিলে আভ্য়াস গঠনত বাধা আহি পৰে।

৫। অনুশীলন হ'ল অভ্য়াস গঠনৰ বাবে অপৰিহাৰ্য। বাৰে বাৰে কৰি থাকিলে অভ্য়াস গঠন সহজ সাধ্য় হৈ পৰে।

৬। অভ্য়াস সময়মতে আৰু প্ৰথম সুযোগতে গঢ়ি তোলা দৰকাৰ। আজি সংকল্পবদ্ধ হ'লে আজিয়েই এই কাম কৰিব লাগে।

৭। সু - অভ্য়াস গঠনৰ বাবে মানসিক সংকল্প আৰু প্ৰস্তুতিৰ প্ৰয়োজন। দৃঢ় সংকল্প গ্ৰহণ কৰিব পাৰিলে কঠিন কামো সহজ হৈ পৰে।

১৭। প্রতিবর্ত ক্রিয়া আৰু প্রবৃত্তিৰ দুটা পার্থক্য উল্লেখ কৰা ।

 উত্তৰঃ প্রতিবর্ত ক্রিয়া আৰু প্রবৃত্তিৰ দুটা পার্থক্য হল-

১) প্ৰতিবৰ্ত আচৰণ মেৰুমজ্জাৰ দ্বাৰা পৰিচালিত হয়। কিন্তু প্ৰবৃত্তিগত আচৰণ মস্তিষ্কৰ দ্বাৰা পৰিচালিত হয়।

২) প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ অতি ক্ষণস্থায়ী। কিন্তু প্ৰবৃত্তিগত আচৰণে জীৱদেহত দীৰ্ঘস্থায়ী প্ৰভাৱ বিস্তাৰ কৰে।


১৮। চমুটোকা লিখাঃ 

(ক) জৈৱিক প্রয়ােজন 

উত্তৰঃ জৈৱিক প্ৰয়োজন হৈছে এই ক্ষেত্ৰত প্ৰথমে শিশুৰ দৈহিক বা জৈৱিক প্ৰয়োজনসমূহৰ কথা উল্লেখ কৰিব পাৰি । জীয়াই থাকিব বাবে বায়ু, পানী , খাদ্য় আদিয়েই হ'ল জৈৱিক প্ৰয়োজন। এনে প্ৰয়োজনসমূহ যাতে সঠিকভাৱে পূৰণ হয় তাৰ প্ৰতি সজাগ হোৱা হোৱা উচিত। শিশুৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্য়, পৰিষ্কাৰ পানী, নীৰ্মল বায়ু অতি দৰকাৰ।দৈহিক বিকাশৰ বাবে জিৰণিৰো প্ৰয়োজন।

(খ) উন্নীত কৰণ

উত্তৰঃ উন্নতকৰণ হৈছে অসুস্থ প্ৰবৃত্তিৰ প্ৰভাৱৰ পৰা হাত সাৰৰ আৰু প্ৰবৃত্তিৰ সংশোধনৰ বাবে আটাইতকৈ উন্নত আৰু উপযুক্ত ব্য়ৱস্থাকে প্ৰবৃত্তিৰ উন্নীতকৰণ বোলা হয়। আৰু শিক্ষা মনোবিজ্ঞানী ৰছ (Ross)-ৰ মতে উন্নতকৰণ হৈছে এটা শব্দ যাৰ ব্য়ৱহাৰৰ যোগেদি প্ৰবৃত্তিক আদিম জৈৱিক উদ্দেশ্য়ৰ পৰা সামাজিক আৰু ব্য়ক্তিগতভাৱে উচ্চস্তৰলৈ উন্নীতি কৰি পুনৰ নিয়োগ  কৰিব পাৰি।

(গ) প্রতিবর্ত ক্রিয়া 

উত্তৰঃ প্ৰবৃত্তিসমূহৰ লগত সামঞ্জস্য় থকা এ ক প্ৰকাৰৰ জন্মগত ক্ষমতাক প্ৰতিবৰ্ত ক্ৰিয়া (Reflex Action) হয়। এ নে ধৰনৰ প্ৰবিৰ্ত ক্ৰিয়াসমূহ প্ৰবৃত্তিৰ দৰে একে যেন লাগিলেও প্ৰকৃততে এই  ক্ৰিয়াৰ মাজত পাৰ্থক্য় পৰিলক্ষিত হয়। উদাহৰণ স্ৱৰূপে-- চকু পিৰিকিওৱা, হাঁচিওৱা, কাহ মৰা ইত্য়াদি প্ৰতিবৰ্ত ক্ৰিয়াৰ ভিতৰত পৰে। এনেবোৰ ক্ৰিয়া সম্পূৰ্ণ দৈহিক কাৰণত সম্পন্ন কৰা হয়। মনৰ ওপৰত ইয়াৰ কোনোধৰণৰ প্ৰভাৱ নাথাকে।

(ঘ) প্রবৃত্তিৰ পৰিশােধন 

উত্তৰঃ জন্মসূত্ৰে লাভ কৰা প্ৰবৃত্তিসমূহেই হৈছে প্ৰত্য়েক জীৱৰ জীয়াই থকাৰ মূল চালিকা শক্তি।  ইয়াক জীৱনৰ প্ৰকৃত মূলধন বুলিবও পাৰি। বিশেষকৈ মানৱ শশু সুদীৰ্ঘ দিন ধৰি পৰনিৰ্ভৰশীল হোৱাৰ বাবে জন্মগত প্ৰবৃত্তিবোৰ শিক্ষাৰ দ্ৱাৰা সংশোধন কৰাৰ বাবে অধিক সুবিধা পায়। উপযুক্ত শিক্ষাৰ দ্ৱাৰা বাঞ্ছিত প্ৰবৃত্তিৰ উন্নয়নৰ লগতে অবাঞ্ছিত প্ৰবৃত্তি দূৰ কৰিব পাৰি। জন্মগত প্ৰবৃত্তিসমূহক পৰিবেশৰ বিভিন্ন অৱস্থাৰ লগত খাপ খাব পৰাকৈ নতুন ৰূপত বিকশাই তোলাকে প্ৰবৃত্তিৰ সংশোধন বুলি কোৱা হয়।

(ঙ) প্রয়ােজন 

উত্তৰঃ প্ৰয়োজন হৈছে জীৱ মাত্ৰই জীয়াই থাকিবলৈ অহৰহ চেষ্টা কৰে । অৰ্থাৎ নিজৰ বিভিন্ন প্ৰয়োজন পূৰণৰ বাবে মানুহে বিভিন্ন ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। অবিৰতভাৱে দৈহিক আচৰণ প্ৰদৰ্শন কৰাৰ ফলত আমাৰ দেহ-যন্তত কিছু অভাৱ পৰিলক্ষিত হয় যাৰ ফলত জীৱই কোনো বিশেষ প্ৰয়োজন অনুভৱ কৰে । সেয়ে প্ৰয়োজন বুলিলে দৈহিক অভাৱ বুজায়। বিখ্য়াত মনোবিজ্ঞানীৰ ক্লউজামেইয়াৰে প্ৰয়োজন সম্পৰ্কে এই বুলি মত প্ৰকাশ কৰিছে যে ''প্ৰয়োজন জীৱৰ এনে এক শাৰীক আৰু মানসিক আয়স্থা যাৰ উপস্থিতিত জীৱেই এক বিশেষ কৰ্ম প্ৰৱণতা অনুভৱ কৰে।

(চ) প্ৰেৰণা 

উত্তৰঃ প্ৰেৰণা হৈছে আমাৰ দৈহিক আৰু মানসিক প্ৰয়োজন পূৰণৰ বাবে মনত যি অদম্য় গতিশীল আৰু কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি হয় তাকেই প্ৰেৰণা আখ্য়া দিছে। ই প্ৰাণীৰ ভিতৰত থকা এক আভ্য়ন্তৰীণ প্ৰষ্টেতা। প্ৰৰণাই আমাক জৈৱিক আৰু মানসি দাবী পূৰণ কৰিব বাবে এক অস্তনিৰ্হিত শক্তি যোগান ধৰি কাৰ্যত প্ৰবৃত্তি কৰে। সেয়েহে প্ৰয়োজন তাড়নাত সৃষ্টি হোৱা ক্ৰিয়া প্ৰৱণ আৰু গতিশীত মানসিক অৱস্থাকে প্ৰৰণা বুলি কোৱা হয়।

(ছ) অভিপ্রায়

উত্তৰঃ অভিপ্ৰায়ৰ ইংৰাজী প্ৰতিশব্দ 'Motive'ৰ আভিধানিক অৰ্থ হ'ল 'ক্ৰিয়াৰ প্ৰতি আমাক উদ্য়ত কৰা। কোনো কাৰ্যৰ লক্ষ্য়ত উপনীত হ'বৰ বাবে মনক সক্ৰিয় কৰি তোলা পৰিস্থিতিয়ে হৈছে অভিপ্ৰায়। অভিপ্ৰায়ৰ মূল উৎস হ'ল ব্য়ক্তিয়ে পৰিৱেশৰ পৰা লাভ কৰা ইন্দিয় অনুভূতি । এজন ব্য়ক্তিয়ে বাহ্য়িকভাৱে যিবোৰ ক্ৰিয়া আচৰণ সম্পাদিত কৰে তাৰ পৰিচালক বা নিয়ন্ত্ৰক হ'ল অভিপ্ৰায়। অভিপ্ৰায়ৰ সংজ্ঞা প্ৰদান কৰি ক'ব পাৰি যে 'যি অভ্য়ন্তৰীণ অৱস্থাই কোনো নিৰ্দিষ্ট লক্ষ্য়ৰ প্ৰতি প্ৰাণীক কাম কৰোৱায়, সেই অৱস্থাকে অভিপ্ৰায় বুলি কোৱা হয়।

 (জ) অভ্যাস গঠন 

উত্তৰঃ ওপৰৰ ১৬ নম্ৱৰ প্ৰশ্ন উত্তৰৰ চোৱা।

(ঝ) অভ্যাসৰ শিক্ষাগত মূল্য

উত্তৰঃ ঘৰখনেই হ'ল শিশুৰ প্ৰথম শিক্ষানুষ্ঠান। শিশুসকল স্ৱাভাৱিকতে অনুকৰণপ্ৰিয় হয়। ঘৰুৱা পৰিৱেশত সোনকালে শুই উঠা, পঢ়া-শুনা কৰা, পৰিষ্কাৰ - পৰিচ্ছন্নভাৱে থকা, খেলা - ধূলা কৰা, ডাঙৰৰৰ বাধ্য় হোৱা আদি বিভিন্ন অভ্য়াস গঠনত গুৰুত্ৱ দিব লাগে। আৰু নৈতিক চৰিত্ৰ বিকাশৰ বাবে প্ৰৰ্থনা কৰা, দুখীয়াৰ প্ৰতি সহানুভূতিশীল হোৱা, জীৱ - জন্তুক মৰম কৰা আদি অভ্য়াসত পৰিণত কৰিবলৈ শিশুক উৎসাহ দিব লাগে। শিশুৰ অভ্য়াস গঠনত শিক্ষকসকলে অপৰিসীম  প্ৰভাৱ পেলাই। শিক্ষাৰ্থী জীৱনতে শিশুৱে নিজৰ প্ৰয়োজনীয় অভ্য়াস গঠন আৰু কু - আদৰ্শও পৰিহাৰ কৰিব পাৰে। সেই বিষয়ে শিক্ষকসকল সাৱধান হোৱা উচিত।

(ঞ) যুথ প্রবৃত্তি 

উত্তৰঃ যুথ প্ৰবৃত্তি শিশুৰ জীৱনত বৰ দৰকাৰী। এই প্ৰবৃত্তিয়ে দলবদ্ধভাৱে থাকি সমাজৰ হিত সাধন কৰাত সহায় কৰে । সুনাগৰিক হোৱাত এই প্ৰবৃত্তিয়ে যথেষ্ট সহায় কৰে

১৯। খালী ঠাই পূৰণ কৰাঃ 

(ক) প্রয়ােজনক ঘাইকৈ_____- ভাগত ভাগ কৰিব পাৰি । 

উত্তৰঃ দুটা ভাগত।

(খ) ইংৰাজী প্রতিশব্দ Instinct - _____ভাষাৰ পৰা আহিছে । 

উত্তৰঃ 'Instinctus' আহিছে।

(গ) _____- হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলিত কৰা অৱস্থা ।

উত্তৰঃ আৱেগ।

 (ঘ) লেটিন ভাষাৰ  ____শব্দৰ পৰা Habit শব্দটো অনা হৈছে । 

উত্তৰঃ 'habitus' শব্দৰ পৰা।

(ঙ) অভ্যাস হৈছে এক______ কাৰ্য্য । 

উত্তৰঃ অভ্য়াস হৈছে এক কোনো কাম  নিশ্চত ৰূপত কৰা কাৰ্য।

(চ) অভ্যাস এক ________ স্বভাৱ ।

উত্তৰঃ নিয়মিত পুনৰাবৃত্তি

২০১৩-২০১৮ চনলৈ পৰীক্ষাত অহা প্ৰশ্নৰ নমুনাঃ 

2 0 1 3 

1. তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঃ 

(a) অভ্যাস বুলিলে কি বুজা ? 

উত্তৰঃ

2. তলত দিয়াবােৰৰ উত্তৰ লিখাঃ 

(a) সহজাত প্রবৃত্তিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ

3. যিকোনাে দুটাৰ উত্তৰ দিয়াঃ 

(a) সহজাত প্রবৃত্তি মানে কি ? মনােবিদসকলে সহজাত প্রবৃত্তিৰ সংশােধন সাধনৰ বাবে উল্লেখ কৰা কাৰকসমূহ লিখা ।

উত্তৰঃ

 2015 

1. যথাযথ উত্তৰ দিয়াঃ

(ক) প্রবৃত্তি বুলিলে তুমি কি বুজা ? 

উত্তৰঃ 

(খ) ‘ আৱেগ হ’ল ব্যক্তিৰ এক সঞ্চালিত অথবা আন্দোলিত অৱস্থা । কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ

2. তলৰ প্রশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) মানুহৰ প্রয়ােজনৰ দুটা বৈশিষ্ট্য লিখা ।

 উত্তৰঃ মানুহৰ প্রয়ােজনৰ দুটা বৈশিষ্ট্য হল-

১) প্ৰাণী মাত্ৰেই সকলোৱে বিভিন্ন পৰিবেশত দৈহিক প্ৰয়োজন অনুভৱ কৰে।

২) দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণৰ ফলত দেহ-যন্ত্ৰই প্ৰয়োজন অনুভৱ কৰে।


(খ) শৈশৱকালৰ দুটা মনাে - দৈহিক প্রয়ােজন উল্লেখ কৰা । 

উত্তৰঃ

(গ) আৱেগৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ আৱেগৰ দুটা বৈশিষ্ট্য হল-

১) আৱেগক ঘাইকৈ দুটা বহল ভাগত ভগাব পাৰি, প্ৰীতিকৰ আৰু অপ্ৰীতিকৰ।

২) আৱেগে ব্যক্তিৰ স্বাভাৱিক কৰ্মদক্ষতা বাধা জন্মায়।

3. তলৰ প্রশ্নসূমহৰ উত্তৰ লিখা

(ক) প্রবৃত্তি সংশােধনৰ চাৰিটা পদ্ধতি উল্লেখ কৰা |

উত্তৰঃ 

 2016

1. নির্দেশানুসাৰে যথাযথ উত্তৰ দিয়াঃ 

(ক) প্রয়ােজন হ’ল এক দৈহিক অভাৱ । ( শুদ্ধ নে অশুদ্ধ লিখা ) 

উত্তৰঃ

(খ) “ অভ্যাসক ———— প্রকৃতি বুলি কোৱা হয় । ( খালীঠাই পূৰণ কৰা ) 

উত্তৰঃ

(গ) প্রবৃত্তি এজন ব্যক্তিৰ আৰ্জিত গুণ । ( শুদ্ধনে অশুদ্ধ লিখা ) 

উত্তৰঃ

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ

(ক) আৱেগ কি ? আৱেগৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ

(খ) বেয়া অভ্যাস আঁতৰােৱাৰ চাৰিটা উপায় আলােচনা কৰা । 

উত্তৰঃ

 2017 

1. নির্দেশ অনুসৰি যথাযথ উত্তৰ দিয়াঃ

(ক) আৱেগ হ’ল মনৰ এক আন্দোলিত অৱস্থা । ( শুদ্ধ নে অশুদ্ধ লিখা ) 

উত্তৰঃ

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) প্রবৃত্তিৰ দুটা বৈশিষ্ট্য লিখা ।  

 উত্তৰঃ প্রবৃত্তিৰ দুটা বৈশিষ্ট্য হল-

১) প্ৰবৃত্তি শিক্ষাবিহীন বা অনাৰ্জিত- প্ৰবৃত্তিসমূহ জীৱই উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে। শিক্ষা-দীক্ষা বা কোনো ধৰণৰ অনুশীলনৰ ফল নহয়। জীৱই খাদ্য সংগ্ৰহ কৰে, সা-সম্পত্তি গোটায়, চৰাইয়ে বাহ সাজে আদি কাৰ্যসমূহ স্বাভাৱিক প্ৰেৰণাত কৰে।

২) প্ৰবৃত্তি উদ্দেশ্যধৰ্মী- প্ৰত্যেক প্ৰবৃত্তিৰ লগত কোনো এক উদ্দেশ্য নিহিত হয় থাকে। যেনে- পলায়ন প্ৰবৃত্তিৰ লগত নিজকে ৰক্ষা কৰাৰ উদ্দেশ্য লুকাই থাকে। এনে জৈৱিক তাড়নাৰ বাবে কোনো কাৰ্যত লিপ্ত হয়।

(খ) অভ্যাসৰ দুটা সুফল উল্লেখ কৰা ।

উত্তৰঃ

1. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ 

(ক) প্রবৃত্তি আৰু প্ৰতিবর্ত ক্রিয়াৰ মাজত থকা চাৰিটা পার্থক্য উল্লেখ কৰা ।

উত্তৰঃ প্রবৃত্তি আৰু প্ৰতিবর্ত ক্রিয়াৰ মাজত থকা চাৰিটা পার্থক্য হল-

১) প্ৰতিবৰ্ত আচৰণ মেৰুমজ্জাৰ দ্বাৰা পৰিচালিত হয়। প্ৰবৃত্তিমূলক আচৰণ মস্তিষ্কৰ দ্বাৰা পৰিচালিত হয়।

২) প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ অতি ক্ষণস্থায়ী। প্ৰবৃত্তিগত আচৰণে জীৱদেহত দীৰ্ঘস্থায়ী প্ৰভাৱ বিস্তাৰ কৰে।

৩) প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ গোটেই জীৱন জুৰি একে ধৰণে থাকে। বিকাশৰ বিভিন্ স্তৰত প্ৰবৃত্তিগত আচৰণৰ প্ৰভাৱ বিভিন্ন ধৰণৰ হয়।

৪) ব্যক্তিৰ চৰিত্ৰ বা ব্যক্তিত্বত প্ৰতিবৰ্ত ক্ৰিয়াৰ কোনো প্ৰভাৱ নাথাকে। প্ৰবৃত্তিগত প্ৰভাৱ ব্যক্তিৰ চৰিত্ৰ তথা ব্যক্তিত্ব উভয় দিশতে পৰিলক্ষিত হয়।


(খ) অভ্যাস গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

 2 0 1 8 

1. নির্দেশ অনুসৰি যথাযথ উত্তৰ দিয়াঃ 

(ক) প্রবৃত্তি কি ? 

উত্তৰঃ

(খ) মেকডুগেলৰ মতানুসৰি যুযুৎসা প্রবৃত্তিৰ লগত কোনটো আৱেগৰ সম্পর্ক আছে ? 

উত্তৰঃ

2. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) প্রবৃত্তি আৰু আৱেগৰ মাজত থকা দুটা পার্থক্য লিখা ।

উত্তৰঃ প্রবৃত্তি আৰু আৱেগৰ মাজত থকা দুটা পার্থক্য পাৰ্থক্য হল-

১) প্ৰবৃত্তিয়ে মানুহক কৰ্মপ্ৰেৰণা যোগায়। আৱেগে মানুহক ভাৱ বা অনুভূতিৰ প্ৰেৰণা যোগায়।

২) বাহ্য পৰিৱেশে ইয়াক জগাই তোলে। প্ৰবৃত্তিৰ প্ৰৱণতাই ইয়াক ব্যক্তি মনত সৃষ্টি কৰে।


(খ) প্রবৃত্তি পৰিশােধনৰ দুটা পদ্ধতি বা উপায় উল্লেখ কৰা ।

উত্তৰঃ প্রবৃত্তি পৰিশােধনৰ দুটা পদ্ধতি বা উপায় হল-

১) কাৰ্যৰ অব্যৱহাৰঃ অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা আমাৰ অনিষ্টকাৰী প্ৰবৃত্তিৰ প্ৰভাৱ আঁতৰাব পাৰি। অভ্যাসৰ দ্বাৰা বিভিন্ন পৰিবেশত প্ৰবৃত্তিসমূহৰ দ্বাৰা সমাজত হেয় প্ৰতিপন্ন হবলগীয়া হয়। অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা এনে অনিষ্টকাৰী প্ৰভাৱ আঁতৰাব পাৰি। উদাহৰণস্বৰূপে বন্য জীৱ-জন্তুসমূহৰ বন্য আচৰণ অব্যৱহাৰৰ দ্বাৰা উন্নীত কৰিব পাৰি।

২) প্ৰতিস্থাপনঃ কোনো প্ৰবৃত্তিৰ স্বাভাৱিক পূৰণত ব্যৰ্থ হৈ তেনে প্ৰবৃত্তি পূৰণৰ বাবে আন বিকল্প ব্যৱস্থা গ্ৰহণ কৰাকে প্ৰবৃত্তিৰ প্ৰতিস্থাপন বোলা হয়। ইয়াৰ দ্বাৰা প্ৰবৃতিক পৰোক্ষভাৱে পূৰণ কৰিব পৰা যায়। ইয়াৰ যোগেদি প্ৰবৃত্তিক অসুস্থ প্ৰভাৱৰ পৰা মুক্ত কৰিব পাৰি।


3. তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ

(ক) অভ্যাসক দ্বিতীয় প্রকৃতি ’ বুলি কিয় কোৱা হয় ?


Type- Arup



Post ID : DABP005976