ৰচনাধর্মী প্রশ্ন :
১। সংসদ কাক কয় ? আমাক এখন সংসদ কিয় লাগে যুক্তি দশোৱা ।
২। ভাৰতীয় সংসদৰ গঠন আৰু কার্যাৱলী আলােচনা কৰা । )
৩। লােকসভাৰ গঠন , ক্ষমতা আৰু কার্যাৱলী আলােচনা । )
৪। লােকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা ।
৫ | ৰাজ্যসভাৰ ক্ষমতা আৰু কার্যাৱলী আলােচনা ।
৬। আমাৰ দেশত দুখন সদনৰ প্ৰয়ােজন আছে নে ? কাৰণ দশোৱা ।
৭। আলােকে ভাবে যে এখন ৰাষ্ট্ৰত জনসাধাৰণৰ কল্যাণৰ বাবে চিন্তা কৰা সুদক্ষ চৰকাৰ এখন প্রয়ােজন । সেইবাবে অতি যদি প্রধানমন্ত্রী আৰু মন্ত্রীসকলক নির্বাচিত কৰি চৰকাৰৰ কাম তেওঁলােৰ হাতত অৰ্পণ কৰাে তেতিয়াহ'লে আমার বিধানমণ্ডলৰ প্ৰয়ােজন নহ'ব । এই বিষয়ত তুমি একমত নে ? তােমাৰ উত্তৰৰ বাবে যুক্তি দর্শোৱা ।
৮। কাৰ্যপালিকাক ৰাজ্যসভাতকৈ লােকসভাই কিয় বেছি ভালদৰে নিয়ন্ত্রণ কৰিব পাৰে ?
৯। সংসদে কি কি বিভিন্ন উপায়েৰে কাৰ্যপালিকাক নিয়ন্ত্রণ কৰিব পাৰে ?
১০। লােকসভা আৰু ৰাজ্যসভাৰ মাজৰ সম্পর্ক বিচাৰ । নাইবা , ভাৰতৰ সংসদৰ দুয়ােটা সদনৰ মাজৰ সম্পর্ক আলােচনা ।
১১। ভাৰতৰ সংসদৰ আইন প্রণয়ন পদ্ধতি বিশ্লেষণ কৰা । )
১২। ভাৰতীয় সংসদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষমতাটো কি ? ব্যাখ্যা কৰা ।
১৩। ভাৰতৰ সংসদত কি পদ্ধতিৰে সাধাৰণ বিধেয়ক গৃহীত হয় আলােচনা কৰা ।
১৪। অর্থবিল বুলিলে কি বুজা ? সংসদত কেনেদৰে অর্থবিল গৃহীত হয় ?
১৫। সংসদীয় কমিটি ব্যৱস্থাই সংসদৰ আইন প্রণয়নৰ তত্বাৱধান আৰু মূল্য নির্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় ?
১৬। সংসদত কমিটিৰ ভূমিকা আলােচনা কৰা ।
১৭। ভাৰতৰ সংসদৰ আইন প্রণয়নৰ প্ৰক্ৰিয়াটো আলােচনা কৰা ।
১৮। ভাৰতৰ সংসদে কেনেকৈ কাৰ্যপালিকাক নিয়ন্ত্রণ কৰে ব্যাখ্যা কৰা ।
চমু উত্তৰৰ প্ৰশ্ন ( Short answer questions ) :
১। ভাৰতীয় সংসদৰ চাৰিটা কার্য ব্যাখ্যা কৰা ।
২। ভাৰতৰ সংসদৰ গঠন প্রণালী সংক্ষেপে উল্লেখ কৰা ।
৩। সংসদে কাৰ্যপালিকাক নিয়ন্ত্রণ কৰাৰ চাৰিটা আহিলা বর্ণনা কৰা ।
৪। সংসদৰ প্ৰধান ক্ষমতা আৰু কার্যাবলী আলােচনা কৰা ।
৫। কেৱল লােকসভাই প্রয়ােগ কৰা যিকোনাে দুটা ক্ষমতা উল্লেখ কৰা ।
৬। এটা শ্ৰেণীত দ্বি - সদনীয় ব্যৱস্থাৰ গুণাগুণ সম্পর্কে বিতর্ক চলি আছে । আলােচনাত তলত উল্লেখ কৰা যুক্তিবােৰ আগবঢ়োৱা হৈছে । যুক্তিবােৰ পঢ়ি চোৱা আৰু সেইবােৰৰ লগত তুমি সহমত হয় নে নহয় কাৰণ দশোৱা ।
( ক ) বীণাই কৈছে যে দ্বি - সদনীয় বিধানমণ্ডলে কোনাে উদ্দেশ্য সাধন নকৰে ।
( খ ) হৰেণে যুক্তি দৰ্শাইছে যে দ্বিতীয় সদনলৈ বিশেষজ্ঞ মনােনীত হােৱা উচিত ।
( গ ) অশােকে কৈছে যে ৰাষ্ট্র এখন যুক্তৰাষ্ট্ৰীয় প্ৰকৃতিৰ নহ'লে দ্বিতীয় সদনৰ প্ৰয়ােজন নাই ।
৭। সংসদ অধিক কার্যকৰী কৰিবলৈ কেইটামান প্ৰভাৱ আগবঢ়োৱা হৈছে । তােমাৰ মতামত প্রত্যেকটোৰে ক্ষেত্ৰত কাৰণসহ উল্লেখ কৰা । এই পৰামৰ্শবােৰ গৃহীত হলে কি লাভ হ'ব ?
( ক ) সংসদে দীঘলীয়া সময়ৰ বাবে কাম কৰা উচিত ।
( খ ) সংসদ সদস্যসকলৰ উপস্থিতি বাধ্যতামূলক কৰিব লাগে ।
( গ ) সংসদৰ কাম - কাজত বাধা প্রদান কৰিলে সদস্যসকলক শাস্তি দিব পৰা ক্ষমতা অধ্যক্ষৰ থকা উচিত ।
৮। তলত উল্লেখ কৰা কোনটো বিবৃতিক তুমি আটাইতকৈ বেছি সমর্থন জনাবা ? কাৰণ দশোৱা ।
( ক ) বিধানমণ্ডলৰ সদস্যসকলে তেওঁলােকৰ ইচ্ছা অনুসৰি যিকোনাে দলত যােগদান কৰিব পাৰিব লাগে ।
( খ ) দলত্যাগ বিৰােধী আইনে দলীয় নেতাসকলক , বিধানমণ্ডলৰ সদস্যসকলক নিয়ন্ত্রণ ব্ৰাত সহায় কৰিছে ।
( গ ) দলত্যাগ সদায় স্বার্থ পূৰণৰ কাৰণেহে হয় আৰু সেইবাবে যিসকল বিধানমণ্ডলৰ সদস্যই আন দলত যােগদান কৰিব বিচাৰে তেওঁলােকক পিছৰ দুবছৰলৈ মন্ত্রী হােৱাৰ বাৰণ কৰিব লাগে ।
৯। এখন বিধেয়ক আইনত পৰিণত হােৱাৰ বিভিন্ন স্তৰসমূহ শুদ্ধ আৰু শৃংখলাবদ্ধভাৱে সজোৱা ।
( ক ) বিধেয়ক এখন আলােচনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
( খ ) বিধেয়কখন ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হৈছে , তেওঁ যদি স্বাক্ষৰ নকৰে কি হব লিখা ।
( গ ) বিধেয়কখন আনখন সদনলৈ পঠিওৱা হয় আৰু গৃহীত হয় ।
( ঘ ) যি সদনত বিলখন উত্থাপন কৰা হৈছিল তাত ই গৃহীত হৈছে ।
( ঙ ) বিধেয়কখনত দফাবােৰ এটা - এটাকৈ পাঠ কৰি ভােটগ্রহণৰ বাবে দিয়া হয় ।
( চ ) বিধেয়কখন উপ - কমিটিলৈ পঠিওৱা হয় কমিটিয়ে কিছু সংশােধন কৰি সদনলৈ আলােচনাৰ বাবে পঠিয়ায় ।
( ছ ) বিভাগীয় মন্ত্রীয়ে বিধেয়কখনৰ প্ৰয়ােজনীয়তাৰ বিষয়ে প্রস্তাব উত্থাপন কৰে ।
( জ ) আইন মন্ত্রণালয়ৰ আইন প্রণয়ন বিভাগে বিধেয়কৰ খচৰা প্রস্তুত কৰে ।
১০। সংসদৰ যিকোনাে দুটা কার্য আলােচনা কৰা ।
১১। ভাৰতৰ দ্বি - সদন থকা ৰাজ্যকেইখনৰ নাম লিখা ।
১২। ৰাজ্যসভাৰ বিশেষ ক্ষমতাসমূহ কি কি ?
১৩। সংসদীয় কার্যপালিকাক নিয়ন্ত্ৰণৰ আহিলাসমূহ উল্লেখ কৰা ।
১৪। ৰাজ্যসভাৰ ভূমিকা সম্পর্কে এটি টোকা প্রস্তুত কৰা ।
১৫। সংসদে নিজকে কেনেকৈ নিয়ন্ত্রণ কৰে ?
১৬। লােকসভাৰ সদস্য পদপ্রার্থীৰ যোগ্যতাবােৰ লিখা ।
১৭। ৰাজ্যসভাত কিমান মনােনীত সদস্য আছে ? তেওঁলোক কেনেকৈ মনােনীত হয় ?
১৮। লােকসভাত কিমানজন মনােনীত সদস্য থাকে ? তেওঁলােক কেনেকৈ মনােনীত হয় ?
১৯। লােকসভালৈ কেইজন সদস্য মনােনীত কৰিব পাৰে ? কোন সম্প্রদায়ৰ লােকৰ মাজৰ পৰা এই সুদস্য মনােনীত হয় ?
২০। সংসদ নির্বাচনী কার্য কি ?
২১। ৰাজ্যসভা কেনেকৈ গঠন কৰা হয় ?
২২। ৰাজ্যসভা আৰু লােকসভাৰ তিনিটা সমান ক্ষমতা উল্লেখ কৰা ।
২৩। কেন্দ্রীয় তালিকাৰ তিনিটা বিষয় উল্লেখ কৰা ।
২৪। সমৱৰ্তী সূচীত থকা তিনিটা বিষয় উল্লেখ কৰা ।
২৫। দলত্যাগ মানে কি বুজা ? ইয়াৰ প্ৰতিকাৰৰ অৰ্থে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
অতি চমু উত্তৰৰ প্ৰশ্ন ( Vary short answer Questions )
১। ভাৰতীয় সংসদ সদন কেইখন ?
২। ৰাজ্যসভা কেনেদৰে গঠন হয় ?
৩। লােকসভাৰ সদস্যৰ দুটা অৰ্হতা লিখা ।
৪। ভাৰতৰ দুখন দ্বি - সদনীয় বিধানমণ্ডল থকা ৰাজ্যৰ নাম লিখা ।
৫। লােকসভাৰ অর্থনৈতিক ক্ষমতা কি ?
৬। ৰাজ্যৰ বিধানসভাৰ গঠন , ক্ষমতা আৰু কার্যাৱলী আলােচনা কৰা ।
৭। যুটীয়া বৈঠক কাক বােলে ?
৮। ৰাজ্যসভাৰ সদস্যৰ কাৰণে নির্ধাৰণ কৰা যিকোনাে দুটা অহতা উল্লেখ কৰা ।
৯। ৰাজ্যসভাৰ দুটা বিশেষ ক্ষমতা উল্লেখ কৰা ।
১০। লােকসভাৰ এজন সদস্য কেনেদৰে নির্বাচিত হয় ?
১১। দলত্যাগ বিৰােধী আইন কি ?
১২। সংসদৰ দুখন স্থায়ী কমিটিৰ নাম লিখা ।
১৩। সংসদৰ দুটা ন্যায়িক ক্ষমতা লিখা ।
১৪। অনাস্থা প্রস্তাৱ কি ?
১৫। সংসদৰ কমিটিৰ দুটা কার্য কি কি ?
১৬। বর্তমান লােকসভাৰ অধ্যয়নৰ আসনত উপদেষ্টা ব্যক্তি গৰাকীৰ নাম লিখা ।
১৭। প্রশ্ন সময়ে কি বুজায় ?
১৮। বাজেট মানে কি বুজা ?
১৯। ৰাজ্যসভালৈ ৰাষ্ট্রপতিয়ে কেইজন সদস্য মনােনীত কৰে আৰু ইয়াৰ ভিত্তি কি ?
২০। বাজেট কি ? ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেট কোনে পাছ কৰে ?
বস্তুনিষ্ঠ প্রশ্নাৱলী
১। ভাৰতীয় কেন্দ্রীয় সংসদৰ কোনটো সদন বেছি ক্ষমতাশালী ?
২। ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে ?
৩। লােকসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে ?
৪। ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান ?
৫। লােকসভাৰ বর্তমান সদস্য সংখ্যা কিমান ?
৬। ৰাজ্যসভাৰ সদস্যসকলৰ কার্যকাল কেইবছৰ ?
৭ | সংসদৰ এখন কমিটিৰ নাম লিখা ।
৮। উচ্চ সদন থকা এখন ৰাজ্যৰ নাম লিখা ।
৯। ভাৰতীয় সংসদ সদন কেইখন ?
১০। কার্যকালৰ আগতে কেন্দ্রীয় সংসদৰ কোনখন সদন ভংগ কৰি দিব পাৰি ?
১১। সংসদে কাৰ্যপালিকাক নিয়ন্ত্রণ কৰাৰ এটা উপায় লিখা ।
১২। সংসদত উত্থাপিত বিধেয়ক কেইভাগত ভগাব পাৰি ?
১৩। ভাৰতৰ কেন্দ্রীয় বিধানমণ্ডলখনৰ নাম কি ?
১৪। বিল আৰু আইনৰ মাজত পার্থক্য কি ?
১৫। সংসদত দুটা সদনৰ প্রয়ােজন কি ?
শুদ্ধ নে অশুদ্ধ লিখা ।
১। ৰাজ্যসভা এখন অর্ধস্থায়ী সদন ।
২। অর্থবিল ৰাজ্যসভাত উত্থাপন কৰিব নােৱাৰি ।।
৩। লােকসভাত কোনাে মনােনীত সদস্য নাথাকে ।
৪। ৰাষ্ট্রপতিয়ে ৰাজ্যসভালৈ ১২ জন সদস্য মনােনীত কৰিব পাৰে ।
৫। উপ - ৰাষ্ট্রপতি ৰাজ্যসভাৰ সদস্য ।
৬। ৰাষ্ট্ৰপতিৰ বিনা অনুমােদনত এখন বিধেয়ক আইনত পৰিণত হ'ব পাৰে ।
৭। সংসদত অনাস্থা প্রস্তাৱ গৃহীত হলে মন্ত্রীসভাৰ পতন ঘটে ।
৮। অসমত দ্বি - সদনীয় বিধানমণ্ডল আছে ।
৯। ৰাজ্যসভাৰ পদেন সভাপতি কোন ?
১০। এখন বিধেয়ক অর্থবিধেয় হয় নে নহয় কোনে চিনাক্ত কৰে ?
১১। অসমৰ পৰা লােকসভালৈ কেইজন সদস্য নির্বাচিত হয় ?
শুদ্ধ উত্তৰ বাছি উলিওৱা ?
১। ভাৰতৰ সংসদ হল—
( a ) এক সদনীয়
( b ) দ্বি - সদনীয়
( c ) তিনি - সদনীয়
( d ) চাৰি সদনীয়
২। ভাৰতীয় সংসদ নিম্ন সদনক কোৱা হয়—
( a ) ৰাজ্যসভা
( b ) বিধানসভা
( c ) লােকসভা
( d ) বিধান পৰিষদ
৩। ৰাজ্যসভাৰ কার্যকাল হল—
( a ) ৫ বছৰ
( b ) ৪ বছৰ
( c ) ৬ বছৰ
( d ) ৩ বছৰ
৪। এখন বিধেয়ক সংসদত গৃহীত হােৱাৰ পিছত পঠোৱা হয়—
( a ) অধ্যক্ষলৈ
( b ) উচ্চতম ন্যায়ালয়লৈ
( c ) প্রধানমন্ত্ৰীলৈ
( d ) ৰাষ্ট্রপতিলৈ
৫। লােকসভাৰ সর্বাধিক নির্বাচিত সদস্য হ’ল—
( a ) ৫৫০ জন
( b ) ৫৫২ জন
( c ) ৫৪৩ জন
( d ) ৫৪৫ জন
৬। ৰাজ্যসভাৰ সর্বাধিক নির্বাচিত সদস্য হল—
( a ) ২৪৪ জন
( b ) ২৫০ জন
( c ) ২৩৮ জন
( d ) ২৬০ জন ।
৭। ৰাজ্যসভাত কিমানজন মনােনীত সদস্য আছে—
(a) ২জন
( b ) ৬ জন
( c ) ৮ জন
( d ) ১২ জন
৮। লােকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীৰ বয়স কমেও
( a ) ২৫ বছৰ ।
( b ) ২১ বছৰ ।
( c ) ৩০ বছৰ
( d ) ৩৫ বছৰ হব লাগে
৯. সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে ?
( ক ) ৰাষ্ট্রপতিয়ে
( খ ) প্রধানমন্ত্রীয়ে
( গ ) লােকসভাৰ অধ্যক্ষই
( ঘ ) উপ - ৰাষ্ট্ৰপতিয়ে
১০। ভাৰত ৰাষ্ট্রৰ মূৰব্বী কোন ?
(ক) ৰাষ্ট্রপতিয়ে
( খ ) উপ - ৰাষ্ট্রপতি
( গ ) প্রধানমন্ত্রী
( ঘ ) লােকসভাৰ অধ্যক্ষ
১১। লােকসভাৰ থুল কিমান সদস্যৰে গঠন হয়
( ক ) মুঠ সদস্যৰ ১/১০ অংশ
( খ ) মুঠ সদস্যৰ ২/3 অংশ
( গ ) মুঠ সদস্যৰ ১/২ অংশ
( ঘ ) মুঠ সদস্যৰ ১/৫ অংশ
Type Sumit Patar
Post ID : DABP005941
0 Comments